Home Blog Page 1192

আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, ভোটগণনাত আগবাঢ়িছে ZPM…

মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা।

মিজোৰামত ZPMৰ চাৰিখন আসনত অগ্ৰগতি।

ধোনিৰ পিছত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋষভ পন্ত…

চি এছ কেৰ অধিনায়কঃ ধোনীৰ পিছত ঋষভ পন্ত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হ’ব পাৰে বুলি আশা প্ৰকাশ কৰিছে ভাৰতীয় এজন প্ৰাক্তন উইকেটকীপাৰ বেটছমেনে। আই পি এলৰ সফল দল চেন্নাই ছুপাৰ কিংছক পাঁচবাৰকৈ আই পি এল খিতাপ দখল কৰি মহেন্দ্ৰ সিং ধোনিয়ে সৰ্বাধিক সফল কৰি তুলিছে। IPL 2008 ৰ পৰা IPL 2023 লৈকে প্ৰতিবাৰেই চেন্নাইৰ অধিনায়ক হিচাপে কাম কৰি আহিছে ধোনীয়ে। ২০২২ চনত ধোনিয়ে অধিনায়কৰ পদ ৰবীন্দ্ৰ জাডেজাক অৰ্পণ কৰিছিল যদিও সেয়া চেন্নাইৰ বাবে ভাল কাম কৰা নাছিল আৰু ছিজনৰ আধাতে ধোনিয়ে পুনৰ অধিনায়কৰ দায়িত্ব ল’বলগীয়া হৈছিল। এতিয়া ২০২৩ চনত পঞ্চমবাৰৰ বাবে চেন্নাইক বিজয়ী কৰি আইপিএল ২০২৪ত চেন্নাইৰ অধিনায়ক হিচাপে কাম কৰিবলৈ ওলাইছে যদিও সকলো অনুৰাগীৰ মনত প্ৰশ্নটো হ’ল ধোনীৰ পিছত চেন্নাইৰ অধিনায়ক কোন হ’ব?

এই প্ৰশ্নৰ কথা কওঁতে ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন দীপদাস গুপ্তাই দিছে এক অনন্য উত্তৰ। তেওঁৰ মতে ধোনিৰ পিছত ঋষভ পন্ত চেন্নাইৰ অধিনায়ক হ’ব পাৰে। দীপদাস গুপ্তাই টুইটাৰযোগে কয় যে আই পি এল ২০২৫ৰ ভিতৰত পন্তে যদি চেন্নাই দলত যোগদান কৰে তেন্তে আচৰিত হ’ব নালাগে। এম এছ ধোনী আৰু ঋষভ পন্ত বহুত ঘনিষ্ঠ। স্পষ্টভাৱে ঋষভে তেওঁক (ধোনী) বহুত ভাল পায় আৰু ধোণীয়েও পন্তক ভাল পায়। দুয়োজনে ইজনে সিজনৰ লগত বহু সময় কটাই, তেওঁলোকৰ চিন্তাধাৰাও বহুত মিল আছে।

দীপদাস গুপ্তাৰ এই বক্তব্য ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু অনুৰাগীসকলেও পন্তক হালধীয়া জাৰ্চি ড্ৰেছত কল্পনা কৰিবলৈ আৰম্ভ কৰিছে।



ভাৰতৰ এনে ৪ টা মন্দিৰ য’ত পোৱা যায় অনন্য প্ৰসাদ…

ভাৰতীয় মন্দিৰঃ হিন্দু ধৰ্মত প্ৰসাদ হৈছে ঈশ্বৰক দিয়া পবিত্ৰ প্ৰসাদ। বেছিভাগ মন্দিৰৰ নিজস্ব বিশেষ প্ৰসাদ থাকে, অৰ্থাৎ প্ৰতিজন দেৱতাক বিশেষ ধৰণৰ প্ৰসাদ আগবঢ়োৱা হয়। মন্দিৰবোৰৰ কিছুলোকে তেওঁলোকৰ প্ৰসাদ যাতে আটাইতকৈ অনন্য হয় তাৰ বাবে চেষ্টা কৰে। আহক আমি জানো ভাৰতৰ সেই অনন্য মন্দিৰ য’ত অনন্য প্ৰসাদ দিয়া হয়-

