Home Blog Page 1513

তামুলপুৰৰ বগৰীখুটিত এগৰাকী শিক্ষকৰ বৰ্বৰতা

তামুলপুৰৰ বগৰীখুটীত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ অমানৱীয় কাণ্ড৷ বগৰীখুটীৰ মধ্য ডোঙাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৃথীৰঞ্জন দাসে অংক বুজাই দিব নোৱাৰাৰ কাৰণে ক্ৰিকেট খেলৰ প্লাষ্টিকৰ ষ্টাম্পেৰে কোৱাই পিঠি ফালিলে এজন পঞ্চম মানৰ ছাত্ৰৰ ৷

প্ৰধান শিক্ষক গৰাকীৰ নিৰ্মম প্ৰহাৰত শৰীৰৰ কেইবা ঠাইতো আঘাত পোৱাৰ লগতে হাতৰ আঙুলি পৰ্যন্ত ভাঙি যায় ছাত্ৰজনৰ ৷

ছাত্ৰজনে কান্দি কান্দি ঘৰলৈ আহি সকলো কথা বিৱৰি কোৱাত লগে লগে অভিভাৱকে নাগ্ৰীজূলি আদৰ্শ চিকিৎসালয়ত ভৰ্তী কৰায় ৷

প্ৰধান শিক্ষক গৰাকীৰ অমানৱীয় কাণ্ডৰ ন্যায় বিচাৰি নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে অভিভাৱকে৷

-প্ৰসাদ দাস,তামুলপুৰৰ

শিৱসাগৰ জিলা তাক্স ফ’ৰ্চৰ উদ্যোগত শিমলুগুৰিত ১২ শিশু শ্ৰমিক উদ্ধাৰ

নাজিৰাৰ শিমলুগুৰি, বালিঘাট অঞ্চলত একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নীতি উলংঘা কৰি শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই আহিছে৷

সোমবাৰে শিৱসাগৰ জিলা শিশু শ্ৰমিক তাক্স ফ’ৰ্চ সমিতিয়ে নাজিৰাৰ শিমলুগুৰি অঞ্চলত শিশু শ্ৰমিক উদ্ধাৰৰ অভিযানত জিলা শিশু সুৰক্ষা বিষয়া ড° বিকাশ ৰঞ্জন কোঁৱৰ, শিশু কল্যাণ সমিতিৰ অধ্যক্ষা মনালিচা শৰ্মা, নাজিৰা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ শ্ৰম পৰিদৰ্শক আৰ্চাদ আহমেদ, শিমলুগুৰি আৰক্ষী থানাৰ শিশু কল্যাণ আৰক্ষী বিষয়া নৱজ্যোতি বৰদলৈ, জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ সমাজসেৱকদ্বয় দীপক টায়ে, প্ৰাৰ্থনা দুৱাৰা, নাজিৰা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিপুল গগৈৰ লগতে স্থানীয় সাংবাদিকৰ সহযোগত শিমলুগুৰি অঞ্চলৰ পিংকু মহন ব্ৰইলাৰ ফ্ৰামৰ পৰা ২জন,শিমলুগুৰি
ৰাজস্থান হোটেলৰ পৰা ৩জন, বালিঘাট পাৰিজাত হোটেলৰ পৰা ৬জন,বালিঘাট কাৰ ৱাচিংৰ পৰা ১জন,

মুঠ ১২ টি শিশু শ্ৰমিক উদ্ধাৰ কৰি শিশু শ্ৰমিক নিয়োগ কৰা মালিক পক্ষৰ ওপৰত শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰকৃত পিতৃৰ সন্ধানৰ আগমূহুৰ্ততলৈকে স্বাস্থ্য পৰীক্ষা কৰি শিৱসাগৰত অৱস্থিত আহানা শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হয়৷

-দিলীপ হাজৰিকা,নাজিৰা

ভূমি সংক্ৰান্তীয় বিষয়ত মণ্ডলক কন্দল নলগাবলৈ সকিয়ালে ৰাজহ মন্ত্ৰী যোগেন মহনে, অহা দুমাহৰ ভিতৰত ৰাজ্যত প্ৰৱৰ্তন হ’ব ই দলিলৰ ব্যৱস্থা

ভূমি সংক্ৰান্তীয় বিষয়ত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডল সকলে যাতে কোনো কন্দল নলগায় তাৰ বাবে মণ্ডলসকলক সকিয়াই দিয়ে অসম চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে।

সোমবাৰে জামুগুৰিহাটত শোণিতপুৰ জিলাৰ ভিতৰতে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যমৰ চি বি এছ চি পাঠ্যক্ৰমৰ প্ৰথমখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ আহি নিজৰ ভাষণত এইদৰে ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল সকলক সকিয়াই দিয়ে ৰাজহ মন্ত্ৰী গৰাকীয়ে।

ভূমি সংক্ৰান্তীয় সকলো বিবাদ মীমাংসা বাবে বসুন্ধৰা-২ৰ জৰিয়তে সকলো কাম চলি থকাৰ সময়তে দুই এটকা পইচাৰ কাৰণে মণ্ডলসকলে মাজে সময়ে হাত দাঙি থাকিব লগা হোৱাটো অতিকৈ লজ্জাজনক বুলি অভিহিত কৰি মন্ত্ৰী যোগেন মহনে দুৰ্নীতি ৰোধ কৰাৰ বাবেই অহা দুটামাহৰ ভিতৰত ই-দলিলৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লব লোচন দাস,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও উপস্থিত আছিল।
-জোন বৰা, জামুগুৰিহাট

ব্ৰহ্মপুত্ৰত মাজুলী অভিমুখী ফেৰী সন্ধানহীন

সোমবাৰে মাজুলী অভিমুখে গৈ থকা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াত এম ভি লোহিত নামৰ এখন ফেৰী নিৰুদ্দেশ হয়।

সূত্ৰ অনুসৰি যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী অভিমুখে গৈ আছিল ফেৰীখন।

খবৰ অনুসৰি, ১৩৪ জন যাত্ৰী আৰু ৩২ খন বাইক কঢ়িয়াই নিমাটি ঘাটৰ পৰা ১.৩০ বজাত ফেৰীখন ৰাওনা হয় যদিও ঘন কুঁৱলীৰ মাজতে ফেৰীখন অদৃশ্য হোৱাৰ সন্দেহ কৰা হৈছে।

সময়ৰ লগে লগে ফেৰীখনত থকা লোকসকলৰ সুৰক্ষাৰ চিন্তা বাঢ়িছে। দ্ৰুত সঁহাৰি জনাই ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে কমলাবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰি অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

নিৰুদ্দেশ হোৱা ফেৰীখন আৰু ইয়াৰ যাত্ৰীসকলক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে, কিয়নো কৰ্তৃপক্ষই তেওঁলোকৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

তামুলপুৰত কৃত্ৰিম বানপানী

তামুলপুৰত কৃত্ৰিম বানপানী। স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়ত একাঠু পানী।

একাঠু পানীৰ মাজেৰে যাব লগা হৈছে স্বাস্থ্য কেন্দ্ৰলৈ ৰোগী, চিকিৎসক, বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী।

উপযুক্ত নলাৰ অভাৱত পানীত বুৰ গৈছে স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়।

একাংশলোকে নলাসমূহ বন্ধ কৰি নলাৰ ওপৰতে দিছে দোকান।

তাৰ ফলত এনেদৰে কৃত্ৰিম বানপানীৰ কবলত পৰিছে তামুলপুৰ মহকুমা সদৰৰ স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়।

বোকা পানীৰ মাজেৰে চিকিৎসালয়লৈ আহিব লগা হৈছে ৰোগী

জোনালী নাথৰ হত্যাকাৰী ফাঁচী দিয়াৰ দাবীত গোৱালপাৰাত বিশাল প্ৰতিবাদী সমদল

গোৱালপাৰা জিলা বি জে পিৰ নেত্ৰী জোনালী নাথৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত সোমবাৰে গোৱালপাৰা জিলা হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ উদ্যোগত পাঁচ শতাধিক পুৰুষ মহিলাই বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে!

বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ “জোনালী নাথৰ হত্যাকাণ্ডৰ উচ্চ পর্যায়ৰ তদন্ত কৰক”, “জোনালী নাথৰ হত্যাকাণ্ডত জড়িত সকলোৰে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক”, “জোনালী নাথৰ পৰিয়ালক এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰক”, “চি আই দি আই জি পি দেৱৰাজ উপাদ্যায়ে জোনালী নাথৰ পৰিয়ালক সামাজিকভাৱে যি হত্যা কৰিলে তাকো তদন্তৰ আঁওতালৈ আনি দৃষ্টান্তমুলক শাস্তি দিয়ক” আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পুৰুষ মহিলাই !

-উৎপল ৰাভা,গোৱালপাৰা

ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব

ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াই বিভিন্ন ঠাইত তাণ্ডব চলাইছে। শ শ ৰাইজৰ ঘৰ দোৱাৰ ভেটি মাটি ব্ৰহ্মপুত্ৰ বুকুত জাহ যাব ধৰিছে।ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱতো ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব৷ বৰ্তমান বিপদসংকুল অৱস্থাত আছে কেবাশতাধিক পৰিয়াল, নিজৰ সপোনৰ ঘৰ খন ভঙাত ক’লৈ যাব ক’ত আশ্ৰয় ল’ব ভাবি কান্দোনত ভাঙি পৰিছে গৰাখহনীয়াৰ কবলত পৰা দৰিদ্ৰ ৰাইজ৷

সমান্তৰাল ভাবে বিধায়ক নজৰুল হকৰ লগতে সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গৰ্জী উঠিছে শিলঘাগৰী অঞ্চলৰ ৰাইজ।

স্থানীয় বিধায়ক নজৰুল হকক গৰাখহনীয়া সন্ধৰ্ভত অবগত কৰিছিল যদিও কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীসকলে৷ কেৱল মতিৰচৰ জিলা পৰিষদৰ সদস্যা বেবী বেগমে উক্ত অঞ্চলৰ গঢ়াখহনীয়াৰ পৰিস্থিতিৰ বুজ লয় বুলি স্থানীয় ৰাইজে উল্লেখ কৰে।

স্থানীয় লোকসকলৰ লগতে মতিৰচৰ জিলা পৰিষদৰ সদস্যা তথা ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে ধুবুৰী জিলা উপায়ুক্ত গৰাকীক উক্ত অঞ্চলৰ গঢ়াখহনীয়া পৰিদৰ্শন কৰি স্থায়ী প্ৰতিৰোধ কৰাৰ লগতে গঢ়াখহনীয়াৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালৰ লোক সকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাতৰ আহ্বান জনায়।

-দেৱান জাহাঙ্গীৰ আলম,ধুবুৰী

বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ

বিজেপি সভালৈ নোযোৱাই যেন কাল হ’ল এহাল দম্পত্তিৰ৷

বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ৷ পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই নামৰ এহাল দম্পত্তিক লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ শিৱসাগৰৰ গৌৰীসাগৰ চাৰিঙত অংশুমান বৰা নামৰ বিজেপি কৰ্মী জনৰ বিৰুদ্ধে এই অভিযোগ৷

দেওবাৰে অনুষ্ঠিত বিজেপিৰ জনসভালৈ নোযোৱাৰ বাবেই পূৰ্ণিমা চাংমাইৰ মূৰ ফালে অংশুমান বৰাই৷ পূৰ্ণিমা চাংমাইৰ ঘৰত প্ৰৱেশ কৰি বিজেপি কৰ্মী অংশুমান বৰাই কাপোৰ ফলাৰ লগতে পেট-পিঠি, মূৰ, হাত, বুকুত গুৰিয়াই আৰু লাঠিৰে মৰিয়াই৷

নিশা প্ৰায় ৮-৩০ মান বজাত সংঘটিত এই ঘটনাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিশাই গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত মহিলাগৰাকীক শিৱসাগৰ জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গৌৰীসাগৰ আৰক্ষী থানাত বিজেপি কৰ্মী জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷

ডিকম নাহৰতলী চাহ বাগিচা আদৰ্শ বিদ্যালয় শুভ উদ্বোধন শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত সোমবাৰে শুভ উদ্ধোধন হ’ল ডিকম নাহৰতলী চাহ বাগিচা এলেকাত নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়৷

মাংগিলক কাৰ্যৰে শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে৷

আমাৰ শিক্ষা আমাৰ গৌৰৱ, শিক্ষা আমাৰ ভৱিষ্যৎ শ্ল’গানেৰে অসম চৰকাৰে অসমৰ বিভিন্ন চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় প্ৰদান কৰিছে৷

নাহৰতলী চাহ বাগিচাত শিক্ষামন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ প্ৰথমে বন্তি প্ৰজ্বলন আৰু ফিটা কাটি বিদ্যালয়খন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উৎৰ্সা কৰে৷

নাহৰতলী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ উদয় শংকৰ গগৈয়ে আদৰণি সম্ভাষণ জনোৱা শুভ উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, উপায়ুক্ত বিশ্বজিৎ পেগু, স্কুল পৰিদৰ্শক বিন্তি শৰ্মা, অতিৰিক্ত উপায়ুক্ত (শিক্ষা) সংৰ্ঘমিত্ৰা বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ বিষয়ব্বীয়া সকল উপস্থিত থাকে৷

ৰাষ্ট্ৰীয় সংগীতেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে৷

প্ৰতাৰণাৰ বলি হ’ল অভিনেত্ৰী ৰশ্মিকা মণ্ডন্না, মেনেজাৰে ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিলে অভিনেত্ৰী গৰাকীক

হিন্দী থ্ৰিলাৰ মিছন মজনু (২০২৩)ত শেষবাৰৰ বাবে দেখা পোৱা আৰু বৰ্তমান আল্লু অৰ্জুন অভিনীত পুষ্পা ২ ছবিখনৰ কামত ব্যস্ত অভিনেত্ৰী ৰশ্মিকা মণ্ডন্নাক দীৰ্ঘদিনীয়া মেনেজাৰে ৮০ লাখ টকা প্ৰতাৰণা কৰাৰ খবৰ আহিছে৷

পিংকভিলাৰ এক প্ৰতিবেদন অনুসৰি মেনেজাৰে ৰশ্মিকাক ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিছিল। এই কাণ্ডৰ সন্দৰ্ভত তাই এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া বা মন্তব্য দিয়া নাই৷

“ৰশ্মিকাক তাইৰ মেনেজাৰে ৮০ লাখ টকা প্ৰতাৰণা কৰা বুলি কিছু চৰ্চা চলিছে। সকলোকে দেখুৱাই এই বিষয়ে এটা দৃশ্য সৃষ্টি কৰিব বিচৰা নাছিল৷ সেয়েহে তাই নিজৰ মেনেজাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰি নিজাববীয়াকৈ ইয়াৰ সৈতে মোকাবিলা কৰিছিল।’- প্ৰতিবেদনত এক সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে।