Home Blog Page 1211

টংলাত পথ আৰু নলা উন্নয়নৰ দাবীত বিজুলীনগৰবাসীৰ বিক্ষোভ

ওদালগুৰি জিলাৰ টংলা পৌৰ সভাৰ ২ নং খণ্ডৰ টংলা ইলেক্ট্ৰিকেল চাৱ-ডিভিজন অফিচৰ নিকটৱৰ্তী এলেকাৰ ৰাইজে প্ৰতিটো বাৰিষাৰ সময়তে উপযুক্ত নলা-নৰ্দমা নথকা আৰু পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভূগি আহিছে ৷

নগৰখনৰ মাজেৰে যোৱা মঙলদৈ-ভূটিয়াচাং লোকনিৰ্মাণ বিভাগৰ মূল পথৰ সৈতে টংলা বৈদ্যুতিক উপ সংমণ্ডলৰ সৈতে সংযোগী পথচোৱা পকীকৰণৰ কাম আধৰুৱা কৰি থোৱাৰ উপৰি উপ পথটোৰ দুয়োকাষে কোনো উপযুক্ত নলাৰ ব্যৱস্থা নথকাত প্ৰতিটো বানপানীৰ সময়ত উপকণ্ঠ অঞ্চলটোৰ ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্মূখীন হৈ আহিছে ৷

টংলা পৌৰসভাই নগৰখনৰ নতুনকৈ বসতি স্থাপন কৰা বহু ঠাইত বাট-পথৰ উন্নয়নৰ কাম হাতত লৈছে যদিও এই বিজুলীনগৰ পুৰণি অঞ্চলটো আজিকোপতি উন্নয়নৰ কাম স্তব্ধ হৈ থকাত অঞ্চলটোৰ বাসিন্দাসকলে বুধবাৰে টংলা পৌৰসভাৰ কাৰ্যালয়ত সমবেত হৈ ৰাজহুৱাকৈ আবেদন জনাই বিজুলীনগৰবাসীৰ সমস্যা সমাধানৰ বাবে দাবী জনায় ৷

নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত উত্তৰ জঙ্ঘলপাৰা গাঁৱৰ যুৱক তথা মেকানিকেল ইঞ্জনিয়াৰ মেঘজ্যোতি চহৰীয়াই কৰ্মৰ সন্ধানত গৈ সুদূৰ নাইজেৰিয়াত আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত পৰিয়াল , আত্মীয় স্বজন বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছিল। অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, ওদালগুৰি জিলা, ভেৰগাঁও মহকুমা প্ৰশাসন , সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৎপৰতাত প্ৰতিভাবান যুৱকজন উদ্ধাৰ হোৱা ঘটনাই পৰিয়াল, ওদালগুৰি জিলাত আনন্দৰ বন্যা বৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰি জিলাৰ টংলাৰ উত্তৰ জঙ্ঘলপাৰা নিবাসী বিপিন চহৰীয়া আৰু মৌচুমী চহৰীয়াৰ কণিষ্ঠ পুত্ৰ মেঘজ্যোতি চহৰীয়া এমাহ ধৰি সুদূৰ নাইজেৰিয়াত কৰ্ম সূত্ৰে গৈ দালালৰ পাকচক্ৰত পৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। মেকানিকেল ইঞ্জিনিয়াৰ ডিগ্ৰীধাৰী ২৫ বছৰীয়া যুৱক মেঘজ্যোতিক কাম দিম বুলি পশ্চিম বংগৰ সন্দীপ আগৰৱালা নামৰ এজন দালালে ECOVISTA PVT LTD ত কৰ্ম সংস্থাপন দিম বুলি নাইজেৰিয়ালৈ লৈ গৈছিল।

কিন্তু দিন যোৱাৰ লগে লগে যোগ্যতা অনুযায়ী কৰ্ম সংস্থাপন নিদি কষ্টকৰ অন্য কামহে কৰিবলৈ দিয়াত বিমোৰত পৰে যুৱক মেঘজ্যোতি । তথাপিতো মালিক তথা দালালৰূপী সন্দীপ আগৰৱালাৰ কথাত ভোল গৈ কাম কৰে। মেঘজ্যোতিৰ দেহত বেমাৰে বাহ লোৱাত চিকিৎসাৰ সুবিধা ভালদৰে নোপোৱাৰ লগতে দালালজনে মৰি যা, আত্মহত্যা কৰা ইত্যাদি কৈ ভাবুকি দিয়ে ।মেঘজ্যোতিয়ে নগুৰ নাগতি হোৱাৰ কথা উপায়হীন হৈ নিজৰ পিতৃ- মাতৃক ফোন, হোৱাটছ এপযোগে জনোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচৰ জৰিয়তে জিলা আয়ুক্ত ,আৰক্ষী অধীক্ষক, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা , মহকুমাধিপতি পল্লৱী কছাৰী, সাংসদ দিলীপ শইকীয়া ,স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী অৱগত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ দায়িত্ব মূৰ পাতি লয়। ভাৰত চৰকাৰৰ নাইজেৰিয়াত থকা উচ্চ আয়ুক্তৰ জৰিয়তে তৎপৰতাৰে নাইজেৰিয়াৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা লগতে অহা -যোৱাৰ খৰছ বহন কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰা বাবে পৰিয়াল তথা মাতৃ মৌচুমী চহৰীয়াই বিশ্বজিৎ দৈমাৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰে আৰু এনেকুৱা সমাজপ্ৰিয়, বিপদৰ বন্ধুহে জনপ্ৰতিনিধি হব লাগে বুলি কয়।

বুধবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হৈ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ প্ৰতিনিধি জৌশ্ৰাং বড়ো, যুৱ নেতা অৰ্জুন দৈমাৰী, সমৰেশ দাস, ৰাহুল বড়ো পীতাম্বৰ ডেকা, আক্ৰাছু’ ৰ কেন্দ্ৰীয় নেতা হেমন্ত বৰা কোচ, হেমন্ত ডেকাই শান্তনা দিয়াৰ লগতে কাইলৈ যুৱকজন ঘৰলৈ আহি পাৱ বুলি জানিবলৈ দিয়ে।

‘ঘৰত বহি আয় কৰক’ বিজ্ঞাপনত প্ৰতাৰণা; ১০০ত কৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰিলে কেন্দ্ৰই

‘ঘৰত উপাৰ্জন কৰক’৷ এনে বিজ্ঞাপন প্ৰায়ে বাতৰি কাকতত আৰু ৰাস্তাই পদূলিয়ে দেখা যায়। ইণ্টাৰনেটৰ সহায়ত বিভিন্ন সামাজিক মাধ্যমত এনে বিজ্ঞাপনৰ বহুল বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বিত্তীয় প্ৰৱঞ্চনাৰ সংখ্যা বৃদ্ধি পাইছে। ঘৰত উপাৰ্জন কৰিবলৈ গৈ সকলো সঞ্চয় হেৰুৱাই আৰক্ষীৰ ওচৰলৈ যোৱা লোকৰ সংখ্যা কম নহয়। ‘পাৰ্ট টাইম জৱ’ৰ প্ৰতিশ্ৰুতি দি বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ থকা 100 ৰো অধিক ৱেবছাইট কেন্দ্ৰই বন্ধ কৰিছে।

বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইকথা কয়। একে সময়তে, অমিত শ্বাহৰ মন্ত্ৰালয়েও জনসাধাৰণক এনে বিজ্ঞাপনত গুৰুত্ব নিদিবলৈ সতৰ্ক কৰি দিছে। কেন্দ্ৰই বুধবাৰে কয় যে বিভিন্ন বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত বৃহৎ সংখ্যক ৱেবছাইট চিনাক্ত কৰিছে। কেন্দ্ৰই বিভিন্ন ছ’চিয়েল মিডিয়া, মেচেঞ্জাৰ, হোৱাটছএপ, টেলিগ্ৰাম আদিৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ তৰা সকলো ৱেবছাইটৰ সন্ধান আৰম্ভ কৰিছে। এনে ধৰণৰ ১০০ তকৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰা হৈছে।

