Home Blog Page 1309

Assam was honoured with the prestigious award for the Best Performing State under the National Mental Health Programme among the North-Eastern States Category

Assam was honoured with the prestigious award for the Best Performing State under the National Mental Health Programme among the North-Eastern States Category.

Dr M S Lakshmi Priya, IAS Mission Director, National Health Mission Assam accompanied by State Officials received the award at the National Mental Health Conclave at DRDO Auditorium New Delhi today. The event was organised by the Ministry of Health & Family Welfare, Govt of India.

Dr. Himanta Biswa Sarma, Hon’ble Chief Minister, Assam has conveyed his best wishes to the Health & Family Welfare Department on achieving the award. This award recognizes the untiring effort put in by the Health Department to improve the mental health scenario of the State.

ঠেলামৰাৰ নাহৰবাৰীত ভুৱা জন্মৰ প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হাহাকাৰ…

ঠেলামৰাৰ নাহৰবাৰীত ভুৱা জন্মৰ প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হাহাঁকাৰ৷।
।।হাতে হাতে ভুৱা জন্মৰ প্ৰমাণপত্ৰ লৈ উচিত ন্যায় বিছাৰি ঠেলামৰা আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ।।

শোণিতপুৰ জিলাৰ ঠেলামৰাৰ নাহৰবাৰীত ভুৱা জন্মৰ প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হাহাঁকাৰ ৷ হাতে হাতে ভুৱা জন্মৰ প্ৰমাণপত্ৰ লৈ একাংশ পুৰুষ-মহিলাই উচিত ন্যায় বিছাৰি ঠেলামৰা আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। অভিযোগ অনুসৰি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী, গড়মৰা, কেহেৰুখণ্ডা গাওঁ পঞ্চায়তৰ অধীনৰ কেইবাখনো গাৱঁৰ লোকে নিজৰ লৰা ছোৱালীৰ জন্মৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিছিল ঠেলামৰাৰ নাহৰবাৰী নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত৷ আশা কৰ্মী সৰলা কোচে যোগান ধৰিছিল এই সমূহ জন্মৰ প্ৰমাণপত্ৰ৷ সেই সময়ত চিকিৎসা কেন্দ্ৰটোত চিকিৎসক হিচাপে নিয়োজিত আছিল ডা. প্ৰাঞ্জল বৰা৷ এই গৰাকী চিকিৎসকে ধনৰ বিনিময়ত ভুৱা জন্ম প্ৰমাণপত্ৰ যোগান ধৰা বুলি স্হানীয় লোক সকলে অভিযোগ উথাপন কৰি কয় যে, ডা. প্ৰাঞ্জল বৰাই দীৰ্ঘদিনৰ পৰাই অঞ্চলটোৰ আশা কৰ্মী সৰলা কোচৰ সহযোগত স্বাস্থ্যকেন্দ্ৰটোত জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ নামত চলাই আহিছিল লুণ্ঠনৰাজ।

ভুৱা প্ৰমাণপত্ৰ দি ৰাইজক ঠগি আহিছিল এইগৰকী চিকিৎসক প্ৰাঞ্জল বৰাই৷ এইখন জন্মৰ প্ৰমাণপত্ৰ লৈ নিজৰ ল’ৰা ছোৱালীৰ বিভিন্ন কামকাজ কৰিবলৈ যাওঁতেই ওলাই পৰিল জোলোঙাৰ মেকুৰী। চিকিৎসাকেন্দ্ৰটোৱে যোগান ধৰা জন্মৰ প্ৰমাণপত্ৰ সমূহ ভুৱা বুলি প্ৰমাণিত হোৱাত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহিছে৷ আনকি প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰৰ নাম ঠিকনা তথা ক্ৰমিক নম্বৰ পঞ্জীয়ন নাই স্বাস্থ্যকেন্দ্ৰটোত৷ অভিযোগ অনুসৰি এই জন্মৰ প্ৰমাণপত্ৰৰ বাবে লোক সকলৰ ঘৰলৈ গৈ কাগজপত্ৰ আৰু প্ৰতিখন জন্ম প্ৰমানপত্ৰৰ নামত দুই তিনিহাজাৰ কৈ টকা সংগ্ৰহ কৰিছিল আশা কৰ্মী সৰলা কোচে৷ সহজ সৰলতাৰ সুযোগ লৈ ধনৰ বিনিময়ত প্ৰায় দুই সহস্ৰাধিক লোকক এনে ভুৱা প্ৰমাণপত্ৰ অঞ্চলটোত যোগান ধৰা বুলি অভিযোগ কৰে স্হানীয় লোক সকলে।

