ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ৰাধুৰাম চাৰিআলি বজাৰত সোমবাৰে নিশা সংঘটিত হয় এক চুৰি কাণ্ড । নিশাৰ ভাগত কোনোও নথকাৰ সুযোগলৈ চোৰে খাদিম গোলাম মস্তাফা নামৰ কাপোৰ ব্যৱসায়ীৰ দোকানত প্ৰবেশ কৰি প্ৰায় ৬০/৭০ হাজাৰ টকা মূল্যৰ কাপোৰ চুৰ কৰি নিয়ে । ঘটনা সম্পৰ্কে ব্যৱসায়ী গৰাকীয়ে স্হানীয় ফকিৰগঞ্জ থানাত এখন এজেহাৰ দাখিল কৰিছে । আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই । এনে চুৰি কাণ্ডত এনে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ৰামদিয়াত আদৰ্শ গ্ৰাম্য যোঁজনাৰ অধীনত উণ্ণয়নমূলক কামৰ আধাৰশিলা স্থাপন
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়াত স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়াৰ প্ৰতিনিধিবৰ্গই আজি আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনৰ চাৰিটাকৈ কামৰ আধাৰশিলা স্থাপন কৰে।ৰামদিয়াৰ খগেন ভৰালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মাজৰকুৰিত আজি অসম আদৰ্শ গ্ৰাম্য যোঁজনাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খোৱাপানী আচনিৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় ৩.৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিবলৈ লোৱা আঁচনি খনৰ আধাৰশিলা স্থাপন কৰে ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসে। ৭ লাখ টকা ব্যয় সাপেক্ষে শ্বহীদ খগেন ভৰালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মাজৰকুৰি গাওঁৰ দলোপাৰা গড়কাপ্তানি পথৰ পৰা অজিত ঠাকুৰীয়া ঘৰৰ পথৰ কামৰ আধাৰশিলা স্থাপন কৰে বিজেপিৰ জ্যোষ্ঠ নেতা নৱজ্যোতি দাসে । তাৰ পিছতেই মাজৰকুৰি বালিকা প্ৰাথমিক বিদ্যালয়ৰ ৩ লাখ টকা আৰু ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিবলগীয়া কামৰ আধাৰশিলা স্থাপন কৰে ৩নং জিলা পৰিষদৰ সদস্য বিপুল দাসে, শীৰ্ষক শুভ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকে হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক, খগেন ভৰালী গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী ভৰালী, হাজো ব্লকৰ অভিযন্তা হলধৰ কলিতা, বামুন্দী গাওঁ পঞ্চায়তৰ সভানেত্ৰী চন্দ্ৰা কলিতা ,ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য ডেকা, মাজৰকুৰি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকু়ট দাস,ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল ডেকা, হাজো মণ্ডল বিজেপিৰ উপ সভাপতি বিষ্ণু প্ৰসাদ পাঠক ,উত্তৰ কামৰূপ জিলা বিজেপি আই টি বিভাগৰ সহ আহ্বায়ক অৰূপ কাকতি নবীন ,গোলোক ভৰালী , ৱাৰ্ড সদস্যা মীনা ডেকা, গীতা তালুকদাৰ খগেন ভৰালী গাওঁ পঞ্চায়তৰ সচিব ফজলুল হককে ধৰি পঞ্চায়তৰ কৰ্মকৰ্তা তথা একাংশ বিশিষ্ট গণ্য মান্য বিশিষ্ট ব্যক্তি ।