এক বিবৃতিত কেন্দ্ৰই লগতে কয় যে এনে ধৰণৰ অনলাইন-আধাৰিত বিত্তীয় প্ৰৱঞ্চনাৰ বহুতো ডাঙৰ প্ৰৱঞ্চনা আছে। তেওঁলোক দেশত ক্ৰিপ্টোকাৰেন্সী, এটিএমৰ জৰিয়তে বিত্তীয় প্ৰৱঞ্চনাত জড়িত। ‘কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত আমাৰ মন্ত্ৰালয়ে সদায় নাগৰিকসকলক ছাইবাৰ জালিয়াতি আৰু ছাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত কৰিবলৈ সৰ্বোত চেষ্টা কৰি আহিছে।’ কেন্দ্ৰই মানুহক ‘ঘৰতে বহি উপাৰ্জন’ বিজ্ঞাপনৰ সঁহাৰি দিয়াৰ আগতে ভালদৰে পৰীক্ষা কৰিবলৈ কৈছে।

শ্বাহৰ মন্ত্ৰালয়ৰ মতে, যেতিয়া কোনোবাই গুগল, মেটা আদিত সেই বিজ্ঞাপনবোৰৰ সৈতে যোগাযোগ কৰে, এজন প্ৰৱঞ্চকে প্ৰথমে গোটেই বিষয়টো দেখে। প্ৰথমে, তেওঁ ফোন বা টেক্সটৰ জৰিয়তে কথা পাতি আত্মবিশ্বাস অৰ্জন কৰাবলৈ চেষ্টা কৰে। তাৰ পিছত, তেওঁ কয়, আপুনি ঘৰত সকলো সৰল কাম কৰি কেনেকৈ বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। কাৰোবাক এটা নিৰ্দিষ্ট ভিডিঅ’ বা ছবি ‘লাইক’ কৰিবলৈ কোৱা হয়। এপ্পৰ ৰেটিং প্ৰবিষ্ট কৰিবই লাগিব।

ইয়াৰ বিষয়ে একো নজনাকৈ, আপুনি প্ৰশংসাৰ কেইটামান শাৰী লিখিব লাগিব। ই এপটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। আৰু যিজনে ‘ঘৰত বহি’ উপাৰ্জন কৰি আছে, তেওঁ আৰম্ভণিতে যথেষ্ট উপাৰ্জন কৰে। কিন্তু তেতিয়া সমস্যাবোৰ আৰম্ভ হয়। এইবাৰ, এটা অজুহাতত বৃহৎ পৰিমাণৰ ধন লয় বা, একাউণ্টটো বেংকৰ তথ্যৰ সৈতে খালী কৰা হয়। কেন্দ্ৰৰ মতে, প্ৰৱঞ্চকসকলে মুখ্যতঃ গৃহিনী, নিবনুৱা যুৱক আৰু বৃদ্ধ লোকসকলক লক্ষ্য কৰে যিসকলে সদ্যে স্মাৰ্টফোন লৈছে। সেয়েহে, চৰকাৰে এনে কাম কৰাৰ আগতে ভালদৰে জানিবলৈ পৰামৰ্শ দিছে।

কোৱা হয় যে যদি কোনো লোকে অনলাইনত অজ্ঞাত কাৰোবালৈ ধন প্ৰেৰণ কৰিব বিচাৰে, তেওঁৰ বিষয়ে ভালদৰে জনা উচিত। কিয়নো, এনে বিজ্ঞাপনৰ সঁহাৰি দি ঘৰৰ পৰা কাম কৰা বা অজ্ঞাতভাৱে সন্ত্ৰাসবাদী সংগঠন এটাৰ সৈতে জড়িত হোৱাটো আচৰিত নহ’ব।

ভাৰত চৰকাৰৰ ‘সকলোৰে বাবে আবাস গৃহ’ আঁচনি; বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৬০,৭০৬ টা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহৰ অনুমোদন

বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনা (পি এম এ ৱাই জি) আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে মুঠ ৬০,৭০৬ টা আবাস গৃহ অনুমোদন দিছিল আৰু ইয়াৰ ভিতৰত ৫৬,৬১২ টা আৱাসগৃহৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। এই তথ্য সদৰি কৰিছে বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অনুপম ডেকাই ৷

বুধবাৰে বঙাইগাঁও জিলা পৰিষদ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকীয়ে বঙাইগাঁও জিলাৰ পাঁচটাকৈ উন্নয়ন খণ্ডক সামৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বঙাইগাঁও জিলাত ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনা আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত কয় যে প্রধান মন্ত্রী গ্ৰামীণ আবাস যোজনা (পি এম এ বাই জি) ,”সকলোৰে বাবে আবাস গৃহ” ভাৰত চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখনৰ অধীনত গ্রামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণক আৱাস গৃহ প্ৰদানৰ কাম বঙাইগাঁও জিলাৰ গ্রামাঞ্চলতো চলি আছে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ‘সকলোৰে বাবে আৱাস গৃহ’ সুনিশ্চিত কৰাৰ লক্ষ্য পূৰণৰ পথত দৃঢ়তাৰে আগবাঢ়িছে। সেই অনুসৰি বঙাইগাঁও জিলাৰ গ্রামাঞ্চলৰ উপযুক্ত আৱাস গৃহ নথকা দুখীয়া পৰিয়ালৰ বাবে এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে বঙাইগাঁও জিলাৰ বাবে বিগত ২০১৬-১৭ বিত্তীয় বর্ষত ৩,২৭৫ টা, ২০১৭-১৮ বিত্তীয় বর্ষত ৪৫৪ টা, ২০১৯-২০ বিত্তীয় বর্ষত ২,৮১৫ টা, ২০২০-২১ বিত্তীয় বর্ষত ৮,৩৮৩ টা, ২০২১-২২ বিত্তীয় বর্ষত ৪৫,০৭২ টা আৰু ২০২৩-২৪ বিত্তীয় বর্ষত ৭০৭ টাকে ধৰি মুঠ ৬০,৭০৬ টা আৱাস গৃহ অনুমোদন দিছিল ৷

ইয়াৰ ভিতৰত ৫৬,৬১২ টা আৱাস গৃহৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে ৷ আঁচনিখনৰ অগ্ৰগতিৰ হাৰ হৈছে ৯৩.৩ শতাংশ ৷ সংবাদমেলত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অনুপম ডেকাই উল্লেখ কৰা মতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত অৰ্থাৎ বিগত ৩০ মাহত বঙাইগাঁও জিলাত ৫ টা উন্নয়ন খণ্ডৰ অধীনত দুখীয়া পৰিয়ালক এটি আবাস গৃহ নির্মাণ কৰি দিয়াৰ লক্ষ্যৰে এই আঁচনিৰ অধীনত মুঠ ৫৪,৩৯৪ টা গৃহ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছিল। এতিয়ালৈ ইয়াৰ ভিতৰত ৫০,৩০০ টা গৃহ নিৰ্মাণৰ কাম সম্পূর্ণ হৈছে আৰু ৪,০৯৪ টা আবাস গৃহৰ নিৰ্মাণৰ কাম চলি আছে।

সংবাদ মেলত জিলা পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী বিষয়া কিশোৰ কলিতা, প্ৰধান মন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ সহকাৰী জিলা প্ৰকল্প পৰিচালক ছাইফল ইছলাম আৰু সহকাৰী পৰিসংখ্যা বিষয়া পিনাকপানী নাথ আদি উপস্থিত থাকে ৷

