Home Blog Page 2408

2022 চিস্কো যুৱ নেতৃত্ব বঁটা বিজয়ী গৰাকীয়ে খাদ্য আৱৰ্জনা হ্ৰাস কৰিবলৈ আৰু মহিলা কৃষকক শক্তিশালী কৰিবলৈ সূৰ্যশক্তি ব্যৱহাৰ কৰে

ৰাসায়নিক অভিযন্তা নিধি পন্তে ভাৰতীয় ক্ষুদ্ৰ ধাৰক কৃষকসকলক সহায় কৰিবলৈ এছ4এছ টেকন’লজীৰ সহ-প্ৰতিষ্ঠা কৰিছিল।ভাৰতৰ হিমালয় অঞ্চলত জন্মগ্ৰহণ কৰা নিধি পন্ত, কৃষি পৃষ্ঠভূমিথকা এজন বিজ্ঞানী পিতৃৰ জীয়ৰী, প্ৰলয়ংকৰী বান পানী আৰু ভূমিস্খলনৰ পিছত কেনেদৰে পানী সংগ্ৰহ কৰিব লাগে আৰু খাদ্য সুৰক্ষা প্ৰদান কৰিব লাগে সেই বিষয়ে তেওঁৰ চাৰিওফালৰ সম্প্ৰদায়বোৰক দেখি ডাঙৰ-দীঘল হৈছিল।প্ৰাকৃতিক দুৰ্যোগৰ পৰা বাৰে বাৰে পুনৰুদ্ধাৰ কৰাৰ বাবে প্ৰয়োজনীয় স্থিতিস্থাপকতা প্ৰত্যক্ষ কৰাৰ পিছত, পণ্ট নিজে এজন ৰাসায়নিক অভিযন্তা-কৃষক-উদ্যোগী হৈ পৰিছিল।পণ্টে গ্লোবেল চিটিজেনক কৈছিল, “মই য’ৰ পৰা আহিছো তাত সম্প্ৰদায়ৰ এক শক্তিশালী অনুভূতি আছে।” “প্ৰকৃতিৰ মূল্যত একো নকৰিব আৰু মানুহৰ অতি ঘনিষ্ঠহ’ব, গোটটো ব্যক্তিতকৈ ডাঙৰ। মই ভাবিছিলো যে মোৰ বৈজ্ঞানিক জ্ঞান মানুহৰ আত্মাৰ সেৱাত উপযোগী হ’ব পাৰে।”

পণ্টে সম্প্ৰদায়বোৰ পুনৰ নিৰ্মাণৰ বাবে তাইৰ পৃষ্ঠভূমি প্ৰয়োগ কৰাৰ সুযোগ দেখিছিল। তেওঁ 2011 চনত আন ছয়জন মহাবিদ্যালয়ৰ বন্ধুৰ সৈতে ভাৰতীয় খাদ্য সংৰক্ষণ সংস্থা এছ4এছ টেকন’লজিছ ৰ সহ-প্ৰতিষ্ঠা কৰিছিল। এছ.4এছ.-ৰ খাদ্য প্ৰক্ৰিয়াকৰণ যন্ত্ৰই কৃষকসকলক খাদ্য আৱৰ্জনা হ্ৰাস কৰা, লাভ বৃদ্ধি কৰা, আৰু তেওঁলোকৰ ব্যৱসায়ৰ মালিকীস্বত্ব লোৱাত সহায় কৰে।এতিয়া, পণ্টক জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰা, ভোক বন্ধ কৰা আৰু মহিলাসকলক শক্তিশালী কৰাত সহায় কৰি চৰম দৰিদ্ৰতা সমাপ্ত কৰাত তেওঁৰ আৰু এছ4এছ-ৰ অৱদানৰ বাবে 2022 গ্লোবেল চিটিজেন পুৰস্কাৰ: চিচকো যুৱ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে।সংগঠনটোৰ বাবে 250,000 ডলাৰপুৰস্কাৰৰ সৈতে অহা চিচকো যুৱ নেতৃত্ব বঁটাটোৱে বিশ্বক ইতিবাচকভাৱে প্ৰভাৱিত কৰা এজন যুৱ ব্যক্তিক স্বীকৃতি দিয়ে আৰু তুলি ধৰে আৰু প্ৰদৰ্শন কৰে যে কেনেদৰে যুৱ সকলে ৰাষ্ট্ৰসংঘৰ গোলকীয় লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিছে।

