Home Blog Page 1537

অসমীয়া সাহিত্য জগতত নতুনকৈ সংযোজন হ’ল সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী ”চর্চা”

যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু গোলাঘাটৰ বনগাঁৱৰ বিশিষ্ট লেখিকা, সাহিত্যিক ৰাজশ্ৰী শৰ্মাৰ সম্পাদিত “চৰ্চা” নামৰ এখন দুমহীয়া আলোচনী সোমবাৰে গোলাঘাটৰ খুমটাই চাহ বাগিচাস্থিত জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শুভ উন্মোচন কৰা হয়।

আনহাতে ‘বিশ্ব পৰিৱেশ দিৱস’ৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণৰ লগতে এখনি চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰা হয়।

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই প্রতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সভাত দুমহীয়া আলোচনী ‘চৰ্চা’ উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক মৃণালিনী গোস্বামীয়ে।

দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ তথা মাহেকীয়া আলোচনী “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা সভাত বিশিষ্ট সাহিত্যিক মাখনলাল বাঢ়ৈ, বিশ্বেশ্বৰ বৰাইক, অনিল শৰ্মা, দিলীপ তাঁতী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰিতুন শৰ্মা,বিশিষ্ট সমাজকৰ্মী নৰেন গঞ্জু আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।

সভাত চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত দুয়োটা শাখাৰ প্ৰতিযোগীক বঁটা আৰু মানপত্র প্ৰদান কৰাৰ লগতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয়স্থান প্রাপ্ত বাদুলিপাৰ বুঢ়া লিকচনৰ অনিন্দিতা বড়াক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷

মঙলদৈত ১০৯১.০২ কোটি টকাৰে ১১ টা প্ৰকল্প শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ; দৰঙত হ’ব মেডিকেল কলেজ, নাৰেংগী- কুৰুৱা সংযোগী দলং…

”দৰং হৈছে লোক কলা, কৃষ্টি সংস্কৃতিৰে চহকী এখন পুৰণি জিলা। দৰঙী কোচ ৰজা ধৰ্মনাৰায়নে প্ৰতিষ্ঠা কৰা এই জিলাখন এতিয়া সংকুচিত হৈছে। এই জিলাৰ উন্নয়নত আমাৰ চৰকাৰে সদায় দায়বদ্ধ হৈ কাম কৰি গৈছে। স্কিল ইউনিভাৰচিটিৰ আধাৰ শিলা স্থাপন কৰাৰ পিছতেই ইয়াৰ কাম দিনে নিশাই দ্ৰুতগতিত চলি আছে। দৰঙত মেডিকেল কলেজ এখনো স্থাপন কৰা হ’ব। কিন্তু ইয়াৰ বাবে দৰঙৰ চাৰিজন বিধায়ক ক্ৰমে বসন্ত দাস, দূৰ্গাদাস বড়ো, মজিবৰ ৰহমান, ড° পৰমানন্দ ৰাজবংশীয়ে সাংসদ দিলীপ শইকীয়াৰ লগত আলোচনা কৰি এটা ঠাই বাচনি কৰি দিলেই মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম।”- এই ভাষ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

সোমবাৰে মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত দৰং জিলাৰ ‘বিকাশৰ এদিন’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি দৰং জিলাত ১০৯১.০২ কোটি টকাৰ প্ৰকল্পৰ কাম উদ্বোধন আৰু শুভাৰম্ভ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, সাংসদ দিলীপ শইকীয়াক ভূয়সী প্ৰশংসা কৰি কয় যে, এওঁলোকৰ বাবেই ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অধীনত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈ বাইপাছ অংশ (১৫ কিল’মিটাৰ)ৰ চাৰি লেনযুক্ত পথৰ নিৰ্মাণ সম্ভৱপৰ হ’বলৈ গৈ আছে।

৫৩৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই বাইপাছৰ লগতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেন কৰা, নাৰেংগী-কুৰুৱা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিবলৈ আহ্বান জনায়।

১০ কোটি টকাৰে নৱনিৰ্মিত ছিপাঝাৰ ক্ৰীড়া প্ৰকল্প, ৭.৮৮ কোটি টকাৰে নিৰ্মিত মেনাপাৰা- ভকতপাৰা লোক নিৰ্মাণ পথৰ বিকাশ- উন্নীতকৰণ, ৫.২০ কোটি টকাৰে মঙলদৈ ক্ৰীড়াঙ্গণত স্থাপিত ফ্লাড লাইট আৰু পেভিলিয়ন, ২ কোটি টকাৰে নৱনিৰ্মিত ধলপুৰ শিৱধাম মন্দিৰ তথা সংলগ্ন নির্মাণ কাৰ্য, ৫০ লাখ টকাৰে মঙলদৈ ধূলা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন আৰু অসম মালা আঁচনি প্ৰকল্পৰ অধীনত ২৮২.৮৫ কোটি টকাৰে ছিপাঝাৰ – টংলা পথৰ বিকাশ আৰু উন্নীতকৰণ, ২০৪.৬১ কোটি টকাৰে দলগাঁও – ধূপগুৰি পথৰ বিকাশ আৰু উন্নীতকৰণ, ৫.৪১ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা এটা), ২৫.৩৩ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা ১৫ টা), ৫.২৭ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা ৬ টা), ৬.৩০ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিৰ প্ৰকল্প (মথাউৰিৰ সংখ্যা ২ টা) শুভাৰম্ভ কৰি তেওঁ কয়, কথা দিয়া মতেই ৫৭ হাজাৰক যোগ্যতাৰ ভিত্তিত চাকৰি দিলো আৰু অচিৰেই ২২ হাজাৰক চাকৰি দিম।

সকলো নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াটো সম্ভৱপৰ নহয় বুলি উল্লেখ কৰি ৰাজ্য খনৰ ২ লাখ যুৱক যুৱতীক ব্যবসায় বাণিজ্যত আত্মনিয়োগ কৰিব পৰাকৈ দুই লাখ টকাকৈ বেংকৰ ঋণ দিব বুলি ঘোষণা কৰে।

এই ঋণ লাভৰ বাবে বেংকত কোনো বন্ধক দিব নালাগে বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই। তদুপৰি ৰাজ্যখনত ৩ লাখ আত্ম সহায়ক গোটত জড়িত হৈ থকা ৩০ লাখ মহিলাক গাহৰি পালন, হাঁহ কুকুৰা পালন, মৎস পালন আদিৰ বাবে প্ৰতিজনী মহিলাক ১০ হাজাৰকৈ টকা এককালীন সাহাৰ্য আগবঢ়াব বুলি তেওঁ ঘোষণা কৰে। তিনি সহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা এই সভাত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ ভাৱে সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছ বিধায়ক বসন্ত দাস, এ আই ইউ ডি এফৰ বিধায়ক মজিবৰ ৰহমান, বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়ো, বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক মৰম চেনেহ দি থাকিবলৈ উদ্দাত্ত কন্ঠে আহ্বান জনায়। ইয়াৰ আগতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আভাষীয়ভাৱে (Virtually) ৫৩৫ কোটি টকাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈৰ বাইপাছ অংশ (১৫ কিলোমিটাৰ)ৰ ৪ লেনযুক্ত পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বাইহাটা – তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেনযুক্ত কৰাৰ বাবে বৰ্তমান ডিপিআৰৰ কাম আৰম্ভ হোৱাৰ লগতে নাৰেংগী – কুৰুৱা সংযোগী প্ৰস্তাৱিত দলঙৰ কামো হব বুলি কয়।

এই অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে আদৰণি ভাষণ, সাংসদ দিলীপ শইকীয়াই চমু ভাষণ প্ৰদান কৰে। কাৰ্বি আংলঙৰ সাংসদ হৰেণ সিং বে’, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাপতি তুলিৰাম ৰাংহাং, বি টি এ ডিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, বিধায়ক ক্ৰমে বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী, মজিবৰ ৰহমান, দুৰ্গাদাস বড়ো, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নিলীমা দেৱী, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, বিজেপিৰ দৰং জিলাৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, অগপৰ জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা, সমাজসেৱক সুনীল বসুমতাৰী, জুৰী শৰ্মা বৰদলৈ, প্ৰণৱ বৰুৱা, মিজান নুৰ ৰহমান, উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল আদি উপস্থিত থকা এই অনুষ্ঠানত সাগৰিকা খাটনিয়াৰে বৰগীত, বিপিন ডেকাই ঢেপা ঢোল, কিংকৰ নাথে ওজাপালি, মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিহু নৃত্য পৰিবেশন কৰে।

গুৱাহাটী প্ৰেছ ক্লাবত “অসমীয়া সম্প্ৰীতিৰ গল্প” শীর্ষক গ্ৰন্থ উন্মোচন অপূর্ব শৰ্মাৰ


