Home Blog Page 1341

জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি

বুধবাৰে কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ এটি প্ৰেক্ষাগৃহত নতুন অসমীয়া চিনেমা মমতাৰ চিঠিৰ ট্ৰেইলাৰটি মুকলি কৰা হয়৷ ট্ৰেইলাৰটি মুকলি কৰে বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসে৷


হেম বৰুৱাৰ হৃদয়স্পৰ্শী সৃষ্টি মমতাৰ চিঠি শীৰ্ষক কবিতাটিৰ আধাৰত ‘মুখা’ৰ বেনাৰত নিৰ্মল দাসে নিৰ্মাণ কৰা ‘মমতাৰ চিঠি’ চিনেমাখনে অহা ৬ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব৷এই উপলক্ষে বুধবাৰে আয়োজন কৰা সংবাদমেল সম্বোধন কৰি পৰিচালক নিৰ্মল দাসে চিনেমাখনৰ সফলতাৰ বাবে দৰ্শক-ৰাইজৰ সহযোগিতা কামনা কৰে৷ট্ৰেইলাৰ মুকলি অনুষ্ঠানত প্ৰথমেই স্বনামপ্ৰসিদ্ধ কবি হেম বৰুৱাৰ প্ৰতিচ্ছবিত মমতাৰ চিঠিৰ সমূহ কলা কুশলীৰ হৈ অভিনেতা ভাগৰ্ৱ কটকীয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে৷ অনুষ্ঠানটিত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা,জ্যেষ্ঠা অভিনেত্ৰী চেতনা দাস,জ্যেষ্ঠ সাংবাদিক ক্ৰমে উৎপল মেনা,অচ্যুত কুমাৰ পাটোৱাৰী,শিৱাণু বৰা,মণ্টু

শইকীয়া,পৰিচালক অৰূপ বৰঠাকুৰৰ লগতে সংবাদমাধ্যমৰ বহু লোক আৰু ছবিখনৰ কলাকুশলী উপস্থিত থাকে৷

ইয়াৰ আগতে অপেছাদাৰী নাট্যমঞ্চৰ বাহিৰেও ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো মমতাৰ চিঠি পৰিবেশিত হৈছিল৷

চিৰিয়াছ কাম আৰু চিন্তা চৰ্চাৰে সাংস্কৃতিক জগতখনত পৰিচিত নাম নিৰ্মল দাসে এইবাৰ মমতাৰ চিঠিক দিলে চলচ্চিত্ৰৰ ৰূপ৷


মমতাৰ চিঠি চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক সমৰজ্যোতি সৰকাৰ৷সহকাৰী পৰিচালনা গোপাল আৰু উৎপলৰ৷কাৰিকৰী নিৰ্দেশনা আৰু চিনেমাটো গ্ৰাফী প্ৰদীপ দৈমাৰীৰ৷সহযোগী উপেন বড়ো৷চিনেমাখনৰ প্ৰযোজনা দেৱাদিব দাসৰ৷ছাউণ্ডৰ কাম কৰিছে দীপক দত্তই৷সহযোগী বাবুল দাস৷

চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰদুটাত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই৷ বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসৰ লগতে মমতাৰ চিঠিৰ আন আন চৰিত্ৰত অভিনয় কৰিছে ৰীণা বৰা,বিশ্বজিৎ ওজা,কবিন্দ্ৰ দাস,পল্লব পৱন বৰা,দিগন্ত কলিতা,ভাৰ্গৱ কটকী, বিপ্লৱ বৰকাকতি,গোলাপ ভূঞা, হেমাংগ ৰায়চৌধুৰী, মুকুট পূজাৰী, মনোজ দাস,হিতেশ মহিলাৰী,সংঘমিত্ৰা ওজা,গৰিমা দাস,দীপশিখা দাস,বিক্ৰম কাকতি,সঞ্জীৱ দাস,মল্লিকা শৰ্মা,উৎপল,শৰ্মিষ্ঠা দাস আদিয়ে৷আনহাতে ভিক্টৰ অৰ্জুন,প্ৰিয়দৰ্শন,প্ৰেৰণা,জ্ঞানম কিশোৰ,উদিচী,প্ৰিয়ব্ৰতে শিশুশিল্পী হিচাপে মমতাৰ চিঠিত অভিনয় কৰিছে৷