বৰ্তমান বিহগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ বদলি হৈ যোৱা চিকিৎসক ডা. প্ৰাঞ্জল বৰাই বিহগুৰিটো ইতিমধ্যে এই ভুৱা জন্মৰ প্ৰমাণপত্ৰৰ ব্যৱসায়টো আৰাম্ভ কৰিছে বুলি অযিযোগ কৰে লোক সকলে। এই ঘটনাক কেন্দ্ৰ কৰি ভুক্তভোগী লোক সকলে উচিত ন্যায় বিচাৰি ঠেলামৰা আৰক্ষী থানাত ডা. প্ৰাঞ্জল বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি অতি শীঘ্ৰে এই গৰাকী চিকিৎসক আৰু আশা কৰ্মী সৰলা কোচক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগত সংঘটিত হোৱা এনে কৰ্মকাণ্ডই চৰকাৰৰ শূন্য সহনশীলতাক যে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে ই নিশ্চিত। ৰাইজৰ অভিযোগৰ ভিত্তিত এই গৰাকী চিকিৎসক ডা. প্ৰাঞ্জল বৰাৰ ওপৰত উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী ৰাইজে।

শৈলৱ কুমাৰ ভট্টাচাৰ্য্য,
9577276260

বোকাখাতত চিদানন্দ শইকীয়াৰ ১০৩ সংখ্যক জন্ম জয়ন্তী উদযাপন ! বিশিষ্ট কবি, নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইনলৈ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা প্ৰদান…


আজি বোকখাত পুৱতি সভা ভৱনত বোকাখাত পুৱতি সাহিত্য সভাৰ উদ্যোগত জনসুহৃদ, আধুনিক বোকখাতৰ অন্যতম নিৰ্মাতা, বোকখাত পুৱতি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত চিদানন্দ শইকীয়াৰ ১০৩ সংখ্যক জন্ম জয়ন্তী আৰু জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠান আৰম্ভনিতে চিদানন্দ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বোকখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ডে, চিদানন্দ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে চিদানন্দ শইকীয়া ন্যাস পৰিচালনা সমিতিৰ সভাপতি তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে ক্ৰমে বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, বোকাখাত পুৱতি সাহিত্য সভাৰ উপ সভাপতি মিনতি দলে, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, ইমজা বোকখাতৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ লগতে উপস্থিত সকলে।

মূল সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বোধেশ্বৰী বৰাই। বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা সভাৰ সভাপতিত্ব কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে। সভাত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি তথা চিদানন্দ শইকীয়াৰ কনিষ্ঠ ভাতৃ প্ৰয়াত ভৱেশ শইকীয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে আৰু সদ্যপ্ৰয়াত বোকাখাতৰ পুৰণি খতিয়াখলি নিবাসী বিশিষ্টা মহিলা পুতলী হাজৰিকাৰ লগতে চিকিমৰ বানত মৃত্যু বৰণ কৰা লোকসকল আৰু জ্ঞাত অজ্ঞাত বিভিন্ন গৰাকী প্ৰয়াত ব্যক্তিৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকপ্ৰস্তাৱ লোৱা হয়। অনুষ্ঠানত সাম্প্ৰতিক সময়ৰ বিশিষ্ট অসমীয়া কবি, আঁশীৰ দশকত অসমৰ এমেচাৰ নাট জগতক নতুন দিশ প্ৰদান কৰা বোকাখতীয়া শিপাৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা সাহিত্যক পেঞ্চনাৰ ৰফিকুল হোছেইনলৈ ২০২৩ বৰ্ষৰ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা প্ৰদান কৰা হয়। এখনি ফুলাম গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ, নগদ ধন আৰু এখনি সঁফুৰাৰে বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে। বঁটা প্ৰাপক ৰফিকুল হোছেইনে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা বিশিষ্ট কবি উৎপল দলে, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, পুতলী খাউণ্ড, চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, বুবুল দত্ত, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে মনোৰঞ্জন সেন আৰু কল্পনা চেতিয়াই। অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন শইকীয়া আদিয়েও বক্তব্য ৰাখে।

