Home Blog Page 2694

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকালৈ ” ২০২১ বৰ্ষৰ টীয়কপৰীয়া সাহিত্য বঁটা”

টীয়কৰ অগ্ৰণী কাব্যানুষ্ঠান ”শিকলি”ৰ উদ্যোগত প্ৰৱৰ্তন কৰা  বাৰ্ষিক বঁটা ” প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়কপৰীয়া সাহিত্য বঁটা  ২০২১ ”  প্ৰদানৰ অৰ্থে   ‘ ৰহস্য সম্ৰাট ‘ খ্যাত বৰেণ্য  সাহিত্যিক  ৰঞ্জু হাজৰিকাক নিৰ্বাচিত কৰা হৈছে ।২০২০ চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল বৰেণ্য সাহিত্যিক ,গৱেষক অধ্যাপক তথা চিত্ৰকৰ ড° ভাৰত বৰাক ।অসমীয়া সাহিত্যজগতৰ ‘ৰহস্য সম্ৰাট ‘ , এক বিস্ময়কৰ প্ৰতিভা তথা সাতশৰো অধিক অভিলেখ সংখ্যক গ্ৰন্থ ৰচনা কৰা    সাহিত্যিক ৰঞ্জু হাজৰিকাক দ্বিতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিবলৈ সুযোগ লাভ কৰাৰ বাবে সন্তুষ্টি  প্ৰকাশ কৰিছে ‘শিকলি’ কাব্যালোচনীৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা , সহকাৰী সম্পাদক হেমন্তজ্যোতি গগৈ আৰু এই বঁটাৰ দাতা  টীয়ক নিবাসী কবি দেৱজিত হাজৰিকাই । উক্ত বঁটাটিত থাকিব গামোচা -চেলেং , প্ৰশস্তি পত্ৰ , স্মাৰক , গ্ৰন্থৰ টোপোলা তথা নগদ ধন । আগন্তুক বসন্ত ঋতুত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি বৰেণ্য সাহিত্যিকগৰাকীক উক্ত বঁটাটি প্ৰদান কৰা হ’ব বুলি জনায় শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই ।

‘মুখ্য মন্ত্ৰীৰ ক’ভিড বিধৱা সাহাৰ্য্য আঁচনিৰ’ চেক বিতৰন

 বুধবাৰে অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীৰ ক’ভিড বিধৱা সাহাৰ্য্য আঁচনি’ৰ অধীনত নলবাৰী জিলাত দ্বিতীয় পৰ্য্যায়ত ১৮ গৰাকী হিতাধিকাৰীৰ মাজত আঢ়ৈ লাখ টকাকৈ চেক বিতৰণ কৰে।উল্লেখ্য যে যোৱা জুলাই মাহত প্ৰথম পৰ্য্যায়ত ৩৫ গৰাকী হিতাধিকাৰীৰ মাজত এই চেক বিতৰণ কৰা হৈছিল। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু উপায়ুক্ত গীতিমণি ফুকন সহিত বুধবাৰে বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত সভাখনত অভিভাৱক মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী অন্যান্য গুৰুত্বপূৰ্ণ আঁচনিসমূহ যেনে- অৰুনোদয়, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ পেঞ্চন আঁচনি, অটল অমৃত যোজনা, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু এই আঁচনি সমূহৰ অধীনত পাবলগীয়া সুবিধা বা প্ৰাপ্য সহজতে, সময়মতে আৰু সঠিকমতে পাই আছে নে নাই তাৰ বিষয় সন্দৰ্ভত সবিশেষ বুজ লয়। মন্ত্ৰী গৰাকীয়ে একেখন সভাতেই কেইটামান বিভাগৰ কামৰ পৰ্য্যালোচনাও কৰে । বৰ্তমানৰ ক’ভিডৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা সফলতাৰে চলাই অহা যুঁজখন আৰু অধিক ফলপ্ৰসু কৰাৰ বাবে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চলকক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ১০০% ক’ভিড টীকাকৰণ শুনিশ্চিত কৰিবলৈ কয়।তেখেতে লগতে কয় যে – পৰৱৰ্তী সময়ত ক’ভিডৰ তৃতীয়টো ঢৌ আহিলেও অৰ্থনীতিৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লক ডাউন ঘোষনাৰ পৰা বিৰত থকাৰ এটা পৰিকল্পনাত আছে আৰু তেনেস্থলত ক’ভিডৰ সৈতে সহাৱস্থান কৰি আগুৱাই যাওঁতে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো দুয়োপালি গ্ৰহণ কৰাসকল ক’ভিডৰ কৱলত কোনো প্ৰকাৰে পৰিলেও বৰ বেছি এটা ক্ষতিৰ সন্মুখীন হ’বলগীয়া নহ’ব। সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা বিতৰণ কৰি থকা পুষ্টিকৰ খাদ্য সামগ্ৰী শিশুসকলে সময়মতে পাই আছে নাই তাৰো বুজ লয়। তেখেতে খাদ্য সামগ্ৰী সমূহ আকৰ্ষণীয় পেকেটিং কৰি দিয়াৰো পৰামৰ্শ আগবঢ়ায়। ঠিক সেইদৰে মন্ত্ৰী গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা ‘জল জীৱন মিছন’ৰ কামৰো অগ্ৰগতিৰ বুজ লয় আৰু নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াক কঠোৰভাৱে সঁকিয়াই দিয়ে। ইতিমধ্যে লৈ থোৱা কামসমূহ সম্পুৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰসকলক নতুন কোনো কাম নিদিয়াৰ বাবেও মন্ত্ৰী গৰাকীয়ে সকলো বিভাগকে সাৱধান কৰি দিয়ে।আজিৰ এই সভাত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা আৰু মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত গোস্বামী, বিশিষ্ট সমাজকর্মী মৃগাংক তালুকদাৰ, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে-কল্পনা ডেকা, ফিৰদৌছ আলম, সম্প্ৰীতি গোস্বামী আৰু ছয়নিকা ঠাকুৰীয়া, মহকুমাধিপতি (সদৰ) সঞ্জীৱ ফুকন আৰু জিলা প্ৰশাসনৰ অন্যান্য সংশ্লীষ্ট বিষয়াবৰ্গ উপস্থিতি থাকে।

