Home Blog Page 1509

স্বামীৰ পিছত এইবাৰ পত্নীৰ ভাওনা জগতত পদাৰ্পণ…

স্বামীৰ পাছত এইবাৰ পত্নীৰ ভাওনা জগতত পদাৰ্পণ। মঙ্গলবাৰে মৰিয়নি নাগাজাংকাত অনুস্থিত ভাওনাত মৰিয়নিৰ বিধায়কৰ পত্নীৰ অভিনয়। ইতিমধ্যে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা ,ৰাসত কেইবাবাৰো অভিনয় কৰাৰ পাছত এইবাৰ ভাওনা জগতত খোজ পেলালে বিধায়ক গৰাকীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীয়ে।

মৰিয়নিৰ নাগাজাংকাত মহিলা সকলৰ দ্বাৰা পৰিৱেশিত মহাপুৰুষীয়া নাট ‘দুৰ্যোধনৰ উৰুভংগ’ নামৰ নাটক খনিত কৰ্ণৰ পত্নী পদ্মাৰ চৰিত্ৰটো ৰূপদান কৰে বিধায়ক পত্নীয়ে।পদ্মাৰ অভিনয় উপভোগ কৰিবলৈ সহস্ৰাধিক দৰ্শকৰ সমাৱেশ ঘটে ভাওনাস্থলীত।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

৩০ বছৰ বয়সৰ পিছত হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। হাড় শক্তিশালী হ’বলৈ গ্ৰহণ কৰক এই সমূহ খাদ্য…

৩০ বছৰ বয়সৰ পিছত সকলোৰে হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সেইবাবে আমি আমাৰ খাদ্য-পানীয়ৰ বিশেষ যত্ন লোৱা উচিত। এনে পৰিস্থিতিত এনে কিছুমান বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, যিয়ে আপোনাৰ হাড় শক্তিশালী কৰাৰ কাম কৰে। ৩০ বছৰ বয়সৰ পিছত আপুনি খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, ইয়াৰ বাবে আপুনি কচু, ব্ৰকলি আদি শাক-পাচলি সেৱন কৰিব লাগে।

দুগ্ধজাত সামগ্ৰীত ভাল পৰিমাণৰ কেলচিয়াম থাকে, গতিকে খাদ্য তালিকাত পনীৰ আৰু গাখীৰ অন্তৰ্ভুক্ত কৰিব লাগে।

খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰিলে হাড় শক্তিশালী হ’ব পাৰে। সেইবাবেই দৈনিক ছাইট্ৰাছ ফল সেৱন কৰিব লাগে।

দৈ সেৱন কৰিলে হাড় মজবুত হয় কাৰণ দৈত ভাল পৰিমাণৰ কেলচিয়াম থাকে।

৩০ বছৰৰ পাছতো যদি আপুনি হাড় মজবুত কৰি ৰাখিব বিচাৰে, তেন্তে আপুনি খাদ্য তালিকাত সৰিয়হ অন্তৰ্ভুক্ত কৰিব লাগে।

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আড়ম্বৰভাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰী সকলৰক সম্বৰ্ধনাও জনোৱা হয় ।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

উদয়ন সংঘৰ উদ্যোগত বিষ্ণুৰাভা দিৱসত আলোচনাচক্ৰ আৰু ৰাভা সংগীতৰ অনুষ্ঠান

মহানগৰীৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান উদয়ন সংঘৰ উদ্যোগত কৃষ্ণনগৰ সমূহীয়া ভৱনত বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয় ৷

কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা ক্ৰমে সংঘৰ উপদেষ্টা সত্যেন তালুকদাৰে বন্তি প্ৰজ্বলন, কাৰ্যকৰী সভাপতি বিনয় কুমাৰ তালুকদাৰে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতে আৰম্ভ হয় বিষ্ণুৰাভাৰ জীৱন, আদৰ্শ বিষয়ক আলোচনাচক্ৰ আৰু ৰাভা সঙ্গীতৰ অনুষ্ঠান ৷

সংঘৰ সম্পাদক অৰূপ কুমাৰ বৰ্মনে আঁতধৰা, সভাপতি প্ৰমোদ চন্দ্ৰ কাকতিয়ে সঞ্চালনা কৰা আলোচনাচক্ৰ উদ্বোধন কৰে সংঘৰ কোষাধ্যক্ষ দীনেশ চন্দ্ৰ শৰ্মাই।

অসম লোকসেৱা আয়োগৰ সদস্য ড° নিৰঞ্জন কলিতা মুখ্য আলোচক হিচাপে উপস্থিত থকা আলোচনাচক্ৰত দমদমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দনজ্যোতি চুতীয়া আৰু কটন বিশ্ববিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া সত্যেন তালুকদাৰ আলোচক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই।

আলোচনাচক্ৰৰ মাজতে অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত অঞ্চল টোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰ্শন ভৰদ্বাজ আৰু নেহা কুমাৰীৰ লগতে মালয়েছিয়াত অনুষ্ঠিত ভাৰত সংস্কৃতি যাত্ৰাত ভাৰত নাট্যমত প্ৰথম স্থান লাভ কৰা বিদীশা বুজৰবৰুৱাক সম্বৰ্ধনা জনোৱা হয় ।