এছ4এছ – যাৰ অৰ্থ হৈছে “সমাজৰ বাবে বিজ্ঞান” – ক্ষুদ্ৰ ধাৰক কৃষকসকলক সৌৰ পৰিবাহী ড্ৰায়াৰ (এছচিডি), সৌৰ শক্তিচালিত যন্ত্ৰ প্ৰদান কৰে যি খাদ্য ডিহাইড্ৰেট কৰে আৰু ৰাসায়নিক পদাৰ্থ বা সংৰক্ষণকাৰী অবিহনে এক বছৰলৈকে উৎপাদন সংৰক্ষণ কৰে। খাদ্য আৱৰ্জনা সীমিত কৰি, সংগঠনটোৱে পৰিৱেশত মিথেন হ্ৰাস কৰি কাৰ্বন-নিৰপেক্ষ খাদ্য প্ৰণালীৰ ফালে আগবাঢ়িছে।

চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতি অসমৰ সাধাৰণ সম্পাদক হৰেন চুতীয়াৰ মৃত্যুত ঢকুৱাখনাৰ সাধনী ভৱনত শোক প্ৰস্তাৱ,শ্ৰদ্ধাঞ্জলি জ্ঞাপন

চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতি অসমৰ সাধাৰণ সম্পাদক হৰেন চুতীয়াৰ মৃত্যুত ঢকুৱাখনাৰ সাধনী ভৱনত শোক প্ৰস্তাৱ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ।সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হৰেন চুতীয়া যোৱা নিশা পৰলোকগামী হয়।চুতীয়া জাতি তথা অসমীয়া সমাজলৈ বৰঙণি আগবঢ়োৱা হৰেন চুতীয়াৰ মৃত্যু খবৰে চুতীয়া জনগোষ্ঠীটোৰ অপূৰণীয় ক্ষতি সাধন হয়।তেখেতৰ মৃত্যুত অসমৰ ভিন্ন প্ৰান্তত চুতীয়া জনগোষ্ঠীৰ দল সংগঠনসমূহে জাতিৰ পতাকা অৰ্ধনমিত কৰাৰ লগতে শোক প্ৰস্তাৱ গ্ৰহণ কৰে।সমান্তৰালভাৱে আজি ঢকুৱাখনাৰ সাধনী ভৱনত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনে তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক প্ৰস্তাৱ সভা অনুষ্ঠিত কৰে।

চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰা, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কুমল বৰুৱা, চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তৱ কিশোৰ চুতীয়া, সদৌ চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰা, চুতীয়া যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি নিপেন খনিকৰে অংশগ্ৰহণ কৰে।

ৰাইজে নভবা কাম কৰি দেখুৱালে পঞ্চায়তত সভাপতি হৰমুজ আলীয়ে

চতুৰ্দশ বিত্তীয় আয়োগৰ ৩৩ লাখ টকাৰ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ নৱ নিৰ্মিত কাৰ্য্যালয়ৰ ভৱনৰ আজি শুভ উদ্বোধনী অনুষ্ঠান।সমূহ পঞ্চায়ত বাসী দৰ্শক বিগত সময়ছোৱাতো কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়ত খনতো কাৰ্য্যলায়তো ভৱন আছিল,আজিৰ দিনত পঞ্চায়ত খনৰ কাৰ্য্যলায়ৰ ভৱনৰ দৃশ্য এয়া।সমূহ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়ত বাসী ৰাইজে, এতিয়া,এবাৰ ভাৱকচোন।সভাপতি হৰমুজ আলি ওৰফে সাজু পঞ্চায়ত খনত উন্নয়ন মুলক কামৰ দিশত আচলতে সফল নে,বিফল,
সমগ্ৰ পঞ্চায়ত বাসী ৰাইজে এতিয়া নিৰ্ণয় কৰক-ইয়াত আমাৰ কবলগীয়া একো নাই বুলি সাংবাদিকৰ সাক্ষাৎকাৰৰ আগত সভাপতি গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।সভাপতি হৰমুজ আলি সাজুই পঞ্চায়ত খনত উন্নয়ন মুলক কমৰ দিশত প্ৰকৃততে সফল বুলি আমি কলে, আমাৰ মুঠেই কোনো প্ৰশ্ন নুউঠে।


উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ, শ্ৰীযুত অশোক কুমাৰ সিংহী, ধুবুৰী জিলা উপায়ুক্ত শ্ৰীযুত অম্বামুথন এম পি, বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত জয় শিৱানী দেৱ, বিজেপি দলৰ ধুবুৰী পৃৱ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কলিতা দেৱ, বিলাসীপাৰা নগৰ সমিতিৰ উপ-সভাপতি চন্দন দাস, এ আই ইউ ডি এফ দলৰ ধুবুৰী জিলা যুৱ মৰ্চাৰ সভাপতি পলায়ন সুত্ৰধৰ আদিকে ধৰি অনুষ্ঠানটোত পঞ্চায়ত খনৰ গন্য মান্য ব্যক্তিৰ লগতে প্ৰায় পাঁচ হেজাৰ শতাধিক পুৰুষ আৰু মহিলাৰ উপস্থিত থাকে।

সোণতলীৰ ৰাঙ্গাপানীত খাদ্য সুৰক্ষাৰ চাউল বিতৰণত দূৰ্ণীতি-অনিয়ম

সোণতলীৰ ৰাঙ্গাপানীত খাদ্য সুৰক্ষাৰ চাউল বিতৰণত দূৰ্ণীতি-অনিয়ম।টুপামাৰী গাওঁ পঞ্চায়ত সমবায় সমিতিৰ একাংশ এজেন্টৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।বিভাগীয় বিষয়াৰ চৰজমিন তদন্তত পোহৰলৈ আহিল এজেন্টৰ দূৰ্ণীতি, তদন্তকালত বিষয়াৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত এজেন্ট ছালামৰ একাংশ ভাড়াতীয়া লোকৰ।অভিযোগ মতে, সমবায় সমিতিখনৰ একাংশ এজেন্টে প্ৰতি মাহে দুই কোটাৰ পৰিৱৰ্তে এক কোটাকৈ চাউল বিতৰণ কৰি বাকী এক কোটা আত্মসাৎ কৰে এজেন্টে।কিন্তু কাৰ্ডত দুই কোটা বিতৰণ কৰা বুলিয়েই লিখি দিয়ে। তদুপৰি আন একাংশ এজেন্টে আকৌ সদস্য প্ৰতি আধা কেজিৰ পৰা এক কেজি পৰ্যন্ত চাউল কৰ্তন কৰে।বিষয়টো সন্দৰ্ভত প্ৰাপ্ত অভিযোগৰ ভিত্তিত বিভাগটোৰ কামৰূপ জিলাৰ DDS ৰ নেতৃত্বত এটা দলে ৰঙাপানী অঞ্চলত কৰে চৰজমিন তদন্ত

এই তদন্ততে ওলাই পৰে সমবায় সমিতিখনৰ এগৰাকী এজেন্ট আব্দুল ছালামৰ দূৰ্ণীতিৰ সকলো তথ্য।এজেন্ট আব্দুল ছালামৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই।

গোলাঘাট সদৰ থানাৰ সন্মুখত এখন স্কুটী পৰা পিষ্টলসহ বৃহৎ পৰিমানৰ ড্ৰাগছ লগতে 7.65 পিষ্টলসহ ১৫ জাই সজীৱ গুলি উদ্ধাৰ

গোলাঘাট সদৰ থানাৰ সন্মুখত থকা পাৰ্কিং থকা এখন স্কুটী পৰা উদ্ধাৰ হৈছে পিষ্টলসহ বৃহৎ পৰিমানৰ ড্ৰাগছ৷আৰক্ষীয়ে 7.65 পিষ্টলসহ ১৫ জাই সজীৱ গুলি উদ্ধাৰ কৰে৷ঘটনা সন্দৰ্ভত আমজেদ খান নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধপোছৰ বাবে ৰাজেন চিদ্দিকী নামৰ এজনক আটক কৰিছে৷আৰক্ষীয়ে জনোৱা অনুসৰি ড্ৰাগছখিনিৰ মূল্য প্ৰায় তিনিলাখ টকাৰ বুলি ধাৰনা কৰিছে ৷সদৰ থানাৰ সন্মুখত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আমজেদ খানক হাতেলোটে ধৰা পেলাবলৈ সক্ষম হয় ৷

