Home Blog Page 1672

গহপুৰৰ ককিলা পথাৰত উদ্ধাৰ এটি কনমাণিৰ মৃত দেহ…

গহপুৰৰ ককিলা পথাৰত এটি শিশুৰ মৃত দেহ উদ্ধাৰ । ককিলা পথাৰত পুৱাই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। গহপুৰৰ আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে ।শিশুটি সোঙালীবড়ি গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ বুলি চিনাক্ত হৈছে।জানিবপৰা মতে শিশুটিৰ আজি এবছৰীয়া জন্মদিন আছিল। এবছৰীয়া জন্মদিন উপলক্ষে কালি সন্ধিয়া ৬ বজাত ঘৰৰ পৰা শিশুটি দেউতাকৰ লগত ওলাই আহিছিল বজাৰ কৰিবলৈ বুলি। উক্ত সময়ৰ পৰা পিতা পুত্ৰ সন্ধানহীন হৈ আছিল।

ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হোৱা শিশুটিৰ নাম পৰাগজ্যোতি বৰদলৈ। সম্প্ৰতি পিতৃ শচীন বৰদলৈ সন্ধানহীন হৈ আছে।

গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ প্ৰতিবেদন

সতীশ কৌশিকে কি ৰোগৰ বাবে হঠাতে প্ৰাণ হেৰুৱালে জানেনে?

সতীশ কৌশিকৰ মৃত্যুৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে, আনন্দ-উল্লাসৰ মাজতে হঠাৎ আহিল এই দুঃখবৰটো। কিন্তু তেওঁ হঠাতে মৃত্যু হোৱাৰ কাৰণটো কি জানেনে?বলীউডৰ সুপৰিচিত অভিনেতা, পৰিচালক আৰু প্ৰযোজক সতীশ কৌশিকৰ মৃত্যু হৈছিল ৮ মাৰ্চৰ নিশা, তেওঁৰ বয়স আছিল ৬৬ বছৰ। তেওঁ হোলীৰ ছবি পোষ্ট কৰিছিল, য’ত তেওঁক আলী ফজল, ৰিচা চাধা, জাভেদ আখতাৰৰ সৈতে ৰঙৰ উৎসৱ উদযাপন কৰা দেখা গৈছিল।

সতীশ কৌশিকৰ মৃত্যু কেনেকৈ হ’ল ?
সতীশ কৌশিকৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিছে, হাৰ্ট এটেকৰ বাবে তেওঁৰ মৃত্যু হৈছে, সেই সময়ত তেওঁ দিল্লী-এনচিআৰত আছিল। তেওঁৰ মৃতদেহ গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতাললৈ লৈ যোৱা হয়, এতিয়া তেওঁক মুম্বাইত শেষকৃত্য সম্পন্ন কৰা হ’ব।

সতীশ কৌশিক গুৰুগ্ৰামলৈ আহিছিল কাৰোবাক লগ কৰিবলৈ, ইয়াত তেওঁৰ স্বাস্থ্যৰ অৱস্থা হঠাতে অৱনতি ঘটিল, তেওঁ গাড়ীতে হাৰ্ট এটেক হ’ল আৰু তাৰ পিছত তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। বিখ্যাত অভিনেতা অনুপম খেৰে টুইটাৰৰ জৰিয়তে তেওঁৰ মৃত্যুৰ খবৰ দিয়ে।

চলচ্চিত্ৰ জগতৰ বহু চেলিব্ৰিটিয়ে হৃদৰোগৰ বাবে প্ৰাণ হেৰুৱাইছে, য’ত বলীউডৰ গায়ক কে কে, টিভি অভিনেতা সিদ্ধাৰ্থ শুক্লা (সিধাৰ্থ শুক্লা), কানাড়া অভিনেতা পুণেত ৰাজকুমাৰ, কমেডিয়ান আৰু ৰাজনীত ৰাজু শ্ৰীভাস্তৱৰ দৰে বহু অভিনেতাৰ মৃত্যু হৈছে।

