Home Blog Page 2088

দেৰগাঁৱৰ কুমাৰগাঁও যোৰবাৰী মাদ্ৰাছাত ভ্ৰাম্যমাণ বিনামূলীয়া চিকিৎসা সেৱা শিৱিৰ

মানৱ সেৱাই ঈশ্বৰ সেৱা- এই মূল মন্ত্ৰৰে বিবেকানন্দ কেন্দ,এন:আৰ:এল চিকিৎসালয়ৰ সহযোগত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সৌজ্যনত ৩নং গেট যুৱ সমিতিৰ তত্বৃাবধানত বৃহস্পতি বাৰে দেৰগাঁৱৰ কুমাৰ গাঁৱৰ যোৰবাৰী মাদ্ৰাছাৰাৰ প্ৰাঙ্গনত এক ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিৱিৰ অনুষ্ঠিত হয়। যোৰবাৰী অঞ্চলৰ দুই শতাধিক ব্যক্তিক চিকিৎসা সেৱা প্ৰদান কৰা হয় ।

উক্ত ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিৱিৰটোত বিবেকানন্দ এন:আৰ:এল: চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা: চন্দিপা চক্ৰৱৰ্ত্তী,ডাঃনিভা দত্ত বৰুৱা …চিকিৎসাকৰ্মী ক্ৰমে পূৰ্ণিমা গোৱালা,মনোৰমা সেন,ৰাহুল ৰাজপুত,আশীষ গগৈ।দিপমূন বাৰুকিয়াল,বিশ্বজিৎ গগৈ ,নিৰ্মল বৰ্মনৰ উপস্থিতিত চিকিৎসা সেৱা আগবঢ়োৱা হয়। উক্ত চিকিৎসা শিৱিৰৰ লগত সংহতি ৰাখি মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মাদক দ্ৰবৰ এক সজাগতা মূলক পাঠদান আগবঢ়াই মানসিক ৰোগৰ বিশেষজ্ঞ ডাঃ মৌচুমী সিংহাই ।

চিকিৎসা শিবিৰ উদ্বোধন কৰে দেৰগাঁও পৌৰসভাৰ ৩নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা মিতালী ফুকন বৰুৱাই।অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা বোলছবি প্ৰযোজক মঃনুৰুল চুলতান,বিশিষ্ট সমাজকৰ্মী মঃৰাজুমণি হুছেইন ,চৈয়দ খাইৰুল ইছলাম,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ-পূৱৰ সম্পাদক সত্যজিত হাজৰিকা,সমাজকৰ্মী ময়ূৰী বৰা আদি বিশিষ্ট ব্যক্তি সকল। শিবিৰটোত দুই শতাধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ যোগান ধৰা হয় । শিৱিৰটোত চিকিৎসা গ্ৰহন কৰি যোৰবাৰী অঞ্চলৰ ব্যক্তি সকলে চিকিৎসক সকলক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

ভাৰতীয় খাদ্য নিগমৰ কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰৰ সংবাদমেল, কাকপথাৰত পৰ্যাপ্ত সা-সুবিধাযুক্ত গোদাম নিৰ্মাণৰ দাবী

ভাৰত চৰকাৰৰ খাদ্য নিগম বিভাগে কৃষক সকলৰ সুবিধাৰ বাবে বিভিন্ন ঠাইত স্থাপন কৰিছিল ধান ক্ৰয় কৰা কেন্দ্ৰ । এনে এক অন্যতম ধান ক্ৰয় কৰা কেন্দ্ৰ হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰ । এই বৰ্ষত ভাৰত চৰকাৰে কাকপথাৰ কেন্দ্ৰৰ বাবে নিদ্ধাৰিত কৰিছিল মুঠ ২৫ হাজাৰ কুইণ্টল ধান ক্ৰয়ৰ ব্যৱস্থা ।

