Home Blog Page 2374

আকন উদ্ভিদৰ উপকাৰিতা বিষয়ে জানক…

আকন উদ্ভিদৰ উপকাৰিতা

আকন উদ্ভিদৰ ঔষধি গুণাগুণ (Medicinal Qualities of Crown flower/Calorropis Gigantea)

  • এণ্টি – ফাংগাল (Anti-fungal)
  • এণ্টি – ডায়েবেটিক (Anti-diabetic)
  • এণ্টি – কাৰ্চিনোজেনিক (Anti-carcinogenic)
  • এক্সপেক্টৰেন্ট (Expectorant)
  • এফ্ৰডিয়েক (Aphrodisiac)
  • প্ৰদাহ – প্ৰতিৰোধী (Anti-inflammatory)
  • এণ্টি – কোৱাগোলান্ট (Anti-coagulant)
  • এণ্টি – ডিচেনণ্টেৰিক (Antidysenteric)
  • এণ্টি – চিফিলিটিক (Antisyphilitica)
  • এণ্টি – ৰিউমেটিক (Anti-rheumatic)

  • আকন উদ্ভিদৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses of Crown flower)১. ডায়েবেটিচ চিকিৎসা কৰে (Treats Diabetes)আকন গছ (Crown flower) উদ্ভিদত ডায়েবেটিচ প্ৰতিৰোধী গুণাগুণ থাকে যাক ডায়েবেটিচ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিশিষ্ট গুণাগুণ আছে যি ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে। তাৰ একে সময়তে ইনচুলিনৰ উৎপাদন তৈয়াৰ কৰে। আকন উদ্ভিদত ডায়েবেটিচ প্ৰতিৰোধী এজেণ্ট থাকে যি ডায়েবেটিচ ৰোগীৰ বাবে ভাল।২. প্ৰদাহ – প্ৰতিৰোধী (Anti-inflammatory)ৰোগ প্ৰতিৰোধ প্ৰণালী (WBC) সঁহাৰি স্বৰূপে ৰাসায়নিক পদাৰ্থ মুকলি হোৱাৰ ফলত প্ৰদাহ হয়। এই ৰাসায়নিক পদাৰ্থবোৰ আক্ৰমণকাৰী বা জীৱাণুৰ পৰা শৰীৰটোক সুৰক্ষিত কৰিবলৈ তেজ বা কলত প্ৰৱেশ কৰে। ই সংক্ৰমিত এলেকাবোৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে। প্ৰদাহৰ ফলত ৰঙা পৰা, বিষ, ফুলা ৰোগ হয়। আটাইতকৈ বেয়া ক্ষেত্ৰত, ইয়াৰ ফলত কাৰ্যক্ষমতা হেৰুৱাবলগীয়া হ’ব পাৰে। আকন উদ্ভিদবিধে প্ৰদাহজনিত ৰোগ যেনে Gout আৰু Rheumatism ৰ চিকিৎসাত সহায় কৰে।৩. ছালৰ দাগ আঁতৰ কৰে (Helps to get rid of Skin Blemishes)আকন উদ্ভিদৰ পৰা আহৰণ কৰা গাখীৰৰ দৰে তৰল (Latex) বিধ ছাল সম্পৰ্কীয় বিকাৰত অতি উপকাৰী। এই Latex ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ দূৰ কৰিব পাৰে। এই Latex ছালৰ প্ৰভাৱিত স্থানত প্ৰয়োগ কৰক ই ফোঁহা, ঘাঁহ নিৰাময়ৰ বাবে উপকাৰী। আকন উদ্ভিদত থকা Anti-oxidant বোৰ ছালৰ সমস্যা নিৰাময়ত সহায়ক।
  • ৪. অন্ত্ৰৰ চলাচলত সহায় কৰে আৰু ডায়েৰিয়া নিৰাময় কৰে (Helps in Bowel movement and Cures Diarrhea)আকন গছৰ ফুল হজম প্ৰক্ৰিয়াৰ বাবে উৎকৃষ্ট বনৌষধি আৰু এই ভেষজ বিধে ভোক বৃদ্ধি কৰে। আকন ভেষজ বিধ অনান্য হজম সমস্যা যেনে – অত্যাধিক গেছ আৰু ফুলা আদিৰ চিকৎসাত সহায় কৰে। দীঘলীয়া ডায়েৰিয়া নিৰাময় কৰিবলৈও আকন ভেষজ ব্যৱহাৰ কৰা হয়। ই পাকস্থলীৰ স্থিৰ কৰে আৰু পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰে আৰু কোষ্ঠকঠিন্যৰ সমস্যাও নিৰাময় কৰে।৫. আৰোগ্যৰ গতি উন্নত কৰে আৰু ফোঁহা নিৰাময় কৰে (Improve the speed of healing and cures boil)আকন উদ্ভিদৰ গাখীৰৰ দৰে তৰল (Latex) ত আৰোগ্যকাৰী গুণাগুণ আছে যিবোৰে আঘাত আৰু ফোঁহা চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। আকন উদ্ভিদৰ Latex, হালধিৰ সৈতে মিহলাই প্ৰভাৱিত ছাল পৃষ্ঠত প্ৰয়োগ কৰিলে আঘাত, ফোঁহা সমূহ আৰোগ্য হয়।৬. Vermifuge ৰ বাবে উতকৃষ্ট আৰু বমি থেৰাপীত ব্যৱহৃত (Excellent Vermifuge and uses in vomit therapy)পলুৰ সংক্ৰমণৰ ফলত ৰোগ হ’ব পাৰে কিয়নো পলুটোৱে হজম নোহোৱা খাদ্যৰ পৰা পুষ্টি খাব পাৰে। এই পলুৰ সংক্ৰমণৰ ফলত ওজন হ্ৰাস হয়, পটাৰ বিষ, পেটৰ জ্বলা – পোৰা, গুহ্য দ্বাৰৰ চাৰিওফালে খজুৱতি হয় আৰু শৌচত তেজ ওলাই। পলুবোৰে অন্ত্ৰক ব্যাপকভাৱে প্ৰভাৱিত কৰে আৰু কেতিয়াবাহে তেজ বা যকৃতত প্ৰৱেশ কৰে। পলুৰ সংক্ৰমণ নিৰাময়ত আকন গছৰ ফুল আৰু পাত ব্যৱহাৰ কৰা হয়।আকন পাতৰ Letex ৰ ফলত বমি আৰু পৰিপূৰ্ণতাৰে হ’ব পাৰে। ইয়াক বমি পৰিশোধন চিকিৎসাত ব্যৱহাৰ কৰা হয়।৭. ভৰিৰ ফোঁহা নিৰাময় কৰে (Cures blister in feet) ভৰিৰ ফোঁহা নিৰাময়ৰ বাবে আকন উদ্ভিদৰ Latex ব্যৱহাৰ কৰা হয়। ভৰিৰ ফোঁহাটোৰ পৰা তাৎক্ষণিক সকাহ পাবলৈ কেৱল সংক্ৰমিত স্থানত Latex ব্যৱহাৰ কৰিব লাগে।৮. কাণ বিষ নিৰাময় কৰে (Cures Ear pain)কাণৰ সংক্ৰমণ কাণত থকা বেক্টেৰিয়া, ভাইৰাছ বা তৰলৰ ফলত হ’ব পাৰে। চৰ্দি, এলাৰ্জি বা চাইনাছ সংক্ৰমনৰ ফলত কাণ বিষ হয়। কানৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আকন গছৰ ডাঙৰ পাত লওক পাতবোৰ ভালকৈ ধুই শুকাই তাৰ পৰা ৰস উলিয়াই আকন পাতৰ ৰস  আৰু তিল তেল সমান অনুপাতত ১চামুচ কৈ মিহলি কৰক আৰু তাৰ পিছত ডালচেনি, asafoetida, calamus,  নহৰু প্ৰতিটো ১/৪ ১চামুচ যোগ দিয়ক মিশ্ৰণটো  চেঁচা ঠাইত ৰাখক আৰু ইয়াক কাণৰ টোপাল হিচাপে ব্যৱহাৰ কৰক।৯. হাঁপানি ৰোগ নিৰাময় কৰে (Cures Asthma)আকন উদ্ভিদ হাঁপানি ৰোগৰ মহৌষধ। ১৪ পাহ মান আকন ফুলৰ মাজৰ অংশ লৈ তাৰ সৈতে ২১ টা মান জালুক দি একেলগে পিচি ২১টা বড়ি বনাই প্ৰতিদিন পুৱা পানীৰ সৈতে এটাকৈ বড়ি খালে হাঁপানি ৰোগ নিৰাময় হয়। এই ঔষধ খোৱা পিছত কেৱল গাখীৰৰ সৈতে ভাত খাব লগে তেতিয়া শ্বাসকষ্ট কমি যায়।১০. সাপৰ বিষৰ প্ৰতিষেধক হিচাপে কাম কৰে (Acts as antidote to snake venom)প্ৰাচীন কালত লোক সকলে সৰ্প দংশনৰ প্ৰভাৱৰ চিকিৎসাৰ বাবে আকন উদ্ভিদ ব্যৱহাৰ কৰিছিল। সাপে কামোৰা ঠাইৰ ওপৰত আকনৰ গছৰ Latex প্ৰয়োগ কৰিছিল আৰু আকন পাত চোবাইছিল। আকন উদ্ভিদত হ্রাইড্ৰ’ এলকহলিক নিষ্কাশন থাকে যি সাপৰ বিষৰ কাৰ্যকলাপ নিষ্ক্ৰিয় কৰে।১১. দাঁতৰ বিষৰ চিকিৎসা কৰে (Treats toothache)দাঁতৰ বিষ নিৰাময়ৰ বাবে আকন উদ্ভিদ বিশেষ উপকাৰী। দাঁতৰ বিষৰ পৰা আৰোগ্য পাবলৈ আকন উদ্ভিদৰ Latex প্ৰয়োগ কৰি দাঁতৰ বিষৰ পৰা তৎ ক্ষণাত সকাহ পাব পাৰি।১২. ছালৰ ৰোগৰ চিকিৎসা কৰে (Treats skin disease)আকন উদ্ভিদত Anti-fungal উপাদান আছে যিয়ে Cadida আৰু Ringworm দৰে ৰোগ নিৰাময় কৰে।

এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া, গুৱাহাটীত উষ্ম আদৰণি 

এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া।এভাৰেষ্ট আৰোহণ কৰি অসমত ভৰি দিলে হেদায়েত আলীয়ে। গুৱাহাটীত উষ্ম আদৰণি।অসমীয়াৰ স্বাভিমান গামোচাৰ চিহ্ন তেওঁৰ পৰ্বতাৰোহণৰ পোচাকত বিদ্যমান। ধৰ্মপত্নীয়ে মৰমেৰে পোচাকত এম্ব্ৰ‌ইডাৰী কৰিছে গামোচা। সেই গামোচা সংযুক্ত পোচাকেৰেই বিশ্বৰ সৰ্বোচ্চ শিখৰত ভৰি দিলে অসম সন্তানে। হাজোৰ পৰা গৈ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা হেদায়েত। যোৱা ১২ মে’ বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত বিশ্বৰ উচ্চতম শিখৰ মাউন্ট এভাৰেষ্টত তেওঁ উৰুৱালে ভাৰতৰ বিজয় নিচান। হেদায়েত আলীয়ে এই আৰোহণৰ বাবে প্ৰায় ৮ বছৰ অনুশীলন কৰিছিল।এভাৰেষ্টৰ পৰা আহি পোনে পোনে গুৱাহাটী পালেহি হেদায়েত আলী। শুক্ৰবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত দু:সাহসিক সংগঠন এক্সপ্ল’ৰাৰে আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠানৰ। ইয়াতে বিভিন্ন জনে অসম সন্তান গৰাকীক জনালে সম্ভাষণ। তেওঁ ঈশ্বৰক জনালে ধন্যবাদ।উল্লেখযোগ্য যে, হেদায়েত আলী হৈছে মাউন্ট এভাৰেষ্টৰ বুকুত খোজ থোৱা অসমৰ অষ্টম গৰাকী পৰ্বতাৰোহী। আলীয়ে এই অভিযান সম্পূৰ্ণ কৰি তুলিবৰ বাবে কেইবাবছৰ জুৰি শাৰীৰিক আৰু মানসিক ভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছিল । অধ্যয়ন কৰিছিল গ্ৰন্থ । গ্ৰন্থৰ মাজত বিচাৰি ফুৰিছিল জীৱনৰ প্ৰকৃত ৰহস্য। মনৰ পৰা আঁতৰাই পেলাইছিল ভয় বা সংশয় ।

এভাৰেষ্টৰ সৰ্বোচ্চ শিখৰত যেতিয়া হেদায়েত উপনীত হৈছিল, তেতিয়া তেওঁ নিজকে বিশ্বাস কৰিব পৰা নাছিল । ১০ -১৫ মিনিট থকাৰ পাছত আকৌ উভতনি যাত্রাৰ চিন্তা কৰিছিল । বেছ কেম্প পোৱাৰ পাছতহে তেওঁৰ উপলব্ধি হ’ল– এভাৰেষ্ট অভিযান সফল হৈছে।এভাৰেষ্ট আৰোহণ অতিকৈ ভয়ানক । সাধাৰণতে এপ্ৰিল-মে’ মাহত এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়। এই বৰ্ষত প্ৰায় ৮০ খন দেশৰ পৰ্বতাৰোহীয়ে এই অভিযান চলাইছে । হেদায়েতে কলে এভাৰেষ্টৰ ট্ৰেফিক জামৰ কথা। ২০১৯ বৰ্ষত ট্ৰেফিক জামৰ ফলতেই ৭ জন লোকৰ মৃত্যু হৈছিল । তেওঁৰ এগৰাকী বন্ধুৰ এই শিখৰতে ট্ৰেফিক জামত মৃত্যু হৈছিল। এভাৰেষ্ট আৰোহণত মৃত্যু হোৱা বন্ধু জনৰ মৃতদেহ আজিও পৰি আছে সেই শিখৰত। এনে এক মৃতদেহৰ দমৰ মাজেদি এইগৰাকী অসম সন্তানে আৰোহণ কৰিলে এভাৰেষ্ট।

উল্লেখযোগ্য যে, হেদায়েত আলীৰ দলটো আছিল মাউন্ট এভাৰেষ্টলৈ যোৱা এই ছিজনৰ প্ৰথমটো অভিযাত্ৰীৰ দল। হেদায়েত আলীৰ মাউন্ট এভাৰেষ্টৰ এই যাত্রাত আছিল ১১ জনীয়া এটি আন্তঃৰাষ্ট্ৰীয় দল।হেদায়েত আলীয়ে পৰ্বতাৰোহণ ক্ষেত্ৰত ৰোপন কৰিলে এক মাইলৰ খুটি। ক্ৰীড়া অনুৰাগীৰ আশা — হেদায়েত আলী নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰওক। এইগৰাকী অসমসন্তানক অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও যাচিলো অযুত শুভকামনা।

মৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও

আগতীয়া বানে ৰাজ্য জুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচাপৰি, ভজাইখাইতি গাঁৱত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ। ফেনে-ফুটুকাৰে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ পানী। মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও। মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ কালৰূপৰ বাবে হাহাকাৰ লাগিছে মৈৰাবাৰী অঞ্চলত। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ লগতে গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত  হাহাকাৰ নামি আহিছে অঞ্চলবাসীৰ মাজত। গৰাখহনীয়াৰ ফলত মহাবাহুৰ বুকুত বিলীন হৈছে ভজাইখাইতি গাঁও। ঘৰ-দুৱাৰ ভাঙি গঞা ঢাপলি মেলিছে নিৰাপদ স্থানলৈ। মৈৰাবাৰীত নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে খহনীয়াগ্ৰস্ত লোকসকলে। নিজে হাতেৰে বনোৱা ঘৰখন ভাঙি আবেগিক হৈ পৰিছে লোকসকল। যোৱা দুটা দিনত লুইতৰ বুকুত বিলীন হৈছে ভজাইখাইতি প্ৰাথমিক বিদ্যালয়ৰ লগতে মছজিদ আৰু অংগনবাদী কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰি এফালৰ পৰা মহটিয়াই নিয়া গাঁও দুখনৰ ৰাইজ ত্ৰাহিমধুসূদন সুৱৰিছে। কি হ’ব তেওঁ লোকৰ ভৱিষ্যৎ ক’ত বান্ধিব আকৌ এখন জুপুৰি। হাহাকাৰময় পৰিস্থিতি।

এক অবৰ্ণনীয় পৰিৱেশ। খহনীয়াৰ গৰাহত পৰি ইতিমধ্যে শতাধিক পৰিয়ালৰ লোক সৰ্বস্বান্ত হৈ পৰিছে। মৰিগাঁও জিলা জলসম্পদ বিভাগে জিঅ’বেগ, বাহ আদিৰে খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰি আছে যদিও খহনীয়াৰ তাণ্ডব কমা নাই। দিনক দিনে বাঢ়িহে আছে। সেয়ে ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে নতুনকৈ শক্তিশালী ৰূপত কিবা ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

চাংসাৰিত পথ সজাগতা শোভাযাত্ৰা

চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি আৰক্ষী থানা, চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত শনিবাৰে এটি পথ সজাগতা শোভাযাত্ৰা উলিওৱা হয়। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শৰাইঘাট মহাবিদ্যালয়ৰ পৰা ধোপাতাৰী বজাৰ হৈ চাংসাৰি হৈ উলিওৱা এই শোভাযাত্ৰাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মণি শৰ্মা আৰু চাংসাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ তালুকদাৰ ডাঙৰীয়া শৰাইঘাট কলেজৰ সহযোগী NCC বিষয়া ড০ আমিনুল হক চৌধুৰীয়ে।

সাৱধান! ভংয়কৰ ৰূপত আহিছে মাংকিপক্স

ক’ভিডৰ পাছত এইবাৰ মাংকিপক্সৰ আতংক

মাংকিপক্সক লৈ সতৰ্কবাণী জাৰি কৰিছে WHOয়ে

কেইবাখনো দেশত দ্ৰুতগতিত বিয়পিছে এই মাংকিপক্স ৰোগ

যিমানেই গৰম বৃদ্ধি হ’ব সিমানেই এই ৰোগ বৃদ্ধি পাব বুলি সতৰ্কবাণী দিছে WHOয়ে

অতি কম সময়তে এজনৰ পৰা আন এজনলৈ সংক্ৰমণ হয় এই ৰোগ

ইউৰোপীয় দেশসমূহত ব্যাপক হাৰত বৃদ্ধি পাইছে এই ৰোগ

ফ্ৰান্স, বেলজিয়াম, জাৰ্মানী, ইটালী, নেডাৰলেণ্ডত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা

পৰ্তুগাল, স্পেইন, ছুইডেন, ব্ৰিটেইনতো বৃদ্ধি পাইছে মাংকিপক্স

সংক্ৰমিত ব্যক্তিৰ কাপোৰ বা অন্য সামগ্ৰীৰ পৰা বিয়পিব পাৰে এই ৰোগ

চাহত তেজপাত দি খালে কি কি উপকাৰ হয়-পঢ়ক

প্ৰত্যেক মানুহৰ পাকঘৰত পোৱা এবিধ সামগ্ৰী হৈছে তেজপাত। বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱাৰ উপৰিও চাহৰ লগতো ব্যৱহৃত হয় এই তেজপাত। মূলতঃ চাহৰ সোৱাদ আৰু সুগন্ধৰ বাবে চাহত কেতিয়াবা তেজপাত উতলাই খোৱা হয়।

বহুতো লোকে সোৱাদ তথা সুগন্ধৰ বাবে তেজপাত দিয়া চাহ খাই যদিও এনে চাহৰ স্বাস্থ্য ক্ষেত্ৰটো বহুতো উপকাৰিতা আছে। এই যাদুকৰী পাতত আছে কপাৰ, আয়ৰণ, জিংক, মেংগানিজ , মেগনেছিয়াম , পটাচিয়াম আৰু কেলচিয়ামৰ দৰে না না উপকাৰী উপাদান। ইয়াৰ উপৰিও তেজপাতত ভিটামিন চি, ভিটামিন এ আৰু ফলিক এচিডো পোৱা যায়।

তেজপাতৰ স্বাস্থ্য ক্ষেত্ৰত কিছুমান বিশেষ উপকাৰিতা হৈছে-

  • তেজপাতত থকা উপাদানে আৰ্থাৰাইটিছৰ ব্যাথা কম কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়।
  • বতৰ সলনি হোৱাৰ এই সময়চোৱাত অনেকেই ঠাণ্ডা নামি অহাৰ ফলত বিভিন্ন সমস্যাত ভোগে। তেজপাতত থকা এন্টি-বেক্টেৰিয়েল গুণে শৰীৰটোক ঠাণ্ডা লগাৰ পৰা ৰক্ষা কৰে। লগতে শৰীৰক চৰ্দি, কাহ হ’ব পৰা বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও শৰীৰটোক সুৰক্ষিত কৰি ৰাখে।
  • তেজপাতত থকা এন্টিঅক্সিডেন্টে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ফলত মধুমেহ ৰোগীৰ ক্ষেত্ৰত এই চাহ বিশেষভাৱে উপকাৰী।
  • উচ্চ ৰক্তচাপ হ্ৰাস কৰা তথা শৰীৰৰ অপকাৰী কলেষ্টেৰল দূৰ কৰাৰ ক্ষেত্ৰটো তেজপাত দিয়া চাহ অতি উপকাৰী।
  • তেজপাতৰ চাহে হজমক্ষমতা বৃদ্ধি কৰে। বদহজমৰ সমস্যাত ভোগা লোকসকলে এনে চাহ খালে যথেষ্ট সকাহ লাভ কৰিব পাৰে।
  • তেজপাত দিয়া চাহ তৈয়াৰ কৰিবলৈ হ’লে পানীত তেজপাত আৰু চাহপাত একেলগে দি উতলাই ঠাণ্ডা কৰি অথবা গৰমে গৰমেও সেৱন কৰিব পাৰি। আনহাতে গাখীৰ দিয়া চাহৰ লগতো তেজপাত মিহলাই খাব পৰা যায়।

অসম সন্তান ৰিয়ান পৰাগৰ আন এক কৃতিত্ব

অসম সন্তান ৰিয়ান পৰাগৰ আন এক কৃতিত্ব

IPLৰ এটা ছিজনত সৰ্বাধিক বল কেটছ কৰি ভাৰতীয় খেলুৱৈৰূপে অভিলেখ ৰিয়ান পৰাগৰ

১৪ টা কেটছ ধৰি ভংগ কৰিলে ৰবিন্দ্ৰ জাদেজাৰ অনন্য অভিলেখ

বৰ্তমান ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলৰ পথাৰত খেলি আছে ৰিয়ানে

শুক্ৰবাৰে নিশাৰ খেলত ১৪ সংখ্যক বল কেটছ কৰি ৰেকৰ্ড গঢ়িলে ৰিয়ানে

যি ৰেকৰ্ড পূৰ্বে ৰবিন্দ্ৰ জাদেজাৰ নামত আছিল

জাদেজাই ২০১৫ আৰু ২১ত ১৩ টা বল কেটছ কৰি উইকেট দখল কৰি ৰেকৰ্ড গঢ়িছিল

এতিয়া সবাতোকৈ অধিক বল কেটছ কৰা ভাৰতীয় সকলৰ ভিতৰত তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰিয়ান পৰাগ

পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ বিষয়ে পঢ়ক

ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত উমানন্দ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ৷ই কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ  উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত ৷ উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে আৰু  এই  উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। জনশ্ৰুতিৰ মতে শিৱই এই ঠাইতে তেওঁৰ তৃতীয় নয়নেৰে কামদেবক ভস্ম কৰিছিল ৷ সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে।  সেইবাবে ইয়াৰ আন এটা নাম ভস্মাচল l ইয়াক পাৰৰ পৰা চালে পেখম ধৰি থকা ময়ুৰ এটিৰ দৰে দেখি বাবে দ্বীপটোক ইংৰাজে নাম দিছিল ময়ুৰদ্বীপ বা Peacok Island ৷

ই এটা শিলৰ দ্বীপ।দুইধৰণৰ শিল আছে ইয়াত।প্ৰথমবিধ স্থানীয়-অৰ্থাৎ এই ঠাইতে উৎপত্তি হৈ থাকি যোৱা;দ্বিতীয়বিধ সম্ভৱত: অইন ঠাইৰ পৰা আনি ইয়াত ৰখা।দ্বীপটোত শিল বেছি,মাটি কম।মাটিখিনি সম্ভৱত:মন্দিৰ স্থাপনৰ সুবিধাৰ বাবে,শিলাখণ্ডৰ মাজৰ ফাঁকবোৰ সমান কৰিবলৈ নৈখনৰ বুকুৰ পৰা নহ’লে পাৰৰ পৰা মাটি আনি জাপি দিয়া হৈছিল।ভুতাত্বিক পৰীক্ষা কৰিলে এই সম্পৰ্কে নিশ্চিত হ’ব পৰা যাব।দ্বীপটোত তিনিটা মন্দিৰ আছে ৷ উমানন্দৰ মুল মন্দিৰটো হ’ল উমানন্দ দ’ল বা মন্দিৰটো ৷ মন্দিৰটো আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত গড়গঞা সন্দিকৈ ফুকনে ১৬৯৪ নিৰ্মাণ কৰে ৷ ইয়াত এটা ৰূপৰ খোদিত শিৱমূৰ্ত্তি আছে আৰু ইয়াত শিৱ পূজা কৰা হয় ৷ আনদুটা মন্দিৰৰ চন্দ্ৰশেখৰ মন্দিৰটো আহোম ৰজা চন্দ্ৰকান্ত সিংহই ১৮২০ চনত নিমাৰ্ণ কৰে৷ইয়াৰ আকৃতি অষ্টভুজ আৰু ইয়াত এটা শিৱলিংগ আছে ৷  আনটো হৰ-গৌৰী মন্দিৰটো আহোম ৰজা গৌৰীনাথ সিংহই নিৰ্মাণ কৰে৷

উমানন্দত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিৰ বাবে উমানন্দ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মেলা বহে আৰু বহুত ভক্তৰ সমাগম হয় ৷

বাংলাদেশত উজলি উঠিল অসম সন্তান সত্ৰীয়া নৃত্যৰ গুৰু কুশল ডেকা…

দৰং জিলাৰ মঙ্গলদৈৰ কৰিম চকৰ যুৱক বাংলা দেশত উজলি উঠিল অসম সন্তান সত্ৰীয়া নৃত্যৰ বিষাৰদ তথা গুৰু কুশল ডেকা। যোৱা ১৩ মে’ত গুৰু কুশল ডেকাই বাংলা দেশৰ ধনশ্ৰী প্ৰেক্ষাগৃহ আৰু বোদা পাইলট গাৰ্লছ স্কুলত অনুষ্ঠিত হোৱা মুজিবৰ শতবৰ্ষ সোনালী জয়ন্তী শিশু কিশুৰ উৎসৱত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা উক্ত উৎসৱত সত্ৰীয়া নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰি বাংলা দেশৰ পৰা বিৰল সন্মান আৰু সম্বৰ্ধনা পাবলৈ সক্ষম হয় অসম সন্তান সত্ৰীয়া শিল্পী কুশল ডেকাই। উল্লেখ্য যে জীৱন জোৰা কষ্টৰ সংগ্ৰামী , বিষ্ণু ভক্ত সত্ৰীয়া নৃত্য শিল্পী গৰাকীয়ে অসম তথা ভাৰতৰ আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। এই গৰাকী শিল্পীৰ নৃত্যত মোহ গ’ল সাংবাদিক ,সাংসদ আৰু বাংলাদেশৰ জনসাধাৰণ। বাংলা দেশৰ প্ৰতিটো আগশাৰীৰ চেনেলট বাজি উঠিল কুশল ডেকাৰ নৃত্যৰ কলা কৌশল। উল্লেখ্য যে ডেকাক বাংলা দেশৰ উক্ত আন্তঃৰাষ্ট্ৰীয় উৎসৱত আমন্ত্ৰণ কৰিছিল বাংলা দেশৰ আগশাৰীৰ স্তম্ভ লেখক, নাট ৰচক, সাংস্কৃতিক সংগঠক ৰহিম আব্দুৰ ৰহিমে। উক্ত শতবৰ্ষৰ সোনালী জয়ন্তী আয়োজন কৰিছিল আয়োজক পঞ্চগঢ় বিদ্ৰোহী  শিশু কিশোৰ থিয়েটাৰ বাংলাদেশে।

এই গৰাকী সত্ৰীয়া নৃত্য শিল্পীৰ ঘৰ দৰং জিলাৰ মঙ্গলদৈ কৰিম চকত।কুশল ডেকা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ অসম সত্ৰ মহাসভাৰ যুৱ তীৰ্থৰ সাংস্কৃতিক সম্পাদক আৰু উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ ( EZCC) পঞ্জীয়ন ভুক্ত নৃত্য শিল্পী তথা মঙ্গলদৈ ত্ৰিনয়ন সত্ৰীয়া নৃত্য মহাবিদ্যালয়ৰ অধ্যক্ষ। ইতিমধ্যে ডেকাই নেপাল , বাংলাদেশতো সত্ৰীয়া নৃত্যৰ অনলাইন যোগে নৃত্যৰ শিক্ষা প্ৰদান কৰি আহিছে। ডেকাই ভাৰতৰ কেবাখনো ৰাজ্যৰ উপৰিও দেশৰ বাহিৰতো নৃত্য প্ৰদৰ্শন কৰি এৱাৰ্ড পাবলৈ সক্ষম হৈছে।

মহিলাসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কাপোৰ অবিহনে ইউক্ৰেইনলৈ অহা মহিলাগৰাকীয়ে কয়- “আমাক ধৰ্ষণ কৰা বন্ধ কৰক।”

কোঙ্কন চলচ্চিত্ৰ মহোৎসৱ এতিয়ালৈকে ভালদৰে চলি আছে আৰু ইয়াত বহুতো চলচ্চিত্ৰ আৰু চেলিব্ৰেটীক তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে পুৰস্কৃত কৰা হৈছে যিটো শুক্ৰবাৰে অনুষ্ঠানটোত বিৰোধ হৈছে, যিটো দেখি সকলোৱে আচৰিত হৈছিল।কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ ১৭ মে’ত আৰম্ভ হৈছে আৰু বহুতো তাৰকাৰ তীব্ৰতা দেখুৱাইছে। এইবাৰ এই অনুষ্ঠানটো ভাৰতৰ বাবে বিশেষ কাৰণ এইবাৰ দীপিকা পাডুকন কানৰ জুৰী সদস্য আৰু ইয়াৰ সৈতে, এইবাৰ ভাৰতক সন্মানীয় দেশৰ বাবে বাছনি কৰা হৈছে আৰু ইয়াত এ আৰ ৰহমান, আৰ মাধৱন, নৱাজুদ্দিন চিদ্দিকী, শেখৰ কাপুৰকে ধৰি ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বহুতো ভাৰতীয় চেলিব্ৰেটী আছে, তামান্না ভাটিয়া, পূজা হেগড়ে, উৰ্বশী ৰৌতেলা আৰু লোক গায়ক মামে খান উপস্থিত আছে। অৱশ্যে, শুক্ৰবাৰে, উৎসৱটোত কিবা এটা ঘটিছিল যিটো তাত উপস্থিত সকলোৱে দেখি আচৰিত হৈছিল। দৰাচলতে, ইয়াত এগৰাকী মহিলাই ইউক্ৰেইনত সংঘটিত মহিলাসকলৰ সৈতে অপৰাধটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছিল।

দৰাচলতে, এগৰাকী মহিলা কাপোৰ পৰিধান নকৰাকৈ তালৈ আহিছিল আৰু চিঞৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, মহিলাগৰাকীক দেখি, নিৰাপত্তাৰক্ষীজন তাত উপস্থিত হৈছিল আৰু মহিলাগৰাকীক ব্লেজাৰেৰে ঢাকি দিছিল আৰু তাৰ পৰা লৈ গৈছিল। হলিউড ৰিপ’ৰ্টাৰৰ মতে, মহিলাগৰাকীয়ে তেওঁৰ সকলো কাপোৰ ছিঙি ফটোগ্ৰাফাৰৰ সন্মুখত থিয় হৈ চিঞৰিবলৈ ধৰিলে। তেওঁ ইউক্ৰেইনত এগৰাকী মহিলাৰ বিৰুদ্ধে যৌন হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল। মহিলাগৰাকীৰ শৰীৰত লিখা আছিল, “আমাক ধৰ্ষণ কৰা বন্ধ কৰক।”এই সকলোবোৰ জৰ্জ মিলাৰৰ থ্ৰী থাউজেণ্ড ইয়ৰ্ছ অফ লংগিংৰ প্ৰিমিয়াৰৰ সময়ত ঘটিছিল, য’ত ইড্ৰিছ এলবা আৰু টিল্ডা চুইণ্টনে অভিনয় কৰিছিল। যেতিয়া এই সকলোবোৰ ঘটিছিল, ছবিখনৰ পৰিচালক আৰু তাৰকাসকল তাত উপস্থিত আছিল।