Home Blog Page 2780

বিশ্বনাথ নগৰৰ মাজমজিয়াত হিন্দু জাগৰণ মঞ্চ প্ৰতিবাদ

বাংলাদেশত হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ তথা হত্যাৰ বিৰুদ্ধে গৰজি উঠিল মঙলবাৰে  বিশ্বনাথ নগৰত হিন্দু জাগৰণ মঞ্চ অসম।
প্ৰতিবাদকাৰী সকলে বিশ্বনাথ নগৰৰ মাজমজিয়াত অবস্থান কৰি হিন্দুৰ ওপৰত চক্ৰান্ত বন্ধ কৰক,বাংলাদেশী হুছিয়াৰ,মৌলবাদী হুছিয়াৰ,শ্বেখ হাছিনা মূৰ্দাবাদ,হিন্দু সুৰক্ষাৰ ক্ষেত্ৰত বূদ্ধিজীৱী নিমাত কিয়, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিমাত কিয় আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উক্ত কাৰ্যসূচীত উপস্থিত  থাকে হিন্দু জাগৰণ মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আন আন বিষয়ববীয়া সকল।

অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ উদ্যোগত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰতিবাদী কাৰ্যসূচী

১৯ অক্টোবৰৰ পৰা অসম চিকিৎসা সেৱা সন্থাই কৰি অহা দীৰ্ঘদিনীয়া  নাৰ্য্য প্ৰাপ্তিৰ দাবী আৰু অসম স্বাস্থ্য সেৱা খণ্ডৰ সর্বাত্মক উন্নতিৰ বাবে এই  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ওৰাঙত ৷চিকিৎসকৰ কেদাৰৰ পুনৰীক্ষণ আৰু পুননিয়োজনৰ ব্যৱস্থা কৰা* টাইম স্কেল পদোন্নতি ব্যৱস্থা কৰা স্বাস্থ্য খণ্ডৰ ক আৰু খ বিভাগৰ  দৰমহাৰ বৈষম্য দূৰ কৰাৰ লগতে দুখীয়া ৰাইজৰ স্বাৰ্থত গতিশীল কৰা* নতুন মেডিকেল কলেজ স্হাপনৰ নামত জিলা চিকিৎসালয় সমূহ বন্ধ নকৰি টাৰচিয়াৰী কেয়াৰ হস্পিটেলৈ ৰূপান্তৰ  কৰি  ৰোগীক সৰ্বোত্তম চিকিৎসা প্ৰদানৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীক জ্ঞান অৰ্জনত অধিক সুবিধা প্ৰদান কৰাইত্যাদিৰ লগতে মুঠ ১১দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে ।এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে  ১৯ অক্টোবৰ ২০২১ ৰ  পৰা ০৩  নবেম্বৰ ২০২১ লৈ চলি চলি থাকিব ৷উক্ত সময়ছোৱাত ১৯ অক্টোবৰ পুৱা ৮ বজাৰ পৰা ১১ বজালৈকে বহিঃভাগৰ ৰোগী অৰ্থাৎ নতুনকৈ ভৰ্তি হ’ব বিচৰা ৰোগীক চিকিৎসা কৰাৰ পৰা বিৰতিত থাকিব চিকিৎসক সকল।  অহা ২২ , ২৭, ২৮ অক্টোবৰ  আৰু ১, ২, ৩ নবেম্বৰত  বহিঃভাগৰ ৰোগী অৰ্থাৎ নতুনকৈ ভৰ্তি হ’ব বিচৰা ৰোগীক চিকিৎসা কৰাৰ পৰা সম্পূৰ্ণ ৰূপে বিৰতিত থাকিব চিকিৎসক সকল । অৱশ্যে কোনো ৰোগীৰ জৰুৰীকালীন অৱস্থাত চিকিৎসা প্ৰদান কৰিব চিকিৎসক সকলে  ৷

জনিয়াৰ বনঘূগীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰায় ৪০লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্নৰূপে ভস্মীভূত

বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বনঘুগী গাঁওত কালি নিশা এক  ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয়। উক্ত অগ্নিকাণ্ডৰ ঘটণাত প্ৰায় ৪০ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সুম্পূর্ণৰূপে ভস্মীভূত হৈ যায়। উল্লেখ্য যে, বিজুলী বিজুতি ঘটাৰ ফলত সংঘটিত এই ঘটণাত গাওঁখনৰ ক্ৰমে মতিয়াৰ ৰহমান, আফজালুৰ ৰহমান, আজাহাৰ আলী, ৰফিকুল ইছলাম,হানিফ আলি,নজিৰ হুছেইনকে ধৰি মুঠ সাতজন লোকৰ  ঘৰত জুই লাগে। পিছে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ঘৰৰ পৰা ততাতৈয়াকৈ মানু্হখিনি ওলায় আহে। ইপিনে সাতখন ঘৰৰ  লগতে ঘৰৰ ভিতৰত থকা সকলো নথি-পত্ৰ, মৰাপাট ,হাঁহ-কুকুৰা, ছাগলীৰ লগতে আ-অলংকাৰ অাদি কৰি অনুমান প্ৰায় ৪০  লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সম্পুৰ্ণৰূপে পুৰি ছাই হৈ যায়। সম্প্ৰতি এই ঘটণাই অঞ্চলবাসীৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰণিধানযোগ্য যে, ঘৰৰ ভিতৰত চিলিণ্ডাৰ থকাৰ কাৰণে ভয়তে অগ্নি নির্বাপনৰ কাৰণে স্থানীয় ৰাইজে কাষ চাপিব পৰা নাছিল। পিছে  স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক ফোনযোগে অৱগত কৰে যদিও নিমিষতে বয়-বস্তু পুৰি সম্পূৰ্ণ ছাই হৈ যায়। আজি বৰভিঠাত এটা অগ্নি নিৰ্বাপন সেৱাৰ ব্যৱস্থা থাকিলে ইমানখিনি ক্ষতিগ্ৰস্ত নহলেহেঁতেন বুলি ৰাইজে মন্তব্য কৰে। ইপিনে স্থানীয় ৰাইজৰ লগতে দুৰ্ভগীয়া ক্ষতিগ্ৰস্ত পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক  অাৰ্থিক সাহায্য প্ৰদানৰ অাহ্বান জনোৱাৰ লগতে বৰভিঠাত অগ্নি নিৰ্বাপন সেৱা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনায়।

সংমণ্ডলৰ বিষয়াৰ দায়িত্বহীন কাণ্ডৰ বাবেই জহি – খহি গৈছে বহু লাখ টকীয়া ট্ৰেন্সফৰ্মাৰ

বিগত সৰ্বানন্দ সোনোৱাল নেৰ্তৃত্বাধীন অসম চৰকাৰে ৰাজ্যত ২৪ ঘণ্টাই বিদ্যুৎ থাকিব আৰু কংগ্ৰেছ নেৰ্তৃত্বাধীন চৰকাৰৰ দিনত বিদ্যুতৰ পোহৰ নপৰা শ শ গাৱঁত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ কৰা হ’ব বুলি কোটি কোটি টকা ব্যয়েৰে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া ফটাঢোল কোবোৱাহে পৰিলক্ষিত হ’ল । শেহতীয়াকৈ   যোৱা কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাৰ ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈথকত ৰাজ্যৰ শক্তিখণ্ডৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যত বিদ্যুৎ যোগান ব্যৱস্থা সুচল আৰু বিদ্যুৎ অপচয় ৰোধৰ বাবে ৩৫০.০৮ কোটি টকাৰ অনুমোদন জনায় । উক্ত পুজিৰে ৯ হাজাৰটা বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ , ৭০ টা পূৰ্বনিৰ্মিত কম্পেক্ট ছাবষ্টেচন , ১১ টা পাৱাৰ ট্ৰেন্সৰ্ফমাৰ ক্ৰয় আৰু স্থাপনৰ লগতে ৪,২০০ টা ক্ষতিগ্ৰস্ত বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ মেৰামতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু চৰম পৰিতাপৰ বিষয় যে, চৰকাৰৰ এনে অভিলাসী সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে বিগত সময়ত চৰকাৰে নাজিৰা বিদ্যুৎ বিতৰক সংমণ্ডলৰ অধীনস্থ গড়গাঁও বিদ্যুৎ উপ – সংমণ্ডলৈ গ্ৰাম্যাঞ্চলত বিদ্যুৎ সংযোগৰ বাবে যোগান ধৰা লাখ লাখ টকীয়া বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ সম্প্ৰতি  জহি – খহি যাব ধৰিছে । গড়গাঁও বিদ্যুৎ উপ – সংমণ্ডলৰ বিষয়াৰ এনে দায়িত্বহীন কাণ্ডৰ বাবেই চৰকাৰে যোগান ধৰা কেইবাটাও ট্ৰেন্সৰ্ফমাৰ বিকলহৈ পৰাৰ উপৰি বৰ্তমানেও সংমণ্ডলৰ অধীনস্থ নাজিৰা সমষ্টিৰ লগতে মাহমৰা আৰু সোণাৰী বিধান সভা সমষ্টিৰ একাংশ গাঁৱত বৰ্তমানেও বিদ্যুৎ সংযোগ দিবলৈ সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষই । বহু গাৱঁৰ শ শ পৰিয়ালে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰি দিনে দিনে গড়গাঁও বিদ্যুৎ উপ – সংমণ্ডলৰ কাৰ্যালয়লৈ তাতবাতি কৰাৰ উপৰি বহু গাৱঁত বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ বিকল হৈ পৰাত অন্ধকাৰত দিন অতিবাহিত কৰিব লগা পৰিস্থিতি সৃষ্টি হৈছে । অঞ্চলবিশেষৰ জনগণে  স্থানীয় বিধায়ক – মন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন – নিবেদন কৰিও কোনো সহাৰি নোপোৱাত জনগণ ক্ষোভিতহৈ পৰিছে । এই ক্ষেত্ৰত বিভাগীয় শক্তিমন্ত্ৰী তথা বিদ্যুৎ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক ৰাইজে সু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । 

লাইফ ইন্‌ এ পাপেটৰ পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত অসমৰ পুতলা নাচৰ বিশ্বমুখী যাত্ৰা

 শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উলাহৰ মাজতে ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ৷অহা ২২ অক্টোবৰত স্বডূমিত অৰ্থাৎ অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত তথা ৰাজেন দাস পৰিচালিত বহু প্ৰতিক্ষিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”৷যোৱা দুবছৰে কাৰ্যতঃ বন্ধ হৈ থকা অসমীয়া ছৱিগৃহসমুহত লকডাউনৰ পিছত আহিবলগীয়া প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হব “লাইফ ইন্‌ এ পাপেট” ৷উল্লেখ্য যে অসম সন্তান ৰাজেন দাসে অসমৰ বিলুপ্তিৰ গৰাহত পৰা প্ৰাচীন লোকশিল্প পুতলা নাচক পুনৰ উজ্বীৱিত কৰাৰ প্ৰয়াসেৰে এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰি উলিয়াইছিল “লাইফ ইন্‌ এ পাপেট”৷২০২০ চনৰ ২৮ ডিচেম্বৰত কেন্দ্ৰীয় ফিল্ম বোৰ্ডৰ পৰা চেন্সৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিছত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”ৰ আৰম্ভ হৈছিল বিশ্বমুখী যাত্ৰা ৷অসমৰ জাতীয় আবেগ আৰু স্বাভিমানস্বৰূপ পুতলা নাচ “লাইফ ইন্‌ এ পাপেট” শীৰ্ষক চলচ্চিত্ৰখনৰ মাধ্যমত বিগত নমাহ জুৰি প্ৰচাৰিত হ’ল বিশ্বৰ কেবাখনো দেশৰ চলচ্চিত্ৰ মহোৎসৱত ৷ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰক্ষাপটত চলচ্চিত্ৰখনে কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মনোনেীত হোৱাৰ লগতে শ্ৰেষ্ঠ চলচ্চিত্ৰ,শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেত্ৰী,শ্ৰেষ্ঠ সংগীত শিল্পী আদি শিতানত পুৰস্কৃত হৈ অসমলৈ গৌৰব কঢ়িয়াই আনিছিল ৷শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ সংস্হা UNESCO নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত Culture Cinema শীৰ্ষক মহোৎসৱলৈ ছবিখন মনোনীত হৈ বিশ্বজুৰী প্ৰদৰ্শিত হৈছিল য’ত উজলি উঠিছিল অসমৰ পুতলা নাচ৷ চলচ্চিত্ৰখনৰ এই বিশ্বমুখী যাত্ৰা অব্যাহত থকাৰ সময়তে অহা ২২ অক্টোবৰত স্বভূমি ঝসমত মুক্তিলাভ কৰিব “লাইফ ইন্‌ এ পাপেট”৷লকডাউনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে ইতিমধ্যেই SOP জাৰী কৰি বন্ধ হৈ থকা চলচ্চিত্ৰ গৃহ সমুহক ক’ভিড প্ৰটকল মানি চলি তলা খুলিবলৈ অনুমতি প্ৰদান কৰিছে৷ৰাজ্যৰ লাখ লাখ চলচ্চিত্ৰপ্ৰেমী দৰ্শকক এই খবৰে উৎসাহিত কৰি তোলাৰ সময়তে পৰিচালক ৰাজেন দাসে অসমত “লাইফ ইন্‌ এ পাপেট”ৰ শুভমুক্তিৰ দিন ঘোষণা কৰি ক’ৰনাকালে বিধ্বস্ত কৰা অসমৰ চলচ্চিত্ৰ উদ্যোগটোলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷উল্লেখ্য যে অসমৰ বহুকেইটা চলচ্চিত্ৰগৃহত ইতিমধ্যেই চলচ্চিত্ৰৰ নিয়মীয়া প্ৰদৰ্শন আৰম্ভ হোৱাৰ সমান্তৰালভাৱে কেবাটাও চলচ্চিত্ৰগৃহৰ দুৱাৰ এতিয়াও মুকলি হোৱা নাই ৷তাৰ মাজতেই ৰাজ্যবাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই চলচ্চিত্ৰপ্ৰেমীয়ে আশাৰে বাট চাই থকা চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট” ছবিগৃহলৈ আহিব ২২ অক্টোবৰত ৷সেই উপলক্ষত উক্তদিনা দিনৰ ১১ বজাত গুৱাহাটী বেলতলা তিনিআালিস্হত মেট্ৰিক্স চিনেমাচ্‌ নামৰ মাল্টিপ্লেক্সত অনুষ্ঠিত হ’ব “লাইফ ইন্‌  পাপেট”ৰ গ্ৰেণ্ড প্ৰিমিয়াৰ ৷লকডাউনৰ পৰৱৰ্তী সময়ত আহিবলগীয়া এই প্ৰথমখন চলচ্চিত্ৰক লৈ ইতিমধ্যেই বৃদ্ধি পাইছে চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ উৎকণ্ঠা৷গুৱাহাটীৰ মাল্টিপ্লেক্স চলচ্চিত্ৰ গৃহ সমুহৰ লগতে অসমৰ কেবাটাও ছবিগৃহত ছবিখন মুক্তিদিয়াৰ বাবে যোজা চলিছে ৷এই সন্দৰ্ভত পৰিচালক  ৰাজেন দাসক বজালী, ভালুকীৰ বাসগৃহত সাংবাদিকে সাক্ষাং কৰাৰ সময়ত পৰিচালক গৰাকীয়ে অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ আৰু শুভকামনা বিচাৰে আৰু বিগত সময়ত আগবঢ়োৱা সহযোগৰ বাবে সংবাদ মাধ্যম আৰু ৰাইজক ধম্যবাদ জ্যাপন কৰে ৷পৰিচালক ৰাজেন দাসে সাংবাদিকক কয় -“অসমৰ আবেগ পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা ছবিখন চাবলৈ বিগত সময়ত ৰাইজে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল৷সেয়েহে অহা ২২ অক্টোবৰত ৰাইজৰ বাবে চলচ্চিত্ৰখন মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷আমি আশাবাদী যে দৰ্শক ছবিগৃহলৈ আহিব আৰু অসমৰ স্বাভিমান জড়িত “লাইফ ইন্‌ এ পাপেট”ক অভূতপূৰ্ব মৰম দিব”৷পৰিচালক গৰাকীয়ে জনায় – ” ইউ এফ অ’’ৰ অধীনৰ মুম্বাই স্ক্ৰেবেল ডিজিটেল লিমিটেডৰ লগত ইতিমধ্যই আমি চুক্তিবদ্ধ হৈছো যিয়ে ছবিখন অসমৰ ছবিগৃহত প্ৰদৰ্শনৰ দায়িত্বলাভ কৰিছে৷২২ অক্টোবৰত একেলগেই অসমৰ ছবিগৃহত “লাইফ ইন এ পাপেটক” মুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷”আনহাতে যিসমুহ স্হানত চলচ্চিত্ৰগৃহ নাই তাৰ ৰাইজে কেনেদৰে ছবিখন উপভোগ কৰিব?এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয় – “আমি সেইসমুহ স্হানত বিকল্প ব্যৱস্থাৰে স্হায়ী আৰু উন্নত প্ৰেক্ষাগৃহত ৰাইজক ছবিখন দেখুৱাৰ পৰিকল্পনা কৰিছো৷ ১ নৱেম্বৰৰ পৰা এই অভিযান আৰম্ভ হব ৷”নিজৰ নিজৰ অঞ্চলত চলচ্চিত্ৰখন প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী ব্যক্তিসকলক ৬০০০৫৮২৯৯৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিচালক গৰাকীয়ে অনুৰোধ জনাইছে৷ইতিমধ্যেই “লাইফ ইন এ পাপেট”ক লৈ অসমৰ চলচ্চিত্ৰ সমাজৰ মাজতো উৎসাহ পৰিলক্ষিত হৈছে৷বিশিষ্ট পৰিচালক ,অভিনেতা যতীন বৰাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী নবীন প্ৰবীন শিল্পীয়ে পৰিচালক  ৰাজেন দাসৰ লগতে সমগ্ৰ টীমটোক শুভেচ্ছা জ্ঞাপন কৰিছে ৷

