Home Blog Page 1313

৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা ! মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা…

৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা। মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা।

তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰ দিনো ঘোষণা। বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল। সংবাদমেল সম্বোধন মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ।

মুঠ ৬৭৯খন আসনত হ’ব নিৰ্বাচন। ৬০.২ লাখ নতুন ভোটাৰে প্ৰথমবাৰৰ বাবে কৰিব ভোটদান।

পেলেষ্টাইন-ইজৰাইলক ‘তাৎক্ষণিক যুদ্ধবিৰতি’ৰ আহ্বান ৰাছিয়াৰ। গাজাত ইজৰাইলী সেনাৰ গুলীত নিহত পেলেষ্টাইনী সাংবাদিক…

পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধই এতিয়া উদ্বিগ্ন কৰি তুলিছে ৰাছিয়াক। ৰাছিয়াই ইউক্ৰেইনৰ সৈতে তয়াময়া যুঁজত লিপ্ত হৈ আছে যদিও ইজৰাইল-পেলেষ্টাইনৰ যুঁজ যেন সহিব পৰা নাই। সেয়ে যুদ্ধত লিপ্ত হোৱা ইজৰাইল-পেলেষ্টাইনক “তাৎক্ষণিক যুদ্ধবিৰতি”ৰ আহ্বান জনালে মস্কোই। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয়, “আমি পেলেষ্টাইনী আৰু ইজৰাইলক তাৎক্ষণিকভাৱে গুলীচালনা বন্ধ কৰিবলৈ, হিংসা ত্যাগ কৰিবলৈ, প্ৰয়োজনীয় সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছো।” ইজৰাইলী সেনাই গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে আৰম্ভ কৰিছে অপাৰেচন শ্বৰ্ড অফ আইৰণ ।হামাছৰ গাঠি সমূহত ইজৰাইলে আকাশ মাৰ্গৰ পৰা আক্ৰমণ আৰম্ভ কৰিছে। ফলত গাজাত তিনি শতাধিক লোক নিহত হৈছে।

গাজাৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ আক্ৰমণত গাজাত কমেও ২৩২ জন পেলেষ্টাইনী নিহত হৈছে, আনহাতে ইজৰাইলী কৰ্তৃপক্ষই তেওঁলোকৰ লোকৰ মৃত্যুৰ সংখ্যা ২৫০ জন বুলি প্ৰকাশ কৰিছে। ইপিনে গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত এজন পেস্ষ্টাইনী সাংবাদিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। নিহত সাংবাদিকজনক মহম্মদ চালহী বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে যুদ্ধৰ বাতৰি পৰিৱেশন কৰি থাকোতেই গুলীবিদ্ধ হয় সাংবাদিকজন। ইয়াৰ পিছত তেওঁ মৃত্যুক সাৱটি লয়। মহম্মদ চালহীয়েই হৈছে এইবাৰৰ ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধত নিহত প্ৰথমগৰাকী সাংবাদিক।উল্লেখ্য শনিবাৰে পেল্ষ্টাইনী উগ্ৰপন্থী গোট হামাছে ২০ মিনিটত গাজাৰ পৰা ইজৰাইলত ৫,০০০ টা ৰকেট নিক্ষেপ কৰে। ইয়াৰ ঠিক পিছতে ইজৰাইল চৰকাৰেও হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত স্বাভাৱিকতে আতংক বিয়পি পৰিছে। দশকৰ পিছত দশক ধৰি চলি অহা ইজৰাইল-পেষ্টাইনৰ সংঘাতৰ আজিলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। ফলত এতিয়ালৈকে ইজৰাইল-পেলেষ্টাইনৰ মাজত সংঘটিুত যুদ্ধত কিমান লাখ লোকৰ মৃত্যু ঘটিছে তাৰ কোনো হিচাব নাই।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা ছেবাৰ; কোনটো বিষয়ৰ পৰীক্ষা কোন দিনা অনুষ্ঠিত হ’ব চাওক