মহাদেৱ মন্দিৰ, মাজুৱঞ্চেৰী, থ্ৰিছুৰৰ মাজুৱঞ্চেৰীৰ মহাদেৱ মন্দিৰত আগবঢ়োৱা প্ৰসাদসমূহৰ ভিতৰত আছে তথ্যসমৃদ্ধ ব্ৰ’চাৰ, পাঠ্যপুথি, ডিভিডি, চিডি আৰু ষ্টেচনাৰী। কাৰণ মন্দিৰৰ ট্ৰাষ্টৰ মতে আন সকলো ধৰণৰ পি এফ প্ৰসাদৰ ভিতৰত জ্ঞান দিয়াটোৱেই উত্তম।

ধনদয়ুথাপানী স্বামী মন্দিৰ, পালানি-পালানী পাহাৰত অৱস্থিত ভগৱান মুৰুগানৰ এই মন্দিৰটো ইয়াৰ অনন্য প্ৰসাদৰ বাবে অতি জনপ্ৰিয়। পাঁচটা ফল, গুড় আৰু চেনিৰ মিঠাইৰে তৈয়াৰী মিঠাই ভক্তসকলক আগবঢ়োৱা হয়। এই প্ৰসাদক পঞ্চমৃতম বুলি জনা যায়।

শ্ৰী কৃষ্ণ মন্দিৰ, আম্বালাপুঝা, তিৰুৱনন্তপুৰমৰ সমীপৰ আম্বালাপুঝাত অৱস্থিত শ্ৰীকৃষ্ণ মন্দিৰে ভক্তসকলক অতি অনন্য ধৰণে প্ৰসাদ বিতৰণ কৰে। ইয়াত আগবঢ়োৱা প্ৰসাদ হৈছে পায়াসম যিটো গাখীৰ, চেনি আৰু চাউলৰ পৰা তৈয়াৰ কৰা হয়। যদিও ই এক সাধাৰণ মিঠাই।

আজহাৰ কোভিল, মাদুৰাই, মাদুৰাইৰ পৰা ২১ কিলোমিটাৰ দূৰত্বত অৱস্থিত আলগৰ মন্দিৰ নামেৰে জনপ্ৰিয় আজহাৰ কোভিল। এই মন্দিৰটো ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত আৰু ভক্তসকলক প্ৰসাদ হিচাপে ডোছা বিতৰণ কৰা হয়। কাৰণ বহু ভক্তই দেৱতাক প্ৰসাদ হিচাপে শস্য আগবঢ়ায় আৰু এই শস্যৰ সহায়ত প্ৰসাদ হিচাপে ডোছা তৈয়াৰ কৰা হয়।



কটন কলেজৰ এলমনাই ভৱনত গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোট ৰ বঁটা প্ৰদান

কটন কলেজৰ এলমনাই ভৱনত অনুষ্ঠিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত দেওবাৰে‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোট ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সাহিত্য সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্ধ্বৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতালানিৰে প্ৰতি বছৰৰ দৰে এইবছৰো ‘স্পন্দন বঁটা’ প্ৰদান কৰা হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ ভিতৰত নলবাৰীৰ জংকি শৰ্মাক ‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে ২০২৩ বৰ্ষৰ ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ প্ৰদান কৰা হয়। আনহাতে এইবাৰৰ পৰা সংস্কৃতিৱান ব্যক্তি লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত ‘যুৱ অনুপ্ৰেৰণা বঁটা’ শংকৰী সংস্কৃতি তথা ভাওনাজগতত নিষ্ঠাৰে কাম কৰি থকা অসমৰ নৱ প্ৰজন্মৰ এজন যুৱ শিল্পীলৈ আগবঢ়োৱা হয়।

লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণী ‘যুৱ অনুপ্ৰেৰণা বঁটা-২০২৩’ প্ৰথমবাৰৰ বাবে লাভ কৰা যুৱ অভিনেতা, জনপ্ৰিয় ভাওনা শিল্পী যোৰহাটৰ ময়ূৰজিৎ কলিতাক প্ৰদান কৰা হয়। আনহাতে, ‘স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত ‘দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ২০২৩’ ‘গোৱালপাৰা দৰ্পণ’ নামৰ গ্ৰন্থৰ বাবে দিলীপ কুমাৰ শৰ্মাক প্ৰদান কৰা হয়।

গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক- বিশিষ্ট সাহিত্যিক প্ৰয়াত দ্বিজেন নাথৰ সোঁৱৰণত তেখেতৰ পৰিয়ালৰ হৈ পুত্ৰ মৃদুল নাথে এই বঁটা আগবঢ়ায় । তদুপৰি ‘গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা-২০২৩’ ‘জাকাৰান্দা’ উপন্যাসৰ বাবে বিপাশা বৰাক প্ৰদান কৰা হয়। স্পন্দনৰ সৌজন্যত গীতালি বৰা আৰু তেওঁৰ পৰিয়ালে তেওঁৰ পিতৃ তথা স্বামীৰ সোঁৱৰণত এই বঁটা আগবঢ়ায়।

স্পন্দনৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা সভাখনত বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট কবি আনিছ উজ জামান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অনিল বড়ো, সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক তথা কবি-গল্পকাৰ অতনু ভট্টাচার্য, সাহিত্যিক পৰী হিলৈদাৰী য়ে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰাৰ লগতে বক্তব্য প্ৰদান কৰে । এই সভাতে বিশিষ্ট কবি আনিছ উজ জামানক সাহিত্য সাধনাৰ বাবে জীৱনজোৰা সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসম আৰু বৰলুইতৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন; প্ৰতিবন্ধী দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ

আজি বিশ্ব প্ৰতিবন্ধী দিৱস। ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৪৭/৩ নং প্ৰস্তাৱৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস বাৰ্ষিক উদযাপন ঘোষণা কৰা হৈছিল। এই বিশেষ দিৱসটো পালনৰ লক্ষ্য হৈছে অক্ষমতাৰ বিষয়সমূহৰ বিষয়ে বুজা-বুজি বৃদ্ধি কৰা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ মৰ্যাদা, অধিকাৰ আৰু কল্যাণৰ বাবে সমৰ্থন সংগঠিত কৰা। এই বৰ্ষৰ বিশ্ব প্ৰতিবন্ধী ব্যক্তি দিৱসৰ মূল বিষয়বস্তু হৈছে–“প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে, তেওঁলোকৰ সৈতে আৰু তেওঁলোকৰ দ্বাৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে একত্ৰিত হোৱা”। সেই উপলক্ষে ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধী লোকৰ অন্যতম বৃহৎ সংগঠন প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমৰ উদ্যোগত আৰু বৰলুইত ন্যাসৰ সহযোগত দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰী পাৰত থকা লক্ষ্মীৰাম বৰুৱা সদন প্ৰেক্ষাগৃহত উদযাপিত হ’ল বিশ্ব প্ৰতিবন্ধী দিৱস। অনুষ্ঠানৰ আৰম্ভণি ঘটে প্ৰতিবন্ধী লোকসকলৰ এক শান্তি সমদলেৰে।

সংগঠনটোৰ প্ৰায় ৫ শতাধিক সদস্যই দীঘলীপুখুৰীৰ পাৰত প্ৰতিবন্ধী দিৱস উপলক্ষে উলিয়াই এক বিশাল সমদল। ইয়াৰ পিছতেই আয়োজিত মূল অনুষ্ঠানত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে সমবেত সংগীত। ইয়াৰ পিছতেই ২০২২ আৰু ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ বিশেষভাৱে সক্ষম ৫০ গৰাকী শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, জ্যেষ্ঠ চিকিৎসক ডা° হিতেশ বৰুৱা, ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, জ্যেষ্ঠ চিকিৎসক ডা° জোনামণি বৰগোঁহাইকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি। অতিথিসকলে শিক্ষাৰ্থীসকলক একাদিক্ৰমে একোখনি ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু উপস্থিত শিক্ষাৰ্থীসকলক সম্বোধি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ উদ্যোক্তা তথা প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, বিগত ৮ বছৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধী লোকৰ ন্যাৰ্য প্ৰাপ্য, অধিকাৰ, সুৰক্ষাৰ বাবে এক গণতান্ত্ৰিক সংগ্ৰাম কৰি আহিছে। বিভিন্ন সময়ত নিজৰ প্ৰাপ্য বিচাৰি যাওতে আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়াও হৈছে। তথাপি প্ৰতিবন্ধীসকলৰ একতা আৰু দৃঢ়তাই আমাৰ উমৈহতীয়া লক্ষ্যস্থানত উপনীত কৰাত সদায় সহায় কৰি আহিছে। আগন্তুক দিনত ৰাজ্যৰ হাজাৰ হাজাৰ প্ৰতিবন্ধী শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক, সামাজিক দিশত উত্তৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। কিন্তু যদিহে চৰকাৰে প্ৰতিবন্ধীসকলৰ পেঞ্চন, চাকৰি আদি প্ৰাপ্য দাবীসমূহৰ প্ৰতি সদিচ্ছা প্ৰকাশ নকৰে তেন্তে আগন্তুক দিনত ৰাজপথ কঁপাব ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধীয়ে।' আনহাতে অনুষ্ঠানৰ উদ্যোক্তা তথা বৰলুইত ন্যাসৰ ন্যাসৰক্ষী দিপাংকৰ কলিতা আৰু পংকজ মেধিয়ে কয় যে,প্ৰতিবন্ধীসকলৰ বাবে পালিত এই বিশেষ দিনটোত তেওঁলোকৰ বাবে এটি অনুষ্ঠান আয়োজন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা।

বিভিন্ন সময়ত বহু সা-সুবিধাৰ পৰা বঞ্চিত,অৱহেলিত প্ৰতিবন্ধীসকলক সৰ্বদিশতে উৎকৰ্ষ সাধনৰ বাবে বৰলুইতে আগন্তুক দিনত কাম কৰি যাব। তাৰে অংশস্বৰূপে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হোৱা বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক অকনমান উৎসাহ যোগোৱাৰ অৰ্থে এই অনুষ্ঠান আয়োজন কৰা হৈছে।’ উল্লেখ্য যে, যোৱা ২০১৭ চনৰ পৰা প্ৰতিবছৰে প্ৰতিবন্ধীসকলৰ বাবে থকা এই দিনটো বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰি আহিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমে। এই যাত্ৰাত এতিয়াৰে পৰা বৰলুইত ন্যাসো অংশীদাৰ হোৱা বুলি সদৰী কৰে উদ্যোক্তাসকলে।

ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব বিজয় মোদী গেৰাণ্টীৰ এক শক্তিশালী প্ৰতিফলন: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ অভূতপূৰ্ব ফলাফলত আনন্দ প্ৰকাশ কৰি কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত কল্যাণকামী আঁচনিসমূহে সৰ্বস্তৰৰ লোককে উপকৃত কৰিছে আৰু দেশৰ উন্নয়নৰ যাত্ৰাক শক্তিশালীৰূপত আগুৱাই নিছে।