আলোচনাচক্ৰৰ পিছতে স্থানীয় শিল্পী তৃষা কাশ্যপ, শেৱাশ্ৰী বৈশ্য, অৰ্চনা বৰুৱা, অঞ্জলী বৰ্মন, জিতাশ্ৰী তালুকদাৰ, বিশ্বনাথ মেধি, সুদৰ্শনা ঠাকুৰীয়া আদিয়ে বিষ্ণুৰাভা সঙ্গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

উদ্বোধন হ’ল ডিব্ৰুগড়ৰ থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

ডিব্ৰুগড় থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

City Infra Development Fund চমুকৈ CIDF আঁচনিৰ অধীনত প্ৰায় ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা জিলা আৰক্ষী অধীক্ষকৰ নতুন কাৰ্যালয়টো উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলা আয়ুক্ত বিশ্বজিত পেগু,ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰৰ লগতে অন্যান্য বিষয় ববীয়া সকল।

কামপুৰ যুৱ সমাজৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো উদযাপন কলাগুৰুৰ মৃত্যু দিন। কামপুৰ যুৱ সমাজৰ উদ্যোগত স্বৰাজ ভৱনত বিষ্ণুৰাভাৰ বিপ্লৱী সত্তাৰ প্ৰতি ৰক্তিম অভিবাদন জ্ঞাপন কৰে৷

অনুষ্ঠানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ লগতে সংঘৰ প্ৰতিজন ন-পুৰণি সদস্যৰ উপস্থিতিত কামপুৰ স্বৰাজ ভৱন প্ৰাংগনত থকা বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত পুস্পমাল্য অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে ৷

মুখ্য বন্তি প্ৰজ্বলন কৰে ৰাজু বৰাই৷
-খাইৰুল ইছলাম, কচুৱা

কামপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক

পথ নহয় যেন পুখুৰীহে। কামপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক। কামপুৰ-কাৰ্বিআংলং সংযোগী একমাত্ৰ মূল পথত পুখুৰী সদৃশ গাঁত।

পুৰণি বাছ স্থানৰ সমীপৰ গুৰুকুল ইংলিছ স্কুলৰ সন্মুখৰ এই পথটোৱে এতিয়া নিদ্ৰা হৰিছে জনতাৰ।

অভাৰ লোড বালি গাড়ীৰ লগতে গধুৰ যান-বাহন চলাচল হোৱাৰ বাবেই ভাঙি গৈছে পথছোৱা।

বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এজাক বৰষুণ দিলেই যাতায়ত ব্যাহত হৈ পৰে পথচোৱাত। বৰ্তমানে চকু মুদা কুলিৰ ৰূপত গড়কাপ্তানি বিভাগ। শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ আহ্বান স্থানীয় লোকৰ।
-খাইৰুল ইছলাম, কচুৱা

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ঝগৰাপাৰ ষ্টেডিয়ামত কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস উদযাপন

ধুবুৰীত কেন্দ্রীয় ভাবে বিষ্ণু ৰাভা দিৱস উদযাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

উক্ত অনুষ্ঠানত কেইবা হাজাৰ লোক উপস্থিত থাকে। লগতে এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ লগতে কলা- সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অৱদান যগোৱা ছগৰাকী বিশিষ্ট ব্যক্তিক তিনিটাকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয়।

ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে।

তিনিটা ৰাষ্ট্ৰীয় বঁটা ক্ৰমে ২০২২ বৰ্ষৰ শ্ৰী শ্ৰী মাধৱ দেৱ বঁটা সাহিত্যিক অৰূপ কুমাৰ দত্তক, ২০২২ বৰ্ষৰ বীৰ চিলাৰায় বঁটা মৰণোত্তৰ ভাবে শ্বহীদ ভাস্কৰ কলিতাক আৰু ২০২৩ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা গৱেষক ড° টিয়াতশি জমিৰলৈ বঁটা আগবঢ়োৱা হয়।

-দেৱান জাহাঙ্গীৰ আলম, ধুবুৰী

নাজিৰাত বিষ্ণু ৰাভা দিৱস উদযাপন

গড়গাঁও শাখা সাহিত্য সভাৰ উদ্যোগত নাজিৰাৰ গড়গাঁৱত ৫৪তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদ্‌যাপন আৰু অভিনন্দন অনুষ্ঠান।

মঙলবাৰে ৫৪তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰা গড়গাঁও শাখা সাহিত্য সভাৰ উদ্যোগত,গড়গাঁও মইনা পাৰিজাত আৰু স্থানীয় ৰাইজৰ সহযোগত ৫৪তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদ্‌যাপন কৰা হয় গড়গাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা অনুস্থিত হয় বিভিন্ন কাৰ্যসূচী। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা।


লগতে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়।

– দিলীপ হাজৰিকা, নাজিৰা

উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱত গীত মাতেৰে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানৰ তৰফৰপৰা মঙলবাৰে অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যু তিথিত গীতে মাতে সোঁৱৰণ কৰা হয়।

আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি ৰবিন্দ্ৰ নাথ দাসে। বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শাখাৰ উপ সভাপতি দিলীপ দাসে।