গাঁও পঞ্চায়ত এলেকাত দৰিদ্ৰতা দূৰিকৰণ
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনস্থ সম্প্ৰসাৰণ শিক্ষা কেন্দ্ৰ চমুকৈ ই টি চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহৰ নিৰ্বাচিত প্ৰতিনিধি সকলক তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ লগতে পঞ্চায়ত সমূহৰ জৰিয়তে সাধাৰণ ৰাইজে যাতে জীৱিকা নিৰ্বাহৰ পথ বা বিকল্প সংস্থাপন উলিয়াব পাৰে তাৰ বাবে বিশেষ অভিযান , প্ৰশিক্ষণ , কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে । ইয়াৰ অংশহিচাপে পহিলা নৱেম্বৰৰ পৰা ই টি চিৰ অধীনত চলি আছে পাঁচ সপ্তাহযোৰা কৰ্মশালা । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে এই কৰ্মশালাত কামৰূপ , কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলাৰ ১৮ টা উন্নয়ন খণ্ডৰ অধীনৰ ১৯৯ টা গাঁও পঞ্চায়তক সামৰি লোৱা হৈছে । মূলত পঞ্চায়ত সমুহৰ পৰা দৰিদ্ৰতা দূৰ বা হ্ৰাস কৰা , পৰিকল্পনা আৰু পঞ্চায়ত উন্নয়ন পৰিকল্পনাত ইয়াৰ অন্তৰ্ভূক্তিকৰণৰে পঞ্চায়ত সমূহক অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ লক্ষ্যৰে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । তেনেদৰে প্ৰতিটো পঞ্চায়তৰ বাবে দুদিনকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । এই কৰ্মশালাত গাঁও পঞ্চায়ত সমূহৰ সভাপতি ,সদস্য , পঞ্চায়ত সংগঠনৰ নিৰ্বাচিত সদস্য , জীৱিকা সখী , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড সমন্বয়ক , সকলে প্ৰশিক্ষাৰ্থী হিচাপে ভাগ লৈছে । আনহাতে কৰ্মশালাত ই টি চিৰ ফেকাল্টি সকলে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ৰ সমল ব্যক্তি সকলে প্ৰশিক্ষক হিচাপে কৰ্মশালাত প্ৰশিক্ষণ দি আহিছে । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলক তেওঁলোকে যাতে নিজ নিজ গাঁও পঞ্চায়তত মহিলা আত্মা সহায়ক গোট সমূহক অধিক আৰ্থিক ভাৱে স্বাৱলম্বী কৰিব পাৰে , পঞ্চায়তৰ জৰিয়তে জীৱিকাৰ ক্ষেত্ৰ সমূহ উলিয়াই দৰিদ্ৰতা দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব পাৰে , আঁচনি সমূহৰ সফল ৰূপায়ণৰে মহিলা সকলৰ আৰ্থ সামাজিক বিকাশৰ আঁচনি সমূহৰ সফল ৰূপায়ণ কৰি গাঁও পঞ্চায়ত এলেকাৰ চেহেৰাই সলনি কৰিব পাৰে তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে এই কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ ৫ ডিচেম্বৰত সামৰণি পৰিব।
আম্বানীৰ কোম্পানীৰ অভিলেখ ভংগ!!
দেশৰ ডিজিটেলম’বাইল ৱালেট পেটিএমে সৰ্ববৃহৎ আইপিঅ’ মুকলি কৰে, কিন্তু বজাৰত তালিকাভুক্ত হোৱাৰ লগে লগে বিনিয়োগকাৰীসকলে এক ডাঙৰ বিফলতাৰ সন্মুখীন হয়। পেটিএমে দেশৰ সৰ্ববৃহৎ আইপিঅ’ মুকলি কৰি বিনিয়োগকাৰীসকলক ডাঙৰ সপোন দেখাইছিল, কিন্তু শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ লগে লগে ইয়াৰ প্ৰকৃত তথ্য ওলাই।যোৱা বৃহস্পতিবাৰে পেটিএমৰ শ্বেয়াৰ তালিকাভুক্ত হোৱাৰ বাবে শ্বেয়াৰ বজাৰত হতাশাজনক ফলাফল দেখা গৈছে।কোম্পানীটোৰ শ্বেয়াৰ হ্ৰাস হৈ থাকিল। বিনিয়োগকাৰীসকলে ৪০ শতাংশতকৈও অধিক হেৰুৱাইছে। পেটিএমৰ শ্বেয়াৰইছমূল্যৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, কোম্পানীটোৱে এক অবাঞ্ছিত অভিলেখ স্থাপন কৰে যাৰ অধীনত কোম্পানীটো তালিকাভুক্ত হোৱাৰ লগে লগে শ্বেয়াৰবোৰ ইছ্যু মূল্যৰ পৰা ২৭.২৫ শতাংশলৈ হ্ৰাস পায়। এইটো শ্বেয়াৰ বজাৰৰ ইতিহাসত এতিয়ালৈকে আটাইতকৈ বেয়া তালিকা আছিল, য’ত তালিকাভুক্তিৰ সৈতে শ্বেয়াৰবোৰ এই স্থানলৈ উঠে। আগতে অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স পাৱাৰৰ একেই পৰিস্থিতি হৈছিল যেতিয়া কোম্পানীটোৰ ষ্টক ২১.৭৩ শতাংশ হ্ৰাস পায়।এইঁক্ষেত্ৰত আম্বানীৰ কোম্পানীৰ অভিলেখ ভংগ কৰিলে পেটিএমে।তালিকাভুক্তিৰ পিছৰে পৰা পেটিএমৰ শ্বেয়াৰহ্ৰাস অব্যাহত আছে। সোমবাৰৰ পৰাও পেটিএমৰ শ্বেয়াৰ ১৭ শতাংশতকৈও অধিক হ্ৰাস পাইছে। এতিয়ালৈকে, বিনিয়োগকাৰীসকলে আই.এছ.ইউ.-ৰ মূল্যৰ ৪০ শতাংশ হেৰুৱাইছে। যোৱা দুদিনত পেটিএমৰ শ্বেয়াৰ ৩৩ শতাংশতকৈও অধিক হ্ৰাস পাইছে। প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপকৰ মুঠ সম্পত্তিৰ ওপৰতো প্ৰভাৱ দেখা গৈছে। পেটিএমৰ মুখ্য কাৰ্যবাহী বিষয়া বিজয় শেখৰ শৰ্মাই ১০,০০০ কোটি টকাৰ অধিক সম্পত্তি হেৰুৱাইছে।কোম্পানীটোৰ ষ্টক তালিকাৰ সৈতে হ্ৰাস হৈ থাকিল। তালিকাভুক্তিৰ আগতে পেটিএমৰ বজাৰ কেপ, যি ১.৪৮ লাখ কোটি টকা আছিল, ৮২,000 কোটি টকালৈ হ্ৰাস পাইছে। এই হ্ৰাস অহা কেইদিনমানৰ বাবে অব্যাহত থাকিব বুলি আশা কৰা হৈছে। বজাৰ বিশেষজ্ঞসকলে ধৰি লৈছে যে পেটিএমৰ শ্বেয়াৰ ১২০০ টকালৈ হ্ৰাস হ’ব পাৰে, অৰ্থাৎ বিনিয়োগকাৰীসকলে ৫০ শতাংশলৈকে হেৰুৱাব বুলি আশা কৰা হৈছে। প্ৰশ্ন উত্থাপিত হয় যে পেটিএমৰ ষ্টক এই অৱস্থাত কিয় আছিল। কোম্পানীটোৱে ১৮৩০০ কোটি টকাৰ আইপিঅ’ জাৰী কৰিছে, কিন্তু ই অতি দুৰ্বল সঁহাৰি লাভ কৰিছে। বজাৰ বিশেষজ্ঞসকলৰ মতে, ব্ৰোকাৰেজ হাউচৰ প্ৰতিবেদনৰ বাবে পেটিএমে এক ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছিল।দৰাচলতে, ব্ৰোকাৰেজ হাউচ মেককুৰীয়ে পাটিমক প্ৰশ্ন কৰিছিল, তেওঁৰ ব্যৱসায়িক আৰ্হিক প্ৰশ্ন কৰিছিল আৰু কৈছিল যে তেওঁৰ ব্যৱসায়ত মনোযোগ আৰু দিশৰ অভাৱ আছে। কেৱল সেয়াই নহয়, প্ৰতিবেদনত কোৱা হৈছে যে কোম্পানীটোৰ লাভ অৰ্জন কৰাৰ বাবে এক প্ৰত্যাহ্বানমূলক স্থিতি আছে। প্ৰতিবেদনটো ওলাই অহাৰ পিছত, বিক্ৰী-অফে পেটিএমৰ ষ্টকত আধিপত্য বিস্তাৰ কৰিছিল।
ঢেকীয়াখোৱাৰ অসম আন্দোলনৰ সক্ৰিয় কৰ্মী বিনয় বেজবৰুৱাৰ মৃত্যু
অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কর্মী ,নাট্যশিল্পী ,সুদক্ষ খেলুৱৈ,সমাজসেৱক ঢেকীয়াখোৱাৰ নিবাসী বিনয় বেজবৰুৱাৰ নিজা বাসগৃহত (৫৯) মৃত্যু হয় । ওৰে জীৱন সমাজৰ হকে কাম কৰা বেজবৰুৱা ঢেকীয়াখোৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক,ঢেকীয়াখোৱা গ্ৰাম্য সপ্তাহৰ জন্মদাতা আৰু ঢেকীয়াখোৱা মাধৱদেৱ পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। কিছুদিন অসুখত ভুগি থকা চিৰ কুমাৰ বেজবৰুৱাৰ মৃত্যুত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি,ঢেকীয়াখোৱা মহিলা সমিতি ,যুৱ সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। ইপিনে ঢেকীয়াখোৱা বাসী আৰু বিভিন্ন অনুষ্টান – প্ৰতিষ্ঠান একত্ৰিত হৈ মাধৱদেৱ পুথিভঁৰাল প্ৰাংগণত বেজবৰুৱাৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্টান আয়োজন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে।
নগৰবেৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন
কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আজি স্থানীয় ইন্দিৰা ভৱন প্ৰাংগণত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন, প্ৰয়াত মূখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি প্ৰদান কৰা হয়। অনুষ্ঠানটিত ছমৰীয়া ব্লক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ধনেশ্বৰ বায়ন, সম্পাদক আব্দুল মজিদ মণ্ডল, প্ৰাক্তন জিলা পৰিষদৰ সদস্য পদ্মলোচন দাস, আঞ্চলিক পঞ্চায়তৰ সদস্যা মনিকা সৰকাৰ, পিজুপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি সুৰেন দাস, ভখুৰাদিয়া মণ্ডল কংগ্ৰেছৰ সভাপতি আতোৱাৰ ৰহমান প্ৰমুখ্যে কংগ্ৰেছৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদ্গতি কামনা কৰি তেওক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
সোণতলীত বন বিভাগৰ অভিযান
কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত বামুনীগাঁও আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে আজি যৌথভাৱে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই, অভিযানত মাহতলী গাওঁৰ জিন্নত আলীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে জিন্নত আলীকো আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। আনহাতে জিন্নত আলীৰ পৰিয়ালৰ অভিযোগ মতে জব্দকৃত চোৰাং কাঠখিনিৰ মালিক পানীখাইতি গাওঁৰ ৰহিজ উদ্দিন বুলি জানিবলৈ দিয়ে। চোৰাং কাঠ ব্যৱসায়ী ৰহিজ উদ্দিন বৰ্তমান পলাতক অৱস্থাত আছে। উল্লেখ্য যে দীর্ঘদিনৰ পৰা সোনতলীৰ বিভিন্ন ঠাইত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি আছিল। আজি হঠাৎ নগৰবেৰা বন বিষয়া মৃনাল অধ্যাপকৰ নেতৃত্বত সোণতলীৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলে। অভিযানত শাল চেগুনকে ধৰি প্ৰায় লক্ষাধিক টকাৰ চোৰাং কাঠৰ কাঠ জব্দ কৰাৰ লগতে জিন্নত আলী নামৰ এজন ব্যক্তিক বন বিভাগে আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত চোৰাং কাঠখিনি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় বুলি নগৰবেৰাৰ বন বিষয়া মৃনাল অধ্যাপকে জনায়।
ফুলেৰ চৰ গাওঁ পঞ্চায়তত কৌটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে অভিযোগ
দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ ফেকামাৰী খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনত থকা ফুলেৰচৰ গাওঁ পঞ্চায়তত বিত্তীয় বছৰ ২০১৮ চনৰ পৰা ২০২১ চনলৈ বিভিন্ন আঁচনিৰ নামত কেইবাকোটি টকাৰ লুণ্ঠনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দিয়া বুলি জানিব পৰা গৈছে। অভিযোগ মতে বিত্তীয় বছৰ ২০১৮-১৯ চনত গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ নামত হাটশিঙিমাৰীৰ কৃষি বিভাগৰ কোল্ড ষ্টোৰৰ আৰ্থ ফিলিংগৰ নামত ৯৮ লাখ ৬৪ হাজাৰ ১৬৪ টকা, খাৰুৱাবান্ধা আৰক্ষী চকীৰ চাৰিসীমাৰ পকী ৱাল আৰু আৰ্থ ফিলিংগৰ নামত ৮৬ লাখ ৪৯ হাজাৰ ৫৩১ টকা, হাটশিঙিমাৰী আই বি বি ৰোডৰ পৰা বিললাল হাউজলৈ পথ নিৰ্মাণৰ নামত ৩০ লাখ ৯৩ হাজাৰ ২৬৬ টকা, ফুলেৰচৰ সোনাৰ পাৰা মছজিদ চাৰিআলিৰ পৰা আলাউদ্দিনৰ ঘৰলৈ যোৱা পথ নিৰ্মাণৰ নামত ২৬ লাখ ৩৬ হাজাৰ ৯০৩ টকা বিত্তীয় বছৰ ২০২০- ২১ চনত, ফুলেৰ চৰৰ হবিবুৰ ৰহমানৰ ঘৰৰ পৰা ৰেজাউল হকৰ ঘৰলৈ যোৱা পথৰ নামত ২২ লাখ ১৮ হাজাৰ ৮১৬ টকা বিত্তীয় বছৰ ২০২০ ২১ চনত, হাটশিঙিমাৰীৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পথাৰত আৰ্থ ফিলিংগৰ নামত বিত্তীয় বছৰ ২০১৯ ২০ চনত ৯ লাখ ৯১ হাজাৰ ৯১৬ টকা, সোনাৰপাৰা যোগেশ মেমৰিয়েল এমভি স্কলৰ আৰ্থ ফিলিংগৰ নামত ২০১৮-১৯ চনত ১০ লাখ ১৫ হাজাৰ ৪৩৯ টকা আৰু পঞ্চায়ত খনৰ বিভিন্ন ঠাইত বহু কেইটা পথৰ নামত, আৰ্থ ফিলিংগৰ নামত কেইবা কৌটি টকা বিভাগে আৱণ্টন দিছিল। কিন্তু সেই সময়ৰ খণ্ড উন্নয়ন প্ৰাক্তন বিষয়া মকবুল হোছেইন, ইকবাল হোছেইন, কণিষ্ঠ অভিযন্তা সহ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আবু বক্কাৰ প্ৰধানীয়ে গোপন বুজা বুজি কৰি আৱণ্টিত ধনৰ ১৫% শতাংশ কাম কৰি সিংহ ভাগ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ উপৰিও ১৪ ফাইন্সন আঁচনিৰ নামত পঞ্চায়ত খনত বিভিন্ন পথৰ নামত বহু কৌটি টকা বিভাগে আৱণ্টন দিছিল যদিও চৰকাৰী বিষয়াৰ লগত গোপন বুজা বুজি কৰি বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি নিজৰ খেয়াল খুচি মতে জধে মধে সামান্য কাম কৰি তাতো বহু টকা আত্মসাৎ কৰে বুলি অভিযোগ পএত উল্লেখ। ইপিনে বহু জব কাৰ্ডৰ নামত চৰকাৰী ধন বেংক যোগে কামৰ নামত দিয়া দেখুৱাইছে যদিও আচলতে জব কাৰ্ডৰ হিতাধিকাৰীক ২০০ ৰ পৰা ৫০০ টকাকৈ দি বাকী টকা পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে আত্মসাৎ কৰাৰ লগতে বহু জব কাৰ্ড হিতাধিকাৰীৰ হাতত দিয়া নাই। অনতি পলমে উক্ত পঞ্চায়তত কৌটি টকাৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰজমিন তদন্ত কৰি দুৰ্নীতিৰ লগত জড়িত বিডিঅ, কণিষ্ঠ অভিযন্তা আৰু পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা লোৱাৰ বাবে দাবী জনায় ।এতিয়া মুখ্যমন্ত্ৰীয়ে বিয়াগোম দুৰ্ণীতিৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হব ।।
প্ৰথম মৃত্যুবাৰ্ষিকীত কংগ্ৰেছ কৰ্মীয়ে স্মৰণ কৰিলে তৰুণ গগৈক
অসমৰ ৰাজনীতিৰ বৃক্ষস্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্মভূষণ প্ৰয়াত গগৈৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। ১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এঢাপ এঢাপকৈ আগুৱাই আহি সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ কাল মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। অসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বলিষ্ঠ কংগ্ৰেছ নেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি প্ৰয়াত নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷ ৰাজ্যখনৰ প্ৰতিখন জিলাত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেখেতৰ বলিষ্ঠ ব্যক্তিত্বক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৷ গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত পুৱা ১০.৩০ বজাত প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ ইয়াৰ পিছতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, সাংসদ তথা তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ বলীন কুলী, প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আবু চালেহ নাজমুদ্দিন, বিধানসভাৰ মুখ্য সচেতক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, বিধায়িকা শিৱামণি বৰা, বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিধায়ক আব্দুছ চুভাহান আলী সৰকাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ, অন্যতম সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে নাম-প্ৰসংগৰ লগতে বাইবেল, কোৰাণ আৰু গুৰু চাহিব গ্ৰন্থ পাঠ কৰি বৰেণ্য নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয় ।ইয়াৰ পিছতে নাগাৰা নামৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সমূহ নেতৃত্বই অংশগ্ৰহণ কৰে। আনকি সভাপতি ভূপেন কুমাৰ বৰাই স্বয়ং নাগাৰা বজাই নামত ভাগ লয় ।বলিষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ স্মৃতিচাৰণ কৰি দলৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰমুখ্যে নেতাসকলে প্ৰয়াত নেতা তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ বৃত্তান্ত, তেখেতৰ জীৱন-দৰ্শন আৰু অসমপ্ৰেমৰ বিষয়ে অৱলোকন কৰে ৷ ৰাজীৱ ভৱনৰ এই কেন্দ্ৰীয় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰায়সকল নেতাৰ উপৰি এন এছ ইউ আই, যুৱ-কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱাদলৰ নেতৃত্ব আৰু বিপুলসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে ৷
আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকী
অসমৰ ৰাজনীতিৰ বৃক্ষস্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। ১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এঢাপ এঢাপকৈ আগুৱাই আহি সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ কাল মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল এইগৰাকী অসমৰ ৰাজনীতিবিদৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও প্ৰয়াত গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে জনায় গভীৰ শ্ৰদ্ধাঞ্জলি।











