Home Blog Page 2642

ছিপাঝাৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

অসম চৰকাৰৰ বিজ্ঞান- প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ছিপাঝাৰ খণ্ডৰ সৌজন্যত অলপতে বৰদৌলগুৰি  উচ্চ মাধ্যমিক বিদ্যালয়ত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক’ভিড প্ৰট’কল মানি বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। অলপতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহ আছিল বিজ্ঞানৰ আৰ্হি , চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু বিজ্ঞানৰ ধাৰণা ।প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰাচীন গণিতজ্ঞ আৰ্যভট্টৰ প্ৰতিকৃতিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বৰদৌলগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাই।

তাৰপিছতে অনুষ্ঠিত হোৱা  প্ৰতিযোগিতা সমূহৰ ফলাফল বিচাৰক সকলে ঘোষণা কৰে।  ফলাফল অনুসৰি বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেবৰ্ষী কলিতা, চিন্ময় শৰ্মাৰ “সূতা কটা যন্ত্ৰ”  , দ্বিতীয় স্থান লাভ কৰে  ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আশাপৰ্না গৌতম, দীপাশ্ৰী চহৰীয়াৰ “পানী নিগৰুৱা পদ্ধতি” আৰু তৃতীয় স্থান জাতীয় বিদ্যালয় অসম, হাজৰিকাপাৰাৰ ছাত্ৰ ।

পল্লৱী ডেকা, চিন্ময়ী ডেকাই প্ৰদৰ্শন কৰা “আধূনিক কৃষি পদ্ধতি কৌশল” আৰ্হিটোৱে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান ।
মৃগাংগ কলিতা ( হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়) দ্বিতীয় স্থান ৰিপ্সিতা শিৱম (ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ) আৰু তৃতীয় স্থান লাভ কৰে  অসীম জ্যোতি শৰ্মা ( লেঙ্গেৰীঝাৰ হাইস্কুল)। উদগণি বঁটা আগবঢ়োৱা হয় ।

নাৰ্গিছ চুলতানালৈ (বৰদৌলগুৰি হাইস্কুল)।
পোষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম
সঞ্জয় কুমাৰ নাথ (ৰূপকোৱৰ জ্যোতিপ্ৰসাদ হাইস্কুল ), দ্বিতীয় ৰিপ্সিতা শিৱম ( ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু তৃতীয় স্থান  নিহাৰিকা দেৱী  ( অসম জাতীয় বিদ্যালয় ,  হাজৰিকাপাৰা) আৰু প্ৰাণ কিশোৰ নাথে ( ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ)। বিজ্ঞানৰ  ধাৰণা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে দেবাংগ ডেকা আৰু
অনিৰুদ্ধ ডেকা দুয়ো অসম জাতীয় বিদ্যালয় ,  হাজৰিকাপাৰাৰ ছাত্ৰ , তৃতীয় স্থান পায় জ্যোতিস্মিতা ডেকা
ভূপালী নাথে (বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়) ।

ফলাফল ঘোষণা কৰাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথে ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ হকে সকলো কথাতে যুক্তি যুক্ততা বিচাৰ কৰি চাবলৈ আহ্বান জনায়। সকলো ঘটনাৰ আঁৰতে যে কিবা কাৰণ লুকাই থাকে, কাৰণ অবিহনে কোনো ঘটনা নঘটে সেই বিষয়ে চালি জাৰি চাবলৈ তেওঁ কয়। অসম বিজ্ঞান সমিতি , ছিপাঝাৰ শাখাৰ যুটীয়া সম্পাদক ইকবাল ৰছিদ হাজৰিকাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ত্ৰৈলোক্য মোহন গোস্বামী , বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথ, ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চায়েন্স ফেছিলেটৰ ৰাজকৃষ্ণ ডেকা, বৰদৌলগুৰি হাইস্কুলৰ শিক্ষক মুকুট শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সকলে জিলা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশ লব পাৰিব বুলি ছিপাঝাৰ খণ্ড সমন্বয়ক মণিষা শৰ্মাই জনাইছে।

