Home Blog Page 2860

গৰাখহনীয়াত জাহ গ’ল খৈৰাবাৰী আৰাংপাৰা সংযোগী পকী কালভাৰ্ট

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ খৈৰাবাৰী ভিচিডিচিৰ  অন্তৰ্গত ৰঙাগাঁ‌ৱৰ পৰা আৰাংপাৰা গাৱৰ মাজেদি খৈৰাবাৰী চহৰলৈ যোৱা একমাত্ৰ পথছোৱাৰ পকী কালভাৰ্টটো যোৱা-নিশা মৰা চুক্লাই নদীৰ পানীৰ প্ৰকোপত জাহ গ’ল। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত ২০১৯ বৰ্ষত নিৰ্মিত পথছোৱাৰ মাজ ভাগত আৰাংপাৰ গাওঁৰ মাজেদি যোৱা মৰা চুক্লাই নদীৰ ওপৰত RCC দলং দিয়াৰ সলনি পকী কালভাৰ্ট দি কাম সম্পূৰ্ণ কৰাৰ ফলত এটা নিশাতে পানীৰ প্ৰকোপত কালভাৰ্টটো বিধ্বস্ত হৈ পথছোৱা সম্পূৰ্ণ বিভক্ত হৈ যোগাযোগ বিচিন্ন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। 

উল্লেখ্য যে খৈৰাবাৰী চহৰৰ ৩ কি,মি নিলগত থকা ৰঙাগাঁ‌ৱ আৰাংপাৰাৰ পৰা খৈৰাবাৰী চহৰলৈ অহাঁ‌ একমাত্ৰ পথছোৱা মৰা চুক্লাই নদীয়ে দুটা ভাগত বিভক্ত কৰাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বিচিন্ন হৈ পৰাত প্ৰায় তিনিখন গাঁ‌ৱৰ লোক যাৱতীয় সামগ্ৰীৰ বাবে কেইবা কি,মি দূৰৰে ঘূৰি খৈৰাবাৰী চহৰলৈ আহিব লগা হৈ পৰিছে।সেয়েহে অতি শীঘ্ৰেই বিভাগীয় কতৃপক্ষক পথছোৱা মেৰমতি কৰিবলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজে। কিন্তু আমাৰ এই প্ৰতিবেদন প্ৰটক্ষ্য কৰা পিছত জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা হাতত লৈ পৰৱৰ্তি পৰ্যায়ত সেয়াহে লক্ষণীয় হ’ব।

তেজপুৰ কলা বীথিকাৰ চতুৰ্থ বৰ্ষপূৰ্তী: যুৱশিল্পীৰ চিত্ৰ-ভাস্কৰ্যৰ তিনিদিনীয়া প্ৰদৰ্শনী

অসমীয়া ক্লাবৰ ভাতৃ অনুষ্ঠান তেজপুৰ কলা বীথিকাৰ চতুৰ্থ বৰ্ষপূৰ্তী উপলক্ষে বালিৰাম লহকৰ সভাগৃহত আজি ৩ চেপ্তেম্বৰ তাৰিখে তেজপুৰ আৰু তেজপুৰৰ প্ৰান্তীয় অঞ্চলৰ ১৮ বছৰৰ পৰা ৩০ বছৰ বয়সৰ ৪০ গৰাকী যুৱশিল্পীৰ এখন বিৰল ছৱি আৰু ভাস্কৰ্যৰ তিনিদিনীয়া শিল্প প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰা হয়।শুভাৰম্ভৰ মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ শ্ৰীঅৰুণা দেৱীয়ে আৰু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰীভূপেশ চন্দ্ৰ দাসদেৱে।উপায়ুক্তৰ তেজপুৰৰ গৰিমাময় ইতিহাস সুঁৱৰি,এতিয়াও শিল্প-সাহিত্য-ক্ৰীড়াৰ ক্ষেত্ৰত আজিও নাগৰিক সকলৰ সক্ৰীয় অংশগ্ৰহণৰ ব্যতিক্ৰমী ৰূপৰ প্ৰশংসা কৰে।

চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনী খনি উদ্বোধন কৰ্ দিয়া ভাষণত তেজপুৰৰ প্ৰখ্যাত প্ৰবীণ ভাস্কৰ্য শিল্পী শ্ৰীকুশল চন্দ্ৰ কলিতাই তেওঁক জনোৱা সম্বৰ্দ্ধনাত আৱেগিক হৈ পৰি নতুন প্ৰজন্মৰ শিল্পী সকলেহে এদিন নিজৰ সাধনা-প্ৰজ্ঞাৰে তেজপুৰৰ শিল্প মান উজ্বলাই তুলিব বুলি আশা কৰি নিজৰ কৰ্মৰো একচমু খতিয়ান দাঙি ধৰে।ইয়াৰ পিছতে প্ৰয়াত শিল্পী জয় দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগৰ আয়োজন কৰে ,যিখন পৰিচালনা কৰে অভিনেতা ভূপেন শৰ্মা আৰু শিল্পী মৃগেন কলিতাই।সভাৰ আৰম্ভনিতে আদৰণি ভাষণ দিয়ে সম্পাদক শ্ৰীঅনুদেৱী মহন্তয়।
শিল্প প্ৰদৰ্শনী খনিত দুখনকৈ নিজৰ ছবিৰে ভাগলোৱা যুৱশিল্পী সকল আছিল সৰ্বশ্ৰীসিদ্ধিকা লহকৰ,বিপ্ৰজিৎ পাল,দিপীকা তালুকদাৰ,কমল চন্দ্ৰ বৰা,প্ৰবীৰ হাজৰিকা,বিহগুৰিৰ অভিজ্ঞান কৃষ্ণ মহন্ত,বালিপাৰাৰ তন্ময় দাস,ফাৰ্জিনা হক,স্বপ্নীল কাশ্যপ,মনিমালা বৰা,কৃতি বৈশ্য,সন্দীপ নাথ,সুমন সূত্ৰধাৰ,বিশাল চৰকাৰ,নিকুমাৰ দাস,সম্প্ৰীত কলিতা,নয়না নন্দিনী বৰুৱা,কৃষ্ণ কমল শৰ্মা,ৰাকেশ পাল,ভাস্কৰ জ্যোতি দাস,জোনাশ্ৰী বৈশ্য,ৰাঘৱ মহন্ত,ভাৰ্গৱ চন্দ্ৰ বৰুৱা,অলংকৃতা কলিতা,গৰ্গী কলিতা,প্ৰীয়া বৰুৱা,সুমন বৰা,উজ্বল কলিতা,পোহৰ বৰা,নন্দিনী দেৱী,হৰ্ষিতা বৰা,অংশুমান প্লাৱন নাথ,কংকনা নাথ,দেৱজানী বৰা,বিদীশা বৰঠাকুৰ,নন্দিনী কাশ্যপ,অবিনাশ হাজৰিকা,অলিস্মৃতা কলিতা,জ্যোতিস্মৃতা কলিতা আৰু বিশ্বৰূপা কলিতা।আজিৰ শুভাৰম্ভ অনুষ্ঠানত অসমীয়া ক্লাবৰ প্ৰায় সকলো জেষ্ঠ সদস্য/সদস্যাৰ উৰিও প্ৰায় কেইজন প্ৰৱীন শিল্পীও উপস্থিত থাকে।

যুৱশিল্পী সকলৰ শিল্পনৈপুন্যতা ,বিষয় নিৰ্বাচন ,ৰঙৰ ব্যৱহাৰ দেখি সকলো দৰ্শক প্ৰশংসাত পঞ্চমুখহৈ পৰে।এই প্ৰদৰ্শনী অহা ৫ চেপ্তেম্বৰত সমাপ্ত হ’ব।

এইবাৰ লাভলীনাৰ লক্ষ্য পেৰিছ অলিম্পিক

টকিঅ’ অলিম্পিকত মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা লৌহকন্যা লাভলীনাৰ এইবাৰ লক্ষ্য পেৰিছ অলিম্পিক।পুনৰ বক্সিঙৰ ৰিঙত নামিব লাভলীনা।অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে। ঘৰ এৰি অনুশীলনস্থলীলৈ ৰাওনা অলিম্পিয়ান লাভলীনা। ঘৰ এৰাৰ পূৰ্বে মাতৃৰ চকুলো দেখি পুনৰ আৱেগিক হৈ পৰিল লাভলীনা বৰগোহাঁই।লাভলীনাই সাৱটি ধৰিলে মাতৃক। সময়তকৈ আগতে গৈ অনুশীলনত যোগদান কৰিব লাভলীনাই। ঘৰ এৰাৰ পূৰ্বে অঞ্চলটোৰ ভালেমান কণকণ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰে লাভলীনাই।অসম চৰকাৰে প্ৰদান কৰা ডি এছ পি চাকৰি গ্ৰহণ কৰিলেও নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাভলীনাই। লাভলীনালৈ আন্তৰিক শুভেচ্ছা।লাভলীনাই আগন্তুক পেৰিছ অলিম্পিক(২০২৪)ত স্বৰ্ণ অৰ্জনেৰে দেশৰ লগতে অসমৰ নাম বিশ্বত উজলাই তুলিব।

বিশ্বনাথ আৱকাৰী বিভাগৰ অভিযান অব্যাহত: ২৫০কাৰ্টুন অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ

বিশ্বনাথ মহকুমা আৱকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা বিৰুদ্ধে অভিযান। বৃস্হপতিবাৰে ৰাতিপুৱা প্ৰায় ৫ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ  গহপুৰ  পৰা বিশ্বনাথ চাৰিআলি  অভিমুখী গৈ থকা AS 25 CC8900 ট্ৰাকৰ পৰা  বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে আৱকাৰী দলটোৱে।উল্লেখযোগ্য যে অৰুণাচলী পৰা তেজপুৰ অভিমুখে এই ট্ৰাক খনত এই অবৈধ অৰুণাচলী সুৰা সমুহ সৰবৰাহ কৰা তথ্য লাভ কৰিছিল আৱকাৰী বিভাগে এই তথ্য ভিত্তিত অভিযান চলাই সুৰা সমূহ জব্দ কৰিবলৈ সক্ষম হয়।এই ট্ৰাক বিশ্বনাথ চাৰিআলি প্ৰতাপগড় চাহ বাগিচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এৰি পলায়ন কৰা ফলত চালক জনক আটক কৰিবলৈ সক্ষম নহ’ল আৱকাৰীয়ে। ইফালে জব্দ কৰা ট্ৰাক খনৰ পৰা বিভিন্ন বেণ্ডৰ ২৫০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে ।অভিযানৰ সময়ত উপস্থিত থাকে  বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা, বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰা ।

বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ৩৮তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

নলবাৰী জিলাৰ উল্লেখযোগ্য ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱে আজি ৩৮ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰেে৷তদুপলক্ষে পূৱা সাতবজাত বৰখালাস্থিত ক্লাৱ প্ৰাংগনৰ পৰা এটি সামুহিক দৌৰ অনুষ্ঠিত কৰে৷সামুহিক দৌৰত অঞ্চলৰ শতাধিক ক্ৰীড়ানুৰাগীয়ে অংশগ্ৰহণ কৰে৷উক্ত সামুহিক দৌৰৰ দলটিয়ে অঞ্চলটো পৰিভ্ৰমণ কৰাৰ অন্তত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মিলিত হয়৷তাতে ক্লাৱৰ সভাপতি ডা°অৰুন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ক্ৰীড়া সংগঠক তথা অৱসৰপ্ৰাপ্ত শাৰিৰীক নিৰ্দেশক ৰবীন শৰ্মাই সভাৰ উদ্দেশ্য তথা অভিৰুচি ক্ৰীড়া দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰা সভাখনত পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মা,ক্লাৱৰ কাৰ্য্যকৰী সভাপতি হৰকুমাৰ ডেকা,শাৰিৰীক নিৰ্দেশক অতুল কলিতাই ক্ৰীড়াৰ ক্ষেত্ৰত বিতং ব্যাখ্যা আগবঢ়াই৷আনহাতে অনুষ্ঠানত ক্লাৱৰ সম্পাদক দিলীপ ভট্ট,উপসভাপতি তবিৱৰ ৰহমান,সদস্য দীনেশ চন্দ্ৰ দাস,সমাজকৰ্মী ৰজত চন্দ্ৰ শৰ্মা,শাৰিৰীক নিৰ্দশক দীপক মালাকৰ,সুৰেন্দ্ৰনাথ তালুকদাৰকে ধৰি ক্লাৱৰ লগত জৰিত প্ৰায়বোৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷

জনজাতি কৰণৰ দাবীত নাজিৰাত ‘টাইপা’ৰ অৱস্থান ধৰ্মঘট

টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে দুটাকৈ লোকসভা আৰু অসম বিধান সভা নিৰ্বাচনত ভোট নিজৰ পক্ষলৈ নিবলৈ সক্ষম হোৱা বি জে পি দল আৰু চৰকাৰৰ চৰম প্ৰতাৰণাত ক্ষুদ্ধ টাই আহোম জনগোষ্ঠীৰ শক্তিশালী যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ , অসম চমুকৈ টাইপাই সমগ্ৰ অসম জুৰি আহ্বান কৰা কাৰ্যসূচীৰ অংশ স্বৰূপে আজি নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাট্য মন্দিৰৰ সন্মূখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৱে টাই আহোম সকলক শীৰ্ঘ্ৰে ভৈয়াম অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰা , টাই আহোম স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা , আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বেদখলমুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা , ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা শিৱসাগৰ ” আকণিক চাইট ” ৰ বাবে নিৰ্ধাৰিত ৫০০ কোটি টকা মুকলি কৰি শীৰ্ঘ্ৰে আচনি খনৰ কাম আৰম্ভ কৰা , অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বাজেট ঘোষণাত সন্নিবিষ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত ১২৫ কোটি টকা মুকলি কৰাৰ লগতে অতিৰিক্ত ৫০০ কোটি টকা পেকেজৰ ঘোষণাৰ দাবীত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা অহা শতাধিক যুৱক , মহিলাই ” টাই আহোম সকলক শীৰ্ঘ্ৰে জনজাতি কৰণ কৰা , আছে হেংদাং লোৱা নাই – ল’লে হেংদাং ৰক্ষা নাই , কেন্দ্ৰীয় চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোদী মুৰ্দাবাদ , অসম চৰকাৰ হায় হায় ” আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দিগন্ত তামুলী , সাংস্কৃতিক সম্পাদক অৰুণ ৰাজকোঁৱৰ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । ইয়াৰ অন্তত সংগঠনটোৰ নাজিৰা মহকুমা সমিতিৰ সভাপতি দিলীপ গগৈ , কাৰ্যকৰী সভাপতি সীমান্ত গগৈ , যুটীয়া সম্পাদক অসীম ৰঞ্জন বুঢ়াগোহাঁই , ৰিদীপ গগৈৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে । 

চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱা নিযুক্তিকৰণৰ দাবীত লাচিত সেনাৰ অৱস্থান ধৰ্মঘট

দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি ) ৰ অসম সম্পদ , অইল ইণ্ডিয়া লিমিটেডকে ধৰি সকলো চৰকাৰী – বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাক এশ শতাংশ নিযুক্তি প্ৰদান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়টো শাসনাধিস্থ চৰকাৰে নাজিৰাবাসীক খোৱা পানীৰ পৰা বঞ্চিত কৰি ৰাজনৈতিক বৈষম্যতাৰে সোণাৰীলৈ স্থানান্তৰ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নাজিৰাৰ জনগণৰ লগতে ” বীৰ লাচিত সেনা , অসম ” ৰ নাজিৰা মহকুমা সমিতি । আজি সংগঠনটোৰ শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বীৰ লাচিত সেনা , অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা , শিৱসাগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অংকুৰ গগৈ , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনুপম সন্দিকৈ , নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া , সহকাৰী সম্পাদকদ্বয় উজ্জ্বল গগৈ , কৃষ্ণ কান্ত কোৱৰ আদিকে ধৰি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মাজতে চৰকাৰ কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

কাৰ্যসূচীৰ অন্তত অ’ এন জি চি অসম সম্পদ , অইল আৰু সকলো চৰকাৰী – বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাক এশ শতাংশ নিযুক্তি প্ৰদান কৰা , নাজিৰা বিধান সভা সমষ্টিৰ জনগণক কৰা বৈষম্যমূলক আচৰণ আৰু দলীয় ৰাজনৈতিক কাৰচাজী পৰিহাৰ কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টো নাজিৰাৰ পৰা সোণাৰীলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ দাবী জনাই বীৰ লাচিত সেনা , অসমৰ শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা সমিতিয়ে পৃথকে পৃথকে মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতো এই দাবী কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসম তথা নাজিৰা বাসী ৰাইজৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সংগঠনটোৱে স্মাৰক পত্ৰৰ যোগে সকীয়াই দিয়ে । 

