Home Blog Page 1160

সংসদৰ ঘটনাৰ সৈতে জড়িত মূল মাষ্টাৰমাইণ্ড ললিত ঝাক গ্ৰেপ্তাৰ…

সংসদৰ ঘটনাত জড়িত মূল মাষ্টাৰমাইণ্ড ললিত ঝাক গ্ৰেপ্তাৰ ৷

আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতেই গ্ৰেপ্তাৰ ঝাক৷ উল্লেখ্য যে, দৰ্শকৰ গেলেৰীৰ পৰা সদনত জপিয়াই পৰিছিল দুজন ব্যক্তি৷

ধোঁৱাময় হৈ পৰিছিল সমগ্ৰ সদন৷ বৰ্তমানলৈকে সমগ্ৰ ঘটনা সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷

তৃতীয়খন T20ত টীম ইণ্ডিয়াৰ বৃহৎ জয় ! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০৬ ৰানত জয়ী ভাৰত…

তৃতীয়খন T20ত টীম ইণ্ডিয়াৰ বৃহৎ জয় ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০৬ ৰানত জয়ী ভাৰত ৷

প্ৰথমে বেট ধৰি ২০২ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে৷

কুলদীপ যাদৱৰ দুৰ্দান্ত বলিঙত বিধ্বস্ত দক্ষিণ অফ্ৰিকা৷

বলীউডৰ অভিনেতা শ্ৰেয়াস তলপড়ে হৃদজনিত ৰোগত আক্ৰান্ত ! শ্বুটিঙত ব্যস্ত থকাৰ সময়তে অসুস্থ হৈ পৰে শ্ৰেয়াস…

বলীউড অভিনেতা শ্ৰেয়াস তলপড়ে অসুস্থ৷

হৃদজনিত ৰোগত আক্ৰান্ত অভিনেতাগৰাকী৷ মুম্বাইত শ্বুটিঙত ব্যস্ত থকাৰ সময়তে অসুস্থ হৈ পৰে শ্ৰেয়াস৷

বৰ্তমান বেলিভিউ হাস্পাতলত চিকিৎসাধীন অভিনেতাগৰাকী৷

সমগ্ৰ শিক্ষা কামৰূপ জিলাৰ অধীনত হাজো শিক্ষাখণ্ডৰ উদ্যোগত সামূহিক উৎসৱ পালন

সমগ্ৰ শিক্ষা কামৰূপ জিলাৰ অধীনত হাজো শিক্ষাখণ্ডৰ উদ্যোগত দলৈতোলা সমল কেন্দ্ৰৰ সহযোগত কলিতাকুছিস্থিত চি ডি বড়োপাৰা এম ই স্কুলত দিনযোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ অনুষ্ঠিত কৰা হয়।

সেই অনুসৰি পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, বিশাল সাংস্কৃতিক শোভাযাত্ৰা,মুকলি সভা ,প্ৰদৰ্শনী গৃহ ” শিপা” উন্মোচন আদি বৰ্নাঢ্য কাৰ্যসূচী সম্পণ্ণ কৰা হয়।

সভাত ছাত্ৰছাত্ৰীৰ শৈক্ষিক উত্তৰনৰ দিশত গঠনমূলক আলোকপাত কৰা হ’য়। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে আন্তঃবিদ্যালয় ভিত্তিক দলীয় নৃত্য প্ৰতিযোগিতা ,বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।

প্ৰতিযোগিতাত অঞ্চলটোৰ দহখনকৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত দলৈতোলা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কল্পনা হালৈ, শিয়ালমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক পৰশজ্যোতি বৰ্মন,দলৈতোলা চৌকত আলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আমানুৰ ৰহমান(ৰিপন),নতুন ৰামদিয়া এল পি স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী ৰফিয়া বেগম প্ৰমূখ্যে অঞ্চলটোৰ প্ৰায় শতাধিক লোক,শিক্ষক শিক্ষয়িত্ৰী ও ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

আমাৰ মহিলাসকল আত্ম নিৰ্ভৰ হ’লেহে আত্ম নিৰ্ভৰ অসম আৰু আত্ম নিৰ্ভৰ ভাৰত সম্ভৱপৰ হ’ব- উদ্যোগ মন্ত্রী বিমল বড়া

আমাৰ মহিলাসকল আত্ম নিৰ্ভৰ হলেহে আত্ম নিৰ্ভৰ অসম আৰু আত্ম নিৰ্ভৰ ভাৰত সম্ভৱপৰ হ’ব- অসম ঔদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগম, অসম ষ্টাৰ্টআপ, আৰু আইটিচিৰ সহযোগত ৰেডিঅ’ গপ ছপে আমবাৰীৰ ষ্টাৰ্টআপ নেষ্টত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যৰ দহ গৰাকী উদ্যমী মহিলাৰ সফলতাৰ কাহিনী উদ্ভাসিত কৰা অগ্ৰগামিনী শীৰ্ষক এখন তথ্য চিত্ৰ উন্মোচন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই ভাষণত এইদৰে কয়।


