Home Blog Page 1924

হোৱাটছএপ ব্যৱহাৰকাৰীৰ জীৱন সহজ কৰি তুলিবলৈ সংযোগ নতুন বৈশিষ্ট্য…

মেটাৰ মালিকানাধীন ইনষ্টেণ্ট মেছেজিং এপ হোৱাটছএপে ভিডিঅ’ কলৰ বাবে এক বৈশিষ্ট্য প্ৰস্তুত কৰিছে। খবৰ অনুসৰি নতুনকৈ মুকলি কৰাৰ লগে লগে ব্যৱহাৰকাৰীয়ে হোৱাটছএপত ভিডিঅ’ চেট কৰাৰ লগতে অন্যান্য এপ্লিকেচন ব্যৱহাৰ কৰিব পাৰিব। শেহতীয়াকৈ WaBetaInfo ৰ এক প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য কিছুমান বিশেষ বিটা পৰীক্ষকলৈ যাবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে আৰু আগন্তুক দিনত অধিক ব্যৱহাৰকাৰীয়ে ইয়াক লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নাজানে তেওঁলোকৰ বাবে WaBetaInfo হৈছে WhatsApp ৰ বৰ্তমান আৰু আগন্তুক বৈশিষ্ট্যসমূহৰ খবৰ ৰখা এটা ৱেব সঁজুলি।

ভিডিঅ’ কলৰ বাবে পিকচাৰ-ইন-পিকচাৰ মোডটো টেষ্টফ্লাইট এপৰ জৰিয়তে iOS 22.24.0.79 উন্নীতকৰণৰ বাবে শেহতীয়া হোৱাটছএপ বিটা ইনষ্টল কৰা বিটা পৰীক্ষক নিৰ্বাচন কৰিবলৈ দেখা পোৱা বুলি জানিব পৰা গৈছে।

সূত্ৰটোত ফাংচনটোৰ স্ক্ৰীণশ্বট অন্তৰ্ভুক্ত কৰা হৈছে, য’ত দেখুওৱা হৈছে যে ভৱিষ্যতৰ ফাংচনটো ব্যৱহাৰ কৰি হোৱাটছএপৰ ব্যৱহাৰকাৰীসকলে কেনেদৰে মাল্টিটাস্ক কৰিব পাৰিব। ইয়াৰ উপৰিও কয় যে এই বৈশিষ্ট্য এতিয়া iOS 16.1 আৰু পিছৰত কাৰ্য্যক্ষম, ইয়াৰ পৰা বুজা যায় যে ই iOS 16 ৰ বাবে আনুষ্ঠানিক সমৰ্থন প্ৰদান কৰা আপডেইটৰ দ্বাৰা সমৰ্থিত বৈশিষ্ট্যসমূহৰ এটা হ’ব পাৰে।

বাৰ্তা মচি পেলোৱাৰ বাবে চৰ্টকাট বুটামটো মেটাৰ দ্বাৰা পৰিচালিত তৎক্ষণাত বাৰ্তা প্ৰেৰণ সেৱাত পৰীক্ষা আৰম্ভ কৰা হৈছে। খবৰ অনুসৰি নিগমে এই ক্ষমতা নিজৰ কিছুমান এণ্ড্ৰইড বিটা পৰীক্ষকৰ বাবে উপলব্ধ কৰিছে। হোৱাটছএপৰ অদৃশ্য হোৱা বাৰ্তাৰ আটাইতকৈ শেহতীয়া উপাদানটো এণ্ড্ৰইড ২.২২.২৪.৯ বিটা মুক্তিৰ বাবে পুনৰ ডিজাইন কৰা হৈছিল।

নতুন আৰু পুৰণি দুয়োটা কথাই এতিয়া বৈশিষ্ট্যটোৰ শিথিলতাৰ বাবেই অদৃশ্য হোৱা সূতা হিচাপে চিহ্নিত কৰা হৈছে। অধিক পৰীক্ষকে এতিয়া ফেডিং বাৰ্তাৰ সৈতে অঞ্চলটোৰ বাবে 2.22.25.10 আপডেইট চাব পাৰিব। মেছেজিং এপটোৱে ৰহস্যজনকভাৱে ইয়াৰ অদৃশ্য হোৱা বাৰ্তা কাৰ্য্যৰ বাবে দ্বিতীয়টো প্ৰৱেশ বিন্দুৰ প্ৰৱৰ্তন কৰিছে।

