Home Blog Page 1658

মেট্ৰিকৰ অসমীয়া প্ৰশ্নকাকতো ফাদিল, পুনৰ পৰীক্ষা বাতিল

মেট্রিকৰ অসমীয়া পৰীক্ষাৰ প্রশ্নকাকতো হ’ল ফাদিল।

মেট্রিকৰ অসমীয়া পৰীক্ষাও বাতিল হ’ব।

এই কথা টুইটযোগে সদৰী কৰিলে মুখ্যমন্ত্রীয়ে।

ছেবাক মুখ্যমন্ত্রীৰ নিৰ্দেশ নতুনকৈ অসমীয়া পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ ।

উল্লেখ্য যে আৰক্ষীৰ জেৰাত ফাদিল হৈছে বহু বিস্ফোৰক তথ্য।

জেৰাত মুখ খুলিছে শিক্ষক প্রণৱ দত্তই।

লুইত খাবলুৰ কেন্দ্রৰ তত্বাৱধায়ক প্রণৱ দত্ত।

আজি লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল প্রণৱ দত্তক।

জেৰাত সদৰী হৈছে প্রশ্নকাকত ফাদিলৰ তথ্য।

চুঙাজান ফটউ বস্তিত অসমীয়া লোকক মাৰপিট কৰা সন্দৰ্ভত দুজনক আটক নাগালেণ্ড আৰক্ষীৰ

ধনশিৰি মকুমাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ ফটউ বস্তিত ৰাম কুমাৰ চেত্ৰী নামৰ এজন অসমীয়া লোকৰ ওপৰত আক্ৰমণ কৰা দুই নগা দুৰ্বৃত্তক আটক কৰিছে নিউলেণ্ড আৰক্ষীয়ে ৷

দুদিন পূৰ্বে ৰামকুমাৰ ছেত্ৰী নামৰ এজন অসমৰ লোকক দুই নগা যুৱকে গুৰুলা গুৰুলকৈ কৰিছিল প্ৰহাৰ ৷ তাৰ পিছতে ভুক্তভোগীৰ পত্নীয়ে নাগালেণ্ডৰ নিউলেণ্ড আৰক্ষীৰ থানাত গোচৰ তৰিছিল৷

উক্ত গোচৰৰ ভিত্তিত আজি দুই নগা দুৰ্বৃত্তক আটক কৰে নিউলেণ্ড আৰক্ষীয়ে৷


নাগালেণ্ড আৰক্ষীয়ে কিটোকা কিবা(২৩) আৰু টোকাপু জিমো (২৮)নিউলেণ্ডৰ আকিটো গাওঁৰ দুজনক আটক কৰিছে ৷

অন্যহাতে ধনশিৰি মহকুমা প্ৰশাসনৰ হৈ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈয়ে চি আৰ পি এফৰ সৈতে ঘটনাস্থলী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

অসম চৰকাৰৰ বাজেটক ফাঁকিবাজ আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

অসম চৰকাৰে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক জনতাক আভুৱা ভৰা এখন দিশহীন বাজেট বুলি অভিহিত কৰিছে অসম তৃণমূল কংগ্ৰেছে।

দলৰ সভাপতি ৰিপুণ বৰাই সম্বোধন কৰা সংবাদমেলত বাজেটখনক কেৱল কৰৰ ওপৰত নিৰ্ভৰশীল বাজেট বুলি মন্তব্য কৰি এই বাজেটে ৰাজ্যখনক উন্নয়নৰ কোনো বাট দেখুৱাবলৈ সক্ষম নহ’ব বুলি অভিযোগ কৰে।

বৰাই লগতে কয়, ”বাজেটৰ সৰ্বাধিক পুঁজি কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য দিশৰ পৰা লোৱা ঋণৰ পৰা জোৰা মৰাৰ কথা কৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে যে কোনো ধন সহজে নিদিয়ে সেয়া আমি সকলোৱে দেখিছো। বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনৰ পাছত অসমে বছৰি ৯ হাজাৰ কোটি টকা হেৰুৱাব লগাৰ কথা সকলোৰে অৱগত। বাজেটত নিবনুৱা সমস্যা সমাধানৰ কোনো কথা নাই। বাজেটখন এক চূড়ান্ত ফাঁকিবাজৰ বাহিৰে আন একো নহয়। আমি বাজেটখনক ধিক্কাৰ দিছো।” অসমত ঔদ্যোগিকৰণৰ ক্ষেত্ৰত বাজেটখনত কোনো দিশ অন্তৰ্ভুক্ত নোহোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে।

সংবাদমেলত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে দাখিল কৰা বাজেটখনক জনবিৰোধী বাজেট বুলি অভিহিত কৰি কঠোৰ সমালোচনা কৰে।

এসময়ত বাজেটখন দীঘলীয়া কৰা বুলি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰা ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই কি কৰিছে বুলি দিলীপ কুমাৰ শৰ্মাই প্ৰশ্ন উত্থাপন কৰে। আনহাতে নিজে শিক্ষামন্ত্ৰী হৈ থকা সময়ত কৰা নীতিসমূহ ৰূপায়ণ কৰাৰ বাবে কোনো পদক্ষেপ নল’লে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

বাজেটে ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আনিছে আশাৰ বতৰা: এৰিডা

বিত্তমন্ত্রী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই।

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয় যে বাজেটত নতুন পথ, দলং আৰু বিমান সংযোগৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন আৰু উন্নত সংযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব। আনহাতে চৰকাৰে যথেষ্ট পুঁজি আৱণ্টন দি এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। 

তিনি হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ পদক্ষেপ আন এক উল্লেখযোগ্য দিশ। শৰ্মাই লগতে কয় যে গোপীনাথ বৰদলৈ পথত ওপৰত চাৰি লেনৰ পথ, চাইকেল ফেক্টৰীত ফ্লাইঅভাৰ, ফটাশিল চাৰিআলি আৰু ডাউনটাউন হস্পিটেলৰ ওচৰত ফ্লাইঅভাৰ, জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ ওচৰত ফ্লাইঅভাৰ, কামাখ্যা মন্দিৰলৈ বিকল্প উন্নত পথ, দীপৰ বিলৰ ওচৰত হাতীৰ আণ্ডাৰপাছ আদি বহু কেইটা আদৰণীয় পদক্ষেপ বাজেটত উল্লেখ কৰা হৈছে।

সেইদৰে ডিফু ষ্টেডিয়ামৰ পৰা ডিফুৰ মুখ্য ডাকঘৰলৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ’ব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পক স্বাগতম জনাই শৰ্মাই কয় যে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্রত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সেইদৰে পলাশবাৰীক শুৱালকুছিৰে সংযোগ কৰাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৩১৯৭.২০ কোটি টকাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু অতি সোনকালেই কাম আৰম্ভ হ’ব।

শৰ্মাই লগতে কয় যে অসম চৰকাৰে স্বনিয়োজন আৰু উদ্যোগক বিশেষভাৱে সমৰ্থন কৰিছে। অষ্টাদশ মুকুতাৰ উন্নয়ন মালাৰ জৰিয়তে এম এছ এম ই খণ্ডক উদগনি যোগোৱা হৈছে আৰু যাৰ উদ্দেশ্য হৈছে বি পি এল পৰিয়াল আৰু নিম্ন আয়ৰ পৰিয়ালৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ ঘটোৱা। বাজেটত ব্যক্তিগত খণ্ডত স্ব-নিয়োজনত গুৰুত্ব দিছে। এই আঁচনিৰ অধীনত ব্যৱসায়, উৎপাদন, সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত, হস্তশিল্প, কৃষি আৰু সহযোগী, পশুপালন, মীন পালন আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যক সমৰ্থন কৰা হ’ব।

আনহাতে চৰকাৰে এক লাখ যোগ্য হিতাধিকাৰীক সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। যিসকলক অহা তিনি বছৰত মাইক্ৰ’ এণ্টাৰপ্ৰাইজ ইউনিট আৰম্ভ কৰাৰ বাবে এককালীন সাহায্য হিচাপে ২ লাখ টকা প্ৰদান কৰিব। ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি শৰ্মাই সদৰি কৰে।

বাজেটত সৌৰ শক্তিক উৎসাহিত কৰা হৈছে। আনহাতে গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্রত বাজেটত অনলাইন ব্যৱস্থাৰ কথা কোৱা হৈছে। ইয়াক বিশেষভাৱে আদৰণি জনাই শৰ্মাই কয় যে অনলাইন বিল্ডিং অনুমতি ব্যৱস্থাটো সময়ৰ অতি প্ৰয়োজনীয়তা। ইমান বছৰ কাগজত থকাৰ পিছত চৰকাৰে অৱশেষত ইয়াৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে।

যাৰ বাবে চৰকাৰক অভিনন্দন জনাই শৰ্মাই কয় যে ইয়াৰ দ্বাৰা দুৰ্নীতি-অনিয়ম নোহোৱা হ’ব। বাজেটত পৰ্যটন খণ্ডৰ ওপৰত দিয়া গুৰুত্বক আদৰণি জনাই শৰ্মাই কয় যে ৰিয়েল ইষ্টেট বিকাশকাৰী হিচাপে আমি পৰ্যটনৰ বাবে মূল আন্তঃগাঁথনিৰ বিকাশত নিজৰ বাবে বিশাল সম্ভাৱনা দেখিছোঁ।

মুখমন্ত্ৰী আৱাস যোজনাৰ বাবে এক লাখ হিতাধিকাৰী সামৰি ল’বলৈ বাজেটত ৮০০ কোটি টকা আৱণ্টন দিয়া হৈছে। শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত প্ৰাপ্ত সকলো আৱেদনৰ নিষ্পত্তিৰ ওপৰত গুৰুত্ব দিয়া, এন চি গাওঁসমূহৰ জৰীপ আৰু নিষ্পত্তি সম্পূৰ্ণ কৰা, ৰাজ্যজুৰি গাওঁ আৰু চৰকাৰী ভূমিৰ পুনৰ জৰীপ সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ অগ্ৰগতি, ভূমি ধাৰকসকলক তেওঁলোকৰ কাৰ্যালয় আৰু ঘৰৰ আৰামৰ পৰা ভূমি ৰাজহ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰা আৰু ৰাজ্যজুৰি ডিজিটেল ষ্টেম্পিং সম্পূৰ্ণৰূপে আৰম্ভ কৰাটো প্ৰথম বাৰৰ বাবে দেখা গৈছে। এনেবোৰ পদক্ষেপৰ বাবে অসম চৰ‍কাৰ ধন্যবাদৰ পাত্র বুলি শৰ্মাই কয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ওদালগুৰিৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ওদালগুৰিৰ উদ্যোগত ৰাষ্ট্ৰীয় পেলু নিৰ্মূল কৰণ‌ দিৱসৰ লগত সংগতি ৰাখি আজি ওদালগুৰিস্থিত
এম আৰ এছ ডি এন জি অৰ কৰ্মকৰ্তাৰ লগতে দক্ষতা বিকাশৰ বাবে ছাত্র ছাত্ৰীসকলৰ মাজত “পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মানৱ স্বাস্থ্যৰ” ওপৰত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।‌

দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ক্ৰমে প্ৰথম স্থান লাভ কৰে চুমিত্ৰা বড়ো আৰু ৰমেশ হেমৰমে, দ্বিতীয় স্থান লাভ কৰে ক্ৰমে নিলাক্ষী দাস আৰু পবিত্ৰ বড়োয়ে, তৃতীয় স্থান লাভ কৰে ক্ৰমে অঙ্কিতা বৰ্মন আৰু লক্ষ্মী দেৱীয়ে।

এম আৰ এছ ডি এন জি অৰ অধ্যক্ষ মিলন দাসে পৰিচালনা কৰা প্ৰতিযোগিতা খনৰ শেষত সকলোকে বঁটা প্ৰদান কৰাৰ‌ লগতে ৰাষ্ট্ৰীয় পেলু নিৰ্মূল কৰণ‌ আঁচনিৰ ওপৰত সজাগতা মূলক বক্তব্য ৰাখে।

অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনাৰ দুই পাইলট…

অৰুণাচল প্ৰদেশত সংঘটিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই পাইলট।

ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ লেফটেনেন্ট কৰ্ণেল ভি ভি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ ব’মডিলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন।

অপাৰেশ্যনেল ছৰ্টী উৰণৰ সময়ত পুৱা প্ৰায় ৯.১৫ বজাত হেলিকপ্টাৰখনে এটিচিৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।এ টি চিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ পিছতে দুৰ্ঘটনাৰ আশংকা কৰা হৈছিল৷

সেনাই জনোৱা মতে, বমডিলাৰ পশ্চিমৰ মাণ্ডলাৰ সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাৰ পিছত দুয়োগৰাকী পাইলটৰ সন্ধানত অভিযান চলায় বায়ু সেনা, আৰক্ষী আৰু এছএছবিয়ে।

দীৰ্ঘসময় ধৰি চলোৱা অভিযানৰ অন্তত মাণ্ডলাৰ পূব ভিলেজ বাংলাজাপৰ ওচৰত উদ্ধাৰ হয় হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ।

সেনাই দুয়োগৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে দৃঢ়তাৰে থিয় দিছে বুলি প্ৰকাশ কৰে।

সেনাই ইতিমধ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

ভাৰতীয় বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে 3 বছৰত বিদেশী পুঁজিত ২,৪৩০.৮০ কোটি টকা লাভ

যোৱা তিনি বছৰত ভাৰতীয় বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহে মুঠ ২,৪৩০.৮৪ কোটি টকা বিদেশী পুঁজি লাভ কৰিছে বুলি গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে বুধবাৰে ৰাজ্যসভাত জনায়। ২০২১-২২ বৰ্ষত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহে বিদেশী পুঁজিৰ ৯০৫.৫০ কোটি টকা, ২০২০-২১ বৰ্ষত ৭৯৮.১৮ কোটি টকা আৰু ২০১৯-২০ বৰ্ষত ৭২৭.১৬ কোটি টকা লাভ কৰিছে, তেওঁ এক লিখিত উত্তৰত কয়। মন্ত্ৰীজনে কয় যে চলিত বছৰৰ 10 মাৰ্চলৈকে 16,383 টা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ এফচিআৰএ পঞ্জীয়ন প্ৰমাণপত্ৰ বৈধ, যাৰ ভিতৰত 14,966 টা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, 2010-ৰ অধীনত 2021-22 বিত্তীয় বৰ্ষৰ বাবে বাধ্যতামূলক বাৰ্ষিক ৰিটাৰ্ণ দাখিল কৰিছে।

তেওঁ কয় যে এফচিআৰএ পঞ্জীভুক্ত স্বেচ্ছাসেৱী সংগঠনসমূহৰ দ্বাৰা বিদেশী অৱদানৰ অপব্যৱহাৰ বা পৰিৱৰ্তন সম্পৰ্কে অতীতত কিছুমান অভিযোগ প্ৰাপ্ত হৈছিল আৰু এনে অভিযোগ আইন আৰু নিয়মৰ ব্যৱস্থা অনুসৰি মোকাবিলা কৰা হয়।

অভিযুক্তক ৩৩ টা হত্যাৰ শাস্তি ! ১,৩১০ বছৰ কাৰাবাস…

এখন আদালতে এক অভিযুক্তক ১,৩১০ বছৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছে। অভিযুক্তৰ বিৰুদ্ধে একাধিক হত্যাৰ অভিযোগ আছে। দেশৰ আৰক্ষী প্ৰশাসনে দীৰ্ঘদিন ধৰি হত্যাকাৰীক বিচাৰি আছিল। অৱশেষত আদালতত হত্যাকাৰীৰ ওপৰত শাস্তি ঘোষণা কৰে। এমএছ-13 হৈছে মধ্য আমেৰিকাৰ এল ছালভাডৰৰ এটা কুখ্যাত দুৰ্বৃত্ত গোট। উইলমাৰ ছেগোভিয়া সেই দলটোৰ সদস্য আছিল। হত্যাকাৰীৰ বিৰুদ্ধে মুঠ ৩৩ টা হত্যাৰ অভিযোগ আছে। এইজন হত্যাকাৰী আন নটা হত্যাৰ পৰিকল্পনাতো জড়িত আছিল। উইলমাৰৰ আন অপৰাধও আছে। এমএছ-১৩ দলৰ বিৰুদ্ধে এল ছালভাডৰৰ চৰকাৰৰ যুঁজ দীঘলীয়া।

প্ৰশাসন সেই গোটটোৰ বিভিন্ন কাৰ্যকলাপৰ বিৰুদ্ধে ব্যস্ত। দলটোৰ আন এক সদস্য আৰু কুখ্যাত গুণ্ডাক দেশৰ আদালতে ৯৪৫ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। এজন সাধাৰণ ব্যক্তি 1,310 বছৰ বা 945 বছৰ জীয়াই থকাটো সম্ভৱ নহয়। আদালতে অপৰাধৰ সংখ্যা গণনা কৰি এই শাস্তি প্ৰদান কৰিছে। যাৰ প্ৰকৃত অৰ্থ হৈছে যে অভিযুক্ত আজীৱন কাৰাগাৰত থাকিব লাগিব। প্ৰশাসনে দাবী কৰিছে যে তেওঁলোকে দলটোৰ বেছিভাগ সদস্যক কাৰাগাৰত ৰাখিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰপতি নাইব বুকেলে শেহতীয়াকৈ টুইট কৰিছিল যে এমএছ-১৩ দলৰ ২,০০০ সদস্যক নতুন কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। কাৰাগাৰত মুঠ ৪০,০০০ দোষী সাব্যস্ত অপৰাধী আছে। যিটো আমেৰিকা মহাদেশৰ অন্যতম বৃহৎ।

৬ টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ৮৪,৮৬৬ টা পদ খালী…

চিআৰপিএফ আৰু বিএছএফৰ দৰে ছটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত মুঠ ১০,০৫,৫২০ টা অনুমোদিত পদৰ বিপৰীতে মুঠ ৮৪,৮৬৬ টা পদ খালী হৈ আছে বুলি বুধবাৰে ৰাজ্যসভাত অৱগত কৰা হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে যোৱা পাঁচ মাহত চিএপিএফত ৩১,৭৮৫ জন কৰ্মচাৰীৰ নিযুক্তি কৰা হৈছে। অৱসৰ, পদত্যাগ, পদোন্নতি, মৃত্যু, বেটেলিয়নৰ নতুন উত্থাপন, নতুন পদ সৃষ্টি আদিৰ বাবে চিএপিএফৰ খালী পদসমূহ উদ্ভৱ হয় বুলি মন্ত্ৰীজনে কয়।

২০২৩ চনৰ ১ জানুৱাৰীলৈকে চিআৰপিএফত ২৯,২৮৩ টা, বিএছএফত ১৯,৯৮৭ টা, চিআইএছএফত ১৯,৪৭৫ টা, এছএছবিত ৮,২৭৩ টা, আইটিবিপিত ৪,১৪২ টা আৰু অসম ৰাইফলছত ৩,৭০৬ টা খালী পদ খালী আছিল, তেওঁ এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়। মন্ত্ৰী ৰায়ে কয় যে ২০২৩ চনৰ ১ জানুৱাৰীলৈকে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত মুঠ ২৪৭ টা চিকিৎসকৰ পদ আৰু ২,৩৫৪ টা নাৰ্ছ আৰু অন্যান্য চিকিৎসা বৃত্তিধাৰী পদ খালী হৈ আছে।