ভাৰত আৰু অষ্ট্ৰেলিয়াই অষ্ট্ৰেলিয়া-ভাৰত শিক্ষাৰ অৰ্হতা স্বীকৃতি ব্যৱস্থা চূড়ান্ত কৰিছে…

অষ্ট্ৰেলিয়াত স্বীকৃতি পাবলগীয়া ভাৰতীয় ডিগ্ৰী-ভাৰত আৰু অষ্ট্ৰেলিয়াই অষ্ট্ৰেলিয়া-ভাৰত শিক্ষাৰ অৰ্হতা স্বীকৃতি ব্যৱস্থা চূড়ান্ত কৰিছে। ভাৰত ভ্ৰমণৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানে কয় যে, “যদি আপুনি অষ্ট্ৰেলিয়াৰ অতি বৃহৎ ভাৰতীয় প্ৰব্ৰজনৰ সদস্য হয় তেন্তে ৮,০০,০০০…আপোনাৰ ভাৰতীয় অৰ্হতা অষ্ট্ৰেলিয়াত স্বীকৃতি দিয়া হ’ব। ভাৰতত স্বীকৃতি পোৱা…

অষ্ট্ৰেলিয়াত স্বীকৃতি পাবলগীয়া ভাৰতীয় ডিগ্ৰী-
বুধবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানীয়ে ঘোষণা কৰে যে তেওঁৰ দেশ আৰু ভাৰত চৰকাৰে `অষ্ট্ৰেলিয়া-ভাৰত শিক্ষাৰ অৰ্হতা স্বীকৃতি ব্যৱস্থা চূড়ান্ত কৰিছে। ভাৰত ভ্ৰমণৰ সময়ত আলবানসকলে ইয়াত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ এক অনুষ্ঠানত ভাষণ দি আছিল যে অষ্ট্ৰেলিয়াৰ ডিকিন বিশ্ববিদ্যালয়ে গুজৰাটৰ গান্ধীনগৰৰ গিফ্ট চিটিত এটা আন্তঃৰাষ্ট্ৰীয় শাখা কেম্পাছ স্থাপন কৰিব।

“আমাৰ দ্বিপাক্ষিক শিক্ষা সম্পৰ্কত এক উল্লেখযোগ্য বিকাশ ঘটিছে। আপোনালোকক ক’বলৈ পাই আনন্দিত হৈছো যে আমি অষ্ট্ৰেলিয়া-ভাৰত শিক্ষাৰ অৰ্হতা স্বীকৃতি ব্যৱস্থা চূড়ান্ত কৰিছো।’

“এই নতুন ব্যৱস্থাটোৰ অৰ্থ হ’ল আপুনি যদি অষ্ট্ৰেলিয়াত অধ্যয়ন কৰা বা অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰী হয়, তেন্তে আপুনি ঘৰলৈ উভতি আহোঁতে আপোনাৰ ডিগ্ৰীক স্বীকৃতি দিয়া হ’ব। যদি আপুনি অষ্ট্ৰেলিয়াৰ অতি বৃহৎ ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সদস্য হয় — ৫ লাখতকৈ আৰু বৃদ্ধি পায় — তেন্তে আৰু অধিক আত্মবিশ্বাসী হওক যে আপোনাৰ ভাৰতীয় অৰ্হতা অষ্ট্ৰেলিয়াত স্বীকৃতি দিয়া হ’ব,” তেওঁ কয়। যিকোনো দেশৰ সৈতে আলবানে কয় যে “ই অষ্ট্ৰেলিয়াৰ শিক্ষা প্ৰদানকাৰীসকলে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ভাৱনীমূলক আৰু সুলভ শিক্ষা প্ৰদানৰ বাবে বাণিজ্যিক সুযোগৰ পথ প্ৰশস্ত কৰিছিল আৰু ই শিক্ষানুষ্ঠানসমূহক ইজনে সিজনৰ সৈতে অংশীদাৰিত্ব কৰাৰ নতুন উপায় বিবেচনা কৰাৰ এক সুদৃঢ় ভিত্তি প্ৰদান কৰে।’

