Home Blog Page 1510

নদী আৰু নাৰীৰ উদ্যোগত সুৰৰ দেউলৰে শীৰ্ষক কবি সন্মিলন, সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত কাব্যিক, বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান ‘নদী আৰু নাৰী’ৰ উদ্যোগত অহা ২৫ জুন তাৰিখে গুৱাহাটীৰ প্ৰেছ ক্লাৱত বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৰণত ” বিষ্ণুৰাভা দিৱস” অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে।

উক্ত অনুষ্ঠানত ‘সুৰেৰে দেউলৰে’ শীৰ্ষক বহু ভাষিক কবি সন্মিলন আয়োজন কৰা হৈছে। বিষ্ণুপ্ৰসাদ দেৱৰ ৰচিত গীত- মাত- কবিতাৰে দিনজোৰা কাৰ্যসূচীৰ লগতে গ্ৰন্থ উন্মোচন কৰা হ’ব।


সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় যুৱ কবি ৰুনাল্ডো টাইদৰ কবি হোৱা ইমান সহজ কথা নহয়, প্ৰবাসী আমেৰিকান মনোৰমা দাসৰ সময়ৰ ঢৌৱে কোবাই যায়, চন্দন কলিতাৰ গ্ৰন্থ কাব্য সৌৰভ, সম্মুজল ডেকাৰ গ্ৰন্থ সুখৰ সন্ধানত গ্ৰন্থকে ধৰি কেইবা খনো সুন্দৰ গ্ৰন্থ শুভ উন্মোচন হ’ব।

অনুষ্ঠানত উপস্থিত থাকিব USTM ৰ সম- উপাচাৰ্য,বিশিষ্ট কবি তথা সাহিত্যিক ড° বলেন্দ্ৰ কুমাৰ দাস, চলচ্চিত্ৰ অভিনেতা ৰবি শৰ্মা, নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় যুৱ কবি ৰুনাল্ড টাইদ , বিশিষ্ট কবি- সাহিত্যিক তথা শঙ্কৰী সমষ্টিৰ গবেষক ইছমাইল হোছেইন, বিশিষ্ট কবি বিপুল শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা বিশিষ্ট কবি-সাহিত্যিক, উৎপল দলে, বিশিষ্ট কবি- সাহিত্যিক মেৰাজ ৱাচিকুৰ ৰহমান, দন্ত চিকিৎসক তথা সমাজ কৰ্মী, বিশিষ্ট সাংবাদিক হেমন্ত কুমাৰ ভৰালী , দিগন্ত সমীৰণ, আইনজীৱী ৰূপম গগৈ, ড: শশাঙ্ক বৰঠাকুৰ, লেখক তথা সমাজ কৰ্মী , বিশিষ্ট সমাজকৰ্মী তথা লেখক ড° হেমন্ত কুমাৰ দাস, বিশিষ্ট কবি দেৱ প্ৰসাদ তালুকদাৰ, কিশোৰ জৈন, অধিৰ চন্দ্ৰ দাস, উৎপল সূত্ৰধাৰ, দিলীপ বৰুৱা।

তাৰ উপৰি বহুতো ন- পুৰণি কবি- সাহিত্যিকৰ উপস্থিতিত সুৰৰ দেওলৰে… শীৰ্ষক এখনি কবি সন্মিলন অনুষ্ঠিত হ’ব বুলি কবি ৰুনাল্ডো টাইদে জানিব দিছে।

বিশ্বমানৰ মাল্টি-মডেল পৰিবহন কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে নিউ জলপাইগুড়ী ষ্টেচনৰ আধুনিকীকৰণ কাৰ্য পূৰ্ণগতিত আগবাঢ়িছে