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত

বুধবাৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে লয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ।

কেন্দ্ৰীয় কেবিনেটৰ অন্য এক বৃহৎ সিদ্ধান্ত, দেশৰ ৮০ কোটি পৰিয়ালক “গৰীৱ কল্যান অন্ন যোজনা” অধীনত দিয়া বিনামূলীয়া ৰেচন অব্যাহত থাকিব।

২০২২ চনৰ মাৰ্চ পৰ্যন্ত অব্যাহত থাকিব এই বিনামূলীয়া ৰেচন। এই আচঁনিৰ অধীনত এতিয়ালৈ ২ লাখ ৭ হাজাৰ কোটি টকা খৰচ কৰিছে কেন্দ্ৰই।

হোজাইত ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন

আগন্তক লোকসভা নিৰ্বাচনৰ মাজত আৰু এটা বছৰ বাকী থকা সময়ত ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো বিভিন্ন পদক্ষেপ গ্কহণ কৰিছে জিলা প্ৰশাসনে ৷ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা উদ্দ্যেশ্যৰে হোজাই জিলা প্ৰশাসনে বিভিন্ন ধৰনে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে হোজাই উপায়ুক্ত অনুপম চৌধুৰীৰ নিৰ্দেশ মৰ্মে জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে – ৯০ নং যমুনামুখ বিধানসভা সমষ্টি, ৯১ নং হোজাই সমষ্টি আৰু ৯২ নং লামডিং সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজত সজাগতা অনাৰ উদ্যেশ্যে গীত, মাত আৰু বাটৰ নাটেৰে প্ৰয়াস অব্যাহত ৰাখিছে ৷ এই বাটৰ নাট, পথ সভা আদিৰ তদাৰক কৰিছে নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰ্ফিয়ে ৷ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত প্ৰশাসনে জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট, সজাগতা সভা আদি অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে ৰাইজক নিৰ্ধাৰিত সময়ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, কিধৰে স্থানান্তৰ কৰা আদি বিষয়বোৰ বাটৰ নাটৰ জৰিয়তে ৰাইজক উপস্থাপন কৰিছে ৷ আজি দুপৰীয়া যমুনামুখৰ ডবকা চহৰৰ লগতে নীলবাগান তিনি আলিত কাকীৰ পৰা অহা এদল শিল্পিয়ে গীত মাত আৰু বাটৰ নাট পৰিৱেশন কৰে ৷ ইয়াৰ পাছত হোজাই চহৰৰ দুখন ঠাইত বাটৰ নাট পৰিৱেশন কৰে ৷ উল্লেখ্য যে, যমুনামুখ সমষ্টিত বাটৰ নাট পৰিচালনাত সহযোগ হোজাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা গঠিত কমিটি SVEEP ৰ সদস্য কফিল উদ্দিন বৰভুঞাই ৷ আনহাতে, হোজাই সমষ্টিত SVEEP ৰ সদস্য কিশলয় দেৱগোস্বামী আৰু লামডিং সমষ্টিত SVEEP মানস প্ৰতিম তামুলি ফুকনে ৷

