শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত ধলাইবিলৰ এগৰাকী প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰ তথা দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ নাম হৈছে অজয় সোনাৰ। অজয় হৈছে জিলাখনৰ ধলাইবিলস্থিত চামধাৰা পানী গাঁৱ নিৱাসী মনবাহাদুৰ সোনাৰ আৰু প্ৰয়াত ৰূপা দেৱীৰ কনিষ্ঠ পুত্ৰ। অজয় নিজৰ পঢ়াশুনাৰ উপৰিও সাধাৰণ জ্ঞানৰ ওপৰত সম্পূৰ্ণৰূপে অধ্যয়ন কৰি টেলেন্ট চাৰ্চ পৰীক্ষা দিবলৈকো সক্ষম হৈছে। দৰং মহাবিদ্যালয়ৰ পৰা জিলা ভিত্তিত অনুষ্ঠিত সাধাৰণ জ্ঞান সন্দৰ্ভত এক বিশেষ পৰীক্ষাত ৯৫.৩৩ শতাংশৰে প্ৰথম স্থান দখল কৰি সুখ্যাতিৰে উৰ্ত্তীন্ন হোৱাত তেওঁক নগাঁওস্থিত আমনিত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোচা,জাপি,প্ৰসংশা পত্ৰৰ লগতে দুটা ট্ৰফীৰে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ জ্যোতি শিক্ষা বঁটা প্ৰদান কৰে। ২৩ বছৰীয়া ছাত্ৰজনৰ এনে সফলতাক লৈ দৰং মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল,অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনাই উজ্বল ভৱিশ্যত কামনা কৰে।
ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী
দুৰ্গা পূজা উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী -গাঁও ৰক্ষী বাহিনী তৎপৰতা হোৱাৰ সময়তে আজি ঘগ্ৰাপাৰ আৰক্ষী থানাত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দুৰ্গা পূজা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে গাঁও ৰক্ষী বাহিনীৰ কাৰ্যকৰ্তা আব্দুল গণিয়ে।সভাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি ভাষণত নিজ নিজ এলেকাৰ ক’ভিড প্ৰটকল মানি দুৰ্গা পূজাৰ সময়ত নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। উক্ত সভাত ঘগ্ৰাপাৰ থানা এলেকাৰ ১৪৫ টা গাঁও ৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকলে অংশগ্ৰহণ কৰে।
প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত নগৰবেৰাত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ৰাহজ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত কংগ্ৰেছে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলেনিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ পৰিয়ালক খবৰ লবলৈ যাওতে অন্যায় ভাবে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে তেওঁৰ মুক্তিৰ দাবী কৰে। তদুপৰিপ্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, বিজেপিৰ হিটলাৰী শাসন নচলিব, মোদী বাহিনীৰ গুণ্ডাগিৰি বন্ধ কৰক,প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক, কৃষকক ন্যায্যতা প্ৰদান কৰক, অজয় মিশ্ৰ হুচিয়াৰ,গণতন্ত্ৰ বিৰোধী হুচিয়াৰ, আইন মতে কাম কৰক আদি ধ্বনিৰে চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ।শীঘ্ৰ প্ৰিয়কা গান্ধীক মুক্তি নিদিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৱ বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে । এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত কামৰূপ জিলা কংগ্ৰেছৰ সম্পাদক আব্দুল বাৰিক, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়ন, সম্পাদকদ্বয় আব্দুল মজিদ মণ্ডল, দিলবৰ হুছেইন আদি কৰি কংগ্ৰেছৰ ভালে সংখ্যক কৰ্ম কৰ্তা উপস্থিত থাকে।
“গুৱাহাটী নিবাসী জামুগুৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ”
শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাট তথা নদুৱাৰত জন্মগ্ৰহণ কৰি কৰ্মসূত্ৰে গুৱাহাটী নিবাসী হোৱা জামুগুৰীয়াই অঞ্চলটোৰ উন্নয়ন বাবে গ্ৰহণ কৰি অহা প্ৰশংসনীয় পদক্ষেপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে গঠন হোৱা ‘জামুগুৰিহাট গুৱাহাটী ফ’ৰামে’ জন্মলগ্নৰে পৰা অঞ্চলটোৰ উন্নয়ন বাবে বিশেষকৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান, গুৱাহাটীত স্মৃতি দিৱস পালন, জামুগুৰিৰ কৃতী ছাত্র-ছাত্ৰীলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা, জামুগুৰিৰ পৰা যোৱা ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত সহায় কৰা আদি কাৰ্যই অঞ্চলবাসীক হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ এই ফ’ৰামে যোৱা ৩ অক্টোবৰ তাৰিখে “ৰোগীৰ যত্ন আৰু পৰিচৰ্যাৰ ওপৰত স্বেচ্ছাসেবকৰ ভূমিকা” শীৰ্ষক বিষয়ত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে। উক্ত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশ লয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটালৰ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱা আৰু আই, আই, ই, গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক ড০ সুনীল শইকীয়াই। চক্ৰত ৰোগীসকলৰ আৰ্থিক স্থিতি, সামাজিক স্থিতি আৰু মনোবৈজ্ঞানিক দিশত বিশেষভাৱে আলোকপাত কৰাৰ লগতে ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱাই ধপাত মুক্ত সমাজ গঢ়াৰ ক্ষেত্রত স্বেচ্ছাসেবকৰ ভূমিকা সম্পৰ্কে বিশেষ ভাৱে আলোচনা কৰে। ফ’ৰামৰ কাৰ্যকৰী সভাপতি দ্বিজেন দাসে আদৰণি ভাষণ প্ৰদান কৰা আলোচনা চক্ৰখনত উপস্থিত থকা ফ’ৰামৰ সদস্য তথা মুখ্যমন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া কুন্টলমণি বৰদলৈয়ে বিষয় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়োৱাৰ লগতে ড০ কন্দৰ্প শইকীয়া, আৰমান আলি, দিপিকা গোস্বামী আৰু শশীমোহন ভূঞাইও স্বেচ্ছাসেবক ভূমিকা আৰু দায়বদ্ধ তাৰ ওপৰত নাতিদীর্ঘ বক্তব্য আগবঢ়াই। ফ’ৰামৰ সদস্য শান্তনু শৰ্মা আৰু ইন্দ্ৰ কাৰ্কীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰা আৰু খানাপাৰাৰ শিক্ষা প্ৰতিষ্ঠান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত আলোচনা চক্ৰৰ অন্তত জামুগুৰিৰ উন্নয়ন কেন্দ্ৰীক বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ফ’ৰামে গ্ৰহণ কৰে। ইয়াৰ ভিতৰত জামুগুৰিৰ পৰা গৈ গুৱাহাটীত থকা লোকসকলৰ মাজত এটা শক্তিশালী স্বেচ্ছাসেবকৰ দল গঠন কৰা। ২) সেৱা আগবঢ়োৱা স্বেচ্ছাসেবকসকলক মাননি প্ৰদান কৰা । ৩) স্বেচ্ছাসেবকসকলে চিকিৎসাজনীত কাৰণত সহায় কৰাৰ উপৰিও ,প্ৰয়োজনত জামুগুৰিহাটৰ পৰা যোৱা ৰোগীৰ ওচৰলৈ গৈ যাবতীয় দিহা পৰামৰ্শ আগবঢ়োৱা। ৪) শিক্ষাৰ বাবে সময়ে সময়ে guide হিচাপে সকলোবোৰ খৱৰ যোগান ধৰা। ৫) জামুগুৰিহাটত এখন ধপাত মুক্ত গাঁৱৰ সৃষ্টি কৰি এক নিদৰ্শন দাঙি ধৰা। ৬) ৰোগীসকলৰ সুবিধা হোৱাকৈ বিভিন্ন লজ, ধৰমশালা ,হোষ্টেলৰ যোগাযোগৰ ব্যৱস্হ কৰি দিয়াৰ লগতে ফ’ৰামে নিজাববীয়াকৈ এটা থকা লোৱাৰ ব্যৱস্হা কৰা আদি। জামুগুৰিহাট গুৱাহাটী ফ’ৰামৰ এনেবোৰ চিন্তাই সম্প্ৰতি বৃহত্তৰ জামুগুৰিহাটলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। চিকিৎসা আৰু শিক্ষাৰ বাবে ফ’ৰামে ইতিমধ্যে একোটাকৈ ন্যাস গঠনৰো প্ৰস্তুতি চলাইছে বুলি কাৰ্যালয় সম্পাদক ঈশ্বৰচন্দ্ৰ বৰাই জানিবলৈ দিয়ে।
জামুগুৰিহাটত বেংকত লানি নিচিগা ভিৰ৷
জামুগুৰিহাটৰ বেংকসমুহৰ সন্মুখত এতিয়া দীঘলীয়া শাৰীৰ যেন ঢৌ উঠিছে৷জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত থকা ইউকো বেংক,গ্ৰামীণ বিকাশ বেংক আৰু ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত এতিয়া পুৱাৰপৰাই নিজৰ সাঁচতীয়া ধন উলিয়াবৰ বাবে গ্ৰামাঞ্চলৰ লোকসকলে শাৰী পাতি ৬/৭ ঘন্টা অপেক্ষা কৰিব লগীয়া হৈছে৷ভিতৰুৱা অঞ্চলসমুহৰপৰা অহা বেংকৰ উপভোক্তা লোকসকল পুৱা ৭ বজাতেই আহি শাৰী পাতি অপেক্ষা কৰিবলগীয়া হৈছে বেংকৰ ভিতৰলৈ প্ৰৱেশ কৰিবৰ বাবে৷বেংকৰ সন্মুখত বিশেষকৈ এনে অভাৱনীয় ভিৰৰ বাবে সমস্যাত পৰিছে বৃদ্ধ বৃদ্ধা তথা আদহীয়া লোকসকল৷পুৱাই আহি ঘন্টাৰ পিছত ঘন্টা ধৰি এনেদৰে ধন উলিয়াবলৈ অহা একাংশ লোক আনকি শাৰীত থিয়হি থকাৰ বাবেই মুৰ ঘুৰাই পৰি যোৱাৰ ঘটনাও সংঘটিত হৈছে৷পূজাৰ পূৰ্ৱে শ্ৰমিকৰ জৱ কাৰ্ড,বৃদ্ধ পেঞ্চন,অৰুণোদয় আঁচনিৰ ধন উলিৱাবৰ বাবে বেংকত ভিৰ হোৱা এনে পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে আনকি আৰক্ষীও উপস্থিত হ’বলগীয়া হৈছে৷ইয়াৰ মাজতেই আকৌ শাৰী পাতি থকা একাংশ বৃদ্ধ বৃদ্ধা লোকক অতিক্ৰম কৰি পিছত অহা একাংশ লোকো নিজৰ স্বাৰ্থ আগত ৰাখি সুুযোগ বুজি সুবিধা লৈ বেংকত প্ৰৱেশ কৰাত বহুসংখ্যক খাতিখোৱা আদহীয়া লোক টকা উলিয়াবলৈ সুবিধা নোপোৱাৰ বাবেই উভতি যাবলগীয়া হোৱাৰ অভিযোগ পোৱা গৈছে৷তাৰোপৰি টকা উলিয়াবৰ বাবে বেংকত প্ৰৱেশ কৰিলেহে উইদ্ৰ’ৱেল ফৰ্ম লাভ কৰা যায় যদিও এক দুষ্ট চক্ৰই বেংকসমুহৰ বাহিৰত উইদ্ৰ’ৱেল ফৰ্ম বিক্ৰী কৰাৰো অভিযোগ উল্থাপিত হৈছে৷বেংকত দেখা দিয়া এনে অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধ বৃদ্ধা তথা আদহীয়া লোকসকলৰ বাবে সপ্তাহৰ এটা দিন নতুবা তেনে লোকক বেংক কৰ্তৃপক্ষই শাৰী পাতি থকা স্থানৰপৰা চিনাক্ত কৰি বয়সৰ প্ৰতি সন্মান জনাই সোনকালে কামখিনি কৰাৰ সুযোগ দি নিজ গৃহলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিবলৈও আহবান জনাইছে সচেতন মহলে৷
টিৰাপৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰেন গগৈৰ ব্যক্তিগত উপাৰ্জিত ধনেৰে নিৰ্মাণ কৰিলে চিকিৎসালয় প্ৰসূতি কক্ষ।
মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত টিৰাপ মৌজাবাসী ৰাইজৰ বহুদিনীয়া সমস্যা তথা অভাৱ পূৰণ কৰি টিৰাপগেট ৰাজ্যিক চিকিৎসালয়ত আজি মুকলি কৰা হল অত্যাধুনিক প্ৰসূতি কক্ষ। আজি এই প্ৰসূতি কক্ষটো আনুষ্ঠানিক ভাৱে মুকলি কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱে।১৯৫০ চনতে প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যিক চিকিৎসালয়খনত নাছিল স্থায়ী প্ৰসূতি কক্ষ। যাৰ বাবে চিকিৎসালয় খনলৈ অহা প্ৰসূতি মাতৃ সকলে যেনে ধৰণৰ উপযুক্ত সা-সুবিধা লাভ কৰিব লাগিছিল তেনে ধৰণৰ সা-সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছিল। টিৰাপ মৌজাৰ বিভিন্ন অঞ্চলৰ প্ৰসূতি সকলে প্ৰাথমিক চিকিৎসা সেৱা লাভ কৰাৰ বাদে উন্নত চিকিৎসাৰ বাবে প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ যাৱ লগা হৈছিল।যাৰ ফলত বিভিন্ন সময়ত প্ৰসূতিৰ মৃত্যু পৰ্যন্ত হোৱাৰ উদাহৰণ নথকা নহয়। উক্ত এই দীৰ্ঘদিনীয়া সমস্যাটোৰ এক স্থায়ী সমাধানৰ কথা হৃদয়ংগম কৰি আগবাঢ়ি আহিল এজন হৃদয়বান ব্যক্তি। টিৰাপ অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক হৰেন গগৈয়ে তেখেতৰ মহানুভৱতাৰ পৰিচয় দি এটা স্থায়ী প্ৰসূতি কক্ষ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব মোৰ পাতি লয়। তেখেতে নিজ উপাৰ্জিত ধনৰ প্ৰায় ২৫ লাখ টকা ব্যয় কৰি প্ৰয়াত পিতৃ স্বৰ্গীয় যতীন গগৈৰ সোঁৱৰণত প্ৰসূতি কক্ষটো নিৰ্মাণ কৰি বহু সংখ্যক সন্মানীয় ব্যক্তি আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত ৰাইজৰ বাবে উচৰ্গা কৰে। ইয়াৰোপৰি তেখেতে অনাগত দিনত ৰাইজৰ সুবিধা হোৱাকৈ চিকিৎসালয় খনত এটা এক্সৰে মেচিন প্ৰদান কৰিব বুলিও মত প্ৰকাশ কৰে। হৰেন গগৈ দেৱৰ এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে তেখেতৰ এই মহানুভৱতাক সকলোৱে একমুখে প্ৰশংসা কৰে। বিধায়ক ভাস্কৰ শৰ্মাই হৰেন গগৈৰ এনে সুচিন্তা আৰু মহানুভৱতাক সন্মান প্ৰদৰ্শন কৰি আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে ভৱিষ্যতেও ৰাইজৰ প্ৰতি এনে ধৰণৰ সুচিন্তাৰে সহায় সহযোগ আগবঢ়াই যাবলৈ আহ্বান জনায়।
বৰপেটাত স্বাস্থ্য মন্ত্ৰীৰ কোভিড ভেকচিনৰ পৰ্যালোচনা
কোভিড ভেকচিন ল’বলৈ এতিয়াও অনিচ্ছুক লোক সকলৰ ক্ষেত্ৰত কিছু কঠোৰ স্থিতি গ্ৰহণৰ পোষকতা কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। আজি বৰপেটা জিলাত কোভিড টীকাকৰণ সম্পৰ্কে পৰ্যালোচনাৰ বাবে উপস্থিত হোৱা বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। ক’ভিড প্ৰতিষেধক ল’বলৈ যথেষ্ট বেছিসংখ্যক লোক বাকী থকা চাৰিখন জিলাৰ অন্যতম হিচাপে পৰিগণিত হোৱা বাবেই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আজি বৰপেটা জিলা ভ্ৰমণ কৰি ক’ভিড প্ৰতিষেধক অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড প্ৰতিষেধকৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্ৰনাথ নাটেৰ সৈতে বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্তসহ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক’ভিড প্ৰতিষেধক অভিযানৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে যিবোৰ দোকান- ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে দুপালি প্ৰতিষেধক গ্ৰহণ কৰা নাই তেনে দোকান সাময়িকভাৱে বন্ধ কৰি দিব লাগে। জিলাখনত এতিয়াও এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে। বৰপেটা জিলাত কাইলৈৰ পৰা অহা ১১ অক্টোবৰলৈ দৈনিক ২৫,০০০ গৰাকীকৈ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা হয় বৈঠকত। মন্ত্ৰী গৰাকীয়ে প্ৰতিষেধক প্ৰদান সম্পৰ্কত গাৱে-গাৱে গৈ সমীক্ষা চলোৱাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, যিসকলে প্ৰতিষেধক লোৱা নাই, সেয়া কিয় লোৱা নাই সেই বিষয়ে তথ্য সংগ্ৰহ কৰক। কিমান লোক এইখন জিলাৰ পৰা আন জিলা বা ৰাজ্যলৈ প্ৰব্ৰজিত হৈছে সেই বিষয়েও এই সপ্তাহৰ ভিতৰতে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত নাজিৰাত কংগ্ৰেছৰ ” প্ৰতিবাদী ধৰ্ণা “
কৃষক পৰিয়ালৰ খবৰ ল’বলৈ যাওঁতে উত্তৰ প্ৰদেশৰ চৰকাৰে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নাজিৰাতো কংগ্ৰেছ দলে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । নাজিৰা পৌৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটী , সমষ্টি এন এছ ইউ আইৰ যৌথ উদ্যোগত নাজিৰা ৰাজীৱ ভৱন প্ৰাংগণৰ পৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগণলৈকে শতাধিক কংগ্ৰেছ কৰ্মীয়ে সমদল বাহিৰ কৰি বিভিন্ন প্ৰতিবাদী ধৰ্ণাৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । নাজিৰা গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি মৃদুল বৰগোঁহাই , সাধাৰণ সম্পাদক যোছেফ সিং , পৌৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সমষ্টি এন এছ ইউ আইৰ তত্বাৱধায়ক পৰশমণি কলিতা , অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক ইজাজ ৰহমান , সমষ্টি এন এছ ইউ আইৰ সভাপতি প্ৰৱাল বৰুৱা , সম্পাদক ছাজাদ হুছেইনকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী আৰু ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বি জে পি গ’ বেক , নৰেন্দ্ৰ মোদী , অমিত শ্বাহ হায় হায় , প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক , বি জে পিৰ ফেচিবাদী শাসন নিপাত যাওঁক আদি বিভিন্ন ধৰ্ণাৰে উত্তাল কৰি তোলে অঞ্চলটোৰ আকাশ -বতাহ ।
চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা পলাশবাৰী সমষ্টিৰ লোচনা তাৰাপতিৰ এটা দৰিদ্ৰ পৰিয়ালৰ কাহিনী
বিজেপি দল আৰু চৰকাৰে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা আৰু দেশৰ শেষৰ জন দৰিদ্ৰ লোকেও যাতে খাদ্য আৰু বাসস্থানৰ অভাৱত ভুগিব লগা নহয় তাৰবাবেও আঁচনি গ্ৰহণ কৰিছে বুলি বুলি দলৰ মন্ত্ৰী – বিধায়ক আনকি দেশৰ স্বয়ং প্ৰধানমন্ত্ৰীয়েও সময়ে সময়ে ঘোষণা কৰি আহিছে । কিন্তু ইয়াৰ মাজতো ৰাজ্যৰ আন বহু সমষ্টিৰ লগতে গুৱাহাটীৰ গাতে লগা পলাশবাৰী সমষ্টিৰ ১০৮ নং মালিয়াটা গাওঁ পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ( গৃহ নং – ৬ ) সন্ধ্যা দাস নামৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈকে ৰেচন কাৰ্ডখনৰ বাহিৰে নাপালে একো চৰকাৰী সাহায্য । এটা ঘৰৰ অভাৱত পৰিয়ালটোৱে উৱঁলি যোৱা চালিৰ তলত ফৰকাল বতৰত নিশা আকাশৰ তৰা চাই আৰু বৰষুণৰ বতৰত পলিথিন – প্লাষ্টিক মূৰত লৈ উজাগৰে থাকিব লগা হয় । কিছুদিন আগলৈকে আনৰ ঘৰত দিন হাজিৰা কৰি পেটে ভাতে চলি থকা সন্ধ্যা দাস বৰ্তমান ৰুগীয়া হোৱা বাবে পত্নী হেমপ্ৰভা দাসে এতিয়া আনৰ ঘৰত কাম কৰিব লগা হৈছে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দা সন্ধ্যা দাসে আজিও নাপালে প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ ( পি এম এ ৱাই ) অধীনত এটা ঘৰ । এই সন্দৰ্ভত তেওঁলোকে বহুবাৰ গাওঁ পঞ্চায়তৰ সদস্য – সভাপতিক আবেদন – নিবেদন কৰি আহিছে যদিও আশ্বাসৰ বাহিৰে পৰিয়ালটোৱে আজিলৈকে একো নাপালে । আনটো বাদেই বিগত বর্ষত ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনি , কনকলতা বৰুৱা সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ পৰাও পৰিয়ালটো বঞ্চিত হবলগীয়া হৈছে । উল্লেখযোগ্য যে তিনিজনী জীয়ৰীক বিয়া দিয়াৰ পাছত সন্ধ্যা দাস আৰু হেমপ্ৰভা দাসৰ অৱস্থা সম্প্ৰতি চকুৰ পানীৰে বাট নেদেখা হৈছে । বিশেষকৈ ৰুগীয়া স্বামীক লৈ পত্নী হেমপ্ৰভা দাস ভীষণ সংকটত পৰিছে । এইক্ষেত্ৰত অঞ্চলটোৰ একাংশ সচেতন লোকে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হস্তক্ষেপ কামনা কৰিছে ।
পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন।
পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত কালি দিনযোৰা কাৰ্যসূচীৰে প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে। পতাকা উত্তোলনৰ পিছত মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত তথা ডিগবৈ ৰ’টাৰী ক্লাৱৰ সৌজন্যত এলানি বৃক্ষৰোপনৰ কাৰ্যসূচীও অনুষ্ঠিত হয়। কপাহতলি গাওঁৰ গাওঁপ্ৰধান তিলেশ্বৰ মৰানে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা আদৰণি সংগীতেৰে মূল সভা আৰম্ভ হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া উইমেনছ কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক উত্তম দুৱৰা, ডিগবৈ মহিলা মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপক ডঃ প্ৰভাত শৰ্মা আৰু অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ বিষয়া তথা প্ৰকৃতিকর্মী গোপাল দাস। সভাৰ আদৰণি ভাষনত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে আদৰ্শ মহাবিদ্যালয় সমূহ প্ৰতিষ্ঠাৰ ইতিহাসৰ লগতে ইয়াৰ লক্ষ্য-উদ্দেশ্য আদিৰ বিষয়ে অৱগত কৰে।মহাবিদ্যালয়ৰ সমূহ সদস্যলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাই দিয়া বক্তব্যত অধ্যাপক উত্তম দুৱৰাই শিক্ষানুষ্ঠান এখনৰ সামগ্ৰিক বিকাশত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। পুথিগত শিক্ষাৰ বাহিৰেও শিক্ষা আহৰণৰ আৰু আন বিকল্প মাধ্যমো থাকে বুলি মত প্ৰকাশ কৰা দুৱৰাই ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষা শিক্ষণৰ প্ৰতি থকা ভীতি নোহোৱা কৰিবলৈ আহ্বান জনায়। ডঃ প্ৰভাত শৰ্মাই তেওঁৰ বক্তব্যৰ মাজেৰে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মাজেৰে মানসিক উৎকৰ্ষ কেনেকৈ সাধন কৰিব পাৰে-সেই সম্পৰ্কে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। জীৱনক অধ্যয়নৰ মাজেৰে ইতিবাচক ৰূপ দিবলৈ আহ্বান জনায় বক্তব্য ৰাখে গোপাল দাসে। ডঃ প্ৰভাত শৰ্মা আৰু গোপাল দাসে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একোটাকৈ গ্ৰন্থৰ টোপোলা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰে। সভাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ পৰা জড়িত তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ললিত মৰাণ, কপাহতলী গাঁওৰ গাঁওপ্ৰধান তিলেশ্বৰ মৰাণ, স্থানীয় সমাজকর্মী সুৰেন নেওগেও বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ শিক্ষকসকলৰ হৈ বক্তব্য ৰাখে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক সঞ্জীৱ কলিতাই। সভাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অভিভাৱক প্ৰতিনিধি চেনীধৰ বৰা আৰু হেৰম্বৰ মৰাণ উপস্থিত থাকে। মূল সভাৰ শেষলৈ ইংৰাজী বিভাগৰ দ্বাৰা আয়োজিত ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু সমাজশাস্ত্ৰ বিভাগৰ দ্বাৰা আয়োজিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কৃত প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ঋতু মৰানে বছৰৰ শ্ৰেষ্ঠ ছাত্ৰৰ পুৰস্কাৰ লাভ কৰে। মহাবিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ বিগত এটা বছৰৰ বিদ্যায়তনিক- সাংস্কৃতিক অগ্ৰগতি ৰ খতিয়ান হিচাপে এখন তথ্যচিত্ৰও এই সভাতে প্ৰদৰ্শিত হয়। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা আকাংক্ষিতা শৰ্মাই আঁত ধৰা সভাৰ শলাগৰ শৰাই জ্ঞাপন কৰে অসমীয়া বিভাগৰ মুৰব্বী তথা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ আহ্বায়ক ডঃ মনালিছা কছাৰীয়ে। মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।











