Home Blog Page 1673

আজি বৰপেটা বাসীৰ দৌল মহোৎসৱৰ তৃতীয় দিন; উপলব্ধ পে পে পে পে আলু, ভাল পাই পেলালো অ’ আলু…

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ছয় মাৰ্চৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া দৌল মহোৎসৱৰ আজি দ্বিতীয় ভৰদৌল পালন কৰা হয়৷

নক্ষত্ৰ গণনাৰ ভিত্তিত কালি দুপৰীয়াৰ পৰা আৰম্ভ হোৱা গোঁসাইৰ গাত ফাকু দি আশীষ লোৱা পৰ্ব আজিও অব্যাহত আছে। আজিও পুৱাৰ পৰা বৰপেটা সত্ৰত অজস্ৰ লোকৰ সমাগম হয়।

ইয়াকে লৈ কেৱল সত্ৰ চৌহদেই নহয়, সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশ।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে জনায় যে কাইলৈ পুৱতি নিশা ৪.২০ বজাত ভৰদৌলৰ ক্ষণ শেষ হব। তাৰ লগে লগে কলীয়া গোসাই মহাপ্ৰভূক দৌলগৃহৰ পৰা নমাই অনা হব।

তাৰ পাছত আৰম্ভ হব ফাকুৱা পালনৰ ক্ষণ। উল্লেখযোগ্য যে কাইলৈ বৰপেটা সত্ৰত ফাকুৱা উৎসৱ পালন কৰা হ’ব। ফাকুৱা তথা হোলী পালনৰ মাজতে কাইলৈ বিয়লি গোঁসাইক বৰপেটা সত্ৰৰ পৰা গণকুছিৰ কলবাৰী সত্ৰলৈ হেকতা খুৱাবলৈ নিয়া হ’ব।

কলবাৰী সত্ৰৰ পৰা পুনৰ গোঁসাইক বৰপেটা সত্ৰলৈ ঘুৰাই অনাৰ পাছত সত্ৰৰ দালানত বাহ ভঙা পৰ্ব অনুষ্ঠিত হব। গোঁসাইৰ ভক্তসকলে বাহ ভঙাৰ পাছত পুনৰ গোঁসাইক সত্ৰৰ মূল উপাসনা স্থানত অধিস্থিত কৰা হ’ব।

কিন্তু বৰপেটাৰ হোলীৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে ইয়াত উপলব্ধ খাদ্য সম্ভাৰ। হোলীৰ সময়ত বৰপেটা সত্ৰৰ সমীপত অস্থায়ীভাৱে স্থাপন কৰা দোকানসমূহত পোৱা যায় বিভিন্নধৰণৰ সুস্বাদু খাদ্য। সোৱাদতকৈও এই খাদ্য সামগ্ৰীসমূহৰ নামে মানুহক অধিক আকৰ্ষণ কৰে৷

প্ৰতি বছৰৰ দৰে এইবাৰো বৰপেটাত দেখা গ’ল তেনে দৃশ্য। ৰঙা ডিমা–আলু ভাজিৰ উপৰি এইবাৰ বৰপেটাৰ হোলীত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে পে পে পে আলু, পতলী কমৰীয়া আলু আৰু ভাল পাই পেলালো অ’ আলুৱে। লগতে আছে জানমণি ডিমা।

নাজিৰা নগৰত হোলীৰ নামত একাংশ যুৱকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ

নাজিৰাত হোলীৰ নামত অসভ্যালি।



যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ অহা কৰ্তব্যৰত যানবাহন আৰক্ষীক প্ৰহাৰ একাংশ উদণ্ড যুৱকৰ।

মহিলা আৰক্ষী যোৱানৰ গাতো হাত তুলিলে একাংশ উদণ্ড যুৱকে।

হোলীৰ নামত একাংশ যুৱকে সুৰাপান কৰি মাতাল হৈ নাজিৰা নগৰত সৃষ্টি কৰিলে উদ্ভণ্ডালিৰ।

এই উদ্ভণ্ডালিয়ে পালেগৈ চৰম সীমা।কৰ্তব্যৰত আৰক্ষীক সুৰাৰ ৰাগিত মাতাল হৈ কৰিলে প্ৰহাৰ।

নাজিৰা নগৰৰ ব্যস্ততাপূৰ্ণ যি পথ সেই পথচোৱাত হোলী উদযাপন কৰিবলৈ নাজিৰা প্ৰশাসনে কিদৰে অনুমতি দিয়ে সিও এক আশ্চৰ্য্যৰ বিষয়।

নাজিৰা মহকুমা প্ৰশাসনে নাজিৰা নগৰৰ পথৰ মাজ মজিয়াত এইদৰে হোলী উদ্‌যাপন কৰিবলৈ অনুমতি দিয়াৰ পিছত অধিক যান-জঁট সৃষ্টি হোৱাত যান-জঁট ভাঙিবলৈ যোৱাত এইদৰে আৰক্ষীক প্ৰহাৰ কৰে একাংশ উদণ্ডযুৱকে।

ইয়াৰ উপৰিও আৰক্ষীৰ বাহনো কিছু ক্ষতি হোৱা পৰিলক্ষিত হয়।

ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ দ্বি-বাৰ্ষিক অধিবেশনৰ উপলক্ষে লাহোৱাল প্ৰেছ ক্লাবত কাৰ্যনিৰ্বাহক সভা

লাহোৱাল প্ৰেছ ক্লাবত ডিব্ৰুগড় জিলাৰ সাংবাদিক সুৰক্ষা মঞ্চৰ দ্বি-বাৰ্ষিক অধিবেশনৰ উপলক্ষে এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

সভাত সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, তপন কুমাৰ শইকীয়াৰ লগতে সকলো সদস্য উপস্থিত থকা পৰিলক্ষিত হয়।

অহা এপ্ৰিল মাহৰ ৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বিষয়ে সভাত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

উক্ত সভাত ডিব্ৰুগড় জিলাৰ সাংবাদিক সুৰক্ষা মঞ্চৰ বিষয়ববীয়া ৰাজু সোণোৱালে অধিৱেশন খনৰ বিভিন্ন দিশৰ ওপৰত দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে অধিৱেশন খনি অনুষ্ঠিত কৰা ক্ষেত্ৰত সকলো সতীৰ্থ সকলৰ পৰা সহযোগিতা কামনা কৰিছে।

নগাঁৱত বিধায়ক ৰূপক শৰ্মাই হোলী গীতত বজালে ঢোল, গীত গালে অভিনেতা যতীন বৰাই

হোলীৰ আনন্দত মতলীয়া হ’ল ৰাজ্যবাসী। ৰঙ-বিৰঙৰ আবিৰৰে চানি ধৰিল ৰাজ্যৰ আকাশ-বতাহ। গুৰুজনাৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ লগতে নগাঁও চহৰতো ফাল্গুৎসৱৰ আনন্দত মতলীয়া হ’ল সকলো।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ গৃহত পুৱাই হোলী খেলিবলৈ সমাগম ঘটিল বিজেপিৰ নেতা-কৰ্মীৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ। বিজেপিৰ নেতা-কৰ্মীয়ে পৰিৱেশন কৰাৰ হোলী গীতত বাদ্য সংগত কৰিলে বিধায়ক ৰূপক শৰ্মাই।

গীত গাই আনন্দত নাচি-বাগি মতলীয়া হ’ল অভিনেতা যতীন বৰায়ো। ৰাজ্যবাসীলৈ ফাঁকুৱাৰ শুভেচ্ছা জনাই বিধায়ক গৰাকীয়ে ক’লে, আবিৰৰ ৰঙে ৰঙীন কৰি তোলক সকলোৰে জীৱন।

হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলে অভিনেতা যতীন বৰাইয়ো। চহৰখনৰ বিভিন্নস্থানত হোলী উপলক্ষে পৰিলক্ষিত হ’ল ব্যাপক উছাহ।

‘আপ’ ৰ নাৰী দিৱস পালন

আম আদমি পাটীৰ ভগ্নী সংগঠন আপ মহিলা শক্তিৰ উদ্যোগত গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ লগতে আমন্ত্রিত অতিথি সকলৰ উপস্থিতি বিভিন্ন কাৰ্যসূচীৰে আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।

দলটোৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ঠ সাহিত্যিক এলি আহমেদ, আন্তঃৰাষ্ট্ৰীয় মাৰ্চেল আৰ্ট খেলুৱৈ নৱণীতা সোণোৱালৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বহুকেইগৰাকী নাৰীক এখনি ফুলাম গামোচা, শৰাই, জাপি আদিৰে সন্মান আৰু সম্বৰ্দ্ধনা জনোৱা হয়।

আপৰ মহিলা শক্তিৰ সমন্বায়িকা অনুৰূপা বড়ো আৰু নিলাক্ষী কাকতিয়ে সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জনাই নাৰীৰ নিৰ্যাতনৰ ঘটনাত দেশৰ ভিতৰতে শীৰ্ষত থকা অসমত এই ঘটনা ৰোধ কৰাৰ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ৷

গোগামুখত একেদিনাই পাঁচখন জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভ; শীঘ্ৰে পানী যোগানৰ দাবী ৰাইজৰ

ধেমাজি জিলাৰ গোগামুখৰ বিভিন্ন স্থানত ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা আৰু জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা পাঁচখন পানী যোগান আঁচনি মঙ্গলবাৰে উদ্বোধন কৰা হয়৷

শুভাৰম্ভ কৰা আঁচনি সমূহৰ ভিতৰত আছিল-  চাউলধোৱা বালি পানী যোগান আঁচনি, শান্তিপুৰ, গোগামুখ মিৰি, মিচিং চুবা, বৰদৈবাম আমগুৰি পানীযোগান আঁচনি আদি৷ আটাইকেইটা আঁচনি শুভাৰম্ভ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই৷

ইয়াৰে চাউলধোৱা বালি পানী যোগান আঁচনি উদ্বোধন কৰি সাংসদ প্ৰদান বৰুৱাই সাংবাদিকৰ আগত কয় যে- জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা সকলোবোৰ পানী যোগান আঁচনি কাৰ্যক্ষম হৈ থাকিব যদিও জনসাধাৰণৰ সহযোগিতা নিতান্তই প্ৰয়োজন হ’ব ৷

চৰকাৰী সকলোবোৰ ফলপ্ৰসূ আঁচনিৰ সফললতা আৰু স্থায়ীত্ব জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে৷  জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পাছতো প্ৰায়বোৰ পানী যোগান আঁঁচনিৰ পৰা ৰাইজে পানী নোপোৱা সন্দৰ্ভত তেওঁ কয়- যিবিলাক আঁচনি নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই বা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পাছতো ঠিকাদাৰে বিভাগীয় কৰ্তৃপক্ষক চমজাই দিয়া নাই তেনেবোৰ আঁচনিৰ পৰাহে ৰাইজে পানী যোগান লাভ নকৰা বুলি তেওঁ মন্তব্য আগবঢ়ায়৷ 

পানী যোগান আঁচনিৰ শুভাৰম্ভণি কাৰ্যসূচী সমূহত উপস্থিত থাকে ধেমাজি জিলা উন্নয়ন প আয়ুক্ত অৰূপ পাঠক, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা নৰেন্দ্ৰ বৰা. সহকাৰী কাৰ্যবাহী অভিযন্তা গমুগ পেগু, দুলাল চন্দ্ৰ পাতিৰ, শাখা বিষয়া অংশুমান বৰুৱা আৰু প্ৰণৱ চেতিয়াই৷

ইপিনে ধেমাজি জিলাৰ শিঙিয়াটো সাংসদ বৰুৱাই এখন মিনি পানী যোগান আঁচনি শুভাৰম্ভ কৰে ৷ আনপিনে মঙ্গলবাৰে শুভাৰম্ভ আটাইবোৰ আঁচনিৰ পৰা পানী যোগান প্ৰক্ৰিয়া তীব্ৰ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে৷

ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতা পুথি ‘ব্ৰিটল’ উন্মোচন

শ্বিলঙৰ ধানখেতিষ্ঠিত এক বিশেষ অনুষ্ঠানত আজি ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতাৰ পুথি ‘ব্ৰিটল’ উন্মোচন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ সংগীতজ্ঞ লু মাজাউয়ে।

অনুষ্ঠানত খ্যাতি স্থানীয় সাংবাদিক পেত্ৰিচিয়া মুখাম আৰু শিল্পী উৎপল বৰপূজাৰীৰ লগতে ভালেসংখ্যক গণ মান্য ব্যক্তি উপস্থিত থাকে। মাজাউয়ে ব্ৰিটলৰ কিছুসংখ্যক কবিতা পাঠ কৰাৰ লগতে উপস্থিত গ্ৰন্থ অনুৰাগী ৰাইজক সংগীতেৰে মোহাছন্ন কৰি তোলে।

কবিতা পুথিখন উন্মোচন কৰি মাজাউৱে মন্তব্য কৰে – “ৰিণিকিৰ কবিতাৰ সৈতে জীৱনৰ বৰ্ণিল শংকা আৰু শীতল ঘাঁবোৰত চকু ফুৰোৱা এই সন্ধ্যাটোক মই মন্ত্ৰমুগ্ধ সন্ধ্যা আখ্যা দিম।”