কিছুমান ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ এণ্ড্ৰইডৰ বাবে হোৱাটছএপ বিটা (২.২২.২৫.১১ সংস্কৰণ) ইনষ্টল কৰাৰ পিছত মেনেজ ষ্ট’ৰেজ অংশৰ পৰা এই নতুন চৰ্টকাট ফাংচনটো প্ৰৱেশ কৰিব পাৰিব। এই নতুন অঞ্চলটো ব্যৱহাৰ কৰাৰ পিছত নতুন আৰু পুৰণি দুয়োটা আড্ডাক “অদৃশ্য হোৱা থ্ৰেড” হিচাপে চিহ্নিত কৰাটো সহজ হ’ব, ই এটা স্থান ৰাহি কৰা সঁজুলি বুলি দাবী অনুসৰি।

ডবকা আকাশীগংগাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত…

হোজাই আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী আকাশীগংগা হালধিআটিত আজি বন্যস্তিৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এজন মহিলা গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডবকা আঞ্চলিক বন বিষয়়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আকাশীগংগা  টঙীয়া গাৱত সংগঠিত হয় এই  চাঞ্চল্যকৰ ঘটনাটো ৷

মৃত মহিলা গৰাকীৰ নাম চুকুমনি গৌড় বুলি জানিব পৰা গৈছে ৷ হাতীৰ জাকটোৱে ডবকা সংৰক্ষিত বনাঞ্চলত যোৱা কালি সন্ধিয়া প্ৰবেশ   কৰিছিল বুলি প্ৰতক্ষ্য কৰে একাংশ লোকে ,নিশা কাষতে থকা *টঙীয়া* গাওঁখনলৈ যায় জাকটোৱে৷ নিশা দহ মান বজাত চুকু মনি গৌড় নামৰ মহিলা গৰাকীয়ে আন এগৰাকী সহযোগীৰ সৈতে হালধীআটীৰ  পৰা বজাৰ কৰি  নিজ গৃহ অভিমুখে গৈ থাকোতেই বন্যহস্তিৰ জাকটোৰ মুখামুখি হয় দুয়ো ৷ এগৰাকী মহিলা পলায় সাৰে যদিওঁ চুকু মনি গৌড় নামৰ মহিলা গৰাকী হাতীয়ে গচকি  মাৰি পেলায়,হাতীৰ আক্ৰমনত মহিলা গৰাকীৰ হাত ভৰি ভাঙি যায় ৷ গাওঁখনত প্ৰৱেশ কৰিয়েই হাতীৰ জাকটোৱে খাদ্য শস্য খাই তহিলং কৰাৰ লগতে তাণ্ডবো চলাই৷ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলিত উপস্থিত হয় হালদি আটিৰ  বনবিভাগৰ দল আৰু আৰক্ষীৰ লোক ৷  

স্থানীয় ৰাইজৰ সহযোগত মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ কৰে৷ যোৱা কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তিৰ জাকটোৱে গাওঁখনত তাণ্ডব চলোৱাৰ কথা জানিবলৈ দিছে  স্থানীয় ৰাইজে৷বাতৰি লিখাৰ আগমূহুৰ্তলৈকে ঘটনাস্থলিত ডবকা অঞ্চলিক  বন বিষয়া জিচং তেৰাং পৰিয়ালকিট বুজনি বা গাওবাসীক শান্তনা দিবলৈ  উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে৷আনহাতে  হোজাইৰ যমুনামুখতো দিন  দুপৰতে বন্যস্থিৰ জাকে তাণ্ডৱ আৰাম্ভ কৰে ৷ যমুনামুখৰ চাংজুৰাই গাৱত অৱস্থান কৰিছে ১০০-১৫০ জনীয়া হাতীৰ জাক এটাই  ৷ চাংজুৰাই গাৱত থকা উৰিয়াম ঘাট ৰিজাৰ্ভত আজি পুৱতি নিশাৰ পৰাই অৱস্থান কৰেহি হাতীৰ জাকটোৱে ৷ দিন দুপৰতে *যমুনামুখ- কামপুৰ* সংযোগী পথত হাতীৰ জাকটোৱে অৱস্থান কৰাত আতংকৰ মাজত আছে অঞ্চলটোৰ জনতাই  ৷ 

উক্ত পথেৰে আহি থকা এখন ই ৰিক্সাক  এটা হাতীয়ে আক্ৰমন কৰিবলৈ উদ্যত হয় যদিও কথমপি ৰক্ষা পৰে ই ৰিক্সাৰ চালক জনে৷ সেই শিহৰনকাৰী দৃশ্য বন্দী হৈছে  কেমেৰাতো।কথমপি প্ৰাণ ৰক্ষা ই-ৰিক্সা চালকৰ লগতে আৰোহী। আতংকত ভূগীছে চাংজুৰাই গাওঁবাসী, কিয়নো মূহুৰ্তত  নিশা গাৱত হাতীৰ জাকটোৱে তাণ্ডৱ চলোৱাৰ আখংক্ষা কৰিছে  সাধাৰণ জনতাই ৷বৰ্তমানলৈকে ঘটনাস্থলিত উপস্থিত হোৱা নাই কামপুৰৰ বনবিভাগ। আনহাতে হাতীৰ জাকটো চাবলৈ হেতা উপৰা লগাইছে একাংশ স্থানীয় ৰাইজে ৷