ইয়াৰ পিছতে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ক্ৰমে শাখাৰ সহকাৰী সম্পাদক হৰিশ চন্দ্ৰ দাস,কোষাধ্যষ শংকৰ কুমাৰ দাস, শাখাৰ পত্ৰিকা সম্পাদিকা ড০চিত্ৰা শৰ্মা, প্ৰচাৰ সম্পাদিকা বেবী দাস, শাখাৰ প্ৰাক্তন উপ সভাপতি গিৰীশ শীল, শাখাৰ সদস্য নিতোপম মেধি, কৃষ্ণ শৰ্মা, ধ্ৰুৱ দাস,তৰণী দাস,নিলীমা দাস,পূৰবী দাস, ভাস্কৰ দাস আৰু সাংবাদিক ৰূপক ডেকাই।

ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ শাখা সভাপতি ৰবিন্দ্ৰ নাথ দাসে সঞ্চালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক তপন দাসে। শিশু শিল্প সাগৰিকা গাৰ্গীৰ বিষ্ণু ৰাভা সংগীত পৰিবেশনৰে আৰম্ভ হোৱা সভাত ভাষণ দিয়ে শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি তথা শাখাৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ শৰ্মাই।

শৰ্মাই তেওঁৰ ভাষণত কয় “বিষ্ণু ৰাভা এনে এগৰাকী শিল্পী আছিল যাৰ গাত ভাৰতীয় সংগীতৰ ৬৪ কলাৰ আটাইকেইটা গুণেই নিহিত আছিল। এনে এগৰাকী শিল্পীৰ অসমত জন্মগ্ৰহণ কৰা বাবে আমি গৌৰাম্বিত। কিন্তু একে সময়তে এই গৰাকী মহান শিল্পীক হেৰুৱাই আমি মহাশূণ্যতা পদে পদে আমি অনুভৱ কৰিছো। এইগৰাকী মহান শিল্পীৰ দৰে শিল্পী আমাৰ মূলূকত অনাগত দিনত জন্ম হ’ব তাক আমি ক’ব নোৱাৰো। এই গৰাকী মহান শিল্পীয়ে দেখুৱাই যোৱা মহান আদৰ্শৰে আমাৰ ভবিষ্যত প্ৰজন্মক আগুৱাই নিব পাৰিলেহে মহান শিল্পী গৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্বাঞ্জলি জনোৱা হ’ব”।

সভাত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা মুনিন ডেকাৰ লগতে কেইবাজনো বক্তাই বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত শাখাৰ সদস্য পল্লৱ ডেকাই বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত লিখা এটি স্বৰচিত কবিতা আবৃত্তি কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।


আনহাতে সৈনিক শিল্পী গৰাকীৰ স্মৃতিত উত্তৰ গুৱাহাটীতো বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে বিষ্ণু ৰাভা দিৱস ।ৰূপালী জয়ন্তী বৰ্ষ গৰকা উত্তৰ গুৱাহাটীৰ আগশাৰীৰ সংগীত শিক্ষানুষ্ঠান ” ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ ” শিক্ষাৰ্থী সকলেও গীতে মাতে স্মৰণ কৰিছে অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীক ।


আনহাতে আমিনগাঁও শৰাইঘাট নাট্য গোষ্ঠীৰ তৰফৰপৰা পৰাও সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আমিনগাঁও চাৰিআলি স্থিত ৰাজহুৱা মঞ্চ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি শৰৎ চন্দ্ৰ শৰ্মাই।

বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰবিন্দ্ৰ নাথ দাসে। নাট্য গোষ্ঠীৰ সম্পাদক শংকৰ কুমাৰ দাসে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলোৱে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত কেইবাজনো বক্তাই সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ ওপৰত আলোকপাত কৰে।


ইফালে উত্তৰ গুৱাহাটী অভয়পুৰস্থিত কৃষ্ণা সংগীত বিদ্যালয়ৰ উদ্যোগত আৰু আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সহযোগত আয়োজিত বিষ্ণুপ্ৰসাদ ৰাভাক গীতে মাতে সোঁৱৰণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তই।

কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰাণজিতা কৃষ্ণা তামুলীয়ে। ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সাহিত্য আৰু কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ ওপৰত বিস্তৃত ভাবে ব্যাখ্যা আগবঢ়ায় অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তই। অনুষ্ঠানত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ আৰু সহকাৰী সম্পাদক উৎপল তামুলী, উপদেষ্টা মুনিন ডেকা আৰু মুনীন বায়নে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে।

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা মুকুটেশ্বৰ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে কৃষ্ণা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে সমবেত সংগীত পৰিবেশন কৰে। অনুষ্ঠানত সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ লগতে অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তৰ উপৰিও কেইবাজনো স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰি মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

অনুষ্ঠানত বিশিষ্ট শিল্পী গিৰীণ চৌধুৰী, ৰাজেন্দ্ৰ কুমাৰ ডেকা, গৌতম ডেকা আৰু হেমন্ত বড়া উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত কলম আলোচনীৰ সম্পাদক ড° তাৰিণী কান্ত হালৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।