-এতিয়া জনসাধাৰণে সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ এক নতুন দিগন্তৰ সাক্ষী হৈছে আৰু সকলোৱে সন্মান তথা মৰ্যাদাসহকাৰে জীৱন নিৰ্বাহ কৰাৰ মনোবল লাভ কৰিছে। মোদী ডাঙৰীয়াৰ বিগত ৯বছৰৰ গেৰাণ্টীসমূহ সফলভাৱে ৰূপায়ণ হৈছে। সেয়েহে সকলো শ্ৰেণীৰ জনতাৰ বিশ্বাস, আস্থা ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত সম্পূৰ্ণৰূপে অটুট আছে। ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব বিজয় মোদী গেৰাণ্টীৰ এক শক্তিশালী প্ৰতিফলন।”

আনহাতে সোণোৱালে কয়, “কংগ্ৰেছৰ দুৰ্নীতি, পৰিয়ালতন্ত্ৰ, ভ্ৰষ্টাচাৰ আৰু অপশাসনৰ ইতিহাস তথা মিথ্যাচাৰৰ ঘটনাৰাজিৰ বাবে জনতাই তেওঁলোকক প্ৰত্যাখ্যান কৰিছে।

তাৰ বিপৰীতে উন্নয়নক প্ৰাধান্য দি এক নৱজাগৰণৰ সূচনা কৰা বিজেপি দলক আঁকোৱালি লৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত ভাৰতে পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ লগতে ২০৪৭চনৰ ভিতৰত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্য লৈছে। দেশত সুশাসন, উন্নয়ন আৰু শান্তিৰ এক নতুন যুগৰ সূচনা কৰা বিজেপিৰ প্ৰতি অকুণ্ঠ সমৰ্থন অটুট ৰখাৰ বাবে সৰ্বস্তৰৰ জনতাকে আন্তৰিক কৃতজ্ঞতা জনালোঁ আৰু বিজয়ৰ এইক্ষণত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিজেপিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীজেপি নড্ডা ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াক উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে বিজেপি বিজয়ী ৰাজ্যকেইখনৰ কাৰ্যকৰ্তাসকলকো উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া প্ৰকৃতাৰ্থতে এখন নতুন আৰু অগ্ৰগামী ভাৰতৰ প্ৰতিচ্ছবি।”

বিজেপিৰ ছুনামি ভেদিবলৈ সক্ষম নহ’ল কংগ্ৰেছ; ‘লাডলি বেহেনে’ পদুম ফুলালে মধ্য প্ৰদেশত

হয়, ভনীসকলৰ সহায়ৰ বাবেই আজি এই ক্ষনত উপনীত হৈছোঁ। মধ্য প্ৰদেশত বিজেপিৰ বিজয় যাত্ৰা পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অকপট স্বীকাৰোক্তি প্ৰদান কৰে শিৱৰাজ সিং চৌহানে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰণনীতি আৰু কৌশলৰ বাবেই মধ্য প্ৰদেশত গেৰুৱা দলে জনতাৰ মন জয় কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে শিৱৰাজ সিং চৌহানে মহিলা সকলক ১ হাজাৰ টকাৰ সলনি মাহিলী ৩ হাজাৰ টকাকৈ আদায় দিয়াৰ লগতে কন্যা সন্তানক ২ লাখকৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল। একেদৰে উজ্জ্বলা আৰু লাডলি বেহেন আঁচনিৰ অধীনত ৪৫০ টকাকৈ গেচৰ চিলিণ্ডাৰ যোগানৰো প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনী সভাত।

ৰাজনৈতিক সমীক্ষা সকলে পূৰ্বতে প্ৰকাশ কৰিছিল যে শিৱৰাজ সিং চৌহানৰ মহিলামুখী আঁচনি আৰু প্ৰতিশ্ৰুতিৰ বাবে ৪৪ শতাংশ ভোট আহিব মহিলাৰ পৰা। কাজেই এই তথ্য সত্যত পৰিনত হোৱাত বুলি স্বীকাৰ কৰে শিৱৰাজ সিং চৌহানে।

ইয়াৰ বিপৰীতে কমল নাথৰ কংগ্ৰেছে মধ্য প্ৰদেশত খোপনি পুতিবলৈ বৃথা চেষ্টা কৰাৰ প্ৰমাণ দেওবাৰে জনতাই প্ৰমাণ কৰে। কাৰ্যত কংগ্ৰেছে জনতাৰ ৰায় মানি লোৱাৰ বাহিৰে অন্য বিকল্পওঁ নাই।

