Home Blog Page 1526

ৰোজগাৰ মেলাত ৭০ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত নিযুক্তিপ্ৰাপ্তসকলক ৭০,১২৬খন নিযুক্তি পত্ৰ ভাৰ্চুৱেলি বিতৰণ কৰে।তেওঁ কয় ‘ৰোজগাৰ মেলা’ এন ডি এ-বিজেপি চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে। পূৰ্বৰ চৰকাৰসমূহে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছিল’।

তেওঁ লগতে দাবী কৰে যে পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াত ১-১.৫ বছৰ সময় লাগিছিল যদিও এতিয়া মাত্ৰ কেইমাহমানহে লাগে।

খাৰঘূলিস্থিত জাইকাৰ প্রকল্প পৰিদৰ্শন মন্ত্রী অশোক সিংঘালৰ…

  1. পুৱাই খাৰঘূলিস্থিত জাইকাৰ প্রকল্প পৰিদৰ্শন মন্ত্রী অশোক সিংঘালৰ
  2. পৰিদৰ্শকালত উপস্থিত নাছিল কাৰিকৰী বিভাগৰ কোনো কৰ্মচাৰী

  1. কৰ্তব্যত গাফিলতি আৰু অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে হ’ব ব্যৱস্থা
  2. জল ব’ৰ্ডক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ মন্ত্রীগৰাকীৰ
  3. ইয়াৰ পিছতে ৰাজগড়ৰ পাইপ বিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্রীগৰাকীৰ

  1. ক্ষতিগ্রস্ত পাইপলাইনৰ মেৰামতিৰ কাম-কাজৰ অগ্রগতিৰ পৰ্যবেক্ষণ
  2. মেৰামতিৰ কাম শীঘ্রে সম্পন্ন কৰিবলৈ বিষয়ববীয়াক নিৰ্দেশ

কি কি কাৰণত হৃদৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি হয় জানক…

১. ধূমপান বন্ধ কৰক। ধুমপানৰ ফলত হৃদৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি পায়।
কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰি থাকিব আৰু নিয়ন্ত্ৰণ কৰিব।

২. ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যায়াম কৰক আৰু শাৰীৰিকভাৱে সুস্থ হওক।

৩. অতিৰিক্ত ওজন হ্ৰাস কৰক আৰু  হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ উপযোগী খাদ্য গ্ৰহণ কৰক।

৪. ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক।  মানসিক চাপ নিয়ন্ত্ৰন কৰক তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক।

ৰাষ্ট্ৰীয় স্কুল গেমছ টেনিছত অন্তৰীক্ষ তামূলীৰ ৰূপৰ পদক অৰ্জন

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এই বহু ইভেণ্টৰ প্ৰতিযোগিতাৰ ১২ জুন, সোমবাৰে সামৰণি পৰে।

নতুন দিল্লীৰ এন চি টিত অনুষ্ঠিত ল’ৰাৰ ১৯ বছৰ অনূৰ্দ্ধ টেনিছ প্ৰতিযোগিতাত অসমৰ অন্তৰীক্ষ তামূলীয়ে ৰূপৰ পদক লাভ কৰে।

ইফালে দিল্লীত অনুষ্ঠিত ছোৱালীৰ ১৯ বছৰ অনূৰ্দ্ধ ৰিডমিক যোগাসনত অসমৰ জেনিফাৰ আফ্ৰিন আহমেদে সোমবাৰে ব্ৰঞ্জৰ পদক জয় কৰে ।

২১ টা ইভেণ্টত যোগদান কৰা অসমৰ খেলুৱৈয়ে ৪ টা সোণ, ৯ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে মুড ২০ টা পদকেৰে অভিযান সামৰে ।

কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে৷

শেহতীয়াকৈ বেঠুকান্দিত জলসিঞ্চন বিভাগৰ অধীনত থকা এখন শ্লুইছ গেট জলসম্পদ বিভাগে সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰি তুলিছিল৷

অৱশ্য শ্লুইছ গেটখনৰ পৰা তলৰ ফালে কিছু কাৰীকৰি বিসংগতি ধৰা পৰাত জলসম্পদ বিভাগে সমাধানৰ বাবে তৎপৰতাৰে কাম কৰি আছে৷ মন্ত্ৰীগৰাকী উক্ত স্থানত উপস্থিত হৈ শ্লুইছ গেটখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়৷

পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হজৰিকাই পানীৰ চাপৰ প্ৰতি লক্ষ্য কৰি বেঠুকান্দিত এখন ডাঙৰ শ্লুইছ গেটৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা বুলি ব্যক্ত কৰে আৰু অহা অক্টোবৰ মাহৰ পৰা ডাঙৰ শ্লুইছ গেট নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে৷

