Home Blog Page 1520

মহিলাৰ থাইৰয়ডৰ সমস্য়া বেছি কিয়? থাইৰয়ডৰ পৰা আঁতৰি থাকিবলৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই সমূহ খাদ্য…

থাইৰয়ডৰ সমস্যাৰ বাবে আমাৰ শৰীৰৰ কাৰ্যক্ষমতা কমি যায়। এই ক্ষেত্ৰত যদি আপুনি খাদ্যত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰে তেন্তে থাইৰয়ডৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। থাইৰয়ড গ্ৰন্থি এটা অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্ৰণ কৰে। থাইৰয়ড ৰোগীৰ বাবে উত্তম খাদ্য সমূহ হৈছে-

আপেলঃ আপেলত পেক্টিন নামৰ আঁহ থাকে, যিয়ে থাইৰয়ড হৰম’নৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। আপেল সেৱন কৰিলে থাইৰয়ডৰ সমস্যাত সকাহ পোৱা যায়।

ব্ৰাউন ৰাইচ: ব্ৰাউন ৰাইচত থাইৰয়ডৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে- চেলেনিয়াম, জিংক আৰু আইৰণ থাকে। এই খনিজ পদাৰ্থৰ উপস্থিতিৰ বাবে থাইৰয়ড ৰোগীৰ বাবে ব্ৰাউন ৰাইচ ভাল।

বাদাম: আলমণ্ড, আখৰোট, ব্ৰাজিল বাদাম থাইৰয়ডৰ বাবে ভাল, কিয়নো ইয়াত চেলেনিয়াম আৰু জিংকৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ থাকে। বাদাম খালে থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰি।

দৈঃ দৈত প্ৰ’বায়’টিক থাকে, যিয়ে আপোনাৰ অন্ত্ৰত সুস্থ বেক্টেৰিয়াক প্ৰসাৰিত কৰে। ই থাইৰয়ডৰ সমস্যা কমোৱাত সহায় কৰে।

থাইৰয়ড ৰোগীয়ে এই সমূহ খাদ্য এৰাই চলিব লাগে-

সৰিয়হঃ সৰিয়হে থাইৰয়ড হৰম’নৰ উৎপাদন বন্ধ কৰিব পাৰে, গতিকে থাইৰয়ড ৰোগীয়ে ইয়াৰ পৰা আঁতৰি থাকিব লাগে।

শাক-পাচলি: কবি, ব্ৰকলি, কলৰ পাতৰ দৰে শাক-পাচলিয়ে থাইৰয়ডৰ সমস্যা আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। কম পৰিমাণে খাব লাগে।

গ্লুটেন: গ্লুটেনে থাইৰয়ডৰ সমস্যা বৃদ্ধি কৰিব পাৰে, গতিকে গ্লুটেন সমৃদ্ধ খাদ্য কমাব লাগে। থাইৰয়ডৰ সমস্যা প্ৰাকৃতিকভাৱে নিৰাময় কৰিবলৈ ওপৰত উল্লেখ কৰা খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক আৰু পৰিহাৰ কৰিবলগীয়া খাদ্যসমূহ হ্ৰাস কৰক। লগতে নিয়মিত ব্যায়াম আৰু মানসিক চাপমুক্ত জীৱনশৈলী গ্ৰহণ কৰিলেও থাইৰয়ডৰ সমস্যাৰ উন্নতি হ’ব পাৰে।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত ৰহধলা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

প্ৰায় পঞ্চাশ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ অন্তত বঁটা প্ৰাপক সকলৰ মাজত পুৰস্কাৰ সমূহ বিতৰণৰ বাবে এখনি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহিলা কোষৰ সম্পাদিকা সহকাৰী অধ্যাপিকা শিখা ৰাণী কাকতিয়ে পৰিবেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে।

জ্যেষ্ঠ অধ্যাপিকা প্ৰতিমা বৰুৱাই পৰিবেশ সম্পৰ্কীয় সজাগতা মূলক বক্তৃতা প্ৰদান কৰাৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক  প্লাছটিক মুক্ত পৰিৱেশ গঢ়াৰ বাবে আহ্বান জনায়।