পশ্চিম পাটলা চাঁ‌ৰি সংখ্যক আন্ত গাঁও ফুটবল টুৰ্নামেন্টৰ চূড়ান্ত খেলত বিজয়ী খৈৰাবাৰী অংখ্ৰেমা দল।

বিটিআৰ ওদালগুৰি জিলা ৬৪ নং পানেৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম পাটলা ইউ এ একাডেমি খেল পথাৰত ”স্বৰ্গিয় প্ৰদিপ চন্দ্ৰ বড়োৰ সোঁ‌ৱৰণিত অনুষ্ঠিত কৰা ৪ সংখ্যক প্ৰাইজমানি ফুটবল টুৰ্নামেন্টৰ চূড়ান্ত খেল  যোৱা ১৯ অক্টোবৰ নিশা অনুষ্ঠিত হয়।অসম বিধানসভা সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সুভ উদ্ধোধন কৰা চূড়ান্ত খেলখন খৈৰাবাৰী অংখ্ৰেমা এফ চি ফুটবল দল  আৰু ঔ বাৰী এফ চিৰ মাজত অনুষ্ঠিত হয়।
প্ৰতিকুল বতৰকো নেউচি আৰম্ভ কৰা চূড়ান্ত খেলখনত খৈৰাবাৰী অংখ্ৰেমা দলে দুৰ্দান্ত খেলৰে ৩-০ গ’লৰ ব্যৱধানত ঔবাৰী এফ চি দলক পৰাস্ত কৰি  খৈৰাবাৰী অংখ্ৰেমা এফ চি দলে ট্ৰ্ফী সহ নগদ ৩০ হাজাৰ টকাৰে বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হয়।””আনহাতে ঔবাৰী দলে ৰানাৰ্ছাৱৰ ট্ৰ্ফী সহ নগদ ২০ হাজাৰ টকাৰ চেক লাভ কৰে।ঔবাৰী আৰু খৈৰবাৰী অংখ্ৰেমা ফুটবল দলৰ চূড়ান্ত খেলখনৰ পূৰ্বে পদৰ্শনী খেল হিছাপেখাগ্ৰাবাৰী এফ চি মহিলা ফুটবল দল  আৰু ননৈ সেৰফাং এফ চি মহিলা ফুটবল দলে পৰিবেশন কৰে।উক্ত খেল প্ৰতিযোগিতাত অতিথী হিছাপে বিটিচিৰ ক্ৰীড়া আৰু সংস্কৃতিক বিভাগৰ  কাৰ্যবাহী সদস্য ডাউবাইছা বড়ো ,বিজেপিৰ জিলা জনজাতি মৰ্চাৰ সভাপতি জোছৰাং বড়ো,যুৱ নেতা অৰ্জুন দৈমাৰী উপস্থিত থাকি খেল চাই মনোৰঞ্জন লোৱা দেখা যায়।

ওদালগুৰি জিলা দেউলগুৰিত ২০২১ বৰ্ষৰ দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত পৰিক্ষাত উত্তীর্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা।

ওদালগুৰি জিলা দেউলগুৰি গাওঁ পৰিচালনা সমিতিৰ উদ্যোগত  ২০২১ বৰ্ষৰ দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত পৰিক্ষাত উত্তিৰ্ণ হোৱা কৃতি ছাত্ৰ  ছাত্ৰীক   মংগলবাৰে ১৯ অক্টোবৰ তাৰিখে দেউলগুৰি  বাথৌ থানশালিত সম্বৰ্ধনা জনোৱা দেখা যায় ।উল্লেখ্য যে দেউলগুৰি গাঁ‌ও পৰিচলনা সমিতিয়ে গাও খনৰ শৈক্ষিক মান দণ্ড বৃদ্ধি কৰাৰ বাবে প্ৰতিবছৰে গাও পৰিচলনা সমিতিৰ দ্বাৰা দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ উত্তিৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰে ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰি আহিছে।সংশ্লিষ্ঠত এইবেলিও ২০২১ বৰ্ষৰ কৃতি ছাত্ৰ ছাত্ৰীক দেউলগুৰি গাঁ‌ও পৰিচালনা সমিতিয়ে ১৯ অক্টোবৰ দিনা দেউলগুৰি বাথৌ থানশালিত কলাইগাও এবছুৰ সভাপতি ফিৰোজ কান্ত বসুমতাৰী শিক্ষা সম্পাদক জ্যুতি দৈমাৰী উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে গাঁ‌ও পৰিচালনা সমিতিৰ এনে পদক্ষেপক ব্যাপক প্ৰশংসা কৰাৰ পৰিলক্ষিত হয়।

বৰক্ষেত্ৰীৰ দৌলাশালত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে দৌলাশাল আৰক্ষীৰ সহযোগত কালি সন্ধিয়া দৌলাশালৰ পৰা নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ বৰবিষ সদৃশ ড্ৰাগছ সৰবৰাহকাৰীজন বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়া চতলা গাঁৱৰ প্ৰয়াত আৰান আলীৰ পুত্ৰ চোহাৰ আলী বুলি জানিব পৰা গৈছে ৷  মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত  গুৱাহাটী-বৰপেটা গড়কপ্তানি পথৰ দৌলাশালত গোপন খবৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে ৷ বৰবিষ সৰবৰাহকাৰীজনে চাৱনৰ বাকছ এটিত অতি কৌশলেৰে বুজন পৰিমানৰ হিৰোইন কঢ়িয়াই আনি থাকোঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ধৃত চোহাৰ আলীৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ অভিযোগত মুকালমুৱা আৰক্ষী থানাত গোচৰ ৰুজু কৰি আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ড্ৰাগছ বেপাৰীজনক ৷

বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ফলক বঙালী সংগঠনে মচি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ ৷

অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ফলক বঙালী সংগঠনে মচি পেলোৱাএনেকুৱা ধৰণৰ কাৰ্যক গৰিহণা দিয়ে অসম সাহিত্য সভাই। এনে ধৰণৰ গৰ্হিত, বিচ্ছিন্নতাবাদী কামক অসম সাহিত্যসভাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে ৷ এনেবোৰ কাৰ্যক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে ৷ চৰকাৰী ফলকৰ বিজ্ঞাপন মোচি পেলোৱা কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ ৷ ৰাজ্যিক ভাষা আইন থকাৰ পিছতো এনে ধৰণৰ কাৰুকাৰ্য অসমৰ ৰাইজে ভাল নাপায় ৷ গতিকে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰক বিহিত ব্যৱস্থা লবলৈ দাবী জনায় ৷লগতে সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাও বৰাকত অসমীয়া ভাষাক অপমানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসম সাহিত্য সভাই অসমীয়া ভাষাৰ লগতে জনগোষ্ঠীয় সকলো ভাষাৰ প্ৰতি দায়বদ্ধ ৷ এটা তথাকথিত বঙালী সংগঠনে অসমীয়া ভাষা বৰাকত হ’ব নালাগে বুলি নাম ফলক আঁতৰাব বিচাৰিছে এইটো বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ অসমত ৷ এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি মন্তব্য কৰে সম্পাদক গৰাকীয়ে৷ তেওঁ আৰু কয় যে এনে ধৰণৰ গৰ্হিত কামক অসম সাহিত্য সভাই কেতিয়াও সমৰ্থন নকৰে ৷ কেৱল অসমীয়া ভাষাই নহয় কোনো ভাষাৰ ওপৰত হাত দিয়াটো সহজ কথা নহয় ৷ মাতৃভাষা আমাৰ জন্ম স্বত্ব ৷ অসমীয়া ভাষা অসমত চৰকাৰী ভাষা ৷ এই ক্ষেত্ৰত চৰকাৰলৈ অনুৰোধ এই ক্ষেত্ৰত চৰকাৰে উচিত শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। আজি গোৱালপাৰাৰ ধূপধৰাত অনুস্থিত পণ্ডিত, গৱেষক ৰাজেন ৰাভাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি, সম্পাদকে ৷

ঘগ্ৰাপাৰৰ-বাঘমাৰাৰ সমাজকৰ্মী প্ৰতুল দাসৰ মৃত্যু

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ (নয়নপুৰ চুবুৰী) নিৱাসী,তথা সমাজকৰ্মী প্ৰতুল দাসৰ (৫০) কালি  পুৱা  ১০:৩০ মান বজাত জ্বৰত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়।উল্লেখ যোগ্য যে দাসে ঘগ্ৰাপাৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সৈতে জড়িত থকাৰ উপৰিও ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সভাপতি পদতো কাৰ্যনিৰ্বাহক কৰিছিল।জীৱিত অৱস্থা দাসে ঘগ্ৰাপাৰ চ’কত ব্যবসায়িক প্ৰতিষ্ঠান  দি পৰিয়াল পোহ-পাল দিছিল যদিও দোকান এৰি ৰঙিয়াস্থিত ফাটেমা কনভেট স্কুলত চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল।দাসে বিজেপি দলৰ এগৰাকী কৰ্মী হিচাপেও মৃত্যুৰ আগমুহূৰ্তলৈ কাম কৰি আহিছিল। তেওঁৰ মৃত্যুৰ বাতৰি আজি বিয়পি পৰাত অঞ্চলৰ দল-সংগঠন, ৰঙিয়া ফাটেমা কনভেটৰ শিক্ষক-কৰ্মচাৰী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বুবুল দাস,ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী,বাঘমাৰা গাঁও উন্নয়ন সমিতি, বড়িগোগ বনভাগ জ‍্যেষ্ঠ নাগৰিক সন্মিলন, বিজেপিৰ বাঘমাৰা (ক) বুথৰ সাধাৰণ সম্পাদক কিশোৰ ভৰালী,,উপসভানেত্ৰী প্ৰনিতা ভৰালী,ঘগ্ৰাপাৰ বজাৰ সমিতিৰ,ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ বিষয়ববীয়া আদিয়ে শেষ শ্ৰদ্ধা নিবেদন জনায়।ইফালে দাসৰ মৃত্যুৰ বাতৰিৰ পিছত তেওঁৰ গৃহত  ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতা, আদিয়ে উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰে।আনহাতে দাসৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বাপন চক্ৰৱৰ্তী আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞানপ কৰে।তেওঁ মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী পুত্ৰ আৰু এজনী জীয়ৰী ইহ সংসাৰত এৰি যায়।