উল্লেখ্য যে আমজেদ খান পূৰ্বৰে পৰা ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ৷উক্ত ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ গোলাঘাটত।

অসম আৰক্ষী কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ দেৰগাঁৱৰ এজন আদৰ্শৱান কৃষিপ্ৰেমী যুৱক

সপোনৰ বাটে দেৰগাঁৱৰ এজন আদৰ্শৱান কৃষিপ্ৰেমী যুৱক,নাম তেওঁৰ পলাশ জ্যোতি হাজৰিকা।দেৰগাঁৱৰ বঙালগাঁৱৰ নিবাসী দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক পলাশ জ্যোতি হাজৰিকাই কৃষিকৰ্মৰে নিবনুৱা যুৱক যুৱতী সকলৰ বাবে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ সমান্তৰালকৈ অত্যধিক পৰিশ্ৰমেৰে অসম পুলিচৰ কনিষ্টবল পদৰ বাবে অনুশীলন চলাই আহিছিল। যাৰ সুফল হিচাপে অৱশেষত আহিল ভাল খবৰ টো কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে কৃষি প্ৰেমী যুৱক জন ।কঠোৰ পৰিশ্ৰমেই আজি নিজৰ জীৱনৰ লগতে পৰিয়ালটিলয়ো হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

তেওঁ অনাগত দিনত এনেদৰেই সপোনৰ বাটত আগবাঢ়ি যাওক আনৰ বাবে আদৰ্শ হৈ পৰক তাৰে কামনাৰে আমিও জনাইছোঁ আন্তৰিক শুভ কামনা।

মাজুলী জিলা ভাওনা সন্মিলনৰ উজনি মাজুলী আঞ্চলিক সমিতি গঠন…

মাজুলী জিলা ভাওনা সন্মিলনৰ উদ্যোগত দেওবাৰে উজনি মাজুলী আঞ্চলিক সমিতিখন গঠন কৰা হয় | সেই অনুসৰি মুদৈবিল মিলনজ্যোতি ৰঙ্গমঞ্চত  আয়োজন কৰা উজনি মাজুলীৰ গৰিষ্ঠসংখ্যক ভাওনা শিল্পী আৰু স্থানীয় বিভিন্ন বিষয়ৰ শিল্পীসকলৰ লগতে সংস্কৃতিবান বয়োজ্যেষ্ঠ লোকসকলৰ উপস্থিতিৰে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয় | মাজুলী জিলা ভাওনা সন্মিলনৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সন্মিলনৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই | গুৰুজনা সৃষ্ট ভাওনাক পৰম্পৰাগত ৰীতি-নীতিৰে আৰু যথাৰ্থ ৰূপত পৰিবেশন, সংৰক্ষণ আৰু সংবৰ্ধন আৰু ভাওনা শিল্পীসকলৰ মৰ্যাদা, চৰকাৰী সন্মান, শিল্পী স্বীকৃতিৰ হকে মাজুলী জিলা ভাওনা সন্মিলনে কাম কৰি যাব |

তাৰেই অংশ হিচাপে জিলা সন্মিলনখনিয়ে সমগ্ৰ মাজুলী সামৰি উজনি মাজুলী আঞ্চলিক, পুৱ মাজুলী আঞ্চলিক, মধ্য মাজুলী আঞ্চলিক আৰু নামনি মাজুলী আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে এই সভাখনিৰ আয়োজন কৰা হৈছে বুলি জয়ন্ত হাজৰিকাই উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় | এই সভাখনিৰ আৰম্ভণিতে জিলা সন্মিলনৰ উপ-সভাপতি , বিশিষ্ট শিল্পী দীপক বৰুৱাৰ মাতৃ বিয়োগৰ সংবাদ লাভ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা আৰু শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয় | চিনাকী পৰ্ব অনুষ্ঠানত জিলা সভাপতি প্ৰভাত বৰা বুঢ়াভকত, কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা, সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকা, সম্পাদক যতীন বৰা, আৰু সাংগঠনিক সম্পাদক কুশদীপ হাটীমতাক একোখন ফুলাম গামোচাৰে আদৰণি জনোৱা হয় | ইয়াতে জিলা সমিতিৰ সাংগঠনিক সম্পাদক প্ৰনৱ শইকীয়া, সাংস্কৃতিক সম্পাদক অতুল কলিতা,কাৰ্যকৰী সদস্য ক্ৰমে সত্যেন দত্ত, সঞ্জীৱ সেনাপতিয়েও অংশগ্ৰহণ কৰে | সভাপতি প্ৰভাত বৰা বুঢ়াভকতে এটি মনোজ্ঞ বক্তব্যৰে সভাখনিৰ গুৰুত্বতা বৃদ্ধি কৰাৰ পিছতে আঞ্চলিক সমিতিখনৰ পোষকতা কৰি বিপিন হাজৰিকা, জয়ন্ত হাজৰিকা, কুশদ্বীপ হাটীমতা, স্থানীয় সমাজ সচেতন ব্যক্তি গণেশ ৰাজখোৱা, জিলা কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা , বিশিষ্ট শিল্পী এলেঙ্গী নৰসিংহ সত্ৰৰ পৰা অংশগ্ৰহণ কৰা নৱজ্যোতি মহন্ত প্ৰভৃতি বিশিষ্ট লোকসকলে বক্তব্য আগবঢ়ায় | ইয়াৰ পিছতে উজনি মাজুলী আঞ্চলিক সমিতিখন গঠন কৰা হয় | সেইমৰ্মে সভাত উপস্থিতসকলৰ সৰ্বসন্মতিক্ৰমে অতুল কলিতাক সভাপতি, কাৰ্যকৰী সভাপতি নৱজ্যোতি মহন্ত , বিপিন হাজৰিকাক  সম্পাদক, বসন্ত ৰাজখোৱা আৰু প্ৰনৱ শইকীয়া (হেম) উপ সভাপতি, সত্যেন দত্ত, নিতুল শইকীয়া, প্ৰণৱজ্যোতি শইকীয়াক সহকাৰী সম্পাদক, সাংস্কৃতিক সম্পাদকৰূপে- বিতোপন শৰ্মা, কৃষ্ণা মেধি, জীৱনজ্যোতি হাজৰিকা, সাংগঠনিক সম্পাদক- ৰুবুল দত্ত, ধৰ্ম বেজ, যতীন বৰা, জয়ন্ত শইকীয়া, সঞ্জীৱ সেনাপতি, প্ৰচাৰ সম্পাদকৰূপে ৰঞ্জন বৰা, ৰাজীৱ পাতিৰ , প্ৰাঞ্জল  খাউণ্ড , কাব্যশ্ৰী বৰা, সঞ্জীৱ অভয়পুৰীয়া, ৰূপজ্যোতি বৰা, কাৰ্যকৰী সদস্য হিচাপে অনুৰাগ শইকীয়া, ৰাজু দাস, জিন্তু শইকীয়া, বিপুল খাউণ্ড ,উত্তম বৰা আৰু জয়ন্ত বৰাক মনোনীত কৰা হয় | এই সমিতিখনিৰ উপদেষ্টাৰূপে পোনা বায়ন, গনেশ ৰাজখোৱা, বিপিন হাজৰিকা, দুৰ্গেশ্বৰ শইকীয়া আৰু অৱনী বৰাক গ্ৰহণ কৰে |

উল্লেখযোগ্য যে এই আঞ্চলিক সমিতিখন পৰৱৰ্তী সময়ত বৰ্ধিত কলেৱৰত অঞ্চলৰ সকলো ভাওনা শিল্পীকে সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় |নৱ নিৰ্বাচিত  আঞ্চলিক সমিতিখনলৈ জিলা সভাপতি প্ৰভাত বৰা বুঢ়াভকত, কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা, সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকা, কুশদীপ হাটীমতা আৰু যতীন বৰাই অভিনন্দন জ্ঞাপন কৰে | বৃহত্তৰ উজনি মাজুলীৰ ভাওনা শিল্পীসকলক সমবেত কৰাই এখন আঞ্চলিক সমিতি গঠন কৰাৰ দিহা কৰা বাবে অতুল কলিতা, সত্যেন দত্ত, হেম শইকীয়া আৰু সঞ্জীৱ সেনাপতিক জিলাৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই ভূয়সী প্ৰশংসা আৰু শলাগ লয় | একেদৰে মুদৈবিল গাঁৱৰ ৰাইজ, যুৱকবৃন্দ আৰু মুদৈবিল মিলনজ্যোতি ৰঙ্গমঞ্চ পৰিচালনা সমিতিৰো শলাগ লোৱা হয় | মাজুলী জিলা ভাওনা সন্মিলনৰ উদ্যোগত ঘোষণা কৰা মাতৃভাষা ভাওনা নাটৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ প্ৰাক্ মুহূৰ্তত এই আঞ্চলিক সমিতিৰ গঠনে জিলা সমিতিখনি অধিক শক্তিশালী কৰি তুলিব বুলি সভাৰ বিশিষ্ট অতিথিসকলে মত প্ৰকাশ কৰিছে | জিলা সভাপতিজনাৰ অভিনন্দন আৰু শলাগেৰে সভাখনিৰ সফল সামৰণি ঘটোৱা হয় |

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ ওপৰত ভৱানীপুৰত যুৱ কংগ্ৰেছৰ সংবাদমেল…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বৰ ভিতৰতে মিছলীয়া প্ৰধানমন্ত্ৰী। আজি সেই কথা আকৌ এবাৰ প্ৰমাণ হ’ল। দেশত কোৰোনাজৰ্জৰ পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কোৱা কথা যে সম্পূৰ্ণৰূপে মিছা আছিল, সেই কথা পুনৰবাৰ প্ৰমাণিত হ’ল।’ -এই মন্তব্য অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ তথা সম্পাদক দীপাংকৰ দাসৰ। শুক্তবাৰে বিয়লি প্ৰায় পাঁচ বজাত ভৱানীপুৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে যোৱা ৫ মে’ত বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বতে কোৰোনাজৰ্জৰ সময়ছোৱাত মৃত্যু ঘটা লোকৰ পৰিসংখ্যাক লৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত ভাৰতৰ ক্ষেত্ৰত প্ৰদান কৰা প্ৰতিবেদনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ২০২০-২১ বৰ্ষৰ সময়ছোৱাত সমগ্ৰ পৃথিৱীতে ৪,৭২৯,৫৪৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰা হৈছিল।

আনহাতে এইক্ষেত্ৰত সমগ্ৰ পৃথিৱীতে কোৰোনাজৰ্জৰ সময়ছোৱাত মৃত্যু ঘটা লোকৰ এক তৃতীয়াংশই ভাৰতবৰ্ষৰ আছিল বুলিও বিশ্ব স্বাস্থ্য সংস্থাৰ একেখন প্ৰতিবেদনত প্ৰকাশ পাইছে। সেই তথ্য অনুসৰি উক্ত সময়ছোৱাত ভাৰতত প্ৰায়  ৪৭ লাখ লোকৰ কোৰোনাত মৃত্যু ঘটিছিল। গতিকে, সেই সময়ত বিজেপি চৰকাৰে যি তথ্য দিছিল, তাৰ তুলনাত দহ গুণ বেছি মানুহৰ মৃত্যু ঘটাৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ মন্তব্য- ইমানদিনে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে অকল ভাৰতবৰ্ষৰ জনসাধাৰণকেই নহয়, সমগ্ৰ বিশ্বৰ জনসাধাৰণকে মিছা কথাৰে আভুৱা ভাৰি আহিছিল।নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ বিশ্ববাসীৰ ওচৰতে ভাৰতবাসীক লজ্জাৱনত কৰিছে। সেয়ে বিশ্ববাসীৰ ওচৰত মিছা কথা কৈ ভাৰতীয় জনসাধাৰণক যেনেদৰে অন্ধকাৰত ৰাখিলে, তাৰ বাবে সমগ্ৰ ভাৰতবাসীৰ হৈ বিশ্ব জনগণৰ ওচৰত প্ৰধানমন্ত্ৰীক ক্ষমা খোজাৰ দাবী জনায় সংবাদমেলযোগে। আনহাতে উপযুক্ত চিকিৎসাৰ লগতে কোৰোনা প্ৰতিষেধকৰ অভাৱ আৰু সময়ত অক্সিজেন যোগান ধৰিব নোৱাৰা বিজেপি চৰকাৰখনক কোৰোনাত মৃত্যু ঘটা প্ৰতিগৰাকী লোককে চাৰি লাখকৈ ক্ষতিপূৰণ দিয়াৰো দাবী জনায় অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে পূৰ্বতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তথ্য সহকাৰে এই কথা উন্মোচন কৰিছিল বুলিও সংবাদমেলত মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীৰ মন্তব্য- এই তথ্য আমাৰ নহয়, বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে এক নিৰপেক্ষ সংস্থাইহে দীৰ্ঘদিন কৰা প্ৰণালীবদ্ধ গবেষণা আৰু অনুসন্ধানৰ পিছতহে এই কথা প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদনক এশ শতাংশই সঁচা বুলি দাবী কৰি যুৱ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ মন্তব্য- বিশ্ব স্বাস্থ্য সংস্থা সংস্থা কংগ্ৰেছ দলৰ নিৰ্দেশত‌ চলা সংস্থা নহয়।

তেওঁলোক নিৰপেক্ষ, এই কথা বিশ্বজুৰি স্বীকৃত। সেয়ে বিশ্বৰ বাকী দেশসমূহে বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদন মানি লৈছে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনক যদি ভুল বুলি কোৱা হয়,তেন্তে কোৰোনাকালীন সময়ত কেন্দ্ৰীয় চৰকাৰে দিয়া নীতি-নিৰ্দেশনাসমূহো মিছা বুলি প্ৰমাণিত হ’ব লাগিব।  সংবাদমেলত অসন প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ দীপাঙ্কৰ দাসৰ সৈতে ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ইছমাইল হুছেইন, ভৱানীপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলাম আৰু সাধাৰণ সম্পাদক আব্দুল্লা আহমেদো উপস্থিত আছিল। Attachments area

হঠাৎ শাৰীৰিকভাৱে অসুস্থ সাংবাদিক ইমদাদ আলী…

শুক্ৰবাৰে হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে সাংবাদিক ইমদাদ আলী। বৰ্তমান সাংবাদিকজনক গুৱাহাটী চিকিসা মহাবিদ্যালয়ত চিকিসা কৰি থকা হৈছে। চিকিসকৰ মতে অতি শীঘ্ৰেই সাংবাদিকজন সুস্থ হৈ উঠিব। বিশেষ চিন্তাৰ কোনো কাৰণ নাই।

উল্লেখ্য যে সাংবাদিক ইমদাদ আলী বৰ্তমান দিশপুৰ প্ৰেছ ক্লাৱৰ উপ সভাপতিৰ লগতে দৈনন্দিন বাৰ্তাৰ ডিজিটেল মাধ্যম ডিবি নিউজৰ পৰিচালন সম্পাদকৰ দায়িত্বত আছে। সাংবাদিকজন সোনকালে সুস্থ হৈ পুনৰ ন ন কৰ্ম কৰাৰ আশা সকলোৰে।

কঁঠালৰ মুচি খায়নে? কঁঠালৰ মুচিয়ে কিহত সহায় কৰে? কঁঠালৰ মুচিৰ ৮টা আচৰিত পুষ্টিগুণ…

বতৰৰ ফল কঁঠালৰ মুচিৰ আছে বহু ঔষধি গুণ। কঠালৰ মুচিত থাকে প্ৰচুৰ পৰিমানে ভিটামিন এ। ই দৃষ্টিশক্তি ভাল ৰাখে। ই ৰেটিনাৰ ক্ষতি প্ৰতিহত কৰাৰ লগতে চকুৰ সামগ্ৰিক স্বাস্থ্যৰ যত্ন লয়। কলি কঠালত থকা ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কঠালৰ মুচি এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎ‍স। ই কৰ্কট ৰোগ আৰু টিউমাৰ হোৱাত প্ৰতিৰোধ কৰে।

এণ্টিঅক্সিডেণ্টে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে। কেঁচা কঠাল উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো সহায়ক হয় আৰু হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰে। ই হজম বৃদ্ধি কৰি পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। আইৰণৰৰ উপস্থিতিৰ বাবে, এনিমিক ৰোগীয়েও কঠাল খোৱাটো প্ৰয়োজন। কঠালত থকা কেলচিয়ামে হাড়ৰ গঠন শক্তিশালী কৰে।