অৰণ্যমানৱ-পদ্মশ্ৰী যাদৱ পায়েং আৰু বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মৰঙিত হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ সন্ধান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ

বৃহত্তৰ মৰঙিৰ লগতে গোলাঘাট জিলাত ক্ৰমশঃ ভয়ংকৰ হৈ উঠা হাতী-মানুহৰ সংঘাতৰ এক সমাধান-সূত্ৰৰ সন্ধানত বুধবাৰে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এখন বৃহৎ জনসভাৰ আয়োজন কৰে৷ সৰুপথাৰ সমষ্টিৰ পৰা নতুনকৈ খুমটাই সমষ্টিত চামিল হোৱাৰ পাছত মৰঙিত অনুষ্ঠিত উক্ত সভাত অংশ লয় অৰণ্যমানৱ পদ্মশ্ৰী যাদৱ পায়েং, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, গোলাঘাট জিলাৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া, গোলাঘাট জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস আৰু অতিৰিক্ত উপায়ুক্ত অমিত প্ৰভা দাসে৷

সভাত উপস্থিত থকা কেবা সহস্ৰাধিক লোকক সম্বোধি দিয়া বক্তব্যত বিধায়ক শইকীয়াই কয় যে হাতী আৰু মানুহৰ সহাৱস্থান সময়ৰ দাবী৷ অসমত জ্বলন্ত সমস্যা হৈ পৰা হাতী-মানুহৰ সংঘাতৰ বাবে প্ৰকৃততে মানুহেই বেছি দায়ী৷ মানুহৰ অত্যাচাৰৰ বাবেই মূলতঃ বনৰীয়া হাতীৰ শান্ত স্বভাৱলৈও পৰিৱৰ্তন আহিছে৷ আমি পাহৰি গ’লে নহ’ব যে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থতে হাতীক জীয়াই ৰখাৰ গত্যন্তৰ নাই৷ হাতী আৰু মানুহৰ সহাৱস্থানৰ জড়িয়তে কৃষকেও কিদৰে নিজা কৃষিকৰ্ম অব্যাহত ৰাখিব পাৰি, তাৰ এক বৈজ্ঞানিক সমাধানসূত্ৰৰ সন্ধান উলিওৱাৰ বিকল্প নাই৷ ডিএফঅ’ ঠাকুৰীয়াই নিজা বক্তব্যত কয় যে গোলাঘাট জিলাৰ অৰণ্যৰ এক বৃহৎ অংশ জনাঞ্চললৈ ৰূপান্তৰিত হোৱাটোৱেই গোলাঘাটত হাতী-মানুহৰ সংঘাত বৃদ্ধিৰ মূল কাৰণ৷ গোলাঘাটৰ টেঙানি আৰু দেওপাহাৰ আছিল বন্য হস্তীৰ খাদ্য আৰু বসবাসৰ স্থান৷ উক্ত অঞ্চল মানুহৰ দখললৈ যোৱাৰ পৰাই হাতী-মানুহৰ সংঘাত ক্ৰমশঃ ভয়ংকৰ হৈ উঠিল৷

অন্যহাতেদি বহুতো উদণ্ড ল’ৰাই জিৰণি লৈ থকা হাতীক অত্যাচাৰ কৰাটো এক চিন্তনীয় বিষয় বুলি কয় ডিএফঅ’ ঠাকুৰীয়াই৷ তেওঁ কয় যে গোলাঘাট জিলাৰ কিছুমান নিৰ্দিষ্ট ঠাইত মুঠ প্ৰায় ছয় কিলোমিটাৰ হেঙিং ছ’লাৰ ফেঞ্চিং দিলেও ৰাইজে সাময়িক সকাহ লাভ কৰিব৷ কিন্তু সমান্তৰালভাবে সেউজভূমি বৃদ্ধি আৰু হাতীৰ বাবে পানী আৰু হাতীৰ খাদ্য হ’ব পৰা ঘাঁহ আৰু ফলমূলৰ গছ-গছনিও বৃদ্ধি কৰি যাব লাগিব৷

অৰণ্যমানৱ যাদৱ পায়েঙে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিবোৰত হাতীৰ খাদ্যৰ উপযোগী গছ-গছনি ৰোপন কৰিও হাতী-মানুহৰ সংঘাত ৰোধ কৰিব পৰা যাব৷ পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ আৰু অনিষ্টকাৰী মানুহ বুলি কৈ পায়েঙে কয় যে মানুহেই পৃথিৱীৰ অস্থিৰতাৰ মূল৷ মানুহৰ বাবেই পৰিৱেশৰ ভাৰসাম্য হেৰাব ধৰিছে৷ তেওঁ আৰু কয় যে প্ৰতি বছৰে অন্ততঃ এসপ্তাহ সময়কৈ লক্‌ডাউন দিয়াটো আইন কৰি ল’লেও পৰিৱেশৰ ভাৰসাম্য বহু পৰিমাণে ৰক্ষা পৰিব৷ পৰিৱেশৰ ভাৰসাম্যৰ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ২০৫০ চনৰ ভিতৰত পানীৰ অভাৱে ভয়ংকৰ ৰূপ ল’ব৷ পৃথিৱীৰ ৮০০ কোটি মানুহে নিজে উশাহ ল’বলৈকে এজোপাকৈ গছ ৰোপন কৰিলেও পৃথিৱী সলনি হৈ পৰিব বুলি কয় পায়েঙে৷ তেওঁ লগতে কয় যে অৰণ্যৰ সকলো জন্তুৱেই গছ ৰোব জানে, মহাবাহু ব্ৰহ্মপুত্ৰ-নদ-নদী-বতাহে গছ ৰোব জানে, কিন্তু নিজকে জীৱশ্ৰেষ্ঠ বুলি কোৱা মানুহে কেৱল গছ কাটিবহে জানে বুলি আক্ষেপ কৰে অৰণ্যমানৱ পায়েঙে৷

মানুহে জীয়াই থাকিবলৈ হ’লে পৃথিৱীৰ সকলো জীৱজন্তুকে নিজৰ সন্তান জ্ঞান কৰি সিঁহতৰ বাবেও চিন্তা কৰিলেই সকলো সমস্যাৰ অন্ত পৰিব বুলি তেওঁ কয়৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে ৰাইজ আৰু চৰকাৰ যুটীয়া প্ৰচেষ্টাইহে হাতী-মানুহৰ সংঘাতৰ এক সমাধানসূত্ৰ উলিয়াব৷ অসমত অপৰাধ কমি যোৱাৰ তথ্য দি চৰকাৰে প্ৰেছ মীট পাতিছে যদিও এই কথা কেতিয়াও কোৱা নাই যে প্ৰতি বছৰে ৭০-ৰো অধিক হাতী মানুহৰ হাতত আৰু ৮০-ৰো অধিক মানুহে হাতীৰ হাতত প্ৰাণ হেৰুৱাইছে৷ পূৰ্বৰ চৰকাৰে বনাঞ্চলসমুহ ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও কয় বিধায়ক হাজৰিকাই৷ মানুহ বাঢ়িছে কিন্তু মানুহৰ পৃথিৱীৰ ভাৰসাম্যৰ ক্ষেত্ৰত অতীব প্ৰয়োজনীয় হাতীৰ সংখ্যা দিনে দিনে কমি আহিছে৷ অসমৰ সকলো ঠাইতে হাতীৰ খাদ্য হ’ব পৰা গছ-লতা-তৰু-তৃণ ৰোপন কৰিলেই হাতী-মানুহৰ সংঘাত ওৰ পৰিব বুলি তেওঁ কয়৷ ইয়াত চৰকাৰৰো কৰণীয় আছে৷

