Home Blog Page 1546

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ১০০ শতাংশ

সোমবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ শিক্ষার্থী উত্তীর্ণ হাৰ ১০০ শতাংশ। বিদ্যালয়খনৰ দুগৰাকী কৃতী শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।

আনতাৰা মুবাচ্‌ছিৰা হক খণ্ডকাৰে ষষ্ঠ স্থান আৰু আন এগৰাকী শিক্ষার্থী নীলাভ পাঠকে দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ ১৪০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৫ গৰাকীয়ে ডিষ্টিংচন, ৪১ গৰাকীয়ে ষ্টাৰ, ১২৫ গৰাকীয়ে প্রথম বিভাগ আৰু ১৫ গৰাকীয়ে দ্বিতীয় বিভাগতউত্তীর্ণ হয়।

ইংৰাজী বিষয়ত ১০৮ গৰাকী, অসমীয়া বিষয়ত ৪৫ গৰাকী, বিজ্ঞান বিষয়ত ৫৬ গৰাকী, সমাজবিজ্ঞানত ৯৭ গৰাকী আৰু গণিত বিষয়ত ৫৩ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে। ঐচ্ছিক বিষয়বোৰৰভিতৰত উচ্চ গণিত বিষয়ত ২৩ গৰাকী, কম্পিউটাৰ বিজ্ঞানত ১৫ গৰাকী, ভূগোলত ৩ গৰাকী, সংগীতত ৬ গৰাকী, নৃত্যত ৪ গৰাকী, সুকুমাৰ কলা বিষয়ত ২১ গৰাকী, হিন্দী বিষয়ত ১১ গৰাকী আৰু ইতিহাস বিষয়ত ৬গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে।

গণিত বিষয়ত দুগৰাকী, উচ্চ গণিত বিষয়ত পাঁচগৰাকী, বিজ্ঞানবিষয়ত এগৰাকী আৰু সমাজ বিজ্ঞান বিষয়ত এগৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈসক্ষম হয়।

চতিয়া কেন্দ্ৰত এশ শতাংশ উত্তীৰ্ণৰে পুনৰ ফলাফলৰ শীৰ্ষত ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতিয়া কেন্দ্ৰৰ তিনিখন বিদ্যালয় ক্ৰমে ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ, উত্তৰ চতিয়া হাইস্কুল আৰু মেৰীগল্ড হাইস্কুলে এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

কেন্দ্ৰটোৰ ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যাপীঠে পুৰ্বৰ এশ শতাংশ উতীৰ্ণৰ ধাৰা অব্যাহত ৰাখি ৰিজাল্টৰ ক্ষেত্ৰত সামগ্ৰীক ভাবে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ বিদ্যালয় খনৰ অৱতীৰ্ণ হোৱা ৪৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ ১৩ জনে ডিষ্ট্ৰিংচন, ৫ জনে ষ্টাৰ, ২০ জনে লেটাৰ সহ প্ৰথম বিভাগ আৰু ৬ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ মেৰীগল্ড হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱা ১৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৫ জনে ষ্টাৰ, দুজনে প্ৰথম বিভাগ, ৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷

উত্তৰ চতিয়া হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱা ৩৩ জন ছাত্ৰ ছাত্ৰীৰ ৫ জনে প্ৰথম বিভাগ, ২৬ জনে দ্বিতীয় বিভাগ আৰু ২ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ চতিয়া একাদেমীৰ পৰা অৱতীৰ্ণ হোৱা ৮২ জন ছাত্ৰ ছাত্ৰীৰ ৩ জনে প্ৰথম বিভাগ, ২৭ জনে দ্বিতীয় বিভাগ, ২৪ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ অনুত্তীৰ্ণহয় ২৮ জন৷ জ্ঞান বিকাশ একাডেমীৰ পৰা অৱতীৰ্ণ হোৱা ৮২ জন ছাত্ৰ ছাত্ৰীৰ দুজনে ডিষ্ট্ৰিংচন, 1 জনে ষ্টাৰ, ১২ জনে প্ৰথম বিভাগ, ৩৮ জনে দ্বিতীয় বিভাগ, ১৮ জনে তৃতীয় বিভাগ লাভ কৰে৷

