চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ আৰু টীয়ক সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া শ্মশান যাত্ৰাৰ দিশে ধাৱমান হৈছে টীয়কৰ চিন্তামনিগড়ৰ খাটোৱালত থকা বিভাগৰ হস্ততাঁত বস্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ । অঞ্চলটোৰ যুৱতীসকলক হস্ততাঁতৰ উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে ১৯৮৭ চনতে সেইসময়ৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাই এই প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপনত আগভাগ লৈছিল ।কিন্তু অতি সম্প্ৰতি এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ আন্ত: গাঠনিৰ অভাৱ ।দীৰ্ঘদিন মেৰামতি নকৰাত জহিখহি গৈছে প্ৰশিক্ষণ কেন্দ্ৰটোৰ দুৱাৰ খিৰিকী,টিনপাত আদি । উল্লেখযোগ্য যে প্ৰতিবছৰে ১৫ গৰাকীকৈ যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ সুবিধা থকা এই প্ৰশিক্ষণ কেন্দ্ৰটোত কেৱল মাত্ৰ দুখন তাঁতশালহে কাৰ্যক্ষম হৈ আছে ।বাকী কেইখন তাঁতশাল ব্যৱহাৰৰ অনুপযোগী হৈ পৰি আছে দীৰ্ঘদিন ধৰি ।লক্ষনীয় বিষয় এই যে প্ৰশিক্ষণ কেন্দ্ৰটোত এগৰাকী প্ৰশিক্ষক আৰু এগৰাকী ডেমন্চটেটৰ নিযুক্তি দিয়া হৈছিল যদিও প্ৰদৰ্শক গৰাকীক ইয়াৰ পৰা বহু দিনৰ পূৰ্বে পদসহ লৈ যোৱাত এতিয়া কেৱল এগৰাকী প্ৰশিক্ষকে কাৰ্যনিৰ্বাহ কৰি আছে চিন্তামনিগড়ৰ এই হস্ততাঁত বস্ত্ৰ শিল্পপ্ৰশিক্ষণ কেন্দ্ৰটোত ।শীঘ্ৰে এই কেন্দ্ৰটোৰ আন্ত:গাঠনি উন্নয়ন কৰি প্ৰশিক্ষণৰ এক উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনাইছে দল সংগঠন সমূহে।
দলঙৰ পৰা বাহন পৰি বিজেপি বিধায়কৰ পুত্ৰসহ ৭ শিক্ষাৰ্থীৰ মৃত্যু
মহাৰাষ্ট্ৰৰ চেলচুৰাৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত এজন বিজেপি বিধায়কৰ পুত্ৰসহ সাতগৰাকী শিক্ষাৰ্থী মৃত্যু হয়৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ চেলচুৰাৰ ওচৰৰ এখন দলঙৰ ওপৰৰ পৰা গাড়ীখন পৰি যোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ এই দুৰ্ঘটনাত বিজেপি বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ আ ৰাহাংদালেকে ধৰি সাতজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যু হয়৷
আৰক্ষীৰ জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন পৰি গৈছিল। আৰক্ষী অধীক্ষক ৱাৰ্ধাৰ প্ৰশান্ত হোলকাৰৰ মতে যোৱা নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত থকা লোকসকলক ৱাৰ্ধাৰ চাৱাংগী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে।
নীৰজ চৌহান, বিবেক নন্দন, প্ৰত্যুষ সিং আৰু শুভম জয়ছোৱাল চূড়ান্ত বৰ্ষৰ এমবিবিএছ ছাত্ৰ, আবিষ্কাৰ ৰাহাংডেল আৰু পৱন শক্তি প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰ আৰু নীতেশ সিং এজন চিকিৎসা বিজ্ঞানৰে শিক্ষাৰ্থী আছিল৷