চিনেমাখনৰ আৱহ সংগীত তৰালী শৰ্মাৰ৷মমতাৰ চিঠিৰ চাৰিটি গীতৰ তিনিটাই লিখিছে নিৰ্মল দাসে৷ইয়াৰে জুবিন গাৰ্গৰ কণ্ঠৰ ‘আহিবানে জোনাক’ গীতটিৰ সুৰ নিৰূপ দাসৰ৷সংগীত ৰাজীৱ নাথৰ৷


গীতটিয়ে ইতিমধ্যেই শ্ৰোতাৰ আদৰ বুটলিছে৷আন গীতটি লিখিছে ভাস্কৰ অপচুৱেলে৷ গীতত কণ্ঠ নিগৰাইছে তৰালী শৰ্মা ,শৰ্মিষ্ঠা দাস আৰু ভাস্কৰ অপচুৱেলে৷


World Tourism Day তেজপুৰৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক…

World Tourism Day তেজপুৰৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক। প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। পৰ্যটন উদ্যোগক অধিক আকৰ্ষিত কৰিবলৈ এই দিৱসৰ আয়োজন কৰা হয় । অসমৰ বিভিন্ন ঠাইত পৰ্যটনৰ বিশেষ অঞ্চল আছে যদিও আমি গুৰুত্ব নিদিওঁ । অথচ এই সৌন্দৰ্য উপভোগ কৰিবলৈ আহে বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটক । আজি এই বিশেষ দিনটো আমি আপোনাক তেজপুৰ চহৰৰ কেইখনমান উদ্যান পৰ্যটন স্থান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চহৰৰ কাষতে লাগি থকা তেজপুৰৰ চিত্ৰলেখা উদ্যান, বামুনি পাহাৰ আদিত এই শৈল ভাস্কৰ্য দেখিবলৈ পোৱা যায় । এই অঞ্চললৈ দৈনিক পৰ্যটকৰ আগমন ঘটে ।

লগতে অগ্নিগড়, ভৈৰৱী মন্দিৰ ,এছিয়াৰ প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰত দৈনিক পৰ্যটকৰ সমাগম হয় । পৰ্যটন মন্ত্ৰালয়ৰ ২০২৩ চনৰ ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯১ খন আবেদনৰ ভিতৰত দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাট নিৰ্বাচিত হৈছে । অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব এতিয়া গুপ্ত কাশী বিশ্বনাথ ঘাটে।

এখন দুখন নহয় ১০ খন ফটো শ্বেয়াৰ কৰিলে জানৱী কাপুৰে। ভৰি পৰা মূৰৰ লৈকে….

জানৱী কাপুৰৰ শেহতীয়া ফটোৱে সামাজিক মাধ্যমত সৃষ্টি কৰিছে তোলপাৰ। জানৱীয়ে সামাজিক মাধ্যমত কেৱল এখন বা দুখন নহয় বহু ছবি একেলগে শ্বেয়াৰ কৰিছে। ২৬ বছৰীয়া জানহৱী কাপুৰে ছচিয়েল মিডিয়াত নিজৰ বহু ধুনীয়া ফটো শ্বেয়াৰ কৰিছে। ফটো সমূহ চাওক…



‘ধদক’ ছবিৰে বলীউডত অভিষেক ঘটোৱা জানৱী কাপুৰৰ সময়ৰ লগে লগে বহু পৰিৱৰ্তন হৈছে। দৰাচলতে অভিনেত্ৰীগৰাকীৰ অভিনয়তকৈও বেছি চৰ্চিত হৈছে অভিনেত্ৰীগৰাকীৰ বল্ড লুক। জানৱীক শেষবাৰৰ বাবে দেখা গৈছিল বৰুণ ধাৱনৰ সৈতে ‘বোৱাল’ ছবিত। চলিত বৰ্ষৰ ২১ জুলাইত মুক্তি পালে এই ছবিখন। এই ছবিখন এহাল বিবাহিত দম্পতীৰ কাহিনী আৰু ইয়াত দেখুওৱা হৈছে যে কেনেকৈ দুজন মানুহে এৰেঞ্জ মেৰেজত এডজাষ্ট হয়। জানৱীৰ আগন্তুক ছবি ‘দেৱৰা’ য’ত তেওঁক জুনিয়ৰ এন টি আৰৰ সৈতে দেখা যাব।

বিয়াৰ ১১ বছৰ পিছত ছেইফ-কৰীনাৰ জীৱনলৈ কি পৰিৱৰ্তন আহিল…

শেহতীয়াকৈ কৰীনা কাপুৰে ছেইফ আলী খানৰ সৈতে হোৱা বিবাহৰ সন্দৰ্ভত মুকলিকৈ কয়। বিবাহৰ ১১ বছৰৰ পিছত ছেইফৰ সৈতে তেওঁৰ সম্পৰ্কত কি পৰিৱৰ্তন হৈছে সেই কথা জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ এই বক্তব্যই এতিয়া মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। কৰীনা কাপুৰ আৰু ছৈফ আলী খানৰ বিবাহৰ ১১ বছৰ হ’ল। কৰীনা ছাইফতকৈ ১০ বছৰ সৰু। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত কৰীনাই ছেইফৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰে। ইয়াৰ লগতে তেওঁ কয় যে ১১ বছৰত তেওঁলোকৰ সম্পৰ্কত কি পৰিৱৰ্তন হ’ল।


এক সাক্ষাৎকাৰত কৰীনাই ছেইফৰ সৈতে হোৱা বিবাহৰ বিষয়ে মুকলিকৈ কয়। কৰীনাই ক’লে- ‘আমি ইজনে সিজনক যিমান পাৰো ভাল পোৱা উচিত।’ ইজনে সিজনৰ লগত কথা পাতি ভাল লাগে আৰু ইজনে সিজনৰ ওচৰত থাকিব লাগে। মোৰ বাবে তেওঁ মোৰ পৃথিৱী। বন্ধু বা আন কাৰোবাৰ লগত সময় কটোৱাৰ কথা নাভাবো কাৰণ ছেইফ আৰু মই ইজনে সিজনৰ সংগ ভাল পাওঁ বুলিও কয় অভিনেত্ৰী গৰাকীয়ে। ইয়াৰ লগতে কৰীনাই ক’লে- ‘মই অনুভৱ কৰোঁ যে যিকোনো সম্পৰ্কক আগুৱাই নিবলৈ এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।

শেহতীয়াকৈ কৰীনা কাপুৰক দেখা গৈছিল ‘জানে জন’ ছবিত। এই ছবিখন নেটফ্লিক্সত ২১ ছেপ্টেম্বৰত মুক্তি পাইছিল। ইয়াত কৰীনাৰ সৈতে জয়দীপ আহলাৱত আৰু বিজয় ভাৰ্মাই অভিনয় কৰিছে। কৰীনাৰ বাহিৰেও এই ছাচপেন্স থ্ৰিলাৰ ছবিখনত এই দুগৰাকী তাৰকাক যথেষ্ট প্ৰশংসা কৰা হৈছে।


লোকসভা নিৰ্বাচনত ১১ খন আসন পাব বিজেপিয়ে। বাঘে সিংহই যুঁজ লাগি থাকোতে শিয়ালে মঙহ খাই যাব – প্ৰশান্ত ফুকন…

কংগ্ৰেছ এআইইউডিএফৰ মাজত “ডিভোৰ্চ” হৈছে যদিও সময়ত বুজাবুজি কৰি মিলি যাব। এই কটাক্ষ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ। সংবাদমাধ্যমৰ আগত কংগ্ৰেছ আৰু এআইইউডিএফ দলক তীব্ৰ সমালোচনা কৰি বিধায়ক ফুকনে কয় যে কংগ্ৰেছৰ ঔৰষত জন্ম লাভ কৰা এআইইউডিএফ দলক এৰাটো কঠিন। তেঁও কংগ্ৰেছ এআইইউডিএফ দলৰ কাজিয়া চলি থাকিলে বিজেপি সৰকিহে যাব বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে বাঘ সিংহই কাজিয়া লাগি থাকোতে শিয়ালে মাংস খাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ৰাজনীতিত কেতিয়াবা কেংগৰু কেতিয়াবা শিয়াল হব লাগে বুলি উল্লেখ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চাহ বাগানলৈ বাগৰি বাগৰি গ’লেও সেই পথটো বিজেপিয়ে নিৰ্মাণ কৰা বুলি উল্লেখ কৰি আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে ১১খন আসন পোৱাটো নিশ্চিত বুলিও স্পষ্ট কৰি দিয়ে। ১৩ নম্বৰ আসন খন ৬০-৪০ চলি থকা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি অগপক লগত লৈ দলটো আগুৱাই যাব বুলি মত প্ৰকাশ কৰে।