বিধায়ক হাজৰিকাই কয় যে মানুহে ব্যক্তিগতভাবে বৈদ্যুতিক ফেঞ্চিঙৰ ব্যৱস্থা নকৰি বন বিভাগে জৰীপৰ যোগেদি চিহ্নিত কৰা ঠাইত বৈদ্যুতিক ফেঞ্চিং দিয়াত ৰাইজে সহযোগিতা কৰা উচিত৷ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ প্ৰথম পদক্ষেপ মানুহৰ সচেতনতা বৃদ্ধি বুলি কয় বিধায়কজনে৷ তেওঁ লগতে কয় যে মাটিৰ মানৱ বিধায়ক মৃণাল শইকীয়াই হাতী-মানুহৰ সংঘাতৰ এই সমাধানসূত্ৰৰ সন্ধানত নামি পৰিছে যেতিয়া ৰাইজে তাৰ ইতিবাচক ফল পাব৷ মৰঙিক খুমটাই সমষ্টিৰে চামিলকৰণৰ পাছত মৰঙি মৌজাত অনুষ্ঠিত প্ৰথমখন বৃহৎ ৰাজহুৱা সভাৰ শেষত বিধায়ক মৃণাল শইকীয়াই মৰঙিৰ ৰাইজৰ বাবে আটাইতকৈ জ্বলন্ত সমস্যা হৈ পৰা হাতী-মানুহৰ সংঘাতৰ এক সমাধানৰ উলিওৱাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা আশা কৰিছে৷

পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

৩০ সংখ্যক পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “মধুবন” মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সাহিত্য একাডেমি বঁটা প্ৰাপক উৰ্খাও গৌৰা ব্ৰহ্মই।

সাংবাদিক আমিনুল হক আৰু যোগান বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক নিতুল শৰ্মাৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ “মধুবন” খন আনুষ্ঠানিকভাৱে উন্মোচন কৰি মন্ত্ৰী ব্ৰহ্মই এক সাৰুৱা ভাষণ ৰাখে।

এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি কুশল ডেকাৰ সভাপতিত্বত ৰাসস্থলীৰ মঞ্চত অনুষ্ঠিত উন্মোচনী সভাত ভৱানীপুৰ অঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মা আৰু বজালীৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে।

সভাত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি গৌতম গোস্বামী, উদযাপন সমিতিৰ সম্পাদক ৰাজীৱ শৰ্মায়ো বক্তব্য ৰাখে। সভাত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিকুল হক, বি টি এ ডিৰ শালবাৰী সমষ্টিৰ টি টি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, দক্ষিণ বিজনী কলেজৰ সহযোগী অধ্যাপক সত্যজিৎ বড়ো, সাংবাদিক ৰাজীৱ তালুকদাৰ, বি জে পিৰ অসম প্ৰদেশ যুৱ মৰ্চাৰ কোষাধ্যক্ষ বিদ্যুৎ বিকাশ বৈশ্য আদিয়ে উপস্থিত থাকি মঞ্চ শুৱনি কৰা তথা যথেষ্ঠ লোক উপস্থিত থকা সভাখনত স্মৃতিগ্ৰন্থৰ সম্পাদক আমিনুল হকে সভাৰ উদ্দেশ্য বাখ্যা তথা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু সম্পাদনা সমিতিৰ হকে দুআষাৰ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সদস্য দ্বীপেন দাসে শলাগৰ শৰাই আগবঢ়ায়।

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণঃ ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস

দিনটো আছিল ১৯৯২ চনৰ ৬ ডিচেম্বৰ । ৩১ বছৰ পূৰ্বে এই দিনটোতে অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। বাবৰি মছজিদ ধ্বংসৰ পিছতে দেশত জ্বলি উঠিছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই। নিদহত হৈছিল বহু লোক। বাবৰি মছজিদৰ বিতৰ্ক ১৯৯০ ৰ দশকতে আৰম্ভ হোৱা নাছিল। এই বিবাদ তাৰো বহু আগতে আৰম্ভ হৈছিল। চিপাহী বিদ্ৰোহৰ চাৰি বছৰ পূৰ্বে বাবৰি মছজিদক লৈ হোৱা প্ৰথম বিবাদ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। বাবৰি মছজিদ ধ্বংস হোৱাৰ ৩১ সংখ্যক বৰ্ষত এই বিবাদৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো আহক-

১. উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰথম মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত ১৫২৭ খ্ৰীষ্টাব্দত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি বহুতে দাবী কৰে। মছজিদটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। যদিও হিন্দুসকলে দাবী কৰি আহিছে যে এয়া ৰাম জন্মভূমি আছিল আৰু ইয়াত ভগৱান ৰামৰ এটা মন্দিৰ আছিল।

২) ১৮৫৩ চনত চিপাহী বিদ্ৰোহৰ চাৰি বছৰ পূৰ্বে এই মছজিদকলৈ প্ৰথম ধৰ্মীয় বিবাদ আৰম্ভ হৈছিল।

৩) ছবছৰৰ পিছত ধৰ্মীয় বিবাদ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে ব্ৰিটিছ চৰকাৰে বিতৰ্কিত মছজিদটো ঘেৰি পেলাইছিল। সেই সময়তে মুছলিম সম্প্ৰদায়ক ভিতৰৰ অংশত আৰু হিন্দু সম্প্ৰদায়ক বাহিৰৰ অংশত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল। প্ৰায় নব্বৈ বছৰ ধৰি সকলো কথা তেনেদৰেই চলি আছিল।

৪. স্বাধীনতাৰ তিনি বছৰ পিছত ১৯৪৯ চনত সেই মছজিদৰ ভিতৰত ৰামৰ এটা মূৰ্তি পোৱা গৈছিল বুলি বহুতে দাবী কৰে। তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ঘটনাটোৱে সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা কৰিছিল। দুয়োটা সম্প্ৰদায়ে বিষয়টোক লৈ আইনী প্ৰক্ৰিয়াৰ মাজেৰে গৈছিল। কেন্দ্ৰীয় চৰকাৰে স্মাৰকটো চিৰদিনৰ বাবে বন্ধ কৰি দিছিল। ইয়াক এক বিতৰ্কিত স্থান বুলি লেবেল লগাই দিয়া হৈছিল।

৫. ১৯৮৪ চনত বাবৰি মছজিদৰ ইতিহাসত এক নতুন অধ্যায় যোগ হয়। সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত ৰাম মন্দিৰ সমিতি গঠন কৰা হৈছিল। এই সমিতিয়ে ভগৱান ৰামৰ জন্মস্থানক মুক্ত কৰাৰ আহ্বান জনাইছিল। বিজেপি নেতা এল কে আদৱানীয়ে এই আন্দোলনক অধিক গতি দিছিল।

৬. ঠিক দুবছৰৰ পিছত জিলা আদালতৰ ন্যায়াধীশে হিন্দুসকলৰ উপাসনাৰ বাবে বিতৰ্কিত স্থানৰ দুৱাৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশৰ এঘণ্টাৰ ভিতৰতে গেট খোলা হ’ল। ঘটনাটোত ক্ষুব্ধ হৈ মুছলমান সম্প্ৰদায়ৰ সদস্যসকলে বাবৰি মছজিদ কাৰ্য সমিতি গঠন কৰে।

৭.তিনি বছৰৰ পিছত ১৯৮৯ চনত বিশ্ব হিন্দু পৰিষদে এটা অভিযান আৰম্ভ কৰে। ৰাম মন্দিৰৰ আধাৰশিলা বিতৰ্কিত গাঁথনিৰ কাষৰ ভূমিত স্থাপন কৰা হয়।

৮. পৰৱৰ্তী বছৰত বিশ্ব হিন্দু পৰিষদৰ সদস্য আৰু সমৰ্থকসকলে বিতৰ্কিত গাঁথনিৰ ওপৰত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ যোৱাৰ সময়ত গম্বুজটো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে কৰ সেৱকসকলৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ দিয়ে।

৯.এবছৰৰ পিছত উত্তৰ প্ৰদেশত বিজেপি ক্ষমতালৈ আহে। কেন্দ্ৰত তেতিয়া আছিল কংগ্ৰেছ।

১০) ডিচেম্বৰ ৬, ১৯৯২। ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। ভিএইচপি, বিজেপি আৰু শিৱসেনাৰ সমৰ্থকসকলে বাবৰি মছজিদৰ বিতৰ্কিত গাঁথনি ধ্বংস কৰে। ফলত ৰক্তক্ষয়ী সংঘৰ্ষ আৰম্ভ হয়। সংঘৰ্ষত ২,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।

১১. ১৯৯৮ চনত কেন্দ্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ আহে। অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিল।

১২.চাৰি বছৰৰ পিছত বাজপেয়ীয়ে তেওঁৰ কাৰ্যালয়ত এটা অযোধ্যা কোষ স্থাপন কৰে।

১৩. ভিএইচপিয়ে একে বছৰৰ মাৰ্চৰ ভিতৰত মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰাৰ ওচৰত সবৰমতী এক্সপ্ৰেছত জুই লগাত ৫৮ জন কাৰ সেৱক নিহত হয়। তিনি দিনৰ ভিতৰতে গোধৰাক লৈ দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। সংঘৰ্ষত বহু লোকৰ মৃত্যু হৈছিল।

১৪. এলাহাবাদ উচ্চ ন্যায়ালয়ে বিতৰ্কিত গাঁথনিটো সন্দৰ্ভত এটা গোচৰৰ শুনানি আৰম্ভ কৰিছিল।

১৫. পৰৱৰ্তী বছৰৰ জানুৱাৰী মাহত আদালতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক বিতৰ্কিত গাঁথনিটোৰ ভিতৰত ৰাম মন্দিৰৰ অস্তিত্ব আছে নে নাই জানিবলৈ এটা জৰীপ চলোৱাৰ নিৰ্দেশ দিছিল।

১৬. ২০০৩ চনৰ আগষ্ট মাহত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জনাইছিল যে মছজিদৰ তলত এটা ৰাম মন্দিৰ আছে। প্ৰতিবেদনখনক মুছলিম আইন পৰিষদে প্ৰত্যাহ্বান জনাইছিল।

১৭. দুবছৰৰ পিছত কেইবাজনো ইছলামিক সন্ত্ৰাসবাদীয়ে নিৰ্মাণাধীন ৰাম মন্দিৰৰ স্থানত জীপ ভৰ্তি বিস্ফোৰক সামগ্ৰীৰে আক্ৰমণ চলাইছিল। সেনাই সকলো সন্ত্ৰাসবাদীকে হত্যা কৰিছিল।

১৮) ছেপ্টেম্বৰ ২০১০। অযোধ্যাৰ ইতিহাসত আন এটা অধ্যায় যোগ হৈছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰিছিল। আদালতে আদেশ দিছিল যে বিতৰ্কিত গাঁথনিটো তিনিটা ভাগত বিভক্ত কৰা হ’ব। এটা অংশ উত্তৰ প্ৰদেশৰ চুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ডক আৰু বাকী দুটা নিৰ্মোহী আখাৰা আৰু ৰাম লাল্লা সমিতিক দিয়া হ’ব। ফলত গাঁথনিটোৰ কৰ্তৃত্ব হিন্দুসকলৰ ওচৰলৈ যায়। মুছলমানসকলক প্ৰতিনিধিত্ব কৰা এজন অধিবক্তাই এই ৰায়ক প্ৰত্যাহ্বান জনাইছিল। সেই বছৰৰ ডিচেম্বৰত অখিল ভাৰতীয় হিন্দু মহাসভা আৰু চুন্নী ৱাকফ বোৰ্ডে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ গৈছিল।
১৯. পৰৱৰ্তী বছৰৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰত্যাখ্যান কৰে।

২০. এক দীঘলীয়া পৰিক্ৰমাৰ পিছত, উচ্চতম ন্যায়ালয়ে ৯ নৱেম্বৰ ২০১৯ত চূড়ান্ত ৰায় দিয়ে। ৰায়ত কোৱা হয় যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ২.৭৭ একৰ বিতৰ্কিত ভূমি দিয়া হ’ব। উত্তৰ প্ৰদেশ চুন্নী ৱাকফ বোৰ্ডে এটা মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ ভূমি লাভ কৰিব। ফলত সেই স্থানত এতিয়া ৰাম মন্দিৰ নিৰ্মাণ হৈ উঠিছে। সেই মন্দিৰ অহা বছৰৰ ২২ জানুৱাৰীত মুকলি কৰা হ’ব।

মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ

মনত পৰিছে এটি আপুৰুগীয়া নান্দনিকতালৈ, ধৰাধামত ডিচেম্বৰ মাহে প্ৰবেশ কৰাৰ লগে লগেই ইজনে সিজনক আপোন জনক অতিকৈ প্ৰিয় জনক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাবলৈ স্থানীয় দোকানত শাৰী পাতে লানি লানিকৈ ওলমাই ৰখা ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ড কিনিব লৈ……! তাতে হৃদয়ৰ ভাষাৰে সজোৱা অনুভৱবোৰ লিপিবদ্ধ কৰি ডাক যোগে বা অন্য মাধ্যমেৰে প্ৰেৰণ কৰে এজনে আনজনলৈ।

তাত আছিল গভীৰ আবেগ ভৰা অনুভূতিৰ মধুৰ গুঞ্জন। এতিয়া প্ৰযুক্তিৰ উত্তৰণে সমাধি দিলে সেই মিঠা সুবাসবোৰ! ( অৱশ্যে এপাচি শাকত এটা জালুকৰ দৰে অ’ত ত’ত বৰ্তি আছে) ম’বাইলত একছেকেণ্ড বা তাতোধিক অলপ সময় আৰু ওঁঠৰ কঁপনি তুলি দুটি বা এটি বাক্যই কাঢ়ি ললে সেই সোণসেৰীয়া অপেক্ষাৰ অনুৰণিত ক্ষণবোৰ। এতিয়া যে ডাকোৱাল জনলৈ কোনেও বাট চায় নাথাকে আৰু সেই বিশেষ বেগটো চাইকেলত লৈ ডাকোৱাল জনো নাযায় পদূলিয়ে পদূলিয়ে , বন্ধ খামৰ ভিতৰত থকা খমখমিয়া ৰঙীন গ্ৰেটিংছ কাৰ্ড বিলাবলৈ ।

আজি লুপ্ত প্ৰায় সেই ৰং বিৰঙী গ্ৰেটিংছ কাৰ্ডৰ শাৰীবোৰ , ত্ৰেতাৰ সেই খোজবোৰ ! সময়ৰ সোঁতত হেৰাই গ’ল সেই মাদকতাপূৰ্ণ আমেজবোৰ , (এতিয়া খুউব কম পৰিমাণে হয়তো প্ৰচলিত) ডিচেম্বৰ মাহ আহিলেই মনত পৰে সেই মিঠা স্মৃতি বোৰলৈ । বন্ধু বান্ধৱী, আত্মীয় সকললৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাই লিখা সেই নিভাজ মৰমৰ সৰু সৰু আখৰৰ শাৰীবোৰলৈ।

অসমীয়া সমাজত বহাগ মাহটো হে নতুন বছৰৰ প্ৰথম মাহ আৰু নৱবৰ্ষৰ উদযাপনৰ দিন ধাৰ্য্য হ’লেও পৰম্পৰাগত ভাবে প্ৰতি অসমীয়াই ইংৰাজী নৱবৰ্ষৰ উদযাপনৰ ক্ষেত্ৰতো সদায়ে সমানে আগ্ৰহ দেখুৱায় আহিছে। এতিয়া মাথোঁ সময়ৰ সোঁতত প্ৰযুক্তিৰ উত্তৰণে সলনি কৰিছে কিছু পুৰণি সুবাস।

সেই কুসুম বুলীয়া সুবাসবোৰে কেতিয়াবা সঁচাকৈয়ে হৃদয়ত তোলপাৰ নকৰে নে বাৰু ? আজুৰি আনিবলৈ মন নাযায় নে বাৰু ৰঙীন মধুৰ অতীত বোৰ!? য’ত বয়সৰ সীমাবদ্ধতা নাছিল, আছিল মাথোঁ মান্যনুসৰি সন্মান আৰু মৰম সনা এমুঠি মিঠা অভিবাদন অভিনন্দন। পুৰণিক তেজি নতুনক আদৰি লোৱাৰ প্ৰস্তূতিৰ এক শুভ বাৰ্তা।

-দিপ্তী মনি গোস্বামী

অনুভৱী হৃদয়ৰ আলাপ; গ্ৰন্থ উন্মোচনী সভাও ইমান পাগত উঠেনে বাৰু!