তেখেতে প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক পুৰস্কাৰসমূহো প্ৰদান কৰে আৰু কণ- কণ ছাত্রছাত্রী সকলক উদগনি দিয়াৰ উদ্দেশ্যে উপস্থিত সকলো ছাত্ৰ-ছাত্ৰীকে কোষৰ উপসভানেত্রী ড° শিখা এচ.কাশ্যপে একোটিকৈ ক্ষুদ্ৰ উপহাৰো প্ৰদান কৰে ।

অসম ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কলেজ ভিত্তিত ফুটবল প্ৰতিযোগিতাত বেলতলা কলেজ জুনিয়ৰ দলে দখল কৰিলে চেম্পিয়নৰ খিতাপ

গুৱাহাটীৰ দক্ষিণ বেলতলা স্কুল খেলপথাৰত অসম ছাত্ৰ পৰিষদ বেলতলা কলেজ গোটৰ উদ্যোগত অনুষ্ঠিত হয় কলেজ ভিত্তিত ফুটবল প্ৰতিযোগিতা।

যোৱা ৫ জুনৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হয় ৭ জুন, বুধবাৰে । খিতাপ যুঁজত বেলতলা কলেজ জুনিয়ৰ দলে মেঘালয়ৰ ৰিভ‌য় জিলাৰ জৰবিল কলেজক ৪-০ গ’লৰ পৰিস্কাৰ ব্যৱধানত পৰাস্ত কৰে ।

মুঠ ১০ খন কলেজ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চেম্পিয়ন দলে ট্ৰফীসহ ১১,০০১ টকা আৰু ফাইনেলিষ্ট দলে ট্ৰফীসহ ৬,০০১ টকা লাভ কৰে ।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বেলতলা কলেজ জুনিয়ৰৰ ৰাজু প্ৰসাদে লাভ কৰে ১,০০১ টকা ।

ফাইনেলৰ আৰম্ভণিতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, অসম চাইক্লিং সন্থাৰ সম্পাদক ড° তপন দাস, যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱা, অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অপূৰ্ব দাসক দুয়ো দলৰ খেলুৱৈৰ সৈতে পৰিচয় কৰাই দিয়া হয়।

ছয় মাহৰ পিছত বন্ধ হ’ব অটল অমৃত কাৰ্ডঃ মন্ত্ৰী কেশৱ মহন্ত

বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত জালুকবাৰী সমষ্টিৰ ৭৪৬৩৫ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম জে এ ৱাই) আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ(এম এম জে এ ৱাই) আয়ুস্মান কাৰ্ড সমূহ আনুষ্ঠানিক ভাবে বিতৰণ কৰে।

কামৰূপ উপায়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত ভাষণ দি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য সেৱা সাৰ্বজনীন কৰি দৰিদ্ৰ পৰিয়াল সমূহক স্বাস্থ্য সেৱাৰ যি অভিলাষী আঁচনি গ্ৰহণ কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে।

মন্ত্ৰী গৰাকীয়ে কয় যে এই আচঁনি খনৰ দ্বাৰা প্ৰতিজন হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব। ইতিমধ্যে ৰেচন কাৰ্ড থকা ৮৪ শতাংশ হিতাধিকাৰী এই আচঁনিত অন্তৰ্ভুক্ত হৈছে।

যি সকল লোকৰ ৰেচন থাকিও আয়ুস্মান কাৰ্ডৰ লাভ কৰাৰ বাবে আবেদন কৰা নাই সেই লোকসকলক অতি শীঘ্ৰে আবেদন কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যি সকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ সুবিধা হোৱাকৈ অসম চৰকাৰে আগন্তুক দিনত আৰু ৪০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকেও যাতে ইয়াৰ দ্বাৰা উপকৃত হ’য়।

মন্ত্ৰী মহন্তই লগতে কয় যে এই কাৰ্ডৰ জৰিয়তে ১৬০০ টকা ৰোগৰ চিকিৎসা অসমৰ দুই এখন ব্যক্তিগত চিকিৎসালয়ৰ বাদে সকলো চিকিৎসালয়ত কৰিব পাৰিব। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰধান মন্ত্ৰী‌ জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ আয়ুস্মান কাৰ্ড সম্পূৰ্ণ নোহোৱালৈকে অৰ্থাৎ ছয় মাহলৈ বৰ্তমান চলি থকা অটল অমৃত কাৰ্ড সমূহ কাৰ্য্যক্ষম হৈ থাকিব।