অনুতীৰ্ণ হয় ১১ জন ৷ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ১২২ জন ছাত্ৰ ছাত্ৰীৰ ৫ জনে ষ্টাৰ, ২৭ জনে প্ৰথম বিভাগ, ৬৬ জনে দ্বিতীয় বিভাগ, ২১ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ অনুতীৰ্ণ হয় ৮ জন ৷নদুৱাৰ হাই মাদ্ৰাছাৰ পৰা অৱতীৰ্ন হোৱা ২৪ জনৰ ভিতৰত ১২ জন উত্তীৰ্ণ হৈছে৷ নিজ চতিয়া হাইস্কুলৰ ১২ জন ছাত্ৰ ছাত্ৰীৰ এজন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ পূৱ চতিয়া হাইস্কুলৰ ৮২ জন ছাত্ৰ ছাত্ৰীৰ ৪ জনে ষ্টাৰ, ১৩ জনে প্ৰথম বিভাগ, ২৭ জনে দ্বিতীয় বিভাগ, ১৯ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ অনুত্তীৰ্ণৰ সংখ্যা ১৯ জন৷ চতিয়া কেন্দ্ৰৰ উত্তীৰ্ণৰ হাৰ ৮১.৮৩%৷

কেন্দ্ৰটোৰ পৰা জ্ঞান বিকাশ একাডেমীৰ ছাত্ৰ মানস শইকীয়াই ৯৬.১৬% নম্বৰৰে শীৰ্ষস্থান লাভ কৰিছে৷ সিপৰীয়া কেন্দ্ৰৰ ফলাফলৰ হাৰ ৪৫% ৷ কেন্দ্ৰটোৰ পাৰিজাত বিদ্যাপীঠৰ পৰা ১০০% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে৷ বিদ্যালয় খনৰ পৰা অৱতীৰ্ণ হোৱা ২৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ ২ জনে ডিষ্ট্ৰিংচন, ৭ জনে ষ্টাৰ ৯ জনে প্ৰথম বিভাগ, ৫ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷

নাগ শংকৰ কেন্দ্ৰৰ উতীৰ্ণৰ হাৰ ৭১.৯১% ৷ কেন্দ্ৰটোৰ পৰা এজনে ডিষ্ট্ৰিংচন, ৩১ জনে প্ৰথম বিভাগ, ১০৯ জনে দ্বিতীয় বিভাগ আৰু ৯৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷চতিয়াত সদ্যঘোষিত ফলাফলত পুনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ল ৷

মৰিগাঁৱৰ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে

মৰিগাঁও জিলাৰ মিকিৰভেটাৰ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে। সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হৈ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে।

উত্তৰ পূব জান পাৰ শিলপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী ফৰিদা বেগম আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নুৰুল আমিনৰ কন্যা জেৰিফা ৱাহিদে বেচামাৰী ড°এ. বি ছিদ্দিক জাতীয় বিদ্যালয়ৰ পৰা ডিষ্টিংচন সহ ৮৬.৬ শতাংশ নম্বৰ লাভ কৰি সু-খ্যাতিৰে উত্তীৰ্ণ হয়।

আঙুৰ খাই ভাল পোৱা আৰু নিশা এক বজালৈকে অধ্যয়ন কৰা জেৰিফা ৱাহিদে তাইৰ সাফল্যৰ আঁৰত পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুৰ নাম সাংবাদিকৰ আগত উল্লেখ কৰে। ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন জেৰিফাৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯৫.১৬ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ দেওমৰনৈৰ কংগনা কলিতাৰ

সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী কংগনা কলিতাই ৯৫.১৬ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনে।

দেওমৰনৈৰ লোজোৰা গাঁও নিবাসী প্ৰয়াত পুষ্পৰাম কলিতা আৰু হৰেশ্বৰী কলিতাৰ কন্যা কংগনাই ইংৰাজীত ৯৫, অসমীয়াত ৯৭, সাধাৰণ গণিতত ৯৩, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৭ আৰু হিন্দীত ৯২নম্বৰসহ সৰ্বমুঠ ৫৭১ নম্বৰ লাভ কৰে।