২৪ নৱেম্বৰত সাধাৰণতে প্ৰতিজন অসমবাসীয়ে বীৰ লাচিতক হিয়া উজাৰি স্মৰণ কৰে। এনে এক ঐতিহাসিক দিনটোতে নলবাৰীস্থ শংকৰদেৱ একাডেমীত কবি, প্ৰবন্ধকাৰ, শিক্ষক, সৰবৰহী সত্ত্বা নিতুল কুমাৰ দত্তই আত্মপ্ৰকাশ কৰে ঔপন্যাসিক হিচাপে। গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাখনত, সাৰস্বত সমাজৰ উপস্থিতিত দত্তৰ ‘ নাও মেলি ঢৌ খেলি’ উপন্যাসখন পঢ়ুৱৈৰ হাতত আলফুলে পৰে।

২০১২ চনতে উপন্যাসখন লেখা আৰম্ভ কৰা আৰু পুথি আকাৰে আজি প্ৰকাশ পোৱাটোত এক মধুৰ সপোন যেন সাকাৰ হয় দত্তৰ। টেট শিক্ষক হিচাপে মকৰল হোৱা দত্তই সমাজ জীৱনৰ বহুৰূপ দেখা পাইছিল, খিলঞ্জীয়া সকলৰ আৰু অভিবাসী মুছলমান সকলৰ জীৱন যাপন এই গোটেই ঘটনাবিলাকে দত্তৰ মনত ক্ৰিয়া কৰিছিল আৰু কালক্ৰমত ভাবিছিল যে এটা তুলনামূলক অধ্যয়ন কৰিব পাৰি নেকি উপন্যাসৰ জৰিয়তে, ইয়াৰ আলমতে ১৯৭৯ চনৰ পৰা ২০২০ চনলৈকে এক প্ৰামাণিক সময়ৰ ঘটনাবহুল পৰিক্ৰমাৰ কল্পনা-বাস্তৱৰ সমাহাৰ ঘটোৱাই ৰচা উপন্যাসখন পঢ়ুৱৈৰ সমাদৰ লাভ কৰিলে কষ্টৰ উপশম হোৱা যেন বোধ হ’ব নিতুল কুমাৰ দত্তৰ। ইতিমধ্যে সদাশয় পঢ়ুৱৈৰ মাজত সমাদৃত হোৱা, ২০১৮ চনত প্ৰকাশ পোৱা নিতুল কুমাৰ দত্তৰ কবিতা পুথি ‘একেলগে চাওঁ আহা মানুহৰ ৰং’ ৰ পিছত এইখন দ্বিতীয়খন পুথি প্ৰকাশি ওলাল।

নলবাৰী জিলাৰ নিজ পকোৱাত জন্মগ্ৰহণ কৰা দত্তই নব্বৈৰ দশকৰ পৰাই অসমৰ প্ৰায়বোৰ কাকত, আলোচনীৰ পৃষ্ঠা শুৱনি কৰি কবিতা, প্ৰবন্ধৰে সৃষ্টিশীল ৰচনাত নিমগ্ন হৈ থাকি আৰু দুই-এখন পুথি যন্ত্ৰস্থ: হৈ থকা বুলি জানিব পাৰিছোঁ।


যথাসম্ভৱ সকলো দিশ সামৰি গ্ৰন্থ উন্মোচনী সভাখনৰ বিষয়ত দীঘলীয়া আলচ কৰাৰ প্ৰয়াস কৰিছোঁ। বৌদ্ধিক জগতত সাহিত্য চৰ্চাকাৰী সকলৰ ভিতৰত নলবাৰীৰ এখন সুকীয়া আসন আছে। প্ৰজ্ঞানগৰী নলবাৰীৰ চকুত পৰা কবি, সাহিত্যিক, দত্তক অন্তৰেৰে ভালপোৱা এচাম অনুৰাগীৰ মিঠা উপস্থিতিত পোন পহিলাতে সভাৰ কাৰ্যসূচীৰ বিৱৰণী আৰম্ভ কৰে যুৱ সাহিত্যসেৱী, লেখক জয়ন্ত কুমাৰ ডেকাই।

জয়ন্ত কুমাৰ ডেকাই নামসমূহ ঘোষণা কৰি সানুনয়ে মঞ্চৰ আসন অলংকৃত কৰিবলৈ ব্যতিক্ৰমী সভাখনত সঞ্চালক হিচাপে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ অধ্যক্ষ , বিশিষ্ট কবি, কথাশিল্পী ড° বিনয় কুমাৰ মজুমদাৰক, গ্ৰন্থ উন্মোচক হিচাপে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক আনোৱাৰ হুছেইনক, অতিথি হিচাপে মঞ্চত উপবিষ্ট কৰাই সাংবাদিক জিতেন শৰ্মাক , সাংবাদিক কমলেশ শৰ্মাক , অসম টাইমৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক এম. মহিবৰ ৰহমানক, কবি-ঔপন্যাসিক-গদ্যলেখক পংকজ গোবিন্দ মেধিক আৰু স্বনামধন্য কবি শান্তনু শৰ্মাক আহ্বান জনায় ।

নিতুল কুমাৰ দত্ত আৰু শিক্ষয়িত্ৰী পত্নী দীপিকা ভৰালী দত্তৰ একমাত্ৰ মেধাৱী দুহিতা, একাদশ শ্ৰেণীৰ ছাত্ৰী তন্ময়ী তৰা দত্তৰ কন্ঠত এটি সুমধুৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা নিটোল অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘জোনাক’ মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক, কবি, লেখক পুলকেশ ৰায় বৰুৱাই। অকণমান পিছতে সভাৰ মাহেন্দ্ৰক্ষণটো যেন আহি পৰে! হৈ গ’ল উপন্যাসখনৰ মৌমিঠা উন্মোচন। শ্ৰোতা দৰ্শকক ভাষণেৰে মোহাবিষ্ট কৰা উন্মোচক, নিতুল কুমাৰ দত্তৰ শিক্ষাগুৰু আনোৱাৰ হুছেইনে নিজে পঢ়া অসমীয়া বহু উপন্যাসৰ উদাহৰণেৰে সৰস আলোচনা কৰি কয় যে,”গ্ৰন্থ এখনে যেতিয়া পাঠকৰ হৃদয় চুই যায় আৰু গ্ৰন্থখনে বহু ধৰণৰ চিন্তা উদ্ৰেককাৰী বাৰ্তা সমাজলৈ কঢ়িয়াই নিয়ে তেনে গ্ৰন্থই সমাদৰ লাভ কৰে আৰু তেতিয়াহে প্ৰকৃতাৰ্থত গ্ৰন্থখন উন্মোচন হ’ব বুলি ক’ব পৰা যায়, মাটিৰ গোন্ধ থকা কবিতা লিখি অহা দত্তৰ উপন্যাসখনৰ নামটোতো কবিতাৰ বৰ্ণিল সোৱাদ যেন সোমাই আছে” ।