মাৰাথান দৌৰ প্ৰতিযোগিতাৰে উদ্দীপ্ত চ’ৰাৰ উদ্যোগত ৩৮ সংখ্যক অভিৰুচি দিৱস উদ্‌যাপন

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সোণৰ পদকেৰে  অৰ্জুন বঁটা বিজয়ী  ভোগেশ্বৰ বৰুৱাই প্ৰথম ব্যক্তি আৰু  জাতিৰ গৌৰৱ আছিল ; শিৱসাগৰৰ জয় সাগৰ পুখুৰীৰৰ অঞ্চলত  ৩ চেপ্তেম্বৰত  জন্ম গ্ৰহণ কৰা এই মহান খেলুৱৈ গৰাকীৰ  ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে বিগত ১৯৮৪ চনৰ পৰাই পালন কৰি  আহিছে’ এই বক্তব্য চ’ৰাৰ সভাপতি দীপক শৰ্মাৰ।বিহালী বেদেতীৰ স্বেচ্ছাসেৱি ক্ৰীড়া অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ উদ্যোগত প্ৰতি বছৰে এই দিনটোত অসম ভিত্তিত ফুট ব’ল ‘ভলী’বল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । এই বাৰ কৰোনা অতিমাহীৰৰ পৰিপ্ৰেক্ষিতত জিলা খনৰ বিভিন্ন প্ৰান্তৰ  দুই শতাধিক খেলুৱৈ ‘যুৱক -যুৱতিৰ দ্বাৰা প্ৰায় ২০ কি’ল’ কি:মি: পথ মাৰাথান দৌৰে দিবসটি পালন কৰে । দৌৰৰ শেষত প্ৰথম দ্বিতীয় আৰু তৃতীয় বিজয়ী হিচাপে ৪ গৰাকী যুৱতী আৰু ৭ জন যুৱকক আদৰণি জনাই  পুৰষ্কৃত কৰা হয়। এই অনুষ্ঠানত আতঁ ধৰে চ’ৰাৰ সভাপতি দীপক শৰ্মা ‘সম্পাদক জয়ন্ত বৰাই। এই সময় ছোৱাত শিক্ষক তথা প্ৰশিক্ষক  ৰঞ্জিত গগৈ:অবন বৰুৱা অৰু ঢ’ৰাৰ সদস্য সকলে অৎশ লয় । এই মাৰাথান দৌৰ যাত্ৰা  শুভ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ পিণ্টু গুহই : লগতে  আদৰণি জনায় জ্যেষ্ঠ ব্যক্তি ম:আলি হুচেইনক।  অভিৰুচি দিৱসৰ মুল শ্ল’গান হ’ল সুদক্ষ খেলুৱৈ  জাতিৰ গৌৰব আৰু দেশৰ সম্পদ এই মন্তব্য উদ্দীপ্ত ঢ’ৰাৰ সভাপতি দীপক শৰ্মাৰ । এই অনুষ্ঠানৰ পৰাই  অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ লগতে  হিমা দাস আৰু লভলীনা বৰগোঞাইলৈ শুভকামনা জনায় ।

লাহৰীঘাটৰ টেঙাগুৰিত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই টেঙাগুৰি কছাৰী গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুটা সৰবৰাহ কাৰীক আটক কৰে ।আটক কৰা সৰবৰাহকাৰী দুটা হল মজিবুৰ ৰহমান আৰু আমিৰ হামজা ।৭০টা ড্ৰাগছ  ভৰ্তি কন্টেইনাৰ আৰু ১৭৫০০ টকা জব্দ কৰে ।দীৰ্ঘদিন ধৰি দুয়ো  নিজ ঘৰতেই ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ।

পশ্চিম নলবাৰীৰ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ত “নেহৰু ফল মুলৰ বাগিছা”ৰ শুভ উদ্বোধন

পশ্চিম নলাবাৰীৰ  শিক্ষাখণ্ডৰ  অধীনৰ ঐতিহ্যমণ্ডিত   আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ৰ উল্লেখনীয় পদক্ষেপক সর্বস্তৰ ৰাইজে প্রসংশা কৰে ৷যিখন বিদ্যালয়ত ছাত্র ছাত্রীৰ ,মাতৃগোটৰ ,পৰিচালনা সমিতিৰ সহযোগত কৰা পাচলিৰে ছাত্র ছাত্রীয়ে মধ্যাহ্ন ভোজনত পুষ্টিকৰ খাদ্য খাই তেনে এখন প্রাথমিক বিদ্যালয় হল পশ্চিম নলবাৰীৰ  কৃষি প্রধান অঞ্চলত থকা আমনি শংকৰ প্রাথমাক বিদ্যালয়ত আজি আনুষ্ঠানিকতাৰে এখন ফল মুলৰ বাগিছা উদ্বোধন কৰা হয় ৷ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ৰ ইকো ক্লাৱৰ উদ্যোগত নকৈ স্হাপিত ফলমুলৰ বাগিছা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° প্ৰমোদ হালৈয়ে ৷ এই উপলক্ষে আজি দিনৰ ১১-৩০ বজাত বিদ্যালয় ভৱনত অনুষ্ঠিত হোৱা  শুভাৰ্ভণী  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যিলয় খনৰ প্ৰধান শিক্ষক হৰিচৰণ শৰ্মাই ৷ স্হানীয় যুৱ সমাজকৰ্মী পৰমেশ্বৰ বৰ্মনে আত ধৰা সভাত উদ্বোধক ড° হালৈয়ে সকলো গছ গছনিৰ উপকাৰিতা আছে ৷ গছে জীৱনদায়িনী অক্সিজেন দি আছে বাবেই আমি জীয়াই থাকিবলৈ সক্ষম হৈছো ৷  ফলমুলৰ গছৰ কথা আৰু বেলেগ ৷ এই গছে আমাক পুষ্টিকৰ খাদ্য দিয়ে ৷ প্ৰতিখন বিদ্যালয়ত ফলমুলৰ বাগিছা থকাটো বাঞ্ছনীয় বাবেই হয়টো শিক্ষা বিভাগে বিদ্যালয় সমুহত ইকো ক্লাৱ খুলিব দি অনুদান আদিও দিছে ৷ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ে আজি যি খন “নেহৰু ফলমুলৰ বাগিছা” উদ্বোধন কৰিলে ইয়ে ছাত্ৰ ছাত্ৰীৰ মনত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি কয় ৷ সভাত স্হানীয় সমাজকৰ্মী হৰকান্ত ৰাজবংশী, মথুৰ ৰাজবংশী, ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলৰ অবসৰী প্ৰধান শিক্ষক উমেশ বৰ্মন, ২১ নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি বিকাশ বৰ্মন আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্যই তত্বগধুৰ ভাষণ প্ৰদান কৰে ৷ সভাৰ শেষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেশ্বৰ ৰাজবংশীয়ে শলাগৰ শৰাই আগবঢ়ায় ৷ সভাৰ পূৰ্বে বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰিচৰন শৰ্মা, সহকৰাী শিক্ষক তপন কুমাৰ শৰ্মা, প্ৰনৱ দাস, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি জয়দেব বৰ্মন, বৰ্তমানৰ সভাপতি, হৰেশ্বৰ ৰাজবংশী ,ইকো ক্লাৱৰ সদস্য সদস্যা সকলৰ সহযোগত ফলমুলৰ বাগিছা খনত ড° প্ৰমোদ হালৈ, নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ কাৰ্যালয় সহায়ক পৰেশ শৰ্মা, অৱসৰী প্ৰধান শিক্ষক দিলীপ শৰ্মা, উমেশ বৰ্মন, কেশৱ ডেকা, শিক্ষক সতীশ বৰ্মন, পঞ্চায়ত সভাপতি বিকাশ বৰ্মন, হৰকান্ত ৰাজবংশী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক অনিল হালৈ, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৈশ্যই একোটাকৈ বিভিন্ন লিচু, লেটুক,আম,, মধুৰিআম,নাচপতি, আমলখি ,জলফাই,কর্দ্দৈ,,আপেল আদিৰ  ফলমুলৰ গছৰ পুলি ৰোপন কৰে  ৷ কিছু বছৰ পিছত বিদ্যালয়ৰ ছাত্র ছাত্রী সকলে বিদ্যালয়ত হোৱা সকলো ফলমুলে খাই আনন্দ লাভ কৰিব বুলি একাংশ উপস্থিত ৰাইজে উল্লেখ কৰে ৷ সাংবাদিক পৰাগমণি দাস, ধীৰাজ তালুকদাৰ, তপন কুমাৰ শৰ্মা, প্ৰদীপ কুমাৰ বৰ্মনকে ধৰি বিদ্যালয়ৰ মাতৃগোটৰ সদস্যা সকল আৰু একাংশ স্হানীয় ৰাইজ উপস্থিত আছিল ৷শেষত  অনুষ্ঠানত উপস্থিত থকা প্রতি গৰাকী নিমন্ত্ৰিত অতিথি, উপস্থিত লোক সকলে বিদ্যালয়নৰ শিক্ষক সকলৰ ভূয়ষী প্রশংসা  কৰে ।