চামগুৰিত কংগ্ৰেছৰ জনজাগৰণ অভিযান

অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি  আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভূল পৰিচালনাৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ চামগুৰিত কংগ্ৰেছ দলে জনজাগৰণ অভিযানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত লাওঁখোৱা আৰু বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা জনজাগৰণ অভিযান কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে চামগুৰি তিনিআলিৰ পৰা বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়লৈ পদ যাত্ৰা কৰি এখন সভা অনুষ্ঠিত কৰে ৷উক্ত জনজাগৰণ অভিযানৰ পদযাত্ৰা কাৰ্যসূচীত চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিক ম: নাজাৰ, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুল চৌভান চৰকাৰ, নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তপন কুমাৰ শৰ্মা, কংগ্ৰেছ নেতা সুৰেশ বৰাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই উক্ত পদযাত্ৰাত অংশ গ্ৰহণ কৰে ৷ পদযাত্ৰাৰ অন্তত বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা সভাখনত কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ উপস্থিত থকা কংগ্ৰেছৰ বিধায়ক সকলে বিজেপি শাসনাধীন চৰকাৰ খনে অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি তথা বিত্তীয় ব্যৱস্থাপনাৰ ভূল পৰিচালনাৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ৷নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তপন কুমাৰ শৰ্মাই আতঁধৰা সভাখনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে, বৰ্তমান চৰকাৰ খনে দুখীয়া মানুহৰ কথা চিন্তা কৰা নাই, যাৰ বাবে   অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ দাম প্ৰতিদিনে বাঢ়ি আছে ৷ কংগ্ৰেছ দলে সদায় দুখীয়া মানুহৰ কথা চিন্তা কৰে কিন্ত বিজেপিয়ে সদায় পুজিপতিৰ কথা চিন্তা কৰে গতিকে ৰাইজ সজাগ আৰু সচেতন হোৱাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে ৷ বজাৰত জ্বলিছে জুই বৰ্তমান চৰকাৰ খন আছে শুই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰ খনক কেচা মাটিৰ গোন্ধ ল’বলৈ আহ্বান জনাই ৷ উক্ত সভাখনত উপস্থিত থকা বিধায়ক সকলে বৰ্তমান চৰকাৰ খনৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ৷আজি অনুষ্ঠিত হোৱা জনজাগৰণ অভিযান কাৰ্যসূচীত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

অসম আদৰ্শ বিদ্যালয় বৰপামত লাচিত দিৱস উদযাপন

অসম আদৰ্শ বিদ্যালয় বৰপামত দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস পালন কৰা হয়। সঞ্চালক নৃপেন বৰদলৈয়ে লাচিত বৰফুকনৰ ফটোত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম আদৰ্শ বিদ্যালয় বৰপামৰ প্ৰধান শিক্ষক সঞ্জয় কলিতাই আঁত ধৰা মূলসভাখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক সমবেত সংগীতৰে শুভাৰম্ভ কৰে। তৃতীয় শ্ৰেণীৰ ছাত্ৰী নিয়ৰ বড়োয়ে ভূপেন্দ্ৰ সংগীতৰ আধাৰত প্ৰদৰ্শনীমূলক নৃত্য পৰিৱেশন কৰি সকলোকে অভিভূত কৰি তোলে। সঞ্চালক নৃপেন বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি লাচিত বৰফুকনৰ ব্যক্তিত্ব, অসমৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বৰফুকনৰ অৱদান সুন্দৰ আৰু সাৱলীলভাৱে উপস্থাপন কৰে। লাচিত দিৱসত বিদ্যালয় বন্ধ নিদি অসম আদৰ্শ বিদ্যালয় বৰপামে  দিৱস উদযাপন কৰা বাবে সভাত উপস্থিত অভিভাৱকৰ লগতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে। এই প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰীৰ মাজত লাচিত বৰফুকনৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি বিজ্ঞজনে সাংবাদিকক জানিবলৈ দিয়ে। চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম দিব্যজ্যোতি বসুমতাৰী, ৰকজয় বসুমতাৰী দ্বিতীয়, স্মৃতিৰাণী পাতৰ আৰু ৰূপা বসুমতাৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। আনহাতে ‘খ’ শাখাত খুচি ঘাটোৱাৰ প্ৰথম, দিপিকা বৰা দ্বিতীয় আৰু বৰ্ণালী পাতৰে তৃতীয় স্থান লাভ কৰে।