ৰে’ল ষ্টেচনৰ উন্নয়নৰ বাবে ৰে’ল মন্ত্ৰালয়ে বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত ভাৰতীয় ৰে’লৱে ষ্টেচনসমূহৰ উন্নীতকৰণ আৰু আধুনিকীকৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। চিনাক্তকৃত ২০৪ টা ষ্টেচনৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ নিউ জলপাইগুড়ী ষ্টেচনটো উন্নততৰ, অতিৰিক্ত আৰু বৰ্ধিত যাত্ৰী সুবিধা প্ৰদান কৰাৰ বাবে বিশ্বমানৰ সুবিধাৰ সৈতে উন্নীতকৰণ কৰাৰ বাবে চিনাক্ত কৰা হৈছে।

এই ষ্টেচনটোৰ আধুনিকীকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। পৰিকল্পনা অনুসৰি চিভিল নিৰ্মাণ কাৰ্যৰ বাবে পুৰণি ভৱনসমূহ ভাঙি ষ্টেচনটোৰ সন্মুখভাগৰ ৰিটেইল এলেকা সহ কাৰ্যালয়সমূহ নতুন স্থানলৈ স্থানান্তৰ কৰি উক্ত এলেকাটো সাজু কৰিবলৈ আৰম্ভ কৰা হৈছে।

এৰাইভেল ১ টাৰ্মিনেল আৰু বিকল্প ষ্টেচন ভৱনৰ ভেটিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এৰাইভেল ২ আৰু প্ৰস্থান টাৰ্মিনেলৰ কাম সোনকালেই আৰম্ভ কৰা হ’ব। ৰেলৱে বৈদ্যুতিকৰণৰ বিশ্ৰাম গৃহৰ সমীপত ৰামনগৰ কলনি ৰোডৰ এটা নতুন স্থানলৈ ইউটিএছ তথা পিআৰএছ কাউণ্টাৰসমূহ স্থানান্তৰিত কৰা হৈছে। ক্ষেত্ৰ কাৰ্যালয় আৰু কনফাৰেন্স ৰুম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ওখকৈ নিৰ্মিত পথৰ বাবে টেষ্ট পাইলৰ কাষ্টিং ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। 

যাত্ৰীসকলক একে সময়তে বিমানবন্দৰৰ দৰে অনুভৱ আৰু আৰাম প্ৰদান কৰাৰ বাবে ষ্টেচনটোত অত্যাধুনিক সুবিধা যেনে বিস্তৃতভাৱে আবৃত পাৰ্কিং এলেকা, ২৪x৭ পাৱাৰ বেকআপ, খোৱা পানী, শীত তাপ নিয়ন্ত্ৰিত লবি, কাৰ্যালয়, দোকান, উচ্চ গতিৰ এস্কালেটৰ, লিফ্ট, এয়াৰ কনকৰ্চ, হোটেল আদি থাকিব।

আগমন আৰু প্ৰস্থান কৰা যাত্ৰীসকলৰ মাজত সম্পূৰ্ণ পৃথকীকৰণ থাকিব। উন্নীতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত, ষ্টেচনটোৱে বৰ্তমান প্ৰতিদিনে ছয়ত্ৰিশ হাজাৰৰ পৰা প্ৰতিদিনে সত্তৰ হাজাৰতকৈ অধিক যাত্ৰীৰ সমাগম চম্ভালিবলৈ সাজু হ’ব। নিউ জলপাইগুড়ী ষ্টেচনটোৰ উন্নীতকৰণৰ কাৰ্যৰ আনুমানিক ব্যয় হ’ব ৩৩৪.৭২ কোটি টকা।

নিউ জলপাইগুড়ী ষ্টেচনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম বৃহৎ তথা ব্যস্ততম ৰেল ষ্টেচন, যি উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হিচাপে সেৱা আগবঢ়াই আহিছে।

নিউ জলপাইগুড়ী ষ্টেচনৰ উন্নীতকৰণ উত্তৰ বংগৰ লগতে ছিকিমত ভ্ৰমণ, পৰ্যটন আদিকে ধৰি স্থানীয় অৰ্থনীতিৰ বিভিন্ন খণ্ডক উন্নত কৰাত অধিক সহায় কৰিব। এই উন্নীতকৰণ প্ৰকল্পটো ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে।