ইংৰাজীঃ ১৬ ফেব্ৰুৱাৰী

ঐচ্চিক বিষয় (সংগীত, নৃত্য, কাৰ্ফ্ট, বাংলা)ঃ ১৭ ফেব্ৰুৱাৰী

 সমাজ বিজ্ঞানঃ ২০ ফেব্ৰুৱাৰী

ৰিটেল ট্ৰেড এনচিকিউএফ(ই), IT/Ites nsqf(e), প্ৰাইভেট চিকিউৰিটি এনএছকিউএফ, হেল্থ কেয়াৰ এনএছকিউএফ, এগ্ৰিকালছাৰ এণ্ড হোৰ্টিকালছাৰ এনএছকিউএফ, টুৰিচিম এণ্ড হোস্পিটালিটি এনএছকিউএফ, বিউটি এণ্ড ৱেলনেছ, অটোমোটিভ এনএছকিউএফ, ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ এনএছকিউএফ, এগ্ৰি কালছাৰ ডায়েৰি ৱাৰ্ক এনএছকিউএফ, এনিমেল হেলথ কেয়াৰ এনএছকিউএফঃ ২১ ফেব্ৰুৱাৰী

আধুনিক ভাৰতীয় ভাষা (MIL) / ইংৰাজী(আইএল)ঃ ২৩ ফেব্ৰুৱাৰী

সাধাৰণ বিজ্ঞানঃ ২৬ ফেব্ৰুৱাৰী

উইভিং এণ্ড টেক্সট টাইল ডিজাইনঃ ২৭ ফেব্ৰুৱাৰী 

সাধাৰণ গণিতঃ ২৯ ফেব্ৰুৱাৰী

হিন্দী(ঐচ্চিক), গাৰমেন্ট ডিজাইন(ঐচ্চিক)ঃ ২ মাৰ্চঃ 

উচ্চ গণিত(ঐচ্চিক), ভুগোল(ঐচ্চিক), বুৰঞ্জী(ঐচ্চিক), সংস্কৃত(ঐচ্চিক), কম্পিউটাৰ চাইন্স(ঐচ্চিক), বাণিজ্য(ঐচ্চিক). হোম চাইন্স(ঐচ্চিক), আৰবিক(ঐচ্চিক), পাৰ্চিয়ান(ঐচ্চিক), নেপালী (ঐচ্চিক)ঃ ৪মাৰ্চ

আনহাতে প্ৰেক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ২ আৰু ৩ ফেব্ৰুৱাৰীত।

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা…

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ৰাজ্য কেইখন হ’ল মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা, মিজোৰাম। নিৰ্বাচন আয়োগৰ সংবাদমেল যোগে ঘোষণা কৰে বিধানসভা নিৰ্বাচনৰ দিন।

৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰাম বিধানসভা নির্বাচন। ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত হ’ব নিৰ্বাচন। ২৩ নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ’ব নির্বাচন। ৭ নৱেম্বৰত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব নির্বাচন আনহাতে তেলেংগানাত ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব নির্বাচন।

৩ ডিচেম্বৰত ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল সমূহ।

ইজৰাইল-পেলেষ্টাইন যুদ্ধঃ হামাছ কি? ইয়াৰ নেতা ইছমাইল হানিয়াৰ কোন?