দহ দিন ধৰি নিৰুদ্দেশ তামুলপুৰৰ মাতৃ পুত্ৰ…

তামুলপুৰ থানাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত জোকমাৰী গাঁৱৰ এগৰাকী মাতৃ দহ বছৰীয়া পুত্ৰসহ দহ দিন ধৰি সন্ধানহীন হৈ আছে । এই ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে জোকমাৰী গাঁও নিবাসী মুনীন্দ্ৰ দাসৰ পত্নী পম্পী দাস (৩১) , দুই পুত্ৰ সন্তান ক্ৰমে পৰাগ দাস (১০) আৰু অনুজ দাস (৭) ৰ সতে এখন সুখৰ সংসাৰ।

মুনীন্দ্ৰ দাসে জনোৱা মতে যোৱা ২৬ ফেব্ৰুৱাৰীত পম্পী দাসে কনিষ্ঠ পুত্ৰ অনুজ দাসক লগত লৈ বাইহাটা চাৰিআলিৰ শালমাৰাস্থিত মাতৃ গৃহলৈ যায় । স্বামী মুনীন্দ্ৰ দাসে পম্পী দাসৰ হাতত গাড়ী ভাড়াৰ লগতে হাত খৰছো দি পঠায় । ২৭ ফেব্ৰুৱাৰীত পম্পী দাসে দিনৰ ভাগতেই ৰঙিয়া পোৱা বুলি ফোনযোগে জনায় স্বামী মুনীন্দ্ৰ দাসক । কিছু সময় পিছত পম্পীয়ে পুত্ৰ অনুজৰ লগত দ্বাৰকুছি পোৱা বুলি স্বামী মুনীন্দ্ৰ দাসক ফোনযোগে জনায় ।কিন্তু বহু পলমকৈ ঘৰ আহি নোপোৱাত মুনীন্দ্ৰ দাস চিন্তিত হৈ পৰে আৰু ওলোটাই তেওঁলৈ ফোন কৰে । দুই তিনিবাৰ পম্পী দাসে ফোনটো ৰিচিভ নকৰাৰ পিছত মোবাইলটো চুইটছ অফ হৈ পৰে।

বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি পত্নী আৰু সন্তানৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে দুৰ্ভগীয়া মুনীন্দ্ৰ দাসে । উপায়হীন হৈ মুনীন্দ্ৰ দাসে গান্ধীবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কোনো সদাশয় ব্যক্তিয়ে পম্পী দাস আৰু অনুজ দাসৰ সন্ধান পালে ৮১৩৪৯১৩২৯২ নম্বৰ নতুবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ মুনীন্দ্ৰ দাস আৰু আত্মীয়ই অনুৰোধ জনাইছে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

নাৰী দিৱসৰ দিনাই আক্ৰমণ মহিলা আৰক্ষীক! শিৱসাগৰৰ নাজিৰাত হোলীৰ আনন্দৰ মাজতে এই ঘটনা…

শিৱসাগৰৰ নাজিৰা নগৰত হোলীৰ আনন্দ আৰু নাৰী দিৱসৰ দিনাই মহিলা আৰক্ষীক আক্ৰমণ।যুৱকৰ দলবদ্ধ আক্ৰমণত আহত ভালে কেইগৰাকী আৰক্ষী।উৎসৱৰ মাজত চৰম উদ্ভণ্ডালি নাজিৰাত। হোলীৰ আনন্দ আৰু নাৰী দিৱসৰ দিনাই কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ । শিৱসাগৰৰ নাজিৰা নগৰত হোলীৰ আনন্দ উল্লাসৰ মাজতে এই ঘটনা । হোলীৰ আনন্দৰ নামত সুৰাপান কৰি নাজিৰা নগৰত যুৱকৰ চৰম উদ্ভণ্ডালি ।

