Home Blog Page 1166

IPLৰ ২০২৩ৰ নিলামত স্থান পালে অসমৰ ৪ ক্ৰিকেটাৰে…

IPLৰ ২০২৩ৰ নিলামত স্থান পালে অসমৰ ৪ ক্ৰিকেটাৰে।

নিলামত স্থান লাভ কৰা অসমৰ খেলুৱৈকেইজন হ’ল আকাশ সেনগুপ্তা, মৃন্ময় দত্ত, মোক্তাৰ হুছেইন আৰু সুমিত ঘাদিগাঁওকাৰ।

BCCI-এ ঘোষণা কৰিলে ডুবাইত IPLৰ নিলাম হ’ব লগা খেলুৱৈৰ তালিকা।

কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে…

কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে।

প্ৰায় দুমাহ ধৰি মানসিক চাপত ভুগি আছিল ছাত্ৰীগৰাকী।

আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীয়ে লিখা এটা নোট।

বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে।

আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন…

নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন।হোজাইৰ পৰা শিলচৰ সংযোগী চাৰিলেনযুক্ত পথত এই দুৰ্ঘটনা।

তীব্ৰবেগী ইন’ভাখনৰ পাছফালৰ এটা চকা ফুটাৰ ফলতে এই দুৰ্ঘটনা।দুৰ্ঘটনাৰ ফলত বাহনখনৰ পৰা চিটিকি পৰে যাত্ৰীসকল।

আহতসকলক নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক হাস্পতালত ভৰ্তি।পথৰ ডিভাইডাৰত লাগি কোনোমতে ওলমি ৰৈছে বাহনখন।দুৰ্ঘটনাগ্ৰস্ত ইন’ভাখনৰ নম্বৰ এ এছ ০৯ এফ০৭৯৭।

বৃদ্ধি কৰা হৈছে শ্বামীৰ নিৰাপত্তা, শ্বামীৰ সৈতে ফটো তুলিবলৈ অজস্ৰ লোক…

নিৰাপত্তা বৃদ্ধি কৰা হৈছে মহম্মদ শ্বামীৰ।

শ্বামীৰ সৈতে ফটো তুলিবলৈ ভীৰ লাগিছে।

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীৰ জনপ্ৰিয়তাৰ পিছতেই বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

উত্তৰ প্ৰদেশৰ ছামীৰ ফাৰ্ম হাউচত অনুৰাগীৰ ভিৰ হোৱা দেখিবলৈ পোৱা গ’ল।

ফার্ম হাউচৰ প্ৰৱেশদ্বাৰত পুৱাৰে পৰা গধূলিলৈকে শ্বামীক লগ পোৱাৰ অপেক্ষাত ৰৈ থাকিল বহু অনুৰাগী।

তাৰ পিছতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা ! ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব DACৰ নিৰ্বাচন…

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা
৮ জানুৱাৰীত অনুষ্ঠিত হ’ব DACৰ নিৰ্বাচন
২৮ খন আসনৰ বাবে হ’ব নির্বাচন
মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী


→ ২৮০ টা ভোটকেন্দ্রত অনুষ্ঠিত হ’ব। নির্বাচন
➡ বেলটৰ মাধ্যমেৰে হ’ব নির্বাচনী প্রক্রিয়া
➡ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গ্রহণ

প্রতিটো ভোট কেন্দ্ৰৰ বাবে নিয়োগ কৰা হৈছে মাইক্ৰ’ পর্যৱেক্ষক
১২ জানুৱাৰীত ঘোষণা হ’ব নির্বাচনী ফলাফল
মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ২২ ডিচেম্বৰ
প্রতিজন প্রার্থীয়ে সর্বাধিক ব্যয় কৰিব পাৰিব ৪ লাখ ২৫ হাজাৰ টকা

আৱেগিক হৈ পৰিল শিৱৰাজ সিং, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাৱটি ধৰি কান্দিলে একাংশ মহিলাই…

চি এম হাউচত আৱেগিক হৈ পৰিল শিৱৰাজ সিং, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাৱটি ধৰি কান্দিলে একাংশ মহিলাই।

শিৱৰাজ সিং চৌহানৰ এটা ভিডিঅ’ভাইৰেল। যিটো ভিডিঅ’বৰ্তমান টুইটাৰত ট্ৰেণ্ডিঙত আছে।


ভিডিঅ’টোত শিৱৰাজ সিং চৌহানৰ সন্মুখত একাংশ মহিলাই জোৰেৰে কান্দিছে।


প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাৱটি ধৰাৰ পিছত আৱেগিক হৈ পৰে মহিলাসকল।


ভিডিঅ’টোত মহিলাসকলে কয় যে আমি আপোনাক ভোট দিছিলো।

মাছ আৰু মাংস কোনটোত থাকে বেছি প্ৰটিন…

মাংস আৰু মাছ দুয়োবিধতে চৰ্বি কম, কেলৰি কম আৰু ই প্ৰটিনৰ ভাল উৎস। মাছ-মাংসত ভিটামিন, আইৰণ আৰু ওমেগা থ্ৰী ফেটকে ধৰি চহকী পুষ্টি থাকে। মাংস আৰু মাছ দুয়োবিধতে চৰ্বি কম আৰু কেলৰি কম আৰু ই প্ৰটিনৰ ভাল উৎস। কিন্তু মাছ আৰু মাংসৰ কোনটোত পুষ্টি বেছি। অৱশ্যে বেছিভাগ মানুহেই জানে যে মাছ আৰু মাংস মাজত যথেষ্ট পাৰ্থক্য আছে। কোনটোত বেছি পুষ্টি আছে জানো আহক-