এই ফলাফলত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দেওমৰনৈ আঞ্চলিক সমিতি, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ’ৰাম, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থা, নামখলা প্ৰেছ ক্লাৱ, দেওমৰনৈ কবি সমাজ আদিয়ে ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে।


আনহাতে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়, সৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, নামখলা জাতীয় বিদ্যালয়, ৰামসৰস্বতী হাই স্কুলৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়।

জাপমৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ ১২ গৰাকী শিক্ষাৰ্থীৰ এগৰাকীয়ে ডিষ্ট্ৰিংচন, এগৰাকীয়ে ষ্টাৰ নম্বৰসহ ছয় গৰাকীয়ে প্ৰথম বিভাগ, পাঁচ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু এগৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে।

আনহাতে নামখলা জাতীয় বিদ্যালয়ৰ পৰা পোন্ধৰ গৰাকীৰ পৰীক্ষাৰ্থী ভিতৰত তিনি গৰাকীয়ে ডিষ্টিংচন, চাৰি গৰাকীয়ে ষ্টাৰ, চাৰি গৰাকীয়ে প্ৰথম বিভাগ আৰু চাৰি গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে৷

পৰিনীতিৰ সৈতে এংগেজমেণ্টৰ পিছতে ৰেম্প ৱাক কৰিলে ৰাঘৱ চাদ্ধাই…

ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ৰাঘৱ চাদ্ধাৰৰ এটা ভিডিঅ’। য’ত তেওঁক ৰেম্পত খোজ কাঢ়ি থকা দেখা গৈছে। কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাজ্যসভাৰ সাংসদ তথা আপৰ নেতা ৰাঘৱ চাদ্ধাৰৰ এংগেজমেণ্ট অনুষ্ঠান অনুষ্ঠিত হৈ যায়।দুয়োৰে এংগেজমেণ্টৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছিল। এতিয়া শেহতীয়াকৈ ৰাঘৱ চাদ্ধাৰৰ ৰেম্প ৱাকৰ থ্ৰ’বেক এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। য’ত ৰাঘৱক এজন ডিজাইনাৰ বাবে ৰেম্পত খোজ কাঢ়ি থকা দেখা গৈছে।

আচলতে ৰাঘৱ চাধাই এবছৰ আগতে এজন ডিজাইনাৰ বাবে ৰেম্প ৱাক কৰিছিল। যাৰ ছবি আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ আৰু ছবিবোৰ দেখি অনুৰাগীয়ে ৰাঘৱক লৈ হাস্যকৰ মন্তব্য দিছে। ৰাঘৱৰ ৰেম্প ৱাকৰ ছবিখনৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘জিজাজীৰ বলীউডত প্ৰৱেশ’, আন এজনে লিখিছে, ‘জিজাজী নায়ক হ’ব পাৰে’। অতি সোনকালে পৰিনীতি আৰু ৰাঘৱৰ বিয়া সোনকালে হ’ব।


শেহতীয়াকৈ দিল্লীৰ কাপুৰথালাত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰৰ এংগেজমেণ্ট হৈছিল। ইয়াৰ লগে লগে ৰাঘৱ আৰু পৰিনীতিৰ বিবাহৰ প্ৰস্তুতিও আৰম্ভ হৈছে। অতি সোনকালে এই দম্পতী বিবাহপাশত আবদ্ধ হোৱা দেখিবলৈ পাব অনুৰাগীসকলে। অৱশ্যে এতিয়ালৈকে বিয়াৰ তাৰিখৰ আনুষ্ঠানিক ঘোষণা কৰা নাই দম্পতীহালে ।

অষ্টম স্থান দখলেৰে হাজোলৈ গৌৰৱ কঢ়িয়াই আনিলে অৰ্ণৱজ্যোতি দাসেঃ চিকিৎসক হোৱাৰ মন অৰ্ণৱৰ…

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি তীৰ্থনগৰী হাজোৰ লগতে সত্ৰনগৰী ৰামদিয়ালৈ গৌৰৱ কঢ়িয়াই আনে ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ তথা ৰামদিয়া দলোপাৰা নিৱাসী প্ৰদীপ দাস আৰু গীতা দাসৰ পুত্ৰ অৰ্ণৱজ্যোতি দাসে।আজি ফলাফল লাভ কৰাৰ পাছতে অৰ্ণৱৰ নিজৰ গাও খনৰ লগতে নিকেতনৰ ছাত্ৰ ছাত্ৰী,আচাৰ্য-আচাৰ্যা তথা অভিভাৱক সকলৰ মাজত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।বাইহাটা চাৰিআলীৰ এখন ব্যক্তিগত শিক্ষানুস্থানত অধ্যয়ণ কৰি থকা মেধাৱী ছাত্ৰ অৰ্ণৱে তেওঁৰ ফলাফলৰ বিষয়ে আজি পুৱা পৰিয়ালৰ লোকে ফোনযোগে অৱগত কৰে।

আজি দিনৰ এঘাৰ বজাত বাইহাটাৰ পৰা নিজগৃহ আহি পোৱাৰ লগে লগে ৰামদিয়া হিতসাধিনী সভা,ৰামদিয়া পুথিভঁৰাল আৰু সামুহিক সাংস্কৃতিক কেন্দ্ৰ,হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন ব্যক্তিয়ে উষ্ম আদৰণি জনাই।ইয়াৰ পাছত মেধাবী ছাত্ৰ অৰ্ণৱজ্যোতি দাসক ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ অনা হয়। নিকেতন পৰিচালনা সমিতিৰ সভাপতি ড৹নৃপেন চন্দ্ৰ দাস,সম্পাদক পৰমানন্দ ডেকাৰ লগতে নিকেতনৰ আচাৰ্যা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পাছতে মেধাৱী ছাত্ৰ অৰ্ণৱজ্যোতিক লৈ নিকেতনৰ ছাত্ৰ ছাত্ৰী,আচাৰ্য-আচাৰ্যা অভিভাৱক তথা স্থানীয় ৰাইজে শোভাযাত্ৰা কৰি বৃহত্তৰ ৰামদিয়া পৰিভ্ৰমন কৰে।

ইফালে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মেধাবী ছাত্ৰ অৰ্ণৱজ্যোতি দাসে কয়,মই প্ৰথম দহজনৰ তালিকাত থাকিম বুলি কেতিয়াও ভবা নাছিলো।তথাপি আজি ঘোষিত ফলাফলত অত্যন্ত সূখী বুলি প্ৰকাশ কৰে।দৈনিক সাত ঘণ্টাকৈ পঢ়া অৰ্ণৱে উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা মনত পুহি ৰখাৰ কথা ব্যক্ত কৰে।দিন হাজিৰা কৰা পিতৃ প্ৰদীপ দাসে পুত্ৰৰ এনে সাফল্যত অত্যন্ত সুখী বুলি উল্লেখ কৰি তেওৰ কষ্টৰ ফল পোৱা বুলি জানিবলৈ দিয়ে। তেঁও অসমীয়াত ৯৫, ইংৰাজীত ৯৭,সাধাৰণ গণিতত ৯৮,সাধাৰণ বিজ্ঞানত ১০০,সমাজ বিজ্ঞান ত ৯৭ আৰু ঐচ্ছিক গণিতত ১০০ লাভ কৰিবলৈ সক্ষম হয়।

ডায়েবেটিছ ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে নেকি, তেন্তে আজিৰ পৰাই এই ৬টা বস্তু খোৱা বন্ধ কৰক…