পৰ্যাপ্ত গোদাম তথা সা-সুবিধা নথকাৰ বাবে কাকপথাৰ কেন্দ্ৰত মুঠ ২১ হাজাৰ কুইন্টলত হে ধান ল’বলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে কাকপথাৰ তৰুণ হাজৰিকাই । তাৰ ভিতৰতে কাকপথাৰ কেন্দ্ৰই কৃষক সকলৰ পৰা সংগ্ৰহ কৰা মুঠ ২৬ হাজাৰ কুইণ্টল ধান ভিতৰত বাকি ৫হাজাৰ কুইন্টলত ধান তিনিচুকীয়াত দিব লগীয়া হোৱাত কাকপথাৰত এটা পৰ্যাপ্ত সা-সুবিধা থকা গোদাম নিৰ্মাণ কৰিবলৈ আহ্বান জনায় । যোৱা ৩০জুনত সফলভাবে সমাপ্ত হোৱা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অহা বৰ্ষত ২০৪০ টকালৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সকলো কৃষককে উক্ত চৰকাৰী সুবিধাৰ জৰিয়তে স্বাৱলম্বীৰ দিশে এখোজ আগবঢ়াই যোৱাত আগবাঢ়ি আহিবলৈ আহ্বান জনায় সংবাদ মেলৰ যোগেদি ।

কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰৰ বিষয়ববীয়া, অঞ্চলটৈৰ বহু কেইজন‌ খেতিয়ক উপস্থিত থকা সংবাদ মেলৰ যোগেদি কাকপথাৰ এনে ধান ক্ৰয় কেন্দ্ৰৰ সুবিধা দিয়াৰ বাবে বিধায়ক বলিন চেতিয়া, তিনিচুকীয়া জিলা কৃষি বিভাগৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গোদামৰ ব্যৱস্থা কৰিলে কৃষকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে ।

ব্যস্ত মহিলাৰ বাবে ৭ টা সৌন্দৰ্য্যৰ টিপছ

বহু মহিলাই ব্যস্ততাৰ বাবে ছালৰ যত্ন ল’বলৈ সময় নাপায়। বিশেষকৈ কৰ্মৰত মাতৃসকল। বহু লোকে ঘৰত আৰু অফিচত ব্যস্ত হৈ থকাৰ সময়ত ছালৰ যত্ন ল’বলৈ পৰ্যাপ্ত সময় নাপায়। ফলত ছালখন নিৰ্জীৱ হৈ পৰে। তেওঁলোকে কিছুমান সহজ টিপছ মানি চলিব পাৰে। ই ছাল আৰু চুলি সুন্দৰ আৰু উজ্জ্বল কৰি তুলিব

ভাৰতৰ লাইফষ্টাইল এণ্ড হেল্থ ৱেবছাইট ব’ল্ডস্কিৰ এক প্ৰতিবেদনত কিছুমান টিপছ আছে যিবোৰ আপোনাৰ সৌন্দৰ্য্যৰ ৰুটিনত উপযোগী হ’ব পাৰে। চাওঁ আহক—

CTM অনুসৰণ কৰক

যদি আপুনি দৈনিক তিনিটা দিশৰ ৰেজিমেন মানি চলে—ক্লিনজ, টোন, আৰু মইশ্ব’ৰাইজ—তেন্তে আপুনি নিশ্চিতভাৱে সুস্থ আৰু উজ্জ্বল ছাল পাব। কিন্তু আপুনি নিশ্চিত হ’ব লাগিব, আপুনি আপোনাৰ ছালৰ প্ৰকাৰ অনুসৰি প্ৰসাধন সামগ্ৰী কিনিলে নে নাই।

কনচিলাৰ ব্যৱহাৰ কৰক

ডাৰ্ক চাৰ্কল লুকুৱাবলৈ কনচিলাৰ ব্যৱহাৰ কৰক। অফিচত জুম মিটিং, মাজনিশা শিশুটিৰ হঠাৎ কান্দিলে, পৰ্যাপ্ত পৰিমাণে টোপনিৰ অভাৱ আদিয়ে চকুৰ তলত ক’লা দাগ সৃষ্টি কৰিব পাৰে। গতিকে চকুৰ তলত ডাৰ্ক চাৰ্কল আৰু ৰঙা পৰাৰ পৰা হাত সাৰিবলৈ কনচিলাৰ ব্যৱহাৰ কৰিব পাৰে।

শুকান চেম্পু ব্যৱহাৰ কৰক

বহু সময়ত ব্যস্ততাৰ বাবে নিয়মিতভাৱে চুলি ধুই লোৱা সম্ভৱ নহয়। কিন্তু বাহিৰলৈ ওলাই যাব লাগিব। এনে পৰিস্থিতিত আটাইতকৈ ভাল বিকল্প হ’ল ড্ৰাই শ্বেম্পু ব্যৱহাৰ কৰা। শুকান চেম্পু কিনাৰ আগতে চুলিৰ ধৰণৰ বাবে উপযোগী নে নহয় পৰীক্ষা কৰক।

হাতত নেমুটো ৰাখক ৷

নেমুৰ ৰসে ছালখন উজ্জ্বল কৰি তোলে, ব্ৰণ আঁতৰাই পেলায়, ক’লা দাগ আঁতৰোৱাত সহায় কৰে। ছালত নেমু ঘঁহিলে বা নেমুৰ ৰস লগাব পাৰে। নেমুৰ উপৰিও বিশেষকৈ গৰমৰ সময়ত এলোভেৰা ব্যৱহাৰ কৰিব পাৰে।

লিপস্টিক

লিপষ্টিকৰ উজ্জ্বল ছাঁই আপোনাৰ লুকটো সোনকালে সলনি কৰিব। একে সময়তে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যেতিয়া আপুনি কোনো অফিচিয়েল মিটিংলৈ যায় বা পাৰ্টিলৈ যায় তেতিয়া উজ্জ্বল লিপষ্টিক দিব।

তামোলৰ তেলৰ মানদণ্ডৰ বিষয়ে নিশ্চয় জানিব লাগিব। নাৰিকল তেলে কেৱল ছালখন আৰ্দ্ৰ কৰি লোৱাই নহয়, সুস্থ কৰি তোলে। ছাল আৰু ওঁঠৰ বাবে নাৰিকল তেলে মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে। ৰাতি শুই উঠাৰ আগতে ব্যৱহাৰ কৰিব পাৰে, যাদুৰ দৰে কাম কৰিব।

নাৰিকল তেল

চুলি কাটি

যদি আপোনাৰ চুলি দীঘল আৰু যত্ন ল’বলৈ সময় নাপায়, তেন্তে চুলি কটা বাছি লওক যিয়ে আপোনাৰ সময় ৰাহি কৰিব যাতে যত্ন ল’ব পাৰে। একে সময়তে এটা ষ্টাইল থাকিব। আপুনি সৰু আৰু ষ্টাইলিছ চুলি কটা দিব পাৰে ৷

যুৱতীক সকীয়াই দিলে মিঞা খলিফাই, কি পৰামৰ্শ আগবঢ়াইছে মিঞা খলিফাই…

মিয়া খলিফা এগৰাকী লেবানন-আমেৰিকান প্ৰাক্তন প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা। সেই পৃথিৱীৰ পৰা বিদায় লোৱাৰ পিছতো বহুতে এই ক্ষেত্ৰখনৰ বিষয়ে তেওঁৰ মতামত বা দৃষ্টিভংগী জানিব বিচাৰে। শেহতীয়াকৈ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ আগ্ৰহী যুৱতীসকলক কিছু পৰামৰ্শ আগবঢ়াইছে মিঞা খলিফাই।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৪ চনত মাত্ৰ তিনিমাহৰ ভিতৰতে মিয়া খলিফাই ১১টা প্ৰাপ্তবয়স্ক ভিডিঅ’ত অভিনয় কৰিছিল। ছয় বছৰ হ’ল তেওঁ উদ্যোগটো এৰি যোৱা। নগদ ধন উপাৰ্জনৰ দ্ৰুত আহিলা হিচাপে পৰ্ণ ছবিত অভিনয় নকৰিবলৈ পৰামৰ্শ দিয়ে মিঞাই। কাৰণ তেওঁৰ মতে পৰ্ণৰ অভিজ্ঞতাই তেওঁলোকক গোটেই জীৱন মানসিক যন্ত্ৰণা দিব। ভাৰতীয় সংবাদ মাধ্যমৰ ৰিপাব্লিক ৱৰ্ল্ডৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

ছয় বছৰতকৈও অধিক পূৰ্বে পৰ্ণ উদ্যোগৰ পৰা অৱসৰ লোৱাৰ পিছতো প্ৰাপ্তবয়স্ক ৱেবছাইটত মিয়া খলিফা এতিয়াও অতি জনপ্ৰিয়। পৰ্ণ ছবিত অভিনয় কৰি মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কথা প্ৰকাশ কৰিছে ২৭ বছৰীয়া তাৰকাগৰাকীয়ে। শেহতীয়াকৈ শ্বেয়াৰ কৰা এটা চুটি টিকটক ভিডিঅ’ত দেখা গৈছে মিঞাই নিজৰ এপাৰ্টমেণ্টত গাউন পিন্ধা। সেই সময়ত বেকগ্ৰাউণ্ডত সংগীত বাজি আছিল।

মিয়া খলিফাই সেই ভিডিঅ’টোত কৈছিল যে তেওঁ সেই উদ্যোগটোত মাত্ৰ তিনিমাহহে কাম কৰিছিল। কিন্তু লাখ লাখ মানুহে তেওঁক মনত পেলাইছে। তেতিয়া তেওঁৰ বয়স আছিল ২১ বছৰ। আৰু সেইবোৰ তেওঁৰ বাবে অস্বস্তিকৰ। মিঞাই লগতে কয় যে যেতিয়া এজন টিকটক ব্যৱহাৰকাৰীয়ে তেওঁক অধিক টকা উপাৰ্জন কৰাৰ বাবে ঠাট্টা কৰিছিল, তেতিয়া ই একেবাৰেই ধেমেলীয়া নাছিল।

জনপ্ৰিয় হোৱাৰ পিছতো তেওঁ সেই সময়ৰ ভিডিঅ’ৰ পৰা মাত্ৰ ৫ ডলাৰহে উপাৰ্জন কৰিছিল, আৰু পৰ্ণ এৰি যোৱাৰ পিছত সেই ভিডিঅ’বোৰৰ পৰা তেওঁ কোনো ধন নাপালে। মিয়াই সংবাদ মাধ্যমক জনোৱা মতে, তেওঁ ভিডিঅ’সমূহ আঁতৰাবলৈ চেষ্টা কৰাত ব্যৰ্থ হয়। মিয়াক প্ৰায়ে তেওঁৰ সামাজিক হেণ্ডেলত বিভিন্ন সজাগতা পোষ্ট দিয়া দেখা যায়।

মিয়া খালিফা

বিভিন্ন ৱেবছাইট অনুসৰি মিয়া খলিফাৰ সম্পত্তিৰ মুঠ মূল্য প্ৰায় ২০ লাখ মাৰ্কিন ডলাৰ। বৰ্তমান তেওঁ ক্ৰীড়া অনুৰাগী আৰু ইণ্টাৰনেট তাৰকা হিচাপে পৰিচিত। চলিত বৰ্ষৰ আৰম্ভণিতে মিয়া খলিফায়ে তেওঁৰ প্ৰেমিক ৰবাৰ্ট ছেণ্ডবাৰ্গৰ সৈতে সমতা স্থাপন কৰিছিল।

ভাৰত, জাপান আৰু ব্ৰাজিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় কিয়? প্ৰশ্ন উত্থাপন কৰিলে জেলেনস্কিয়ে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদক লৈ প্ৰশ্ন উত্থাপন কৰি ভাৰত, জাপান, ব্ৰাজিল আৰু ইউক্ৰেইন কিয় UNSCৰ স্থায়ী সদস্য নহয় বুলি প্ৰশ্ন কৰিছে।

ইউক্ৰেইনৰ সভাপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) স্থায়ী সদস্যপদক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ প্ৰশ্ন কৰে যে ভাৰত, জাপান, ব্ৰাজিল আৰু ইউক্ৰেইন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়, তাৰ কাৰণ কি। ইয়াৰ লগতে জেলিঅ’নস্কিয়ে কয় যে এই দিনটো নিশ্চয় আহিব যেতিয়া সমাধান পোৱা যাব।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বিশ্বৰ নেতাসকলৰ সাধাৰণ বিতৰ্কৰ সময়ত ইউক্ৰেইনৰ সভাপতি ভলডিমাইৰ জেলেনস্কিয়ে তেওঁৰ পূৰ্ব-সন্ধি বাৰ্তাত কয় যে, “ৰাষ্ট্ৰসংঘৰ উন্নতিৰ বাবে বহু আলোচনা কৰা হৈছিল। এই সকলোবোৰৰ সৈতে কেনেদৰে চুক্তি হ’ব? কোনো ফলাফল নাছিল।

তেওঁ আৰু কয়, ‘আমাৰ শান্তিৰ সূত্ৰটো চাই আপুনি দেখিব যে ইয়াৰ ৰূপায়ণ ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ প্ৰকৃত উন্নতিৰ অধীনত আছে। আমাৰ সূত্ৰটো সাৰ্বজনীন আৰু উত্তৰৰ পৰা দক্ষিণৰ শেষলৈকে পৃথিৱীখনক সংযোগ কৰে। ই পৃথিৱীৰ যিসকলে কেতিয়াও শুনা নাযায় তেওঁলোকৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাত উৎসাহিত কৰে।

Volodymyr Zelenskyy Volodimir Zelenskyy-এ কয়, ‘এইটোৱে কেৱল ইউক্ৰেইনহে কৈছে। ৰাছিয়াৰ পৰা এনে শব্দ শুনিছেনে? আনহাতে তেওঁ নিৰাপত্তা পৰিষদৰ (UNSC) স্থায়ী সদস্য। কোনটো কাৰণত? কাৰণ, জাপান, ব্ৰাজিল, তুৰ্কী, ভাৰত, জাৰ্মানী বা ইউক্ৰেইন ইয়াৰ সদস্য নহয় বুলি কি কাৰণ আছে। এই সমস্যাটো সমাধান হ’লে নিশ্চয় দিনটো আহিব৷

ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ যোগ্য

ৰাষ্ট্ৰসংঘত নিৰাপত্তা পৰিষদত জৰুৰীভাৱে বাকী থকা সংস্কাৰৰ বাবে ঠেলি দিয়াৰ প্ৰচেষ্টাত ভাৰতে আগৰণুৱা হৈ আহিছে। ভাৰতে নিজেই জোৰ দি কৈছে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ই স্থান লাভ কৰাৰ যোগ্যতা আছে।

বৰ্তমান UNSC ত ৫ জন স্থায়ী সদস্য আছে

বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC) পাঁচখন স্থায়ী সদস্য আৰু ১০খন অস্থায়ী সদস্য ৰাষ্ট্ৰৰে গঠিত, যিবোৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে দুবছৰৰ বাবে নিৰ্বাচিত কৰে। এই পাঁচখন স্থায়ী সদস্য দেশ হ’ল ৰাছিয়া, ব্ৰিটেইন, চীন, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। এই দেশসমূহৰ যিকোনো মূল প্ৰস্তাৱক ভেটো (আৰম্ভণি) কৰাৰ ক্ষমতা আছে। শেহতীয়াকৈ স্থায়ী সদস্যৰ সংখ্যা বৃদ্ধিৰ চাহিদা বৃদ্ধি পাইছে।

অভয়াপুৰীৰ লেংটিছিঙাত অসম বহুমুখী সমবায় সমিতিৰ শাখা কাৰ্যালয় আৰু লালমাটিত ছাগলীৰ ফাৰ্মৰ শুভ উদ্বোধন

ৰাজ্য খনত ক্ৰমান্বয়ে বাঢ়ি অহা নিৱনুৱা সমস্যাই গা কৰি উঠা ভয়াবহ সমস্যাৰ মাজতে অসম বহুমুখী সমবায় সমিতি নামৰ প্ৰতিষ্ঠানটোৱে বিভিন্ন কৰ্মমুখী আঁচনিৰে আশাৰ সঞ্চাৰ কৰিছে বঙাইগাওঁ জিলাৰ নিৱনুৱা সকলৰ মাজত। তাৰেই অংশ হিচাপে বৃহস্পতি বাৰে অভয়াপুৰীৰ লেংটিছিঙাত অসম বহুমুখী সমবায় সমিতিৰ নতুনকৈ শাখা কাৰ্যালয় খনৰ শুভ উদ্বোধন কৰা হয় আৰু শুভ উদ্বোধন কৰে সমবায়খনৰ যোৰহাটস্থীত মুখ্য কাৰ্যালয়ৰ উপাধ্যক্ষ দিব্য বৰুৱাই ।

অসম বহুমুখী সমবায় সমিতিৰ বঙাইগাওঁ মাণ্ডলিক বিষয়া জয়ন্ত কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ দান কৰে দিব্য বৰুৱাই। সভাত বৰুৱাৰ উপৰিও মুখ্য কাৰ্যালয়ৰ সচিব দিব্যধৰ ফুকন, প্ৰশাসনিক বিষয়া দিলীপ বৰা, গাণনিক বিষয়া চিন্ময়ী বৰুৱা, বি টি এডি ৰ সঞ্চালক বীৰ বাহু বসুমতাৰী, লালমাটি শাখাৰ শাখা পৰিচালক ৰুহুল ইছলামে উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থকা বক্তা সকলে সমবায় খনৰ লক্ষ্য, উদ্দেশ্যৰ লগতে মৎস্য পালন, ছাগলী পালন, গাহৰী পালন আদিৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি তাৰ ওপৰত বিশদভাৱে ব্যখ্যা দাঙি ধৰে। ইয়াৰ সমান্তৰাল ভাৱে সমবায় খনৰ লালমাটি শাখাৰ উদ্যোগত লালমাটিত এখন ছাগলী ফাৰ্মৰ শুভ উদ্বোধন কৰা হয় আৰু শুভ উদ্বোধন কৰে দিব্য বৰুৱাই।

উক্ত অনুষ্ঠানত সমবায় খনৰ মুখ্য কাৰ্যালয়ৰ উপাধক্ষ্য দিব্য বৰুৱা, সচিৱ দিব্যধৰ ফুকন, কাৰ্যকৰী সঞ্চালক বীৰ বাহু বসুমতাৰী, প্ৰশাসনিক বিষয়া দিলীপ বৰা, গাণনিক বিষয়া চিন্ময়ী বৰুৱা,লালমাটি শাখাৰ শাখা পৰিচালক ৰুহুল ইছলামৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

অভয়াপুৰীৰ পৰা ইনামুল আহমেদ

ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ সজাগতা কাৰ্যসূচী

১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেমম্বৰলৈ পোষন মাহ উপলক্ষে ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সজাগতা কাৰ্যসূচী আজি ৰূপায়নৰ কৰা হয় ।

সমগ্ৰ দৰং জিলাৰ লগতে ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত দুমুনিচকীতো এই কাৰ্যসূচী । পুষ্টি ৰথ মাতৃ ৰথ শক্তি ৰথ শীৰ্ষক যাত্ৰাৰে দুমুনিচকী দিপীলা পথৰ পৰা ছিপাঝাৰ অভিমুখে যাত্ৰা হয় বাহন কেইখন ।

ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত দুমুনিচকী অঞ্চলৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে পুষ্টি সম্পৰ্কীয় গীত মাত তথা পূজা অৰ্চনাৰে আদৰনি জনায় পুষ্টি ৰথৰ সজাগতা উদ্দেশ্যে বাহন কেইখনক ।

ৰেজেক আহমেদৰ প্ৰতিবেদন

সুখোৱাৰঝাত ভূমি কেন্দ্ৰিক প্ৰচণ্ড মাৰপিট, গুৰুতৰভাৱে আহত তিনিজন, চিকিৎসালয়ত ভৰ্তি…

সুখোৱাৰঝাত ভূমি কেন্দ্ৰিক প্ৰচণ্ড মাৰপিট, গুৰুতৰভাবে আহত তিনিজন, চিকিৎসালয় ভৰ্তি। বাঘবৰৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাৰঝাৰত এডোখৰ ভূমিক কেন্দ্ৰ কৰি পিতা-পুত্ৰ দুই পৰিয়ালৰ মাজত ভয়ঙ্কৰ মাৰপিট হয়।

জানিব পৰা মতে ৰজৱ আলী আৰু আজাহাৰ আলী দুই পৰিয়ালৰ মাজত নিশাৰ ভাগত ভুমিক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিট । উক্ত মাৰপিটত ৰজৱ আলীৰ বৰ পত্নী শ্বাহজা ভানু(৬০) ,নাতি আমিৰ হুছেইন আৰু পুত্ৰ আজাহাৰ আলী গুৰুতৰ ভাবে আহত হয় ।

গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত তিনিওকে সংকটজনক অৱস্থাত আলোপতিচৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটাস্থ FAAMCH লৈ প্ৰেৰণ কৰে । ভুক্তভোগী আজহাৰ আলী পৰিয়ালে ন্যায় বিচাৰি আলোপতিচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে

নগৰবেৰাৰ পৰা আবুল হুছেইন

খেলি থাকোতে ইটা ভাটাৰ দ’ খাৱৈত পৰি কৰুণ (Tragic) মৃত্যুক সাৱটিলে ৪ বছৰীয়া অপূৰ্বই আৰু ৫ বছৰীয়া কৃষ্ণই; চকুলোৰে বাট নেদেখা হৈছে পৰিয়ালটোৱে

যোগীঘোপাৰ (Jogighupa) কুমাৰকাটাত (Kumarkata) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। দ’ খাৱৈত পৰি সলিলসমাধি ঘটে দুটি কণমানি শিশুৰ (2 Child Drown Into Ditch)। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত শিশু দুটিয়ে খেলি থকাৰ সময়তে সৃষ্টিয়া বিলৰ সমীপত থকা এটা ইটা ভাটাৰ দ’ খাৱৈত পৰি সলিলসমাধি ঘটে।

জানিব পৰা মতে শিশু দুটি কুমাৰকাটাৰ বৈৰাগীপাৰাৰ বৈদ্যপালৰ পুত্ৰ অপূৰ্ব পাল (৪) আৰু আনজন কংস ৰায়ৰ পুত্ৰ কৃষ্ণ ৰায় (৫)।

স্থানীয় ৰাইজে শিশু দুটিক অচেতন অৱস্থাত উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ (Bongaigaon Civil Hospital) লৈ যায় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বৰ্তমান এই ঘটনাৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ডক্টৰ নিৰোদ বৰুৱাক শুভেচ্ছা ড° ডম্বৰুধৰ নাথৰ

“ মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ বিশ্বমুখী যাত্ৰাই মাজুলীৰ লগতে অসমৰ মান উজ্বলাবঃ ড° ডম্বৰুধৰ নাথ”

পৰম্পৰাগত শিক্ষা প্ৰদানৰ বাবে অসমীয়া পিঠা, মুগা কাপোৰ বোৱা, মুগা পোহা , হস্ততাঁত বস্ত্ৰশিল্প , লোকাচাৰ, আদিৰ ওপৰত অধ্যয়নৰ বাবে নতুন বিষয় যুগুত কৰাৰ মানসেৰে চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে বুলি এই প্ৰতিবেদকক অৱগত কৰে উপচার্য ডম্বৰু নাথে।

এই বিশ্ববিদ্যালয় খনৰ দোপতদোপে উন্নতি সাধন হ’বলৈ হ’লে চৰকাৰৰ সম্পূৰ্ণ সদিচ্ছাৰ আশা কৰিছে৷ প্ৰতিক্ষাৰ অন্তত বুধবাৰে অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মূখীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ দ্বিতীয়গৰাকী উপাচাৰ্য নিযুক্তি দিয়ে । সেই অনুশৰি বৰ্তমানৰ উপাচাৰ্য বুৰঞ্জীবিদ ডঃ ডম্বৰুধৰ নাথৰ স্থলাভিসিক্ত হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে বুৰঞ্জী বিভাগৰ প্ৰধ্যাপক ডঃ নিৰোদ বৰুৱা ।

২০১৭ চনৰ অক্টোবৰ মাহত সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ ধাৰণাক সাকাৰ ৰূপ দি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক উপহাৰ দিছিল সাংস্কৃতিক বিশ্ববিদ্যালয় খনৰ ৷ বিশ্ব বিদ্যালয় খনৰ প্ৰতিস্থাপক উপাৰ্চায হিচাপে যোগদান কৰিয়ে মাজুলীৰ সন্তান ডম্বৰুধৰ নাথে বিশ্ববিদ্যালয় খন আগুৱাই নিয়াৰ ক্ষেত্ৰত অদ্বিতীয় হিচাপে কাৰ্য সম্পাদন কৰিছিল ৷

উল্লেখ্য বিশ্ববিদ্যালয় খনৰ শিক্ষা পদ্ধতি কেনেকুৱা হ’ব, কি কি বিষয় থাকিব , বিশ্ববিদ্যালয়ৰ আনুসাংগিক তথ্য সমৃদ্ধ বিষয়বস্তু পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আজি চাৰিটা বছৰত বিশ্ববিদ্যালয়ৰ কাম বহুখিনি আগবঢ়াই নিলে মত প্ৰকাশ কৰে ৷ উপাৰ্চয জনে বিশ্ববিদ্যালয় খনক জাকত-জিলিকা কৰি তুলিবলৈ চৰকাৰলৈ আহ্বান জনায়। তেঁও ২০২১ বৰ্ষত শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি কয় বিশ্ববিদ্যালয় খনত তিনিটা বিষয়ৰ ডিপ্লমা আৰু দুটা বিষয়ৰ নিয়মীয়া শ্ৰেণীৰ আৰম্ভ কৰা হৈছিল ৷ তেও কয় বিভিন্ন ভাষা , সাঁচিপতীয়া পুঠি , জনজাতিয় ভাষাক কেন্দ্ৰ কৰি পাঠদান আৰম্ভ হৈছিল , ইতিহাস ঐতিহ্য সংৰক্ষণ আৰু অনুধাৱন , মুখাশিল্প আৰু ভাস্কৰ্য আদিৰ পাঠদান। আজি এই প্ৰতিবেদকৰ আগত তেওঁৰ চাৰেতিনিবছৰীয়া পৰিক্ৰমাত পোৱা তিতা-মিঠা সকলো বিবৰি কৈ বিশ্ববিদ্যালয় খনৰ বিশ্বমুখি যাত্ৰৰ প্ৰথম জন গুৰিয়াল হ’বলৈ পায় গৌৰৱ অনুভৱ কৰাৰ সমান্তৰালভাৱে শৈক্ষিকেই হওক সামগ্ৰিকেই হওক বহুখিনি দিশত