নাজিৰা আৰক্ষী থানাৰ কৰ্তব্যৰত আৰক্ষী দলৰ ওপৰত দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ দলৰ । মহিলা আৰক্ষীৰ গাতো হাত তুলিলে সুৰাপায়ী যুৱকে । যাক লৈ গোচৰ তৰাৰ সম্ভৱনা আছে আহত মহিলা আৰক্ষী গৰাকীয়ে । এই কথা সদৰি কৰিছে ট্ৰেফিক ইনচাৰ্জে । আৰক্ষীয়ে চিনাক্ত কৰিছে উদণ্ড যুৱকৰ দলটোক।

প্ৰসিদ্ধ অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ দেহাৱসান। হোলীৰ আনন্দৰ মাজতেই শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে…

বলীউডৰ অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। মৃত্যুৰ আগতে অভিনেতাজনে হোলী খেলি ফূৰ্তি কৰিছিল।

অভিনেতা তথা পৰিচালক সতীশ কৌশিকে শেষবাৰৰ বাবে টুইটাৰ টুইটত শেষবাৰৰ বাবে হোলী উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছে। এই ছবিবোৰত সতীশ কৌশিক জাভেদ আখতাৰ (জভেদ আখতাৰ), ৰিচা চাধা আৰু আলী ফাইজালক হোলীৰ আনন্দ-ফূৰ্তি কৰা দেখা গৈছিল।

সতীশ কৌশিক গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতালত মৃত্যু হয়। খবৰ অনুসৰি সতীশ কৌশিকৰ হঠাৎ স্বাস্থ্য অসুস্থ হৈ পৰিছিল, তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।তাতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ।

সতীশ কৌশিকে নিজৰ কেৰিয়াৰত ১০০ খনতকৈও অধিক ছবিত কাম কৰিছে। ১৯৯৩ চনত তেওঁ ৰুপ কি ৰাণী, চৰ্কা কা ৰাজাৰ দৰে ছবিত পৰিচালক হিচাপে কাম কৰিছিল।

পুৱা কি খাদ্যৰে দিনটো আৰম্ভ কৰিব।কিছু বিশেষ খাদ্যৰে দিনটো আৰম্ভ কৰক, দেখিব শৰীৰে লাভ কৰিছে অন্য এক শক্তি…

দিনটো ভালে থাকিবলৈ কোনবোৰ খাদ্যৰে আপুনি দিনটো আৰম্ভ কৰিব। যিবোৰ খাদ্যই আপোনাক কেৱল সুস্থ কৰি ৰখাই নহয়, ছালখন সতেজ কৰি ৰাখিবলৈও সহায় কৰে। দিনটো এনে কিছুমান খাদ্যৰে আৰম্ভ কৰিব লাগে যিয়ে আপোনাক ভিতৰ আৰু বাহিৰৰ পৰা সুস্থ হৈ থাকিবলৈ সহায় কৰে। গতিকে আজি আমি আপোনালোকক ক’ম যে আপুনি কোনবোৰ খাদ্যৰে আপোনাৰ দিনটো আৰম্ভ কৰিব লাগে। জানক ইয়াৰ বিষয়ে-

খাদ্য যিয়ে আপোনাক শক্তি প্ৰদান কৰিব-

যদি আপুনি ৰাতিপুৱা দৈনিক ৪ৰ পৰা ৫টা খেজুৰ সেৱন কৰে, তেন্তে গোটেই দিনটো আপুনি শক্তিশালী অনুভৱ কৰিব। প্ৰাকৃতিক চেনি তাৰিখত পোৱা যায়, যিয়ে আপোনাক সুস্থ কৰি ৰখাত সহায়ক বুলি প্ৰমাণিত হয়।