গোগামুখৰ মিংমাঙত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা হিতাধিকাৰীক সূতা বিতৰণ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখৰ মিংমাঙত পৰিষদৰ আবন্টিত পূঁজিৰ অধীনত হিতাধিকাৰীক সূতা বিতৰণ কৰা হয়৷

পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ পৰা বিতৰণ কৰা উক্ত কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ সূতা বিতৰণ কৰি তেওঁ কয়- মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উন্নয়নমূখী কাম-কাজ অব্যাহত ৰাখিছে ৷

পৰিষদৰ অন্তৰ্গত ৰাইজক কাম বিচাৰি বহিঃ ৰাজ্য গমন প্ৰতিৰোধ কৰিবলৈ জীৱন-জীৱিকা আঁচনিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷ এইমতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰশিক্ষক, সমল ব্যক্তিৰ  দ্বাৰা নিৱনুৱা সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে ৷ তেওঁ কয়- আজি বিতৰণ কৰা  সূতাসমূহ অতি উন্নত মানৰ ৷ 

যিসকলে এই সূতা  লাভ কৰিছে এইসকলে ইয়াৰ পৰা উন্নত মানৰ বস্ত্ৰ উৎপাদন কৰিব পাৰিব বুলিও তেওঁ মন্তব্য দিয়ে ৷ সূতা বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ আহ্বায়ক ভূপেন পেগুৱে ৷ অনুষ্ঠানটো আঁত ধৰে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে ৷

অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১৫ নং গোগামুুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু, ধেমাজি আই টি ডি পিৰ সদস্য ৰুণু কুলি,  মিংমাং আঞ্চলিক টি এম পি কেৰ তদাৰকী অৰবিন্দ চাংমাই,  টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ উপসভাপতি জিতাৰাম টায়ুং, সদস্য মহানজিৎ মিলি, সাংগঠনিক সম্পাদক নুহিন্দ্ৰ গাম, সহকাৰী সম্পাদক জোন পাঠৰি, এম এম কেৰ ধেমাজি জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক তুল কুমাৰ টায়ুং, গণশক্তিৰ মিংমাং সমষ্টিৰ সম্পাদক ঘনশ্যাম দলে আদিয়ে৷

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ গোগামুখ তৰাজানত ৰাজহুৱা সভাঃ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ আহ্বান 

অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ধেমাজি জিলাৰ গোগামুখৰ জয়ৰামপুৰৰ তৰাজানত সোমবাৰে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত ৰাজহুৱা সভাত অসম আৰু অৰুণাচল প্ৰদেশৰ একাংশ লোকৰ মাজত ভূমিক লৈ চলিত মাহৰ ৫ জুনত সংঘটিত হোৱা হিংসাত্মক কাৰ্যৰ ওপৰত আলোচনা কৰা হয়৷

স্থানীয় ৰাইজে দাবী কৰে যে তৰাজান অঞ্চলৰ মূল সীমান্তবৰ্তী গাল’ বা আদী আৰু অসমৰ মানুহৰ মাজত কোনো সংঘাত নাই ৷ সীমান্তৰ বাহিৰৰ লোকেহে  সীমান্তৰ সহজ-সৰল শান্তিপ্ৰিয় লোক সকলৰ মাজত অশান্তিৰ পৰিৱেশ  সৃষ্টি কৰিছে৷

সম্প্ৰতি চলিত মাহৰ ৫ জুনত সংঘটিত অনাকাংক্ষিত ঘটনাৰ বাবে সীমান্তবৰ্তী ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈ আছে  আৰু সকলোধৰণৰ ব্যৱসায়ীক লেন-দেন বন্ধ হৈ পৰিছে৷ তদুপৰি অসমত অধ্যয়ণ কৰি থকা অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকল অধ্যয়ণৰ বাবে গোগামুখৰ নলবাৰী আৰু জয়ৰামপুৰলৈ উভতি অহা নাই ৷ 