মাছ আৰু কুকুৰা মাংসৰ প্ৰকাৰৰ পাৰ্থক্য দেখা যায়। সাগৰৰ পৰা মাছ আহে আৰু কুকুৰা হৈছে স্থলভাগত পালন কৰা চৰাই। প্ৰথম পাৰ্থক্যটো হ’ল সোৱাদ আৰু টেক্সচাৰ। কুকুৰাতকৈ মাছ কোমল। ইয়াৰ পেশীবোৰত আঁহ থাকে। মুৰ্গীৰ নিৰপেক্ষ সোৱাদ থাকে। বিভিন্ন চেনিং, চচ আৰু মেৰিনেডৰ সৈতে চিকেন অতি উত্তম। আনহাতে, মাছৰ সোৱাদ অনন্য। সাধাৰণতে আপুনি খোৱা মাছৰ ধৰণৰ ওপৰত সোৱাদ নিৰ্ভৰ কৰে। অৱশ্যে ই মিঠা হ’ব পাৰে আৰু ইয়াৰ সোৱাদ মাখনৰ দৰে হ’ব পাৰে।আনহাতে কুকুৰাৰ টেক্সচাৰ সাধাৰণতে অধিক দৃঢ় হয়।

ছালমন আৰু টুনা মাছৰ কেলৰি অতি বেছি। ভাজিলে খাদ্যত থকা চৰ্বি বৃদ্ধি পায়। ভজা মাছ আৰু চিকেন নাগেটত কেলৰি অধিক বৃদ্ধি পায়। যদি আপুনি নিৰামিষভোজী তেন্তে আপোনাৰ খাদ্যত মাছ বা কুকুৰা অন্তৰ্ভুক্ত কৰিলে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ পোৱা যায়। যিবোৰ সুষম খাদ্যৰ বাবে প্ৰয়োজনীয়। মাছ খোৱাৰ ফলত কেৱল আপুনি প্ৰটিন লাভ কৰাই নহয় আপোনাৰ শৰীৰে লাভ কৰিব বহু উপকাৰ। ইয়াৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ উপকাৰ হ’ল ওমেগা-৩ ফেটি এচিড, যিটো আমাৰ শৰীৰে প্ৰাকৃতিকভাৱে উৎপাদন কৰিব নোৱাৰে। চৰ্বিযুক্ত মাছে আপোনাৰ ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণত ৰাখে আৰু লগতে ভিটামিন ডিৰ মাত্ৰাও বৃদ্ধি কৰে।


মেঘালয়ৰ নংলাং পাৰচুঙত ডকাইতে হত্যা কৰিলে থাৰচেং চাংমা নামৰ শিক্ষকক…

মেঘালয়ৰ নংলাং পাৰচুঙত হত্যাকাণ্ড

মেঘালয়ৰ নংলাং পাৰচুঙত ভয়ংকৰ ঘটনা
ডকাইতে হত্যা কৰিলে থাৰচেং চাংমা নামৰ শিক্ষকক


ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন এগৰাকী শিক্ষক
আহত বকোৰ শিক্ষক সূর্যকুমাৰ ছেত্ৰী
বাইকেৰে নংট্ৰেইনৰ পৰা ওভতাৰ পথতে ডকাইতৰ আক্রমণ


বিদ্যালয়ৰ কামত নংস্ট্রেইনলৈ গৈছিল শিক্ষক দুগৰাকী
নিহত থাৰচেং চাংমা ৰাংছাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক

হোটেলৰ ৰুমত হেৰুৱালে ৬ কোটি ৭৩ লাখ টকীয়া আঙঠি…

পেৰিছ নিউজঃ হোটেলত হেৰুৱালে ৬ কোটি ৭৩ লাখ টকীয়া আঙঠি। আঙঠিটোৰ মালিক ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, শুকুৰবাৰে চহৰখনত বজাৰ কৰিবলৈ যোৱা কেইঘণ্টামানৰ বাবে হোটেলৰ কোঠাত এখন টেবুলত আঙঠিটো থৈ গৈছিল। এই আঙঠিটোৰ মালিক আছিল হোটেলখনৰ অতিথি হিচাপে থকা মালয়েছিয়াৰ এগৰাকী ব্যৱসায়ী। মহিলাগৰাকীয়ে এজন কৰ্মচাৰীয়ে চুৰি কৰাৰ সন্দেহ কৰি শুকুৰবাৰে আৰক্ষীৰ এজাহাৰ দাখিল কৰে। তথ্য অনুসৰি দেওবাৰে ৰিটজৰ নিৰাপত্তাৰক্ষীয়ে ভেকুৱাম বেগত ধূলিৰ মাজত আঙুঠিটো পাইছিল। এতিয়া লণ্ডনলৈ যোৱা মহিলাগৰাকী তেওঁৰ আঙুঠিটোৰ বাবে পেৰিছলৈ উভতি আহিব।


ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, শুকুৰবাৰে চহৰখনত বজাৰ কৰিবলৈ যোৱা কেইঘণ্টামানৰ বাবে হোটেলৰ কোঠাৰ এখন টেবুলত আঙঠিটো থৈ আহিছিল আৰু উভতি আহোঁতে আঙঠিটো নোহোৱা হৈছিল।হোটেলখনৰ পৰা গহনা নিৰুদ্দেশ হোৱাটো এইটোৱেই প্ৰথম নহয়। পূৰ্বতেও এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ।


কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা…

বৰাকত আৰম্ভ ৰঙামাটিৰ ছিণ্ডিকেট।

কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা। পাহাৰ কাটি তহিলং কৰি ট্ৰাকে ট্ৰাকে মাটি সৰবৰাহ ভূ-মাফিয়াৰ।

ভূ-মাফিয়াৰ তাণ্ডৱত সংকটত বন্যপ্ৰাণী।