যদি আপুনি কেতিয়াও ‘ডায়েবেটিছ’ ৰোগী হ’ব নিবিচাৰে, তেন্তে আজিৰ পৰাই এই ৬টা বস্তু খোৱা বন্ধ কৰক।অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে ডায়েবেটিছ ৰোগৰ সৃষ্টি হয়। সেইবাবেই সকলোৱে নিজৰ খাদ্য স্বাস্থ্যসন্মত ৰাখিবলৈ চেষ্টা কৰা কৰিব লাগে, কাৰণ যিকোনো ধৰণৰ অসাৱধানতাই মৃত্যুৰ আশংকা সৃষ্টি কৰিব পাৰে। আজিকালি দ্ৰুতগতিত বিয়পিবলৈ আৰম্ভ কৰিছে ডায়েবেটিছ ৰোগ। দিনক দিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰায় ৪২.২ কোটি লোক উচ্চ ব্লাড চুগাৰত আক্ৰান্ত হৈ আছে। ইয়াৰে মধুমেহ ৰোগত প্ৰতি বছৰে ১৫ লাখ লোকৰ মৃত্যু হয়। আনহাতে ভাৰতৰ কথা ক’লে ৮ কোটি লোকে এতিয়াও এই ৰোগৰ সৈতে যুঁজি আছে ৷ আচলতে ভুল খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবেই ডায়েবেটিছ ৰোগ হয়। সেইবাবেই সকলোৱে নিজৰ খাদ্য স্বাস্থ্যসন্মত ৰাখিবলৈ চেষ্টা কৰা উচিত, কাৰণ যিকোনো ধৰণৰ অসাৱধানতাই মৃত্যুৰ আশংকা সৃষ্টি কৰিব পাৰে। ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি আপোনাৰ খাদ্যাভ্যাসৰ ভালদৰে যত্ন লোৱা আৰু জীৱনশৈলীত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা। যদি আপুনি নিজকে ডায়েবেটিছ ৰোগৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে আজিৰ পৰাই এই খাদ্য সমূহ খোৱা বন্ধ কৰক-

যদি আপুনি ডায়েবেটিছৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে এই খাদ্য সমূহ কেতিয়াও নাখাব-
১) মিঠা পানীয়ঃ আপুনি নিশ্চয় জ্ঞাত যে ডায়েবেটিছ ৰোগীৰ বাবে চেনি বিষতকৈ কম নহয়। এইটোৱেই একমাত্ৰ বস্তু যিটো ডায়েবেটিছ ৰোগীয়ে আটাইতকৈ বেছি পৰিহাৰ কৰিব লাগে। যদি আপুনি এই বিপজ্জনক ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ভুলতেও মিঠা খাদ্য সামগ্ৰী বা পানীয় নাখাব।

২) কৃত্ৰিম মিঠাইযুক্ত কফি: কিছুমান কফি এনেকুৱা যে কৃত্ৰিম মিঠাইৰ লগতে বহুতো ৰাসায়নিক পদাৰ্থ মিহলাই সোৱাদ যোগ কৰা হয়। এনে কফিত কেলৰিৰ পৰিমাণ অতি বেছি। চৰ্বি আৰু কাৰ্বহাইড্ৰেট অতি বেছি। এইবোৰৰ বাবে ডায়েবেটিছৰ লগতে হৃদৰোগৰ আশংকাও হ’ব পাৰে।

৩) হট ডগঃ হট ডগৰ ফলত ডায়েবেটিছৰ আশংকাও হ’ব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে সংপৃক্ত চৰ্বি থাকে আৰু ইয়াৰ লগতে ছডিয়ামো অতি বেছি। এই দুয়োটা বস্তুৱে ডায়েবেটিছ আৰু হৃদৰোগৰ আশংকা সৃষ্টি কৰে।

৪) ভাজি খাদ্যঃ ভজা খাদ্য সামগ্ৰী যেনে ভুজিয়া, কুৰকুৰে, চিপচ আদি পেকেটত বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ এইবোৰ অতিমাত্ৰা খালে ডায়েবেটিছ হ’ব পাৰে।

৫) ফাষ্ট ফুড: হয়, ফাষ্ট ফুড, যিটো আজিৰ যুৱক-যুৱতী আৰু একাংশ বৃদ্ধ লোকেও সেৱন কৰি ভাল পায়। যিহেতু ফাষ্ট ফুডত মাখন আৰু পনীৰ প্ৰচুৰ পৰিমাণে থাকে, গতিকে ইয়াক অতিমাত্ৰা খালে ডায়েবেটিছৰ লগতে হৃদৰোগও হ’ব পাৰে।

৬) চিৰাপ: যদি আপুনি গৰমৰ পৰা সকাহ পাবলৈ বেছিকৈ চিৰাপ খায়, তেন্তে তেনে কৰাটো কম কৰিব লাগে। কাৰণ ইয়াৰ ফলত ডায়েবেটিছৰ আশংকাও হ’ব পাৰে।

আজি শ্বাহৰুখৰ তনয়া সুহানা খানৰ জন্মদিন। শৈশৱত পিতৃৰ জনপ্ৰিয়তাক ভাল পোৱা নাছিল সুহানা খানে…

জনপ্ৰিয় তাৰকা শ্বাহৰুখ খানৰ কন্যা সুহানা খানৰ আজি জন্মদিন। ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ দুহিতা সুহানা খানৰ ইণ্ডাষ্ট্ৰীত ভৰি দিয়াৰ পূৰ্বেই বিপুল অনুৰাগীৰ ফ’ল’ৱাৰ আছে। জন্মদিন উদযাপন কৰা সুহানাই এইবাৰ অভিনয় জগতত ভৰি দিবলৈ ওলাইছে জয়া আখতাৰৰ ৱেব ছিৰিজ ‘দ্য আৰ্চিজ’ৰ জৰিয়তে। কিছুদিনৰ পৰা লাইমলাইটত থকা সুহানাই এসময়ত দেউতাকৰ জনপ্ৰিয়তাৰ এটা কথাই সুহানাক বহুত আমনি কৰিছিল। পিতৃৰ জনপ্ৰিয়তাক ঘৃণা কৰিছিল সুহনাই। ২০১৮ চনত এক সাক্ষাৎকাৰত চুহানাই কৈছিল, ‘আমাৰ জীৱনটো বাকীবোৰতকৈ বেলেগ বুলি মই অনুভৱ কৰোঁ। মই কেতিয়াও ভবা নাছিলো যে মোৰ দেউতা ইমান জনপ্ৰিয়।

শ্বাহৰুখ খানৰ কন্য়া সুহানা খানে জন্মদিন উপলক্ষে পিতৃ আৰু ভাতৃৰ সৈতে শিশুকালৰ ফটো শ্বেয়াৰ কৰিছে।

১৯৮৪ চনৰ পৰা ২০২৩ চনলৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা সকল ক্ৰমে…

১৯৮৪ চনৰ পৰা ২০২৩ চনলৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা সকল ক্ৰমে* :-

*১/ ১৯৮৪ চন = ৰীতা ডেকা গুৱাহাটী

*২/ ১৯৮৫ চন= দিপাঙ্কৰ বৈৰাগী, গুৱাহাটী

*৩/ ১৯৮৬ চন=

*৪/ ১৯৮৭ চন= অভিজিৎ বৰুৱা, যোৰহাট

*৫/ ১৯৮৮ চন=

*৬/ ১৯৮৯ চন= মৃণাল কলিতা
বামুন্দী কামৰূপ

*৭/ ১৯৯০ চন=

*৮/ ১৯৯১ চন= গৌৰাঙ্গ লাল দাস, বৰপেটা

*৯/ ১৯৯২ চন= শঙ্কৰাচাৰ্য লস্কৰ, গুৱাহাটী

*১০/ ১৯৯৩ চন= দেৱাশিষ বৰা, জামুগুৰিহাট

*১১/ ১৯৯৪ চন= ক) অম্লান জ্যোতি গোস্বামী, গুৱাহাটী
*খ) অনুপম দত্ত= গুৱাহাটী

*১২/১৯৯৫ চন= চিৰঞ্জীৱ দত্ত, তিনিচুকীয়া

*১৩/ ১৯৯৬ চন= পল্লৱ গোস্বামী, মৰিগাঁও

*১৪/ ১৯৯৭ চন= নিলাক্ষী গোস্বামী, পাটাছাৰকুছি

*১৫/ ১৯৯৮চন= ত্ৰিনয়ন বৰা, দেৰগাঁও

*১৬/ ১৯৯৯ চন= মোজ্জামিল হুছেইন

*১৭/ ২০০০চন= বন্দিতা ফুকন, তেজপুৰ

*১৮/ ২০০১= অৰিজিৎ ফুকন, বিহপুৰীয়া

*১৯/ ২০০২ চন= নিৰঞ্জনা ডেকা, তেজপুৰ

*২০/ ২০০৩ চন= বিশ্বজিৎ বৰা, গুৱাহাটী

*২১/ ২০০৪ চন= দেৱাঙ্গ ৰাজ নেওগ= গুৱাহাটী

*২২/ ২০০৫ চন= অনুপম মজুমদাৰ= নগৰবেৰা

২৩/ ২০০৬ চন= অৰিন্দম নাথ= নলবাৰী

*২৪/ ২০০৭ চন= ফাৰহানা অঞ্জুমান হাছান, যোৰহাট

*২৫/ ২০০৮ চন= মণিময় বুজবৰুৱা, গুৱাহাটী

*২৬/ ২০০৯ চন= প্ৰিয়ানুজ ভূঞা, নগাঁও

*২৭/ ২০১০ চন= যুগল তালুকদাৰ, বৰপেটা

*২৮/ ২০১১চন= প্ৰকাশ জ্যোতি কলিতা, পাঠশালা

*২৯/ ২০১২ চন= ক) জ্ঞান দ্বীপ শৰ্মা, বোকাখাট
*খ) ভাস্বতী ডেকা= মালিগাঁও
*গ) স্ততি খাউণ্ড= বিশ্বনাথ চাৰিআলি

*৩০/ ২০১৩ চন= ইজাজ আহমেদ, বৰপেটা

*৩১/ ২০১৪ চন= অচ্যুত ৰঞ্জন গগৈ, শিৱসাগৰ

*৩২/ ২০১৫ চন= ৰিপুঞ্জয় কলিতা, বৰপেটা

*৩৩/ ২০১৬ চন= ছৰফৰাছ হুছেইন, গুৱাহাটী

*৩৪/ ২০১৭ চন= পাৰ্থ প্ৰতিম ভূঞা, টিহু

*৩৫/ ২০১৮ চন= ৰক্তিম ভূঞা, শোণিতপুৰ

*৩৬/ ২০১৯ চন= মেঘালী বৰা, লক্ষীমপুৰ

*৩৭/ ২০২০ চন= ধৃতিৰাজ বাস্তৱ কলিতা, মঙ্গলদৈ
৩৮/২০২৩ চন= হৃদম ঠাকুৰীয়া, ঢ়েকীয়াজুলী, শোণিতপুৰ

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল। প্ৰথম স্থানত হৃদম ঠাকুৰীয়া…

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, প্ৰথম স্থানত শংকৰ দেৱ শিশু নিকেটনৰ হৃদম ঠাকুৰীয়া। ৫৯৬ নম্বৰ লাভ কৰিছে হৃদম ঠাকুৰীয়াই। দ্বিতীয় স্থান লাভ কৰিছে নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ মনমিতা শৰ্মাই। লগতে দ্বিতীয় স্থানত আছে নগাঁও গভট বয়চ হায়াৰ ছেকেণ্ডাৰি স্কুলৰ ইছৰত ফৰিহাই। মনমিতাই লাভ কৰিছে ৫৯৩। নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু ছেইণ্ট যোছেফ স্কুল সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ।

আনহাতে তৃতীয় স্থানত আছে দুমুনীচকী ইংলিছ স্কুল, দৰঙৰ নিলুফাৰ ৰহমান, আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰি, গোলাঘাটৰ অনিন্দিতা বৰা আৰু শংকৰদেৱ শিশু নিকেতন আৰু বাহাৰঘাটৰ মৃগাংক ভট্টাচাৰ্য। তেওঁলোকে লাভ কৰিছে ৫৯২ নম্বৰ।