Home Blog Page 1162

ডাইনী কাণ্ডঃতেজপুৰত তিনি সন্তানৰ মাতৃক হানিখুছি জ্বলাই দিলে উন্মত্ত অন্ধবিশ্বাসীৰ দলে

শোণিতপুৰত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক এদল দুৰ্বৃত্তই কৰা হত্যাৰ ঘটনাই আজি জিলাখনত ক জোকৰণি তুলিছে৷এই জঘন্য ঘটনা সংঘটিত হয় যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰীত ৷যোৱা নিশা প্ৰায় ১০বজাত ডাইনী সন্দেহত এগৰাকী মহিলাক ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই দিয়ে এদল উন্মত্ত লোকে৷ যোৱা নিশা তিনি সন্তানৰ মাতৃ তথা অঞ্চলটোৰ ৰাম কাপিৰ পত্নী সংগীতা কাপি নামৰ মহিলা গৰাকীক ডাইনী বুলি অভিযোগ তুলি গাঁওখনৰে এটা দুৰ্বৃত্তৰ দলে হানিখুছি পাছত জ্বলাই দিয়ে৷ ৪০বছৰীয়া সংগীতা কাপিয়ে নিশাৰ আহাৰ ৰান্ধি থকাৰ সময়তে আক্ৰমণকাৰী দলটো আহি পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ সন্তানৰ সন্মুখতে অসহায় মহিলা গৰাকীক প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰাৰ পিছত খেৰ,জপনা আদি জাপি মহিলাগৰাকীক জ্বলাই দিয়ে৷ একেখন গাঁৱৰ একাংশ অন্ধবিশ্বাসী, অশিক্ষিত উন্মত্ত দুস্কৃতিকাৰীয়ে সংঘটিত কৰা এই ঘটনাৰ পিছতে এই বিষয়ে জানিব পাৰি আৰক্ষীয়ে নিশাই অভিযান চলাই চাৰি জন আক্ৰমণকাৰী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি দিনত আন দুই অভিযুক্ত সহ মুঠ ছয় জনক গ্ৰেপ্তাৰ কৰিছে৷অজয় চাংহাৰ,টিংকু মালহাৰ,সুৰয বাঘোৱাৰ,ধীৰাজ বাঘোৱাৰ, বাবুল নাগধৰ আৰু বাইলা চাংহাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে৷উল্লেখ্য যে,গ্ৰেপ্তাৰ হোৱাসকলৰ মাজৰ এজন বিশেষ ভাৱে সক্ষম ধীৰাজ বাঘোৱাৰৰ এখন ভৰি চিকিৎসাজনিত কাৰণত অস্ত্ৰোপচাৰ কৰি কাটি পেলাবলগীয়া হৈছিল আৰু ইয়াৰ কাৰণ সংগীতাৰ তন্ত্ৰ মন্ত্ৰ বুলি সন্দেহ কৰি উন্মত দলটোৱে এই নৃশংস কাণ্ড সংঘটিত কৰা হ’ল বুলি অভিযোগ উঠিছে।প্ৰনিধানযোগ্য যে আধুনিক শিক্ষাৰ পোহৰ নপৰা আৰু অন্ধবিশ্বাস দূৰীকৰণৰ কোনো সজাগতা অভিযানৰে প্ৰভাৱ নপৰা এই অঞ্চলটোৰ বহু সংখ্যক লোকে আজিও আনকি নিহত মহিলাগৰাকী ডাইনী আছিল বুলিয়েই মন্তব্য কৰে৷সুৰা আৰু অন্ধবিশ্বাসে কোঙা কৰা অঞ্চলোটত এই জঘন্য কাণ্ড সংঘটিত কৰা সকল ভুক্তভোগী পৰিয়ালটোৰ প্ৰতিবেশী৷আনহাতে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ছয়জনক গ্ৰেপ্তাৰ কৰিলেও এই ষড়যন্ত্ৰৰে গাঁওখনৰ বহু সংখ্যক লোক জড়িত থকাৰ আশংকা বৃদ্ধি পাইছে৷উল্লেখযোগ্য যে,গাঁওখনৰ একাংশ মহিলাই অঞ্চলটোত বিভিন্নজন ৰোগাক্ৰান্ত হোৱাৰ বাবেও দোষাৰোপ কৰে হত্যাৰ বলি হোৱা মহিলাগৰাকীক৷স্হানীয় লোক আৰু অভিযুক্ত সকলৰ মনত কোনোধৰণৰ অনুসূচনা নোহোৱা ঘটনাই পিছপৰা অঞ্চলটোত অব্যাহত কুসংস্কাৰ কিমান গভীৰলৈ শিপাইছে সেয়া স্পষ্ট কৰিছে৷ মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ডটোৰ তদন্ত আৰক্ষীয়ে অব্যাহত আছে৷