আলমণ্ডত প্ৰটিন থাকে। যদি আপুনি ৰাতিপুৱা তিয়াই থোৱা আলমণ্ড খায়, তেন্তে আপুনি শক্তি লাভ কৰিব। ইয়াৰ লগতে গোটেই দিনটো সতেজ অনুভৱ কৰিব।

কমলাত ভিটামিন চি, ফাইবাৰ, ফছফৰাছ আৰু খনিজ পদাৰ্থৰ দৰে বহুতো পুষ্টিকৰ উপাদান থাকে। গোটেই দিনটো নিজকে শক্তিশালী অনুভৱ কৰিব কমলা খালে।

যদি আপুনি নেমুৰে সৈতে দিনটো আৰম্ভ কৰে, তেন্তে ই আপোনাৰ শৰীৰক বিষমুক্ত কৰে। ইয়াৰ লগতে নেমুত সুখী হৰম’ন থাকে যিয়ে আপোনাৰ মেজাজ ভালদৰে বজাই ৰখাত সহায় কৰে। ইয়াৰ ফলত আপুনি পানীলগাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে।

অঘটনে লগ এৰা নাই লখিমপুৰ মেডিকেল কলেজক; এইবাৰ ৰোগীৰ বিচনাৰ ওপৰতে খহি পৰিল চিলিং

অঘটনে যেন লগ নেৰা হ’ল লখিমপুৰ মেডিকেল কলেজ আৰু হস্পিতালক। উন্নত চিকিৎসা সেৱাৰ উদ্দেশ্যৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ জনসাধাৰণৰ বাবে স্থাপন কৰা এই মেডিকেল কলেজখনত আৰম্ভ হোৱাৰে পৰা এটাৰ পাছত আনটো অঘটনে সচেতন মহলক চিন্তিত কৰি তুলিছে।

ৰোগীৰ ৰোগ নিৰাময়ৰ বাবে স্থাপন কৰা মেডিকেলখন এতিয়া একপ্ৰকাৰৰ মৰন ফাণ্ডত পৰিনত হৈছে। ৰোগী আৰু ৰোগীৰ অভিভাৱকে শংকিত মনেৰে সময় অতিবাহিত কৰিব লগাত পৰে লখিমপুৰ মেডিকেল কলেজত।

এনে শংকাৰ মাজতে যোৱা সোমবাৰৰ নিশা প্ৰায় ৯-৩০ বজাত মেডিকেল কলেজখনৰ তিনিমহলীয়া ভৱনটোৰ তলৰ মহলাত থকা প্ৰসূতি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত এখন চিলিং খহি ৰোগীৰ বিচনাৰ ওপৰতে পৰাত ৰোগী আৰু অভিভাৱকৰ মাজত এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

চিকিৎসালয় ভৱনটোৰ চিলিংৰ এটা বৃহৎ অংশ খহি পৰে যদিও সৌভাগ্যক্ৰমে উক্ত বিচনাখনত প্ৰসূতি মাতৃ নাছিল । বিচনাখনত থকা প্ৰসূতি মাতৃগৰাকী সূস্থ হৈ উঠাত সেইদিনা দুপৰীয়া (সোমবাৰে) বিচনা এৰাত প্ৰসূতিগৰাকী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে।কিন্ত উক্ত বিচনাৰ কাষতে থকা বাকীবোৰ বিচনাত বহুসংখ্যক শিশু আৰু প্ৰসূতি মাতৃ আছিল।