পংকজ গোবিন্দ মেধিয়ে ঔপন্যাসিকক শুভাশা প্ৰদান কৰি ‘সাদিন’ত প্ৰকাশিত এক নতুন আংগিকৰ ‘দৃষ্টি বিভ্ৰম’ শীৰ্ষক গল্প সাৱলীলভাৱে পাঠ কৰে। শুভেচ্ছামূলক ভাষণ আগবঢ়োৱা জিতেন শৰ্মাই তেখেতৰ নিমজ বক্তব্যত কয় যে, “শিক্ষকসকলক, জ্যেষ্ঠসকলক সদায় উচ্চাসন দিব লাগে। কেতিয়াবা বৰ্তমান সময়ক অধ্যয়ন কৰিলে কৰিলে কিছু কবি, সাহিত্যিকক বৌদ্ধিক দৈন্যতাৰ মাজেৰেও যোৱা যেন লাগে। সমাজত কয় এটা আৰু নিজ পৰিয়ালত কিম্বা ব্যক্তিগত জীৱনত শিপাৰ পৰা অকাতৰে বিচ্ছিন্ন হোৱা দেখা যায়। নিতুল কুমাৰ দত্ত কেতিয়াও হোৱা নাই গণবিচ্ছিন্ন , দি আহিছে মানুহক সমন্বয়ৰ সুষম বাৰ্তা। সদা হাস্যময় ব্যক্তি, অভাৱ-অনাটনে জুৰুলা কৰিলেও হাৰ মনাব নোৱৰা সাহসী যোদ্ধা দত্ত শিপাক নাপাহৰা এগৰাকী সংস্কৃতিবান ব্যক্তি হৈ ছে দত্ত। যত দূৰ পাৰি সমাজক হিয়া উজাৰি দিয়াৰ পক্ষত সদায় নিতুল দত্ত আছে। সংকল্প, সাহস আৰু সমৰ্পিত মন — এই তিনিটা মানবিশিষ্ট গুণ আছে বাবেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দত্ত উজ্বলি থাকিব।”


কমলেশ শৰ্মাৰ বক্তৃতাৰ কিয়দাংশ এনে ধৰণৰ –“সাহিত্য সৃষ্টিশীলতাৰ ভিতৰত কবিতাই শ্ৰেষ্ঠ। ইতিমধ্যে দত্তই কাব্য সৃষ্টিৰে ৰচনা কৰিলে শ্ৰেষ্ঠ সাহিত্য। মানুহে বিচৰা, পঢ়ুৱৈয়ে সন্ধান কৰা এখন উপন্যাস হওক নাও মেলি ঢৌ খেলিখনে। সততে উত্থাপিত হোৱা অভিযোগ অসমীয়া মানুহে কিতাপ নপঢ়েত মই বিশ্বাসী নহয়। ভাল কিতাপ মানুহে পঢ়িবয়। উন্মোচন নকৰিলেও, বিজ্ঞাপন নিদিলেও ভাল গ্ৰন্থ পঢ়ুৱৈয়ে বিচাৰি আনি হ’লেও পঢ়িবয়। মাথোঁ চৰ্ত থাকিব কিতাপখন সুখপাঠ্য হ’ব লাগিব। উপন্যাসৰ এক অনামী শিহৰণ আছে, প্ৰতি গৰাকী পঢ়ুৱৈয়ে কোনোবা নহয় কোনোবা চৰিত্ৰত অজানিতে যেন নিজক বিচাৰি পায়।”

শান্তনু শৰ্মাই স্বৰচিত দুটি মহিমামণ্ডিত কবিতা পাঠ কৰি দত্তক সাধুবাদ দিয়ে। এম. মহিবৰ ৰহমানে চুটি বক্তব্য আগবঢ়ায় কয় যে, “সংস্কাৰী ঘৰৰ প্ৰগতিশীল চিন্তাৰ বাৰ্তাবাহক নিতুল কুমাৰ দত্ত। অনন্য জীৱন দৰ্শনেৰে তেওঁৰ দুহিতাকো গঢ়ি তুলিছে উপযুক্ত হিচাপে।”


সমজুৱাৰ পিনৰপৰা সংবেদনশীল লেখক সত্যেন শৰ্মাই কয়,”পঢ়ুৱৈ হিচাপে আমাৰ প্ৰথম পচন্দ উপন্যাস। উল্লেখ্য যে, সত্তৰৰ দশকত উপন্যাস পঢ়াটো বৰ এটা ভাল চকুৰে নাচাইছিল। ক্ৰমশঃ দিন বাগৰি যোৱাৰ লগে লগে সেই ভাবধাৰা সলনি হ’ল। বিষয়বস্তুৱেও মোট সলালে। কোনোবাই উপন্যাসত বুৰঞ্জীক টানিছে, আন কোনোবাই বা চৰাইৰ বিনন্দীয়া পৃথিৱীখনকে টানিছে। আগৰ সময়ত হিতেশ ডেকাৰ উপন্যাস আছিল হাৰ্টথ্ৰব। উপন্যাসৰ আলোচনাৰ নাই কোনো আদি-অন্ত। কালৰ বুকুত অৱগাহন কৰি উপন্যাসৰ নামবোৰো সলনি হ’ল। পাঠকে কি ধৰণে লয় উপন্যাস এখন সেইটোৰ ওপৰত সৱ নিৰ্ভৰ কৰে। আগতে আশী শতাংশ লোকেই বাহিৰা কিতাপ পঢ়িছিল। পঢ়া কিতাপৰ, উপন্যাস আদিৰ ওপৰত লগৰীয়াৰ লগত আলোচনা-বিলোচনা হৈছিল। দত্তৰ এই পুথিখন সুখপাঠ্য হওক।”


আন এগৰাকী সমজুৱাৰ পৰা কোৱা বক্তা, লেখক-অধ্যাপক ড° ৰাজেশ কাকতিয়ে তেখেতৰ মোলায়েম ভাষণত কয় যে –” সাহিত্যত নোবেল বঁটা পোৱা বাৰ্ট্ৰাণ্ড ৰাচেলৰ গ্ৰন্থ ‘In praise of idleness’ শীৰ্ষক পুথিখন ৰসস্বাদন কৰিব লগা অতি লাগতিয়াল পুথি। দত্তই এই পুথি প্ৰকাশেৰে জীৱনৰ অতি উৎকৃষ্টতম কাম এটি কৰিলে। সাংবাদিক আৰু কবি যদি ঔপন্যাসিক হয় তেনেহ’লে সেই উপন্যাসখন দুৰ্দান্ত হয়, এইয়া ইতিহাসপ্ৰসিদ্ধ কথা। কবি আৰু সাংবাদিক বিপ্লৱী হ’লেও তেখেতসকল হয় দুৰ্দান্ত।কবিসকলৰ ‘বেৰোমেটিক ফিলিংচ’ আছে।” জাকতজিলিকা সভাখনত নিতুল কুমাৰ দত্তৰ ককায়েক ৰমেন দত্তয়ো নিজৰ মনোভাৱ নিগৰাই ভায়েকৰ এই কৃতিত্বত সকলোকে কৃতজ্ঞতাৰে শলাগে।