আনহাতে বিগত বৰ্ষত চিগা অংশ মেৰামতি কৰি বৰাকৰ পাৰত নিৰ্মাণৰত নতুন মথাউৰিটো পূৰণা মথাউৰিতকৈ প্ৰায় দুগুণ ডাঙৰ বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে এই মথাউৰিৰ কামো প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰা হৈছে আৰু এইবাৰ মথাউৰি চিগাৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হৈছে৷

চৰকাৰে সম্ভাৱ্য বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে সাজু কৰি তোলা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে, জলসম্পদ বিভাগেও ক্ৰয় কৰি ৰখা প্ৰায় ১০ লাখ জিঅ’ বেগ আৰু ৯৫ হাজাৰ পৰ্কুপাইন চেটৰ ৭৫ শতাংশই জিলাসমূহলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে৷

টংলা ছাটগাড়ী মজলীয়া বিদ্যালয়ত জন ভাগিদাৰী কাৰ্যক্ৰমৰ টি এল এম মেলা

ওদালগুৰি শিক্ষা খণ্ডৰ টংলা ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত সোমবাৰে সমগ্ৰ শিক্ষা ওদালগুৰিৰ উদ্যোগত নিপুণ ভাৰত মিছনৰ অধীনত আৰম্ভ হোৱা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা কাৰ্যসূচীৰ অংশৰূপে জন ভাগীদাৰী কাৰ্যক্ৰমৰ অন্তৰ্গত টিএলএম অৰ্থাৎ শিক্ষণ শিকণ সঁজুলি মেলা অনুষ্ঠিত হয় ।

ওদালগুৰি জিলা অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকাই ৰঙীণ ফিটা কাটি শুভ উদ্বোধন কৰে এই অনুষ্ঠানৰ।

টংলা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতা ৰাণী মহলীয়াৰ নেতৃত্বত ১২ খন বিদ্যালয়ৰ পৰা শিক্ষণ শিকণ সঁজুলি প্ৰদৰ্শন কৰা হয়।

প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে খৈৰাবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বহৈথী বড়োৱে আৰু হাতে লিখা আলোচনী উন্মোচন কৰে ওদালগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অশ্বিনী বড়োৱে।

অনুষ্ঠানত ওদালগুৰি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই টি এল এম মেলাত অংশগ্ৰহণ কৰে।

কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু কৰৰা শিক্ষাখণ্ডৰ সহযোগত জি-২০ জনভাগিদাৰী কৰ্মশালা

সোমবাৰে কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু কৰৰা শিক্ষা খণ্ডৰ সহযোগত ৬৪৮ নং ক্ষুদ্ৰপলহা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে “জি-২০ জনভাগিদাৰী” কৰ্মশালা এখনি আয়োজন কৰে৷ কেন্দ্ৰ সমন্বয়ক অচ্যুত বৰা আৰু কনকলতা দাসে আঁত ধৰা কৰ্মশালাৰ আৰম্ভণিতে জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ এম জি অৰবিন্দকছান ডাঙৰীয়াৰ হাতেৰে বৃক্ষৰোপণ কৰি দিনটোৰ কাৰ্যসূচীৰ শুভাৰাম্ভণি কৰা হয়৷

তেখেতৰ লগতে ৬৪৮ নং ক্ষুদ্ৰপলহা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিবাকৰ অধিকাৰী আৰু সভানেত্ৰী চুৰিয়া বেগম লগতে জিলা আঁচনি বিষয়া সংগীতা গোস্বামীয়ে এজোপাকৈ নেমু পুলি ৰোপণ কৰে৷ চি আৰ চি সিদ্ধাৰ্থ শৰ্মাৰ দ্বাৰা স্বৰচিত জনভাগিদাৰী গীতটো সকলো চি আৰ চি আৰু বি আৰ পি সকলে মিলি পৰিৱেশন কৰে৷

অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা কনকন ছাত্ৰছাত্ৰীসকলে সাধু কথা,গীত, নৃত্য,কবিতা আবৃত্তি কৰি সকলোকে আকৰ্ষিত কৰে৷ প্ৰায় তিনি শতাধিক শিক্ষক-শিক্ষয়িত্ৰী বিভিন্ন শিক্ষাখণ্ডৰ পৰা অহা শিক্ষা খণ্ড বিষয়া ,চি আৰ চি, বি আৰ পি, উপস্থিত থকা আজিৰ অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত (শিক্ষা বিভাগ) ড° জীৱন কৃষ্ণ গোস্বামীয়ে ছাত্ৰছাত্ৰীক সৰুৰেপৰা কি দৰে গণিত শিকাৰ প্ৰতি মনোগ্ৰাহী কৰিব লাগে আলোকপাত কৰে৷

বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া TLM মেলাৰ দ্বাৰ মুকলি কৰি উপস্থিত সকলোকে শিকন সামগ্ৰী প্ৰয়োজনীয়তা আৰু প্ৰয়োগৰ দিশত মতামত আগবঢ়ায়৷ তেখেতে এনে ধৰণৰ TLM মেলা প্ৰতিখন বিদ্যালয়ত পাতিবলৈ আহ্বান জনায়৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পূৱ কামৰূপ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক খগেন তালুকদাৰে নিজৰ ৰসাল কথাৰে সকলোকে আমোদ দিয়ে ৷

অনুষ্ঠানত কৰৰা শিক্ষা খণ্ডৰ খণ্ড বিষয়া সমৰেন্দ্ৰ চহৰীয়া, কমলপুৰ শিক্ষা বিষয়া মুণীন্দ্ৰ গোস্বামী,জিলা আচঁনি বিষয়া ফুলপাহী নাথ,চুইটী বেজবৰুৱা FLN সমন্বয়ক নিতু মণি মহন্ত উপস্থিত থকা অনুষ্ঠানৰ শেষত কেন্দ্ৰ সমন্বয়ক গিৰিন দাসে শলাগৰ শৰাই আগবঢ়ায়৷

গুৱাহাটীৰ চৰকাৰী পানীৰ পাইপৰ বিস্ফোৰণে এতিয়া নাগৰিকৰ প্ৰাণ কাঢ়িবলৈ লৈছে – ভূপেন বৰা

“ৰাজ্য চৰকাৰখনৰ চৰম অকর্মণ্যতাৰ বাবে যোৱা ২৬ মে’ত খাৰঘূলিত ‘জাইকা’ৰ পানীৰ পাইপৰ ভয়ংকৰ বিস্ফোৰণ ঘটি সুমিত্ৰা ৰাভা দাস নামৰ এগৰাকী মহিলাই প্ৰাণ দিব লগীয়া হোৱাৰ পিছত আজি পুনৰ গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত চৰকাৰী পানীৰ পাইপৰ বিস্ফোৰণ ঘটি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়ে আগেয়ে শুনা ‘পানী মানুহৰ প্ৰাণ’ বোলা কথাষাৰ আজি অসাব প্রতিপন্ন হৈছে। এতিয়া চৰকাৰে যোগান ধৰা পানীয়ে গুৱাহাটীৰ নাগৰিকৰ প্ৰাণ ল’বলৈ উদ্যত হৈছে।”- আজিৰ গুৱাহাটীৰ জল-বিস্ফোৰণৰ পিছত এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্রেছ সভাপতি ভূপেন কুমাৰ বৰাই ।


সভাপতি বৰাই কয় যে সৌভাগ্যৰ কথা যে ভগৱানৰ কৃপাত আজিৰ ঘটনাত কোনো লোকে প্রাণ হেৰুৱাবলগীয়া নহ’ল । আজি প্ৰকাশ কৰা এটা বিবৃতিত শ্রীবৰাই কয় যে ঘটনাটোত এলেকাটোৰ বহু নাগৰিকৰ ঘৰ বিস্ফোৰণৰ পৰিণতিত হোৱা কৃত্রিম বানত বিপুলভাবে ক্ষতিগ্ৰস্ত হৈছে। বহু পৰিয়ালৰ ঘৰৰ আচবাব-পত্ৰ সম্পূর্ণ বিনষ্ট হৈছে, গাড়ী-মটৰৰ ক্ষতি হৈছে আৰু অঞ্চটোৰ সৰু ডাঙৰ অলেখ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যাপক ক্ষতিসাধন হৈছে।

সভাপতিগৰাকীয়ে বিবৃতিটোত কয় যে এটাৰ পিছত আনটোকৈ চৰকাৰী পানীৰ পাইপৰ বিস্ফোৰণে এতিয়া নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতিয়ে চৰম ভাবুকি কঢ়িয়াই আনিছে। ইয়ে ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যর্থতা উদঙাই দিছে৷