অনুষ্ঠানত বিশিষ্ট বেহেলা বাদক ৰাণী বৰদলৈয়ে বেহেলা বাদন কৰি উপস্থিত সকলক আহ্লাদিত কৰে। উল্লেখ্য যে বিগত সময়ত এই বঁটা বিশিষ্ট সাহিত্যিক শোভন চন্দ্ৰ শইকীয়া, বিশিষ্ট কবি-লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ শৰ্মা, বিশিষ্ট লেখিকা তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° বিভা বৰাক প্ৰদান কৰা হৈছে। বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ হৈ মৃদুষ্মিতা শৰ্মা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ হৈ সভাপতি বুবুল দত্ত, বোকাখাত মহকুমা কবি সন্মিলনৰ হৈ সম্পাদক অজন্তা তালুকদাৰ, ব্যক্তিগতভাৱে বিশিষ্ট কবি-লেখিকাদ্বয় মিনতি দলে আৰু হিম কৰ্মকাৰৰ লগতে বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে বঁটা প্ৰাপক ৰফিকুল হোছেইনক সম্বৰ্ধনা জ্ঞাপন কৰে। ন্যাসৰ হৈ ধন্যবাদ সূচক বক্তব্য প্ৰদান কৰে ন্যাসৰ সভাপতি গোপিকানন্দ শইকীয়াই। অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ বিষয় ববীয়া, সদস্য, প্ৰয়াত চিদানন্দ শইকীয়াৰ পৰিয়ালবৰ্গ, ন্যাসৰ সদস্য, বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ আমন্ত্ৰিত প্ৰতিনিধি সকল, আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলৰ লগতে ছঁপা আৰু বৈদ্যুতিন মাধ্যমৰ বোকখাতৰ একাংশ সাংবাদিক উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়ায় সম্পাদক গীতাঞ্জলি কলিতাই।

মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াত হাজাৰ হাজাৰ লোকৰ নিন্দ্ৰা হৰণ ! বাংৰীচৰত ভয়ংকৰ খহনীয়া…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথো ২ দুই কিলোমিটাৰ নিলগত থকা অতি পুৰণি গাওঁ বাংৰীচৰ আৰু নেৱাজেচপুৰ। যোৱা ৫ দিন ধৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ প্ৰবল সোতত ব্যাপক হাৰত খহনীয়া আৰম্ভ হোৱাত বহু সাধাৰণ মানুহৰ ঘৰ বাৰীৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নদীৰ গৰ্ভত বিলীন হৈ আছে প্ৰতিদিনে। কিন্তু কোনো ধৰণৰ কানসাৰ নাই সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগৰ।

প্ৰতিদিনে খহনীয়াৰ তাণ্ডৱ চলাত অঞ্চলটোৰ গাৱৰ মানুহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেকৈ যদি বক্ষ্মপুত্ৰৰ গৰাখহনীয়া চলি থাকে তেন্তে অহা দুবছৰত জিলাৰ মুখ্যম মুখ্যম বিভাগ যেনে জিলা আয়ুক্তক কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু বিভিন্ন বিভাগৰ কাৰ্যালয় আদি নদীৰ গৰ্ভত বিলীন হব সেয়া নিশ্চিত । সময় থাকোতেই যদি জিলা খনৰ স্বাৰ্থত চৰকাৰে বিজ্ঞান সন্মত আঁচনি ৰূপায়নৰ ব্যৱস্থা নকৰে তেন্তে এটা সময়ত সম্পূৰ্ণ জিলা খন মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত বিলীন হব আৰু অসমৰ পৰা জিলা খনৰ মানচিত্ৰ নাইকীয়া হব ।