প্ৰসঙ্গত অনুষ্ঠানত উপস্থিত ব্যক্তিসকলৰ মাজৰ বহু সংখ্যক গণ্য মান্য ব্যক্তিয়ে কবিতা আৰু গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত মানুহৰ আকৰ্ষণ হ্ৰাস পোৱাৰ সময়তে গ্ৰন্থ উন্মোচন আৰু সংগীতৰ যুগলবন্দী ৰিণিকি আৰু লউ মাজাউৰ উপস্থিতিয়ে অনাবিল আনন্দ দিছে বুলি মন্তব্য প্ৰদান কৰে। উল্লেখ্য যে ব্ৰিটল কবিতাৰ সংকলন যদিও ই লেখিকাৰ উদ্বেগ, আবেগ আৰু সংগ্ৰামৰ মিশ্ৰিত বাস্তৱ কাহিনী। তেওঁৰ মনৰ জগতখনত শক্তিশালী ভাৱে অগাদেৱা কৰা শৈশৱ-কৈশোৰৰ স্মৃতিবোৰ লক ডাউনৰ গৃহবন্দী সময়বোৰত মূৰ দাঙি উঠিছিল।

সেই ভয়াবহ আৰু ভাললগা অনুভূতিবোৰ কবিতাত প্ৰকাশ কৰোতে বাৰে বাৰে কবি শংকিত হৈ উঠিছে আপোনজনৰ কথা ভাবি। তেওঁ যেন শেষবাৰৰ বাবে মনৰ ভিতৰতে আপোন ঘৰখন আপোন মানুহবোৰক সাক্ষাৎ কৰি আহিছে!

কবিতা পুথি খন উন্মোচন কৰি ৰিণিকিয়ে কয় “গৃহবন্দীৰ সময়বোৰত মই কিছু পৰিমাণে সুখ আৰু দুখৰ মিশ্ৰিত এক অনুভৱৰ মাজত ৰৈ গৈছিলো। মোৰ শৈশৱৰ লগতে ভাৰতত অতিবাহিত কৰা অন্যান্য সময়ৰ স্মৃতিবোৰ বাবে বাৰে মনলৈ আহিছিল। সকলোৰে দৰে মইও গৃহবন্দী হৈ পৰাত স্বাভাৱিকতেই আপোন মানুহবোৰৰ বাবে খুবেই শংকিত হৈ পৰিছিলো। সেই ভয়ক অতিক্ৰম কৰিবলৈ মই হাতত কলম তুলি লৈছিলো। কিতাপখন লিখিবলৈ আৰম্ভ কৰিলো আৰু আজি অবিশ্বাস্য যেন লাগিলেও এইখন প্ৰকাশ হৈ ওলাল।” স্মৰ্তব্য যে ব্ৰিটল ৰিণিকিৰ প্ৰথম প্ৰকাশিত কবিতাৰ সংকলন।

ইয়াত তেওঁৰ পৰিয়াল আৰু শৈশৱ, ভালপোৱা, কিছু হেৰুৱা আবেগ আৰু অজস্ৰ স্মৃতি সংকলিত হৈছে। লকডাউনৰ ফচল গ্ৰন্থখনে এজন ব্যক্তিৰ হতাশা আৰু নিৰাশাৰ মাজত শান্তিৰ সন্ধানৰ ইংগিত দিছে। অতি সহজ আৰু বোধগম্য ভাষাত ৰচিত হ’লেও ইয়াত জীৱন সন্ধানৰ বৈচিত্ৰময় দৰ্শন আছে। কিতাপখন প্ৰেম আৰু আৱেগৰ এক মিশ্ৰিত প্ৰকাশ।

ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ জন্ম শ্বিলঙত আৰু অধিকাংশ শিক্ষা গ্ৰহণ শ্বিলঙতে কৰিছিল। অন্যহাতে তেওঁৰ পিতৃ অভিনেতা বাদল চক্ৰৱৰ্তী গুৱাহাটীৰ উজান বজাৰৰ বাসিন্দা। সেই হিচাপে ৰিনিকিৰ গুৱাহাটীৰ প্ৰতি এক বিশেষ টান আছে। ২০০৮ চনত চিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁ মুম্বাইত জন সংযোগৰ ক্ষেত্ৰখনত সম্পূৰ্ণৰূপে জড়িত হৈ আছিল।