ঘৰমুৱা হ’ল চৰাইচোঙৰ বিদেশী আলহী
সাত সাগৰ তেৰ নদী পাৰ হৈ সুদৰ আফ্ৰিকা, চাইবেৰিয়া আদিৰ পৰা মাজুলীৰ অভয়পুৰীয়াত অৱস্থিত চৰাইচোঙলৈ অহা আলহী পক্ষীবোৰ এতিয়া লাহে লাহে ঘৰমুৱা হৈছে। ক্ৰমাৎ কমিছে পুৱাই শুনিবলৈ পোৱা কলকলনি বোৰ। নিৰ্জান হৈ পৰিছে চৰাইচোং। নিজ নিজ ঘৰলৈ উভতিছে পক্ষী সমূহ। আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচোঙে আজিও বহন কৰি আহিছে নিজৰ স্বকীয়তা আৰু জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ শ বছৰীয়া ইতিহাস। মাজুলীৰ শ্ৰীৰাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰীয়া ৰাজহ গাঁৱত অৱস্থিত এই পক্ষী উদ্যানখনে সমগ্ৰ মাজুলীৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে। দেশী বিদেশী এই আলহী পক্ষীবোৰ আহে শালি খেতি চপোৱাৰ মাজভাগত। পুৱাই দৃষ্টি নন্দনভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰাখে এই আলহী পক্ষীবোৰে। সন্ধিয়া উৰি যোৱা পৰত প্ৰতিধ্বনিত হয় এক আকৰ্ষণীয় কলকলনি আৰু নৈসৰ্গিক দৃশ্য। ইয়াৰ মাজতে সততে প্ৰশ্ন উত্থাপন হয় চৰাইচোঙৰ নিৰাপত্তা আৰু সংৰক্ষণৰ বিষয়টোৰ ওপৰত। সাধাৰণতে দোষাৰোপ কৰা হয় চৰাইচোঙৰ ওচৰ পাজৰৰ ৰাইজক। কিন্তু এই প্ৰতিবেদকে স্বজমিন ভাৱে কৰা এক অভিযানত এই কথা স্পষ্ট হৈ পৰিছে যে অঞ্চলবাসীৰ ওচৰত সদায় সুৰক্ষিত হৈ আহিছে চৰাইচোং। আনহাতে চৰাইচোঙৰ স্থানীয় ৰাইজৰ মতে কিছু সংখ্যক লোকে চৰাইচোঙৰ সুৰক্ষাৰ দিশটোত কেৱল স্থানীয় ৰাইজকে দোষাৰোপ কৰি আহিছে। যাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি স্থানীয় ৰাইজে কয় যে ৰাইজে ৰাইজৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰে সেইয়া কৰিছে। স্থানীয় অভয়পুৰীয়া গাঁৱৰ যুৱ সমাজেও নিশা চৰাই সমূহৰ সম্ভাৱ্য বিপদ হোৱাৰ আশংকাত চৰাইছোঙৰ ওপৰত চকু ৰাখে। আনহে নালাগে ৰাতি যদি চৰাইচোঙৰ মাজত টৰ্চৰ পোহৰ দেখিলেও যুৱক সকলে একলগ হৈ দৃষ্টি ৰাখে পক্ষীসমূহৰ ওপৰত। প্ৰয়োজন সাপেক্ষে নিজাববীয়াকৈ যুৱকসকলে ৰাতিও পথাৰৰ মাজলৈ গৈ সন্ধান কৰে । কিন্তু ইয়াৰ পাছতো কেৱল স্থানীয় ৰাইজকে দোষাৰোপ কৰা কাৰ্যত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ বিপৰীতে চৰকাৰৰ কৰণীয় খিনিক সোঁৱৰাই দিবলৈ চেষ্টা কৰা নাই সেই সকল লোকে । স্থানীয় ৰাইজৰ মতে চৰাইচোঙৰ সংৰক্ষণৰ প্ৰয়োজন আছে কিন্তু সেই সংৰক্ষণ কেৱল ৰাইজৰ দ্বাৰা কৰাটো সম্ভৱ নহয়, তাৰ বাবে প্ৰয়োজন বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ সু পৰিকল্পিত আঁচনিৰ। চৰাইচোঙলৈ পক্ষী সমূহ আহে শালি খেতি চপোৱাৰ মাজভাগত অথবা শেষৰ সময়ত আৰু ইয়াৰ পৰা উভতি যায় পুনৰ খেতি আৰম্ভ কৰাৰ পূৰ্বেই। গতিকে স্থানীয় ৰাইজৰ খেতি বাতিত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় চৰাইবোৰে। সেয়ে অঞ্চলৰ ৰাইজক বেদখলকাৰী আখ্যা দিয়া কাৰ্যই এতিয়া একাংশ স্থানীয় ৰাইজক অসন্তুষ্ট কৰিছে। তাৰ মাজতে যদিও বিগত বৰ্ষত চৰাইচোঙত ফিচাৰী খন্দাৰ অভিযোগ আহিছে, সেই অভিযোগ পোন চাতেই নাকচ কৰিবও নোৱাৰি। দুই এটা ফিচাৰীৰ বাদে প্ৰায় কেইটা ফিচাৰী চৰাইচোঙৰ পৰা বহু দূৰৈত অৱস্থিত | সেই সমূহ স্থানত সাধাৰণতে চৰাই সমূহ নচৰে |
গড়গাঁও মহাবিদ্যালয়ত ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ উদযাপন
ঐতিহ্য মণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ সহযোগত ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ এটি কাৰ্যসূচী ৰূপে আজি উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিবস'(National girl child day)।প্ৰথমে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ৰিমঝিম বৰা , আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক ড০সুৰজিত শইকীয়া,শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০বিদ্যানন্দ বৰকাকতী, অসমীয়া বিভাগৰ অধ্যাপক প্ৰণব দুৱৰা,অৰ্থনীতি বিভাগৰ অধ্যাপিকা অংকিতা দত্ত আৰু সমূহ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাইডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত ভাৰ্চুৱেল মাধ্যমৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই ৰাষ্ট্ৰীয় কন্যা শিশু দিবসৰ তাৎপৰ্য ব্যাখ্যা কৰি তেখেতৰ সাৰগৰ্ভ বক্তৃতাত কয় যে কন্যা সকলক পূৰ্ণ মানব সত্বা ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ হ’লে এনেধৰণৰ সজাগতা অনুষ্ঠানৰ লগতে বৰ্তমানৰ প্ৰজন্মই কন্যা সন্তানৰ অধিকাৰ, সুৰক্ষা, গুৰুত্ব আৰু দায়িত্ব সম্পৰ্কে সজাগ হোৱাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে। প্ৰতিগৰাকী নাৰীক পুৰুষৰ সমানে আগবঢ়াই নিব পাৰিলেহে এখন সুন্দৰ গণতান্ত্ৰিক সমাজৰ আশা কৰিব পাৰি। ইয়াৰ পাছতে বিভিন্ন দিশত স্বপ্ৰতিভাৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা মহাবিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰী ক্ৰমে জ্ঞানতৃষা ফুকন (২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাজ্যিক বঁটা প্ৰাপ্ত শ্ৰেষ্ঠ স্বেচ্ছাসেৱিকা), ৰুটুজা দেউৰী (ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতাত বঁটা প্ৰাপ্ত) গৌৰাংগী ভট্টাচাৰ্য (ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত বঁটা প্ৰাপ্ত),প্ৰস্তুতি ফুকন (ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলুৱৈ) ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ৰিমঝিম বৰাই আঁত ধৰা অনুষ্ঠানটিত উল্লেখ কৰে যে অতি প্ৰাচীন কালৰে পৰা নাৰীয়ে নিজৰ যোগ্যতাসমূহ প্ৰদৰ্শন কৰি আহিছে আৰু এই গুৰুত্ব উপলব্ধি কৰিয়েই বৰ্তমান সময়তো নাৰীৰ স্বাধীনতা,সমতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তি সচেতন হোৱাটো উচিত। অনুষ্ঠানটিত ভিন্ন দিশত উজ্জ্বলি উঠা ছাত্ৰী কেইগৰাকীয়ে নিজা অভিজ্ঞতা সমূহ বৰ্ণনা কৰে। প্ৰায় ডেৰশৰো অধিক মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা উপস্থিত থকা অনুষ্ঠানটি সাফলতাৰে উদযাপন কৰা বাবে ড০ৰিমঝিম বৰাই সকলোকে শলাগৰ শৰাইৰ আগবঢ়াই।
ওৰাঙত গভাইত ছাগলী চোৰ গ্ৰেপ্তাৰ
ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁওত ২৩জানুৱাৰীত পুৱতি নিশা এজন গভাইত ছাগলীচোৰ ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৷ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ওৰাঙৰ চমুৱাগাও নিবাসী চিন্তাৰাম মাহাতোৰ ঘৰত ২৩ জানুৱাৰীৰ নিশা ঘৰৰ পৰাই চোৰে ছাগলীচোৰ কৰি নিয়ে ৷ পুৱতি নিশা ২ টামান বজাত ছাগলী বিচাৰি বিচাৰি ওচৰৰে সুনীল বাগলাৰীৰ ঘৰৰ কাষেৰে পাৰ হৈ যাঁওতে ছাগলীৰ মাত শুনা পায় ৷এনেতে গৃহস্হক মাত দিওঁতে গভাইত চোৰ বাগলাৰীৰ মাকে দৰজা খুলি দিয়াত ছাগলীটো ঘৰৰ ভিতৰৰ পৰা ওলাই আহে ৷এনেতে ৰাইজে গভাইত চোৰ সুনীল বাগলাৰীক হাতে লোটে ধৰি ওৰাং আৰক্ষী থানাত চমজাই দিয়ে ৷ৰাইজে জানিব দিয়া মতে এই চোৰজনে এই অঞ্চলটোত লোকৰ ঘৰত চুৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ওৰাং আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি গভাইত চোৰ জনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
ছাত্ৰ নেতা হ’লে পুলিচকো মাৰিব নেকি,ড্ৰাগছ বেপাৰ কৰিব নেকি :জয়ন্ত মল্ল বৰুৱা
নগাঁওৰ কীৰ্তিকমলৰ ঘটনা সন্দৰ্ভত ৰবিবাৰে সংবাদ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই । ৰবিবাৰে নলবাৰী জিলাৰ বাহঁজানীৰ গোপালথান পলিটেকনিক ইনষ্টিটিউটত এটি গৃহৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি নগাঁওৰ কীৰ্তিকমল ঘটনা সন্দৰ্ভত বিধায়ক জয়ন্ত মল্ল বৰুৱাই প্ৰথমতে প্ৰশ্ন উত্থাপন কৰি ব্যক্ত কৰে যে, ছাত্ৰ নেতা হ’লে পুলিচকো মাৰিব নেকি,তেওঁ ড্ৰাগছৰো বেপাৰ কৰিব নেকি,,ছাত্ৰ নেতা হল বুলি তেওলোকক সেইবিলাক লাইচেন্স দিয়া হোৱা নাই বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে ছাত্ৰ নেতাজনৰ পক্ষত তৎক্ষণাত সাংবাদিক সকল অথবা সাধাৰণ লোক,সংগঠন আগবাঢ়ি নালাগে প্ৰকৃত সত্য কি তাক চাব লাগে বুলি কোৱাৰ উপৰিও পুলিচে যদি ভুল কৰি গুলীচালনা কৰিছে তেন্তে তেতিয়া হলে পুলিচৰ ওচৰত তদন্ত হব কিন্তু ছাত্ৰ নেতা হলে সকলো মাফ এই ধাৰণা বাদ দিয়ক বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই । আনহাতে নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা ওপৰত এসময়ত অসমৰ জনসাধাৰণে বহুত আস্থা দেখুৱাইছে,ভাল পুলিচ বিষয়া হিচাপে নাম আছে ও সদৰী কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।
দুই মহাৰথীৰ সংঘাতক লৈ কি কয় দাদাই?
অব্যাহত আছে ভাৰতীয় ক্ৰিকেটৰ দুই মহাৰথীৰ সংঘাত। বিৰাট কোহলীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ পক্ষপাতী আছিল বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। ভাৰতীয় ব’ৰ্ডৰ সভাপতিৰ এই সিদ্ধান্তক হেনো বাধা দিছিল ভাৰতীয় ব’ৰ্ডৰ কৰ্মকৰ্তাই। বিৰাট-সৌৰভৰ বিতৰ্কই প্ৰায় এমাহ অতিক্ৰম কৰাৰ পাছতো মাৰ যোৱা নাই উত্তেজনাৰ। বৰঞ্চ দিনক দিনে নানা চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাহে পৰিলক্ষিত হৈছে।

মনকৰিবলীয়া যে, দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিক সন্মিলনত কোহলীৰ বিবৃতিয়ে আঘাত কৰিছিল সৌৰভক। টি-২০ ফ’ৰ্মেটৰ নেতৃত্ব এৰাৰ কথাৰ কোনেও বিৰোধিতা নকৰা বুলি কৈছিল কোহলীয়ে। কোহলীৰ এই বিবৃতিয়ে সৌৰভক মিথ্যাবাদী বুলি প্ৰমাণিত কৰিছিল। কোহলীৰ কাণ্ডত খৰ্গহস্ত সৌৰভে হেনো বিৰাটলৈ চিঠিও লিখিছিল, কিন্তু ব’ৰ্ডৰ কৰ্মকৰ্তাৰ হস্তক্ষেপৰ বাবেহে চিঠিখন প্ৰেৰণ কৰা নহ’ল। এনে কেতবোৰ কথা বতৰাই বিগত কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ মৌনতা ভংগ কৰিছে সৌৰভ গাংগুলীয়ে। সৌৰভ গাংগুলীৰ স্পষ্টমত, ‘বিৰাট কোহলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ কোনো পৰিকল্পনা নাছিল। কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা কথাতো সমূলি মিছা।

উল্লেখ্য যে, বিগত কেইদিনমানধৰি বিভিন্ন সংবাদ মাধ্যমত দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে এখন সংবাদমেলত সৌৰভৰ বক্তব্যৰ বিৰোধিতা কৰা বাবে সৌৰভে কোহলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ পাই আহিছে। কিন্তু এইবাৰ বিচিচিআইৰ সভাপতিগৰাকীয়ে নিজেই এই কথা অস্বীকাৰ কৰিছে। স্বাভাৱিকতে সৌৰভৰ মন্তব্যৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল অনুৰাগীয়ে। দুই মহাৰথীৰ মাজত অনুৰাগীয়ে মনোমালিন্য হোৱাতো বিচৰা নাই কোনেও। ভাৰতীয় ক্ৰিকেটলৈ ভালদিন উভতি অহাৰে পোষকতা ক্ৰীড়ানুৰাগীৰ।
বোকাখাত শঙ্কৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ আৰম্ভনি অনুষ্ঠান সম্পন্ন
বোকাখাতৰ অসমীয়া মাধ্যমৰ অন্যতম আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ আৰম্ভনী অনুষ্ঠান যোৱা ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কায্যসুচীৰে অনুষ্ঠিত কৰা হয়। ১৯৯৮ চনৰ ২১ জানুৱাৰীত জন্ম গ্ৰহন কৰা নিকেতন খনৰ ৰূপালী জয়ন্তীত ভৰি দিয়াত ২১ জানুৱাৰী পুৱা বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰাক্তন প্ৰধান আচায্য প্ৰতাপ ফুকনে। ইয়াৰ পিছত নিকেতনৰ আচায্য,আচায্যা সকলৰ দ্বাৰা বন্দনা পৰিবেশন কৰা হয়। ৰূপালী জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি ফনীধৰ হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগে লগে নিকেতন খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, সম্পাদক,সকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে ২৪ খন পতাকা উত্তোলন কৰে। নিকেতন প্ৰতিষ্ঠা কালৰ পৰা নিকেতনৰ সৈতে জড়িত প্ৰয়াত সকলৰ পূণ্যাত্মাৰ স্মৃতিত স্মৃতি তৰ্পন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শৈলেন তামুলীয়ে।
ইয়াৰ পিছত নিকেতনৰ সৈতে জড়িত প্ৰয়াত আৰু শয্যাশায়ী সকলৰ পৰিয়ালৰ সদস্য সকলক সম্বৰ্ন্ধনা জনোৱা হয়। দিনৰ দুই বজাত নিকেতন প্ৰতিষ্ঠা কালৰ পৰা বৰ্ত্তমান লৈকে পৰিচালনা সমিতিৰ পদাধিকাৰ আৰু আচায্য,আচায্যা, কৰ্মচাৰী সকলৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয়। ভবানন্দ কলিতাই আঁত ধৰা অনুষ্ঠানত উপস্থিত সকলে নিজৰ মত ব্যক্ত কৰে। ২২ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সৌজ্যনত বৰ্নাঢ়্য কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হয়। পুৱা স্মৃতি তৰ্পন কৰে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সভাপতি চক্ৰপাণি কলিতাই। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন কৰাৰ পিছত গুৰু প্ৰনামৰ প্ৰাক মূহুৰ্তত ছাত্ৰ ছাত্ৰী সকলৰ লগতে আচায্য, আচায্যা, শুভাকাঙ্খী সকলে এখন পুষ্পসজ্জিত বাহনেৰে গায়ন বায়ন সহ প্ৰাক্তন প্ৰধান আচায্যক ঘৰৰ পৰা আদৰি আনে।

ঐশ্বয্য শৰ্ম্মা আৰু অভিলাষ শৰ্ম্মাই আঁত ধৰা গুৰু প্ৰনাম কায্যসূচীত আচাৰ্য,আচায্যা কৰ্মচাৰী সকলক একোখনকৈ ফুলাম গামোছা,সম্বৰ্ন্ধনা পত্ৰ, উপহাৰ আগবঢ়ায়।গুৰু প্ৰনামৰ পিছত ন পুৰণি ছাত্ৰ, ছাত্ৰী, আচাৰ্য আচায্যা, কৰ্মচাৰী সকলৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত কৰে। বিয়লি প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী আকাশ ফুকনে। ইয়াৰ পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ উদ্যোগত নৃত্য গীত পৰিবেশনৰ জড়িয়তে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰি ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভনি অনুষ্ঠান সামৰণি পৰে। উদযাপন সমিতিয়ে এই অনুষ্ঠানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।
ধুবুৰীত পুনৰ আৰক্ষীৰ অভিযান, ড্ৰাগছ ব্যৱসায়ী লৈ আৰক্ষীৰ গুলি
ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে শণিবাৰে নিশা আৰক্ষীৰ চলিল ব্যাপক অভিযান। শনিবাৰে নিশা দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীলৈ পুনৰ আৰক্ষীৰ গুলী। গুলীত আহত হয় এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ গুলীত আহত হৈছে বেল্লাল শেখ। আৰক্ষীয়ে এই সংক্ৰান্তত ধুবুৰী সদৰ থানাত, মুঠ চাৰিটা গোচৰ ক্ৰমে, গোচৰ নং 1. Dhubri PS case No.366/21 U/S 22(c) NDPS act. 2. Dhubri PS case No.1102/21U/S 306 IPC3. Dhubri PS case No.562/21U/S 273/448/325 IPC.4. Dhubri PS case 1156/20 U/S 22(c) NDPS Act. আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ গুলীত আহত বেল্লাল শেখ বৰ্তমান ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ উপ – পৰিদৰ্শক দেৱান ৰহিজুদ্দিনৰ নেতৃত্বত এটি সজাতী দলে, ড্ৰাগছ সৰবৰাহকাৰী বেল্লাল শেখৰ ঘৰত তলাচি চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে, বেল্লাল শেখক ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ গৌৰীপুৰ লৈ গৈছিল যদিও পলাবলৈ চেষ্টা কৰিছিল বেল্লাল শেখ। আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ পাছতো পুনৰ পলাবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে, উপায়হীন হৈ ব্যক্তি গৰাকীৰ ভৰিলৈ লক্ষ্য কৰি এক ৰাউণ্ড গুলি চলাব লগা হয়।আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীৰ গুলীত আহত হোৱা ধুবুৰীৰ চহৰৰ ১৪ নং ওৱাৰ্ডৰ বাসিন্দা মৃত আফছাৰ শেখৰ পুত্ৰ বেল্লাল শেখ।
উন্মোচিত হ’ল নিৰপেক্ষ গহপুৰৰ বাৰ্ষিক কেলেণ্ডাৰ
গহপুৰৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম নিৰপেক্ষ গহপুৰৰ বাৰ্ষিক কেলেণ্ডাৰখনি যোৱা ২২ জানুৱাৰী তাৰিখে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ডিজিটেল চেমিনাৰ হলত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। উন্মোচনী ভাষণ প্ৰসংগত বিধায়ক বৰাই উল্লেখ কৰে যে ২০১৭ চনতে প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটোৰ লগত তেওঁ নিবিড়ভাৱে জড়িত হৈ আহিছে। নিৰপেক্ষ গহপুৰৰ গহপুৰৰ সামাজিক-বৌদ্ধিক ক্ষেত্ৰ খনলৈ থকা দায়িত্ববোধ আৰু কৰ্তব্যবোধৰো তেওঁ শলাগ লয়। তদুপৰি তেওঁ এই বৰ্ষৰ নিৰপেক্ষ গহপুৰৰ দ্বাৰা প্ৰকাশিত কেলেণ্ডাৰ খনিৰ বিষয়বস্তু সম্পৰ্কটো বিশেষ মন্তব্য প্ৰদান কৰে।

এই বৰ্ষৰ কেলেণ্ডাৰ খনিৰ মূল বিষয়বস্তু আছিল গহপুৰ মহকুমাৰ এখন ভৌগোলিক মানচিত্ৰ আৰু ৪২ৰ গণ আন্দোলনৰ সময়ৰ ঐতিহ্যমণ্ডিত গহপুৰ আৰক্ষী থানা। এই বিষয়বস্তু গহপুৰৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই উঠি অহা প্ৰজন্মক দেশপ্ৰেম আৰু ইতিহাস সম্পৰ্কে শিকাব বুলিও বিধায়ক বৰাই উল্লেখ কৰে। এই সভাতে পোনপ্ৰথমবাৰৰ বাবে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা দেৱে গহপুৰ সমষ্টিৰ সাংবাদিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণৰ বাবে এটা সংবাদসেৱী সকলৰ বাবে স্থায়ী ভৱন নিৰ্মাণ আৰু তাৰ বাবে বিভাগীয় ভূমি আবণ্টনৰ কাম কাজ সমূহ কৰা হব বুলি এক বৃহৎ ঘোষণা কৰে। তদুপৰি তেওঁ,সাংবাদিক আৰু সুস্থ গণতন্ত্ৰৰ সম্পৰ্কত নিজৰ মন্তব্য দিয়ে। বিধায়ক গৰাকীৰ এই ঘোষণাই গহপুৰৰ সাংবাদিক সকলৰ মাজত আনন্দৰ লহৰ তুলিছে।

উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গহপুৰ মহকুমাৰ মহকুমাধিপতি দিপন বৰ্মন(ACS) । মহকুমাধিপতিয়ে তেওঁ ভাষণ প্ৰসংগত নিৰপেক্ষ গহপুৰলৈ শুভেচ্ছা জনোৱা লগতে সমাজৰ হৈ বিভিন্ন গঠনমূলক কাম কাজ কৰি যাবলৈ উৎসাহিত কৰে। ছয়দুৱাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনৰে শুভৰাম্ভণি কৰা হয়, বন্তি প্ৰজ্বলন কৰে গহপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়াই। সভাত ভাষণ ৰাখি গহপুৰ জিলা সাংবাদিক সন্থাৰ সহকাৰী সভাপতি তথা নিউজ লাইভৰ গহপুৰৰ স্থানীয় সংবাদদাতা নৱজিৎ শইকীয়াই নিৰপেক্ষ গহপুৰৰ জন্ম কাহিনীৰ স্মৃতি আওঁৰাই নষ্টালজিক হৈ পৰে। নিৰপেক্ষ গহপুৰৰ পৰিচালন সঞ্চালক হেমন্ত বৰুৱাই আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰপেক্ষ গহপুৰৰ সঞ্চালক বিপ্লৱ নেওগে।

উক্ত উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞা, নিৰপেক্ষ গহপুৰৰ উপদেষ্টা যাদৱ চলিহা, সিদ্ধেশ্বৰ হাজৰিকা লগতে গহপুৰৰ সাংবাদিক সকল ক্ৰমে বিশ্ব জ্যোতি সেনাপতি, অৰূপ মহন্ত,অমৰ বৰা, পলাশ ফুকন, সমিৰণ বৰা উপস্থিত আৰু বিভিন্ন জাতীয় দল সংগঠনৰ বিষয় ববীয়া সকল। উক্ত সভাখনৰ শলাগৰ শৰাই আগবঢ়ায় নিৰপেক্ষ গহপুৰৰ প্ৰতিস্থাপক মূখ্য প্ৰশাসক পৰাশ শইকীয়াই। সভাত নিৰপেক্ষ গহপুৰৰ পলাশ জ্যোতি চলিহাকে আদি কৰি নিপনজ্যোতি বৰা, ৰবীন নেওগ, পবন নেওগ কে আদি কৰি কেইবাগৰাকীও নিৰপেক্ষ গহপুৰৰ বিষয় ববীয়া উপস্থিত থাকে ।