“বাস্তৱ অভিজ্ঞতা নাথাকিলে সাৰ্থক গল্প সৃষ্টি কৰিব নোৱাৰি” -আজি গুৱাহাটী প্ৰেছ ক্লাৱত নাট্য কৰ্মী অশোক কুমাৰ দাস সম্পাদিত গল্প পুথি “অসমীয়া সম্প্ৰীতিৰ গল্প”শীর্ষক গল্প সংকলনটি উন্মোচন কৰি খ্যাতনামা গল্পকাৰ অপূর্ব শৰ্মাই এইদৰে কয়।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চৈয়দ আব্দুল মালিক, ড:বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, যোগেশ দাস, ডঃ ভবেন্দ্রনাথ শইকীয়াৰ পৰা সাম্প্ৰতিক কালৰ মণিকা দেৱী, চন্দনা পাঠকলৈ ২৫ গৰাকী গল্পকাৰৰ সম্প্ৰীতিক উপজীব্য কৰি লিখা ২৫ টা ভিন্নসময়ৰ গল্পৰ একত্ৰ সংকলন হৈছে “অসমীয়া সম্প্ৰীতিৰ গল্প”।

বশিষ্ঠ লালমাটিৰ নাহৰ প্ৰকাশনৰ হৈ আব্দুল ৰছিদে প্ৰকাশ কৰা এই গল্প সংকলনটি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গল্পকাৰ শিৱানন্দ কাকতী, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, জগদীশ চ্ন্দ্ৰ চৌধুৰী, অধ্যাপক আব্দুল মান্নান, মণিকা দেৱীয়ে বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানত গ্ৰন্থখনৰ সম্পাদক অশোক কুমাৰ দাসে গল্প সংকলনটি সন্দৰ্ভত দুষাৰ কোৱাৰ লগতে প্ৰকাশক আব্দুল ৰছিদে শলাগৰ শৰাই আগবঢ়ায়।

গোগামুখৰ বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালনঃ মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা পাঁচ হেজাৰ গছপুলি ৰোপন

সমগ্ৰ বিশ্বৰ লগতে ধেমাজি জিলাৰ গোগামুখৰ বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখ নাহৰবাৰীস্থিত ৰৗগৃ ৰৗগাম বহুমুখী কৃষি প্ৰকল্পত  দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰা হয়৷ উক্ত স্থানত মুঠ দুই হেজাৰ জোপা গছপুলি ৰোপন কৰা হয় ৷

গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ শুভাৰম্ভ কৰি তেওঁ কয়, “গছ থাকিলেহ বায়ুমণ্ডলৰ শক্তি বৃদ্ধি পাব আৰু জীৱজগতৰ বাবে ই অতি সুখদায়ক হ’ব ৷ সকলোৱে গছপুলি ৰোপন কৰি জীৱজগতৰ আয়ুস বৃদ্ধি কৰিব লাগিব নহ’লে সমগ্ৰ পৃথিৱী তথা জীৱজগতৰ আয়ুস টুটি আহিব ৷ ইয়াৰ সমান্তৰালভাৱে আমি প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তুলিব লাগিব“ ৷ প্লাষ্টিক মুক্ত এখন পৰিৱেশ গঢ় দিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীবোৰৰ পৰা আৰম্ভ কৰি সকলো কামতে মাটিৰ লগত সহজে বিলীন হ’ব পৰা সামগ্ৰীবোৰ ব্যৱহাৰ কৰিব লাগিব বুলিও তেওঁ দোহাৰে ৷

অনুষ্ঠানত  তেওঁক সহযোগ কৰে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে ৷ অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে আৰু টি এম পি কে, এম এম কে, টি এম এম কেৰ কৰ্মী-সদস্যসকলে৷   একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখস্থিত মুখ্য কাৰ্যালয়তো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিষদৰ চৌপাশ  চাফাই অভিযান চলোৱা হয় ৷

পৰিষদৰ গাণনিক লক্ষীধৰ দলে আৰু উচ্চ বৰ্গৰ সহায়ক বিপিন গামৰ নেতৃত্বত চলা এই অভিযানত পৰিষদৰ সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগ কৰে ৷ 

গোগামুখ মহাবিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে পৰিৱেশ দিৱস পালন কৰা হয়৷ পৰিৱেশ দিৱসত মহাবিদ্যালয়ৰ চৌহদত নানা তৰহৰ গছপুলি ৰোপন কৰাৰ লগতে এখনি পৰিৱেশ সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ পৰিৱেশ সজাগতা সভাত উপস্থিত থাকি ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ প্ৰধান বিজ্ঞানী ড° এ কে  শ্ৰীবাস্তৱে কয়, “আমাৰ মাটি, পানী আৰু বায়ুমণ্ডলত থকা অনুজীৱবোৰে আমাৰ পৃথিৱীক সেউজীয়া কৰি ৰখাত সহায় কৰাৰ  লগতে আমাৰ পৃথিৱীক খাদ্যৰ যোগান ধৰি আহিছে” ৷

ভৱিষ্যতে এই অনুজীৱবোৰ যাতে কোনো বাধা-বিঘিনীৰ সন্মুখীন নোহোৱাকৈ পৃথিৱীক  জীয়াই ৰাখিব  পাৰে তাৰ দাযিত্বও মানুহেই ল’ব লাগিব বুলি প্ৰধান বিজ্ঞানী জনে মন্তব্য আগবঢ়ায়৷ সভাত আইকাৰৰ আন এগৰাকী জেষ্ঠ বিজ্ঞানী ড° অৰ্পণ ভৌমিকে প্লাষ্টিক মুক্ত পৰিৱেশৰ ওপৰত বক্তব্য আগবঢ়ায় আৰু ব্যৱহাৰ্য সামগ্ৰী পুনৰ ব্যৱহাৰ কৰি কিদৰে প্লাষ্টিক মুক্ত পৰিৱেশ গঢ় দিব পাৰে তাৰ বিৱৰণ দিয়ে৷

সভাখনৰ আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ সভাৰ শেষত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপক গোট, এন এছ গোট আৰু গ্ৰীণ ক্লাবৰ এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখন আঁত ধৰে আভ্যন্তৰীণ মান নিৰূপক গোটৰ সহ সমন্বয়ক কাঞ্চন শৰ্মাই ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন সমূহৰ উদ্যোগত  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ গোগামুখস্থিত চৌহদৰ লগতে গোগামুখৰ দিৰপাই প্ৰাথমিক বিদ্যালয় আৰু দিৰপাই গাঁৱতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ৷

আইকাৰৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সম্পাদক ছান কুমাৰ পাংগিং, সদস্য সঞ্জীৱ মিলি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য  প্ৰভাত বাসুমতাৰী, সাধাৰণ সদস্য বাণীকান্ত দলে  টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ  সভাপতি ৰুহিত নৰহ, সম্পাদক সনাতন দলে  আদিয়ে ৷  উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদিতো বিস্ব পৰিৱেশ দিৱস  উদ্‌যাপন কৰা হয় ৷

ঢেকীয়াজুলি প্ৰশাসনৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন

সোমবাৰে দেশৰ প্ৰান্তে-প্ৰান্তে উদ্‌যাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস৷ বিশ্ব পৰিবেশ দিৱস উপলক্ষে ঢেকীয়াজুলি প্ৰশাসনেও অনুষ্ঠিত কৰে বিভিন্ন কাৰ্যসূচী৷

সোমবাৰে ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়া তন্ময় বৰাৰ তত্ত্বাৱধানত ঢেকীয়াজুলি আৰক্ষী, ঢেকীয়াজুলি বনবিভাগ আৰু ঢেকীয়াজুলি পৌৰসভাৰ যৌথ উদ্যোগত ঢেকীয়াজুলিৰ শ্বহীদ ময়দান,ঢেকীয়াজুলি আৰক্ষীথানাৰ চৌহদৰ লগতে কেইবাটাও স্থানত বৃক্ষৰোপণ কৰাৰ লগতে বৃক্ষৰোপণ আৰু প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে সজাগতা সভা অনুষ্ঠিত কৰে৷

সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ সাংস্কৃতিক সঞ্চালকালয় পকিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে ঢেকিয়াজুলিৰ মাজমজিয়াত এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয়৷

বৃক্ষৰোপণ কৰাৰ লগতে প্লাষ্টিক আৰু ৰাসায়নিক সাৰ বৰ্জন কৰাৰ বাবে ৰাইজক মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে আয়োজন কৰা বাটৰ নাট খনিৰ শুভ উদ্বোধন কৰে ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া তন্ময় বৰাই৷

উক্ত বাটৰ নাটৰ অনুষ্ঠানটিত ঢেকিয়াজুলি পৌৰ সভাৰ উপ পৌৰনেত্ৰী তুলিকা শ‌ইকীয়া,ঢেকীয়াজুলি আৰক্ষী থানাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে৷