বৰাই কয় যে প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক তুচ্চ-তাচ্ছিল্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে গুজৰাটত ইমান বৃহৎ বৃহৎ পাইপেৰে জনতাক পানী যোগান ধৰা হয় যে সেইবোৰেৰে তৰুণ গগৈয়ে সেই পাইপেৰে গাড়ী চলাই যাব পাৰিব। বিবৃতিটোত বৰাই কয়- “নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থকা ৯ বছৰ হ’ল আৰু অসমত বি জে পি চৰকাৰ শাসনত বহা ৭ বছৰ হ’ল। তথাপি সেই মটৰ গাড়ী চলাব পৰা পানীৰ পাইপ অসম বা গুৱাহাটীৰ ৰাইজে আজিও নেদেখিলে কিয় ? কমিছনৰ লোভত অতি নিম্নমানৰ আৰু কম ধাৰণ ক্ষমতাসম্পন্ন পাইপেৰে গুৱাহাটীৰ নাগৰিকক পানী যোগান দিবলৈ যোৱাৰ বাবেই সঘনাই তাৰ পৰিণতি গুৱাহাটীৰ নাগৰিকে ভোগ কৰিবলগীয়া হৈছে, প্রাণ দিবলগীয়া হৈছে।”

গুৱাহাটী উন্নয়ন মন্ত্ৰীগৰাকীয়ে এই পাইপৰ কাম কংগ্ৰেছৰ দিনত হোৱা বুলি কৰা দায়সৰা মন্তব্যৰ উত্তৰ দি শ্ৰীবৰাই কয় যে বি জে পিৰ চৰকাৰে আৰু কেইদিনমানৰ পিছত গুৱাহাটীৰ পানীৰ পাইপৰ বিস্ফোৰণ ঘটিলে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুক জগৰীয়া কৰিবলৈয়ো হয়তো ধৃষ্টতা দেখুৱাব।


উল্লেখযোগ্য যে তথ্য অনুসৰি এই পানীৰ পাইপৰ প্ৰকল্পৰ কাম পূৰ্বে কৰিছিল ‘গেমন ইণ্ডিয়া লিমিটেড’ নামৰ প্রতিষ্ঠানটোৱে। পিছত চৰকাৰে ‘গেমন’ক কামৰ পৰা অব্যাহতি দিয়াৰ পিছত ‘জাইকা’ নামৰ প্ৰতিষ্ঠানটোক ইয়াৰ পৰৱৰ্তী কাম-কাম চোৱাৰ দায়িত্ব অর্পণ কৰা হৈছিল। যোৱা ২৬ মে’ত বিস্ফোৰণ ঘটা খাৰঘূলিৰ প্ৰকল্পৰো দায়িত্বত আছিল ‘জাইকা’ নামৰ জাপানৰ এই প্ৰতিষ্ঠানটো।

দিখৌমুখত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পদক বিজয়ী ভাৰোত্তোলক বৰ্ণালীক সম্বৰ্দ্ধনা

নতুন দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰা দিখৌমুখ হেলথ এণ্ড এথলেটিকচ ক্লাবৰ খেলুৱৈ – প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলক বৰ্ণালী বড়াক সোমবাৰে ক্লাবৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়৷

অ বি চি ডেভেলপমেণ্ট বৰ্ড, শিৱসাগৰৰ অধ্যক্ষ তথা সমাজকৰ্মী হেমন্ত কুমাৰ গগৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰ্ণালীক সম্বৰ্দ্ধনা পত্ৰ আৰু গামোছাৰে ওলগ জনায়৷ দিখৌমুখ ৰঘূবাৰী গাৱৰ বৰ্ণালীয়ে আহি থকা সময়ত দেশৰ হৈ পুণৰবাৰ আন্তৰাষ্ট্ৰীয় মঞ্চত পদক জয়েৰে সকলোকে গৌৰৱান্বিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে৷

আনহাতে টাইকোৱানডোৰ ব্লেক বেল্ট ডিগ্ৰীধাৰী হেমন্ত কুমাৰ গগৈয়ে “ খেল আজিৰ সময়ত এটা কেৰিয়াৰ ৷ অতি মনোযোগ আৰু অধ্যৱসায়েৰে খেলুৱৈ সকলে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে আৰু খেলি যাব লাগে ৷ ” বুলি প্ৰশিক্ষাৰ্থী সকলক আহ্বান জনাই কয়, “খেলৰ লগতে পঢ়া শুনা কৰি যাব পাৰিলে ভাল ৷ কেৱল যে পঢ়িবই লাগিব তেনে এটা চিন্তাধাৰা থাকিব নালাগে ৷ যি খেলে ভালদৰে খেলিব লাগে ৷” গাঁৱত ভাল খেলুৱৈ গঢ়ি উঠাৰ সম্ভাৱনীয়তা বেছি বুলিও প্ৰাক্তন খেলুৱৈ গৰাকীয়ে উল্লখ কৰি কয়, “গাঁৱতহে প্ৰতিভা লুকাই থাকে ৷ নগৰত সা সুবিধা যথেষ্ট আছে কিন্তু পৰিশ্ৰম কৰা মানুহৰ সংখ্যা কম ৷ খেলৰ বাবে অতিৰিক্ত পৰিশ্ৰম কৰিব লাগে৷ গাঁৱৰ লৰা ছোৱালীবোৰ প্ৰাকৃতিক ভাবেই উপযুক্ত ৷ জাতিৰ আৰু নিজৰ নিজৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰতিগৰাকী খেলুৱৈয়ে নিজা ববীয়াকৈ চেষ্টা কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে ৷”

উল্লেখ্য, সম্প্ৰতি ছাইৰ ইটানগৰস্থিত এক্সিলেন্সি চেন্টাৰত উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বৰ্ণালীয়ে কয় যে গাৱৰ পৰাই তাই সপোন দেখি আগবাঢ়ি গৈছে আৰু প্ৰতিগৰাকী খেলুৱৈয়ে সপোন দেখিব লাগিব ৷

শিৱসাগৰৰ সমাজকৰ্মী ৰাণা সিং, খেলো ইণ্ডিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰা ক্লাবটোৰ ভাৰোত্তোলনৰ মুখ্য প্ৰশিক্ষক ( এন আই এছ) গৌৰাঙ্গ বৰা, টাইকোৱানডোৰ মুখ্য প্ৰশিক্ষক তীক্ষ্ণজিৎ শইকীয়া, ক্লাবৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, সহকাৰী সম্পাদক বিপ্লৱ শইকীয়া, প্ৰচাৰ সম্পাদক বেদান্ত বৰুৱা, ক্লাবৰ অভিভাৱক সমিতিৰ সাধাৰণ সম্পাদক লাচিত দত্ত আদিৰ উপস্থিতিত এই অনুষ্ঠানতেই মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ক্লাৱৰ প্ৰশিক্ষাৰ্থী চন্দোৎপল শইকীয়া, আকাশ দত্ত, বিতোপন শইকীয়া, তন্ময় বৰুৱা আৰু হিমাশ্ৰী বৰুৱাকো সম্বৰ্দ্ধনা জনোৱা হয় ৷

গ্ৰীষ্মকালত এই সমূহ শাক-পাচলি সেৱন কৰি সহজে ওজন কমাব পাৰি

যিসকলে ওজন বৃদ্ধিৰ বাবে অসুবিধাৰ সন্মুখীন হয়, তেওঁলোকৰ বাবে গ্ৰীষ্মকাল এটা ভাল ঋতু। এই ঋতুত আপুনি সহজেই ওজন কমাব পাৰে। এই ক্ষেত্ৰত আমি আপোনাক কিছুমান শাক-পাচলিৰ নাম ক’ম, যি সমূহ খাদ্যত অন্তৰ্ভুক্ত কৰি আপুনি ওজন হ্ৰাস কৰিব পাৰে…

১/ লাউৰ ৰস
যদি আপুনি গ্ৰীষ্মকালত আপোনাৰ ওজন কম কৰিব বিচাৰে, তেন্তে জাতিলাউ হ’ব সৰ্বোত্তম বিকল্প। আজিকালি লাও বহুতে খায়। ইয়াক সেৱনে সহজেই ওজন কমাব পাৰে।

২/ তিয়হ
গ্ৰীষ্মকালত আপুনি নিশ্চয় বজাৰত তিয়হ বহুত দেখে। তিয়হত প্ৰচুৰ পৰিমাণে পানী পোৱা যায়। তিয়হ খালে শৰীৰটো জলসিঞ্চিত হৈ থাকে। তিয়হত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াক বহু ধৰণে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

৩/ তিতা কেৰেলা
বহুতে তিতা ভাল নাপায়। কিন্তু আপোনালোকক কওঁ যে বহু ৰোগৰ চিকিৎসাত তিতা কেৰেলা ফলপ্ৰসূ। ডায়েবেটিছ ৰোগীক তিতা কেৰেলা সেৱন কৰিবলৈ পৰামৰ্শ দিয়া হয়। একেদৰে ওজন কমোৱাতো এই পাচলি যথেষ্ট সহায়ক।

৪/ ভেণ্ডি
বেছিভাগ ল’ৰা-ছোৱালীয়ে ভেণ্ডি বৰ ভাল পায়। ই স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰ কৰে। ওজন কমোৱাতো ই আপোনাক সহায় কৰে।