Home Blog Page 2638

লাভলীনাক “অসম সৌৰভ” বঁটা গ্ৰহণৰ আনুষ্ঠানিক নিমন্ত্ৰণ

অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ আসামৰিক সন্মান ‘অসম সৌৰভ’ বঁটা গ্ৰহণৰ বাবে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে নিমন্ত্ৰণ জনোৱা হয়। স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে নিশা বৰপথাৰ মৌজাৰ অন্তৰ্গত বাৰমুখীয়া গাঁওস্থিত লাভলীনা বৰগোঁহাইৰ বাসগৃহত উপস্থিত হৈ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত অসম চৰকাৰৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ অলিম্পিক পদক বিজয়ীগৰাকীৰ হাতত অৰ্পণ কৰে।

আনহাতে  মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি  নিমন্ত্ৰণ আগবঢ়াবলৈ যোৱা স্বাস্থ্যমন্ত্ৰী গৰাকীৰ  সৈতে লাভলীনা বৰগোহাঁইৰ গৃহত উপস্থিত থাকে  সৰুপথাৰ সমষ্টিৰ  বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা। উল্লেখ্য যে, অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ কলাক্ষেত্ৰত অসম চৰকাৰে আয়োজন কৰা এক বিশেষ  অনুষ্ঠানত ৰাজ্যৰ সৰ্বোচ্চ, দ্বিতীয় সৰ্বোচ্চ আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰব বঁটা প্ৰথমবাৰলৈ আগবঢ়োৱা হ’ব।

বঙাইগাঁৱত পথৰ দাঁতিত জ্বলি ধ্বংস হোৱা মটৰ চাইকেল উদ্ধাৰ

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত উত্তৰ মাজগাঁৱত বুধবাৰে নিশা পথৰ দাঁতিত এখন মটৰ চাইকেল জ্বলি ধ্বংস হয় ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিশা প্ৰায় ডেৰ মান বজাত আৰক্ষীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালৰ নিকটৱৰ্তী বিদ্যালয় এখনৰ ওচৰত পথৰ দাঁতিত এখন মটৰ চাইকেলত জুই জ্বলি থকা খবৰ লাভ কৰি ঘটনাস্থলীলৈ আৰক্ষীৰ দল ৰাওনা হয় ৷ কিন্তু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই মটৰ চাইকেলখন ধ্বংস হৈছিল ৷ পিছত আৰক্ষীয়ে জ্বলি ধ্বংস হোৱা মটৰ চাইকেলখন উদ্বাৰ কৰি বঙাইগাঁও থানালৈ আনে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৰ্তমানলৈকে মটৰ চাইকেলখনৰ গৰাকীৰ সন্ধান ওলোৱা নাই ৷ লগতে বুধবাৰে উক্ত স্থানত আনকি দুৰ্ঘটনা সংঘটিত হোৱাৰো কোনো তথ্য প্ৰতিবেদিত হোৱা নাই ৷ গতিকে এনে অৱস্থাত কেনেকৈ মটৰ চাইলখন জ্বলি ধ্বংস হ’ল সেয়া তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ সন্দেহ কৰা হৈছে যে কোনো দুৰ্ঘনাও সংঘটিত হ’ব পাৰে বা কোনোবাই কাৰোবাৰ সৈতে কিবা কাজিয়া পেচালত লিপ্ত হৈও মটৰ চাইকেলখন জ্বলাই দিব পাৰে ৷ কিন্তু প্ৰকৃত ঘটনাটো আৰক্ষীৰ তদন্ততহে উন্মোচিত হ’ব ৷

ভূৰাগাঁৱৰ বালিডোঙাত ড্ৰাগছ মাফিয়া লৈ আৰক্ষীৰ গুলি

মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বালিডোঙ্গাত ড্ৰাগছ মাফিয়া লৈ  আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে শূন্য লৈ ১জাই গুলি ফুটাই। শ্বহিদুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মৰিগাঁও আৰক্ষী আৰু ভূৰাগাঁও আৰক্ষীৰ যুটীয়া অভিযানত চলিছিল ভূৰাগাঁৱৰ বালিডোঙাত। ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ বুজন পৰিয়াণৰ ড্ৰাগছ। পলায়ন আন কেইবা গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ। 

সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে অৰুণাচল প্ৰদেশে!