নলবাৰীৰ এদল মহিলা ড্ৰাগছ বিৰোধী অভিযানত

নলবাৰীৰ বিভিন্ন ঠাইত চলি থকা ড্ৰাগছ তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নলবাৰী জিলা প্ৰশাসন তথা নলবাৰী জিলা স্বাস্থ্য বিভাগে চলাই গৈছে তালাচী অভিযান কিন্তু প্ৰশানৰ এনে তালাচী অভিযানক আঙুষ্ঠ প্ৰদৰ্শন কৰি বিভিন্ন জনে চলাই গৈছে ড্ৰাগছ,মদ,ভাংঙকে ধৰি বিভিন্ন ধৰনৰ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। নলবাৰী ত ইতিমধ্যে নিচাজাতীয় সামগ্ৰী সেৱন কৰি বহুতো যুৱক-যুৱতী মৃত্যু বৰণ কৰিছে তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈ গল যোৱা মাঘ বিহুৰ উৰুকাৰ দিনা উৰুকাৰ দিনা নলবাৰী গোপাল বজাৰ নিবাসী অনিল তালুকদাৰ আৰু ৰেখা তালুকদাৰৰ একমাত্ৰ পুত্ৰ ভাস্কৰ তালুকদাৰ ড্ৰাগছ আসক্ত হৈ মৃত্যু বৰণ কৰিব লগীয়া হৈছিল। সেয়েহে আজি নলবাৰী গোপাল বজাৰ আৰু অন্য অঞ্চলৰ প্ৰায় শতাধিক মহিলা লগ হৈ ড্ৰাগছ বিৰুদ্ধে ওলাই আহি এখন ড্ৰাগছ বিৰোধী সজাগতা সভা আমন্ত্ৰণ কৰে । এই অঞ্চলত চলি থকা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে সাংবাদিকৰ আগত ক্ষোভ উজাৰি অতি শীঘ্ৰে নলবাৰী জিলা প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনক অতি শীঘ্ৰে ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰী সমূহ নিৰ্মূল কৰিবলৈ স্থানীয় মহিলাই দাবী জনায়। লগতে সভা খনৰ অন্তত ড্ৰাগছ নিৰ্মূল কৰক , ড্ৰাগছ ব্যৱসায়ী সকল হুচিয়াৰ আদি শ্লোগানেৰে সভা স্থলী উত্তাল কৰি তোলে।

পশ্চিম নলবাৰীত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ: দুজনক গ্ৰেপ্তাৰ বেলশৰ আৰক্ষীৰ

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পশ্চিম চামতা আৰু শোলমাৰী ভয়ৰাৰ দুই ড্ৰাগচ সৰবৰাহ কাৰীক বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেটসহ আটক কৰি গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীসূত্ৰে জানিব পৰামতে পৰহি  নিশা পশ্চিম চামতাৰ নয়ন বৰ্মন(২১)ক ৩৬০ টা নিচাজাতীয় ডাইক্লোমিন হাইড্ৰোক্লোচিড ট্ৰামাদ’ল টেবলেট সহ:আটক কৰে আৰু শোলমাৰী ভয়ৰাৰ লটিফ আলী অ’ৰফে ধনক আটক কৰি আজি দুয়োকে গ্ৰেপ্তাৰ কৰি নলবাৰী জেল হাজোটলৈ প্ৰেৰন কৰিছে ৷ বেলশৰ থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমণি শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে দুই ড্ৰাগচ সৰবৰাহকাৰীক নিজ নিজ ঘৰৰ পৰা আটক কৰিছিল ৷ আৰক্ষীৰ এনে পদক্ষেপক পশ্চিম নলবাৰীৰ সচেতন ৰাইজে শলাগ লৈছে ৷

লাহৰীঘাট গল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা

 মৰিগাঁও জিলাৰ  লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি উৎসৱ পালন- প্ৰত্যেক বছৰৰ দৰে এই বেলি লাহৰীঘাট গ’লডেন ছিনিয়ৰ স্কুলত ১৫ আৰু ১৬ তাৰিখে দুদিনীয়া  কাৰ্য্যসূচীৰে নৱাগত আদৰণি পালন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিলচৰ বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা USTM কলেজ মেঘালয়ৰ অধ্যাপক ওমৰ শুছেইন মেহদী চাহাব,লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মুজিবৰ ৰহমান, নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰফিকুল ইছলাম,লাহৰীঘাট শিক্ষা খণ্ডৰ  বি আৰ পি হবিবুৰ ৰহমান, কনিষ্ঠ সহায়ক লিগেল মেট্ৰলজি নগাঁওৰ আকাবৰ আলী,লাহহৰীঘাট কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফাইজুৰ ৰহমান,লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাপতি হাৰুন উল ৰশ্বিদ খান, প্ৰৱক্তা ক্ৰমে খলিলুৰ ৰহমান,ছাদ্দাম শুছেইন,ছাজিদুৰ ৰহমানৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।

