Home Blog Page 1547

১০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।১০টাকৈ ৱেবছাইটত উপলব্ধ হ’ব ৰিজাল্ট…

আজি ১০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। এই ৱেবছাইটসমূহত ফলাফলৰ লগতে মাৰ্কশ্বিটো ডাউনলোড কৰিব পাৰিব। ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ হৈছে-

১. https://sebaonline.org
২. resultsassam.nic.in
৩. www.indiaresults.com
৪. www.results.shiksha
৫. www.assam.shiksha
৬. exametc.com
৭. www.schools9.com
৮. assamresults.in
৯. www.jagranjosh.com
১০. www.vidyavision.com

অসমত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব – আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসত উদ্যোগ মন্ত্রী বিমল বড়া

চাহ বাগিচা অঞ্চলত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে-ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু ভাৰতীয় চাহ বৰ্ডে যুটীয়া ভাৱে খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে অংশগ্রহণ ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াৰ।

চাহ বাগিচাৰ ৫ শতাংশ ভূমি অন্য কামত বিশেষকৈ পৰ্যটনৰ বাবে ব্যবহাৰৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উনুকীয়াই মন্ত্রী বড়াই অসমৰ চাহৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ সময়ত অসমৰ চাহক এক সুস্বাদু পানীয় হিচাবে বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যাবলৈ চাহ উদ্যোগী সকলক আহ্বান জনায়।


এই অনুষ্ঠানতে অসমৰ চাহৰ দ্বিশতবাৰ্ষিকী উপলক্ষে এক প্ৰতীক চিহ্নও মন্ত্রী গৰাকীয়ে উন্মোচন কৰাৰ লগতে
ক্ষুদ্র চাহ খেতিয়ক সকলক উদ্গনি যোগোৱাৰ উদ্দেশ্যে চাহ উপকৰ প্ৰয়োগ নীতিৰ অধীনত ২৮টা গোটক কেঁচাপাত কঢ়িওৱা বাহন ক্ৰয়ৰ বাবে ৰাজ সাহায্যও বিতৰণ কৰে।


উল্লেখ্য যে চাহৰ ওপৰত থকা আন্ত:চৰকাৰী গোটে ২০১৯ৰ ২১মে ত আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস পালনৰ বাবে লোৱা সিদ্ধান্তৰ পাছত ৰাষ্ট্ৰ সংঘই ২০২০ৰ ২১ মেত প্ৰথম বাৰৰ বাবে আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন কৰিছিল।


ৰাজ্য চৰকাৰে এই বছৰ অসমৰ চাহৰ দ্বিশতবাৰ্ষিকী বিভিন্ন কাৰ্যসূচীৰে উদযাপনৰ ব্যবস্থা গ্রহণ কৰিছে।

আন্ত ৰাষ্ট্ৰীয় চাহ দিৱসৰ এই কাৰ্যসূচীত চাহ উদ্যোগৰ সৈতে জড়িত সকলৰ লগতে সাংসদদ্বয় হৰেণ সিং বে আৰু কামাখ্যা প্ৰসাদ টাছা, অসম চাহ কোম্পানি লিমিটেডেৰ অধ্যক্ষ ৰাজ দ্বীপ গোৱালা, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড° লক্ষ্মণন এছকে ধৰি ভাৰতীয় চাহ বৰ্ড তথা তাহলে জড়িত বিভিন্ন সংস্হাৰ বিষয়া-প্ৰতিনিধি সকল উপস্থিত আছিল।

বিশ্বনাথৰ মহালক্ষীত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা

বিশ্বনাথৰ মহালক্ষীত বাল্য বিবাহৰ বিৰুদ্ধে এখন সজাগতা সভা দেওবাৰে ছেলাইখাতি আৰু মহালক্ষী গাওঁৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত সুকলমে অনুষ্ঠিত হৈ যায়৷

স্থানীয় গাওঁবুঢ়া ৰাজু তেৰাঙৰ সভাপতিত্বত আৰু মহালক্ষী গাওঁৰক্ষী বাহিনীৰ সম্পাদক দোলন ভুমিজৰ আঁত ধৰা বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা মুলক সভাত সমাজত বাল্য বিবাহ অভিশাপ স্বৰূপ হৈ পৰিছে বুলি উল্লেখ কৰা হয়৷