শনিবাৰে পুৱা পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইলৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলত এক বিধ্বংসী সন্ত্ৰাসবাদী আক্ৰমণ চলাইছে, যাৰ ফলত ৪০০ ৰো অধিক লোকৰ শোকাৱহ মৃত্যু হৈছে, মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইজৰাইলৰ ওপৰত হোৱা এই অপ্ৰত্যাশিত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বহুতৰ মনত অজস্ৰ প্ৰশ্ন উত্থাপিত হৈছে: হামাছ প্ৰকৃততে কি? এই গোটটোৰ নেতৃত্ব কোনে দিয়ে? আৰু হামাছে ইজৰাইলৰ ওপৰত এই আক্ৰমণ কিয় আৰম্ভ কৰিছিল? হামাছক এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে স্বীকৃতি দিয়া হৈছে। ইছমাইল আব্দুলছালাম আহমেদ হানিয়াক খালেদ মেছালৰ পিছত ৬ মে, ২০১৭ তাৰিখে হামাছৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল। ১৯৪৮ চনত ইজৰাইল সৃষ্টি হোৱাৰ পিছত আস্কালানৰ পৰা পলায়ন কৰা পিতৃ-মাতৃৰ ঘৰত গাজাৰ শৰণাৰ্থী শিবিৰত হানিয়াৰ জন্ম হৈছিল। তেওঁ গাজাৰ আল-আজহাৰ ইনষ্টিটিউটত শিক্ষা লাভ কৰিছিল আৰু গাজাৰ ইছলামিক বিশ্ববিদ্যালয়ৰ পৰা আৰবী সাহিত্যত ডিগ্ৰী অৰ্জন কৰিছিল। ১৯৮৩ চনত বিশ্ববিদ্যালয়ৰ সময়ছোৱাত হানিয়াই হামাছৰ পূৰ্বসূৰী ইছলামিক ষ্টুডেণ্ট ব্লকত যোগদান কৰে।

১৯৮৭ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগে লগে প্ৰথম ইন্তিফাদা আৰম্ভ হয় আৰু হামাছ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হয়।২০২১ চনতো পেলেষ্টাইন সমৰ্থক হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ হৈছিল আৰু এই যুদ্ধ প্ৰায় ১০দিন ধৰি চলিছিল। বৰ্তমানৰ আক্ৰমণৰ বাবে ইজৰাইলত মৃত্যুৰ সংখ্যা ৩০০ অতিক্ৰম কৰাৰ বিপৰীতে ১,৫৯০জন লোক আহত হৈছে। গাজা ষ্ট্ৰিপতো ২৩২জন লোকৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ প্ৰায় ১,৮০০ লোক আহত হৈছে বুলি অনুমান কৰা হৈছে। বিংশ শতিকাৰ আৰম্ভণিতে ইউৰোপত বৃহৎসংখ্যক ইহুদী লোকৰ বসবাস আছিল। কিন্তু তেওঁলোকৰ বিৰুদ্ধে অহৰহ বৈষম্যমূলক আচৰণ চলি আহিছিল, যাৰ বাবে তেওঁলোকে ইউৰোপ এৰি পেলেষ্টাইনলৈ যাবলৈ বাধ্য হৈছিল। সেই সময়তে পেলেষ্টাইন অট্টোমান সাম্ৰাজ্যৰ অধীনলৈ আহিছিল।

ইয়াৰ আগতে পেলেষ্টাইনত আৰবসকলে বাস কৰিছিল। ইয়াৰ বাহিৰেও পেলেষ্টাইন ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ স্থান আছিল, কাৰণ ইয়াৰ জেৰুজালেম চহৰখন মুছলমান, ইহুদী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পৱিত্ৰ স্থান আছিল।

বিলাহী ভিটামিন ‘চি’ৰ উৎস ! বিলাহীৰ উপকাৰিতাৰ বিষয়ে জানক…

চিকিৎসা বিজ্ঞানত শেহতীয়াকৈ হোৱা গৱেষণাত এই কথা প্ৰমাণ হৈছে যে নিয়মীয়াকৈ বিলাহী খালে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি। এই তথ্য সদৰী কৰিছে ব্ৰিটেইনৰ এদল গৱেষকে। তেওঁলোকে শৰীৰত অধিক পৰিমাণে কলেষ্টেৰল থকা লোকক নিয়মীয়াকৈ বিলাহী অথবা বিলাহীৰ ৰস পান কৰাৰ পৰামৰ্শ দি কৈছে যে বিলাহীৰ ৰসত এনে কেতবোৰ ৰাসায়নিক দ্ৰব্য থাকে, যিয়ে হৃদৰোগৰ সম্ভাৱনা সীমিত কৰে। ২০ বছৰৰ পৰা ৪৯ বছৰ বয়সীয়া ২১ গৰাকী লোকক সামৰি অধ্যয়ন চলাই ব্ৰিটিছ গৱেষকে বিলাহীৰ এই হৃদৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে জানিব পাৰিছে।