গণ সংযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰ পাঠ গ্ৰহণ কৰা ৰিণিকিয়ে ক’ভিড১৯ ৰ ভয়াবহ সময়ছোৱাৰ পৰা গুৰুত্ব সহকাৰে কাব্য চৰ্চা কৰিবলৈ লয়। এই বৰ্ষত তেওঁ সংকলিত কাব্যগ্ৰন্থখন প্ৰকাশ কৰিবলৈ সক্ষম হ’ল।

জুইত সর্বস্বান্ত হ’ল মানকাচৰ ভাটি ঝগৰাৰচৰৰ এটি পৰিয়াল

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ঝগৰাৰচৰ গাঁও পঞ্চায়তৰ ভাটি ঝগৰাৰচৰ গাঁৱৰ ইছৰাফিল হকৰ ঘৰত শেষ নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

নিশা আনুমানিক ৩-৩০ মান বজাত পৰিয়ালৰ লোকে জুইৰ উমান পায় আৰু কোনোমতেহে প্ৰাণ ৰক্ষা পৰে। গাঁৱৰ ৰাইজে ততাতৈয়াকৈ দৌৰি আহে যদিও নিমিষতে সকলো ভস্মিভূত হয়।

অৱশেষত স্থানীয় ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয় যদিও নগদ ধনৰ উপৰিও সকলো যাৱতীয় নথি- পত্ৰ ভস্মিভূত হৈ পৰাত পৰিয়ালটোৱে হতাশাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।

এনে পৰিস্থিতিত স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে পৰিয়ালটোক সামুহিক সকাহ দিয়াৰ চেষ্টা কৰিছে। দুৰ্ভগীয়া পৰিয়ালটোয়ে চৰকাৰৰ সহায় কামনা কৰিছে৷

মহে কামুৰিলে খজুৱতি আৰু জ্বলা-পোৰা অনুভৱ হয় নেকি? এই সমস্যা কেনেকৈ সমাধান কৰিব…

মহৰ কামোৰত যথেষ্ট বিৰক্তি আৰু খজুৱতিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, যদি মহে কামোৰা পিছত ফুলি যায় তেতিয়া সহজ ঘৰুৱা উপায় আপোনি ভাল কৰিব পাৰিব সেই সমস্যা। আমাৰ মাজৰ কিছুমানৰ ছাল অতি সংবেদনশীল, যদি মহে কামোৰে, তেতিয়া ছালত খজুৱতি আৰু জ্বলা-পোৰাৰ অনুভৱ হয়। বহু সময়ত মহে কামুৰিলে ঘাঁ বা ঘাঁৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে। যদি আপুনি খজুৱতি আৰু বিৰক্তিৰ বাবে অসুবিধা পায়, তেন্তে আপুনি পাকঘৰৰ সামগ্ৰী ব্যৱহাৰ কৰি এই সমস্যা সমাধান কৰিব পাৰে।

মহে কামোৰাৰ পিছত এইবোৰৰ জৰিয়তে সকাহ পাওক-

মৌ
মৌ অতি পুষ্টিকৰ খাদ্য, ই ছালৰ বাবেও অতি উপকাৰী, কাৰণ ইয়াৰ এন্টিচেপ্টিক গুণ আছে। মহে কামুৰিলে মৌ লগালে সোনকালে সকাহ পাব।

এলোভেৰা
এলোভেৰা ছালৰ বাবে ঔষধতকৈ কম নহয়, খজুৱতি আৰু ফুলা ঠাইত এলোভেৰা জেল লগালে ঠাণ্ডা অনুভৱ হয় আৰু জ্বলা-পোৰা শেষ হ’বলৈ আৰম্ভ কৰে।

হালধি, নহৰু
যদি মহে কামোৰাৰ পিছত খজুৱতি আৰু জ্বলা-পোৰা কমি নাযায়, তেন্তে নহৰু ব্যৱহাৰ কৰিব পাৰি, কাৰণ হালধিত এন্টিভাইৰেল গুণ আছে। দুয়োটা পিহি পেষ্ট বনাই খজুৱতি হোৱা ঠাইত লগাওক।

তুলসী
ঘৰে ঘৰে তুলসী গছ আছে, ইয়াৰ পাতবোৰ বহু গুণৰ অধিকাৰী, ইয়াক পিহি মহে কামোৰা ঠাইত লগালে সোনকালে সকাহ পোৱা যায়।