কবি চম্পক তালুকদাৰে নিজৰ আৱেগিক ভাষণত দত্তৰ ঘৰখনৰ জীয়া-মৰ্মস্পৰ্শী কিছু নজনা কথা দোহাৰি এক নীৰৱ-নিতাল পৰিৱেশৰ সৃষ্টি কৰে। শিক্ষক, কবি গণেশ বৰ্মনে শুভাশিসমূলক মন্তব্যৰে দত্তক উদগণি জনায়। শিক্ষয়িত্ৰী ইনালী দত্তই এটি স্বৰচিত কবিতা পাঠেৰে দৰ্শকক আমোদ দিয়া সভাখনত শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক দীপাংকৰ দত্তই। সঞ্চালক ড° বিনয় কুমাৰ মজুমদাৰে বুদ্ধিদীপ্ততাৰে যিমানবোৰ তথ্যকেন্দ্ৰিক চিত্তাকৰ্ষক মন্তব্য ভাষণৰ পিছে পিছে দাঙি ধৰিছিল সভাখনত; সঁচাকৈয়ে অতিশয় মনোগ্ৰাহী হৈ পৰিছিল সেই সোণসেৰীয়া ক্ষণবোৰ। আৰ্নেষ্ট হেমিংৱেৰ উপন্যাস ‘বুঢ়া আৰু সাগৰ ‘ গ্ৰন্থখনে মাত্ৰ ৩৯ পৃষ্ঠাৰ কিতাপখনৰ বাবে নোবেল বঁটা লাভ কৰা, মাতৃভাষাৰে অধ্যয়ন কৰি তথা লেখা-মেলা কৰি ইহুদী সকলে যে সৰ্বাধিক নোবেল বঁটা পাই আহিছে তাৰ পাৰিসাংখ্যিক তথ্য প্ৰকাশ কৰি অনেক মেটমৰা কথাৰ সম্ভেদ দি সভাখন চলাই নি এক পাগত তুলিছিল শ্ৰদ্ধাৰ মজুমদাৰদেৱে।

লেখক-সাংবাদিক শংকৰ শৰ্মা, চিত্ৰশিল্পী দিগন্ত বৰ্মন, কবি কমল কুমাৰ শৰ্মা, নামজ্বলা লেখক-গল্পকাৰ-ঔপন্যাসিক কমল শৰ্মা, কবি-চিত্ৰশিল্পী অনুপ দত্ত, জেপ আলোচনী ‘গজালি’ পৰিয়ালৰ কেইবাজনো কৰ্মকৰ্তা, শিক্ষক-সাহিত্যকৰ্মী মানস কুমাৰ শৰ্মা, প্ৰকৃতিবিদ ভূপেন কুমাৰ দাসসহ অনেক গুণমুগ্ধই ভিৰ কৰা এই উন্মোচনী অনুষ্ঠানটো নান্দনিক সৌন্দৰ্যৰ আকৰ হোৱা বুলি ক’ব পৰা যায়,২২০ টকা মূল্যৰ ২৪০ পৃষ্ঠাৰ পুথিখন প্ৰকাশ কৰি উলিয়ায় পাণবজাৰৰ ‘আদি আৰু জেএছ’ প্ৰকাশনে।

ইতিবাচক কথা এটা থাউকতে উনুকিয়াই থওঁ যে সভাস্থলীতে নগদ ধন দি এই লেখকে পাঁচখন গ্ৰন্থ ক্ৰয় কৰাৰ পিছতে অনেকজনে উপন্যাসখন কিনাৰ বাবে অগ্ৰসৰ হয়। সভাৰ অন্তত সকলোৱে হাঁহিমুখে বিদায় লৈছিল যদিও অন্তৰৰ নিভৃত কোণত কঢ়িয়াই লৈ গৈছিল কবি, ঔপন্যাসিক নিতুল কুমাৰ দত্তৰ এই সুগভীৰ অনুষ্ঠানভাগিৰ এক সন্তষ্টিভৰা ‘কোৱালিটি টাইম’। জয়তু উপন্যাস ‘নাও মেলি ঢৌ খেলি’!!

-পুলকেশ ৰায় বৰুৱা

ৰেপিড’ চালিকা জেউতি বাইদেউৰ জীৱন সংগ্ৰামৰ কাহিনী…

প্ৰথমে ফটোখনত থকা বাইদেউ গৰাকীক চিনাকি কৰাই দিব বিচাৰো তেওঁৰ নাম জেউতি । এতিয়া মূল কথালৈ আহো কেইদিনমান আগৰ কথা ম‌ই ৰাতিপুৱা এঠাইত যাবৰ বাবে “Rapido book কৰিলো” তেতিয়া বাইদেউ গৰাকী আহিল সময়মতে । আগে পিছেও বহুত বাৰ এনেকৈ Rapido বাইকত অহা যোৱা কৰিছো যদিও এইবাৰ কথাটো ব্যতিক্ৰম কাৰণ কেতিয়াও মহিলা Rapido চালক পোৱা নাছিলো । প্ৰথমবাৰৰ বাবে মহিলা Rapido চালক ৰূপত বাইদেউ গৰাকীক লগ পালো গুৱাহাটীত । আচৰিত কথাটো সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে Rapido চলাইছে লগতে ম‌ই তেওঁৰ প্ৰথম যাত্ৰী । তেওঁ ক’লে ভণ্টি বেয়া নাপাবা ৰাস্তাটো ইমান নাজানো তেতিয়া ম‌ই ক’লো আপুনি চিন্তা কৰিব নালাগে ম‌ই চিনি পাওঁ আপুনি মাত্ৰ লৈ বল’ক ।

তেওঁক সুধিলো আপোনজনৰ Gpay বা Phone Pay আছেনে তেতিয়া তেওঁ ক’লে এইবোৰ একো‌ নাই , সেই মূহুৰ্তত ম‌ই কলো আপুনি এইবোৰ ফোনত কৰি ল’ব বহুত যাত্ৰী পাব মোৰ পিছত প‌‌ইচা নগদ নিদিয়ে অনলাইন কৰি দিয়ে । তেওঁক সুধিলো Rapido কেনেকৈ চলাম বুলি ভাবিলে তেওঁ ক’লে মোৰ স্বামী দূৰত চাকৰি কৰে দিনটো ঘৰত থাকিব লগা হয় সেইবাবে ভাবিলো নিজৰ ঘৰখনৰ অলপ সহায়ো হ’ব লগতে মনটো বেয়া হৈ নাথাকিব । তেওঁৰ প্ৰতি দুগুণ সন্মান বাঢ়ি গ’ল এগৰাকী মহিলা হিচাপে তেওঁ আনকাৰো কথা ভবা নাই কোনোবাই কি ক’ব মাত্ৰ নিজৰ ঘৰখনৰ উপাৰ্জনৰ বাবে আগবাঢ়ি আহিছে ।

ম‌ই নিজে এগৰাকী ছোৱালী হিচাপে তেওঁক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছো কিয়নো এই সমাজখনত এগৰাকী মহিলা আন‌ এগৰাকীক মহিলাক যেতিয়ালৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব সাহস হ’ব তেতিয়াই আৰম্ভ হ’ব পৰিৱৰ্তন । পৰা লৈকে কাকো নিৰাশ নকৰিব সাহস যোগাব , উৎসাহিত কৰিব চাবচোন তেতিয়া মহিলাসকল আগবাঢ়ি আহিবলৈ কুণ্ঠবোধ নকৰিব । নাৰীয়ে নাৰীৰ আটাইতকৈ ভাঙৰ সাহস । আপোনাৰ মা , বাইদেউ , ভণ্টি লগতে আপোনাৰ এগৰাকী ভাল বান্ধৱী কথাকে উদাহৰণ স্বৰূপে ল’ব পাৰে ।
জেউতী বাইদেউ অনুমতি লৈ ফটোখন তুলিছিলো লগতে তেওঁক কৈছিলো আপোনাৰ কথা ম‌ই ফেচবুকত লিখিম তেতিয়া তেওঁ কৈছিল হ’ব ভণ্টি । আমাৰ এইখন সমাজত আন বহুগৰাকী জেউতী বাইদেউ আছে মাত্ৰ আপুনি সহাঁৰি জনাওঁক সাহস দিওঁক ,ধন্যবাদ ।

জেবিন চুলতানা