যোৱা ১৯৯৬ চনৰ পৰা বৰ্তমানলৈ জিলা খনৰ চাৰি ভাগৰ ২ দুভাগ ঠাই নদীৰ গৰ্ভত বিলীন হল যাৰ ফলত ৪ লাখ লোক নিজৰ ঘৰ বাৰীৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি হেৰুৱাই সৰ্বহাৰা হৈ লোক সকলে ৰাজ্যৰ বিভিন্ন ঠাইত বসবাস কৰাৰ উপৰিও আজিও বহু দুখীয়া লোকে নিজৰ আৰ্থিক অনাটনৰ বাবে বেলেগৰ মাটি ভাড়াত লৈ বহু কষ্টৰ মাজত দিন কটাব লগা হৈছে। গতিকে জিলা খনৰ বিভিন্ন দল সংগঠন, সচেতন মহল আৰু নৈপৰীয়া ৰাইজে অসম চৰকাৰক অনতি পলমে গৰাখহনীয়া ৰোধ কৰিবলৈ দাবী জনায়।

৩ হাজাৰ কোটি ব্যয়ৰে অসম মালাৰ অধীনত ! ৰাজ্যত নিৰ্মাণ হব হাইস্পীড ইক’নমিক কৰিডৰ…

অসম মালা আঁচনিৰ অধীনত ৰাজ্যৰ ১ হাজাৰ কিলোমিটাৰ পথ হব হাই-স্পীড ইক’নমি কৰিডৰ। চৰকাৰে ইয়াৰ বাবে ব্যয় কৰিব ৩ হাজাৰ কোটি টকা। আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে চৰকাৰে ৯০ টা গ্ৰাম্য পথ আৰু ৪ খন দলঙৰ উন্নয়নৰ বাবে আৰ আই ডি এফ এক্স এক্স আই এক্স ৰ অধীনত ৯৫০ কোটি ৪৩ লাখ টকাৰ ঋণ লোৱাৰ এক সিদ্ধান্ত গ্ৰহন কৰে কেবিনেট বৈঠকে।

আজিৰ কেবিনেটে কৰ আয়ুক্তৰ অধীনত নতুন ভৱনৰ অতিৰিক্ত নিৰ্মাণৰ বাবে ১১ কোটি ১৯ লাখ টকাৰো অনুমোদন দিয়ে। আনহাতে ১০০ কোটি ৬১ লাখ টকাৰ প্ৰশাসনিক অনুমোদন ২০২৪ বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত পুনঃ বৈধকৰণ দিয়ে। একেদৰে কাজিৰঙাত ন্যায়িক অতিথিশালা নিৰ্মাণৰ বাবে ৭ বিঘা ২ কঠা ১০ লেচা ভূমিৰ আবন্টন দিয়ে আজিৰ কেবিনেটে।

উল্লেখযোগ্য যে আজিৰ কেবিনেটে আগন্তুক নবেম্বৰত তিনিচুকীয়া, ডিচেম্বৰত লক্ষীমপুৰ আৰু জানুৱাৰীত নগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকত ৫ লাখ টকা ব্যয়ৰ ভিতৰত কৰিবলৈকো সিদ্ধান্ত গ্ৰহন কৰি কেবিনেটৰ বাবে অতিথিশালা আদি পুনৰ নিৰ্মাণ কৰাতো বাধা আৰোপ কৰা হয়। আজিৰ কেবিনেটে ছিপাঝাৰ পৌৰ সভাৰ বাবে পুঁজিৰ ব্যৱস্হাৰ সিদ্ধান্ত গ্ৰহন কৰে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰিলে নীতি নিৰ্দেশনা ! নিজৰ খৰছ নিজেই বহন কৰিব মুখ্যমন্ত্ৰীয়ে…

অযথা ব্যয় সংকোচনৰ বাবে মুখ্যমন্ত্ৰীৰ খৰছ নিজেই বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৩ অক্টোবৰত স্বাক্ষৰিত এক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ইতিমধ্যে জিলা আয়ুক্ত সকললৈ প্ৰেৰণ কৰিছে। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সৈতে ভ্ৰমন কৰা বিষয়া কৰ্মচাৰী সকলে নিজৰ ব্যয় নিজেই বহন কৰিব লাগিব। বিষয়া সকলে থকা খোৱাৰ বাবে ব্যয় কৰা প্ৰামাণিক বিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত জমা দিব লাগিব। চৰকাৰে টি এ আৰু ডি এ প্ৰদান কৰিব।

