Home Blog Page 2635

লামডিঙত নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত সার্বজনিন নেতাজী জন্মজয়ন্তী কমিটিৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়।পুৱাৰ ভাগত নেতাজী পেৰেড গ্রুপ’ ভাৰত স্কাউট গ্রুপ,হিন্দুস্থান পেৰেড গ্রুপ, লগতে বিভিন্ন স্কুলৰ ছাত্ৰ – ছাত্ৰী আৰু বিভিন্ন স্কুলৰ শিক্ষক সমাজৰ বিশিষ্ট  ব্যক্তিয়ে নেতাজী মূর্তীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। লামডিঙৰ মাজ মজিয়াত থকা সূভাষ ময়দানৰ সম্মুখত থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, ভাৰত সেৱাশ্ৰমৰ সঙ্ঘৰ উত্তৰ পূর্বাঞ্চলৰ দায়িত্বত থকা সন্যাসি  সাধনানন্দজী মহাৰাজ,আজাদ হিন্দ পাব্লিক লাইব্রেৰীৰ সভাপতি সুভাষ সিংহৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট ব্যক্তি সকলে।

ভাৰত সেৱাশ্ৰমৰ মূখ্য সাধনানন্দ মহাৰাজ পতকা উত্তোলন কৰে লগতে সংগীত পৰিবেশন কৰি নেতাজীৰ জন্ম জয়ন্তী পালন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, ভাৰত সেৱাশ্ৰমৰ  সাধনানন্দজী মহাৰাজ, লামডিঙ বিজেপিৰ টাউন মণ্ডল সভাপতি দেৱাশিস সেনগুপ্ত, সুভাষ  সিং,লামডিঙ সাংবাদিক সন্থাৰ সভাপতি অনিমেষ মজুমদাৰ, মিৰা মিশ্ৰ, প্ৰাক্তন পৌৰসভাৰ সভানেত্ৰী সস্তিকা ৰাউত ‘ৰ  লগতে শিক্ষক- শিক্ষয়িত্ৰীৰ আৰু সমাজৰ গণ্য মান্য ব্যক্তিসকল।

ৰেলত ডাঙৰকৈ কথা ক’লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা

এতিয়াৰে পৰা ৰেলত ডাঙৰকৈ কথা ক’লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ ৰেল যাত্ৰা অধিক আৰামদায়ক কৰি তুলিবলৈ ৰে’লৰ দবাৰ ভিতৰত উচ্চ স্বৰত সংগীত বজোৱা আৰু ফোনত ডাঙৰকৈ কথা পতা নিষিদ্ধ কৰিছে।
দৰাচলতে ডাঙৰকৈ সংগীত বজালে বা ফোনত ডাঙৰকৈ কথা ক’লে আন বহু যাত্ৰীৰ শান্তি ভংগ হ’ব পাৰে। সেইবাবেই ৰে’ল বিভাগে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল যাত্ৰীয়ে ডাঙৰকৈ কথা পাতি থকা বা উচ্চ স্বৰত সংগীত বজাই ধৰা পৰিব তেওঁক কঠোৰভাৱে জৰিমনা বিহা হ’ব বুলি ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি কোনো যাত্ৰীৰ এনে আচৰণৰ বাবে যদি আন কোনো যাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হয় তেন্তে ৰেলকৰ্মচাৰীসকলক এই কাৰ্যৰ বাবে দায়বদ্ধ কৰা হ’ব। ৰে’ল মন্ত্ৰালয়ে এই সন্দৰ্ভত বহু অভিযোগ পোৱাৰ বাবেই এনে কঠোৰ নিয়মৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছে। আৰপিএফ, টিকট পৰীক্ষক, কোচ এটেণ্ডেণ্ট আৰু কেটাৰিঙকে ধৰি ৰে’ল কৰ্মচাৰীসকলে যাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিব । পশ্চিম ৰে’লৱেৰ এজন বিষয়াই এনে সিদ্ধান্তৰ কথা নিশ্চিত কৰিছে।