দেৰগাঁও আৰক্ষীৰ জালত বিলাসী বাহন সহ দুটাকৈ গৰু চোৰ…

দেৰগাওঁৰ আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিৰ পৰা ৪টা গৰু চুৰি কৰি আনি থকাৰ পথত শনিবাৰে নিশা দেৰগাঁও আৰক্ষীয়ে ২টা গৰু চোৰ দুখন বিলাসী বাহন সহ খেদি খেদি কৰায়ত্ব কৰে। এতিয়া গাঁৱে গাঁৱে গৰু চোৰ ঘূৰে বিলাসী বাহনত৷ অবিশ্বাস্য যেন লাগিলেও এই কথায় সঁচা৷ দেৰগাঁও আৰক্ষীয়ে চলোৱা অভিযানত গৰু চোৰ ধৰা পৰিল বিলাসী বাহন সহ ৷

দেৰগাঁও আৰক্ষীয়ে চলোৱা অভিযানত দেৰগাঁও গৰৈমাৰিৰ পৰা দুই গৰু চোৰ সহ দুখন বিলাসী বাহন খেদি খেদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে, দীৰ্ঘ দিন ধৰি ব্ৰহ্মপুত্ৰ অঞ্চলত সংঘটিত হৈ আহিছে সঘনাই গৰু চুৰিৰ কাণ্ড ৷

তাৰ পিছতে চোৰক ধৰিবলৈ স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছিল গোপন অভিযান৷ নিশাৰ অন্ধকাৰত ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰীৰ দুল বৰা নামৰ লোকজনৰ ঘৰৰ পৰা তিনিটা গৰু আৰু বিশ্বজিৎ পেগুৰ ঘৰৰ পৰা এটা গৰু চোৰ কৰি পলাবলৈ চেষ্টা কৰিছিল চোৰৰ দলটোৱে ৷ দেৰগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে নিশা চলোৱা অভিযানত দেৰগাঁও গৰৈমাৰিৰ পৰা  AS-24-A6767  আৰু AS01DT1450 নম্বৰৰ চাৰিটা গৰু সহ দুখন বিলাসী বাহন’ আৰু দুটা চোৰক জব্দ কৰিবলৈ সক্ষম হয় যদিও আন কেইবাটাও চোৰ পলাই যায়। দুধৰ্শ চোৰ কেইটা বৰ্তমান দেৰগাঁও আৰক্ষীৰ জিম্মাত।

কীৰ্ত্তনপাৰা গাঁও পঞ্চায়তত মিছন বসুন্ধৰা ২.০ আৰু প্ৰধানমন্ত্ৰী কিষাণ নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ গাঁৱসভা অনুষ্ঠিত সম্পন্ন

অসম অসম দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন গাঁও পঞ্চায়তৰ লগতে বঙাইগাঁৱত জিলাৰ প্ৰতিটো গাঁও পঞ্চায়তত অনুষ্ঠিত হয় বিশেষ গাঁৱসভা। ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা পঞ্চায়ত গ্ৰামোন্নয়নৰ দ্বাৰা আয়োজিত গাঁওসভাত মিসন বসুন্ধৰা 2.0, জবকার্ড আৰু সামাজিক  সাহায্য, কম্পিউটাৰ শিক্ষাৰ লগতে কৃষি বিভাগৰ আঁচনি বিশেষকৈ প্ৰধানমন্ত্ৰী কিষাণ নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিশদভাৱে আলোচনা কৰা হয়। প্ৰকৃত হিতাধিকাৰীয়ে যাতে পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব দি সাধাৰণ ৰাইজক ইয়াৰ লগত জড়িত প্ৰতিটো কাৰি কৰী দিশ পুংখানুপুংখভাৱে অৱগত কৰে কৃষি বিভাগৰ বিষয়াসকলে। গাঁৱখনত ৰাইজৰ মনত থকা খুদুৱনিসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰে সংশ্লিষ্ট বিষয়াসকলে।