এনে কাৰ্যসূচীত সংলিষ্ট প্ৰশাসনৰ ভূমিকা সীমিত কৰা হৈছে। একেদৰে চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে স্থানীয় প্ৰশাসনে আয়োজন কৰা দুপৰীয়া আৰু নিশাৰ আহাৰৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহব। মুখ্যমন্ত্ৰীৰ চৰকাৰী দৰ্শনাৰ্থীৰ অপ্যায়নৰ বাবে হোৱা ব্যয় জিলা আয়ুক্তই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰমানিত বিল জমা দিয়াৰ পিছত অগ্ৰাধিকাৰ ভিত্তিত ধনৰাশি মোকোলাই দিয়া হব।

গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কেবিনেট বৈঠক তথা পৰ্যালোচনা বৈঠকৰ ক্ষেত্ৰত ব্যয় সীমিত কৰিব লাগিব। কেবিনেট বৈঠকৰ ক্ষেত্ৰত চৰকাৰে ৫ লাখ টকা এককালীন পুঁজি মোকোলাই দিব। নিৰাপত্তাৰক্ষীৰ কনভয়ৰ ইন্ধন আৰক্ষী কৰ্তৃপক্ষই বহন কৰিব লাগিব। এই নিয়ম মন্ত্ৰী সকলৰ ক্ষেত্ৰটো প্ৰযোজ্য হব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা নীতি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ব্যয় সংকোচনৰ বাবে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

তিনিটা শাখাত অনুষ্ঠিত হ’ব মহাৰণ ! ২৫ অক্টোবৰৰ পৰা সাংস্কৃতিক মহাৰণ…

২৫ অক্টোবৰৰ পৰা নৱবৰ্ষৰ ৭ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত অনুষ্ঠিত হব সাংস্কৃতিক মহাৰণৰ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত এই মহাৰণত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত,

ৰবীন্দ্ৰ সংগীত আৰু বিহুনাচৰ লগতে অসমৰ লোকনৃত্য ( দলীয়)ৰ প্ৰতিযোগিতা হব। এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়ত, ৱাৰ্ড,ভিচিডিচি, এম এ চি পৰ্যায়ত অনুষ্ঠিত হব বুলি সাংস্কৃতিক বিভাগে জানিবলৈ দিয়ে।

ইচ্ছুক প্ৰতিযোগী সকলে নিৰ্দিষ্ট ৱেবচাইটৰ পৰা প্ৰপত্ৰ সমূহ ১০ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব। ১২ বছৰ পৰা ১৮ বছৰ পৰ্যন্ত ” ক” শাখা, ১৯ বছৰৰ পৰা ২৪ বছৰ পৰ্যন্ত “খ” শাখা আৰু ২৫ বছৰৰ পৰা ৩৫ বছৰ পৰ্যন্ত “গ” শাখাত অনুষ্ঠিত হব এই প্ৰতিযোগিতা।

বছৰৰ এটাত অবতীৰ্ণ হোৱাটো বাধ্যতামূলক ! ২০২৪ ৰ পৰা দশম-দ্বাদশ পৰীক্ষা দুবাৰকৈ…

২০২৪ বৰ্ষৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হব দশম আৰু দ্বাদশ শ্ৰেনীৰ পৰীক্ষা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই বিষয়ে স্পষ্ট কৰে। মন্ত্ৰী প্ৰধানে শিক্ষাৰ্থী সকলৰ মানসিক চাপ হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে।

শিক্ষাৰ্থী সকলে এটা পৰীক্ষাত অবতীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰি ইচ্ছানুযায়ী দুয়োটা পৰীক্ষাত অবতীৰ্ণ হব পাৰিব বুলিও সদৰি কৰে। ছাত্ৰ ছাত্ৰী সকলে যিটো পৰীক্ষাত নম্বৰ অধিক পাব সেইটোৱেই বাহাল থাকিব।

বছৰত এবাৰ পৰীক্ষা অনুষ্ঠিত হ’লে ছাত্ৰ ছাত্ৰী সকলে এটা বছৰ হেৰুৱাব লাগে বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহন কৰা বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। তেওঁ দেশত বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ স্হাপনৰ নিৰ্দেশাৱলী শীঘ্ৰে প্ৰকাশ পাব বুলি সদৰি কৰি মন্ত্ৰী প্ৰধানে বিদেশত আই আই টি দিল্লী আৰু মাদ্ৰাজৰ দুটা চৌহদ স্হাপনৰ কাম অব্যাহত থকা বুলিও উল্লেখ কৰে।

যোৰহাট পৰিবহন বিভাগৰ অভিলেখ ! ট্ৰাকৰ পৰা জৰিমনা আদায় ৬৩ লাখ…

একাংশ ব্যৱসায়ীয়ে কৰফাঁকিৰে অসমত ৰমৰমীয়া ব্যৱসায় কৰি থকাৰ এক ঘটনা পোহৰলৈ আনিছে যোৰহাটৰ পৰিবহন বিভাগে। ঘটনাৰ বিবৰণী মতে তেল আৰু প্ৰাকৃতিক গেচ কোম্পানীত ব্যৱহাৰ হৈ আছে এখন ইন্সট্ৰুমেন্ট বাহন। বাহনখনে কৌশলেৰে শ্ৰেনী সলনি কৰি ন্যুনতম ৰাজহ আদায় দি দীৰ্ঘদিন ধৰি চলি আহিছিল।

জিলা পৰিবহন বিষয়াৰ সন্দেহ হোৱাত সমগ্ৰ বিষয়টোৰ তথ্য পৰীক্ষা কৰোতেই বাহনখনৰ মালিকৰ জালিয়াতি ধৰা পৰে। এ এছ ০৩ বিচি -২২৯৮ নম্বৰৰ বাহনখৰ নিৰ্মাতা হৈছে টাটা কোম্পানী। বাহনখনৰ মূল্য ৩ কোটি ৯২ লাখ ২৭৭ টকা। বাহনখনে চলিত বৰ্ষলৈ মুঠ ২ লাখ ৩ হাজাৰ ৪৭৪ টকা কৰ আদায় দিয়ে।

কিন্তু বাহনখনৰ প্ৰকৃত কৰৰ পৰিমান হয় ৬৩ লাখ ৪ হাজাৰ ৬৯৮ টকা। বিভাগে মুল কৰৰ পৰা পূৰ্বে আদায় দিয়া কৰৰ ধন হ্ৰাস কৰি মুঠ ৬১ লাখ ১ হাজাৰ ২১৯ টকা আদায় কৰে। ৰাজ্যখনত এখন ট্ৰাকে আদায় দিবলৈ বাধ্য হোৱা কৰৰ পৰিমান সম্ভবত এইটোৱেই বৃহৎ ঘটনা বুলি চৰ্চা লাভ কৰিছে। এই ঘটনাই ৰাজ্যখনত এচামে কৰ ফাঁকিৰে ৰমৰমীয়া ব্যৱসায় কৰি থকা কাৰ্য পোহৰলৈ আনে বুলি মন্তব্য প্ৰকাশ কৰিছে সচেতন মহলে।

হাজো জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চৰ ষষ্ঠ দ্বি- বাৰ্ষিক অধিবেশন…

কামৰূপ জিলাৰ অন্তৰ্গত হাজোস্থিত জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চৰ নিজ ভৱনত হাজো জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখনি সোমবাৰে দিনযোৰা বর্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয়।

সেই অনুসৰি পুৱা মঞ্চৰ পতাকা উত্তোলন,গছপুলি ৰোপণ, মঞ্চৰ পদূলিৰ প্ৰৱেশদ্বাৰ উন্মোচন, বিষয় বাছনি সভা, মুকলি সভা, সম্বৰ্ধনা অনুষ্ঠান আদি বর্ণাঢ্য কাৰ্যসূচী সম্পণ্ণ হয় ।

সভাত কামৰূপ ৰত্ন, এমট্ৰনৰ উপ- প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ ,হাজো ৰাইজ কমিটিৰ সভাপতি মোহন চন্দ্ৰ মালাকৰ, প্ৰাক্তন আয়ুক্ত দেৱেশ্বৰ মালাকৰ, হাজো জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি প্ৰমোদ চন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি হাঁহিৰাম কলিতা, সাধৰণ সম্পাদক সম্ভুৰাম দাসকে প্ৰমূখ্যে প্ৰায় শতাধিক জ্যেষ্ঠ গুণী-জ্ঞানী ব্যক্তি উপস্থিত থাকে। ইয়াৰোপৰি এই সভাতেই জ্যেষ্ঠ লোকসকলৰউন্নয়নমূলক সুৰক্ষাৰ স্বাৰ্থত গঠনমূলক আলোকপাত কৰা হয়।