সভাত অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালক তথা অটল অমৃত অভিযানৰ উপ সঞ্চালক কমলজিৎ তালুকদাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জীয়ে ভাষণ প্ৰদান কৰে। সভাত কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাৰ লগতে কেইবাজনো বিষয়া উপস্থিত থাকে।

ধেমাজি জয়ৰামপুৰ পানবাৰীৰ ঘটনাক লৈ অসম চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা বগা চুতীয়া আৰু মনিটু গগৈৰ পৰিয়ালক সমবেদন জ্ঞাপন কৰাৰ লগতে মনিটু গগৈ কন্যাৰ ভৰিৰ অষ্টোপচাৰৰ দায়িত্ব ললে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ হেমহৰি প্ৰসন্ন পেগুৱে৷

বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি, লখিমপুৰ লোকসভা সমষ্টিৰ তত্ত্বাৱধায়ক জয়ন্ত কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা ধেমাজি বিধান সভা সমষ্টিৰ তত্বাবধায়ক উৎপল গগৈ, সম্পাদক ভাস্কৰ দুৱৰাকে ধৰি এটা সজাতি দলে
ধেমাজিৰ জয়ৰামপুৰৰ অসম অৰুণাচল বিবাদমান অঞ্চল পানবাৰী পৰিভ্ৰমণ কৰে ৷

ইয়াৰ পিছতে জয়ৰামপুৰৰ পানবাৰীত অৰুনাচলীৰ গুলীত নিহত হোৱা পৰিয়াল দুটাৰ ঘৰত প্ৰদেশ কংগ্ৰেছৰ দলটোৱে উপস্থিত হৈ পৰিয়ালক সমবেদনা জনাই; লগতে মনিটু গগৈ কন্যাৰ ভৰিৰ অষ্টোপচাৰৰ দায়িত্ব ললে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ হেমহৰি প্ৰসন্ন পেগুৱে ৷

ইফালে এই ঘটনাক লৈ অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উৎপল গগৈয়ে কয় যে চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে কিন্তু ৰাজ্যৰ বাহিৰত গৈয়ো অন্য লোকক নমনীয় অপৰাধতো আটক কৰি আনিব পাৰে ৷

এই ঘটনাত জড়িত লোক সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তোলে সজাতি দলটোৱে৷

বনানিকৰণৰ লক্ষ্যৰে এইমছ গুৱাহাটী আৰু এৰিডাৰ মাজত সহযোগীতাৰ বুজাবুজি

এইমছ গুৱাহাটীৰ চৌহদটোক বনানিকৰণৰ মাধ্যমেৰে সেউজ-সুন্দৰকৈ গঢ় দিয়াৰ লক্ষ্যৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপাৰ্ছ এছ’চিয়েচন চমুকৈ এৰিডা আৰু এইমছ গুৱাহাটীৰ মাজত বুজাবুজি হয়।

এই সন্দৰ্ভত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে এইমছ গুৱাহাটী চৌহদৰ ভিতৰত থকা খালী এলেকাসমূহত গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে এইমছ গুৱাহাটীৰে এৰিডাৰ এক বুজাবুজিত উপনীত হৈছে।

চৌহদৰ ভিতৰত যুটীয়া বনানিকৰণ অভিযানৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই অভিযানৰ শুভাৰম্ভ কৰা হয় বুলি শৰ্মাই জানিবলৈ দিয়ে।

এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড০ অশোক পুৰাণিকৰ উপস্থিতিত গছপুলি ৰোপণেৰে উক্ত অভিযানৰ আৰম্ভণী কৰা হয়। এৰিডাৰ এই পদক্ষেপক এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰাণিকে ভূয়সী প্ৰশংসা কৰে।

এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে এইমছৰ দৰে প্ৰতিষ্ঠান ইয়াত হোৱাটো উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱৰ বিষয়। ইয়াৰ দ্বাৰা উত্তৰ পূব বিশেষভাৱে উপকৃত হ’ব। এনে এট‍া প্ৰতিষ্ঠানৰ সৈতে এৰিডা জড়িত হ’ব পৰাটো গৌৰৱৰ কথা বুলি তেওঁ কয়। তেওঁ অতি কম সময়ৰ ভিতৰত প্ৰতিষ্ঠানটো গঢ় দিয়াৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