কৃষি খণ্ডৰ প্ৰত্যেকখন আঁচনি হিতাধিকাৰীসকলৰ মাজলৈ লৈ গৈ ইয়াৰ সুবিধাসমূহ প্ৰকৃত হিতাধিকাৰীক দিবলৈ কৃষি বিভাগে যৎপৰোনাস্তি চেষ্টা কৰিছে – এই কথা উল্লেখ কৰে অসম এগ্ৰিকালছাৰ মিছন বসুন্ধৰাৰ একাউন্ট জিতু খাটনিয়াই,লাট মণ্ডল ছাইদুল ইছলাম, সৃজনগ্ৰাম কৃষি বিষয়া মুতাফিজুৰ ৰহমান,পঞ্চায়ত সভানেত্ৰী পুৰ্ণিমা মণ্ডল, সচিব ছফিউৰ ৰহমান,পিএম কিষাণৰ লগতে বৰ্তমান সময়ৰ কৃষি বিভাগৰ অত্যন্ত গুরুত্বপূর্ণ প্রধানমন্ত্রী ফচল বীমা যোজনাৰ জৰিয়তে কৃষকসকলক প্রাকৃতিক দুর্যোগৰ পৰা অনিষ্ট হ’ব পৰা ফচলসমূহৰ বীমা কৰাবৰ বাবে অনুৰোধ জনাই ফিল্ট  কৃষি বিষয়া মুতাফিজুৰ ৰহমানে ৰাইজ আৰু বিভাগসমূহৰ মাজত আৰু সুন্দৰ সম্পৰ্ক গঢ়ি তুলিবৰ বাবে লগতে সুপৰামৰ্শ  আগবঢ়োই বিষয়া সকলোৱে।

ৰঙিয়াৰ হেমদোলত কাৰাটেৰ ৰঙীন বেল্টৰ পৰীক্ষা সম্পন্ন

ৰঙিয়াৰ হেমদোলত কাৰাটেৰ ৰঙীন বেল্টৰ পৰীক্ষা সম্পন্ন। ৰঙিয়াৰ নিকটৱৰ্তী হেমদোলত স্বেচ্ছাসেৱী সংগঠন আকাশ গ্ৰুপ অফ চোচাইটিৰ উদ্যোগত ৰঙিয়া জিলা কাৰাটে সন্থাৰ সহযোগত কাৰাটে প্ৰশিক্ষাৰ্থীসকলৰ ৰঙীন বেল্টৰ পৰীক্ষা সুকলমে সমাপন কৰা হয়।অনুষ্ঠানটিত উপস্থিত থাকে অসম কাৰাটে সন্থাৰ সহকাৰী সম্পাদক তথা ৰঙিয়া জিলা কাৰাটে সন্থাৰ সম্পাদক মাজহাৰুল ইছলাম,আকাশ গ্ৰুপ অফ চোচাইটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে বিপুল কাকতি আৰু হেমন্ত কলিতা(হেমেন),প্ৰশিক্ষকবৃন্দ অজন্তা দাস,ভুপেন নমঃশূদ্ৰ তথা অভিভাৱকসকল আৰু স্থানীয় ৰাইজ।

পৰীক্ষক হিচাবে আছিল জেষ্ঠ্য প্ৰশিক্ষক চেনচাই দেবব্ৰত শৰ্মা আৰু বাচেদ আলী।উক্ত পৰীক্ষাত অৱতীৰ্ণ বিশ গৰাকী শিক্ষাৰ্থীক ৰঙীন বেল্ট প্ৰদান কৰা হয়৷