সতীশ কৌশিকৰ মৃত্যুৰ পিছত কন্যাই ল’লে এটা চাঞ্চল্যকৰ সিদ্ধান্ত…

সতীশ কৌশিকৰ মৃত্যুৰ পিছত কন্যাই এটা চাঞ্চল্যকৰ সিদ্ধান্ত ল’লে, আপুনি জানিলে আচৰিত হ’ব! সতীশ কৌশিকৰ মৃত্যুৰ পিছত তেওঁৰ কন্যাই এনে এক চাঞ্চল্যকৰ সিদ্ধান্ত লৈছে। সতীশৰ কন্যাৰ এই সিদ্ধান্ত জানি সকলোৱে আচৰিত হৈছে। পত্নী আৰু এগৰাকী কেঁচুৱা কন্যা বংশিকাক এৰি থৈ গৈছে সতীশে। হাৰ্ট এটেকৰ বাবে সতীশ কৌশিকৰ মৃত্যু হয় যদিও মৃত্যুক লৈ আন বহু কথাও ওলাইছে। কিন্তু এই সকলোবোৰৰ মাজতে সতীশ কৌশিকৰ ১১ বছৰীয়া কন্যা বংশিকাই এনে এক চাঞ্চল্যকৰ সিদ্ধান্ত লৈছে যে আপুনি জানিলে আচৰিত হ’ব। বংশিকাৰ এই সিদ্ধান্তৰ পিছত তাইৰ পৰিয়ালৰ লোক সকলো আচৰিত হৈছে।

সতীশ কৌশিকৰ ১১ বছৰীয়া কন্যা বংশিকাৰ ইনষ্টাগ্ৰামত এটা একাউণ্ট আছিল। সতীশে কন্যা বংশিকাৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি টেগ কৰিছিল। কিন্তু বংশিকাই দেউতাকৰ মৃত্যুৰ জোকাৰণি ইমানেই অনুভৱ কৰিছে যে ইমান ডাঙৰ সিদ্ধান্ত লৈছে, যিটো জানিও আপুনিও থতমত খাব।সতীশ কৌশিকৰ মৃত্যুৰ এসপ্তাহৰ ভিতৰতে বংশিকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিছে। বংশিকাৰ এই সিদ্ধান্ত জানি সকলোৱে স্তম্ভিত হৈ পৰে। বংশিকাৰ এই সিদ্ধান্তৰ পৰা স্পষ্ট হৈ পৰিছে যে এই সময়ত তাইৰ কেনে অৱস্থাত থাকিব। একাউণ্টটো ডিলিট কৰাৰ পূৰ্বে বংশিকাই পিতৃ সতীশ কৌশিকৰ সৈতে এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছিল।

১৫ কোটিৰ ৰহস্য সমাধান হ’বনে?
দৰাচলতে সতীশ কৌশিকৰ মৃত্যুৰ পিছত দিল্লীৰ ব্যৱসায়ী পত্নী সানৱী মালুৱে দাবী কৰিছিল যে তেওঁৰ স্বামীয়ে সতীশ কৌশিকক ১৫ কোটি টকাৰ বিনিময়ত হত্যা কৰিছিল। বৰ্তমান এই বিষয়ৰ তদন্তত নিয়োজিত আৰক্ষী। সতীশ কৌশিকে চলচ্চিত্ৰ জগতত বহু উৎকৃষ্ট চৰিত্ৰত অভিনয় কৰিছে। ছবিবোৰত তেওঁ অভিনয় কৰা কিছুমান চৰিত্ৰ বহু হাস্যকৰ আছিল, আজিও অনুৰাগীয়ে মনত পৰিলে তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠে।