Home Blog Page 2695

কলিয়াবৰত আৰম্ভ অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপ

গ্ৰাম্যাঞ্চলত থকা ক্ৰিকেট প্ৰতিভা বিকাশৰ বাবে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপৰ প্ৰথম পৰ্য‍্যায়ৰ খেলসমূহ আজিৰে পৰা সমগ্ৰ ৰাজ‍্যতে আৰম্ভ হৈছে। অসম ক্ৰিকেট সন্থাৰ অধীনত থকা প্ৰত্যেকখন জিলাক এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অসম ক্ৰিকেট সন্থাই আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ‍্যোগত আজিৰে পৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ জিলা পৰ্য‍্যায়ৰ খেলসমূহ নাগশঙ্কৰ স্থিত ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত হৈছে। কলিয়াবৰ ক্ৰিকেট সন্থাই অসম ক্ৰিকেট সন্থাৰ অধীনত কলিয়াবৰৰ ১২টা শীৰ্ষ ক্লাৱৰ মাজত অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত কৰিছে। আজি পুৱাই ক্ৰিকেট সন্থাৰ আয়োজন কৰা প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ চতুৰ্থ সংস্কৰণৰ শুভাৰম্ভণী কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। ইয়াৰ পূৰ্বে কলিয়াবৰ জিলা ক্ৰীড়া সন্থা, কলিয়াবৰ ক্ৰিকেট সন্থাৰ লগতে যোগদান কৰা ক্লাৱসমূহৰ পতাকা উত্তোলন কৰে ক্ৰমে – জিলা ক্ৰীড়া সন্থাৰ কাৰ্য‍্যকৰী সভাপতি আলিমুদ্দিন আহমেদ, কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্ত আৰু দলসমূহৰ প্ৰতিনিধিবৰ্গই। অনুষ্ঠানত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক কুসুম ডেকাৰ লগত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিয়ে ক্ৰিকেট খেলুৱৈসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। আজিৰ উদ্বোধনী খেলত অৰুণোদয় সংঘক ইউনিক ক্লাৱে ৬৬ ৰাণত পৰাস্ত কৰে।

চ’ছিয়েল মিডিয়াত পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য

 ভগৱান ৰামচন্দ্ৰ,সীতাদেৱী আৰু পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণক লৈ  কিছুদিন পুৰ্ব উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিৱাসী তথা কমেডিয়ান অভিনেতা বিৰ দাসে অশ্লীল মন্তব্য  কৰাৰ বিৰুদ্ধে মঙলবাৰে ভাৰতীয় জনতা যূৱ মৰ্চাই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সমান্তৰালভাৱে নলবাৰী জিলাৰ  ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চা সভাপতি সুৰেশ কলিতাও এখন এজাহাৰ দাখিল কৰে।এজাহাৰত  উল্লেখ কৰা অনুসৰি কিছুদিন পুৰ্বে কমেডিয়ান অভিনেতা বিৰ দাসে আমেৰিকা’ত –  Net flix web show ৰ এটা অনুষ্ঠানত ৰামচন্দ্ৰ,সীতাদেৱী আৰু পবিত্ৰ ধৰ্মগ্ৰন্থ ৰামায়ণৰ বিৰুদ্ধে অশ্লীল আৰু অশালীন মন্তব্য কৰা সমগ্ৰ ঘটনা  চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইফালে আজিৰ এই কাৰ্য্যসূচী অংশগ্ৰহণ কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,যূৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উপসভাপতি গৌতম কাকতী,বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হেমাংগ দাসসহ অৰ্ধশতাধিক যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।

সিন্ধি খান্দি চোৰে সৰকালে বাইক আৰু মোবাইল

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ম’হচৰা গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰি কাণ্ড। নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী কাছুমাৰাৰ পূৱ ম’হচৰাত সিন্ধি খন্দা চোৰৰ সন্ত্ৰাস। চোৰে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰবেশ কৰি সৰকালে মটৰ চাইকেল আৰু মোবাইল। জানিব পৰা মতে পূৱ ম’হচৰা গাঁৱৰ ইয়াকুব আলী নামৰ লোক জনৰ ঘৰত মঙ্গলবাৰে  নিশা আনুমানিক প্ৰায় ২ বজাত চোৰে সিন্ধি খান্দি থকা ঘৰত সোমায় টেবুলৰ ওপৰৰ পৰা এটা মোবাইল মটৰ চাইকেলৰ ছাবি পাত লৈ অন্য কোঠাৰ পৰা AS25 S 3129 নম্বৰৰ মটৰ চাইকেল খন চুৰি কৰি লৈ যায়। পুৱা বহু পলমকৈ গৃহস্থই গম পোৱাত হুলস্থুল সৃষ্টি হয়। ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত অৱগত কৰাৰ পিছত কাছুমাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও খামিডাঠ চোৰৰ কোনো উৱাদিহ পোৱা নাই। উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিনৰে পৰাই সৰু সুৰা চুৰিকাণ্ড সংগঠিত হৈ আছে যদিওঁ আৰক্ষীয়ে কোনো চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আগলৈ আৰক্ষীক তৎপৰ হৈ চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

টীয়কৰ হোলোঙাপাৰত লাচিত দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়কৰ হোলোঙাপাৰ স্থিত জাতীয় বীৰ লাচিত মৈদাম প্ৰাংগনটো দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয় লাচিত দিৱস । পুৱা বন্তি প্ৰজ্বলন কৰি লাচিতৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাসে ।ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে লাচিত মৈদাম সংৰক্ষণ সমিতিৰ বিষয় ববীয়াই। কাৰ্যসুচিৰ লগত সংগতি ৰাখি এক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । অনুষ্ঠিত প্ৰতিযোগিতা ভাগি হোলোঙাপাৰ জিলা পৰিষদৰ সভাপতি প্ৰণতি বৰপাত্ৰ গোহাঁইয়ে শুভাৰম্ভ কৰাৰ লগতে কাকজান মহাবিদ্যালয় সহযোগি অধ্যাপক তুফেল জিলানি,যোৰহাট জিলা বিজেপিৰ যুৱ মৰ্চা সম্পাদক আইচেং সন্দিকৈ, স্থানীয় শিক্ষক হীৰেন শৰ্মা,হৰেন বৰুৱা,মহেন্দ্ৰ গগৈ উপস্থিত থাকি সৌস্তব বৃদ্ধি কৰে । লগতে এই কাৰ্যসূচিত লাচিত সেনা ,আহোম সেনাকে ধৰি বিভিন্ন অনুষ্টান প্ৰতিষ্ঠানে  সহযোগিতা আগবঢ়াই ।

লাহৰীঘাটত দুজন ড্ৰাগছ সৰবৰাহী আটক

মৰিগাঁও জিলাৰ  লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত।ড্ৰাগছ সহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক । মঙলবাৰে বৰবড়ী গাঁৱৰ পৰা ৩৬.০২ গ্ৰাম ড্ৰাগছ সহ  ড্ৰাগছ সৰবৰাহকাৰী দুটা হল ডিমাপুৰৰ ইজাজ আলী আৰু আবজুল হুছেইন ।আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমন ড্ৰাগছ মাফিয়াৰ ।ড্ৰাগছ মাফিয়াৰ আক্ৰমনত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়ো সহ দুই কনিষ্টবল ।উল্লেখ্য যে জব্দ কৰা ড্ৰাগছ খিনি ডিমাপুৰৰ পৰা আনিছিল ।ধৃত ড্ৰাগছ সৰবৰাহী কাৰীৰ বিৰুদ্ধে 812/21 গোচৰ ৰুজু কৰি U/S 353/333/201, IPC R/W Section 21(b) /29 NDPS Act ৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে। 

বঙাইগাঁওত মিনি কেবিনেট ! মূখ্যমন্ত্রীয়ে প্ৰকাশ কৰিলে কেবাখনো প্ৰতিবেদন

মঙলবাৰে বঙাইগাঁৱত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। মিনি কেবিনেটৰ পূৰ্বে বঙাইগাঁও জিলাৰ সম্পূৰ্ণা প্ৰকল্প, সমগ্ৰ শিক্ষা, জিলাখনৰ বানপানী সমস্যা, বঙাইগাঁও জিলাত সৌভাগ্য প্ৰকল্প আৰু বঙাইগাঁও নগৰৰ একত্ৰিত নগৰ আন্তঃগাঁথনি ব্যৱস্থাপনা আৰু নৱীকৰণ কাৰ্যসূচী সন্দৰ্ভত ৫খন প্ৰতিবেদন মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুকলি কৰা প্ৰতিবেদনসমূহত বঙাইগাঁও জিলা প্ৰশাসনে প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কৰা বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰিছে।

নাজিৰা কবি সন্মিলনৰ “চোতাল” অনুষ্ঠান সম্পন্ন

ওপৰ নাজিৰা বুদবাৰীৰ ঐতিহাসিক সত্ৰৰ কাষত দিখৌ নৈৰ পলসুৱা ভূমিত নকৈ গঢ়ি উঠা ইক’ টুৰিজম ক্ষেত্ৰত ২১ নৱেম্বৰত মিলিত হয় কবি সকল । “চোতাল” শীৰ্ষক অনুষ্ঠানৰ মাজত কবি অজিত খাটনিয়াৰৰ  কবিতা পুথি “একলব্য” উন্মোচন কৰে বিশিষ্ট নিৱন্ধকাৰ, সমালোচক চামচুল বাৰিকে । “সামাজিক উত্তৰণত কবিতাৰ ভূমিকা” শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তাৰ ভাষণ দাঙি ধৰি বিশ্বৰ বৰেণ্য কবিসকলৰ মাজৰপৰা কীটছ, শ্যেলী, ৱৰ্ডচৱৰ্থৰ কবিতাৰ পংক্তিৰে সামাজিক দায়ৱদ্ধ কবিতাৰ ভাবাৰ্থ বৰ্ণনা কৰি বক্তৃতা  আগবঢ়ায় সোণাৰাম খনিকৰে । অসমীয়া কবিতাৰ সন্দৰ্ভত   তেওঁ কয়  “মানৱ জাতিৰ ইতিহাসৰ সমৃদ্ধ জ্ঞান প্ৰতিফলিত কৰা সমাজ সাপেক্ষ সৃষ্টিয়ে কবিতাৰ আকাশ ফৰকাল কৰিব ।” অসমীয়া কবিৰ মাজত জনচেৰেকৰ এনে কৰ্ষণে অসমীয়া কবিতালৈ ইতিবাচকতা কঢ়িয়াই আনিছে বুলি কোৱাৰ লগতে শব্দক বুলেটৰ ৰূপত প্ৰয়োগ কৰি সমাজক সমালোচনা কৰিবলৈ কবি প্ৰস্ত্তত থাকিব লাগিব বুলি কয় একালৰ ইংৰাজী সাহিত্যৰ অধ্যাপক আৰু অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত যুটীয়া সচিব সোণাৰাম খনিকৰে । শিৱসাগৰ জিলা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সম্পাদক সুৰেশ ভূঞাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত শুভেচ্ছা মূলক বক্তব্যৰে আদৰণি জনায় নাজিৰা কবি সন্মিলনৰ সভাপতি অজিত খাটনিয়াৰে । নাজিৰা কবি সন্মিলনৰ সম্পাদক হৰেন চন্দ্ৰ নাথে আঁত ধৰা কাৰ্য্যসূচীৰ উদ্বোধন কৰে গড়গাঁও কলেজৰ অৱসৰ প্ৰাপ্ত মূৰব্বী অধ্যাপক ড’ ক্ষীৰোদ গগৈয়ে । নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে স্বৰচিত কবিতা পাঠেৰে কাব্যপাঠৰ শুভাৰম্ভ কৰে । বিশিষ্ট কবি সমালোচক  ৰাজীৱ বৰা, নতুন সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি দিলীপ  ফুকন, জ্যেষ্ঠ সাংবাদিক বীৰেণ শৰ্মা, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড’ জীৱন কলিতা, নাজিৰা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তৰুণ চন্দ্ৰ নাথ,  সাংবাদিক ভাস্কৰজ্যোতি বৰগোহাঁই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । স্বৰচিত কবিতা পাঠ কৰে নীলাক্ষি দত্তবৰুৱা, মঞ্জু ঘৰফলীয়া বৰা, নৱাব নাৰ্জী ইছলাম, লাৱণ্য দত্ত ফুকন, অনামিকা বৰা, সিদ্ধান্ত বৰগোহাঁই, দেৱানন্দ দত্ত, ৰবীন বৰঠাকুৰ, মিতালী শৰ্মা, সুৰেশ ভূঞা, প্ৰণিতা দত্ত, হেমন্ত ৰাজখোৱা, অৰুণা চেতিয়া খাটনিয়াৰ, শিখা বুঢ়াগোহাঁয়ে । শিৱপ্ৰসাদ শইকীয়া, নিৰুপমা দত্তই গীত পৰিৱেশন কৰে । বৰ্ষীয়ান ব্যক্তি ডিম্বেশ্বৰ খাটনীয়াৰ, লেখিকা অসমী গগৈ বৰুৱা, শিক্ষক গোপাল বৰুৱা উপস্থিত থকা অনুষ্ঠানত শিৱসাগৰ জিলা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সম্পাদক সুৰেশ ভূঞাক সম্বৰ্দ্ধনা জনোৱা হয়। 

সদনৰ বৈঠকত মনোনীত কাউন্সিলাৰ আৰু আপৰ বিধায়কৰ মাজত হাতাহাতি

মঙলবাৰে উত্তৰ দিল্লী পৌৰ নিগমৰ সদনৰ বৈঠকত দিল্লী চৰকাৰৰ আবকাৰী নীতি, দিল্লীত প্ৰদূষণৰ স্তৰ বৃদ্ধি আৰু পৌৰ নিগমৰ কৰ্মচাৰীসকলক দৰমহা পৰিশোধ নকৰাক লৈ এক হুলস্থূল পৰিৱেশৰ সৃষ্টি হয়। ইফালে, বিজেপি শিবিৰলৈ যোৱা মনোনীত কাউন্সিলাৰ আৰু ভিজেন্দৰ যাদৱ আৰু আপৰ বিধায়ক তথা পৌৰ নিগমৰ মনোনীত মহেন্দ্ৰ গুপ্তাৰ মাজত তৰ্কাতৰ্কিৰ সূত্ৰপাত হয়। যাৰ বাবে, সদনত কোনো বিষয় আলোচনা কৰিব পৰা নহ’ল।ইফালে, বিজেপিৰ কৰ্পোৰেটৰসকলে আবকাৰি নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। হুলস্থূল বাঢ়ি অহাৰ লগে লগে মেয়ৰে সভাখন ১০ মিনিটৰ বাবে স্থগিত ৰাখে।বৈঠক পুনৰ আৰম্ভ হোৱাৰ পিছতো দুয়োপক্ষই হুলস্থূল কৰিবলৈ আৰম্ভ কৰে। ইফালে, মনোনীত পাৰ্শ বিজেন্দ্ৰ যাদৱে চাহপাতৰ পানীৰ বটলবোৰ মূৰত ৰাখি হুলস্থুল সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। আপৰ বিধায়ক মহেন্দ্ৰ গুপ্তাই তেওঁৰ পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে আৰু দুয়োৰে মাজত হাতাহাতিৰ সৃষ্টি হয়। ইয়াৰ বাবে, মেয়ৰে কাৰ্যসূচী গৃহীত কৰে আৰু সভাস্থগিত কৰে।

বৰপেটাৰ দৰিদ্ৰ পৰিয়ালক আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ই-ৰিক্সা প্ৰদান

বৰপেটাৰ এটি দৰিদ্ৰ পৰিয়ালক আজি আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন ই-ৰিক্সা প্ৰদান কৰা হয় । বৰপেটাৰ ঘোঁৰামাৰা হাটীৰ প্ৰয়াত জিতু দাসৰ দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ পথ হিচাপে দুখীয়া পৰিয়ালটোলৈ এই ই-ৰিক্সা খন প্ৰদান কৰে সংস্থাটোৱে ।  আজি আজমল ফাউণ্ডেশ্যনৰ হৈ মুফতি ছামচুদ্দিন আহমেদ  আৰু আশ্ৰাফুল মামুনে প্ৰয়াত জিতু দাসৰ বাসগৃহত উপস্থিতহৈ পৰিয়ালৰ লোকৰ হাতত ই-ৰিক্সাখন প্ৰদান কৰে । উল্লেখ্য যে বৰপেটা চহৰত ঠেলা চলাই কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা জিতু দাস নামৰ লোকগৰাকীয়ে এবছৰ পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে । মৃত্যুৰ পূৰ্বেও  লোকগৰাকীৰ চিকিৎসাৰ সহায়ৰ বাবে আজমল ফাউণ্ডেশ্যনৰ হকে মুফ্তি ছামচুদ্দিন আহমেদ আৰু আশ্ৰাফুল মামুনে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল যদিও চিকিৎসাধীন অৱস্থাতেই  লোকজন মৃত্যুমুখত পৰে । দুগৰাকী ল’ৰা -ছোৱালী আৰু পত্নীৰে সৈতে দুখীয়া পৰিয়ালটোৰ মুল উপাৰ্জনকাৰী লোকগৰাকী এইদৰে মৃত্যু হোৱাৰ পিছত পৰিয়ালটো এক অভাৱনীয় আৰ্থিক দূৰ্যোগৰ সন্মুখীন হয় ৷ পৰিয়ালটোৰ দূৰ্দশাৰ কথা অনুধাৱন কৰি আৰু এইক্ষেত্ৰত বৰপেটাৰ স্থানীয় সাংবাদিক পুলেন্দ্ৰ দাসে আজমল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি সকলক অৱগত কৰে । পৰিয়ালটোৱে সন্মুখীন হোৱা সমস্যাৰ পৰা পৰিয়ালটেক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালটোক উপাৰ্জনৰ পথ এটা মোকলাই দিয়া আৰু দুৰ্ভগীয়া পৰিয়ালটোক সকাহ হ’ব পৰাকৈ আজমল ফাউণ্ডেছনৰ তৰফৰ পৰা ই-ৰিক্সাখন প্ৰদান কৰে ৷ দুখীয়া পৰিয়ালটোক সকাহ দিয়াৰ বাবে আজমল ফাউণ্ডেছনে লোৱা উদ্যোগ আৰু এইক্ষেত্ৰত  সাংবাদিক পুলেন্দ্ৰ দাসে লোৱা তৎপৰতাত স্থানীয় লোকে আদৰনি জনোৱাৰ লগতে আজমল ফাউণ্ডেশ্যনৰ এনে পদক্ষেপৰ বাবে পৰিয়ালটোৱে কৃতজ্ঞতা জনায় ।

ধৰ্মপ্ৰাণ মহিলা ফুলবানু বেগমৰ মৃত্যুত শোক

কামৰূপ জিলাৰ পাতিদৰং মৌজাৰ মহিপালকুচি নিবাসী ধৰ্মপ্ৰাণা মহিলা মিচেছ ফুলবানু বেগমৰ মংগলবাৰে বিয়লি ২-৫০ বজাত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭৫ বছৰ হৈছিল ৷ তেখেত কেইবাদিন ধৰি অসুস্থ অৱস্থাত আছিল ৷ মৃত্যুৰ সময়ত তেওঁ   এজন পুত্ৰ, দুজনী বিবাহিত জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ তেখেত এগৰাকী সহজ সৰল অন্তৰৰ সকলোৰে প্ৰতি মৰম থকা মহিলা আছিল ৷ তেখেতৰ জানাজা নামাজ আজি পুৱা ৯-০০ বজাত সম্পন্ন কৰা হয় ৷ জানাজা নামাজত ইমামতি কৰে পাথৰিঘাট ২নং জামে মছজিদৰ পেচ ইমাম মৌলানা ইব্ৰাহিম আলী ক্বাদিৰীয়ে৷ দফনৰ পিছত দুআ’ সম্পন্ন কৰে বিশিষ্ট লেখক, কবি, সামাজিক বিশ্লেষক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে৷ উল্লেখ্য যে এই অঞ্চলৰ লোকসকল   আহলে ছুন্নত ৱাল জামাআতৰ অনুগামী হয় যদিও অঞ্চলটোত ছুন্নীয়তৰ নিয়মসমূহ যথাযথভাৱে পালন কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ বিশেষ কোনো আলিম, ফাজিল নোহোৱাত অন্য ফিৰকাৰ আলিমসকলে প্ৰভাৱ বিস্তাৰ কৰি আছিল ৷ সেয়ে এই সম্পৰ্কে বৰ্তমান ছুন্নীয়তৰ বিশেষ প্ৰচাৰক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীৰ সৈতে যোগাযোগ কৰি  অঞ্চলটোৰ ৰাইজে ছুন্নীয়তক পুনৰ জিন্দা কৰাৰ কাৰ্যব্যৱস্থা হাতত লয় আৰু আজি মৰহুমা ফুলবানু বেগমৰ জানাজা নামাজৰ মাধ্যমেৰে ছুন্নীয়তৰ এটি নিয়ম জানাজা নামাজ সম্পন্ন কৰাৰ পিছৰ দোৱা কৰণৰ দ্বাৰা ইয়াক আৰম্ভ কৰা হয়৷ তেখেতৰ মৃত্যুত ৰাজা ফাউণ্ডেশ্যন,অসম, মহিপালকুচি জামে মছজিদ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।