খুমটাই সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত চকু পৰীক্ষা আৰু চশমা প্ৰদান শিবিৰ…

ভাৰত বিকাশ পৰিষদ,স্নেহপদ আৰু ভিছন স্প্রীংৰ সহযোগত আজি ব্ৰহ্মপুত্ৰ অঞ্চল খকণ্ডগুৰি নাট্য মন্দিৰত ভিজন স্প্ৰীং ডা: সৌৰভ কুমাৰ আৰু সুৰুজ টিপ্ৰাথীয়ে বিনামূলীয়াকৈ চকু পৰীক্ষা লগতে প্ৰয়োজনীয় চশমাও প্ৰদান কৰে।

উদ্যোক্তা যুৱ নেতা বিদ্যুৎ বৰাই কয় যে,দৰিদ্ৰ ৰোগীসকলৰ সুবিধাৰ্থেই আমি এইদৰে গ্ৰামাঞ্চলৰ কৃষকসকলক চকুৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে আগবাঢ়ি আহিছো৷উল্লেখ্য যে,আগন্তুক দিনত খুমটাই সমষ্টি প্ৰতিটো পঞ্চায়তে-পঞ্চায়তে চকু পৰীক্ষা আৰু চশমা প্ৰদান শিবিৰৰ আয়োজিত কৰিব,চকুৰ অস্ত্ৰোপচাৰ কৰাৰ সুবিধা প্ৰদান কৰিব বুলিও জানিব দিছে উদ্যোক্তাসকলে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

সাৱধান! ধূমপানৰ বাবে ছালত বহু গুৰুতৰ সমস্যা হয়। যৌৱন কালতে বৃদ্ধ হোৱাৰ সম্ভাৱনা…

অত্যধিক চিগাৰেট সেৱনৰ ফলত আপোনাৰ ছালৰ ৰং সলনি হোৱাৰ সম্ভাৱনা। বলিৰেখা, ছালৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰা চিগাৰেটত থকা বহুতো ৰাসায়নিক পদাৰ্থ থাকে। আমি সকলোৱে জানো যে ধূমপান কৰাটো এটা বেয়া অভ্যাস। কিন্তু আজিকালি ধূমপান যুৱক-যুৱতীসকলৰ মাজত এক ফেশ্বন হৈ পৰিছে যিয়ে তেওঁলোকৰ ভিতৰ আৰু বাহিৰ দুয়োটাৱে ক্ষতি কৰিছে। ধূমপান কৰা লোকৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। চিগাৰেটৰ ধোঁৱাত থকা আলকাতৰা হাওঁফাওঁত জমা হৈ বন্ধ হৈ পৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসতন্ত্ৰত অতি বেয়া প্ৰভাৱ পৰে। চিগাৰেটত পোৱা নিকোটিনে ৰক্তবাহী নলীৰ সংকোচন ঘটায়, যাৰ ফলত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয়। ইয়াৰ বাবেই ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনাও বেছি হয়। এই সকলোবোৰ আভ্যন্তৰীণ সমস্যাৰ বিষয় হৈ পৰিছে, আপুনি জানেনে যে চিগাৰেট খালে যৌৱনতে বৃদ্ধ যেন লাগিব পাৰে। যিসকল ধূমপায়ী, তেওঁলোকৰ ওঁঠ ক’লা হ’বলৈ আৰম্ভ কৰে আৰু ছালৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। ধূমপানে কিদৰে ছালৰ ক্ষতি কৰে জানক-

১/ গৱেষণাৰ পৰা দেখা গৈছে যে ধঁপাতৰ ধোঁৱাত ৪০০০ৰো অধিক বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে। এনে বহু ৰাসায়নিক পদাৰ্থই কলাজেন আৰু ইলাষ্টিনক প্ৰভাৱিত কৰে। ইয়াৰ বাবে সময়ৰ আগতেই আপোনাৰ ছালখন ঢিলা হ’বলৈ আৰম্ভ কৰিব আৰু ছালখন শেঁতা পৰিব।

