Home Blog Page 1384

কলিয়াপানীস্থিত আউনীআটী সত্ৰত সত্ৰ প্ৰতিষ্ঠা কালত বিশেষ অৱদান আগবঢ়োৱা পাঁচটাকৈ পৰিয়ালক সম্বৰ্ধনা…

টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত দেওবাৰে আউনীআটী গোসাঁই ঈশ্বৰ ড৹ পিতাম্বৰ দেৱ গোস্বামী,ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ উপস্থিতিত কলিয়াপানী শাখা সত্ৰভাগি প্ৰতিষ্ঠা কালত আৰ্থিক, কায়িক,মানসিককে ধৰি বিভিন্ন দিশত অৱদান আগবঢ়োৱা সেই সকল ব্যক্তিৰ চৰম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি মৰণোত্তৰভাৱে বিশেষ পৰিয়াল পাঁচটিক এক সম্বৰ্ধনা তথা স্বীকৃতি জনোৱাৰ অৰ্থে এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

এই লৈ ভাদমহীয়া নামৰ অনন্ত সত্ৰৰ ভাদমহীয়া নাম পৰিচালনা সমিতিৰ সম্পাদক গজেন ভুঞা মজুমদাৰে আতধৰা উক্ত অনুষ্ঠানত সত্ৰৰ জন্ম লগ্নৰে পৰা জড়িত অসমৰ বিশিষ্ট সমাজকৰ্মী ধীৰেন শইকীয়া,আমগুৰিৰ বিশিষ্ট সমাজকৰ্মী ফনীন্দ্ৰ নেওগ,কলিয়াপানী টিপমীয়াৰ বিশিষ্ট চাহ খেতিয়ক অনন্ত সন্দিকৈ,গৌৰিসাগৰৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী বলোৰাম বৰা আৰু কলিয়াপানী চাংমাই গাৱঁৰ মহেন্দ্ৰ গগৈৰ পৰিয়ালবৰ্গক মৰণোত্তৰভাৱে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে।লগতে ব্যস্ততা পূৰ্ণ জীৱনৰ মাজতে এইদৰে এতিয়াও পৰিয়ালসমূহে সত্ৰৰ প্ৰতি যি দ্বায়বদ্ধতা প্ৰকাশ কৰিছে তাৰ শলাগ লয় আৰু কেওজন ব্যক্তিৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে উপস্থিতি সকলোৱে।

জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সধাৰণ সভা

কুৰি শতিকাৰ চতুৰ্থ দশক অৰ্থাৎ ১৯৩৭ চনতে মৰিগাঁও জিলাৰ বৃহত্তৰ জালুগুটি অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ ৮৬ বছৰ পাছত দেওবাৰে পুৱা ১০ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ সাধাৰণ সভাত বিভিন্ন অঞ্চলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়ৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হৈ বিভিন্ন স্থানত চৰকাৰী বে-চৰকাৰী ভাৱে কৰ্মৰত বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক ৰাতুল ডেকাই সভাপতিত্ব কৰা সভাত সভাৰ উদ্দেশ্য ব্যাখা কৰে প্ৰাক্তন ছাত্ৰ, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইকবাল হুছেইনে৷

সভাৰ আৰম্ভণিতে পোহৰ সন্ধানী জালুগুটি অঞ্চলৰ তাহানিৰ যি সকল প্ৰাজ্ঞৰ সামুহিক প্ৰচেষ্টা আৰু তেখেতসকলৰ বুকুত কুৰুকি থকা সপোন তথা অযুত হেঁপাহৰ ফলশ্ৰুতিত জন্ম দিছিল জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ ঐতিহ্যমণ্ডিত অনুষ্ঠানটিক, সেই সকলৰ জীৱিত সকলৰ দীৰ্ঘায়ু আৰু ইহলীলা সম্বৰণ কৰা সকলৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷

জালুগুটি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান “জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে” শতিকামুখী যাত্ৰাত ৮৬ টা বৰ্ষ গৰকিলে। ৯টা দশকযোৰা এই পৰিক্ৰমাত এই বিদ্যালয়ৰ কোলাৰ পৰা সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছিল অলেখ অযুত মানৱ সম্পদৰ৷ তাহানিৰে চহা, উদাৰমনা অঞ্চলটিৰ জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে উপৰি পুৰুষৰ সীমাহীন সপোন, শ্ৰম, ঘামেৰে সংপৃক্ত আশাবোৰৰ সংমিশ্ৰিত ফচল এই বিদ্যালয় খনিৰ কোলা শুৱনি কৰি আজিও অধ্যয়নত হৈ আছে প্ৰায় পোন্ধৰ শ ছাত্ৰ ছাত্ৰী ৷

এই সময়তে জালুগুটি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিৰ ছাঁত জীৱন গঢ়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হোৱাৰ প্ৰয়াসেৰে হোৱা প্ৰথমখনি সাধাৰণ সভাত প্ৰাক্তন বহু জ্যেষ্ঠয়ে মন্তব্যত অতিত সোৱৰি আবেগিক হৈ পৰে৷

প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিছু সময় হেৰুৱা সুঁতিৰ আঁত বিছৰাৰ ইচ্ছাৰে, এক মননশীল কাৰ্যসূচীৰ পৰিকল্পনাৰ অৰ্থে সভাত কিছু প্ৰস্তাৱ গ্ৰহণ কৰে৷ এই সাধাৰণ সভাতে আগন্তুক সময়ত কাৰ্যসূচী সমূহ চলাই নিবলৈ তিনি বছৰীয়া কাৰ্যকাল নিৰ্ধাৰণ কৰি “প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সমিতি” নামাকৰনে সভাপতি প্ৰাক্তন ছাত্ৰ ৰাতুল ডেকা , সাধাৰণ সম্পাদক হিচাপে প্ৰাক্তন ছাত্ৰ তথা ২০০৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ফৰিদুদ ইউনুছ (জোন)ৰ নেতৃত্বত ৫১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে৷ সমিতি খনত অঞ্চলৰ বহু সংখ্যক জ্যেষ্ঠ লোক আমন্ত্ৰিত উপদেষ্টা থাকিব যদিও বিশেষ ভাৱে পাঁচ জন উপদেষ্টাক সাধাৰণ সভাই সৰ্বসম্মতি মতে নিৰ্দ্ধাৰণ কৰে ক্ৰমে, আলহাজ আনোৱাৰ হুছেই, বিপুল হুছেইন, মুক্তি দেৱ নাথ, উপেন্দ্ৰ কুমাৰ নাথ আৰু মুন ঠাকুৰীয়া৷

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বহু প্ৰত্যাশাৰে আহ্বান কৰা উক্ত সভাত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জোনা ৰাণী ভাগৱতী উপস্থিত থাকি উদ্যোগতা সকলে লোৱা এই পদক্ষেপক আদৰণি জনাই আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষ তৰফৰ পৰা আগন্তুক দিনত পূৰ্ণ সহযোগিতা কৰা আশ্বাস প্ৰদান কৰে৷

আনহাতে বিদ্যালয়ৰ শিক্ষক গোটৰ হৈ সভাত মন্তব্য ৰাখে শিক্ষক গোটৰ সম্পাদক ৰাজীৱ লোচন দাসে৷ মন্তব্যত শিক্ষক গোটৰ সম্পাদক জনে প্ৰতিষ্ঠা কালৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল লগ হৈ কৰা সকলো যোগাত্মক কাৰ্যসূচীতে সহযোগ আগবঢ়াই যোৱাৰ সহমত প্ৰকাশ কৰে৷ আনহাতে নৱ নিৰ্বাচিত প্ৰাক্তন ছাত্ৰছাত্ৰী সতীৰ্থ সমিতি খনে আগন্তুক সময়ত বিদ্যালয়ৰ সমূহ প্ৰাক্তন শিক্ষাৰ্থীৰ তথা ৰাইজৰ সহযোগিতা কামনা কৰে৷

তেজপুৰত অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্নঃ সমাজৰ ভিন্ন ক্ষেত্ৰৰ পাঁচ গৰাকী ব্যক্তিলৈ সম্বৰ্ধনা আৰু বঁটা প্ৰদান

দেওবাৰে ৰাজ্যৰ এক ডিজিটেল সংবাদ প্ৰতিষ্ঠান অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।