এনেক্ষেত্ৰত অসমৰে হওঁক বা অৰুণাচল প্ৰদেশৰ লোকেই হওঁক সকলো পক্ষকে  সীমান্তত হিংসাৰ বীজ ৰোপণ নকৰিবলৈ সীমান্তবাসী ৰাইজে আহ্বান জনায় ৷

ৰাজহুৱা সভাত সকলো জাতি-জনজাতিৰ লোকক সামৰি এখন স্থায়ী শান্তি সমিতি গঠন কৰা হয় ৷ উক্ত সভাতে সীমান্তবৰ্তী অঞ্চলত শান্তি অটুট ৰখাৰ স্বাৰ্থত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

অসমৰ হিমাংশু তালুকদাৰক দিল্লী পাঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি


প্ৰিমিয়াৰ হেণ্ডবল লীগ (পি এইচ এল) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী পেঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ হিমাংশু তালুকদাৰক।

উল্লেখ কৰিব পাৰি যে প্ৰিমিয়াৰ হেণ্ডবল লীগ হৈছে ভাৰতৰ প্ৰথম পেছাদাৰী পুৰুষৰ হেণ্ডবল লীগ। সমগ্ৰ ভাৰতৰ বিভিন্ন চহৰক প্ৰতিনিধিত্ব কৰা ছটা দলৰ ফ্ৰেঞ্চাইজি ভিত্তিক আয়োজন কৰা এই লীগে দেশত হেণ্ডবলত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য লৈছে।

ইতিমধ্যে ৮ জুনৰ পৰা আৰম্ভ হোৱা লীগখন ২৫ জুনত শেষ হ’ব। লীগৰ প্ৰথম ছিজনৰ বাবে নিযুক্তি দিয়া হিমাংশুৱে তেওঁৰ নতুন ভূমিকাত অৰ্হতা আৰু অভিজ্ঞতাৰ এক অনন্য মিশ্ৰণ ঘটাইছে। অভিযান্ত্ৰিক ডিগ্ৰীৰ অধিকাৰী হিমাংশুৰ প্ৰকৃত আবেগ ক্ৰীড়াত নিহিত হৈ আছে।

অসমৰ ক্ৰীৰা ক্ষেত্ৰত প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ হিচাপে জনাজাত হিমাংশুৱে ইতিমধ্যেই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসংখ্য প্ৰশংসা লাভ কৰিছে। হিমাংশুৱে ইয়াৰ পূৰ্বে ইণ্ডিয়ান কলেজিয়েট এথলেটিক প্ৰগ্ৰেম (আইচিএপি) প্ৰতিষ্ঠা কৰে, যি যুৱ প্ৰতিভাক লালন-পালন কৰাৰ লগতে কলেজীয়া পৰ্যায়ত ক্ৰীড়াৰ বৃদ্ধিত অৰিহণা যোগাই আহিছে।


ক্ৰীড়া বিকাশৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ উদাহৰণ ইউনাইটেড বাস্কেটবল এলায়েন্স (ইউবিএ) আৰু হুইলচেয়াৰ ক্ৰিকেট ইণ্ডিয়া এছ’চিয়েশ্যন (ডব্লিউচিআইএ) কে ধৰি উল্লেখযোগ্য প্ৰতিযোগিতাসমূহৰ আয়োজনৰ ক্ষেত্ৰত তেওঁ ওতঃপ্ৰোত ভাবে জড়িত হৈ আহিছে।

২০১৯ চনত এনবিএ ইণ্ডিয়া গেমছৰ সময়ত ভাৰত চৰকাৰৰ সৈতে জৰিত হৈ প্ৰট’কলৰ মুৰব্বী হিচাপেও কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে।

হিমাংশুৱে ৰূপে প্ৰাইম ভলীবল লীগৰ ছিজন ১ বিজয়ী কলকাতা থাণ্ডাৰবল্টছ ২০২২ ৰ মুখ্য দল পৰিচালক হিচাপেও কাম কৰিছিল।