১৯৭২ চনৰ ২০ জানুৱাৰীত নতুনকৈ নামাংকিত কৰা অৰুণাচল প্ৰদেশ এতিয়া ৫০ বছৰীয়া হ’ল । তদানিন্তন নেফা নামটোৰ ঠাইত ছিলঙত তেতিয়াৰ অসমৰ ৰাজ্যপাল বি কে নেহৰুৱে নেফাৰ মুখ্য কাৰ্যালয় ছিলঙৰ পৰিৱৰ্তে আন ঠাইলৈ নিয়াৰ বাবে নেফা কাউঞ্চিলে দিয়া এক প্ৰস্তাবত অনুমোদন কৰিছিল। ১৯৬৯ চনৰ ৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা সেই সভাৰ পাছৰ পৰাই হিমালয় আৰু পাটকাই পৰ্বতৰ নামনিৰ নেফাৰ অন্তৰ্গত ভূখণ্ডৰ এক সুকীয়া নাম দিয়াৰ পথ খোলা খাইছিল। নেফা কাউন্সিলৰ সদস্যসকলেই নেফাৰ বহু আলোচনা-বিলোচনা আৰু গৱেষণাৰ অন্তত তিনিটা নাম ঠিৰাং কৰে।

১৯৭০ চনৰ ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হোৱা নেফা কাউন্সিলৰ দ্বিতীয়খন সভাত সেই মৰ্মে নেফাৰ সলনি অৰুণাচল, উদয়াচল আৰু ব্ৰহ্ম মণ্ডল নাম কেইটা ৰাজ্যপালক দাখিল কৰে। এই নামকেইটাৰ মাজৰ পৰা অৰুণাচল প্ৰদেশ নামটো ভাৰত চৰকাৰে গ্ৰহণ কৰে। ১৯৭২ চনৰ ২০ জানুৱাৰীত তদানিন্তন নেফাৰ অন্তৰ্গত সোৱণশিৰি জিলাৰ সদৰ জিৰোলৈ আহিছিল তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী।

জানুৱাৰী মাহৰ প্ৰচণ্ড শীতকো নেওচি ইন্দিৰা গান্ধী জিৰোলৈ আহিছিল। ১৯৭২ চনৰ ২০ জানুৱাৰীত জিৰোত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনতে প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে পাঁচখন জিলাৰে গঠিত নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেঞ্চী অৰ্থাৎ নেফা নামটোৰ ঠাইত অৰুণাচল প্ৰদেশ কৰা বুলি ঘোষণা কৰে। সেই দিনটোতেই অৰুণাচল প্ৰদেশক অসমৰ ৰাজ্যপালৰ অধীনৰ পৰা মুক্ত কৰি এখন নতুন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰা বুলিও ইন্দিৰা গান্ধীয়ে ঘোষণা কৰে। আৰু ভাৰতবৰ্ষৰ ইতিহাসত এখন নতুন ৰাজ্যৰ জন্ম হয়।

বৃহস্পতিবাৰে এই অৰুণাচল প্ৰদেশৰে পঞ্চাছ বছৰ সম্পূৰ্ণ হয়। উল্লেখ্য যে ১৯৭২ চনৰ ২০ জানুৱাৰীত ইন্দিৰা গান্ধীৰ উপস্থিতিত হোৱা সভাখনত মাত্ৰ দুদিন পূৰ্বে লিখা এটি গীতত সুৰ দি গীতটি পৰিবেশন কৰিছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই। গীতটি আছিল অৰুণ কিৰণ শিৰৰ ভূষণ কণ্ঠত বিমল ধাৰা। পৰৱৰ্তী সময়ত হিন্দী ভাষালৈ অনুবাদ কৰা এই গীতটিকেই অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যিক সংগীত হিচাপে ঘোষণা কৰে।

বৰ্তমান ল’ৱাৰ সোৱণশিৰি জিলাৰ সদৰ জিৰোত পঞ্চাছ বছৰৰ আগৰ অৰুণাচল প্ৰদেশ জন্মৰ সুমধুৰ স্মৃতি সজীৱ কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰে অৰুণাচল প্ৰদেশৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা বাবে অৰুণাচল প্ৰদেশ সোণালী জয়ন্তী উৎসৱৰ আয়োজন কৰে। কিন্তু কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাত এই উৎসৱৰ কলেৱৰ হ্ৰাস কৰি মাত্ৰ আনুষ্ঠানিকতা পালন কৰে অৰুণাচল প্ৰদেশ চৰকাৰে। ৰাজ্যপাল বি ডি মিশ্ৰ, মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, বিধানসভাৰ অধ্যক্ষ পি ডি চ’না, উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আদিৰ উপস্থিতিত অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী উৎসৱৰ মাহযোৰা কাৰ্যসূচীৰ উদ্ধোধন কৰা হয়।

ইতিমধ্যে বলীউডৰ জনপ্ৰিয় তাৰকা অভিনেতা সঞ্জয় দত্তক এই সোণালী জয়ন্তী উৎসৱৰ বাবে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে। জিৰোৰ হিম শীতল পৰিবেশত দৰ্শক অবিহনেই পাডি য়ুবে ষ্টেডিয়ামত এই অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত জিৰোত নতুনকৈ নিৰ্মাণ কৰা মিনি সচিবালয়তে মুখ্যমন্ত্ৰী পেমা খান্দুৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি জিলাই জিলাই অৰুণাচল প্ৰদেশৰ জন্মৰ লগত জড়িত লোকসকলৰ নামত বিভিন্ন প্ৰতিষ্ঠান, স্মাৰক আদিৰ নামাকৰণ কৰা, সীমান্ত অঞ্চলত ৯ শতাধিক ৪জি ম’বাইল টাৱাৰ সংস্থাপন, ৫০ খন সীমান্তৰ গাৱত ৫০ টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, আত্ম-সহায়ক গোটলৈ আৰ্থিক সাহায্য, আগন্তুক ৩৬৫ টা দিনত ৩৬৫ টা প্ৰকল্পৰ উদ্বোধন, আগন্তুক বছৰটোত জন্ম হ’ব লগা কণ্যা শিশুক ২০,০০০ টকাৰ ঠাইত ২৫০০০ টকাৰ ফিক্সড ডিপ’জিত কৰা আদি কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ঘোষণা কৰে।

জিৰোৰ এই অনুষ্ঠানত ৰাজ্যপাল বি ডি মিশ্ৰ, উপ মুখ্যমন্ত্ৰী চাওনা মেইন, বিধানসভাৰ অধ্যক্ষ পি ডি চ’না, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু আদিয়েও ভাষণ প্ৰদান কৰে। অহা ২০ ফেব্ৰুৱাৰীত ইটানগৰত অৰুণাচল প্ৰদেশৰ ৰাজ্য প্ৰতিস্থা দিৱসৰ দিনাই এই মাহযোৰা অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী পেমা খান্দুৱে ২০২১-২০২২ বৰ্ষৰ অৰুণাচল ৰত্ন বঁটা মৰণোত্তৰভাৱে অৰুণাচল প্ৰদেশৰ প্ৰথমজন ৰাজ্যপাল এ এ ৰাজাক প্ৰদান কৰাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সকলৰ পৰিয়ালবৰ্গক ৰাজ্যপাল বি ডি মিশ্ৰই সম্বৰ্ধনা জনায়।

দালালৰাজক কেন্দ্ৰকৰি উত্তপ্ত হস্পিতাল

ৰাজ্যত অধিকাংশ বিভাগতে অব্যাহত আছে দলালৰ দপদপনি,মুখ্য মন্ত্ৰীৰ ভাবুকিও কেৰেপ নকৰে দালাল সকলে, মাটিৰ দালাল,থানাৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলালে ঠিকেই কিন্ত দালাল ৰাজ হ্ৰাস হোৱা নায় কাৰ্যালয় বোৰত, পুৰ্বতকৈ অধিক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালাল সকলে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷হোজাই জিলাৰ  চক্ৰ বিষয়াৰ কাৰ্যালয়ত আপুনি গলেই প্ৰতক্ষ্য কৰিব পাৰিব,মাটিৰ ব্যৱসায়ী দালাল সকলৰ বাবেই সাধাৰণ লোকে বিষম অসুবিধাৰ সন্মুখীন হবলৈ ধৰিছে,মন্ডল সকলেও এক প্ৰকাৰ নিৰুপায় হৈ পৰিছে,

কাৰ্যালয়ে কাৰ্যালয়ে CCTV স্থাপন কৰিলে প্ৰকৃত সত্যটো পোহৰলৈ আহিব বুলি সচেতন মহলে প্ৰকাশ কৰিছে৷এইবাৰ ডবকাৰ ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ত দালালৰ দপদপনি বৃদ্ধি পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অভিযোগ অনুসৰি চিকিৎসকৰ পৰিৱৰ্তে দালালে নিৰ্দেশ দিয়ে ৰোগীৰ আত্মীয়ক ৷ ৰোগীক ব্যক্তিগত চিকিৎসালয়ত নিয়াৰ বাবে হেঁচা দিয়ে দালাল চক্ৰটোৱে ৷ যাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ পৰা লাভ কৰে বৃহৎ পৰিমানৰ কমিচন ৷ বুধবাৰে নিশা দালালৰাজক কেন্দ্ৰকৰি প্ৰচণ্ড মাৰপিট সংঘটিত হয় চিকিৎসালয়খনত ৷ এগৰাকী প্ৰসুতি ৰোগীক নগাও হস্পিতাললৈ ৰেফাৰ কৰিছিল চিকিৎসকে ৷

কিন্তু সেই প্ৰসুতি গৰাকীক নিবলৈ অমান্তি হয় ব্যক্তিগত এম্বুলেঞ্চৰ এগৰাকী চালকে ৷ তাৰ পাছত স্থানীয় যুৱক আৰু এম্বুলেঞ্চৰ গৰাকীৰ মাজত সৃষ্টি হয় সংঘাত ৷ সংঘাতৰ ফলত আহত হয় ৰিয়াজুল নামৰ এজন যুৱকে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ডবকা আৰক্ষীয়ে ৷আনহাতে হস্পিতালখনত চলি থকা দালালৰাজৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰে চিকিৎসালয়খনৰ অধ্যক্ষ্ ইছহাক আলীয়ে,একেধৰণে বিন্নাকান্দি উন্নয়ন খণ্ডতো দালালে কব্জা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন হৈছে৷

“একাংশ বিষয়া কৰ্মচাৰীৰ বাবেই বদনাম হৈছে চৰকাৰ” ক’ত কোনে ক’লে?

ডিমা হাচাওঁৰ হাফলংত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠক শেষ কৰি হঠাতে হোজাইৰ নীলবাগানত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ৷ মন্ত্ৰী গৰাকীয়ে বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলবাগান গাঁও পঞ্চায়ত  খনত হোৱা এম,জি, এনেৰেগা, প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মান হোৱা ঘৰ সমূহ পৰিদৰ্শন কৰে ৷ লগতে স্থানীয় একাংশ লোকৰ লগত মত বিনিময় কৰি উন্নয়নমূলক কাম কাজৰ লগতে,অৰুনোদয়, বৃদ্ধ পেঞ্চন আদি সন্দৰ্ভত বুজ লয় ৷ ইয়াৰ মাজতে পঞ্চায়ত খনত হোৱা উন্নয়নমূলক কাম কাজ প্ৰতক্ষ্য কৰি  মন্ত্ৰী বিমল বৰাৰ চকু কপালত উঠে ৷ এক প্ৰকাৰ বিষয়া সকলৰ ওপৰত সৰৱ হৈ পৰে মন্ত্ৰী গৰাকীয়ে৷ প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মান হোৱা এটি ঘৰ দেখুৱাবলৈ লগত উপস্থিত থকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাক নিৰ্দ্দেশ দিয়ে ৷ সেই মৰ্মে তেওঁলোকে পঞ্চায়ত খনত পি,এম আই আঁচনিৰ অধীনত নিৰ্মান হোৱা এটি ঘৰ দেখুৱাই ৷ ঘৰটো চাই মন্ত্ৰী অবাক হৈ পৰে ,কিয়নো পি,এম,আই অধীনত নিৰ্মান হোৱা ঘৰটোৰ নক্সাই সম্পূৰ্ণ ৰূপে সলনি কৰি পেলোৱা হৈছে ৷ বিন্নাকান্দি উন্নয়ন খণ্ডত হোৱা উন্নয়নমূলক কাম কাজক লৈ তীব্ৰ অসন্তুষ্টি  প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ সমূহ কামৰ তদন্ত কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক অৱগত কৰায় ৷

 মন্ত্ৰীৰ এই আকষ্মিক ভ্ৰমনৰ সময়ত মন্ত্ৰী বিমল বৰাক  সংগ দিয়ে বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বেফালী চক্ৰৱৰ্তী ,কনিষ্ট অভিযন্তা আলা উদ্দিন আহমেদকে প্ৰমুখ্য কৰি আন আন বিষয়া সকলে ৷ইপিনে মন্ত্ৰীগৰাকীয়ে অনিয়মৰ কথা নিজ মুখে স্বীকাৰ কৰাৰ পাছত বিন্নাকান্দি উন্নয়ণ খণ্ডত সংঘটিত সকলো দুৰ্নীতি আৰু অনিয়মৰ তদন্ত বিচাৰিছে ডবকাৰ সচেতন ৰাইজৰ লগতে দল সংগঠনে ৷ দুৰ্ণীতিকাৰী সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ পূৰ্বে বাকী মেটেৰিয়েলচৰ বিল মুকলাই নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ডবকাৰ সচেতন মহলে ৷

বিন্নাকান্দি উন্নয়ন খণ্ডৰ ২৪ খন গাওঁ পঞ্চায়তৰ  প্ৰায় প্ৰতিটো পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ আচনিসহ কোটি কোটি টকাৰ  ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে অনেক,শশ মৃত ব্যক্তিৰ নামত জবকাৰ্ডৰ হতুৱাই ধন আত্মসাৎ কাৰৰ অভিযোগ আছে,মানুহ মৃত্যু হৈ বছৰ বছৰ ধৰি কবৰস্থান,শ্মাশানত বিলিন হৈছে ঠিকেই কিন্ত ভয়ানক ভাৱে একাংশ দালালৰ হতুৱাই একাংশ বিষয়া কৰ্মচাৰী ,জনপ্ৰতিনিধি সকলে মিলি   মৃত হোৱা লোকৰ নামত থকা  জবকাৰ্ডৰ জৰিয়ে বেংকৰ পৰা ধাৰাবাহিক ভাৱে টকা উঠাই হজম কৰাৰ কথা চৰ্চা চলিছে সমষ্টি খনত৷ ৷কেৱল সেয়াই নহয় জবকাৰ্ড হিতাধিকাৰী বহিৰাজ্যত বা বহি ৰাষ্টাত কৰ্মৰত আনকোনোবা মহিলা শ্ৰমিক প্ৰসূতিৰ বাবে চিকিৎসা লয়ত যদিও  একাংশ দালালে কাম  কৰা দেখুৱাই ব্লকৰ পৰা লুটিপুটি খাইছে কোটি কোটি টকা,এই ক্ষেত্ৰত হোজাই জিলা প্ৰশাসন,যমুনামুখ সমষ্টিৰ বিধায়ক,লোক সভাৰ সাংসদ,বিভাগীয় কৰ্তৃপক্ষই ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাত ডবকাৰ দল সংগঠনৰ লগতে সচেতন মহলতে উদ্বেগ প্ৰকাশ কৰিছে৷  প্ৰতিটো পঞ্চায়তৰ  দুৰ্নীতিৰ তদন্ত কৰিলে বহু ৰৌ বৰালি জালত পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে ৷এই ক্ষেত্ৰত দল সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে৷

নুমলীগড়ত পৰিৱেশ সজগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

বৃহস্পতিবাৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক’ আৰু য়ুথ ক্লাৱৰ উদ্যোগত পৰিবেশ সজাগতাৰ ওপৰত আন এক কাৰ্যসূচীত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। প্ৰণৱ শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা নাটখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰে। গছ কটা বন্ধ কৰক, পৰিবেশ প্ৰদূষণ ৰোধ কৰক, প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰক আদি বাৰ্তাৰ যোগেদি পৰিবেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ এক পদক্ষেপ গ্ৰহণ কৰা হয়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পৰশজোতি কছাৰী, অপৰাজিতা কুমাৰ, নেহা দেৱী, নিহাৰিকা বৰুৱা,নয়ন কুমাৰ,আকাশ তাঁতী আৰু নিশিতা বৰুৱাই অভিনয় কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনে পৰিবেশ সজাগতাৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। ইতিমধ্যে কেইবাখনো বাটৰ নাটৰ লগতে স্থানীয় বিদ্যালয়ত পৰিৱেশ সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে উক্ত অনুষ্ঠানটোৱে।

মই ছলমানৰ পোহনীয়া বান্দৰ নহয়ঃ জেৰিন

এখন হৃদয়। অক্লান্ত ছলমানৰ অগণিত কাহিনী। এই সকলোবোৰৰ ঊৰ্ধ্বত চিৰসেউজ প্ৰেমকুমাৰ ছলমানৰ আছে এটা সঁচা মন, আছে  সেই ছলমানৰে জীৱনকাহিনী নানা কথা-উপকথাৰে ভৰপূৰ। বলীউডৰ ভাইজান খ্যাত ছলমান খানৰ বিপৰীতে ‘বীৰ’ ছবিৰ জৰিয়তে বলীউদত আত্মপ্ৰকাশ কৰিছিল জেৰিন খানে। চাওতে চাওতে বলীউডত ১২টা বছৰ অতিক্ৰম কৰিলে এইগৰাকী অভিনেত্ৰীয়ে।

বলীউডত এটা যুগ অতিবাহিত কৰাৰ পাছতো কিন্তু এইগৰাকী অভিনেত্ৰীয়ে প্ৰথমশাৰীৰ নায়িকাৰ তালিকাত স্থানলাভ কৰিবলৈ সক্ষম নহ’ল। ভাৰতীয় সংবাদ মাধ্যমৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এক সাক্ষাৎকাৰত ছলমানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। জেৰিনে কয়, ‘মই ‘ভাইজান’ৰ প্ৰতি চিৰকৃতজ্ঞ।

ছলমানৰ বাবেই মই বলীউডত অভিনয়ৰ সুযোগ পাইছিলো। তেওঁ নোহোৱা হ’লে মই আজি বলীউডত নাথাকিলোহেতেঁন।’ কিন্তু যিসকলে জেৰিনৰ কেৰিয়াৰৰ সকলো শ্ৰেয় ছলমানৰ বুলি ভাবে তেওঁলোকক উদ্দেশ্যি অভিনেত্ৰীগৰাকীয়ে কয়, ‘এই ধাৰণাটো সম্পূৰ্ণৰূপে ভুল। এইবোৰ উৰাবাতৰি। হয়, ছলমান এগৰাকী মহান ব্যক্তি। তেওঁ পৰোপকাৰীও। কিন্তু একেসময়তে মনত ৰাখিব যে, তেওঁ বহুত ব্যস্ত থাকে।’

তেওঁ লগতে কয়, ‘মই ছলমানৰ পোহনীয়া বান্দৰহৈ থাকিবলৈ অনিচ্ছুক। সকলো সময়তে তেওঁৰ কান্ধত উঠি ঘূৰি ফুৰা, তেওঁক জ্বলাই থকা এইবোৰ বিষয়তে মোৰ বৰ আপত্তি। জেৰিন খানে লগতে কয়, ‘ মই জানো ভাইজানক এটা ফোন কৰিলেই মোৰ ওচৰলৈ দৌৰি আহিব। কিন্তু মই সেই সুযোগ ল’বলৈ বিচৰা নাই। কিন্তু এটা কথা ঠিক, মোৰ কেৰিয়াৰৰ সকলো উপাদানৰ সৈতে ভাইজানৰ নাম সাঙোৰ খুৱাব খুজিলে মই আঘাত পাও। এনে ধৰণৰ কথা-বতৰাই মোৰ দীৰ্ঘদিনীয়া অভিনয় কেৰিয়াৰৰ পৰিশ্ৰমক আহত কৰে।’

নিজ কন্যাই বিয়া পাতি দিলে মাতৃৰ!

অকলশৰে জীৱন কটোৱাটো বৰ কষ্টকৰ। সকলোৱে নিজ জীৱনত এগৰাকী ভাল জীৱনসংগী বিচাৰে। আমাৰ সমাজত মহিলাৰ দ্বিতীয় বিবাহ এতিয়াও সহজ হৈ উঠা নাই। তাৰমাজতো আজিকালি বহু মহিলাই দ্বিতীয় বিবাহৰ বাবে সাহস দেখুৱাইছে। এগৰাকী কন্যাই মাতৃৰ একাকীত্ব দূৰ কৰিবলৈ পুনৰ বিয়া পাতি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে।

alpha1fe নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা এগৰাকী কন্যাই মাতৃৰ বিয়াৰ ফটো শ্বেয়াৰ কৰে। ইয়াৰ লগে লগে এই বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছে। বহু লোকেই কন্যাৰ এই সাহসিকতাৰ শলাগ লৈছে। বহু লোকেই ছোৱালীজনীৰ নতুন চিন্তাধাৰাৰ প্ৰশংসা কৰিছে। কন্যাই তেওঁৰ মাতৃৰ মেহেন্দি ৰচমৰ লগতে বিয়াৰ ভিডিঅ’ আৰু ফটো টুইটাৰত শ্বেয়াৰ কৰি লিখিছিল মোৰ মায়ে পুনৰ পোন্ধৰ বছৰৰ পাছত বিবাহপাশত আৱদ্ধ হৈছে।

মাতৃৰ ৰিং চেৰেমনীৰ ফটোও টুইটাৰত শ্বেয়াৰ কৰিছিল কন্যাই। ছোৱালীজনীয়ে মাতৃৰ কাহিনী ভাগ বতৰা কৰি লিখিছিল যে তেওঁৰ মাতৃৰ ১৭ বছৰ বয়সতে বিয়া হৈছিল। কন্যা সন্তানটি জন্ম পোৱাৰ দুবছৰৰ পাছত পিতৃয়ে মাতৃ-কন্যা দুয়োকে ত্যাগ কৰে।

কন্যাই কৈছিল যে ”মোৰ মা বিয়াৰ বন্ধন প্ৰৱঞ্চনাৰে ভৰা আছিল। তেওঁ জীৱনত মৰম-প্ৰেম-ভালপোৱা আদি চিনিয়েই নাপালে। মোৰ মাৰ জীৱনত এজন ভাল মানুহ লগত থকাটো সদায়ে বিচাৰো। মা অকলশৰীয়াকে থকাটো নিবিচাৰোঁ। মাৰ দ্বিতীয় বিবাহত মই বহুত সুখী। আশা কৰিছো মোৰ মাৰ ৰংহীন জীৱনটো ৰঙেৰে পৰিপূৰ্ণ হৈ উঠিব। আপোনালোকে কওকচোন মোৰ মাক কইনাৰ সাজত ধুনীয়া লাগিছে নে নাই।” সকলোৱে ছোৱালীজনীৰ মাতৃৰ নতুন বৈবাহিক জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে আৰু ছোৱালীজনীৰ সাহসিকতাক প্ৰশংসা কৰিছে।

নদুৱাৰত পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ খাদ্য বিতৰণ

পুষ্টিহীনতাত ভোগী দৈহিক-শাৰীৰিক-মানসিক ভাৱে বাধাৰ সন্মুখীন হোৱা নদুৱাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধিনস্থ ২৫ টি শিশুক পুষ্টিবৰ্ধন অভিযান কাৰ্যসুচীৰ অধিনত কালি পুষ্টিকৰ খাদ্য যোগান ধৰে সমাজ কল্যান বিভাগে৷জামুগুৰিহাটৰ বাপুজি ভৱনত শোণিতপুৰ জিলা অতিৰক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া কবিতা ফাংচ’য়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত অঞ্চলটোৰ সামাজিক,সাংস্কৃতিক তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্বত থকা লোকসকলৰ অনুদানেৰে শিশুৰ পুষ্টিকৰ খাদ্য বিতৰণ অনুষ্ঠানটিত উপস্থিত থকা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়াগৰাকীয়ে কয় যে সমাজৰ একো একোগৰাকী সমাজকৰ্মীৰ অনুদানেৰে শিশুসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে যোগান ধৰা এই পুষ্টিকৰ খাদ্যসমুহ প্ৰতিগৰাকী শিশুৰ অভিভাৱকে যত্ন আৰু দায়িত্বসহকাৰে খুউৱাৰ দিশত গুৰুত্ব প্ৰদান কৰিবলৈ আহবান জনাই৷জিলাখনৰ প্ৰতিটো শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধিনস্থ এলেকাসমুহত এই কাৰ্যসুচী ৰূপায়ন কৰি থকা হৈছে বুলি উল্লেখ কৰি জিলা সমাজ কল্যান বিষয়াগৰাকীয়ে আৰু কয় যে সমাজৰপৰা শিশুসকলৰ পুষ্টিহীনতা শেষ হ’লেহে আমি এখন সুস্থ সবল সমাজ লাভ কৰিবলৈ সক্ষম হ’ম৷

অৱশ্যে শিশুসকলৰ পুষ্টিহীনতাৰ পৰিমান বাগান অঞ্চলসমুহত অলপ বেছি বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে৷পোষণ অভিযানৰ খণ্ড সমন্বয়ক সমৰজ্যোতি হাজৰিকাই আঁত ধৰা আৰু পল্লবিতা বাৰুতিৰ লগতে নদুৱাৰ শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ মূখ্য সেৱিকাসকলে পৰিচালনা কৰা অনুষ্ঠানটিত পুষ্টিহীনতাত ভোগা শিশুসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা অনুদান দিয়া চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,জিলা অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া কবিতা ফাংচ’,সমাজকৰ্মী চন্দন ভূঞা,নদুৱাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া মেহমুদা বেগম,চতিয়া খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মা,নদুৱাৰ খণ্ড উন্নয়ন বিষয়া গণেশ চন্দ্ৰ ডেকা,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং,সমাজকৰ্মী মতি কুমাৰ নেৱাৰ,জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিৰ সিং লিম্বু,যুৱ সমাজকৰ্মী বুলু আহমেদ,নদুৱাৰ প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰী,লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আব্দুল হানান,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা আশিষ মোহন,দক্ষিণ চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱী,মূখ্য সেৱিকা কুঁৱলি শইকীয়া আৰু সমাজকৰ্মী মদন চাহুক অনুষ্ঠানটিত সম্বৰ্দ্ধনাও জনোৱা হয়৷