দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খণ্ডৰ সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত আৰু খটৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদুমী চহৰীয়া তথা শিক্ষা সমল বিষয়া জয়ন্ত মেধিৰ পৰিচালনাত পালন হয় দিব্যাংগ দিৱস। ঐতিহাসিক খটৰাসত্ৰৰ সমিপৰ খটৰা প্ৰাথমিক বিদ্যালয়ত পালন কৰা আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ৷ আনহাতে প্ৰতিযোগিতামুলক ভাৱে বিভিন্ন খেল ধেমালি সাংস্কৃতিক অনুষ্ঠান আৰু বিশেষ ভাৱে সক্ষম শিশু সকলৰ মাজত মিউজিক চেয়াৰ, গীত মাত ,চিত্ৰাংকন, কবিতা আবৃত্তি আদি অনুষ্ঠিত কৰে ৷
কাৰ্যসূচীত উপস্থিত থাকে ছিপাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱী আৰু পৰিদৰ্শক লক্ষ্যধৰ শৰ্মা, খটৰাসত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত, প্ৰাক্তন সমন্বয়ক কৃতী শিক্ষক সত্য শইকীয়াৰ, লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা দিব্যাংগ শিশু সকল শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ব্যক্তিসকল ৷
পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত হৈছে। আজি জিলাখনত টিএমচিৰ অন্যতম শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই বিস্ফোৰণ।
শুকুৰবাৰে নিশা প্ৰায় ১১.১৫ বজাত নাৰায়বিলা গাঁৱৰ তৃণমূল কংগ্ৰেছৰ বুথ সভাপতিৰ বাসগৃহত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ বাবে তৃণমূল নেতাগৰাকীৰ বাসগৃহ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষী বিষয়াই মৃত লোক কেইগৰাকীৰ এতিয়াও চিনাক্তকৰণ হোৱা নাই বুলি উল্লেখ কৰিছে। অৱশ্যে নিহত আটাইকেইজন টিএমচিৰ কৰ্মী বুলি সন্দেহ কৰা হৈছে।
লাহৰিঘাটত চাৰি মাহ ধৰি বেৰ বিহীন টিনৰ চালিৰ তলত তিৰপালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। মৰিগাঁও জিলাৰ লাহৰিঘাটত শিক্ষা খণ্ডৰ অন্তৰ্গত শ্বহীদ মোজাম্মিল হক বালক প্ৰাথমিক বিদ্যালয় প্ৰায় ছয় মাহ আগতে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত বিদ্যালয়খন হাতীলৰুৱা পথাৰত নিৰ্মান কৰি পাঠ দিবলৈ লাহৰিঘাট শিক্ষা বিষয়াই নিৰ্দেশ দিয়ে। কিন্তু চাৰি মাহেও বিদ্যালয়ৰ আচবাব যোগান ধৰিব নোৱাৰিলে লাহৰিঘাট শিক্ষা খণ্ডৰ খণ্ড বিষয়াই। যাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে তিৰপালত বহী শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।
চাওক এই দৃশ্য এই দৃশ্য হৈছে লাহৰিঘাট শিক্ষা খণ্ডৰ হলৌকান্ধাৰ শ্বহীদ মোজাম্মীল হক বালক প্ৰাথমিক বিদ্যালয়ৰ। উল্লেখযোগ্য যে বিদ্যালয়খন ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত বিদ্যালয়খনৰ ডেক্স-বেঞ্চ অঞ্চলখনৰে আঃ মজিদৰ ঘৰত জমা থয়।পৰৱৰ্তী পৰ্যায়ত বিদ্যালয় পৰিচালনা সমিতিয়ে ডেক্স বেঞ্চ বিচাৰতে পুনৰ বিদ্যালয় খন মথাউৰিত নিৰ্মাণ হ’ব লাগে বুলি দুই তিনি জন অভিভাৱকে দাবী জনায়।
এতিয়া প্ৰশ্ন হয় লাহৰিঘাট শিক্ষা খণ্ডৰ খণ্ড বিষয়াই হাতীলৰুৱা পথাৰত দুই তিনি বাৰ পৰ্যবেক্ষণ কৰি নিৰ্দেশ দিয়াত চাৰি মাহ ধৰি বিদ্যালয়ত পাঠদান চলাই থকাৰ পিছতো কিয় মৰিগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকে নিজে পৰ্যাবেক্ষন নকৰি ভঙা মথাউৰিত বিদ্যালয়ৰ নিৰ্মানৰ অস্থায়ী নিৰ্দেশ প্ৰধান কৰে। ইয়াকে লৈ এতিয়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।শিক্ষা বিভাগৰ দুই বিষয়াৰ টনা আজৰাৰ ফল এতিয়া ভোক কৰিব লগা হৈছে অঞ্চলটোৰ এইসকল সকল ছাত্ৰ-ছাত্ৰীয়ে।