দিনৰ ১১ বজাত জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠান বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰাৰ লগতে জাৰ্নেলিষ্ট ইউনিয়নৰ গুৰি ধৰোঁতা প্ৰয়াত প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰমোহন কলিতাৰ লগতে উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি তথা সংবাদকৰ্মীসকলে।


ইয়াৰ পিছতে ড০ হৰমোহন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম খবৰৰ মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈয়ে অসম খবৰ ইতিবৃত্ত আৰু জ্যেষ্ঠ সংবাদকৰ্মী আৰু সম্বৰ্ধিত ব্যক্তিসকলক সকলোৰে আগত পৰিচয় কৰাই দিয়ে।

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সাংবাদিকক অসম খবৰ সদস্য সকলে একোখনকৈ ফুলাম গামোচাৰে সন্মান জনোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমাজ জীৱনৰ স’তে জড়িত চাৰি জন ব্যক্তিৰ লগতে অসম খবৰ ডিজিটেল মেডিয়াৰ সক্ৰিয় সাংবাদিক সহ পাঁচ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু অসম খবৰ ২০২৩ বঁটা প্ৰদান কৰে।এই বঁটা বিশ্বনাথ জিলাৰ বিহালীৰ এগৰাকী জ্যেষ্ঠ সমাজসেৱী মহিলা দীপালী বৰুৱালৈ ২০২৩ বৰ্ষৰ সমাজ হিতৈষী বঁটা, বিশ্বনাথৰ অসম অৰুণাচল সীমান্ত পাভৈ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা ১০ টকা মাছুলেৰে চিকিৎসা সেৱা অগবঢ়াই অহা বিশিষ্ট মানৱদৰী চিকিৎসক ৰঞ্জন গগৈলৈ অসম খবৰ ২০২৩ সমাজ সেৱক বঁটা আৰু শিৱসাগৰ বিশিষ্ট সমাজ কৰ্মী তথা অ’এন জি চিৰ অভিযন্তা ৰমা গগৈলৈ অসম খবৰ ২০২৩ জনসেৱা বঁটা আগবঢ়োৱাৰ লগতে অসম খবৰত নিষ্ঠা সহকাৰে সংবাদ সেৱা আগবঢ়াই অহা শিৱসাগৰ অসম খবৰ সাংবাদিক পৰাগ বড়াক অসম খবৰ ২০২৩ বৰ্ষৰ সক্ৰিয় বঁটা প্ৰদান কৰে।


আনহাতে ৰাষ্ট্রীয় সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সংবাদ সেৱা আগবঢ়োৱা তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসলৈ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰে অসম খবৰ ডিজিটেল মেডিয়াই।

ইফালে সভাত তেজপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই সংবাদ মাধ্যমৰ লগতে বাতৰি পৰিৱেশনৰ ওপৰত বক্তব্য আগবঢ়াই।

ইয়াৰ পিছতে সভাত অসম খবৰ মেডিয়া উপদেষ্টা তথা বিশ্বনাথ চাৰিআলি ন্যায়ালয়ৰ অধিবক্তা তুষাৰ বৰাই বাতৰি ক্ষেত্ৰত‌ সঘনাই হৈ থকা গোচৰ সন্দৰ্ভত সভাত নিজৰ বক্তব্য ৰাখে।

আনহাতে এই সভাতে বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাস, নলবাৰী বিশিষ্ট সমাজ কৰ্মী পংকজ বেজবৰুৱাকে ধৰি কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনাই অসম খবৰে। বঁটা প্ৰাপকসকলক ফুলাম গামোচা, চেলেং,মানপত্ৰ আৰু স্মাৰক আগবঢ়োৱা হয়৷

লখিমপুৰত জিলাভিত্তিত অনুষ্ঠিত ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেল সম্পন্ন

অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লখিমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলখনৰ দেওবাৰে আনুষ্ঠানিক কাৰ্যসূচী ডিজু চাহ বাগানৰ খেলপথাৰত অনুষ্ঠিত হয়।

জিলাভিত্তিত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন ক্ৰমে ডিজু, আৰু কয়লামাৰি চাহ বাগানৰ ফুটবল দলটিৰ মাজত অনুষ্ঠিত হয়।

এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভনি কৰে লক্ষীমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা। দুয়োটা দলৰ মাজত তীব্র প্ৰতিদ্বন্দ্বিতাপূৰ্ণভাৱে হোৱা খেলখন নিৰ্ধাৰিত সময়ত গলশূন্যভাৱে সমাপ্ত হয়।

ফলাফল নিৰ্ণয়ৰ বাবে পিছত ট্ৰাইব্ৰেকাৰৰ সহায় লোৱা হয়। ট্ৰাইব্ৰেকাৰত কয়লামাৰী চাহ বাগানৰ ফুটবল দলটিয়ে ডিজু চাহ বাগানৰ ফুটবল দলটিক ৭-৬ গলৰ ব্যৱধানত হৰুৱাই খিতাপ অর্জন কৰে।

এই কাৰ্যসূচীত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, নাওবৈছা আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি , জিলা আয়ুক্ত সুমিত সত্বাৱন, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা,জিলা আৰক্ষী (সদৰ) দেবেন বৰা, জিলা ক্ৰীড়া বিষয়া ছেমি শইকীয়া, কয়লামাৰি চাহ বাগানৰ পৰিচালক তৰুণ চান্দ ,ডিজু চাহ বাগানৰ পৰিচালক জ্যোতিৰ্ময় কাকতি ,বিশিষ্ট সমাজ সেৱক ফণীধৰ বৰুৱা ABITAৰ সভাপতি সুধিৰ শ্ৰেৰাবত ,চাহ জনগোষ্ঠী উন্নয়ন বৰ্ডৰ(Tea Tribe Development Board) সভাপতি মনোজ গোৱালা, সহকাৰী সম্পাদক ATTSA সুনীল তিৰৰ্কী, ATTSA জিলা সাধাৰণ সম্পাদক ৰাজেন দাস পাৰিকা, ATTSA সাধাৰণ সম্পাদক নাওবৈছা শাখাৰ ট্ৰিউচ ধদ্ৰি আৰু বহু কেইজন বিশিষ্ট, গন্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

অসমৰ কৃষক বিজয়লক্ষ্মী পামে আৰু বলীন পাত্ৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

গৌৰৱৰ বিষয়। অসমৰ বহু বিলুপ্তপ্ৰায় থলুৱা বাওধানৰ জাতৰ সংৰক্ষণ আৰু সংবৰ্ধন তথা ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্প্ৰসাৰণত বিশেষ অৱদান আগবঢ়োৱা অসমৰ দুগৰাকী কৃষক বিজয়লক্ষ্মী পামে আৰু বলীন পাত্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰটেকচন অৱ প্লেণ্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ্ছ ৰাইট অথৰিটীৰ “Plant Genome Saviour Recognition, 2020-21″ৰ বাবে নিৰ্বাচিত হৈছে।

ধেমাজিৰ দীঘলী চাপৰি নিৱাসী প্ৰগতিশীল কৃষক পামে আৰু একেখন জিলাৰে লাখটকীয়া নিৱাসী পাত্ৰৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি তথা সফলতাই ৰাজ্যখনৰ বহু কৃষকক অনুপ্ৰেৰণা যোগাব।

এই আনন্দৰ মুহূৰ্তত দুয়োকে কৃষি মন্ত্ৰী অতুল বৰাই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে, অহা ১২ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া “গ্লবেল ফাৰ্মাৰ্ছ ৰাইট কনক্লেভত তেওঁলোকে এই বঁটা গ্ৰহণ কৰিব।

শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ সন্দৰ্ভত ৰাজ্যপালক আপৰ স্মাৰকপত্ৰ

অসম চৰকাৰে মহানগৰীৰৰ শিলসাঁকোত জলাশয় সংৰক্ষণৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্য়াহত আছে। ইয়াৰ মাজতে আম আদমি পাৰ্টীৰ বিশেষ স্মাৰকপত্ৰ।

ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰত আপে তিখিছে, “আমি আম আদমি পাৰ্টীৰ তৰফৰ পৰা আপোনাক অৱগত কৰিব বিচাৰো যে জলাশয় সংৰক্ষণৰ নামত অসম চৰকাৰে বহু বছৰ ধৰি বসবাস কৰি থকা অসমৰ খিলঞ্জীয়া শ শ পৰিয়ালক বহু দিনৰ পৰাই উচ্ছেদ চলাই আহিছে। খিলঞ্জীয়া এই পৰিয়ালসমূহক চৰকাৰে কোনো ক্ষতিপূৰণ তথা পুনঃসংস্থাপন নকৰাকৈ এই উচ্ছেদ কৰা কাৰ্য্য কোনো পধ্যে গ্রহণযোগ্য নহয়।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে এই উচ্ছেদিত পৰিয়ালৰ পৰা সম্পত্তি কৰ সংগ্ৰহ কৰিছিল, বিজুলী সংযোগ দিছিল, লোকনির্মাণে বিভাগে পথ নিৰ্মাণ কৰিছিল, ভূমি পট্টা নম্বৰ প্ৰদান কৰিছিল, যদি সেই স্থানত ঘৰ সজাটো অবৈধ হয় তেন্তে চৰকাৰে আৰম্ভণিতে বাধা প্ৰদান কৰিব লাগিছিল। পেটৰ তাড়নাত সংস্থাপনৰ বাট বিচাৰি শিলসাঁকোত বাস কৰা এই পৰিয়ালকেইটাক উচ্ছেদ চলোৱা কাৰ্য অমানবীয়।


সেয়েহে আমি আম আদমি পাৰ্টীৰ তৰফৰ পৰা আপোনাক এই উচ্ছেদ কাৰ্য বন্ধ কৰাৰ লগতে এতিয়ালৈকে উচ্ছেদ কৰা পৰিয়ালকসমূহক সম্পূৰ্ণ ক্ষতিপূৰ্ণৰ লগতে শীঘ্ৰে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ এই স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনালোঁ।”

দিখৌমুখত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৩সংখ্যক ওপজা দিন উদযাপন

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৩ সংখ্যক ওপজা দিন দিখৌমুখ হেলথ এণ্ড এথলেটিকচ ক্লাবে খেলুৱৈ, প্ৰশিক্ষক, সংগঠক, অভিভাৱক, বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ ক্লাব চৌহদত উদযাপন কৰে৷

পুৱা শতাধিক খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এহেজাৰ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ পিছত উদ্যোগী মহিলা জ্যোতিকা ভৰালীয়ে প্ৰস্তুত কৰা কেক কাটি বেংকক এছিয়াড গেমছৰ ৮০০ মিটাৰ দৌৰৰ স্বৰ্ণজয়ী অসম সন্তান ভোগেশ্বৰ বৰুৱাৰ সু-স্বাস্থ্য কামনা কৰা হয় ৷

অ’ বি চি উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন খেলুৱৈ হেমন্ত কুমাৰ গগৈ, সমাজকৰ্মী টুটু বৰঠাকুৰ, ৰামেশ্বৰ শইকীয়া, সহকাৰী আইন বলবৎকাৰী পৰিদৰ্শক দীপ দত্ত, দিখৌমুখ মিলিত শিল্পী সমাজৰ সভাপতি হেমন্ত ৰঞ্জন কাগয়ুং, দিখৌমুখ প্ৰেছ ক্লাবৰ সভাপতি নৱজ্যোতি ওজা আৰু ক্লাবৰ অভিভাৱক সমিতিৰ সভাপতি লাচিত দত্ত আৰু সমাজকৰ্মী ৰাণা সিঙে কেক কটা পৰ্বত অংশ গ্ৰহণ কৰে ৷

ক্লাবৰ সভাপতি সত্যজিৎ শইকীয়াই আঁত ধৰা সজাগতা সভাত টুটু বৰঠাকুৰ, দীপ দত্ত, হেমন্ত ৰঞ্জন কাগয়ুং আৰু হেমন্ত কুমাৰ গগৈয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বৰ্ণময় আৰু প্ৰত্যাহ্বানেৰে ভৰা জীৱনৰ আলোকপাত কৰি প্ৰতিগৰাকী খেলুৱৈক তেওঁৰ দৰে দেশৰ গৌৰৱ হোৱাৰ চেষ্টা কৰিবলৈ আহ্বান জনায় ৷