আইচ আইচ
মহে কামোৰাৰ ফলত প্ৰভাৱিত হোৱা ছালত বহুত শীতলতাৰ প্ৰয়োজন হয়, ইয়াৰ বাবে আপুনি ছালত বৰফৰ টুকুৰা কিছু সময়ৰ বাবে ঘঁহি দিব, এইটো এটা অতি ফলপ্ৰসূ উপায় যাৰ ফলত সকাহ পোৱা যায়।

নাৰিকল পানী খোৱাৰ পিছত কোমল নাৰিকল খিনি পেলাই নিদিব, ইয়াৰো আছে বহু উপকাৰ…

গৰমৰ দিনত নাৰিকলৰ পানী খাই হয়তো সকলোৰে ভাল পাই। যেতিয়া আপুনি নাৰিকল পানী খাই তেতিয়া নাৰিকলৰ ভিতৰত থকা কোমল নাৰিকল খিনিও সকলোৰে প্ৰিয়। যদি আপুনি নাৰিকলৰ পানী খাই তাত থকা কোমল নাৰিকল খিনি নাখাই তেন্তে এতিয়াৰে পৰা খাব। কিয়নো সেই কোমল নাৰিকল খিনিত থাকে বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ। ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে নাৰিকল পানীৰ চাহিদা আছে, কাৰণ ই শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ সস্তা আৰু স্বাস্থ্যকৰ উপায়। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছৰ মতে নাৰিকলৰ কোমল নাৰিকল খিনি খাব লাগে কিয়নো তাত থাকে বহু পুষ্টিকৰ উপাদান।জানক ইয়াৰ বিষয়ে-

উপকাৰিতা-

১/ ওজন কমাবলৈ ফলপ্ৰসূ
বহুতে বিশ্বাস কৰে যে নাৰিকলৰ সেই ক্ৰীম খালে কেলৰি বৃদ্ধি পায়, যাৰ বাবে মেদবহুলতাৰ আশংকা থাকে, কিন্তু এইটো সঁচা নহয়, যদি আপুনি ইয়াক সীমিত পৰিমাণত খায়, তেন্তে আপোনাৰ পেট আৰু কঁকালৰ চৰ্বি ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব।

২) হজম শক্তিত সহায়ক
যিসকল লোকৰ বদহজমৰ সমস্যা আছে, তেওঁলোকে নাৰিকলৰ ক্ৰীম খাব লাগিব কাৰণ ই আমাৰ পাচনতন্ত্ৰৰ বাবে এটা ছুপাৰফুডৰ দৰে, ই কেৱল খাদ্য হজম কৰাত সহায় কৰাই নহয়,স্বাস্থ্য ভালে খাব লাগে, গতিকে ক্ৰীম খাব লাগিব।

৩/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব
Corona ৰ সময়ছোৱাৰ পিছত মানুহে নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে অধিক সচেতন হৈ উঠিছে, এনে পৰিস্থিতিত তেওঁলোকে নাৰিকল পানী আৰু ইয়াৰ ক্ৰীম সেৱন কৰিব লাগিব, কাৰণ ইয়াত এন্টিঅক্সিডেন্টৰ উপস্থিতিৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

৪/ মুখলৈ গ্ল’ আহিব
গৰমৰ দিনত বতৰ আৰু আৰ্দ্ৰ উষ্ণতাৰ ফলত আমাৰ মুখৰ ছালখন বেয়াকৈ প্ৰভাৱিত হয়, এনে পৰিস্থিতিত যদি আমি নাৰিকল পানীৰ ক্ৰীম খাও, তেন্তে মুখলৈ এক আচৰিত ধৰণৰ গ্ল’ আহিব আৰু বয়স বৃদ্ধিৰ প্ৰভাৱ কমিবলৈ আৰম্ভ কৰিব।

৫/ তৎক্ষণাত শক্তিৰ উৎস
গ্ৰীষ্মকালত বহু সময়ত আপুনি নিশ্চয় গৰম ৰ’দ, আৰ্দ্ৰতা আৰু ঘামচিৰ বাবে ভাগৰুৱা অনুভৱ কৰে, কিন্তু নাৰিকলৰ পানী বা ইয়াৰ ক্ৰীম সেৱন কৰাৰ লগে লগে আপোনাৰ শৰীৰত শক্তিৰ সঞ্চালন দ্ৰুত হয় আৰু আপুনি সতেজ অনুভৱ কৰিবলৈ আৰম্ভ কৰে।