সুস্থ সবল সমাজ গঠনৰ ক্ষেত্ৰত এই বাল্য বিবাহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ লগতে বাল্য বিবাহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিয়ে দেশ তথা সমাজৰ ক্ষতিসাধন কৰা বুলি সভাত চৰ্চা কৰা হয়৷

এই অনৈতিক আৰু অসাংবিধানিক কাৰ্যৰ বিৰুদ্ধে ৰাইজ সজাগ হ’লেহে নিৰ্মুল হ’ব বুলি প্ৰত্যেকে মত ব্যক্ত কৰে৷ এই ক্ষেত্ৰত প্ৰতি গৰাকী নাগৰিকে বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলি সুস্থ সবল সমাজ গঠন কৰাত সময়োপযোগী পদক্ষেপ গ্ৰহন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷

সভাত বালিচাং আৰক্ষী চকীৰ হৈ কৈলাশ চন্দ্ৰ দাস, প্ৰধান শিক্ষক মিখাইল তিৰ্কী, অংগনবাদী কৰ্মীদ্বয় নিকুমনি দুৱৰা, সৰুফুলি ৰাভা, বালিচাং আৰু লচমনবস্তি গাওঁৰক্ষী বাহিনীৰ সম্পাদকদ্বয় জগন্নাথ কুৰ্মী, ৰেৱন শৰ্মাকে প্ৰমুখ্যে কৰি বিষয়ববীয়া সকল উপস্থিত থাকি বক্তব্য ৰাখে৷ শলাগৰ শৰাই আগবঢ়াই ছেলাইখাতি গাওঁৰক্ষী বাহিনীৰ সম্পাদক গোপাল তাঁতিয়ে৷

সমাগত লোকসভা নিৰ্বাচনত বৰপেটা দখলৰ বাবে তৎপৰ হৈ পৰিছে অগপ

আজি বৰপেটাত ৫ সহস্ৰাধিক কৰ্মীক লৈ দলীয় কৰ্মীসভা অনুষ্ঠিত কৰি অগপই প্ৰদৰ্শন কৰিলে শক্তি।

বৰপেটাৰ জিলা পুথিভঁড়ালত অনুষ্ঠিত আজিৰ দলীয় কৰ্মীসভাত অগপ সভাপতি অতুল বৰাৰ ঘোষণা –

• লোকসভাত আমি আমাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম।
• সেই লক্ষ্য লৈ আমি কাম কৰিছো।
• দললৈ নতুন তেজৰ আমদানি হৈছে।
• শীপাত সাৰ-পানি দিবলৈ দলীয় কৰ্মীক আহ্বান।
• সমষ্টিৰ পুননিৰ্ধাৰণৰ পিছতহে অগপই কিমানখন আসনত প্ৰতিদ্বন্দিতা কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।
• আমি সকলো সমষ্টিতে সমভাৱে সাংগঠনিক কাম-কাজ চলাই আছো।

মহাজোটত সন্দৰ্ভত অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় –
• ক’ত কিহৰ মহাজোট?
• মহাজোটৰ অংশীদাৰ দলসমূহ কংগ্ৰেছেই সৃষ্টি কৰা দল।
• অগপক গালি পাৰি সেই দলবোৰৰ জন্ম হৈছে।
• মহাজোটত কেৱল দলকেইটাহে থাকিব, কিন্তু মানুহ নাথাকিব।
• মানুহ এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোট ৰ লগত আছে।

সদ্য ঘোষিত কৰ্ণাটক নিৰ্বাচনৰ ফলাফলক লৈ অতুল বৰাৰ মন্তব্য –
• কোনোবাখন ৰাজ্যত ক্ষমতালৈ আহিলেই কেন্দ্ৰতো চৰকাৰ সলনি হ’ব বুলি কোনো ৰাজনৈতিকভাৱে সচেতন লোকে চিন্তা নকৰে।

৫ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত বৰপেটাত আজি অনুষ্ঠিত এই দলীয় সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলা কলিতা, কুমাৰ দীপক দাস, সত্যব্ৰত কলিতা, ডাঃ তাৰাপ্ৰসাদ দাস, ভুপেন ৰায়, গুনীন্দ্ৰ নাথ দাস, ড° তপন দাস প্ৰমুখ্যে কেন্দ্ৰীয় কেবাগৰাকীও শীৰ্ষ নেতৃত্ব উপস্থিত থাকে।

অগপৰ আজিৰ এই কৰ্মীসভাই স্বাভাৱিকতে এক তাৎপৰ্য বহন কৰিছে।

একপ্ৰকাৰ অগপই স্পষ্ট কৰিছে সমাগত লোকসভা নিৰ্বাচনত বৰপেটাত সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা।

অভিনৱ প্ৰতিবাদ! ৰাইজে কেক কাটিলে প্ৰতিবাদ স্থলীত…

বিগত ২০১৮ চনৰ ১৮ মে’ৰ দিনা সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ উপস্থিতিত উৰণীয়া সেঁতুখনৰ আধাৰশিলা স্থাপন কৰিছিল৷

দুই বছৰৰ ভিতৰত সেঁতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি উক্ত অনুষ্ঠানটোত ঘোষণা কৰিছিল যদিও যোৱা ১৮ মে’ৰ দিনটোত আধাৰশিলা স্থাপনৰ ৫ বছৰ সম্পূৰ্ণ হল যদিও উৰণীয়া সেঁতুখন সম্পূৰ্ণ হৈ নুঠিল৷

পাঠশালাৰ অনুপম শৰ্মা মালিকাধীন অনুপম কনষ্ট্ৰাকশ্বনে শামুকীয়া গতিৰে নিৰ্মাণ কৰি থকাৰ বাবে ৰেল লাইনৰ দুয়ো পাৰে বসবাস কৰা ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে।

ফলত অতি শীঘ্ৰে উৰণীয়া সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কোনো লক্ষণ নেদেখি আজি ৰাইজে আধাৰশিলা স্থাপনৰ ৫ বছৰীয়া জন্মদিৱস পালন কৰে৷

এই অনুষ্ঠানত ৰাইজৰ লগতে আনোৱাৰ হুছেইন, দেৱৰাজ ছেত্ৰী আৰু ছাহজাহান আলী আহমেদে উৰণীয়া সেঁতুখনৰ নিৰ্মান কাৰ্য সম্পন্ন কৰাৰ বাবে দাবী জনায়।

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহিৰ উদ্যোগত মাজুলীৰ ২২৮ নং ঝাৰণী সোণোৱাল প্ৰাথমিক বিদ্যালয়ত সাহিত্য প্ৰতিযোগিতা

দেওবাৰে মাজুলীৰ মধ্য অংশৰ বিস্তৃত অঞ্চলৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ক সামৰি শিশুসকলৰ মাজত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ উদ্যোগত আৰু অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত মাজুলীৰ ২২৮নং ঝাৰণী সোণোৱাল প্ৰাথমিক বিদ্যালয়ত দুটা শিতানত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন আৰু কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ পৰিচালনাত অসম সাহিত্য সভাৰ দৃষ্টিভংগী অনুসৰি জনগোষ্ঠীয় ঐক্য-সম্প্ৰীতিৰ লগতে শিশুসকলৰ সাহিত্যিক আৰু সাংস্কৃতিক উত্তৰণত বাবে এখন বিশেষ মঞ্চ প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কুইজ আৰু কবিতা আবৃত্তিৰ দুয়োখন প্ৰতিযোগিতাতে শিশুসকলৰ প্ৰতিভাৰ বৰ্ণিল প্ৰকাশ পৰিস্ফুট হয়৷

সেই মৰ্মে কবিতা আবৃত্তি প্ৰতিযোগিতাত চয়নিকা ৰেগন, মৃদুল পায়েং, ৰাজেশ গাতাকে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰাৰ পিছতে কুইজ প্ৰতিযোগিতাত জয়মতী দলে (সিদ্ধাৰ্থ ৰেগন, দীপক পায়েং, নয়নজ্যোতি মিলি, ছায়ামণি গীতাৰ, ৰূপকুমাৰ পায়েং) প্ৰথম, গোমধৰ কোঁৱৰ দলে (চয়নিকা ৰেগন, হয়নজ্যোতি পায়েং, গায়ত্রী ৰেগন, আয়ুস্মিতা ৰেগন, বিশ্বজিৎ পায়েং) দ্বিতীয় আৰু লাচিত বৰফুকন দলে (তৰালী পায়েং, ৰিম্পী পায়েং, তৰালী চিন্তা, জোনমণি, বিকাশ পায়েং) তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ বিশেষ নিয়মানুবৰ্তিতা অৱলম্বনৰ পুৰষ্কাৰ লাভ কৰে আয়ুস্মিতা ৰেগনে৷

মাজুলী জিলা সাহিত্য সভাৰ ধনভঁৰালী প্ৰণৱজিত মিশ্ৰ, অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ মেমৰিয়েল ট্ৰাষ্টৰ অন্যতম সদস্যা অনুপ্ৰভা দেৱী, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱা, মাজুলী জিলা মইনা পাৰিজাতৰ সম্পাদক শশীধৰ বৰুৱা, ২ নং ওপৰ সোণোৱাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুণু দাস, ২২৮ নং ঝাৰণী সোণোৱাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ দত্ত, সহকাৰী শিক্ষক ক্ৰমে জেউতী নৰহ, অনন্ত পায়েং আৰু দীপাংকৰ শইকীয়াই বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাখনত গ্ৰাম্যাঞ্চলৰ প্ৰতিজন শিশু-অভিভাৱককেই অসম সাহিত্য সভাৰ লগত জড়িত হৈ ভাষা-জননীৰ সেৱাত উৎসৰ্গিত হ’বলৈ আহ্বান জনোৱা উক্ত কাৰ্যসূচীৰ প্ৰশংসা কৰে উপস্থিত ৰাইজে৷ পুৰস্কাৰ বিতৰণৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে৷

ঢেকীয়াজুলি সমষ্টিৰ কাটনি গাঁৱত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে

ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা গাওঁ পঞ্চায়ত এলেকাৰ কাটনি গাঁৱত আজি বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত অঞ্চলটোৰ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখ্য যে ৭১ নং  ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটনি গাওঁ হৈ ৰোহিনীবিল গাওঁ সংযোগী অতিকৈ গুৰুত্বপূৰ্ণ পথচোৱা বিগত বহুদিনৰ পৰাই বিধ্বস্ত হৈ আছে৷ফলত উক্ত পথেৰে  বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰযাতনা ভোগী আহিছে৷আনকি পথত জমা হোৱা বুকাময় পানী এতিয়া একাংশ পৰিয়ালৰ চোতালত পাইছেগৈ৷উক্ত বিধ্বস্ত পথচোৱা নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ লগতে ঠেলামৰা গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও আজিলৈকে জনপ্ৰতিনিধি সকলে বিধ্বস্ত পথচোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ইয়াকে লৈ আজি ক্ষোভিত হৈ পৰিল অঞ্চলটোৰ ভুক্তভোগী ৰাইজ৷

সেয়েহে উক্ত বিধ্বস্ত পথচোৱা নিৰ্মাণৰ দাবীত আজি কাটনি গাঁৱত অঞ্চলৰটোৰ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি কাটনিগাঁৱৰ পৰিবেশ উত্তাল কৰি তোলে৷সমান্তৰালভাৱে ৩০ দিনাৰ ভিতৰত পথচোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিলে প্ৰতিবাদী ৰাইজে৷ইমানৰ পাছতো যদি চৰকাৰৰ গা নলৰে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিলে আজি ক্ষোভিত ৰাইজে৷

প্ৰতিদিনে শুই উঠাৰ পূৰ্বে বিচনাতে ৫ মিনিট কৰক এইদৰে যোগাসন কৰক। দেখিব চুলি সৰা বন্ধ হৈছে…

চুলি সৰা বন্ধ কৰিবলৈ আৰু বৃদ্ধিৰ বাবে কি কৰিব? চুলি সৰাৰ সমস্যাটো অতি সাধাৰণ, নাৰী হওক বা পুৰুষ এই সমস্যা সকলোৰে মাজত থাকে। সেইবাবে আমি চুলিৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন। গ্ৰীষ্মকালত এই সমস্যা আৰু অধিক বৃদ্ধি পায়। ধূলি, প্ৰদূষণ আৰু ঘামৰ বাবে চুলি সৰা বাঢ়ি যায়। চুলি সৰা বাবে কিছুমান লোক মানসিক চাপত পৰে। চুলি সৰাৰ পৰা মুক্তি পাবলৈ কি কৰিব? আজি আমি আপোনালোকক এটা অতি সহজ সমাধানৰ বিষয়ে কম। যিটো প্ৰতিদিনে শুই উঠাৰ আগতে কৰিব লাগে। এই ঔষধসমূহ গ্ৰহণ কৰিলে আপোনাৰ চুলি সৰা কমিব আৰু চুলিৰ বৃদ্ধিও দ্ৰুত হ’ব…