উপ-নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতিয়েই পূৰণ কৰা হ’ব :প্ৰমোদ বড়ো

যোৱা উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ভাষণত দিয়া প্ৰতিশ্ৰুতি সমুহ ৰক্ষা কৰাৰ বাবেই মঙলবাৰে সন্ধিয়া ধুবুৰী জিলাৰ কামানডাঙ্গা গাওঁ পঞ্চায়ত তথা কোকৰাঝাৰ জিলাৰ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘডোকৰাত উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমদ বড়ো । অসম-বঙ্গ সীমান্তৰে বৈ যোৱা  গংগাধৰ নদীৰ দীৰ্ঘদিনীয়া গৰাখহনীয়াৰ সমস্যা বুজ লবলৈ অসম-বঙ্গ সীমান্তৰ গংগাধৰ নৈৰ পাৰত উপস্থিত হয় বি টি আৰ প্ৰধান প্ৰমোদ বড়ো । উল্লেখ্য যে ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত  অন্তৰ্গত অসম-বঙ্গ সীমান্তৰ বাঘডোকৰা অঞ্চলৰ দীৰ্ঘ দিনীয়া সমস্যা গংগাধৰ নদীৰ গৰাখহনীয়াক কোনো এজন মন্ত্ৰী বিধায়কে গুৰুত্ব নিদিয়াত গৰাখহনীয়াই জোংবন্ধা গাঁও খন সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন কৰাৰ উপৰি বাঘডোকৰা গাঁও খনৰ প্ৰায় নব্বৈ শতাংশ এলেকা নদীৰ বুকুত বিলীন কৰি পেলাইছে । যোৱা উপ-নিৰ্বাচনৰ সময়ত মিত্ৰজোঁটৰ সমৰ্থিত ইউ পি পি এল দলে  গংগাধৰ নদীৰ গৰাখহনীয়াক মুল ইছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি ইউ পি পি এল দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী জয়ী হবলৈ সক্ষম হয় । সেয়ে নিৰ্বাচনত জয় লাভ কৰাৰ পিছত  ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ বাবে ২৮ নং গোসাইগাওঁ বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত  বিধায়ক জিৰন বসুমাতাৰী, বি টি আৰৰ কাৰ্য্যকাৰী সদস্যত্ৰয় ক্ৰমে উকিল মুছাহাৰী, অৰূপ কুমাৰ দে, কৌশিক নাৰ্জাৰী আৰু ৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল সিংহক লগতলৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে মঙলবাৰে আহি উপস্থিত হয় বাঘগোকৰাত । মনকৰিবলগীয়া কথা যে উপ-নিৰ্বাচনত বিজয় লাভ কৰাৰ পিছত গোসাইগাঁও সমষ্টিটোৰ অন্তৰ্গত বাঘডোকৰা অঞ্চলৰ ৰাইজক ধন্যবাদ জনাবলৈ আহি গংগাধৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে অচিৰেই কাম আৰাম্ভ কৰিব বুলি ৰাইজৰ আগত মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । আনহাতে ২৮ নং গোসাঁইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত দিয়া সকলোবোৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হব বুলি ৰাইজৰ আগত মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । 

নলবাৰীত চোৰৰ নতুন কৌশল!

নলবাৰী জিলা পাইকাৰকুছিত ওলাইছে তেল চোৰ । মঙলবাৰে নিশা পাইকাৰকুছি চকৰ সমীপতে থকা বসন্ত সাউডৰ ঘৰৰ চৌহদত থকা বাছ গাড়ীৰ পৰা চোৰৰ এটা দল আহি নতুন কৌশলৰে গাড়ীৰ তেল চুৰি কৰা কাৰ্য পৰিলক্ষিত হৈছে । সময়ৰ লগে- লগে চোৰৰ নতুন-নতুন কাৰ্য আৰম্ভ হবলৈ ধৰিছে । কৰ’না মহামাৰিৰ ফলত সমগ্ৰ দেশ তথা ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰল-ডিজেলৰ মুল্য আকাশলংঘী হৈছে । সেয়ে এতিয়া চোৰৰ চকু তেলৰ ওপৰত । পুৱ নলবাৰীস্থিত পাইকাৰকুছিত বসন্ত সাউডৰ ঘৰৰ চৌহদত থকা তেখেতৰ বাছ গাড়ীৰ পৰা চুৰে নতুন কৌশলৰে নিশা চুৰি কৰি নিলে গাড়ীৰ তেল । পিছদিনা গাড়ী পাইকাৰকুছিৰ পৰা নলবাৰী নাপাওতে অচল হোৱাতহে লাগিল খেলি-মেলি । পিছত বাছৰ গৰাকীয়ে চি. চি কেমেৰাৰ ফুটেজ লক্ষ্য কৰাতহে ওলাই পৰিল তেল চোৰ । নিশা চোৰৰ এটি দলে পাইপ আৰু ড্ৰাম লৈ আহিছিল তেল চুৰ কৰিবলৈ । কৰ’নাৰ বাবে বাছ মালিক সকলোৰ তেনেই আলাই-আথানি হৈছে তাতেই আকৌ তেল চুৰি কাণ্ডই চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে ।