বিলাহী বা বিলাহীৰ ৰস খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰত থকা ‘এল ডি এল’ নামৰ ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস পায়। উল্লেখ্য, হৃদৰোগ সৃষ্টিৰ ক্ষেত্ৰত এইবিধ কলেষ্টেৰলে যথেষ্ট প্ৰভাৱ পেলায়।

বিলাহী ভিটামিন ‘চি’ৰ উৎস। ভিটামিন ‘চি’য়ে হৃদৰোগৰ সম্ভাৱনীয়তা কমায়। ২০১৫ চনত ‘আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰেশ্যন’ৰ তৰফৰ পৰা এক লাখ মানুহৰ ওপৰত চলোৱা সমীক্ষাত এই কথা প্ৰমাণ হৈছিল যে যিসকল ব্যক্তিয়ে ভিটামিন ‘চি’ থকা ফল বা পাচলি বেছিকৈ গ্ৰহণ কৰে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনীয়তা পোন্ধৰ শতাংশ হ্ৰাস পায়।

আনহাতে ভিটামিন ‘চি’ এণ্টিঅক্সিডেণ্টো। বিলাহীত যথেষ্ট পৰিমাণৰ পটাছিয়ামো থাকে। সেয়ে উচ্চ ৰক্তচাপৰ বাবেও ই উপকাৰী। বিলাহীত ভিটামিন ‘এ’ আৰু ‘বিটা কেৰাটিন’ থকা বাবে দৃষ্টিশক্তিৰ ক্ষেত্ৰতেো এইবিধ পাচলি গ্ৰহণযোগ্য। অধিক পৰিমাণৰ আঁহযুক্ত হোৱা বাবে বিলাহীয়ে খাদ্য হজম কৰাৰ ক্ষেত্ৰতো সহায়ক। মানুহৰ শৰীৰৰ ছালৰ কলাজেন সৃষ্টিৰ ক্ষেত্ৰত ভিটামিন ‘চি’ৰ ভূমিকা অন্যতম। এইক্ষেত্ৰত নিয়মীয়াকৈ বিলাহী খোৱাৰ অভ্যাসে মানুহক কেৱল বয়সেই কমাই নাৰাখে, বৰং ছালৰ এণ্টিএজিং চিকিৎসাও প্ৰদান কৰে। বিলাহীত থকা বিটা কেৰাটিনে ছান বাৰ্ন হোৱাত প্ৰতিৰোধ কৰে। সেয়ে ৰ’দত বহু সময় ঘূৰি ফুৰিব লগা হ’লে ছাল ক’লা পৰি যোৱা অংশত বিলাহী কাটি লগাব পাৰে।

উৎস: জিএনআৰচি স্বাস্থ্য

ঢাকাত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ বাংলাদেশস্থিত ভাৰত চৰকাৰৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাৰ…

ভাৰতৰ উচ্চ আয়ক্তৰ ঢাকাস্থিত কাৰ্যালয়ত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ অনুষ্ঠান সোমবাৰে আয়োজিত হয়। ঢাকাস্থিত ভাৰতীয় দূতাবাসৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাই পতাকা জোকাৰি ৰেলীৰ গাড়ীসমূহক ঢাকাৰ পৰা বিদায় জনায়।উচ্চ আয়ুক্তৰ কাৰ্যালয়ত ৰেলীৰ দলটোক উষ্ণ আদৰণি জনায় ভাৰতীয় দূতাবাসৰ বিষয়া কৰ্মচাৰীসকলে। এই ফ্লেগ অফ অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় দূতাবাসৰ বিদেশ সেৱাৰ বিষয়াবৰ্গ প্ৰণৱ বাধে, চেলনি সাহায়, প্ৰতীক নেগী আদি। এছিয়ান কাৰ ৰেলীৰ নেতৃত্ব লৈছিল নৰ্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনেচনেল ট্ৰেড চমুকৈ NEFIT সংগঠনৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই। ১৩ দিনীয়া এছিয়ান কাৰ ৰেলীৰ অন্তিম লক্ষ্য আছিল ঢাকা।

BIBN Freindship Car Rally শীৰ্ষক নামাকৰণ কৰা এই ৰেলীয়ে ইতিমধ্যে ভূটান – নেপাল পৰিক্ৰমা সামৰি যোৱা নিশা ঢাকাত উপস্থিত হৈছিল। সাধাৰণ সম্পাদক হাটখোৱাই আৰু জনোৱা মতে, মেঘালয়ৰ পশ্চিম গাৰো হিলছ পাৰ্বত্য জিলাৰ ডালু – নাকুগাওঁ সীমান্ত চকীয়েদি প্ৰথম বাৰৰ বাবে ভাৰতীয় নাগৰিকৰ সাধাৰণ গাড়ীয়ে এই ৰেলীৰ জৰিয়তে বাংলাদেশত প্ৰবেশৰ অনুমতি লাভ কৰিছিল।এই যাত্ৰাৰ কালত ৰেলীৰ জৰিয়তে নেফিটে ভূটান – নেপাল – বাংলাদেশৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ প্ৰয়াস কৰাৰ লগতে পৰ্যটন আদি বিষয়তো সহযোগিতা বৃদ্ধিৰ প্ৰয়াস চলায়। ইতিমধ্যে ভূটান, নেপাল, বাংলাদেশৰ কেইবাখনো চেম্বাৰ অফ কমাৰ্চৰ সৈতে নেফিটে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। প্ৰায় 4,000 কিলোমিটাৰ পথ পৰিক্ৰমা সম্পন্ন কৰে এই কাৰ ৰেলীয়ে। সোমবাৰে নিশালৈ এই ৰেলীয়ে ৫০০কিলোমিটাৰ পথ পৰিক্ৰমা কৰি গুৱাহাটীত উপস্থিত হ’ব। ৰেলীত অংশ্ৰহণকাৰীসকলৰ ভিতৰত আছিল গুৱাহাটী IIT ৰ ভূতপূৰ্ব ডীন ড.অনুপ কুমাৰ গগৈ, সাংবাদিক প্ৰণয় বৰদলৈ, ৰবি আগৰৱাল, প্ৰমীলা গগৈ, হিতেন হাটখোৱা, আশীষ দেৱ, সমুদ্ৰ ডেকা, অনুপম ডেকা, শেৰজিত ৰাজকুমাৰ, প্ৰদীপ শৰ্মা, শান্তনু কুমাৰ দাস, ধ্ৰুৱ দাস, দেবজিত ডেকা, অংশুমান দাস, পলাশ লাহন, ত্ৰিদিপ ফুকন।

‘সকলোৰে ঘৰলৈকে চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰিছো ! APCCৰ সভাপতি ভূপেন বৰাই চিঠিৰ উত্তৰ দিয়ক…

‘সকলোৰে ঘৰলৈকে চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰিছো। APCCৰ সভাপতি ভূপেন বৰাই চিঠিৰ উত্তৰ দিয়ক। বিধায়কসকলে অভিযোগ দিয়ে চৰকাৰী কাৰ্যসূচীলৈ আমি নামাতো বুলি। কংগ্ৰেছত এতিয়া আৰম্ভ হৈছে বিশ্বযুদ্ধ।

কংগ্ৰেছীৰ মাজত চলিছে ছুৰী-ডেগাৰ মৰামৰি’। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে ভূপেন বৰালৈ চিঠি প্ৰেৰণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্য ।

চৰকাৰী কাৰ্যসূচীত বিধায়কে অংশগ্ৰহণ কৰিব নে নকৰে উত্তৰ বিচাৰি প্ৰেৰণ চিঠি।

৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰক। বিনামূলীয়া আঁচনিৰ লৈ কঠোৰ উচ্চতম ন্যায়ালয়, কেন্দ্ৰীয় চৰকাৰলৈ জাননী…

দেশত বন্ধ হব নেকি বিনামূলীয়া আঁচনি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহৰ বিনামূলীয়া আঁচনিক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ লগতে সংলিষ্ট ৰাজ্যৰ শাসনাধিষ্ঠ চৰকাৰ সমূহে বিভিন্ন বিনামূলীয়া আঁচনি ঘোষনাৰে ভোটাৰ ৰাইজক প্ৰলোভিত কৰা এক পৰম্পৰাত পৰিণত হৈছে। বিৰোধী দল সমূহেও তেওঁলোকৰ চৰকাৰ আহিলে বিনামূলীয়াকৈ ৰন্ধন গেচ, বিজুলীকে ধৰি মহিলা শিশু, ছাত্ৰ ছাত্ৰীৰ বাবে একাধিক আঁচনি কাৰ্যকৰী কৰাৰ বিষয়ে ঘোষনা কৰে। পৰবৰ্তী সময়ত এনে আঁচনি ৰূপায়ন কৰোতে চৰকাৰে ৰাজকোষৰ পৰা ব্যয় কৰে হাজাৰ হাজাৰ কোটি টকা। আনহাতে কিছু আঁচনি কাৰ্যকৰী কৰাই নহয়। এনে আঁচনি ৰূপায়ন কৰোতে ৰাজ্যৰ মূল সমস্যা কৰবাতে ৰৈ যায়। শেহতীয়াকৈ বিনামূলীয়া আঁচনিৰ বন্যাৰ কু প্ৰথাত উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে মধ্য প্ৰদেশ আৰু ৰাজস্থান চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত আদালতক সবিশেষ জনাবলৈ নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে একেদৰে নিৰ্বাচন আয়োগকো জাৰা কৰিছে জাননী।

মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি কেন্দ্ৰৰ লগতে শাসক বিৰোধী সকলোৱে আঁচনি ঘোষনাৰ নামত নামি পৰিছে অঘোষিত প্ৰতিযোগিতাত। উল্লেখ্য যে অসমতো শাসনাধিষ্ঠ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাইক্ৰ’ফাইনেন্স ঋণী সকলৰ ঋণ আদায়ৰ নামত হাজাৰ কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰে। একেদৰে স্কুটী, চাইকেল আদি প্ৰদানৰ নামতো ব্যয় কৰে কোটি কোটি টকা। আঁচনি আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পিছত ৰাজ্যৰ উন্নয়নৰ নামত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখ লাখ কোটি ঋণ লবলৈ বাধ্য হৈ পৰে চৰকাৰ। ইয়াৰ বিপৰীতে ৰাইজৰ মূৰত মাধমাৰ পৰে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি, কৰ আৰোপেৰে। উচ্চতম ন্যায়ালয়ৰ স্হিতিক বিভিন্ন মহলে আদৰণি জনোৱাৰ লগতে সমৰ্থন কৰি কয় যে বিনামূলীয়া আঁচনিৰ বিপৰীতে চৰকাৰ একোখনে কৰ্মসংস্হাপনৰ লগতে কৰ্মসংস্কৃতি গঢ়ি তোলাত অধিক মনোনিবেশ কৰিলে ৰাজ্যৰ লগতে ৰাষ্ট্ৰৰো উন্নতি হোৱাটো নিশ্চিত।

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ…

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ।

শান্তিপুৰৰ ইন্দিৰা গান্ধী পথৰ নলাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

বৰ্তমানো জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। কোনো লোকে হত্যা কৰি নলাত পেলাই থৈ যোৱাৰ সন্দেহ।