চুলি সৰা বন্ধ কৰিবলৈ আৰু বৃদ্ধিৰ বাবে ওলোটা পদ্ধতি অতি উপকাৰী। এই পদ্ধতিটো কৰিবলৈ ডিঙিটো ওলোটাকৈ বিচনাৰ ফালে ওলোমাই ৰাখিব লাগে। ইয়াৰ দ্বাৰা আপুনি বহুতো আৰাম পাব। শুই উঠি প্ৰায় ৪ৰ পৰা ৫ মিনিট এই পদ্ধতি অনুসৰণ কৰিলে কেৱল চুলিৰ বৃদ্ধিত উপকাৰী নহয়, বৰং মানসিক স্বাস্থ্যৰো উপকাৰ হয়। আচলতে ই মূৰৰ ৰক্ত সঞ্চালন উন্নত কৰে। চুলিৰ বৃদ্ধি, ডিঙিৰ বিষ দূৰ হয় আৰু মানসিক স্বাস্থ্যও উন্নত হয়।

যদি আপোনাৰ চকুৰ কোনো ধৰণৰ সমস্যা আছে, তেন্তে এই যোগাসন কৰাটো পৰিহাৰ কৰা উচিত।
গৰ্ভৱতী মহিলাই এই ধৰণৰ যোগাসন কৰাটো পৰিহাৰ কৰিব লাগে।যদি আপোনাৰ ভেৰ্টিগো হয় তেন্তে এই যোগাসন কৰাটো পৰিহাৰ কৰক।লেজাৰ চকুৰ অস্ত্ৰোপচাৰ কৰিলেও এই যোগাসন কৰাটো পৰিহাৰ কৰিব।

ডুবাইৰ সাঁতোৰ প্ৰতিযোগিতাত আস্থা চৌধুৰীৰ আন এক স্বৰ্ণ পদক লাভ

দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় স্পীডো আমন্ত্ৰণমূলক লং কোৰ্চ মিট ২০২৩ত আন এক স্বৰ্ণ পদক লাভ কৰি ডুবাইত জিলিকি উঠিছে অসমৰ আস্থা চৌধুৰীয়ে।

সূত্ৰই জনোৱা মতে, ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ২.১৯.৯৬ মিটাৰ দৌৰত অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আজি সামৰণিৰ অনুষ্ঠানত আস্থা চৌধুৰীয়ে লাভ কৰা এয়া দ্বিতীয়টো স্বৰ্ণ পদক।

শনিবাৰে আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰফ্লাই মহিলা প্ৰতিযোগিতাত ১.০১.৯৮ মিটাৰ ছেকেণ্ডৰ অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক লাভ কৰে।

২০ আৰু ২১ মে’ত ডুবাইৰ হামডান স্প’ৰ্টছ কমপ্লেক্সত দুদিনীয়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত বাংগালুৰুত অনুষ্ঠিত ৪৭ সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ নেশ্যনেল একুৱাটিক চেম্পিয়নশ্বিপত আস্থাই পূৰ্বে ১.০৩.২৪ ছেকেণ্ডত থকা ১২ বছৰীয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ আৰু ১.০৪.৬৬ ছেকেণ্ডত জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল।

লাহোৱালত আন্তৰ্জাতিক চাহ দিৱস পালন…

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্হা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল আঞ্চলিক সমিতিৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আন্তৰ্জাতিক চাহ দিৱস আৰু অসম চাহ উদ্যোগৰ দ্বি-শতবাৰ্ষিকি দিৱস উদযাপন।পুৱাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে কাৰ্যসূচী।বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নৰেন দিহিঙ্গীয়াই।

লগে লগে সভাৰ উদ্বোধনী কৰে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰোহিত বৰগোঁহাই । উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ সম্পাদক বিৰিঞ্চী বৰাই আঁতধৰা অনুষ্ঠানত পৌৰহিত্য কৰে ৰুবোল হাতিবৰুৱাই।