উল্লেখ্য যে মেডিকেল কলেজখন আৰম্ভ হোৱাৰেপৰা ভৱনটোৰ দেৱালত ফাট মেলা , মেডিকেল কলেজৰ চৌহদত স্থাপন কৰা কেঞ্চাৰ কেয়াৰ চেন্টাৰৰ বাৰণ্ডাৰ চিলিঙ খহি পৰাকে ধৰি কেইবাটাও অঘটন সংঘটিত হোৱাৰ পিছত পুনৰ ৰোগীৰ কক্ষৰ বিচনাৰ ওপৰতে চিলিঙ খহি পৰাৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত হোৱাত উত্তৰ অসমৰ একমাত্ৰ উন্নত চিকিৎসাৰ কেন্দ্ৰ লখিমপুৰ মেডিকেল কলেজখনলৈ উন্নত চিকিৎসাৰ বাবে অহা ৰোগীয়ে ভীতিগ্ৰস্ত আৰু শংকিত হৈ পৰিছে।

ইটোৰ পিছত সিটো অঘটন সংঘটিত হোৱাত অনাগত সময়ত কেতিয়া কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় সেই লৈ মেডিকেল কলেজৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা চলিছে।

নাজিৰাৰ মানসিক ৰোগী পৰিচৰ্যা কেন্দ্ৰ জ্যোতিগৃহত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস আৰু ফাকুৱা উৎসৱ পালন

নাজিৰাৰ হিউমেন ৱেলফেয়াৰ চছাইটিৰ মানসিক ৰোগী পৰিচৰ্যা কেন্দ্ৰ তথা জ্যোতিগৃহত আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিবলৈ উপস্থিত হয় অ’ এন জি চি ৰ মহিলা সমিতিৰ সভানেত্ৰী তথা জ্যোতিগৃহৰ প্ৰায় অনুষ্ঠানৰ সৈতে জড়িত থকা টুটুমণি কোঁৱৰৰ সৈতে উপ সভানেত্ৰী কল্পনা পাটোৱাৰী; সদস্যা ক্ৰমে নিভা মেচ, ৰাণু গগৈ আৰু চুমী শ্যামকে ধৰি ভালেকেইগৰাকী।

তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আবাসী সকলৰ সৈতে এটা কেক কাটি দিৱসটি উদযাপন কৰাৰ লগতে আবাসী সকলৰ মাজত মিঠাই আৰু খাদ্য সামগ্রী বিতৰণ কৰে।

হিউমেন ৱেলফেয়াৰ চছাইটিৰ তথা জ্যোতিগৃহৰ সকলো আবাসীৰ হৈ সভানেত্ৰী টুটুমণি কোঁৱৰৰ লগতে মহিলা সমিতিৰ সকলো সদস্যা সকললৈ হিউমেন ৱেলফেয়াৰ চছাইটিৰ পৰিচালন সঞ্চালক নাচেৰ খানে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগতে ৰঙৰ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

নিচাযাতীয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত অপৰাধীয়ে লৈছে এতিয়া ন ন কৌশল; এইবাৰ বাইকৰ হেলমেটৰ ভিতৰত কঢ়িয়াই আনিছিল নিচাযাতীয় টেবলেট

এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষীয়ে চাপৰত চলায় এক অভিযান।

অভিযানত জব্দ নিষিদ্ধ কফচিৰাপৰ লগতে নিচাযাতীয় টেবলেট।

উল্লেখ্য যে চাপৰ চিনেমাহ’লত বাইকেৰে যোগান ধৰিবলৈ আহিছিল নিষিদ্ধ কফচিৰাপ আৰু নিচাযাতীয় টেবলেটখিনি।

যোগান ধৰিবলৈ আহি হাতে লোটে গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

যুবকজনৰ পৰা ১৪৪ টা নিচাযাতীয় টেবলেটৰ লগতে কফ চিৰাপ জব্দ কৰে আৰক্ষীয়ে।

যুবকজন বহলপুৰ কাচাৰিভিটা গাঁৱৰ হামিদুৰ ৰহমান বুলি জানিব পৰা গৈছে।

লগতে AS-19-M-9499 নম্বৰৰ এখন স্পেলেন্ডাৰ বাইকো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