লিংগ পৰিৱৰ্তন কৰি বিয়া কৰোৱাব বিচাৰিছিল বান্ধৱীক, কিন্তু জন্মদিনৰ দিনাই বান্ধীক জীৱন্তে জ্বলাই হত্যা

লিংগ পৰিৱৰ্তন কৰি বিয়া কৰোৱাব বিচাৰিছিল বান্ধৱীক, কিন্তু জন্মদিনৰ দিনাই বান্ধীক জীৱন্তে জ্বলাই হত্যা, দুয়োগৰাকীয়েই যুৱতী। একেলগে থাকে। কিন্তু তেওঁলোকৰ মাজৰে এগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি আনগৰাকী যুৱতীক বিয়া কৰোৱাৰ বাবে সাজু হ’ল। কিন্তু গৈ থৈ শেষ পৰিণতি অতি বেয়া হ’ল। দৰাচলতে বান্ধৱীক বিয়া পাতিবলৈ লিংগ সলনি কৰিছিল এগৰাকী যুৱতীয়ে। যুৱতীৰ পৰা তেওঁ হৈছিল পুৰুষ। কিন্তু এতিয়া প্ৰেমিকা প্ৰস্তুত নহয় তেওঁক বিয়া পাতিবৰ বাবে। এই কথাত খং উঠি প্ৰেমিকাক হত্যা কৰে যুৱকগৰাকী অৰ্থাত ট্ৰান্সমেনগৰাকীয়ে।

তামিলনাডুৰ চেন্নাইৰ পৰা পোহৰলৈ আহিছে এই হৃদয় বিদাৰক ঘটনা। ঘটনাটো প্ৰকাশ পোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ট্ৰেন্সমেনজনে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে ছোৱালীজনীৰ লগত এই কাম কৰিছিল। লিংগ পৰিৱৰ্তনৰ পিছত ছোৱালীৰ পৰা ল’ৰালৈ ৰূপান্তৰিত হোৱা লোকজনে ছোৱালীজনীক হত্যা কৰে। ছোৱালীজনীয়ে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ এনে কৰিছিল।

তথ্য অনুসৰি চেন্নাইৰ ২৫ বছৰীয়া অভিযন্তা যুৱতী নন্দিনীক ট্ৰেন্সমেন ভেত্ৰিমাৰণে হত্যা কৰিছে। ভেত্ৰিমাৰণ প্ৰথমে নন্দিনীক শিকলিৰে বান্ধি দিলে। ইয়াৰ পিছত ডিঙি, হাত আৰু ভৰিত ব্লেডেৰে আক্ৰমণ কৰে। ইয়াৰ পিছত তেওঁ ইয়াতেই ক্ষান্ত নাথাকি নন্দিনীক জীয়াই জীয়াই জ্বলাই দিলে।

এই গোচৰত আৰক্ষীয়ে ২৭ বছৰীয়া ট্ৰেন্সমেন ভেত্ৰিমাৰণক গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত জানিব পৰা গৈছে যে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ নন্দিনীক হত্যা কৰিছে।

অভিযুক্ত ভেত্ৰিমাৰন মাদুৰাইৰ বাসিন্দা। যোৱা কেইমাহমান ধৰি তেওঁ থ’ৰাইপাক্কামৰ এটা চফটৱেৰ কোম্পানীত কাম কৰি আছিল। কোম্পানীতেই তেওঁ আৰু নন্দিনীৰ লগ হৈছিল। প্ৰথমে বন্ধুত্ব গঢ়ি উঠিছিল আৰু পাছত প্ৰেমত পৰিছিল। শেহতীয়াকৈ ভেত্ৰিমাৰনে নন্দিনীক বিয়াৰ প্ৰস্তাৱ দিওঁতে তেওঁ নাকচ কৰিছিল।

তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱালৈ “সাহিত্য শিৰোমণি” সন্মান

দীৰ্ঘদিন ধৰি নিৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা তেজপুৰৰ কবি, লেখিকা নাজু হাতীকাকতি বৰুৱাক “জচালা ফাউণ্ডেশ্যন” তথা “সুপ্ৰভাত মঞ্চ” নতুন দিল্লীয়ে প্ৰদান কৰিছে “সাহিত্য শিৰোমণি” সন্মান। উল্লেখ্য যে কালি দিনদয়াল উপাধ্যায় মাৰ্গ নিকতৱৰ্তী আই টি অ সংস্কাৰ ভাৰতী নতুন দিল্লীত আয়োজিত আন্তৰাষ্ট্ৰী়য় কলা, সাহিত্য তথা সংস্কৃতি সন্মান ২০২৩ অনুষ্ঠিত হৈ যায়। তিনিদিনীয়া এই অনুষ্ঠানৰ প্ৰথম দিনা সুৰেশ পাল বাৰ্মাৰ ২৫ খন গ্ৰন্থ উন্মোচন তথা কিছু বিশ্ব কিৰ্তিমান সন্মান উদ্ঘাটন আৰু কলা প্ৰদৰ্শনীৰে আৰম্ভ হয়। ডঃ সুৰেন্দ্ৰ বাৰ্মাৰ অধ্যক্ষতাত এই অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে দিল্লী লোকসভাৰ সংসদ মনোজ তিৱাৰী, বিশিষ্ট অতিথি কৈৰানা, উত্তৰ প্ৰদেশ লোকসভাৰ সংসদ প্ৰদীপ কুমাৰ, বিশিষ্ট অতিথি শ জিতেন্দ্ৰ মহাযন (বিধায়াক), বিপিন শৰ্মা (পূৰ্ব বিধায়ক), আদিৰ উপস্থিতিত
উক্ত অনুষ্ঠানটিত দেশ বিদেশৰ ৬৫ জন বিশিষ্ট ব্যক্তিক সাহিত্য শিৰোমণি, ৰাষ্ট্ৰ বিভূষণ, ৰাষ্ট্ৰ ৰত্ন, ভাৰত গৌৰৱ, সাহিত্য ৰত্ন, সাহিত্য বিভূতি আৰু সাহিত্য গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানটিত অসমীয়াকে আদি কৰি কেবাটাও ভাষাত সাহিত্য চৰ্চা কৰি অহা তেজপুৰ, অসমৰ লেখিকা নাজু হাতীকাকতি বৰুৱাক “সাহিত্য শিৰোমণি ” সন্মানেৰে সন্মানিত কৰাত তেজপুৰৰ সাহিত্য সেৱী সকল উৎফুল্ল হৈ পৰিছে ।

পুনৰ দুই ৰাজপত্ৰিত বিষয়ালৈ জাননী SITৰ…

????????????????????????????????????

পুনৰ দুই ৰাজপত্ৰিত বিষয়ালৈ জাননী SITৰ। নিয়োগ বিষয়া গীতাৰ্থ বৰুৱা, ACS হিতেশ মজুমদাৰলৈ জাননী।

২৯ ডিচেম্বৰত CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দুয়োকে। ইফালে ২৬ ডিচেম্বৰত উপস্থিত হ’ব লাগিব জয়ন্ত দলে, প্ৰিয়ংকা ডেকা।

????????????????????????????????????

দুয়োৰে বিৰুদ্ধে APSCৰ মূল পৰীক্ষাত নম্বৰ বঢ়োৱাৰ অভিযোগ। উল্লেখ্য যে জয়ন্ত দলে মূল পৰীক্ষাত উত্তীৰ্ণই হোৱা নাছিল।

নগৰবেৰাৰ টুপামাৰীত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়কা নন্দিতা দাসৰ

সোমবাৰে আনুষ্ঠানিকভাৱে ১৬ লাখ টকাৰ বদলা-ৰাঙ্গাপানী হাইস্কুলৰ পুথিভঁৰাল আৰু শ্ৰেণীকোঠাৰ নিৰ্মাণকাৰ্য আৰু ৪ লাখ ৫০ হাজাৰ টকাৰ ই এন ডি মথাউৰিৰ পৰা বদলা-ৰাঙ্গাপানী বজাৰ সংযোগী কাঠৰ দলং মেৰামতিৰ কাম শুভাৰম্ভ কৰে বিধায়কা নন্দিতা দাসে।

উক্ত অনুষ্ঠানটোত বিধায়কা নন্দিতা দাসৰ লগতে পঞ্চায়ত সভানেত্ৰী জবেদা হানুন, টুপামাৰী সমবায় সমিতিৰ সভাপতি জাহান উদ্দিনৰ উপৰিও বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ চাৰিসীমাৰ দেৱাল বিধায়ক পুঁজিৰে নিৰ্মাণ কৰিব বুলি বিধায়কা গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

-আবুল হুছেইন, নগৰবেৰা

৩১ ডিচেম্বৰ শেষ সীমা; বন্ধ হ’ব পাৰে আপোনাৰ UPI ID

আপোনাৰ হাতত মাজত মাত্র ৫টা দিন। সময় থাকোঁতেই পৰীক্ষা কৰক আপোনাৰ UPI ID । কিয়নো হঠাৎ বন্ধ হৈ যাব পাৰে আপোনাৰ পুৰণি UPI ID। ৩১ ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব পাৰে ডিজিটেল লেনদেন।

এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ হৈ যাব; ৩১ ডিচেম্বৰৰ পিছত Gpay, PhonePe আদিৰে কৰিব নোৱাৰিব লেনদেন।

নতুন বর্ষত হ’বলগীয়া বিভিন্ন পৰিৱৰ্তনৰ ক্ষেত্রত এইটো অন্যতম। দুমাহ পূর্বেই NPCI-এ এই সন্দর্ভত এবছৰ ধৰি নিষ্ক্রিয় UPI ID চিনাক্ত কৰিবলৈ নির্দেশ দিছিল বেংকসমূহক।

এবছৰে UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকৰ সেই UPI ID বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে। ভুল ব্যক্তিলৈ যাতে ধন নাযায়, তাৰে বাবে লোৱা হৈছে এই ব্যৱস্থা।

বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান…

মায়ঙৰ উচ্চশিক্ষাৰ অনুষ্ঠান বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ বুৰাবুৰীত ১৯৭৩ চনতে স্থাপন হোৱা বিদ্যালয়খনে এইবেলি উদযাপন কৰিছে সোণালী বৰ্ষ ৷ বিদ্যালয়খনৰ সোণালী বৰ্ষ সামৰণি সমাৰোহ উপলক্ষে সোমবাৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷

মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই শুভ উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত উদ্ভাসিত হয় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ৷ সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয় মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি,

বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু প্ৰায় সহস্ৰাধিক লোক ৷ তিনিদিনীয়াকৈ আয়োজন কৰা বিদ্যালয়খনৰ সোণালী বৰ্ষ সামৰণি সমাৰোহৰ অন্তিম দিনটোৰ নিশা সংগীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ।

গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে অন্যতম লেখত ল’বলগীয়া চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাঃ গুৱাহাটী ‘মাষ্টাৰ প্লেন ২০৪৫’ৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সোমবাৰে এখন বৈঠকত গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গুৱাহাটী আৰু বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা প্ৰস্তুত কৰে।

বৈঠকৰ সময়ত বিষয়াসকলে গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা মুখ্যমন্ত্ৰীক দাখিল কৰি জাবৰ নিষ্কাশন, পানী যোগান, নলা-নৰ্দমা, পৰিৱেশ পৰিকল্পনা আদি ব্যৱস্থাৰ সবিশেষ ৰূপৰেখা দাঙি ধৰে।

মুখ্যমন্ত্ৰীয়ে গভীৰ পৰ্যালোচনা কৰি চূড়ান্ত মাষ্টাৰ প্লেনক অনাগত দিনত উন্নয়নৰ আৰ্হি হিচাপে গঢ়ি তুলিবলৈ পৰামৰ্শ আগবঢ়ায়।

মুখ্যমন্ত্ৰী শৰ্মাৰ উপৰি এই বৈঠকত গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালকে ধৰি অন্যান্য বিষয়ববীয়াও উপস্থিত থাকে।

পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আজি এক বৈঠক যোগে গুৱাহাটী ‘মাষ্টাৰ প্লেন ২০৪৫’ৰ খচৰা পৰ্যালোচনা কৰোঁ৷ পৰ্যালোচনা কালত বিশেষভাৱে চহৰখনত কমি যোৱা নগৰীয়া অৰণ্য সৃষ্টি, উদ্যান আৰু সেউজীয়া ঠাই নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰোঁ। আমাৰ লক্ষ্য গুৱাহাটী মহানগৰীক আগন্তুক বছৰসমূহত দেশৰ ভিতৰতে অন্যতম লেখত ল’বলগীয়া চহৰ হিচাপে গঢ়ি তোলা আৰু এইক্ষেত্ৰত আমি দায়বদ্ধ৷”

উত্তৰ গুৱাহাটীৰ বৰ বাকাত ১০০ বছৰীয়া বেপ্টিষ্ট গীৰ্জা ঘৰত উলহ-মালহৰ পৰিৱেশ…

আজি পবিত্ৰ বৰদিন। পবিত্ৰ বৰদিন উপলক্ষে খ্ৰীষ্টান‌ ধৰ্মালম্বী লোকৰ মাজত পাৰভগা উচাহ। নতুন ৰূপত সজাই তোলা হৈছে গীৰ্জা ঘৰ সমূহ। উত্তৰ গুৱাহাটীৰ বৰ বাকাত ১০০ বছৰ গৰকা এটা বেপ্টিষ্ট গীৰ্জা ঘৰ। ১৯২৩ চনত সাধাৰণ ভাৱে আৰম্ভ কৰা হৈছিল এই গীৰ্জা ঘৰটো। আজি এয়া জিলা খনৰ ভিতৰত এখন আকৰ্ষণীয় গীৰ্জা ঘৰ। গীৰ্জা ঘৰটোৰ সৈতে প্ৰায় ৫০০ পৰিয়াল জড়িত হৈ আছে।

নিৰ্মাণ কৰা হৈছে যিশুৰ পবিত্ৰ জন্মভূমি বেথেলহাম। সমুহীয়া প্ৰাৰ্থনা সভাত অংশ ললে চাংসাৰিস্থিত অংকুৰণ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ এটা দলে।

খালী পেটত চিয়া বীজ খালে মুখৰ উজ্জ্বলতা বাঢ়ে, মেদবহুলতাৰ লগতে নাইকিয়া হ’ব বহু ৰোগ…

চিয়া বীজৰ উপকাৰিতা: শৰীৰটো ভালে ৰাখিবলৈ কিছুমান বস্তু খাব লাগে। খালী পেটত চিয়া গুটি খালে শৰীৰৰ বাবে অতি উপকাৰী। মুখৰ গ্ল’ বৃদ্ধি কৰিবলৈ খাব পাৰে চিয়া বীজ। যদি আপুনি দৈনিক খালী পেটত চিয়া গুটি সেৱন কৰে তেন্তে আপোনাৰ বৃদ্ধি পোৱা ওজন কমিব। চিয়া গুটিও পানীত তিয়াই খাব পাৰে। ইয়াত সম্পূৰ্ণ প্ৰটিন থাকে।

যদি আপোনাৰ চুলি দৈনিক চিঙে তেন্তে আপুনি চিয়া গুটি খাব পাৰে। ইয়াত আঁহ, প্ৰটিন, কেলচিয়াম, মেংগানিজ, ওমেগা-৩ থাকে।

পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ ইয়াক চিয়া বীজ খাব পাৰে। ৰাতিপুৱা পেট সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰাত ই আপোনাক বহুত সহায় কৰে।

হাড় মজবুত কৰিবলৈ দৈনিক চিয়া গুটি খাব লাগে। চিয়া গুটি খালে আপোনাৰ শৰীৰটো শক্তিশালী হয়। চিয়া বীজত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ থাকে।

তেজৰ চুগাৰ নিয়ন্ত্ৰণতো ই অতি সহায়ক বুলি প্ৰমাণিত হয়। এই বীজবোৰৰ দ্বাৰা তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। দৈনিক খাব পাৰে চিয়া বীজ।