নাট খনিত অভিনয় কৰে ৰাজু নাথ,গনেশ ডেকা, মনময়ুৰী দাস,ডলি দাস,লিলি ডেকা,প্ৰাঞ্জল বৰদলৈ আৰু সহযোগ কৰে শিবমনি দাস আৰু বিপ্লব বৰুৱাই৷

লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত জ্যোতি চিত্ৰবনত গছপুলি ৰোপণ

ৰাজ্যৰ অগ্ৰণী অনা চৰকাৰী সংস্থা ” লেংডন ফাউণ্ডেশ্যন”ৰ আজি সোমবাৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদৰ চৌপাশে প্ৰায় এশটা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়।

এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে ।

আনহাতে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত অধ্যক্ষ বিদ্যাসাগৰ , লেখিকা ৰেখা বৰগোহাঁই , কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই , ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ডঃ মনোৰঞ্জন বৰগোহাঁই , তৰুণ চন্দ্ৰ বৰগোহাঁই , ৰাজীৱ পানীফুকন, সচিব জিতুৰাজ শইকীয়াই গছৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ ওপৰত আলোকপাত কৰে ।

বিশ্ব পৰিৱেশ দিৱস পালন; প্রকৃতি সুৰক্ষাৰ বাবে জন-আন্দোলনৰ পোষকতা ‘আপ’ৰ

বিশ্বজুৰি পৰিৱেশ প্ৰদূষণ গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ কুফল মানৱ জাতিয়ে ভুগি থকাৰ পৰিপ্ৰেক্ষিতত মানৱ জাতিক পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা কৰাৰ উদ্দেশ্যে আম আদমি পার্টী কামৰূপ মহানগৰ জিলা সমিতিয়ে সর্বসাধাৰণ ৰাইজৰ সৈতে বিশ্ব পৰিৱেশ দিৱস পালন কৰে।

দলটোৰ প্রায় শতাধিক কর্মকর্তাই প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে মহানগৰীৰ বিভিন্ন ঠাইত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। লগতে জলবায়ু পৰিৱৰ্তনে নমাই অনা শংকা আঁতৰাবলৈ মহানগৰীৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।

কাৰ্যসূচীত উপস্থিত থাকি আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনায় আৰু প্ৰকৃতি ৰক্ষাৰ বাবে জন আন্দোলন প্রয়োজন আছে বুলি উল্লেখ কৰে।

আপৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি বল্লভ পাত্রই বন মাফিয়া, মাটি মাফিয়া, পুঁজিবাদৰ আগ্ৰাসন, প্রাকৃতিক পৰিৱেশৰ মাজত জবে মধে হোটেল, ৰিজ’ট খোলাৰ যি প্ৰতিযোগিতা চলিছে, সেয়া ৰোধ কৰি জনমুৰি গছৰ সংখ্যা উৰ্দ্ধগামী কৰিবলৈ চৰকাৰক আহ্বান জনায়। লগতে বৃহৎ নদীবান্ধ, অবৈধ বহুজাতিক কোম্পানীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ সকলোকে আহ্বান জনায়।

লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট “সেউজী ধৰণী”

পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক’ ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়।

বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই ৰচনা আৰু পৰিচালনা কৰা নাট খনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, ধ্ৰুৱজ্যোতি পাঠক, বিতু দত্ত, ভৃগু কুমাৰ হাজৰিকা, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, বনশ্ৰী দাস, কিৰনমনি দাস, কংকনা দেৱী, জোৎস্না বৰা, বৰষা দাস, ৰুমি গুৱালাই।

বাটৰ নাট পৰিবেশনৰ লগতে ৰাইজক উদ্দেশ্যি পৰিবেশৰ বাবে সচেতন হ’বলৈ বিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষা জিনা ভূঞাই তেখেতৰ বক্তব্যৰ জড়িয়তে আহ্বান জনায়।

পৰিবেশ সজাগতাৰ বাবে বিদ্যালয়ৰ পৰা এক সমদল উলিওৱাৰ লগতে ছাত্ৰ ছাত্ৰীক সপত বাক্য পাঠ কৰাই বিষয় শিক্ষক বসন্ত ভূঞাই। ইয়াৰ লগতে বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্যামলী ভূঞা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বৃক্ষ ৰোপণ কৰাৰ লগতে বিদ্যালয়ৰ NSS গোটৰ সহযোগত স্বচ্ছতা অভিযান ৰূপায়ণ কৰা হয়।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে ( IQAC) প্ৰতিষ্ঠান উদ্ভাৱন পৰিষদ ( IIC) আৰু ডিভিট ফাউণ্ডেশ্যনৰ সহযোগত ৫ জুন ২০২৩ তাৰিখে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে।

এই উপলক্ষ্যে সৰ্ব প্ৰথমে বিশ্ববিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্য্য সূচী হাতত লয় । কাৰ্য্য সূচীত অংশ গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক ড: অলক কুমাৰ বুঢ়াগোহাঁই, উপাচাৰ্য অধ্যাপক ড : কন্দৰ্প দাস, শৈক্ষিক বিভাগৰ ডীন অধ্যাপিকা ড: চন্দনা গোস্বামী, জি আই এম টি আৰু জি আই পি এছ ৰ অধ্যক্ষ ক্ৰমে অধ্যাপক ড: ৰবাৰ্ট ৰবি আৰু অধ্যাপক ড: পি মালয় ৰাজন, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক অধ্যাপক ড: মুক্তা ৰঞ্জন সিনহাৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকলে।

বিশ্ব পৰিৱেশ দিৱসৰ এইবাৰৰ থীম বা বিষয় বস্তু “প্লাষ্টিক প্ৰদূষণ আৰু সমাধান” ৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে দীপৰ বিলক প্ৰদূষণ মুক্ত কৰাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বঢ়োৱাৰ উদ্দেশ্যে দীপৰ বিলৰ সমীপত ধাৰাপুৰ বজাৰত এখনি বাটৰ নাট প্ৰদৰ্শন কৰে।

ইয়াৰ উপৰিও ক্ৰমান্বয়ে প্ৰদূষিত হৈ অহা দীপৰ বিলৰ পাৰ যাতে জাৱৰ জোথৰ পেলাই প্ৰদূষিত নকৰে তাৰ বাবে জন সাধাৰণৰ মাজত সচেতনতা অনাৰ বাবে দীপৰ বিলৰ পাৰত কেইবাখনো স্থায়ী ফলক লগাই দিয়ে।

পৰিৱেশ প্ৰদূষণ মুক্ত কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লোৱা এই পদক্ষেপক স্থানীয় ৰাইজে শলাগ লয়।

এতিয়াৰে পৰা অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা, SEBA হ’ব ইতিহাস…

শিক্ষা ব্যৱস্থাক সুশৃংখল কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এই সিদ্ধান্তটো ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) অনুসৰণৰ অংশ হিচাপে আহিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক দশম শ্ৰেণীৰ পৰা উচ্চ শিক্ষালৈ এক নিৰ্বিঘ্ন ৰূপান্তৰ প্ৰদান কৰা।

নতুন নিৰ্দেশনাৱলীৰ অধীনত, অসমত কোনো পৃথক মেট্ৰিক পৰীক্ষা নহ’ব। ইয়াৰ পৰিৱৰ্তে, দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শ্ৰেণী একক পৰীক্ষাকে ধৰি মূল্যাঙ্কন কৰাৰ বাবে বিদ্যালয় প্ৰশাসন দায়বদ্ধ হ’ব। এই পৰিৱৰ্তনৰ ফলত শিক্ষাৰ্থীসকলে দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত পৃথক ব’ৰ্ড পৰীক্ষাৰ বোজা অবিহনে তৎক্ষণাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীলৈ যাব পাৰিব।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এতিয়াৰ পৰা মেট্ৰিক বা মেট্ৰিক পৰীক্ষা নামৰ এনে কোনো পৰীক্ষা নহ’ব। বিদ্যালয়ৰ ভিতৰতে এটা পাছ বা ফেইল প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়া হ’ব। দশম শ্ৰেণী সম্পূৰ্ণ কৰাৰ ঠিক পিছতে শিক্ষাৰ্থীসকলে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অধ্যয়ন আৰম্ভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।”

এই শৈক্ষিক সংস্কাৰৰ সুবিধাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ (এএইচএছইচি) আৰু মাধ্যমিক শিক্ষা পৰিষদ অসম (ছেবা) একত্ৰিত হৈ একক সংগঠন গঠন কৰিব। এই একত্ৰীকৰণৰ উদ্দেশ্য হৈছে প্ৰশাসনিক প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰা আৰু মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষাৰ প্ৰতি এক সংহত দৃষ্টিভংগী নিশ্চিত কৰা।