‘সমাজ সংস্কাৰৰ দ্বায়িত্ব কেৱল সাংবাদিক সকলৰেই নহয়’- ড° কুমুদ দাস

“সমাজৰ প্ৰতিটো সমস্যা অসুয়া-অপ্ৰীতি দূৰ কৰাৰ ক্ষেত্ৰত অকল সাংবাদিকসকলেই পহৰা দি থাকিব লগা হৈছে৷এই দ্বায়িত্ব অকল সাংবাদিকৰেই নহয়। সমাজৰ প্ৰতিজন নাগৰিকেই এই সামাজিক ব্যধিবোৰৰ ক্ষেত্ৰত সচেতন হ’ব লাগিব।“এই মন্তব্য বিশিষ্ট সাংবাদিক তথা লেখক ড° কুমুদ দাসৰ।যোৱ ২৯ নৱেম্বৰত ৰঙিয়াৰ ৰণ্‌দিয়া ‘শতদল’ সাহিত্য সভাৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সতীৰ্থৰ অন্তৰঙ্গ অনুষ্ঠানৰ বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি সাংবাদিক দাসে আৰু কয় যে বৰ্তমান সময়ত সংবাদসেৱা কৰি নিজৰ লগতে পৰিয়ালৰ পোহপাল দিয়া ইমান সহজ কথা নহয়। মুষ্টিমেয় কেইজনমান সাংবাদিকৰ বাহিৰে অধিকাংশ সাংবাদিকৰেই আৰ্থিক অৱস্থা অতি পুতৌজনক।একেটা অনুষ্ঠানতে আমন্ত্ৰিত অতিথি হিচাবে সংবাদকৰ্মী ঋতুস্মিণ শৰ্মাই কয় যে সমাগত দিনত প্ৰযুক্তিৰ অধিক পৰিবৰ্তনে সংবাদজগততো এক আমুল পৰিবৰ্তন সাধিবলৈ গৈ আছে।যিসকলে এই পৰিৱৰ্তনৰ লগত নিজক খাপ খুৱাই আগবাঢ়িব তেওঁলোকৰ বাবে এনে সুযোগে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি ভৱিষ্যতবাণী কৰে আগশাৰীৰ সাংবাদিক শৰ্মাই।ৰঙিয়াৰ মুৰাৰাৰ  পূৱ ৰঙিয়া প্ৰগতি সংঘত আয়োজিত গীত মাত কবিতা আবৃত্তি তথা অভিনয় আদিৰে ভৰপুৰ অনুষ্ঠানটিত প্ৰাণ খুলি কথা বতৰা পাতে উপস্থিত সকলো সাহিত্যানুৰাগীয়ে ৷

শাখাটিৰ সভাপতি প্ৰতুল ভূঞাঁৰ দ্বাৰা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে প্ৰথিতযশা সাহিত্যিক গৱেশক পণ্ডিত মামনি ৰয়চম গোস্বামীৰ স্মৃতিচাৰণ কৰে পংকজ কুমাৰ শৰ্মাই ৷সম্পাদক হেমন্ত কলিতা আৰু উজ্জ্বল ডেকাই আঁত ধৰা অনুষ্ঠানটিত প্ৰতিষ্ঠিত কবি শোভন কুমাৰ মেধি,আৰিফুৰ ৰহমান,উজ্জ্বল ডেকা, মামনি লহকৰ, পাৰ্থপ্ৰতীম শৰ্মাই কবিতা আবৃত্তি,সবিতা বৰ্মন মজুমদাৰে অনুগল্প পাঠ, বিমলা দেৱী,নৱ কুমাৰ ডেকা,নিয়ৰ পৰশ,প্ৰভাত নাথৰ গীত মাত,বিশিষ্ট অভিনেতা,পৰিচালক পংকজ পল্লৱ শৰ্মাৰ অভিনয়,জয়ন্ত জিত কলিতা,মনালিছা গোস্বামী,অৰুণ বড়ো, ৰীতা পাচনী,সৃষ্টি ভাৰদ্বাজ,ধুহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জেচিমুদ্দিন আহমেদ,মুকুল ভূঞা, অধিবক্তা উৎপল ভূঞা, ডিম্বেশ্বৰ কলিতা, ধ্ৰুৱজ্যোতি কলিতা, স্মৃতিৰেখা দাস, দিপাংকৰ বাবু কলিতাৰ অনুভৱ প্ৰকাশে অধিক প্ৰাণৱন্ত আৰু মনোগ্ৰাহী কৰি তোলে।আন এজন আমন্ত্ৰিত অতিথি ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকো উক্ত অনুষ্ঠানত সম্বৰ্দ্ধনা জনাই ৰণ্‌দিয়াৰ কৰ্মকৰ্ত্তাসকলে ৷অনুষ্ঠানটিৰ আন এটি গুৰুত্বপূৰ্ণ অংশ আছিল ৰঙিয়াৰ স্থানীয় সংবাদসেৱী সকলৰ তৰফৰ পৰা ড° কুমুদ দাস আৰু ঋতুস্মিণ শৰ্মাৰ মাজত হোৱা প্ৰশ্নোত্তৰ শিতান।ইয়াত অংশগ্ৰহণ কৰা সাংবাদিকবৃন্দ আছিল নছিউৰ ৰহমান,হানিফ আলি,চৈয়দ মোস্তাফা আহমেদ,অংকুৰ কলিতা, তৃষ্ণা দাস,খাইৰুল হুছেইন,হেমেন কলিতা , চামচুল হক,মইনুল হক, ইমতাজ আলী প্ৰমুখ্যে বহুকেইজন সাহিত্যানুৰাগীয়ে।