নতুন নিয়মত এইটোও কোৱা হৈছে যে দলবদ্ধভাৱে ভ্ৰমণ কৰা যাত্ৰীসকলক নিশা লৈকে কথা পাতিবলৈ অনুমতি দিয়া নহ’ব আৰু দবাৰ লাইট নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব । যিসকল যাত্ৰীয়ে এনে নিয়মসমূহ পালন নকৰে তেওঁলোকক ৰে’ল আইন অনুসৰি জৰিমনা বিহা হ’ব।

ক’ভিডৰ তৃতীয় ঢৌত মৃত্যু ঘটা ৬০ শতাংশ লোকেই আংশিক বা সম্পূৰ্ণৰূপে টিকাকৰণ নকৰা লোক

অতিমাৰী ক’ভিডে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। দেশত এতিয়ালৈকে বহু লোকৰ প্ৰাণ কাঢ়ি নিছে ক’ভিডে। এনে সময়তে আন এক তথ্যই বহুতকে চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে। সেয়া হৈছে একেবাৰে ভেকচিন গ্ৰহণ নকৰা অথবা আংশিক ভাবেহে ভেকচিন গ্ৰহণ কৰা। ক’ভিডত আক্ৰান্ত হৈ সৰ্বাধিক হাৰত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। এখন ব্যক্তিগত চিকিৎসালয়ে চলোৱা এক অধ্যয়নত কোৱা হৈছে যে কোভিড মহামাৰীৰ তৃতীয় ঢৌৰ সময়ত মৃত্যু হোৱা ৰোগীসকলৰ ৬০ শতাংশই হয় আংশিক বা সম্পূৰ্ণৰূপে টিকাকৰণ নকৰা লোক। মেক্স হেল্থকেয়াৰৰ অধ্যয়নত কোৱা হৈছে যে কোভিডত মৃত্যু ঘটা লোকসকলৰ ভিতৰত ৭০ বছৰতকৈ অধিক বয়সৰ লোক,যিসকলে বৃক্কৰ ৰোগ, হৃদৰোগ, মধুমেহ, কৰ্কট ৰোগ আদিৰ দৰে একাধিক ৰোগত ভুগি আছিল তেওঁলোকৰ মাজৰে বেছি সংখ্যক লোকে মৃত্যুক সাৱটি লৈছে।

চিকিৎসালয় খনৰ অধ্যয়নত প্ৰকাশ পোৱা মতে মেক্স হেল্থকেয়াৰত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ৮২ গৰাকী লোকৰ ভিতৰৰে মৃত্যু ঘটা ৬০ শতাংশ লোকেই হয় আংশিকভাবে অথবা একেবাৰে টিকাকৰণ নকৰা লোক। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনেও এই কথা কৈ আহিছে যে যিসকল ৰোগী ইমিউনোকম্প্ৰমিছড আৰু আন জটিল ৰোগত আক্ৰান্ত তেওঁলোকৰ মাজতে মৃত্যুৰ ঘটনা অধিক হোৱা দেখা গৈছে। কোভিডৰ তৃতীয় ঢৌৰ সময়ত মাত্ৰ ২৩.৪ শতাংশ ৰোগীক অক্সিজেনৰ প্ৰয়োজন হৈছিল, দ্বিতীয় ঢৌৰ সময়ত ৭৪ শতাংশ আৰু প্ৰথম ঢৌৰ সময়ত ৬৩ শতাংশ ৰোগীক অক্সিজেন দিবলগীয়া হৈছিল। অৰ্থাৎ ক’ভিডৰ তৃতীয় ঢৌৱে অধিকাংশ ৰোগীকে প্ৰথম অথবা দ্বিতীয় ঢৌৰ দৰে ধৰাশায়ী কৰিব পৰা নাই। ভাৰতত সেইবাবেই ক’ভিডৰ ভেকচিন গ্ৰহণৰ বাবে চৰকাৰে বিভিন্ন মাধ্যমৰ জৰিয়তে দেশবাসীক আহ্বান জনাইছে। দেশত এতিয়াও বহুলোকে ভেকচিন গ্ৰহণ কৰিবলৈ বাকী থকাত কোভিডৰ অধিক সংক্ৰমণৰ আশংকা কৰা হৈছে।

বাজেট ২০২২ঃ মহিলাৰ সুস্থতাৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰাটো বিচাৰে উদ্যোগীসকলে

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ২০২২-২০২৩। এই বাজেটে কাৰ বাবে কেনে বতৰা কঢ়িয়াই আনিব তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈ গৈছে। ইয়াৰ মাজতে দেশৰ একাংশ আগশাৰীৰ উদ্যোগীয়ে এইবাৰৰ বাজেটত মহিলাসকলৰ সুস্থতাৰ বিষয়টোৱে অধিক গুৰুত্ব পোৱা উচিৎ বুলি মন্তব্য কৰিছে। মহিলা উদ্যোগী আনিকা পৰাশৰে কৈছে যে বাজেটে মহিলাৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগে – বিশেষকৈ ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ ওপৰত। বাজেটত মহিলাসকলৰ বাবে অধিক চাকৰি আৰু শিক্ষাৰ সুযোগ প্ৰদান কৰিব লাগে বুলিও পৰাশৰে কয়। দ্য ৱমেন কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আনিকা পৰাশৰে কয়, “কেন্দ্ৰীয় বাজেটে মহিলাৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগে – বিশেষকৈ ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা।

আমাৰ ইতিমধ্যে চেনিটাৰী পেডৰ ওপৰত কৰ ৰেহাই আছে, অৱশ্যে, ইয়াৰ উৎপাদন আৰু উৎপাদনৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব লাগে।” তেওঁ লগতে কয় যে কেঁচা সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস কৰিলে অধিক ভাৰতীয় নিৰ্মাতাক দেশত জৈৱ-পচনশীল পেড নিৰ্মাণ আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব। প্লাষ্টিক সামগ্ৰীৰ দ্বাৰা উৎপাদিত আৱৰ্জনা হ্ৰাস কৰিবলৈ জৈৱ-পচনশীল ঋতুস্ৰাৱ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাট বাজেটে মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। চানফেৰ সহঃ প্ৰতিষ্ঠাপক হেৰী চেহৰাৱতে কয় যে কেন্দ্ৰীয় বাজেটে মহিলাসকলক ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা আৰু এই বিষয়বোৰৰ বিষয়ে অধিক মুক্ত হোৱাৰ বিষয়ত গুৰুত্ব দিব লাগে ।

চৰকাৰে জৈৱ-পচনশীল সামগ্ৰী ব্যৱহাৰৰ প্ৰতি মহিলাসকলক উৎসাহিত কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে। চেনিটাৰী পেডৰ ওপৰত কৰ ৰেহাইৰ উপৰি আমদানি শুল্কৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধিব পাৰিলে দেশৰ মহিলাসকল উপকৃত হ’ব বুলিও তেওঁ কয়।

সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনঃ অমিত শ্বাহ

চলিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে এনেদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে জম্মু-কাশ্মীৰ এক সপোন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে বহুমুখী প্ৰচেষ্টা হাতত লোৱা হৈছে।

শ্বাহে কয়—” গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এয়া সম্পূৰ্ণ হোৱাৰ পিছত চৰকাৰে কাশ্মীৰত (বিধানসভা) নিৰ্বাচন অনুষ্ঠিত কৰিব।” জম্মু-কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত, জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে।


জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও শ্বাহে অনুৰোধ জনায়। উল্লেখ্য কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে ৰাজ্য খনে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছিল। কাশ্মীৰৰ বিভিন্ন দল -সংগঠনে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। চৰকাৰে দল-সংগঠন সমূহৰ প্ৰতিবাদৰ মাজতে কাশ্মীৰক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব বুলি কৈ আহিছে।

দেশৰ বিভিন্ন জিলা দণ্ডাধীশসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ


কোভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শণিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ জিলা দণ্ডাধীশসকলৰ সৈতে চৰকাৰী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত বাৰ্তালাপ কৰে। জিলা দণ্ডাধীশসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মোদীয়ে সু-শাসনৰ বাবে সকলোৰে সহযোগিতা কাম্য বুলি মন্তব্য কৰে। মোদীয়ে কয়—”সুশাসনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই চৰকাৰক আঁচনিবোৰ ভালদৰে ৰূপায়ণ কৰাত সহায় কৰে। সেয়ে জিলা প্ৰশাসনৰ বিষয়াসকলে ক্ষেত্ৰ ভ্ৰমণ আৰু পৰিদৰ্শনৰ বাবে বিতং নিৰ্দেশনা প্ৰস্তুত কৰা উচিত,”।

শণিবাৰে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে। বৈঠকত কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ দলবদ্ধ কামে দেশৰ বহু উন্নয়নৰ প্ৰতি আগ্ৰহী জিলাত ভাল ফলাফল প্ৰদান কৰিছে বুলি মোদীয়ে উল্লেখ কৰে। এনে জিলাসমূহৰ বিষয়াসকলে এতিয়া যথেষ্ট সন্তুষ্টি অনুভৱ কৰিছে । প্ৰতিখন জিলাই আনৰ সফলতাৰ পৰা শিকিব লাগিব আৰু তেওঁলোকৰ প্ৰত্যাহ্বানবোৰ মূল্যায়ন কৰিব লাগিব বুলি মোদীয়ে উল্লেখ কৰে। প্ৰশাসন আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ, আৱেগিক সংযোগৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি মোদীয়ে কয় ‘ওপৰৰ পৰা তললৈ’ আৰু ‘তলৰ পৰা শীৰ্ষলৈ’ শাসন ব্যৱস্থাটোক গতিশীল কৰি তোলাটো এতিয়া সকলোৰে দায়িত্ব।


উল্লেখ্য চৰকাৰে ২২ খন ৰাজ্যৰ ১৪২ খন জিলা কেইবাটাও বিষয়ত পিছ পৰি থকাৰ কথা চিনাক্ত কৰিছে।

গণৰাজ্য দিৱসৰ পেৰেডত উজলিব ১২ ৰাজ্যৰ ২১ প্ৰতীকপট

নতুন দিল্লীৰ ৰাজপথত চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ১২ খন ৰাজ্যৰ মুঠ ২১ খন প্ৰতীকপট থাকিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নটা মন্ত্ৰালয়ে প্ৰদৰ্শন কৰিব এই প্ৰতীকপটসমূহ। প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া নাম্পিবৌ মাৰিনমাই পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতীক পটৰ বিষয়ে অৱগত কৰে।


গুজৰাট,মহাৰাষ্ট্ৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, গোৱা, মেঘালয়, জম্মু-কাশ্মীৰ ৰাজ্যৰ প্ৰতীকপটে এইবেলি গণৰাজ্য দিৱসৰ পেৰেডত স্থান লাভ কৰিছে। মেঘালয়ৰ প্ৰতীকপটত মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন আদিৰ দৃশ্য প্ৰদৰ্শন কৰা হ’ব। সমবায় সমিতি আৰু আত্ম সহায়ক গোটসমূহো জিলিকি উঠিব প্ৰতীকপটত। গুজৰাটৰ প্ৰতীকপটত গুজৰাটৰ জনজাতীয় বিপ্লৱীসকলক প্ৰদৰ্শন কৰা হ’ব, গোৱাৰ প্ৰতীকপটত বিভিন্ন ঐতিহাসিক আৰু প্ৰাকৃতিক আকৰ্ষণ প্ৰদৰ্শন কৰা হ’ব বুলি প্ৰতিৰক্ষামন্ত্ৰণালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

নিজৰ বিয়া বাতিল কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে

অ’মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে বাতিল কৰিলে নিজৰ বিয়া। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ৪১ বছৰীয়া জেচিণ্ডা আৰ্ডেনে দেওবাৰে অৰ্থাৎ ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। কোভিড প্ৰটকল অধিক কঠোৰ কৰি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে কয় ”মই এই মুহূৰ্তত বিবাহপাশত আৱদ্ধ নহওঁ।” নিউজিলেণ্ডত সম্পূৰ্ণৰূপে টিকাকৰণ কৰা মাত্ৰ ১০০ জন লোকক এতিয়া যিকোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ’ব। ভিৰৰ সংখ্যা সীমিত কৰাৰ উপৰিও এতিয়া ৰাজহুৱা পৰিবহন আৰু দোকানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। নতুন নিষেধাজ্ঞাসমূহ কমেও অহা মাহৰ শেষলৈকে থাকিব।

এনে ধৰণৰ প্ৰতিবন্ধকতা আৰোপ কৰি তেওঁ কেনে অনুভৱ কৰিছিল বুলি সোধাত আৰ্ডেনে কৈছিল, “এয়াই জীৱন। মই নিউজিলেণ্ডৰ হাজাৰ হাজাৰ লোকৰ পৰা পৃথক নহয় যিসকলে মহামাৰীৰ ফলত যথেষ্ট বিধ্বংসী প্ৰভাৱৰ সন্মুখীন হৈছে।” মহামাৰী আৰম্ভ হোৱাৰ পৰা নিউজিলেণ্ডত ১৫,১০৪ টা কোভিড ঘটনা আৰু ৫২ টা মৃত্যুৰ ঘটনা নথিভুক্ত কৰা হৈছে।

উল্লেখ্য যে জেচিণ্ডা আৰ্ডেনে আনুষ্ঠানিকভাৱে বিয়াত নবহাকৈ ২০১৩ চনৰ পৰা ক্নাৰ্ক গেইফৰ্ড নামৰ এজন পুৰুষৰ সৈতে সহবাস কৰি আছে। ২০১৮ চনত তেওঁ এটি সন্তানৰ মাতৃত্বও অৰ্জন কৰিছে। অৱশেষত তেওঁ ক্নাৰ্ক গেইফৰ্ডৰ সৈতে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হবলৈ আগবাঢ়িছিল যদিও অমিক্ৰণ তথা কৰনা ভাইৰাছে দিলে বিধি-পথালি। পৰিস্থিতি উন্নত নোহোৱালৈকে এই বিয়া স্থগিত থাকিব বুলি ঘোষণা কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে।

গণতন্ত্ৰ দিৱস উদযাপনৰ হেতু ৰাজ্যত নতুন এছঅ’পি

অসম চৰকাৰে শেহতীয়াকৈ ২৬ জানুৱাৰীত ৰাজ্যখনত ৭৩সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে নতুন এছ অ’ পি জাৰি কৰিছে।ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি অনুসৰি, গণৰাজ্য দিৱসৰ বাবে আয়োজিত যিকোনো অনুষ্ঠানত নিম্নতমসংখ্যক লোক উপস্থিত থাকি সমগ্ৰ ৰাজ্যতে গণৰাজ্য দিৱস পালন কৰা হ’ব।

এছ অ’ পিৰ জৰিয়তে চৰকাৰে জনাইছিল যে এই বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে কোনো বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা নহ’ব। আনহাতে, ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ ক্ষেত্ৰত কেৱল মুঠ ১০০০জন ব্যক্তিকহে কাৰ্যসূচীত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ’ব। গণতন্ত্ৰ দিৱসৰ পূৰ্ব উদযাপনৰ সন্দৰ্ভত, এছ অ’ পিত চৰকাৰে উল্লেখ কৰিছিল যে কোনো অনুষ্ঠান বা সমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি দিয়া নহ’ব।

জাৰি কৰা নতুন এছ অ’ পি অনুসৰি, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক গণৰাজ্য দিৱসত অনুষ্ঠিত হ’বলগীয়া যিকোনো মাৰ্চ-পাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰাত সীমাবদ্ধ কৰা হৈছে । আনহাতে অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী আৰু আৰক্ষী বিষয়াসকলক পেৰেডত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ’ব।

এইটোও উল্লেখ কৰা হৈছে যে যিসকলে ৭৩তম গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে তেওঁলোকৰ বাবে দুবাৰ টিকাকৰণ বাধ্যতামূলক অন্যথা তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ’ব। অসম চৰকাৰে ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এছ অ’ পি কঠোৰভাৱে জাৰি কৰিছে।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,তামুলপুৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, তামুলপুৰ খণ্ডৰ  বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা খন শণিবাৰে ৰামেচুবুৰী হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত  হৈ যায় ৷ শণিবাৰে পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ গছপুলি ৰোপণ কৰে সহকাৰী শিক্ষক প্ৰদীপ কুমাৰ বড়োয়ে ৷ দহ বজাত তামুলপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ ওপৰত  আকস্মিক বক্তৃতা , চিত্ৰাংকণ  আৰু বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতা খনৰ বিচাৰকৰ দায়িত্ব পালন কৰে  সহকাৰী বিজ্ঞান শিক্ষক ক্ৰমে  নবীন চন্দ্ৰ ৰাভা, ৰূপজ্যোতি দাস ,জিন্টু উজীৰ , গুণজিৎ শৰণীয়া আৰু ৰাজকুমাৰ ছেত্ৰীয়ে ৷ দিনৰ দুইবজাত ৰামেচুবুৰী হাইস্কুলৰ প্ৰধান শিক্ষক উমেশ দাসৰ সভাপতিত্বত আৰম্ভ হয় মুকলি আৰু বঁটা বিতৰণী সভা।

সহকাৰী শিক্ষক কমলাকান্ত বড়োৱে আঁঁতধৰা সভাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সমূহৰ  লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰে  আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ , তামুলপুৰৰ  সমন্বয়ক উত্তম দাসে ৷ বঁটা  বিতৰণী সভাত ঝাৰগাঁৱ হাইস্কুলৰ সহকাৰী শিক্ষক নাৰায়ন স্বৰ্গীয়াৰী  আৰু  ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাক্সা জিলাৰ উপ – সভাপতি তথা বিজ্ঞান শিক্ষক, দিলীপ কুমাৰ  নায়কৰ উপৰি ৰামেচুবুৰী হাইস্কুলৰ  সহ শিক্ষক সকল উপস্থিত থাকি প্ৰতিযোগী ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে ৷ ৰামেচুবুৰী হাইস্কুলৰ প্ৰধান শিক্ষক উমেশ দাসে আদৰণি ভাষণেৰে আৰম্ভ কৰা সভাত   অতিথি বক্তা সকলে   স্কুলীয়া ছাত্ৰ – ছাত্ৰীৰ মাজত কি দৰে   বিজ্ঞানক  জনপ্ৰিয় কৰিব পাৰি আৰু খেলা – ধূলাৰ মাজেৰে বিজ্ঞানক  জনপ্ৰিয় কৰা সন্দৰ্ভত বক্তব্য ৰাখে ৷ শণিবাৰে প্ৰতিযোগিতা খনৰ সকলো কাৰ্যসূচীতে বাক্সা জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সমূহৰ সমন্বয়ক তথা  ৰামেচুবুৰী হাইস্কুলৰ বিজ্ঞান শিক্ষক হেমন্ত কুমাৰ দাস পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৷ মুকলি সভাতে  বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰা হয়  ৷