প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা বজাত পতাকা উত্তোলন, উত্তোলন কৰে-মজিবুৰ ৰহমান অধ্যক্ষ লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।৯:৩০ বজাত বৃক্ষ ৰুপন- বৃক্ষ ৰুপন- কৰে ফাইজুৰ ৰহমান আৰু হাৰুন উল ৰশ্বিদ খান চাহাব।১০-১১ বজালৈ এনাজৰী- পৰিচালনা কৰে প্ৰৱক্তা ছাদ্দাম শুছেইনে,১১বজাত মুকলি সভাৰ সভাপতি প্ৰতিত্ব কৰে অধ্যক্ষ মুজিবৰ ৰহমানে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিচালনা সমিতিৰ সম্পাদক আকাবৰ আলীয়ে। দ্বিতীয় দিনৰ কাৰ্যসূচী মতে পুৱা ৯-১২ বজালৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত- নৃত্য পৰিবহণ।১-৪ বজালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিবশনৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰে। 

স্বৰ্গীয়া নিৰেমাই দেৱী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক দিবানৈশ চলন্ত ট্ৰফি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা

 মৰিগাঁও জিলাৰ নোৱাগাওঁ ৰাভা স্মৃতি যুৱক সংঘ ও পুথিভঁৰালৰ উদ্যোগত স্বৰ্গীয়া নিৰেমাই দেৱী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক দিবানৈশ চলন্ত ট্ৰফি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ আঠোটা আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰে। সম্পূৰ্ণ ক’ভিড বিধি অনুযায়ী অনুস্থিত হোৱা প্ৰতিযোগিতাখন ৰাতি প্ৰায় এঘাৰ মান বজাত সফলভাৱে সামৰণি পৰে। এইবাৰৰ প্ৰতিযোগিতাখনত মিৰ্জাৰ আৰিয়ান ভলীবল দলে তেজপুৰ ভলীবল দলক পৰাস্ত কৰি চূড়ান্ত  বিজয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নগাঁও জিলাৰ ভলীবল দলটিয়ে তৃতীয় স্থানতে থমকি ৰয়। Best Ateker আৰু Best Blocker হিচাপে আৰিয়ান ভলীবল দলৰ খেলুৱৈ ক্ৰমে মধু আৰু আৰিফুল হকে বঁটা লাভ কৰাৰ সমান্তৰালকৈ তেজপুৰ ভলীবল দলৰ খেলুৱৈ মানস হাজৰিকাই Setter হিচাপে বটাঁ লাভ কৰে।

দুনীৰ ভেৰুৱাত গ্ৰন্থ উন্মোচন

ব্যক্তি এগৰাকীৰ জীৱন কালৰ সময় ছোৱাত কৰ্মজীৱনৰ ওপৰত এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰাটো এক আদৰণীয় কথা।এই মন্তব্য মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ ৰমেন কলিতাৰ।১৬ জানুৱাৰীত দুনীৰ ভেৰুৱাত বিশিষ্ট সমাজকৰ্মী বসুন্ধৰ চহৰীয়াৰ বাসগৃহত তেওঁৰে জীৱন আৰু কৃতিৰ লগতে পৰিয়ালৰ ইতিহাস সম্বলিত এখন  গ্ৰন্থ উন্মোচন কৰি  কলিতাই বসুন্ধৰ চহৰীয়াৰ পৰিয়ালৰ পদক্ষেপক প্ৰশংসা কৰে। 

আবেলি ৩-৩০ বজাত  বসুুন্ধৰ চহৰীয়াৰ বাসগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, বিশিষ্ট অতিথি হিচাপে সাহিত্যিক  চহিৰ ভূঞা উপস্থিত থাকি  শিক্ষা জীৱন আৰু ব্যক্তি এগৰাকীৰ কৰ্মজীৱনৰ ওপৰত বক্তব্য ৰাখি  বসুন্ধৰ চহৰীয়া আৰু পৰিয়ালক প্ৰশংসা কৰে।এখন আদৰ্শ ঘৰৰ মুৰব্বী তথা এটা শিক্ষিত পৰিয়ালৰ সুযোগ্য অভিভাৱক তথা ছিপাঝাৰ উন্নয়়ন খণ্ডৰ সহকাৰী কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়াৰ পিতৃ বসুন্ধৰ চহৰীয়া়ৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত সভাত উপস্থিত থকা ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে  বক্তব্য দাঙি।