অন্তৰঙ্গ অনুষ্ঠানৰ আৰম্ভণিতে অতিথি ড° কুমুদ দাস,ঋতুস্মিণ শৰ্মা আৰু উপস্থিত সংবাদসেৱী সকলক ক্ৰমে প্ৰতীক সম্বলিত গামোচা,প্ৰতিষ্ঠা দিৱসৰ প্ৰতীকাত্মক স্মাৰক, মানপত্ৰ আৰু মুখপত্ৰ “ৰণ্‌দিয়া“ৰে আদৰণি সম্ভাষণ জনাই ৰণ্‌দিয়াৰ কৰ্মকৰ্ত্তাসকলক৷ অনুষ্ঠানটিত কামৰূপ জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী হালোগাওঁ অধিবেশনত সদ্য স্বীকৃতিপ্ৰাপ্ত জিলাৰ শ্ৰেষ্ঠ সংগঠক তথা ৰণ্‌দিয়া ’শতদল’ সাহিত্য সভাৰ সম্পাদক হেমন্ত কলিতাক শাখাটিৰ তৰফৰ হৈ সভাপতি প্ৰতুল ভূঞাঁই ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই আৰু শলাগৰ শৰাই আগবঢ়াই ৷হেমন্ত কলিতাই উক্ত সন্মান সতীৰ্থসকলৰ নামত উচৰ্গিত কৰে৷ উক্ত অনুষ্ঠানত বহুকেইজন আজীৱন সভ্যক অসম সাহিত্য সভাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

নলবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সংবাদ মেল…

১৯৮৫ চনৰ ১৪ আগষ্টত নলবাৰী মহকুমাক জিলা ঘোষণা কৰাৰ পিছত বিগত ৩৭ বছৰে জিলা হিচাপে হোৱা পৰিবৰ্তন,উন্নয়ন সন্দৰ্ভত প্ৰতিজন নলবাৰীবাসী জ্ঞাত।শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীত নাই কোনোধৰনৰ বিশেষ উদ্যোগ ক্ষেত্ৰ।যত নিবনুৱা যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা সম্ভৱ।

জিলা খনৰ সাৰুৱা ভুমি ভাগত যথেষ্ট পৰিমাণৰ ফল মূল,শস্য,বাহ-বেত,উৎপাদন সম্ভাৱনীয়তা থকাৰ উপৰিও মীন পালন,গাহৰি পালন,গো পালন,ব্ৰইলাৰ ফাৰ্ম স্থাপনেৰে জিলা খনৰ নিবনুৱা সমস্যা সমাধানৰ উপৰিও অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা দেখা যায়।আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস,সাধাৰণ সম্পাদক যোগেশ কলিতা,কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ব্ৰজেন চৌধুৰী,উপ সভাপতি প্ৰণৱজ্যোতি কলিতা,কৌশিক বৰ্মন,চিত্তৰঞ্জন তালুকদাৰ,যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতা,তাজিমউদ্দিন আহমেদৰ লগতে আন আন বিষয়-ববীয়া সকল উপস্থিত থকা সংবাদমেল খনত জিলা খনত জনগণে সন্মূখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত যাৱতীয় কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।

তাৰ ভিতৰত উদ্যোগহীন নলবাৰীক কৃষি,মীন,পশুপালন আদি বিভাগৰ আদৰ্শ জিলা হিচাপে গ্ৰহণ কৰি নিবনুৱা যুৱক যুৱতী সকলক স্বনিয়োজনৰ মুলধন যোগান,উন্নত প্ৰযুক্তি,বীজ,বজাৰ প্ৰশিক্ষণ আদিৰ দাবী জনায়।জিলাখনৰ কুটিৰ শিল্প তথা জাপি শিল্প,বাহ বেতৰ উদ্যোগ,কাঁহ পিতলৰ উদ্যোগৰ সতে জড়িত ব্যক্তি,প্ৰতিষ্ঠানক মুলধন যোগান,উন্নত প্ৰশিক্ষণ বজাৰ আদিৰ ব্যৱস্থা,বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান বৃদ্ধিৰ ব্যৱস্থা লগতে জিলাখনৰ একাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,উপ স্বাস্থ্য কেন্দ্ৰ সমুহ মেৰামতি,বা পুনৰ্নিৰ্মাণ কৰি চিকিৎসালয় সমুহত পৰ্য্যাপ্ত পৰিমাণে চিকিৎসক,নাৰ্চ,টেকনিচিয়ান ষ্টাফ,ঔষধ আদি যোগান নিশ্চিত কৰিবলৈ দাবী জনায়।নলবাৰী চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বৈজ্ঞানিক মান সম্পন্ন প্ৰয়-প্ৰণালীৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়।

ভৰ বাৰিষালৈ ৰৈ নাথাকি বিধস্ত মথাউৰিবোৰ মেৰামতি কৰাৰ লগতে ৰাজহুৱাখণ্ড আৰু ব্যক্তিগত যান বাহনৰ বাবে আস্থান আৰু পাৰ্কিঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।সঘনাই হৈ থকা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন চকবোৰত ডিজিটেল ট্ৰেফিক কন্ট্ৰল স্থাপন কৰি দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ দাবী জনায়।নলবাৰীত অবিবি শিক্ষকৰ সমস্যা সমাধান,আৰ্ট গেলেৰী স্থাপন আদিৰে জিলা খনক আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

কোৱাৰ্টাৰত নেডাৰলেণ্ডৰ মুখামুখি হ’ব আৰ্জেণ্টিনা…

কাটাৰ বিশ্বকাপৰ নকআউট পৰ্যায়ৰ প্ৰথম দিনা কোনো অঘটন নঘটিল। আশা কৰা মতেই নেডাৰলেণ্ড আৰু আৰ্জেণ্টিনাই তেওঁলোকৰ মেচত জয়লাভ কৰিছে বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডৰ প্ৰথমখন খেলত লুই ভান হালৰ নেডাৰলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাস্ত কৰে। তেওঁলোকে ৩-১ গ’লৰ ব্যৱধানত দুৰ্দান্ত জয় সাৱ্যস্ত কৰে।

আনহাতে, নকআউটত অষ্ট্ৰেলিয়াক ২-১ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। লিঅ’নেল স্কেলোনিৰ শিষ্যসকলে কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকৰ প্ৰতিদ্বন্দী হিচাপে পাইছে নেডাৰলেণ্ডক।

কাটাৰ বিশ্বকাপৰ নক-আউটৰ দ্বিতীয়খন খেলত আৰ্জেণ্টিনাই বিশ্বকাপৰ নক-আউটৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াক ২-১ গ’লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে নকআউট পৰ্যায়ৰ প্ৰথমখন খেলত নেডাৰলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-১ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলৰ টিকট নিশ্চিত কৰে।

২০২৩ বৰ্ষই কঢ়িয়াই আনিব নেকি বিশ্ববাসীলৈ অশনি সংকেত!

নৱবৰ্ষলৈ মাজত মাথো কেইটিমান দিন। অহাৰ বাটেৰেই উভতি যাব ২০২২। নতুন বৰ্ষক আদৰাৰ প্ৰকক্ষণত ভবিষ্যতবানী কৰি বিশ্ব বিখ্যাত হোৱা বাবা ভাংগাৰ কথাই নমাই আনিছে বিশ্ববাসীলৈ এক অশনি সংকেত। বাবা ভাংগাই ১২ বছৰ বয়সতেই হেৰুৱাইছিল দৃষ্টি শক্তি। কিন্তু আশ্চৰ্যজনক ভাবে তেওঁ লাভ কৰিছিল এক দিব্য দৃষ্টি। তেওঁৰ মতে ঈশ্বৰে দিছিল তেওঁক দান কৰিছিল এক দৈবশক্তি। তেওঁ কৰা প্ৰায়বোৰ ভবিষ্যতবানীয়েই সত্যত পৰিনত হৈছিল। বাবা ভাংগাৰ ভবিষ্যতবানী মতে আগন্তুক ২০২৩ বৰ্ষত আৰম্ভ হব সৌৰ ধুমুহা। এনে ঘটনাই পৃথিৱীলৈ নমাই আনিব এক ভয়ংকৰ পৰিবেশ। বাবা ভাংগাৰ মতে আৰম্ভ হব পাৰমাণবিক যুদ্ধৰ। একে সময়তে এলিয়েনৰ আক্ৰমন হব বুলি বাবাই ভবিষ্যতবানী কৰিছে।

আনহাতে তেওঁৰ মতে ২০২৩ বৰ্ষত সলনি হব পৃথিৱীৰ কক্ষপথ। যদি বাবা ভেংগাৰ এই ভবিষ্যতবানী সত্য হয় তেনেহলে হয় পৃথিৱী চাপি যাব সূৰ্যৰ কাষলৈ। তেতিয়া সূৰ্যৰ বিকিৰণত জীৱ জন্ত জীয়াই থকাই অসম্ভব হৈ পৰাটো নিশ্চিত। আনহাতে সূৰ্যৰ পৰা যদি পৃথিৱী আতৰি যায় তেতিয়া আৰম্ভ হব বৰফৰ যুগ। জীৱকুলৰ বাবে সেয়াও হৈ পৰিব আন এক বিপদ। বাবা ভাংগাই পৃথিৱীত জৈব অস্ত্ৰৰ পৰীক্ষাত ব্যস্ত হৈ পৰিব মানব জাতি। যি কাৰ্যই নমাই আনিব মৃত্যুৰ বিভিষীকা। বাবা ভাংগাৰ মৃত্যুৰ বহু বছৰ পিছতো তেওঁৰ প্ৰায়বোৰ বানী সত্যত পৰিনত হোৱা ঘটনাই এতিয়া চিন্তিত আৰু শংকিত কৰি তুলিছে বিশ্ববাসীক। উল্লেখযোগ্য যে ১৯১১ চনত বুলগেৰিয়াত জন্ম হৈছিল বাবা ভাংগাৰ। তেওঁৰ সম্পূৰ্ণ নাম আছিল ভাংগেলিয়া পনডেভা গুছতেৰোভা । অন্ধতাক আকোৱালি লোৱাৰ পিছৰে পৰা তেওঁ বাবা ভাংগা হিচাপে জনাজাত হৈ পৰে। এই গৰাকী ব্যক্তিয়ে ১৯৯৬ চনত মৃত্যুক সাবটি লয়। মৃত্যুৰ ২৬ বছৰ পিছতো বাবা ভাংগাৰ ভবিষ্যতবানীয়ে সত্যত পৰিণত হৈ আহিছে।

অসমীয়া চলচ্চিত্ৰ “অকমান” ২৮সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত

এইবেলি ডিচেম্বৰ মাহৰ ১৫ৰ পৰা ২২ তাৰিখলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰাঞ্জল কে শইকীয়াৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি  “অকমান” ভাৰতীয় কথাছবি প্ৰতিযোগিতা শিতানলৈ নিৰ্বাচিত হৈছে। উজনি অসমৰ এখন ভিতৰুৱা গাঁ‌ৱৰ ১২ বছৰীয়া ল’ৰা অকমানে স্কুলত আয়োজন কৰা স্বাধীনতাৰ দিৱসৰ দিনা অজানিতে কৰা ভুলৰ বাবে জাতীয় পতাকাখন খোল নোখোৱাত শিক্ষকৰ পৰা শাস্তি পায়।  সেই দিনধৰি অকমানে এখন জাতীয় পতাকা কিনি উৰাবলৈ নিজৰ মনতে সংকল্প লয় । অকমানে এনেতে এদিন ভঁৰালত এখন নতুন পতাকা বিচাৰি পায়,যিখন জাতীয় পতাকা নাছিল, সেইখন আছিল তাৰ পিতৃয়ে এৰি থৈ যোৱা পতাকা। ক্ৰমান্বয়ে তাৰ হেৰাই যোৱা পিতৃ আৰু  পতাকাখনৰ প্ৰতি অকমান  আকৃষ্ট হৈ পৰে। কালক্ৰমত পুত্ৰ অকমানে এদিন পিতৃৰ পতাকা খনক লৈ দুৰ্বিপাকত পৰে আৰু সেই উপলব্ধিক মূল বিষয়বস্তু হিচাপে লৈ কাহিনীয়ে গতি কৰে ।


উল্লেখ্য যে  প্ৰাঞ্জল কে শইকীয়াই পৰিচালনা কৰা এইখন তেওঁৰ প্ৰথম কথাছবি। উক্ত চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিনহা, ভাস্কৰ দত্ত আৰু প্ৰাঞ্জল কে শইকীয়াই।  কথা ছবিখনৰ সহ প্ৰযোজনাত আছে দীপাংকৰ জোনাক বৰুৱা । ‘অকমান’ৰ নাম ভূমিকাত ভূপেন গগৈয়ে অভিনয় কৰাৰ লগতে সন্ধ্যা হাজৰিকা, বিশ্বজিৎ সন্দিকৈ, অষ্ট্ৰিয়ানা দিহিঙ্গীয়া, ৰাজু গগৈ, গৌতম গগৈ, সাগৰ গগৈ, জানমণি গগৈ, মিধুষ্মিতা গগৈ, লেখনী দেৱী, ধৰণী শইকীয়া, ৰঞ্জিত শৰ্মা, মিতালী শইকীয়া , লভলী দিহিঙ্গীয়া আৰু চায়াশ্ৰী চমুৱায়ে অভিনয় কৰিছে। দৃশ্য গ্ৰহণ নৱনিত নিলভ , সম্পাদনা দিগন্ত বৰা, ছাউণ্ড ডিজাইন দেৱজিৎ গায়ন, দি আই কালাৰ সুজিত বৰা, সংগীত মন্দিপ মনমিত, সহ পৰিচালকদ্বয় ঐছুৰ্য বৰা আৰু অচ্যুত শইকীয়া, সাজসজ্জা ৰিজুমণি দেউৰী আৰু কলা নিৰ্দেশক বিশ্বজিৎ সন্দিকৈ সমন্বিতে  উক্ত কথাছবিখন একপ্ৰকাৰ  সাৰ্থক কৰি তুলিছে।