২) চিগাৰেটৰ পৰা ওলোৱা ধোঁৱাত নিকোটিনৰ অণু থাকে যিটো সহজে ছালত শোষিত হয়। যেতিয়া ছালৰ ভিতৰলৈ যায় তেতিয়া কেৰাটিন’চাইটবোৰে কোষবোৰক ক্ষতিগ্ৰস্ত কৰাৰ কাম কৰে। ইয়াৰ কাৰণে আপোনাৰ ছালত মৃত কোষ বৃদ্ধি হ’ব পাৰে আৰু ছালৰ ৰং ক’লা হ’ব পাৰে।

৩) ধূমপানৰ পাৰ্শ্বক্ৰিয়া ছালত ইমানেই ভয়াৱহ যে মানুহে চ’ৰিয়াচিছৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। চ’ৰিয়াচিছৰ বাবে এক প্ৰকাৰৰ দীৰ্ঘদিনীয়া অৱস্থা আছে, যাৰ বাবে ছাল বেয়া হোৱাৰ আৰম্ভ কৰে।

৪) কেছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰ্চিটিৰ এম ডিৰ মতে এটা গৱেষণাৰ পৰা দেখা গৈছে যে ধূমপায়ীসকলৰ চকুৰ তলৰ ছালখন ঢিলা হৈ পৰে আৰু সময়ৰ আগতেই তেওঁলোকক বুঢ়া দেখাবলৈ আৰম্ভ কৰে।

৫)চিগাৰেটৰ ধোঁৱাত বিষাক্ত পদাৰ্থ থাকে, যাৰ বাবে শৰীৰত অক্সিডেটিভ চাপ বৃদ্ধি পায়, যাৰ ফলত পৰ্দাত অক্সিজেনৰ যোগান কমিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ছালখনৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে।

৬) ধূমপানৰ ফলত ৰক্তবাহী নলীৰ সংকোচন হ’ব পাৰে, যাৰ ফলত ৰক্ত সঞ্চালন হ্ৰাস পাব পাৰে। তেজৰ সঞ্চালন কম হোৱাৰ বাবে যিকোনো আঘাত বা ঘা ভাল হোৱাত অসুবিধা হয়। যিকোনো অস্ত্ৰোপচাৰ আৰু অস্ত্ৰোপচাৰত বাধা আহিব পাৰে।

ধূমপানৰ ফলত ছালৰ ক্ষতি ৰোধ কৰিবলৈ কোনো ঔষধ বা কোনো চিকিৎসাৰ প্ৰয়োজন নাই, ইয়াক বন্ধ কৰাৰ একমাত্ৰ উপায় হ’ল ধূমপান বন্ধ কৰা। ধূমপান এৰিলে আপোনাৰ ছালৰ সমস্যা কমি যায়।

ডিমাকুছিৰ ভোলাটাৰত হাতী পোৱালীৰ কৰুণ মৃত্যু: ব্যথিত প্ৰকৃতিপ্ৰেমী। খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি কুঁৱাত পৰি মৃত্যু এটি হাতী পোৱালী…

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি নিশা জাকৰ পৰা মাকৰ লগত পানী খাবলৈ আহি কুঁৱাত পৰি মৃত্যুমুখত পৰে হাতী এটি পোৱালী। ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত নিৰৱছিন্নভাৱে চলি আহিছে হাতী-মানুহৰ সংঘাত এই সংঘাতৰ মাজতে মঙ্গলবাৰে পুৱতি নিশা ডিমাকুছিৰ ২ নং ভোলাটাৰত এটি বন্যহস্তীৰ পোৱালীৰ কুঁৱাত পৰি কৰুণ মৃত্যু হ’য় । বিশেষকৈ জিলাখনৰ বাদলাপাৰা চাহ বাগিছা , বৰঙ্গাজুলি চাহ বাগিছাকে ধৰি ৰজাগড়, নালাপাৰাত কেইবাদিনো বৃহৎ-বৃহৎ বনৰীয়া হাতীৰ জাকে বাহৰ পাতি থকা পৰিলক্ষিত হৈছে । ইয়াৰে খাদ্যৰ সন্ধানত ওলাই বাদলাপাৰা চাহ বাগিছাত থকা বন্যহস্তীৰ এটি বৃহৎ জাকৰ পৰা ফালৰি কাটি পোৱালীৰ সৈতে হাতীটো নিশা ২ নং ভোলাটাৰ গাঁৱত প্ৰৱেশ কৰে ৷ মাকৰ সৈতে গাঁওখনত প্ৰৱেশ কৰা পোৱালীটো পিয়াহত ক্ষুধা নিবাৰণৰ বাবে হয়তো পানী খাবলৈ আহি অসাৱধানবশত ফলত দুৰ্ভাগ্যবশতঃ এটি পৰিত্যক্ত কুঁৱাত পৰি যোৱাত কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’য় বুলি সন্দেহ কৰে বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে । বুধবাৰে ৰাতিপুৱা স্থানীয় দৃশ্যটো প্ৰত্যক্ষ কৰি লগে-লগে বনবিভাগক খৱৰ দিয়ে ৷