বিজেপিৰ শাসনকালত যিকোনো ব্যক্তি দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিলে ২৪ ঘন্টাৰ ভিতৰত আৰ্থিক সাহাৰ্য্য জিলা আয়ুক্ত অথবা স্থানীয় বিধায়ক গৰাকীয়ে পৰিয়ালক অৰ্পণ কৰে বুলিও তেওঁ উল্লেখ কৰি কংগ্ৰেছ দলে এইবোৰ কথা চিন্তা কৰা নাছিল বুলি মন্তব্য কৰে। কংগ্ৰেছ দলে বিজেপি বেয়া বুলি কবলৈ ঘৰে ঘৰে ঘূৰি ফুৰিছে যদিও হাতত নাই কোনো আঁচনি। বিজেপিৰ শাসনকালত দৰিদ্ৰ জনক একাধিক আঁচনিৰ দ্বাৰা একমাত্ৰ বিজেপিয়ে উপকৃত কৰা বুলি উল্লেখ কৰি ৰাইজে কথাবোৰ বুজি পোৱা বুলিও মত প্ৰকাশ কৰে।

পিয়াঁজ কেনেকৈ খাব লাগে? কেঁচাকৈ নে ভাজি…

পদপথৰ খাদ্যৰ পৰা আৰম্ভ কৰি স্বাস্থ্যকৰ খাদ্যলৈকে সকলোতে পিয়াঁজ ব্যৱহাৰ কৰা হয়। ভাৰতীয় খাদ্য পিয়াঁজ ব্যৱহাৰ নকৰাকৈ প্ৰায় অসম্পূৰ্ণ। শাক-পাচলি হওক বা টেঙা মাংস হওক সকলোতে পিয়াঁজ। পিয়াঁজ নিশ্চয়কৈ আপুনিও চালাড হিচাপে খায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে সিজোৱা পিঁয়াজ খালে বেছি উপকাৰ হয় নে কেঁচাকৈ সেৱন কৰা পিয়াঁজ কালে শৰীৰৰ উপকাৰ হয়? আহক জানো এই বিষয়ে-

পিঁয়াজ খোৱাৰ প্ৰধান দুটা উপায়। সিজোৱা বা কেঁচাকৈ খাব পাৰে। পিয়াঁজৰ পৰা সৰ্বাধিক চালফাৰ যৌগ লাভ কৰিবলৈ ইয়াক সিজোৱাতকৈ কেঁচাকৈ খোৱাই ভাল। ইয়াৰ উপৰিও কেঁচা পিঁয়াজত বহুতো পুষ্টিকৰ উপাদান থাকে, যিবোৰ ৰন্ধা প্ৰক্ৰিয়াৰ সময়ত নষ্ট হৈ যায়।

পিঁয়াজ কাটি, কাটি বা থেতেলিয়াই দিলে ই এনজাইমেটিক বিক্ৰিয়াৰ মাজেৰে চালফাৰ যৌগ উৎপন্ন হয়। এই একেবোৰ যৌগেৰ বাবে আপোনাৰ চকুত পানী ওলায় আৰু লগতে বহুতো উপকাৰো লাভ কৰে। ষ্ট্ৰোক বা হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰা, কেন্সাৰ প্ৰতিৰোধ কৰা আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা ইত্যাদি।

ৰন্ধা পিঁয়াজতকৈ কেঁচা পিঁয়াজ স্বাস্থ্যৰ বাবে অধিক উপকাৰী। কিন্তু কিছুমান অসুবিধা আছে যিবোৰৰ প্ৰতি সাৱধান হোৱা উচিত। অত্যধিকভাৱে কেঁচা পিঁয়াজ সেৱন কৰা লোকসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, যেনে- মুখৰ দুৰ্গন্ধ, হৃদযন্ত্ৰৰ পোৰা, এচিডিটি। অৱশ্যে খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ লৈহে পিঁয়াজ কাব লাগে।


এছিয়ান গেমছত নেপালৰ কেইবাটাও বিশ্ব ৰেকৰ্ড…

T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নেপালৰ কেইবাটাও বিশ্ব ৰেকৰ্ড।

এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিং এয়াৰীয়ে বুধবাৰে মাত্ৰ ৯টা বলত টি-২০ ক্ৰিকেটত ৫০ ৰাণ কৰি গঢ়িলে নতুন ৰেকৰ্ড।

নেপালে মংগোলিয়াৰ বিৰুদ্ধে ৩১৪/৩ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰোপৰি ৩৪ টা বলত শতক অৰ্জন কৰা কুশল মাল্লা টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰে।

T20ত সৰ্বাধিক ব্যৱধানত ব্যৱধানত জয়ী মংগোলিয়াৰ বিৰুদ্ধে।

৩০ ছেপ্তেম্বৰৰ পৰা নচলিব ২০০০টকীয়া নোট…

২০০০ টকীয়া নোট সলনিৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰ।

ইয়াৰ পিছত অচল হ’ব এইবোৰ নোট।

আপোনাৰ হাতত মাত্ৰ ৩ দিনৰ সময়।

৩০ ছেপ্তেম্বৰৰ পৰা আৰু নচলিব ২০০০টকীয়া নোট।

বিবাহৰ পিছত পৰিনীতি চোপ্ৰা ক’ত থাকিব? দিল্লী নে মুম্বাইত…

উদয়পুৰত বৰ্ণিল বিবাহৰ অন্তত দিল্লীৰ শহুৰেকৰ ঘৰত উপস্থিত পৰিনীতি চোপ্ৰা। এতিয়া চৰ্চা হৈছে পৰিনীতি বিয়াৰ পিছত মুম্বাইত থাকিব নে দিল্লীত থাকিব। দেওবাৰে উদয়পুৰত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত চলচ্চিত্ৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাই দিল্লী পালেহি। য’ত তেওঁৰ শহুৰেকৰ ঘৰ। দিল্লীৰ পাণ্ডৰা পাৰ্কত অৱস্থিত চাদ্ধা বাসগৃহত তেওঁক উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পিছত এতিয়া পৰিনীতি চোপ্ৰাই মুম্বাই এৰি দিল্লীত থাকিবলৈ যাব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। যোৱা কেইবছৰমানৰ পৰা পৰিনীতিয়ে ছবিত বিশেষ সফলতা লাভ কৰা নাই, আনহাতে দিল্লীত ৰাঘৱ চাদ্ধাৰ ৰাজনৈতিক জনপ্ৰিয়তা বাঢ়িছে। এনে পৰিস্থিতিত পৰিনীতিয়ে কেনেদৰে কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব?


বিবাহৰ পিছত পৰিনীতি চোপ্ৰাৰ প্ৰথমখন মুক্তি লাভ কৰিব মিছন ৰাণীগঞ্জ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে পৰিনীতিয়ে। ইফালে পৰিনীতি আৰু ৰাঘৱ চাদ্ধাৰ বিবাহক ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিছে। ইফালে বিয়াৰ আন কিছু ফটো আৰু ভিডিঅ’ও ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে।


আজি গুগলৰ ২৫ বছৰ সম্পূৰ্ণ…

আজি গুগলৰ ২৫ বছৰ সম্পূৰ্ণ।

১৯৯৮ চনৰ ২৭ ছেপ্টেম্বৰত আৰম্ভ হৈছিল চাৰ্ছ ইঞ্জিন গুগল।

গুগল ডুডলেও ২৫ বছৰীয়া বৰ্ষপূৰ্তিক সোঁৱৰিলে।