Home Blog Page 2721

কৃষি আইনক লৈ বেকফুটত মোডী চৰকাৰ !

বাতিল কৰিলে তিনি কৃষি আইন

দেশজুৰি হোৱা বিশাল প্ৰতিবাদৰ পিচত অৱশেষত তিনিখন কৃষি আইন বাতিল হল কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ । শুকুৰবাৰে গুৰু নানক জয়ন্তী উপলক্ষে দেশবাসীক সম্বোধন কৰি কৃষি আইন বাতিলৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ কৃষকৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমুলক আচঁ‌নিৰ কথা উল্লেখ কৰে । এই মাহৰ অন্তত আৰম্ভ হবলগীয়া সংসদৰ অধিবেশনৰ সময়ত তিনিও খন কৃষি আইন বাতিলৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পুৰ্ণ কৰিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে , আন্দোলনকাৰী কৃষক সকলক আহ্বান কৰে যে তেওঁলোকে স্বগৃহলৈ উভতি গৈ নিজৰ কৃষিক্ষেত্ৰত মনোনিৱেশ কৰে যেন ।

৫৮০ বছৰৰ পিছত আটাইতকৈ দীঘল আংশিক চন্দ্ৰগ্ৰহণ

বিশ্বৰ ৫৮০ বছৰৰ পিছত আটাইতকৈ দীঘল আংশিক চন্দ্ৰগ্ৰহণ বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে দেখা যাব। এই দৃশ্যটো শুক্ৰবাৰে ভাৰতত দেখা যাব পাৰে।নাছাৰ মতে, এই আংশিক চন্দ্ৰগ্ৰহণ ১৮ আৰু ১৯ নৱেম্বৰৰ নিশা দৃশ্যমান হ’ব ।ভাৰতত আংশিক চন্দ্ৰগ্ৰহণ শুক্ৰবাৰে, ১৯ নৱেম্বৰৰ নিশা ১২.৪৮ বজাত আৰম্ভ হ’ব আৰু আবেলি ৪.১৭ বজালৈকে দৃশ্যমান হ’ব। এই পৰিঘটনাটো ৫৮০ বছৰ পিছত দেখিবলৈ পোৱা গৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা ক’লে, এই দৃশ্য পূৱ গ্ৰীণলেণ্ডৰ বাহিৰে সমগ্ৰ উত্তৰ আমেৰিকাৰ পৰা দৃশ্যমান হ’ব। এইটো দক্ষিণ আমেৰিকা আৰু ৰাছিয়াৰ কিছু অংশৰ পৰাও দৃশ্যমান হ’ব।যদিও ই কাৰিকৰীভাৱে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ নহয়, ইয়াক চাবশ্বেডো গ্ৰহণ বুলি কোৱা হয়।

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন। ১৯১৭ চনৰ ১৯ নৱেম্বৰত এলাহাবাদৰ নেহৰু পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁৰ জীৱনত কাৰ্যকালত থকা সময়ত বহুতো ডাঙৰ সিদ্ধান্ত লৈছিল যাৰ বাবে তেওঁক সদায় স্মৰণ কৰা হয়।তদানীন্তন কংগ্ৰেছ সভাপতি কামৰাজে ইন্দিৰাক প্ৰধানমন্ত্ৰী কৰিছিল কাৰণ তেওঁ দেশৰ আটাইতকৈ জনপ্ৰিয় নেতা জৱাহৰলাল নেহৰুৰ কন্যা আছিল । প্ৰধানমন্ত্ৰী হোৱাৰ পিছত, ইন্দিৰাই ক্ৰমান্বয়ে নিজৰ স্থিতি শক্তিশালী কৰে। যথা সময়ত, তেওঁ এই শক্তিশালী কংগ্ৰেছ চিণ্ডিকেটটো ভাঙি পেলাইছিল।ছোনিয়া গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