ভূপেন বৰাক পদত্যাগ কৰাৰ আহ্বান আজমলৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পলিচি অল ইণ্ডিয়াত ফেল মাৰিলে। এই ভাষ্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। সংবাদমাধ্যমৰ আগত সাংসদ গৰাকীয়ে এই মন্তব্য কৰি কয় যে বেচেৰাই ফটকা জমাই ৰাখিছিল ফুটাবলৈ পিচে নহ’ল বুলিও কটাক্ষ কৰে।

বদৰুদ্দিন আজমলে ভূপেন বৰাসহ সকলো কংগ্ৰেছৰ নেতাই পদত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈকো পৰামৰ্শ দি কয় যে চেমি ফাইনেলৰ ৰিজাল্টে ২০২৪ বৰ্ষত কোনে প্ৰধানমন্ত্ৰী হব কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আনহাতে সদ্য ঘোষিত ৪ ৰাজ্যৰ ফলাফলত কংগ্ৰেছ দলে তিনিখন ৰাজ্যত বিজয় হোৱাৰ আশা কৰিছিল বুলি উল্লেখ কৰি অসমত ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ শূন্য হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। একেদৰে সাংসদ গৰাকীয়ে ভূপেন বৰাক পাগল আখ্যা দিয়াৰ লগতে ৰাজনৈতিক ব্যক্তি নহয় বুলিও মত প্ৰকাশ কৰে।

উল্লেখ্য যে আজি ভোটগননাৰ দিনটোত মহাভৈৰৱ মন্দিৰত পুজা অৰ্চনা কৰি দলটোৰ ভাল খবৰলৈ অপেক্ষা কৰিছিল যদিও ভবা মতে কাৰ্য সিদ্ধি নোহোৱাত মৌনব্ৰত পালন কৰি সংবাদমাধ্যমৰ পৰা আতৰি ফুৰা পৰিলক্ষিত হৈছে।

আনহাতে সোমবাৰে ভোটগননা হ’ব মিজোৰামত। স্থানীয় উৎসৱ উপলক্ষে ভোট গননা পিছুৱাই দিছিল কেন্দ্ৰীয় নিৰ্বাচন আয়োগে।

তেজপুৰৰ প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰালৈ ‘ৰাজেন বৰঠাকুৰ স্মৃতি’ বঁটা

তেজপুৰৰ প্ৰবীণ কন্ঠশিল্পী, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সচ্চিদানন্দ বৰালৈ আগবঢ়োৱা হৈছে চতুৰ্থ বাৰ্ষিক ‘ৰাজেন বৰঠাকুৰ স্মৃতি’ বঁটা। উল্লেখ্য যে তেজপুৰবাসীক শোকাহত কৰি অকালতে কায়িক ভাৱে আঁতৰি যোৱা তেজপুৰ আৰু ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক, নিষ্ঠাবান সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ৰাজেন বৰঠাকুৰৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ অৰ্থে গঢ়ি উঠা” ৰাজেন বৰঠাকুৰ স্মৃতিচাৰণ সমমিতি” য়ে ১০ ডিচেম্বৰৰ মৃত্যুৰ দিনটোত বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ “ৰাজেন বৰঠাকুৰ স্মৃতি বঁটা” প্ৰদান কৰি আহিছে।

ৰাজেন বৰঠাকুৰৰ ওপজা গাঁও নিজ হলেশ্বৰ বাসী ৰাইজৰ সহযোগত এইবাৰো অহা ১০ ডিচেম্বৰ তাৰিখে পুৱা নিজ হলেশ্বৰৰ ৰাজেন বৰঠাকুৰ সোঁৱৰণি মঞ্চত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা চতুৰ্থ মৃত্যুবাৰ্ষিকীৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত তেজপুৰৰ অতি জনপ্ৰিয় প্ৰবীণ কন্ঠশিল্পী তথা সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি বঁটাৰে বিভূষিত সচ্চিদানন্দ বৰাক “ৰাজেন বৰঠাকুৰ স্মৃতি বঁটা” প্ৰদান কৰা হ’ব।

তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, অসম চৰকাৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত পুৱা ৰাজেন বৰঠাকুৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু নাম প্ৰসঙ্গৰে আৰম্ভ হ’ব লগা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত চতুৰ্থ বাৰৰ বাবে প্ৰবীণ শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে এসময়ৰ ৰাজেন বৰঠাকুৰৰ শিক্ষাগুৰু তথা এগৰাকী জনপ্ৰিয় প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰাই বনগীত, পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত, চিৰসেউজ অসমীয়া গীতৰ পৰা জ্যোতি সংগীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু সুধাকণ্ঠৰ গীত সমূহ শুদ্ধ শৈলীৰে শিকোৱাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি তেজপুৰৰ লগতে তেজপুৰৰ উপকন্ঠ গাওঁ সমূহত নিজাববীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহাই নহয় অসমীয়া সোণসেৰীয়া গীত সমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ, পূবেৰুণ সাংস্কৃতিক সমাজকে ধৰি বহু সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত সচ্চিদানন্দ বৰাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাত স্বাভাৱিকতে তেজপুৰৰ ৰাইজ আহ্লাদিত হৈছে।

লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল সমাপ্ত; লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ চেম্পিয়ন

কাৰ্বি আংলং জিলাৰ লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত বড়ো শ্বহীদ ন্যাসৰ সৌজন্যত আৰু লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত দেওবাৰে সামৰণি পৰা ২৬সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত লাংহিন তিনিআলি ক্ৰীড়া সন্থা (এল টি এছ এ)-“এ” দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে৷

এই প্ৰতিযোগিতাৰ ফাইনেলত এল টি এছ এ-“এ”দলে এল টি এছ এ-“বি”দলক ৩-১গ’লত পৰাজিত কৰে৷ খেলখনৰ ২৯মিনিটতে এল টি এছ এ-“এ”দলে এটা আত্মঘাটি গল হজম কৰিবলগীয়া হৈছিল যদিও পিছত এল টি এছ এ-“এ” দলৰহৈ ৫৪ আৰু ৭৭মিনিটত জিৰঝাৰ টেৰণে দুটা আৰু ৮০মিনিটত মুনীন গয়াৰীয়ে এটাকৈ গল স্ক’ৰৰে নিজ দলৰ ৩-১গলত বিজয় নিশ্চিত কৰে৷

খেলখন পৰিচালনা কৰাত ৰেফাৰী নিজম তামুলাৰীক সহায় কৰে ধনেশ শ্বাহ, ব্ৰজেন টিমুং আৰু দিপ্লু বসুমতাৰী(চতুৰ্থ)য়ে৷

প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, সাহিত্য একাডেমী বঁটাপ্ৰাপক ড° প্ৰেমানন্দ মুছাহাৰী, এল টি এছ এৰ উপদেষ্টা তৰুণ চন্দ্ৰ বসুমতাৰী, লাংহিন পৌৰসভাৰ সভাপতি কমল ব্ৰহ্ম, বিশিষ্ট সমাজ সংগঠক শান্তনু বসুমতাৰী, ৰত্নাকৰ স্বৰ্গীয়াৰী, নাৰায়ণ বসুমতাৰী, কিৰণ বসুমতাৰী আৰু টংকেশ্বৰ খাখলাৰী আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে৷

উল্লেখ্য যে, এল টি এছ এ-“এ”দলৰ বিৰজন গয়াৰীয়ে শ্ৰেষ্ঠ গ’লৰক্ষক, মুনীন গয়াৰীয়ে সৰ্ব্বোচ্চ গলদাতা আৰু বিশ্বজিত স্বৰ্গীয়াৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে৷