পুৱা ক্লাবৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই উদ্বোধন কৰা আৰু প্ৰশিক্ষকদ্বয় গৌৰাঙ্গ বৰা ( এন আই এছ ) আৰু তীক্ষ্ণজিৎ শইকীয়াই পৰিচালনা কৰা দৌৰ প্ৰতিযোগিতাৰ তিনিটা শাখাত বিজয়ীসকলৰ লগতে অলপতে চিলাপথাৰত হৈ যোৱা খেলো ইণ্ডিয়া মহিলা পেঞ্চাক চিলাট লীগত পদক বিজয়ী প্ৰিন্সী নেওগ ( সোণ ), বাৰ্বী বৰা ( সোণ ), প্ৰিয়ংকা বৰা ( ৰূপ ), তুলিকা বৰা ( ৰূপ ), অৰ্চি কাশ্যপ (ৰূপ ), জ্যোতিস্মিতা নেওগ ( ব্ৰঞ্জ ), বন্দিতা বৰা ( ব্ৰঞ্জ ) আৰু লাকী নেওগ ( ব্ৰঞ্জ ) ক খেলুৱৈক সম্বৰ্দ্ধনা জনোৱা হয় ৷

ক্লাবৰ সদস্য হিমাদ্ৰী শইকীয়া আৰু তনয়া শইকীয়াই অতিথিসকলক আদৰনি জনায় ৷ এহেজাৰ মিটাৰ দৌৰৰ বিজয়ী সকল হ’লঃ ১৪ বছৰ অনুৰ্দ্ধ শাখাত প্ৰথম প্ৰানজিৎ টায়ে, দ্বিতীয় বিপ্লৱ হাজৰিকা, আদিত্য দাস ৷

১৭ বছৰ অনুৰ্দ্ধ শাখাত ৰাহুল ৰাজখোৱা প্ৰথম, বিশ্বজিৎ দাস দ্বিতীয়, অংকুৰ হাজৰিকা তৃতীয় ৷ছোৱালীৰ শাখাত প্ৰথম জানমণি গগৈ, প্ৰিয়ংকা দাৰিগ আৰু বিচিত্ৰা কলিতা

ধেমাজি জিলাত আয়োজিত ‘মেৰী মাটি, মেৰা দেশ’ অভিযানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ…

ভাৰতীয় জনতা পাৰ্টি, ধেমাজি জিলা সমিতিৰ সৌজন্যত ধেমাজি বিধানসভা সমষ্টি ভিত্তিত আয়োজিত ‘মেৰী মাটি, মেৰা দেশ’ অভিযানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হ’ল শিক্ষামন্ত্ৰী ৰণোজ পেগু।


এই অভিযানৰ অংশস্বৰূপে দেশমাতৃৰ হকে সৰ্বোচ্চ ত্যাগ কৰা ‘বীৰ’ স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালক সন্মান

জনাই আমাৰ দেশখনক প্ৰগতি আৰু উন্নয়নৰ নতুন শিখৰত উপনীত কৰাৰ ‘পঞ্চ প্ৰাণ’ সংকল্প লৈ মন্ত্ৰী ৰণোজ পেগু।

ভাদ মাহ উপলক্ষে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা…

পবিত্ৰ ভাদ মাহত ভগৱন্তৰ ওচৰত আশীষ লোৱাৰ উদ্দেশ্য আজি গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰথমবাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰীৰ পত্নী তথা নিউজ লাইভ চেনেলৰ পৰিচালক সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা ।

ভাদ মাহ উপলক্ষে আগমন হোৱা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে পুৱাৰ নাম প্ৰসংগত অংশ লয় মুখ্যমন্ত্ৰীৰ পত্নী গৰাকীয়ে । সাংবাদিকৰে হোৱা সাক্ষাৎত তেওঁ এই এই জয়াল ধৰ্মীয়স্থলীত উপস্থিত হৈ যথেষ্ট আপ্লুত হোৱা বুলি উল্লেখ কৰি নামঘৰভাগিৰ অধিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ।

আজি এই ভ্ৰমণসূচীত মুখ্যমন্ত্ৰীৰ পত্নীক সংগ দিয়া বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগেও বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নামঘৰৰ ভোগঘৰৰ লগতে অন্যান্য আন্ত:গাঁঠনিৰ বাবে ২ কোটি টকা আগবঢ়োৱা বুলি উল্লেখ কৰি ভাদ মাহৰ পিছতেই এই অনুদানেৰে নামঘৰৰ বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে ।

১৪ বছৰ অনুৰ্ধ্ব অসম মহিলা ফুটবল দলত লখিমপুৰৰ তনয়া বিৰিণাঃ অংশ ল’ব আন্তঃৰাজ্যিক ফুটবল খেলত… 

লখিমপুৰ জিলাৰ  ৰামপুৰৰ নিৱাসী তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ এ ই অশোক পেগু আৰু সুভদ্ৰা পেগুৰ সুযোগ্য তনয়া বিৰিণা পেগুৱে ১৪ বছৰ অনুৰ্ধ্বৰ অসম মহিলা ফুটবল দলত স্থান লাভ কৰিছে ৷ স্বাধীনতাৰ ৭৬ বছৰৰ পিছত অসম মহিলা ফুটবল দলত স্থান লাভ কৰা বিৰিণা পেগুৱে হৈছে একমাত্ৰ মিচিং ছোৱালী ৷ বিৰিণা পেগুৱে অতি কম বয়সৰ পৰাই ফুটবল খেলৰ প্ৰতি অনুৰাগ  আছিল ৷ এই অনুৰাগৰ ঘৰৰ ওচৰৰে ৰাজগড় বগীবিল খেলপথাৰত নিজাববীয়াকৈ অনুশীলন কৰিছিল ৷ পিছৰ পৰ্যায়ত ৰাজগড় বগীবিল ফুটবল এছ’চিয়েছনৰ অধীনত প্ৰশিক্ষক নৱৰত্ন দলেৰ তত্বাবধানত প্ৰশিক্ষণ লাভ কৰে ৷ ইয়াৰ পিছত তেজপুৰত অনুষ্ঠিত হোৱা ১৪ বছৰ অনুৰ্ধ্বৰ অসম মহিলা ফুটবল বাছনি শিবিৰত অংশগ্ৰহণ কৰে ৷

তেজপুৰত নিৰ্বাচিত হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলপথাৰত পুনৰ বাছনি শিবিৰ অনুষ্ঠিত হয় ৷ উক্ত বাছনি শিবিৰৰ পৰাও নিৰ্বাচিত হৈ বিৰিণা পেগুৱে ৷ নলবাৰী জিলাৰ চামতাত মহিলা ফুটবল দলৰ চূড়ান্ত বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ চূড়ান্ত বাছনি শিবিৰটো বিৰিণা পেগু উৰ্ত্তীৰ্ণ হৈ ১৪ বছৰ অনুৰ্ধ্বৰ  অসম মহিলা দলত স্থান লাভ কৰে ৷ বিৰিণাই অসম ফুটবল দলৰ হৈ ৰাইট উইংগাৰ হিচাপে খেলিব ৷  বিৰিণা আৰু ১৪ বছৰ অনুৰ্ধ্বৰ অসম মহিলা ফুটবল দল ইতিমধ্যে পঞ্জাৱৰ অমৃসৰলৈ ৰাওনা হৈছে ৷ অমৃসৰতে অনুষ্ঠিত হ’ব সৰ্ব ভাৰতীয় আন্তঃৰাজ্যিক ১৪ বছৰ অনুৰ্ধ্বৰ মহিলা ফুটবল প্ৰতিযোগিতা ৷  উল্লেখনীয় যে ১৩ বছৰীয়া বিৰিণা বৰ্তমান লখিমপুৰ জিলাৰ বগীবিল ৰাজগড় হাইস্কুলত অধ্যয়ণ কৰিছে ৷ অধ্যয়নৰ সমান্তৰালভাৱে ফুটবলো খেলি যাব বিৰিণাই ৷ বিৰিণাই এই যাত্ৰাই মিচিং ছোৱালীসকলক ফুটবল খেলৰ প্ৰতি অধিক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে ৷