বজালীৰ পাটাছাৰকুছিলৈ সুনাম কঢ়িয়াই আনিলে অসম ৰাইফলছৰ জোৱান প্ৰণৱজ‍্যোতি দাসে

বজালী জিলাৰ পাটাছাৰকুছিৰ সমীপৰ গোৱিন্দপুৰ গাঁওৰ নিৱাসী প্ৰণৱজ‍্যোতি দাসে নিজৰ শৌৰ্য আৰু সাহসিকতাৰ বাবে বজালীৰ সন্তানে আজি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খবৰে সমগ্ৰ বজালীলৈ আনন্দৰ জোৱাৰ আনিছে।দেশৰ অখণ্ডতা ৰক্ষা আৰু ৰাইজৰ জীৱনৰ নিৰাপত্তা বাবে অতি সাহসিকতাৰে যুজঁ দিয়া ফলস্বৰূপে বজালীৰ সন্তান আৰক্ষী জোৱান প্ৰণৱজ‍্যোতি দাসক আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে নতুন দিল্লীত প্ৰদান কৰিলে শৌৰ্য চক্ৰ।উল্লেখযোগ্য  অৰুণাচল ত কৰ্তব্যৰত অসম ৰাইফলছৰ এজন সাহসী জোৱান।অসম আৰক্ষীৰ বৰমা বৰঝাৰস্থিত এ এছ আৰ এফ জোৱান হৰেন দাসৰ পুত্ৰ তথা অসম ৰাইফলছৰ ষষ্ঠ বেটেলিয়নৰ ৰাইফলমেন প্ৰণৱজ‍্যোতি দাসে কিছুমাহ পূবে দক্ষিণ অৰুণাচলৰ কৰ্মক্ষেত্ৰত প্ৰায় ৪:১০ বজাত বিশেষ সূত্ৰ ৰ পম খেদি এক অভিযানত অংশ লৈ ৭০ মিটাৰ দূৰৈৰ পৰা ছয়জনেকৈ দুৰ্ধষ উগ্ৰপন্থীক গুলীৰে থকা -সৰকা কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে বহুতো লোকৰ জীৱন ৰক্ষা কৰাত সহায়ক হৈছিল।তেওঁৰ এই সাহসিকতাৰ চিনস্বৰূপে আজি ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত আনুষ্ঠানিকভাৱে শৌৰ্য চক্ৰ প্ৰদান কৰে।জোৱানজনৰ সফলতাত বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে সমগ্ৰ পাটাছাৰকুছি তথা বজালীবাসীয়ে শুভেচ্ছা জনাইছে।

বকোৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত  বন্দাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰনি মতে, গুৱাহাটী এখন ব্যক্তিগত নাৰ্চিং হোমৰ পৰা ৰোগীকলৈ ঘৰলৈ ওভতাৰ পথত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্দাপাৰাত কন্টেইনাৰ আৰু ৰোগী কঢ়িওৱা টাটা চুমোৰ মাজত মুখা মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হোৱা চুমো খনৰ নম্বৰ হল AS 18 B 5774 কন্টেইনাৰ নম্বৰ  NL O1 AE 3394 জানিব পৰা মতে ঘটনাস্থলী নিহত ৰুকচানা আহমেদ নামৰ মহিলা এগৰাকী আৰু আহতো হয় কেইবাজনেও।গুৰুতৰ ভাৱে আহতসকলক ধুপধৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত চিকিৎসকে  চালক চামচুল আলম আৰু মাহমুদ আলম নামৰ দুজন লোকক মৃত ঘোষণা কৰে ৷ নিহত ৰুকচানা আহমেদৰ ঘৰ যোগীঘোপাৰ চলন্তপাৰা আনহাতে চামচুল আলম আৰু মাহমুদ আলমৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ লেজাম গাৱৰ বুলি জানিব পৰা গৈছে ৷