স্থানীয় ৰাইজৰ খৱৰৰ ভিত্তিত পুৱাই বনবিভাগৰ লোক আৰু এছ এছ বি ৰ যোৱান ঘটনাস্থলীত উপস্থিত হৈ জেচিবিৰ সহায়ত বহু সময়ৰ অন্তত মৃত হাতী পোৱালীটো কুঁৱাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ এনেদৰে বন্যহস্তীৰ পোৱালীটোৰ কৰুণ মৃত্যুত প্ৰকৃতিপ্ৰেমী সকলক ব্যথিত কৰি তুলিছে । ইফালে অঞ্চলটোত নিতৌ বৃদ্ধি পাইছে জীৱশ্ৰেষ্ঠ মানৱৰ সৈতে বন্যহস্তীৰ সংঘাত , কিন্তু সমস্যা সমাধানত নিৰুপায় হৈ পৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ । স্থানীয় ৰাইজৰ অভিযোগ সংকুচিত বনাঞ্চলত তীব্ৰ খাদ্যসংকটত ভূগি বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহি খাদ্যৰ সন্ধানত প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে মানুহৰ সৈতে ৷ যাৰ বাবে নিশা হ’লেই বন্যহস্তীৰ সৈতে সহবাস কৰিবলগীয়া হৈছে জীৱশ্ৰেষ্ঠ মানৱে ৷ ইতিমধ্যে হাতী মানুহৰ সংঘাতত সৰ্বশ্ৰান্ত হ’ৱলগীয়া হৈছে বহু পৰিয়াল । ভাৰত-ভূটান অঞ্চলটোত দৈনিক বৃদ্ধি পাবলৈ ধৰা হাতী মানুহৰ সংঘাতৰ নিৰাময় কেতিয়া তাৰ উত্তৰ এতিয়া নাই কাৰো হাতত ৷

সোণাৰি নাট্য সমাজৰ সৌজন‍্যত পাৰ্বতী প্ৰসাদ বৰুৱা স্মৃতি দিৱস উদযাপন নাট্য সমাজৰ প্ৰেক্ষাগৃহত…

অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী , গীতিকাৰ , সুৰসাধক , গায়ক , নৃত্য শিল্পী , সু অভিনেতা , তথা অসমৰ কলা সংস্কৃতি জগতত উদ্ভাসিত হৈ থকা স্বনামধন্য গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ আজি ৭জুন বুধবাৰে স্মৃতি দিৱস উদযাপন কৰিছে সোণাৰি নাট্য সমাজে পুৱা দহ বজাৰ পৰা। সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাৰ অন‍্যতম সাংস্কৃতিক অনুষ্ঠান সোণাৰি নাট্য সমাজৰ সৌজন‍্যত অবিভক্ত শিৱসাগৰ জিলাও সম্পূৰ্ণ মৰাণ সামৰি পাৰ্বতী প্ৰসাদ বৰুৱা গীতৰ প্ৰতিযোগিতাৰ আয়োজনৰে পুৱা পতাকা উত্তোলন কৰে নাট‍্য সমাজৰ সভাপতি ননী বৰুৱাই।

পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ পু-নাতি সমুদ্ৰ প্ৰসাদ বৰুৱাই , আৰু তেখেতৰ লগত সংগ দিয়ে সমাজ কৰ্মী বিপিন শৰ্মা , ডাক্তৰ পলৱ মহন্তকে আদি কৰি বিভিন্ন জন ব‍্যক্তিয়ে পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি ধূপ প্ৰজ্জ্বলন কৰি মাল‍্যাপন কৰে।

চৰাইদেউৰ পৰা ৰূপামনি গগৈৰ প্ৰতিবেদন