সু-লেখিকা ডঃ গীতিকা চহৰীয়াই আঁতধৰা আৰু  আৰম্ভণি গীতেৰে কাৰ্যসূচীৰ পাতনি মেলা সভাখনত বন্তি প্ৰজ্বলন, প্ৰাচীৰ পত্ৰিকা এখনো উন্মোচন কৰা হয়। সভাত গ্ৰন্থ প্ৰকাশ সমিতিৰ ফালৰ পৰা ভূূূষণ চহৰীয়াই চমু বক্তব্য আগবঢ়ায়। উল্লেখ্য যে উপস্থিত লোকসকলক খাতি অসমীয়া জলপানেৰে  আম্পায়ন কৰাটো আছিল লক্ষণীয়।        

ভোগালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী : নাজিৰাত বশিষ্ঠ গংগাৰ মাজত জ্বলিল ভেলাঘৰ

অসম আৰু অসমীয়া জাতীয় জীৱনৰ বাপুতী সাহোন ভোগালী বিহুৰ উৰুকাৰ নিশা সকলো ডেকা গাভৰু, পুৰুষ – মহিলা মিলি ভেলাঘৰত হাঁহে মাহে এসাঁজ তিপ্তিৰে খাই আনন্দ উপভোগ কৰাৰ পৰম্পৰা বিশ্ব জনবিদিত । সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ এখন গাঁৱৰ ৰাইজৰ  সাজিলে ভেলাঘৰ। নিশা অঞ্চলটোৰ তিনি শতাধিক ডেকা গাভৰু , পুৰুষ মহিলা মিলি এসাঁজ খাই ঢোলে ডগৰে বিহু মাৰি আনন্দ উপভোগৰ মাজেৰে পাৰ কৰি কাহিলি পুৱাতে বশিষ্ঠ গংগাৰ জলধাৰাত নিৰ্মিত ভেলাঘৰৰ লগতে মেজিত জুই লগাই সমাজৰ অসুয়া অমংগল নাশৰ বাবে প্ৰাৰ্থনা জনাই নেদেখা জনৰ ওপৰত । নদীৰ মাজত সজা ভেলাঘৰে দৃষ্টি কাঢ়িলে সকলোৰে।

জ্ঞানজ্যোতি গ্ৰন্থগাৰৰ পঞ্চম প্ৰতিষ্ঠা দিৱস “কিতাপৰ দিন” উদযাপন

মাজুলী তথা অসমৰ সমাজ জীৱনৰ এটা পৰিচিত অনুষ্ঠান জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ পঞ্চম প্ৰতিষ্ঠা দিৱস “কিতাপৰ দিন” জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ বাকৰিত অনুষ্ঠিত হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা ভাগত গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কালৰ এজন ব্যক্তি টংকেশ্বৰ বৰুৱাক নিজ গৃহত সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতে পতকা উত্তোলন কৰে জ্ঞানজ্যোতি গ্ৰন্থাগাৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজু বৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি অনিল ফুকনে। গ্ৰন্থ অধ্যয়নক জনমুখী কৰাৰ উদ্দেশ্যে উলিওৱা শোভাযাত্ৰা উন্মোচন কৰে সমাজকৰ্মী তথা জ্ঞানজ্যোতিৰ উপদেষ্টা বীৰেন শইকীয়াই। স্থানীয় কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মধ্যমাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰূপবৰ্ণম চিত্ৰকলা বিদ্যালয়ৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে এই শৈক্ষিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

ইয়াৰ পিছতে বিমান দত্ত আৰু দীপাংকৰ দত্তৰ সম্পাদনাত প্ৰকাশ পোৱা জ্ঞানজ্যোতিৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পাপু কুমাৰ ঙাটে। বিয়লি ভাগত সদৌ মাজুলী ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। যুৱ সাংবাদিক , জনপ্ৰিয় কবি তথা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই উদ্বোধন কৰা প্ৰতিযোগিতা খনত মাজুলীৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। কিতাপৰ দিনত দ্বিতীয় দিনৰ কাৰ্যসূচীত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু মুকুলি সভা অনুষ্ঠিত হব। মুকলি সভাত দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° বিনোদ চন্দ্ৰ বৰা আৰু যোৰহাট মহাবিদ্যালয়ৰ ড° সৌমিত্ৰ পূজাৰীয়ে বক্তব্য প্ৰদান কৰিব বুলি কিতাপৰ দিন উদযাপন সমিতিৰ সম্পাদক দিপুমণি শইকীয়াই জানিবলৈ দিছে।

হাতীমূৰীয়া মিচিং গাওঁত হেঁপাহৰ ভোগালী আৰু ৰঙে-ৰসে এদিন উৎসৱ

নদীদ্বীপ জিলা মাজুলীৰ শ্ৰীৰাম পঞ্চায়তৰ অন্তৰ্গত হাতীমূৰীয়া মিচিং গাওঁত দ্বিভাষিক তিনিমহীয়া আলোচনী দৃৰবৃ বন্ধন অসমৰ উদ্যোগত আৰু হাতীমূৰীয়া মিচিং গাঁৱৰ যুৱক সঙ্ঘৰ সহযোগত এইবাৰ ভোগৰ উৎসৱ ভোগালীক এক ব্যতিক্ৰম অনুষ্ঠানেৰে আদৰাৰ লক্ষ্যেৰে হে‍ঁপাহৰ ভোগালী আৰু ৰঙে-ৰসে এদিন শীৰ্ষক এখনি ব্যতিক্ৰম অনুষ্ঠান যোৱা ইংৰাজী ১৩ জানুৱাৰী ২০২২ তাৰিখে অৰ্থাৎ উৰুকাৰ ৰাতিত আয়োজন কৰে। দৃৰবৃ বন্ধন আলোচনীৰ সম্পাদক ভাস্কৰজ্যোতি কুটুমে আঁতধৰা অনুষ্ঠানটি সঞ্চালনা কৰে কবি জয়ন্ত হাজৰিকা । মাজুলীৰ কৃৰ্তী শিক্ষক অতুল চন্দ্ৰ বৰাৰ এটি সুন্দৰ কবিতাৰে শুভাৰম্ভ কৰা অনুষ্ঠানত গাঁৱৰ প্ৰথমজনা চৰকাৰী চাকৰিয়াল ভোলাৰাম নৰহ আৰু জেষ্ঠ সমাজ সংগঠক দেৱেন কামানক দৃৰবৃ বন্ধন আৰু হাতীমূৰীয়া গাঁৱৰ যুৱক সঙ্ঘৰ সহযোগত এখনি প্ৰশংসা পত্ৰেৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানটিত মূখ্যঅতিথি ৰূপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় দৈনিক বাতৰি কাকত দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক তথা কবি ডিম্পুল চুতীয়াই মাজুলীৰ এটা ভিতৰুৱা অঞ্চল হাতীমূৰীয়া গাওঁত এনে এক ব্যতিক্ৰম অনুষ্ঠান দেখি আপ্লুত হোৱাৰ কথা ব্যক্ত কৰে। লগতে ভৱিষ্যৎ দিনত এনেদৰে মিলাপ্ৰীৰ্তি আৰু সমন্বয়ৰ বান্ধোনেৰে অসমীয়া ভাষা সাহিত্যক সংস্কৃতিক জীয়াই ৰাখিবলৈ হাতীমূৰীয়া গাওঁখনলৈ অনুৰোধ জনায়। চুতীয়াই তেখেতৰ স্ব-ৰচিত তুমি কোন শীৰ্ষক কবিতা পাঠেৰে সকলোকে আপ্লুত কৰে। অনুষ্ঠানত উপস্থিত থাকি ঢকুৱাখনাৰ নিউজ লাইভৰ সাংবাদিক তথা বিশিষ্ট কবি ৰাজীৱ বৰুৱাই কবিতা পাঠ কৰাৰ উপৰিও গীত পৰিবেশন কৰি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক তথা জনপ্ৰিয় কবি পাপু বৰাই অনুষ্ঠানত উপস্থিত থাকি মিচিং ভাষাত অইনিতম কলি আৰু স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানত উপস্থিত সকলোকে আপ্লুত কৰে। তদুপৰি বিশিষ্ট গল্পকাৰ তথা কৃৰ্তী শিক্ষক মৃণালী দেৱী ডাঙৰীয়ানীয়ে মাজুলীৰ মিচিং অধ্যোহিত হাতীমূৰীয়া মিচিং গাওঁত এনেধৰনৰ অনুষ্ঠান দেখি অভিভুত হোৱাৰ কথা ব্যক্ত কৰাৰ উপৰিও স্বৰচিত কবিতাৰে উপস্থিত সকলোকে উৎসাহিত কৰে। উক্ত অনুষ্ঠানত জেংৰাইমূখ আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ সভাপতি কবিতা মৰাং পেগু উপস্থিত থাকি অইনিতম আৰু কবিতা পাঠ কৰাৰ সমান্তৰালকৈ জেংৰাইমূখৰ নিৱাসী, কবি তথা দৃৰবৃ বন্ধনৰ সদস্যা শুভ্ৰা দলে বাইদেৱেই মিচিং ভাষা আৰু অসমীয়া ভাষাৰ কবিতা পাঠ কৰি সকলোকে উৎসাহিত কৰাৰ উপৰিও বহুমুলীয়া ভাষণ প্ৰদান কৰে। অনুষ্ঠানটি সুচাৰুভাৱে সঞ্চালনাৰ দায়িত্ব থাকি কবি জয়ন্ত হাজৰিকাই এটি কবিতাৰে অনুষ্ঠানত উপস্থিত আল্লাহদিত হোৱাৰ কথা ভালদৰে বৰ্ণনা কৰে। উক্ত অনুষ্ঠানত মাজুলীৰ যুৱনেতা তথা উদীয়মান কবি অঞ্জন শইকীয়া, ৱাৰ্ড সদস্য কুশল কামান, গাওঁ ৰক্ষীক বাহিনীৰ হৈ মৰুটজ্যোতি কুটুম, প্ৰবীন নৰহ, কমল কামান, চন্দ্ৰকমল নৰহ, ধৰ্মেশ্বৰ নৰহ,প্ৰদীপ নৰহ, চুমি কুটুম,বৃষ্টিৰেখা নৰহ, ৰূণজুন নৰহৰ লগতে গাঁৱৰ সকলো বিশিষ্ট ব্যক্তি আৰু বুঢ়া- মেথা উপস্থিত থাকে।

মাজুলীত চাং ঘৰত মাঘৰ মালিতা

মাজুলীৰ অগ্ৰণী ক’লা সাহিত্যৰ, সংস্কৃতি মূলক অনুষ্ঠান ত্ৰিহৃদয় গোষ্ঠীৰ উদ্যোগত আজি পুৱা ১০ বজাৰ পৰা ওপৰ সোনোৱাল গাঁৱৰ নিবাসী কবি-চিত্ৰশিল্পী শ্যামন্ত পায়েংৰ চাং ঘৰত গীত আৰু কবিতাৰ এক মনোৰম অনুষ্ঠান সম্পন্ন হয়। দৈনন্দিন বাৰ্তা কাকতখনৰ কাৰ্যবাহী সম্পাদক দিম্পল চুতীয়াই মুখ্য অতিথিৰূপে উপস্থিত থকা অনুষ্ঠানটিৰ সঞ্চালনা কৰে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক, কবি-সাংবাদিক পাপু বৰাই।অনুষ্ঠানটি সঞ্চালনা কৰি অসমৰ জনপ্ৰিয় কবি পাপু বৰাই কয়, কবিতা হৃদয়ৰ স্বপ্নিল অনুভৱ lকবিতাই মানুহৰ জীৱনৰ কথা কয় l
উদিয়মান কবি তথা কণ্ঠশিল্পী ত্ৰিপুৰাজ দলেৰ আধুনিক গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ত্ৰিহৃদয় গোষ্ঠীৰ সহযোগি সম্পাদক শ্যামন্ত পায়েঙে। অনুষ্ঠানটিত ঢকুৱাখনাৰ বিশিষ্ট কবি -সাংবাদিক ৰাজীৱ বৰুৱা, দিম্পল চুতীয়া, পাপু বৰা, লক্ষীপ্ৰসাদ ৰেগন, উপেন চিন্তে, শ্যামন্ত পায়েং, ত্ৰিপুৰাজ দলে, গৌতম শ‌ইকীয়া, দিব্যজ্যোতি পায়েং, প্ৰশান্ত পেগু আদিয়ে কবিতা পাত আৰু গীত পৰিৱেশন কৰে।