প্ৰসঙ্গত হিমাংশুৱে কয়, “ক্ৰীড়াৰ প্ৰতি থকা মোৰ অনুৰাগ আৰু ক্ৰীড়া ইভেণ্ট পৰিচালনাৰ অভিজ্ঞতাক প্ৰিমিয়াৰ হেণ্ডবল লীগলৈ আনিবলৈ পাই উৎফুল্লিত হৈছো। দিল্লী পেঞ্জাৰছ দলৰ জৰিয়তে আমি অনুৰাগীসকলক অনুপ্ৰাণিত কৰাৰ ওপৰি মনোৰঞ্জন দিয়াৰ লক্ষ্য ৰাখিছো। আমাৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ হেণ্ডবলৰ প্ৰভূত প্ৰসাৰ কৰা।”

অন্যহাতে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি দিল্লী পেঞ্জাৰছৰ মালিক বিনীত ভাণ্ডাৰী আৰু ৰজত আগৰৱালে কয় যে “স্পৰ্টছ লীগৰ পৰিচালনাৰ ক্ষেত্ৰত হিমাংশুৰ এক বিশাল অভিজ্ঞতা আছে। আমি তেওঁক আমাৰ দলৰ জিএম হিচাপে নিযুক্তি দি উল্লাসিত হৈছো”।

Public meeting at Gogamukh Tarajan on Assam-Arunachal Pradesh border: Call for maintaining peace and harmony

A massive public meeting was held at Tarajan in Jairampur, Gogamukh in Dhemaji district on the Assam-Arunachal Pradesh border, on Monday.

The public meeting discussed the violence that took place on June 5 this month between a section of people of Assam and Arunachal Pradesh over land.

Local people claimed that there was no conflict between galo or adi, the main border of Tarajan area, and the people of Assam. 

And all kinds of business transactions have come to a standstill. Moreover, the students of Arunachal Pradesh studying in Assam have not returned to Nalbari and Jairampur in Gogamukh for studies.

In such a case whether it is from Assam or the people of Arunachal Pradesh, all the border people have appealed to all parties not to sow the seeds of violence on the border. 

মণিপুৰৰ হিংসাঃ মোডী চৰকাৰে গুৰুত্ব দিব পৰাকৈ”মূলসুঁতি”ৰ বিষয় নহয় নেকি?

তীব্ৰ জাতিগত উত্তেজনাত জ্বলি আছে মণিপুৰ৷ তথাপিও পুনৰ বিষয়টো একাষৰীয়া কৰি ৰাখিছে আজি আমেৰিকা ভ্ৰমণলৈ ৰাওনা হোৱা প্ৰধানমন্ত্ৰীয়ে। আনহাতে, নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী।

ৰাজ্য চৰকাৰৰ ওপৰত মণিপুৰত নাগৰিকৰ আস্থা ক্ৰমান্বয়ে কমি অহাত জনসাধাৰণে নিজৰ জীৱনৰ বাবে চিন্তিত হৈ পৰিছে।

বিড়ম্বনাৰ কথাটো হ’ল ঠিক যেতিয়া দেশৰ এটা প্ৰান্তৰ নাগৰিকে সহায়ৰ বাবে চিঞৰিছে আৰু নিজৰ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে, তেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম তথাকথিত “ঐতিহাসিক” ৰাজ্যিক ভ্ৰমণলৈ ৰাওনা হৈছে আমেৰিকালৈ; ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা আলোচনাৰ বাবে!

অহা বছৰৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ সাজু হৈছে গৃহমন্ত্ৰী অমিত শ্বাহে। ২৩ জুনত তেওঁ মেগা ৰেলী অনুষ্ঠিত কৰিব।এই সকলোবোৰৰ বিপৰীতে মণিপুৰত কেন্দ্ৰৰ তৎকালীন মনোযোগ আৰু গুৰুতৰ হস্তক্ষেপৰ প্ৰয়োজন।

মণিপুৰৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ তীব্ৰতাই যিকোনো সময়তে সাধাৰণ নাগৰিকৰ গণধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে, ইতিমধ্যে প্ৰতিটো সংঘৰ্ষৰ লগে লগে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি পোৱা যায়। চৰকাৰে নিজৰ নাগৰিকৰ কথা শুনাৰ সময় আহি পৰিছে। কিন্তু তেওঁলোকে গুৰুত্ব দিব কেতিয়া ?

ধিঙত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন…

ধিঙত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন। অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ধিং বাসী ৰাইজৰ সহযোগত ধিং স্হিত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি মূৰ্ত্তিৰ সন্মুখত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন, ৰাভাৰ প্ৰতিমূৰ্তত বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ পিছতে নগাঁও জিলা সভাপতি প্ৰাগজ্যোতী বণিয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

বিলাসীপাৰাত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান…

বিলাসীপাৰাত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান। মহা জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিলাসীপাৰা জিলা বিজেপিৰ উদ্যোগত আয়োজিত সভাত মুখ্য অতিথি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটাৰ পিছত আন এটা কৈ প্ৰতিশ্ৰুতিৰ বৰ্ণা। ধুবুৰীত নিৰ্মাণ কৰি উলিওৱা চিকিৎসা মহাবিদ্যালয়ৰ পিছতে এইবাৰ বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতি। মহিলা সকলক নতুনকৈ চাৰি লাখ অৰুনোদয় আঁচনি দিয়াৰ প্ৰতিশ্ৰুতি।


এক লাখ নিবনুৱাৰ একাউন্টত দুই লাখ কৈ টকা আৰু আত্ম সহায়ক গোটৰ সদস্য সকলৰ ব্যক্তিগত একাউন্টত দহ হাজাৰ কৈ টকা দিয়া হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰায় দহ সহস্ৰাধিক বিজেপি নেতা কৰ্মী উপস্থিত থকা সভাত মূলত আগন্তুক লোকসভা নিৰ্বাচনত ৪ নং ধুবুৰী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্য মহা জনসম্পৰ্কত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে | কেন্দ্ৰত আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী হোৱাটো নিশ্চিত বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । সেয়ে কেন্দ্ৰত বিজেপি চৰকাৰ হব আৰু ধুবুৰীত বদৰুদ্দিন আজমল সাংসদ হলে কোনো উন্নয়ন নহয় ।


সভাত গৰিয়া মৰিয়া দেশী সকলক অসমীয়া জাতিৰ অংগ বুলি দোহাৰি কয় যে গৰিয়া মৰিয়া দেশী সকলে এতিয়া সকলো বুজি উঠিছে যে বিজেপিয়ে তেওঁ লোকৰ হৈ কাম কৰি আহিছে। সভাত পুনৰ বাল্য বিবাহ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে। বাল্য বিবাহ কৰোৱা সকলক পুনৰ থানা লৈ যাব লাগিব। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা।

বিলাসীপাৰাৰ পৰা জিয়াৰুল আলমৰ প্ৰতিবেদন

বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু উপ দলপতি ৰকিবুল ইছলামে ভূৰাগাঁৱৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে…

বিৰোধী দলৰ দলপতি দেৱব্রত শইকীয়া আৰু উপ দলপতি ৰকিবুল ইছলামে ভূৰাগাঁৱৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। লাহৰীঘাট সমষ্টিৰ কুপতিমাৰী আৰু বালিডোংগাত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াত জাহ গৈছে বহুলোকৰ ঘৰ-বাৰী চৰকাৰী বিদ্যালয়কে আদি কৰি কেইবা লক্ষ্যাধিক টকাৰ সা-সম্পত্তি। জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ূষ হাজৰিকাই সোমবাৰে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছতেই খৰতকীয়া হৈ উঠিছে খহনীয়া প্ৰতিৰোধৰ কাম।

জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাহঁৰ জেং আৰু মাটি ভৰ্তি জি’অ বেগৰ কাম অব্যাহত ৰাখিছে। আজি খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুলে হুছেইনে। তেওঁলোকক সংগ দিয়ে স্থানীয় বিধায়ক ডাঃ আছিফ নাজাৰে।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন