Home Blog Page 2397

ভেদাইলতাৰ উপকাৰিতা কি কি জানেনে…

ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ এটা অকটা গোন্ধ আছে। ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে। ভেদাইলতা আমি খাদ্য সামগ্ৰীহিচাপে ব্যৱহাৰ কৰো। ভেদাইলতাৰ আছে বহুতো উপকাৰিতা। ভেদাইলতাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

  • ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
  • বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।
  • অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।
  • ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে।
  • দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।

  • ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়।
  • ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
  • ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়।
  • ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।
  • প্ৰসূতিসকলৰ প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে।
  • গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী।

আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সম্বৰ্ধনা…

আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ১৩মে’ত ডিব্ৰুগড় জিলা লাহোৱাল সমষ্টিৰ প্ৰায় ৭৫ জন সমাজকৰ্মী ব্যক্তি, শিল্পী আৰু লেখকক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সম্বৰ্ধনা জনায়। বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচা, গছপুলি, আৰু সফুঁৰাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানতেই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অসহায় ৫০জন ব্যক্তিক দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ বানীপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত লাহোৱাল সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ পৰা অহাৰ প্ৰায় পাঁচ শতাধিক বিজেপিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হয়।সাংসদ গৰাকীয়ে ইতিমধ্যে ডিগবৈ, দুলিয়াজান আৰু লাহোৱাল সমষ্টিত এই সম্বৰ্ধনা জ্ঞাপন কৰিছে ।পৰবৰ্তী সময়ত বাকী কেইটা  সমষ্টিত সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি জানিব দিয়ে।

টাই আহোমক জনজাতিকৰণ কৰা আৰু মূল্যবৃদ্ধিৰ ৰোধ কৰা দাবীত টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী…

মৰাণত আজি টাইপাৰ আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মহকুমা সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টত প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতি টাই আহোম সকলক জনজাতি কৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মূৰ্দাবাদ আদি শ্ল’গানেৰে সমগ্ৰ মৰাণ অঞ্চল উত্তাল কৰি তোলে। লগতে অসমৰ জনসাধাৰণৰ পেটত গোৰ মাৰি মূল্য বৃদ্ধি কৰিছে অসম চৰকাৰে আৰু অসম চৰকাৰৰ অহংকাৰ হৈছে এতিয়া, অসম চৰকাৰৰ অকৰ্মণ্য মন্ত্ৰী সকলক বহিষ্কাৰ কৰি যোগ্য লোকক মন্ত্ৰী প্ৰদান কৰিবলৈ দাবী জনাই টাইপাই।

লগতে তাই আহোম সকলক অতি শীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় অন্যথা ধাৰাবাহিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আনহাতে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভা বিধান সভাত যি সকল মন্ত্ৰী বিধায়ক হৈছে সেই সকল মন্ত্ৰী বিধায়কে আহোম সম্প্ৰদায়ক জনগোষ্ঠীৰ ক্ষেত্ৰত প্ৰতাৰণা কৰিছে জাতিটোক বুলি মন্তব্য কৰে টাইপাই। এই কাৰ্যসূচীত টাইপা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁই ,উপসভাপতি উত্তম দিহিঙীয়া লগতে ডিব্ৰুগড় জিলা সভাপতি, মৰাণ মহকুমা সমিতিৰ সভাপতি ,কাৰ্যকৰি সভাপতি, যুটীয়া সম্পাদক ,মহকুমাৰ বিষয়ববীয়া আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। 

শিলচৰৰ ডলু চাহবাগিচাত বিমানবন্দৰ স্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে মৰাণত প্ৰতিমূৰ্তি দাহ আছাৰ… 

চৰকাৰে ডলু চাহ বাগিচাসহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়না গড়ৰৰ ৮৭৩ একৰ ভূমিৰ চাহ গছ ধ্বংস কৰি এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা কৰি আজি মৰাণ নগৰৰ মাজমজিয়াত আছাই এক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি মৰাণৰ আকাশ বতাহ কপাই তোলে। প্ৰতিবাদীসকলে চৰকাৰৰ এই সিদ্ধান্তক চাহ শ্ৰমিক বিৰোধী বুলি অভিহিত কৰে আৰু চাহ গছ ধ্বংস কৰি বিমানবন্দৰ স্থাপনৰ তীব্ৰ বিৰোধিতা কৰি কয় তেওঁলোকে শ্ৰমিকৰ কথা চিন্তা নকৰি , কেৱল মালিকৰ হিতৰ কথা চিন্তা কৰিলে।

ফলত হাজাৰ হাজাৰ চাহ শ্ৰমিকক কৰ্মহীন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰেবিমানবন্দৰটো নিৰ্মাণ কৰিছে যদি চৰকাৰে সঁচাকৈয়ে চাহ শ্ৰমিকসকলৰ কল্যাণৰ কথা ভাবি আছে, তেন্তে চাহ শ্ৰমিকৰ সৈতে কোনো আলোচনা নকৰাকৈ ইমান ডাঙৰ সিদ্ধান্ত লোৱাত ক্ষুদ্ধ হৈ পৰে চাহ জনগোষ্ঠীৰ সংগঠনটো। লগতে তেওঁলোকে এই প্ৰতিবাদৰ যোগেদি দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাই যে চৰকাৰে ডলু চাহ বাগিচাৰ চাহ গছ ধ্বংস কৰি বিমানবন্দৰ স্থাপন কৰা সিদ্ধান্ত বন্ধ কৰক অন্যথা আছাই  এক বৃহত্তৰ গণ আন্দোলন কৰি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে।

বিশিষ্ট ফুটবল খেলুৱৈ, বনবিভাগৰ অৱসৰী বিষয়া উমেশ চন্দ্ৰ দাসৰ মৃত্যু…

নলবাৰী চহৰৰ বাৰ নং ৱাৰ্ডৰ বিষ্ণুপুৰ (খাট) নিবাসী এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা অসম চৰকাৰৰ বন বিভাগৰ অৱসৰ প্ৰাপ্ত ৰেঞ্জাৰ উমেশ চন্দ্ৰ দাসৰ আজি মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪বছৰ‌। নলবাৰী ক্ৰীড়া সন্থাকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থকা প্ৰয়াত দাস এগৰাকী বিশিষ্ট খেলুৱৈ আছিল। তেওঁ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ সু-বাদতেই বনবিভাগত চৰকাৰী চাকৰি পোৱাৰ সুযোগ পাইছিল।

তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ: দুজন পুত্ৰ, তিনিগৰাকী জীয়ৰীৰ লগতে বহুআত্মীয়ক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান ,ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে।

আলফালৈ যোৱাৰ মন! সামাজিক মাধ্যমত প্ৰচাৰ চলাই আটক হ’ল যুৱক…

এতিয়া ৰাজ্যখনৰ বিভিন্ন জিলাৰ একাংশ যুৱক-যুৱতী নিষিদ্ধ ঘোষিত সংগঠন আলফা ( স্বাধীন) লৈ গমন কৰি থকাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱা এজন যুৱকক আটক কৰিছে ৷ সামাজিক মাধ্যম ফেছবুকত আলফালৈ যোৱাৰ বাবে ইচ্ছুক আৰু মন আছে বুলি প্ৰচাৰ চলাই আৰক্ষীৰ জালত পৰে যুৱকজন ৷ কেৱল আৰক্ষীৰ দ্বাৰা আটক হোৱাই নহয় বৰং জেল হাজোতলৈও যাবলগীয়া হ’ল যুৱকজন ৷ উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে আটক কৰা যুৱকজন বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকিঝাৰৰ ডেভিদ বৰ্মন (২১) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰৰ পমখেদি বঙাইগাঁও আৰক্ষীয়ে শুকুৰবাৰৰ নিশা ডাউকিঝাৰৰ নিজ গৃহৰ পৰা যুৱক জনক আটক কৰে ৷ যুৱকজনক পিচত সোধ- পোচ কৰাৰ অন্তত যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদানৰ ইচ্ছাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷

লগতে যুৱকজনে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ৷ এই সম্পৰ্কত যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ২৪২/২০২২ (  Case No 242/2022-  U/S- 120 (B) / 121/121(A) IPC, R/W Sec -13(1)(b) U.A (P) Act, R/W Sec b6 (F) I.T Act) নম্বৰৰ এটা গোজৰ ৰুজু কৰি পিচত  গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱকজনক আৰক্ষীয়ে শনিবাৰে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ডেভিদ বৰ্মন নামৰ যুৱকজনে বিশেষ কোনো কাম বন নকৰে ৷ ইপিনে ৰাজ্যৰ বিভিভিন্ন ঠাইৰ পৰা হঠাতে একাংশ যুৱক – যুৱতী আলফাত যোগদানৰ বাবে গৈ থকাৰ পিচত বঙাইগাঁও জিলা আৰক্ষীয়েও বিষয়টোৰ প্ৰতি গুৰুত্বাৰোপ কৰি তলে তলে চোকা দৃষ্টি ৰাখিছে ৷ লগতে সামাজিক মাধ্যমৰ ওপৰতো নজৰ ৰাখিছে ৷ আনহাতে কিছুদিন পূৰ্বে নৰ্থ বইটামাৰী অঞ্চলৰ অপৰাজিত নাথ নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ থকা বিষয়ত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে যুৱকজনেপৰিয়ালৰ লোকক আলফা ( স্বাধীন) ত যাৱলৈ ইচ্ছা প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত যুৱকজনে এই  সন্দৰ্ভত পূৰ্বে পষ্ট দিয়াৰ পিচত যুৱকজনক মতাই আনি আৰক্ষীৰ ফালৰ পৰা বুজোৱাও হৈছিল ৷ কিন্তু পিচত ঘৰৰ পৰা মই যাও বুলি কৈ ওলাই গৈছে ৷ সেয়ে বৰ্তমান যুৱকজন আলফাত যোগদান কৰিছে নে নাই এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য পোৱা নাই বুলিও কয় ৷ 

বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় সজাগতা কৰ্মশালাত অংশগ্ৰহণ মুখ্য ন্যায়াধীশৰ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে শনিবাৰে বঙাইগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ কাৰ্যসূচী পৰিদৰ্শন কৰে ৷ লগতে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত কি কি সা-সুবিধা আছে সেয়া পৰিদৰ্শন কৰি আদালতখনৰ বিষয়ববীয়াৰ লগতো মুখ্য ন্যায়াধীশৰাকীয়ে বাৰ্তালাপ কৰে ৷ ইয়াৰ পিছতে মুখ্য ন্যায়াধীশগৰাকীয়ে বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী চাপাগুৰীস্থিত হোটেল চিগনেটত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু  “আৰণ্যক”নামৰ বন্যপ্ৰাণী প্ৰেমী সংগঠনৰ যুটীয়া উদ্যোগত আয়োজন কৰা সজাগতা কৰ্মশালাত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে কয় যে বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধ কৰিবলৈ বহুপক্ষীয় প্ৰচেষ্টাৰ প্ৰয়োজন। সমগ্ৰ বিশ্বতে আজি বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধৰ বাবে এক জাগৰণৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বন বিভাগ, আৰক্ষী, সীমান্ত সুৰক্ষা বাহিনী,অৰ্ধ সামৰিক বাহিনী, সেনা বাহিনী আৰু সমাজৰ আন আন বেচৰকাৰী সংগঠনবিলাকে বন্য প্ৰাণী সংৰক্ষণৰ বাবে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰতৰ সংবিধানত লিপিবদ্ধ আইন মতে সকলো নাগৰিকৰে এইটো মৌলিক কৰ্তব্য যে তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ, বনাঞ্চল, বিল আৰু বন্য-প্ৰাণী সংৰক্ষণ কৰিব লাগে। তাৰ বাবে সীমান্তত সশস্ত্ৰ সীমাবলৰ অধীনৰ এজন জোৱান নিয়োগ কৰা হয় আৰু তেওঁ কোনো কাৰণতে নিজৰ দেশৰ বা ৰাজ্যৰ মূল্যৱান জীৱ-জন্তুসমূহ সীমান্তৰে চোৰাংভাৱে সৰবৰাহ যাতে নহয় তাৰ ওপৰত নজৰ দিব লাগে। সেনা আৰু অৰ্ধ -সামৰিক বাহিনীৰো এইটো দায়িত্ব আছে যে তেওঁলোকে বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধৰ ক্ষেত্ৰত  আৰক্ষী আৰু বন বিভাগক সহায়ৰ হাত আগবঢ়াব লাগে।তেওঁ আৰু কয় যে বন্যপ্ৰাণী অবৈধ সৰবৰাহ কৰা অপৰাধীক হাতেলোটে ধৰিব পাৰিলে জৰিমনা বিহা আৰু মূল্যৱান জীৱসমূহ জব্দ কৰাটোও লঘু দৃষ্টিভংগীৰে ল’ব নালাগে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই কয় যে বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২(Wildlife Protection Act,1972) ত বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কীয় কেবাটাও প্ৰধান দফা থকাৰ উপৰিও ফৌজদাৰী বিধিও আছে যিকেইটা সমানে প্ৰযোজ্য। 

তেওঁ আৰু কয় যে বেচৰকাৰী সংগঠন, আইন বলবৎকাৰী,বিশেষজ্ঞ,বন বিভাগ আৰু আন বহুতো লোকে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট উল্লেখনীয় কাম কৰিছে। উক্ত সজাগতামূলক কৰ্মশালাত অসম আৰক্ষী,অসমৰ বন বিভাগ, সশস্ত্ৰ সীমা বলৰ উপৰিও বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ন্যায়ালয়ৰ বিষয়ববীয়াও অংশগ্ৰহণ কৰে।তেওঁলোকৰ ভিতৰত আছিল অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিৱ নয়ন শংকৰ বৰুৱা, বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱ তৰুণ দে’, এছ এছ বিৰ ডি আই জি  জগদীপ পাল সিং (ৰঙিয়া), এছ এছ বি বঙাইগাঁৱৰ ডি আই জি এন্টনী থানমী, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড:বৈভৱ চি মাথুৰ আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া বিষ্ণু সিং। আনহাতে আৰণ্যকৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷ 

আজি নিযুক্তিপত্ৰ লাভ নকৰাসকলে পৰৱৰ্তী সময়ত সংগ্ৰহ কৰিব পাৰিব নিযুক্তিপত্ৰ!কিন্তু ক’ৰপৰা?

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যাসয় খেলপথাৰত অসম চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে৷ ৰাজ্যৰ প্ৰায় ২৩,০০০ যুৱক-যুৱতীক অসম চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷ পিছে, খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা যুৱক-যুৱতীসকলক পৰৱৰ্তী সময়ত প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ৷  আজি নিযুক্তি পত্ৰ লাভ নকৰা যুৱক-যুৱতীসকলে পৰৱৰ্তী সময়ত ক’ত কেনেকৈ নিযুক্তি পত্ৰ লাভ কৰিব সেই বিষয়ে মুখ্যমন্ত্ৰী শৰ্মাই নিজেই সবিশেষ সদৰী কৰে৷  আজি গৃহ বিভাগত ৮৮৬৭টা, প্ৰাথমিক শিক্ষা ৭৪২২টা, মাধ্যমিক শিক্ষা ৩৫১৭টা, উচ্চ শিক্ষা ১২৪টা, জনস্বাস্থ্য কাৰিকৰী ৩৩০টা, জলসম্পদ ১০৫টা, সমাজ কল্যান ৬৯টা, স্বাস্থ্য ২৪১৯টা, কৃষি ৫৫, পৰিৱেশ আৰু বন  ২৩, লোক নিৰ্মাণ ৮, খনি আৰু খনিজ পদাৰ্থ ২, শ্ৰমিক কল্যানত ১৭টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।


অৱশ্যে সকলো প্ৰাৰ্থীকেই খানাপাৰত নিযুক্তি পত্ৰ দিয়া নহ’ল৷ পিছে খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা প্ৰাৰ্থীয়ে ক’ত, কেনেকৈ লাভ কৰিব নিযুক্তি পত্ৰ? সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰা অনুসৰি- জলসম্পদ বিভাগৰ নিযুক্তিৰ যাব লাগিব বশিষ্ঠৰ কাৰ্যালয়লৈ, বশিষ্ঠৰ অতিৰিক্ত মুখ্য অভিযন্তা কাৰ্যালয়লৈ গৈও লাভ কৰিব নিযুক্তি৷
সমাজকল্যাণ বিভাগৰ নিযুক্তিৰ পত্ৰৰ বাবে যাব লাগিব বেলতলালৈ, বেলতলাৰ সমাজ কল্যাণ সঞ্চালকালৈ কাৰ্যালয়ত দিয়া হ’ব নিযুক্তি পত্ৰ। বন বিভাগৰ নিযুক্তিৰ পত্ৰৰ বাবে যাব লাগিব পাঞ্জাবাৰীৰ অৰণ্য ভ্ৰমণলৈ, তাতে লাভ কৰিব নিযুক্তি পত্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিযুক্তি পত্ৰ হেঙেৰাবাৰীত অৱস্থিত কাৰ্যালয়ৰ পৰা  লাভ কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত নিযুক্তি পোৱাসকলে অনলাইন যোগে ডাউনলোড কৰিব পাৰিব নিযুক্তি পত্ৰ। ইয়াৰ বাবে সন্ধিয়া ৪বজাৰ পাছত উপলব্ধ হ’ব অনলাইনত ডাউনলোড প্ৰক্ৰিয়া।

মাধ্যমিক শিক্ষাত নিযুক্তি পোৱা প্ৰাৰ্থীসকলেও অনলাইনতে পাব নিযুক্তি পত্ৰ, বিয়লি ৩বজাৰ পিছত উপলব্ধ হ’ব অনলাইন ডাউনলোড প্ৰক্ৰিয়া।উচ্চ শিক্ষাত নিযুক্তি পোৱা প্ৰাৰ্থীসকলে কাহিলীপাৰাত অৱস্থিত শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত গৈ লাভ কৰিব নিযুক্তি পত্ৰ।স্বাস্থ্য বিভাগত নিযুক্তি পোৱা প্ৰাৰ্থীসকলে ডায়েৰেক্টৰ অব্ হেলথ চাৰ্ভিছত লাভ কৰিব নিযুক্তি পত্ৰ। অন্যথা অনলাইন ৱেবছাইট যোগেও লাভ কৰিব নিযুক্তি পত্ৰ।ডায়ৰেক্টৰ অব্ হেলথ ফেমেলী ৱেলফাৱাৰত যিসকলে নিযুক্তি পাইছে dhsfw.assam.gov.in যোগে লাভ কৰিব নিযুক্তি পত্ৰ। ডায়েক্টৰ অৱ মেডিকেল এডুকেশ্যনত নিযুক্তি পোৱা সকলে dme.assam.gov.inত লাভ কৰিব নিযুক্তি পত্ৰ। অটল অমৃতত নিযুক্তি পোৱাসকলেও অনলাইন ছাইটযোগে লাভ কৰিব নিযুক্তি পত্ৰ। কৃষিবিভাগত নিযুক্তি পোৱাসকলে খানাপাৰাৰ কৃষি বিভাগৰ কাৰ্যালয়ত গৈ ল’ব পাৰিব নিযুক্তি পত্ৰ।লোক নিৰ্মাণ বিভাগৰ প্ৰাৰ্থীসকলে সচিবালয়ত থকা PWDৰ কাৰ্যালয়ৰ পৰা ল’ব পাৰিব নিযুক্তি পত্ৰ। সচিবালয়ৰ ব্লক Bত লাভ কৰিব নিযুক্তি পত্ৰ।


খনি আৰু খনিজ পদাৰ্থৰ প্ৰাৰ্থীসকলে সভা সমাপ্ত হোৱাৰ পাছত পশু মহাবিদ্যালয় খেলপথাৰৰ কাৰ্যালয়ৰ পৰা ল’ব পাৰিব নিযুক্তি পত্ৰ। অন্যথা অসম সচিবালয়ৰ ব্লক Dত গৈ পোনে পোনে ল’ব পাৰিব নিযুক্তি পত্ৰ। আৰক্ষীসকলেও অনলাইন ৱেবছাইটত লাভ কৰিব নিযুক্তি পত্ৰ। ৪বজাৰ লগে লগে নিৰ্ধাৰিত ৱেবছাইটযোগে লাভ কৰিব নিযুক্তি পত্ৰ। আৰক্ষীত নিযুক্তি পোৱাসকলে ১৬তাৰিখে নিযুক্তি পত্ৰত উল্লেখ থকা নিৰ্দিষ্ট জিলাত উপস্থিত হ’ব লাগিব প্ৰাৰ্থীসকলে৷ ১৮তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ অনুশীলন আৰম্ভ হ‘ব৷

অসমত এইবাৰ মন্ত্ৰী আৰু আলফাৰ মাজত সংঘাত…

আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাৰ অপৰাধত শাস্তিৰ সন্মুখীন হোৱা দুই অসমীয়া যুৱক আৰু প্ৰাক্তন ছাত্ৰ নেতা বিজু গগৈৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত শুকুৰবাৰে সংগঠনটোৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী সঞ্জয় কিষাণে। মন্ত্ৰী গৰাকীৰ মতে আলফা স্বাধীনৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা এজন মিছলীয়া ব্যক্তি। পৰেশ বৰুৱাই বহুবাৰ অসমৰ ৰাইজক মিছা কথা কৈ আহিছে। কেৱল এয়াই নহয়, পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্যই মূল উদ্দেশ্যৰ পৰা আঁতৰি গৈছে বুলিও অভিযোগ উত্থাপন কৰিছে বিজেপি মন্ত্ৰী গৰাকীয়ে। শুকুৰবাৰে নগাঁৱৰ মন্টেশ্বৰী শিশু আৰু প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আলফাৰ বিৰুদ্ধে এইদৰে একাধিক বিস্ফোৰক মন্তব্য কৰিলে সঞ্জয় কিষাণে। মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে। প্ৰাগ নিউজ ডিজিটেললৈ এক ইমেইল বাৰ্তা প্ৰেৰণ কৰি সংগঠনটোৱে মন্ত্ৰী গৰাকীক ২৪ ঘন্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছ।

সংগঠনটোৱে উল্লেখ কৰা অনুসৰি তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষানে কোনো ধৰণৰ সত্য-সত্যতা বিচাৰ নকৰি প্ৰকৃত সত্যক মিছা অপ্ৰলেপ দি নিজৰ মতামত প্ৰকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমত আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ বিৰুদ্ধে ‘মিছলীয়া’ শব্দৰ প্ৰয়োগেৰে অপমান সূচক মন্তব্য কৰিছে। আৰু ইয়াৰ প্ৰতিবাদত মন্ত্ৰীগৰাকীৰ বক্তব্যক এক অপৰাধ হিচাপে বিবেচনা কৰাৰ কথাও উল্লেখ কৰিছে আলফা স্বাধীনে। সেয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আলফাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব মন্ত্ৰীগৰাকীয়ে। ইয়াৰ অন্যথা সমগ্ৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলাত আলফাই নিষিদ্ধ ঘোষণা কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে। সমান্তৰালকৈ অসমৰ ভূমিপুত্ৰ জনগণক বিধায়ক সঞ্জয় কিষানৰ সকলো ধৰণৰ ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা কাৰ্য্যৱলীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ আলফাই বিবৃতিৰ যোগে আহ্বান জনোৱা দেখা গৈছে ।

আলফাৰ এই চৰম পত্ৰৰ পাছত এতিয়ালৈ মন্ত্ৰী গৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা নাই। মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মেজলৈ আলফা স্বাধীনক আনিবলৈ চলাই থকা নিৰন্তৰ প্ৰচেষ্টাৰ মাজতে তেওঁৰেই মন্ত্ৰীসভাৰ সদস্যই আলফাৰ সৈতে এনে মুকলি সংঘাটত লিপ্ত হোৱাটোৱে এতিয়া বিশেষ তাত্পৰ্য বহন কৰিছে। আলফাৰ এনে মুকলি হুংকাৰৰ পাছত এতিয়া ৰাজ্যৰ গৃহ বিভাগে কি ভূমিকা গ্ৰহণ কৰে বা মন্ত্ৰী গৰাকীয়ে কি স্থিতি লয় তাৰ বাবে সকলোৱে উত্কণ্ঠাৰে বাট চাই আছে। সেয়া যিয়েই নহওক, অসমৰ ৰাইজে পুনৰ ৰক্তপাতৰ এখন ভাতৃঘাটী যুদ্ধ চাব বিচৰা নাই। মুখ্যমন্ত্ৰীৰ শান্তি আলোচনাৰ আহ্বান আৰু ইয়াৰ প্ৰতি আলফাৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ সঁহাৰিয়ে সাধাৰণ ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু শেহতীয়া এনে ঘটনাৰাজিয়ে শান্তিকামী ৰাইজৰ মনত পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে যে অসম আকৌ অশান্ত হোৱাৰ পথত নেকি?

কেজিএফ খ্যাত যশৰ দেউতাক এতিয়াও পেচাত এজন বাছ চালক! 

প্ৰশান্ত নীলৰ কেজিএফ চেপ্তাৰ ২ এমাহ আগতে মুকলি কৰা হৈছিল। ছবিখনে ইতিমধ্যে বক্স অফিচত হাজাৰ হাজাৰ কোটিৰ ব্যৱসায় কৰিছে আৰু সেই চিনেমাখনৰ বাবে দক্ষিণৰ চুপাৰষ্টাৰ যশ দেশৰ আইকন হৈ পৰিছিল। দৰ্শকৰ চকু এতিয়াও তেওঁৰ ওপৰত আছে। নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুত্ৰ যশে সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিছে। এক সাক্ষাৎকাৰত, তেওঁ কৈছিল যে তেওঁৰ দেউতাক পেছাত এজন বাছ চালক আছিল। তাৰ মাজতে এতিয়া আন এক ৰহস্য পোহৰলৈ আহিছে! যশৰ দেউতাক অৰুণ কুমাৰে তেওঁৰ পুত্ৰ এজন চুপাৰষ্টাৰ হোৱা স্বত্বেও বাছ চলাবলৈ এৰি দিয়া নাছিল। তেওঁ এতিয়াও কেএছআৰটিচিৰ এজন বাছ চালক।


এই গোপন কথাটো শেহতীয়াকৈ জনপ্ৰিয় পৰিচালক এছ এছ ৰাজামৌলীয়ে ৰাজহুৱা কৰিছিল। এক অনুষ্ঠানত আৰআৰআৰ ৰ সঞ্চালকজনে কয়, “মই শুনিছোঁ যে যশৰ দেউতাক এজন বাছ চালক। তেওঁ এতিয়ালৈকে চাকৰি এৰা নাই। মোৰ মতে, তেওঁহে হৈছে এজন প্ৰকৃত তাৰকা। যশতকৈ তেওঁৰ অধিক কৃতিত্ব আছে। কোৱাৰ প্ৰয়োজন নাই যে যশৰ দেউতাকৰ শালীনতাই বাহুবলী খ্যাত পৰিচালকৰ মনত আকৰ্ষণ কৰিছিল। পুত্ৰ চুপাৰষ্টাৰ হোৱাৰ পিছতো তেওঁ নিজৰ পৰিচয় পাহৰি নোযোৱাটোৱেই বহুতক অনুপ্ৰাণিত কৰিছে।


নবীন কুমাৰ গৌড়া ওৰফে যশৰ জন্ম ১৯৮৬ চনৰ ৮ জানুৱাৰীত মহীশূৰত হৈছিল। তেওঁৰ দেউতাক অৰুণ কুমাৰ পেছাত এজন বাছ চালক আছিল। আৰু মাক পুষ্পা এগৰাকী গৃহিনী। যশে সৰুৰে পৰা নায়ক হোৱাৰ সপোন দেখি আছিল। যাৰবাবে তেওঁ স্কুল আৰু কলেজৰ থিয়েটাৰতো অংশগ্ৰহণ কৰিছিল। যশে ছবিখনত অভিনয় কৰাৰ সুযোগ পোৱাৰ সময়ত মাত্ৰ ৩০০ টকা লৈ ঘৰ এৰিছিল।