চিৰাঙত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

 “ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা ২.৭ মিলিয়ন মেট্ৰিকটনৰ পৰা ৫ মেট্ৰিকটনলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ বাবে অতিৰিক্তকৈ এক হাজাৰ বিঘা ভূমিৰ প্ৰয়োজন হ’ব।প্ৰয়োজনীয় মাটিৰ সম্পৰ্কে বি টি চি প্ৰমুখ প্ৰমোদ বড়ো আৰু চিৰাং জিলা উপায়ুক্তৰ লগত আলোচনা কৰা হৈছে। ইয়াৰোপৰি চিৰাং জিলাৰ ডাংতলত প্ৰায় দুশ বিঘা ভূমিত স্থাপন কৰা হ’ব হিন্দুস্তান পেট্ৰোলিয়ামৰ এটা ৰিজাৰ্ভাৰ “–এই ঘোষণা দেশৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী  ৰামেশ্বৰ তেলীৰ। বুধবাৰে মন্ত্ৰী গৰাকীয়ে বঙাইগাঁও শোধনাগাৰ  চমুকৈ বি জি আৰৰ উদ্যোগত “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত এনেদৰে মন্তব্য কৰে। তেওঁ লগতে বি টি আৰত ফুড পাৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে। শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত  অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি  মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সাংবাদিকতা, শিক্ষা, স্বাস্থ্য, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰলৈ ‌ আগবঢ়োৱা সেৱাৰ বাবে বঙাইগাঁও আৰু চিৰাং জিলাৰ ৭৫ গৰাকী বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনায়। সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বঙাইগাঁৱৰ তিনিগৰাকী সাংবাদিক ক্ৰমে প্ৰণৱ কুমাৰ ডেকা, প্ৰশান্ত ৰায় আৰু উপানন্দ শৰ্মাক সম্বৰ্ধনা জনায় ৷ উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে চিৰাং আৰু বঙাইগাঁও জিলালৈ আহিছিল। মঙলবাৰে  উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী তেলীক বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰমুখ এছ পি বৰুৱাই  উষ্ম আদৰণি জনায়। নিশা মন্ত্ৰীগৰাকীয়ে বি জি আৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক  বৈঠকত মিলিত হৈছিল। বৈঠকত তেলীৰ ওচৰত বঙাইগাঁও শোধনাগাৰৰ বিষয়ে এক উপস্থাপন কৰা হৈছিল। বৈঠকত বি টি চি প্ৰমুখ প্ৰমোদ বড়ো, অসম চৰকাৰৰ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী,  ৰামেশ্বৰ তেলীৰ সচিব বীৰেন্দ্ৰ মিট্টাল,  চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা উপস্থিত আছিল । তেলীয়ে বঙাইগাঁও শোধনাগাৰৰ চি এছ আৰৰ পদক্ষেপৰ  ওপৰত বিশেষ গুৰুত্ব দি বঙাইগাঁও শোধনাগাৰৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰিছিল। চি এছ আৰৰ অধীনৰ পদক্ষেপক প্ৰশংসা কৰি তেলীয়ে ‌প্ৰকল্পবোৰ বৃদ্ধি কৰাৰ বাবে মূল্যৱান পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে কয় যে ইণ্ডিয়ান অইলে কেৱল ৰাষ্ট্ৰক ইন্ধন যোগাই অহা নাই, ৰাষ্ট্ৰীয় সংকটৰ সময়ত সদায় ৰাষ্ট্ৰৰ কাষত থিয় দি আহিছে আৰু ইয়াৰ সামূহিক উন্নয়নমূলক কাৰ্যকলাপৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে। ইণ্ডিয়ান অইল অফিচাৰ এছ’চিয়েচনৰ বি জি আৰ ইউনিট আৰু বি জি আৰ এমপ্লয়িজ ইউনিয়নৰ সদস্যসকলেও  তেলীক উষ্ম আদৰণি জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি  তেলীয়ে সম্বৰ্দ্ধিত ব্যক্তিসকলক তেওঁলোকে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে।তেলীয়ে তেল আৰু গেছ খণ্ডত তেওঁৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰমুখ এছ পি বৰুৱাই আদৰণি ভাষণত সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া বিশিষ্ট ব্যক্তিসকলক অভিনন্দন জনায়। আনহাতে সম্বৰ্দ্ধিত ব্যক্তিসকলেও তেওঁলোকক প্ৰদান কৰা স্বীকৃতিৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু আজাদী কা অমৃত মহোৎসৱ আয়োজন কৰাৰ বাবে বঙাইগাঁও শোধনাগাৰকো প্ৰশংসা কৰে। অনুষ্ঠানত মন্ত্ৰী তেলীৰ উপৰিও বি টি চি প্ৰমুখ প্ৰমোদ বড়োইও চমু বক্তব্য ৰাখে ৷ অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়, বি টি চিৰ পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰী, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

মানসিক বিকাৰ গ্ৰস্ত লোকক প্রথম পালি ক’ভিড ভেকচিন প্ৰদান

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ১৮ নভেম্বৰ ২০২১তাৰিখলৈ ৮৮দিন  ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে আনহাতে  ১৮নবেম্বৰত  পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় ভেকচিনেচন কেন্দ্ৰত ৯০ গৰাকীক আৰু ঘৰে‌ ঘৰে গৈ ১৩গৰাকীক প্ৰথম পালি ভেকচিন প্ৰদান কৰে আৰু  যি সকল ব্যক্তিয়ে ভেকচিনেচন কেন্দ্ৰত  আহিব পৰা নাই ,যেনে পক্ষাঘাত ৰোগী , মানসিক ভাবে বিকাৰ গ্ৰস্ত, ৮০ /,৯০ বছৰ বয়সৰ  ঊৰ্ধৰ লগতে  অসুস্থ ব্যক্তিৰ ঘৰে‌ ঘৰে গৈ স্বাস্থ্যৰ বুজলৈ ভেকচিন প্ৰদান কৰা হৈছে।আনহাতে মধুমেহ ৰোগী, জ্বৰ হৈ ঘৰত বহি থকা  ব্যক্তি সকলক এম,পি,ডব্লিউৰ (MPW) সহায়ত শৰীৰৰ উষ্ণতা  ,ছুগাৰ পৰীক্ষা কৰি প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে। আজিলৈ দুয়ো পালি ধৰি সৰ্বমুঠ ৭৮৫০ জন হিতাধীকাৰীক ভেকচিন প্ৰদান  সম্পূৰ্ণ ।  পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অঞ্চলৰ সকলো  জনসাধাৰনক প্ৰথম পালি ভেকচিন ২১ নভেম্বৰ ২০২১ ভিতৰত গ্ৰহণ কৰিবলৈ স্বাস্থ্যকৰ্মী সকলে  আহবান জনাইছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ‌ চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় অঞ্চলৰ ওচৰৰ  দুখন গাওঁ ওদালগুৰি নেপালী গাওঁ আৰু ওদালগুৰি মৈমেনসিং গাওঁত আশা কৰ্মী  ৰমিছা বেগম আৰু জৰিনা বেগম লগত লৈ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী  MPW বীৰেন্দ্ৰ হাজং, এ এন এম মুনু দাস, জি এন এম ৰীছা দৈমাৰী আৰু ৰিংকু দৈমাৰী ঘৰে ঘৰে‌ গৈ ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হয়। স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা যায়।

ছিপাঝাৰত উন্নয়নৰ প্ৰতিচ্ছবি

চৰকাৰে ৰাইজৰ বাবে কৰা উন্নয়নৰ জয়ঢোল বজায় চৌদিশে ৰজনজনাই  তোলাৰ সময়তে দলঙৰ আভাৱত নদী পাৰ হ’লে ৰাইজে ধন ভৰিব লগীয়া হোৱাৰ ঘটনাই উন্নয়নৰ ফোপোলা স্বৰূপটো উদঙাই দেখুওৱা বুলি ক’ব খোজে।অভিযোগ অনুসৰি দৰঙৰ ছিপাঝাৰৰ সানোৱা গাঁৱৰ সমীপৱৰ্তী ১ নং ধলপুৰ সংযোগী পথত থকা নদীত  পাৰ হ’লে আজিও ভৰিব লাগে ধন।জানিব পৰা মতে মানুহ- বাইক ইপাৰ-সিপাৰ হ’লে দিব লাগে ৩০ টকা।এজন মানুহ পাৰ হ’লে দিব লাগে ৫ টকা। বয়-বস্তু পাৰ কৰালে দিব লাগে অতিৰিক্ত ধন।কথা হ’ল চৰকাৰে যি সময়ত ন-ন ফ্লাই অ’ভাৰ, আৰ চি চি দলং নিৰ্মাণ কৰি চমক  দিব বিচাৰিছে তেন্তে সময়তে দলঙৰ অভাৱত নদীত পাৰ হ’লে ধন ভৰিব লগীয়া হোৱাৰ ঘটনাই চৰকাৰৰ উন্নয়নৰ ফোপোলা ছবিখন স্পষ্ট কৰিছে বুলি অভিযোগ উঠিছে।

বৰপেটাৰোডৰ গোৱৰ্ধনাত চৰকাৰী ভূমিত অবৈধ দোকান উচ্ছেদ

 ৰাজ্যৰ মুখ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোটৰ  চৰকাৰে ৰাজ্যৰ চুকে কোণে একাংশ লোকে বহু বছৰ ধৰি চৰকাৰী ভৃমিত অবৈধ ভাৱে ঘৰ,দোকান পোহৰ নিৰ্মাণ কৰি আহিছিল তেনে লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ।ৰাজ্যৰ জিলা সমূহৰ প্ৰসাশনে বাৰম্বাৰ জাননী নিৰ্দেশ জাৰি কৰিছিল ঘৰ,দোকান পোহাৰ আদি ভাঙিবলৈ কিন্তু  এনে চৰকাৰী নিৰ্দেশক আওকাণ কৰাৰ বাবে ৰাজ্যৰ জিলা প্ৰসাশন সমূহে বাধ্য হল উচ্চেদ অভিযানৰ কাম অব্যাহত ৰাখিছে।ঠিক অনুৰূপ ধৰণে নামনি অসমৰ বাণিজ্যিক প্ৰধান বৰপেটাৰোডৰ সমীপৰ গোবৰ্ধনাত জেচিবি  লগাই প্ৰশাসনে উচ্ছেদ কৰিলে বৰপেটাৰ জিলাৰ গোৱৰ্ধনা চক বজাৰত থকা প্ৰায় ৫৫ খনকৈ সৰু বৰ পকী দোকান৷গোৱৰ্ধনাত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৌহদত ল অবৈধভাবে দখল কৰি থকা দোকান পোহাৰত চলায় এই উচ্ছেদ অভিযান৷উল্লেখ্য যে গোৱৰ্ধনাত থকা এই  ৫৫ খনকৈ দোকানক এমাহ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল বৰপেটা জিলাৰ বৰনগৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে৷আজি ৰাতিপুৱা প্ৰায় ১০ বজাৰ পৰা আৰক্ষী-চি,আৰ,পি,এফ বাহিনীৰ সহযোগত চলে এই উচ্ছেদ অভিযান৷উচ্ছেদিতৰ অভিযোগ,স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বাহিৰত থকা দোকান পোহাৰতো কোনো ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থত চলাইছে উচ্ছেদ অভিযান৷উচ্ছেদৰ জাননীত  মানাহৰোড ভূমিত একাংশই বেদখল কৰি দোকান পোহাৰ চলাই থকা বুলি উল্লেখ কৰিছিল।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃৰ দেহাৱসান

যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃ, সোণাৰি সমষ্টিৰ অন্তৰ্গত বিমলাপুৰ অঞ্চলৰ স্থায়ী বাসিন্দা, ধৰ্মপৰায়ন মহিলা সৰুমাই গগৈৰ আজি পৰলোক প্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি বাৰ্দ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ থকা সাংসদ গৰাকীৰ মাতৃৰ আজি পুৱা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক সোণাৰিৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত সাংসদ গৰাকীৰ মাতৃ সৰুমাই গগৈ (৮০) ৰ মৃত্যু হয়।তেখেতৰ মৃতদেহ বৰ্ত্তমান বিমলাপুৰস্থিত সাংসদ গৰাকীৰ বাসগৃহত যথেষ্ট সংখ্যক গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি জনাই অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন কৰা হয়।সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰা লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় তথা জিলাৰ  বিষয়ববীয়া, শিক্ষক সমাজ, বিজেপিৰ কৰ্মকৰ্তা তথা বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া সকলে। 

নগাঁৱত বন বিভাগৰ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ

নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখন ৰূপহী আৰু শিমলুগুৰি অঞ্চলত অভিযান চলাই দুটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি ৰূপহীৰ প্ৰদীপ বৰা নামৰ ব্যক্তি জনে ৰূপহী অঞ্চলত অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। ইয়াৰোপৰি শিমলুগুৰি অঞ্চলতো এগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা মিল চলাই আহিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিল দুটা উৎখাত কৰে। এই অভিযানত  বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰক সংগ দিয়ে বনপালক প্ৰভাত বৰা,প্ৰভাত বৰুৱা  লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত এদিনীয়া বিশেষ প্ৰশিক্ষণ

বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প উন্নয়ন প্ৰকল্প উদ্যোগত  বৃস্হপতি বাৰে বিহালী সমষ্টিৰ বিহালী কল্যাণ আশ্ৰমৰ মুক্তি যোদ্ধা ছবিলাল উপাধ্যায় স্মৃতি ভৱনত   এদিনীয়া বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়  অংগবাডী কৰ্মী সকলৰ মাজত। এই বিশেষ প্ৰশিক্ষণ প্ৰদান বাবে  বিহালী সংহত  শিশু উন্নয়ন প্ৰকল্প অন্তৰ্গত ১৩৩ টা কেন্দ্ৰ কৰ্মী সকল উপস্থিত থাকে।ইফালে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে পোষণৰ অভিযানৰ খণ্ড সমন্বয়ক বিহালী বিষয়া প্ৰণৱ বৰ গোহাঁই ছুপাভাইজাৰ অনিমা হাজৰিকা, দিপালি হাজৰিকা কে ধৰি বহু কেইজন বিষয়াই।