নাৰীক প্ৰকৃতি বুলি উল্লেখ কৰি আমাৰ মহিলাসকলৰ শক্তিক, চিন্তাক ব্যৱসায়িক কামকাজলৈ ৰূপান্তৰিত কৰিব পাৰিলে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা আত্ম নিৰ্ভৰ ভাৰতৰ সপোনক বাস্তবায়িত কৰিবলৈ সক্ষম হ’ম বুলি উদ্যোগ মন্ত্রী বড়াই ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখনক দেশৰ পাচখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত উপনীত কৰোৱাৰ বাবে উদ্যোগিক ক্ষেত্রখনৰ উত্তৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি ইয়াৰ ফলশ্রুতিতে বিগত দুটা বছৰত প্ৰায় এঘাৰ হেজাৰ কোটি টকাৰ উদ্যোগিক বিনিয়োগ বাবে বুজাবুজিৰ চুক্তিত ৰাজ্য চৰকাৰ উপনীত হবলৈ সক্ষম হোৱা বুলিও মন্ত্রী গৰাকীয়ে কয়।


শেহতীয়াকৈ মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম আঁচনিৰ অধীনত দুই লাখ যুৱক-যুৱতীক স্বাৱলম্বী কৰি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰি প্ৰসংগক্ৰমে মন্ত্রী গৰাকীয়ে ঘৰতে বিস্কুট তৈয়াৰ কৰি আৰু মৌ পালন কৰি আত্ম নিৰ্ভৰ হবলৈ সক্ষম হোৱা দুগৰাকী মহিলা উদ্যমীৰ উদাহৰণ দাঙিধৰাৰ লগতে অগ্ৰগামিনী শীৰ্ষক অসমীয়া মহিলা উদ্যমী কেইগৰাকীৰ ওপৰত আলোকপাত কৰি নিৰ্মাণ কৰা তথ্যচিত্ৰ খনে অন্যান্য মহিলা সকলকো স্ব নিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলিও মন্তব্য কৰে।


সভাত উদ্যমিতাৰে সফলতা লাভ কৰা চাৰিগৰাকী মহিলা উদ্যমীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে আই টিচি স্পাইচেছৰ বাণিজ্যিক মূৰব্বী পিযুষ মিশ্ৰই। অনুষ্ঠানত অসম ঔদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকনে ৰাজ্যৰ উদ্যমী সকলক চৰকাৰৰ তৰফৰ পৰা আগবঢ়াই অহা সহযোগিতা সন্দৰ্ভত আলোকপাত কৰে।

প্রাথমিক টেট্ শিক্ষক সমাজৰ প্ৰতিবাদলৈ পূৰ্ণ সমর্থন ‘আপ’ৰ

ঠিকাভিত্তিত কৰ্মৰত শিক্ষকৰ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতিৰে ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰে প্ৰাপ্য দৰমহা মুকলি, চাকৰি নিয়মীয়াকৰণ কৰা আদি বিভিন্ন দাবীৰে মহানগৰীৰ চচলত তিনিদিনিয়াকৈ চলি থকা অৱস্থান ধর্মঘট কার্যসূচীলৈ পূর্ণ সমর্থন আগবঢ়াইছে আম আদমি পার্টীয়ে।

বৃহস্পতিবাৰে দলটোৰ সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীৰ নেতৃত্বত এটা সঁজাতি দলে প্রতিবাদী কার্যসূচী ভাগ লৈ তেঁওলোকৰ সকলো দাবী পূৰ কৰিবলৈ চৰকাৰক দাবী জনায়। প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিত শিক্ষকসকলে মাহৰ প্ৰাপ্য দৰমহাকেইটাৰ বাবেও হাহাকাৰ কৰিবলৈ হোৱাটো অতি লজ্জাজনক লগতে এইয়া শিক্ষক সকলৰ প্ৰতি কল্যাণকামী চৰকাৰ এখনৰ কেনেধৰণৰ ন্যায় বুলিও প্রাক্তন বিধায়ক তথা আপৰ সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্রশ্ন উত্থাপন কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই যোৱা স্বাধীনতা দিৱসৰ ত্ৰিৰংগ পতাকাৰ তলত ৰাজ্যবাসীলৈ কৰা সম্বোধনত সর্বশিক্ষা অভিযানৰ অন্তৰ্গত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ’ব, পূৰ্বৰ দৰমহা বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু বর্তমান মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিপৰীত স্থিতি লোৱাত শিক্ষকসকলৰ মাজত শংকাৰ সৃষ্টি কৰিছে। আম আদমি পার্টীয়ে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক টে’ট শিক্ষকৰ প্রাপ্য দৰমহা মুকলি, চাকৰি নিয়মীয়াকৰণৰ লগতে সকলো দাবী শীঘ্ৰে পূৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

শীতক নেওচিও দুৰ্ঘটনা ৰোধৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৰাজ্যজুৰি বাইক ৰেলিৰে জনসজাগতাৰ চেষ্টা


মনুষ্য জীৱন অতি দুৰ্লভ। কিন্তু বছৰি অধিক লোকে বাঁইক অথবা আন বাহনত আকস্মিক দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাৱতিব লগা হয়। আকস্মিক দুৰ্ঘটনা ৰোধ কৰি কি দৰে মানুহৰ অমূল্য জীৱন ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্য সন্মুখত লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সুদৃঢ় চিন্তাৰে সমগ্ৰ অসমতে বাইক ৰেলিৰে ৰাইজৰ মাজত দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জনসচেতনা সৃষ্টিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিগত কেইদিনত তীব্ৰ শীতকো নেওচিও এখন ৰয়েল এনফিল্ড চলাই বাইক ৰেলীৰে কাৰ্যত সমগ্ৰ অসমতে জনসজাগতা সৃষ্টি কৰিবলৈ লোৱা প্ৰচেষ্টাক জনসাধাৰণে ব্যাপক ভাবে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে কিছুদিন পূৰ্বে গুৱাহাটীৰ কাষৰীয়া কামৰূপ জিলাৰ আমিনগাঁৱত “বিশ্ব স্মৃতি দিৱস” উপলক্ষে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পথ সুৰক্ষা জন আন্দোলন আৰম্ভ কৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই। বিগত দিনসমূহত এই বাইক ৰেলীৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ ২৩ খন জিলাৰ ইতিমধ্যে ৭৬ টা সমষ্টিত পৰিভ্ৰমণ কৰি বাহন আৰু পথ ব্যৱহাৰকাৰী আৰক্ষী, পৰিবহণ বিভাগ, জিলা প্ৰশাসনকে ধৰি পথ সূৰক্ষাৰ লগত জৰিত বিভিন্ন বিভাগ- কৰ্তৃপক্ষৰ মাজত সু- সমন্বয় সাধনৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

প্ৰণিধানযোগ্য যে দুচকীয়া বাহন চলোৱা চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰা, অান বাহন চলোৱাৰ সময়ত চালকে ,মবাইল ফোন ব্যৱহাৰ নকৰা, নিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱা, চিটবেল্ট লগাই লোৱা ,সুৰাপান কৰি কোনো ধৰণৰ বাহন নচলাবলৈ জনসাধাৰণক অনুৰোধ জনায় এই মহৎ কাৰ্যসূচী আৰম্ভ কৰা বুলি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জানিবলৈ দিয়ে।

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত পোন প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজপথত বাহনৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ নিজে বাইক চলাই অহা বিষয়টো সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন-খোৱা উৎসৱ উপলক্ষে ১৩ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া আৰু সামাজিক -সাংস্কৃতিক অনুষ্ঠান নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীৰ গৃহ চৌহদ।

বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীৰ যৌথ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত মিকিৰপাৰা, চকৰদৌ, পামহী আৰু গোগ তালুকৰ সভাপতি, বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী, অধিবক্তা ৰাজীৱ কলিতা, বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ উপ সভাপতিদ্বয় অমৰজ্যোতি ডেকা আৰু উৎপল দাস, কোঘাধ্যক্ষ বিজয় ৰাজবংশী , আজাৰা গাওঁ পঞ্চায়তৰ সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো, গড়চুক মিলন সংঘৰ সম্পাদক দীপক ৰাজবংশী, দেউছতাল নৱজ্যোতি সংঘৰ সম্পাদক বিজয় বড়োকে ধৰি কেবাজনো কৰ্মকর্তা , দীপৰ বিলৰ কাষৰীয়া খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ সম্পাদিকা জুমি কলিতা, সহকাৰী সম্পাদিকা অঞ্জুমণি কলিতা বৰ্মনকে ধৰি বহু বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।

আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত কেবাজনো বক্তাই ভাষণ প্রসংগত পুৰণি দিনৰ ন-খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে।

ইফালে ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পৰা নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীৰ দলে বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য, জনপ্ৰিয় শিল্পী ফেঞ্চী ৰাজকুমাৰী , অংকুৰ তনয় , টিনা মেধীকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত কৌতুক পৰিবেশন কৰি উপস্থিত দুই শতাধিক লোকক আপ্লুত কৰে। আনহাতে ন- খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা ১০১ গৰাকীক পাৱাৰ টিলাৰ বিতৰণ; ৮৫ শতাংশ ৰাজ সাহায্য দি কৃষকক সকাহ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উন্নয়নমুখী আঁচনিৰ ৰূপায়ণ অব্যাহত আছে ৷ তেওঁলোকৰ উন্নয়নমুখী আঁচনিৰ অংশ হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিৰ ১০১ গৰাকী আদৰ্শ কৃষকক ১০১ খন পাৱাৰ টিলাৰ পৰিষদৰ কৃষি বিভাগৰ পৰা বিতৰণ কৰা হয় ৷

৮৫ শতাংশ ৰাজ সাহায্য দি বিতৰণ কৰা উক্ত পাৱাৰ টিলাৰ বিতৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে কয়- কৃষকসকলক উপকৃত কৰাৰ নিমিত্তে আমি সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছোঁ ৷

আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা কৃষি, শিক্ষা, ক্ৰীড়া, বয়ন শিল্প, মীন, যোগাযোগ সকলোতে জনসাধাৰণৰ ওচৰ চাপিব পাৰিছোঁ ৷ আমি পাৱাৰ টিলাৰ বিতৰণ কৰিছোঁ ৰাজ সাহায্য দি ৷ কিন্তু কোনোবাই যদি বক্ৰ পথেৰে পাৱাৰ টিলাৰ ব্যৱহাৰ কৰে তেন্তে হিতাধিকাৰীসকল আইন মতে জগৰীয়া হ’ব  বুলি তেওঁ দোহাৰে ৷

অনুষ্ঠানত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে কয় যে আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা কৃষিকৰ্মৰ বাবে সৰ্বোচ্চ প্ৰচেষ্টা চলইছো ৷ প্ৰকৃত কৃষকে ইয়াত ৰাজ সাহায্য পাইছে ৷ পৰিষদৰ সাহায্য পূঁজিৰে পৰিষদীয় অঞ্চলৰ লাখ লাখ লোক সংস্থাপিত হৈছে ৷ আজি আমি কৃষকসকলক পাৱাৰ টিলাৰ বিতৰণ কৰিছোঁ যদিও সকলোৱে ভাল কামত ব্যৱহাৰ কৰিব লাগিব ৷

কৃষকসকলে ভাল কাম কৰিলে আৰু আমি অধিক সাহায্য প্ৰদান কৰিম বুলি তেওঁ কৃষকসকলক  প্ৰতিশ্ৰুতি দিয়ে ৷  অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ  উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, অধ্যক্ষ সচিব যাদব পেগু, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, জ’হান দলে, ভৱানী দুুৱৰা, প্ৰশান্ত বড়ি, নৰেশ কুম্বাং, ইন্দিৰা কুম্বাং,  সাধাৰণ সদস্য দিলীপ পেগু, মুকুল পেগু, ৰাজু পেগু,  লাবন্য মিলি আদিয়ে ৷  

গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত দৰঙী কলা-কৃষ্টিৰ ‘লোকস্পন্দন’ অনুষ্ঠান

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আৰু ছিপাঝাৰৰ সাংস্কৃতিক সংস্থা নান্দীৰাগৰ উদ্যোগত মঙ্গলবাৰে সন্ধিয়া আয়োজন কৰা হয় দৰঙী কলা-কৃষ্টিৰ অপূৰ্ব সমাহাৰৰে সাংস্কৃতিক অনুষ্ঠান লোকস্পন্দন। অসম সাহিত্য সভা ভৱনত মঙলবাৰে সন্ধিয়া আয়োজিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰী সঞ্চালক অৱণী ৰঞ্জন পাঠকে। অনুষ্ঠান উদ্বোধন কৰে মেঘালয়স্থিত ইউ, এচ, টি,এমৰ প্ৰতি উপাচাৰ্য ড° বলেন্দ্ৰ কুমাৰ দাসে।

লোকস্পন্দন অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় দৰঙৰ আপুৰুগীয়া লোককৃষ্টি ঢেপাঢুলীয়া,চিয়াগীত,ব্যাসৰ ওজাপালি,থিয়নাম, চেৰাঢেক, মহৌখুন্দা, আইনাম,দেওধনী নৃত্য,নাঙেলী গীত, আৰু চেওচাপৰি নাম।

মূলতঃ উক্ত কৃষ্টিসমুহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্টা কবি দিপীকা শইকীয়া, টাই আহোম যুৱ পৰিষদৰ উপ-সভাপতি বিপুল কুমাৰ বৰুৱা, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়া , দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মন আদি।

অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰী সঞ্চালক দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে। দুগৰাকী লোকশিল্পী নিৰুপমা ডেকা আৰু দেৱেন্দ্ৰ চহৰীয়াক নান্দীৰাগৰ ফালৰ পৰা জনোৱা হয় বিশেষ সম্বৰ্ধনা।