Home Blog Page 2930

গোলাঘাটত উপস্থিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী : পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে লকডাউনৰ সময় বৃদ্ধিৰ সম্ভাৱনা

গোলাঘাটত লকডাউনৰ সময় সীমা বৃদ্ধিৰ ইংগিত দিলে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। যিহেতু ৭ জুলাইৰ পৰা সম্পূৰ্ণ কন্টেইমেন্ট জ’ন ঘোষণা কৰা গোলাঘাট জিলাত হ্ৰাস পোৱা নাই ক’ভিডৰ সংক্ৰমণ। দৈনিক ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। লকডাউনৰ সময়ছোৱাত  আজি জিলা খনৰ সমগ্র পৰিস্থিতি বুজ লবলৈ উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।  উপস্থিত হৈ মন্ত্ৰী জনে  জিলা প্ৰশাসন আৰু  স্বাস্থ্য বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত  মিলিত হ’য়। আলোচনাৰ অন্তত মন্ত্ৰী জনে   সংবাদ মাধ্যমৰ আগত অতি পৰিতাপেৰে জিলাখনত বৰ্তমানৰ পৰিস্থিতিৰ বাবে উদ্ৰেক প্ৰকাশ কৰে।   লগতে  এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ  গোলাঘাট জিলা প্ৰশাসন অধিক  কঠোৰ হোৱাৰো  নিৰ্দেশ প্ৰদান কৰে। যদিহে এই সাত দিনীয়া লকডাউনত  জিলাখন নিয়ন্ত্ৰণলৈ নাহে তেন্তে পুনৰ লকডাউনৰ সময় বৃদ্ধি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও উল্লেখ কৰে মন্ত্ৰী জনে  ।  অনাগত দিনত পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে কঠোৰ লক ডাউন দিয়াৰো  সম্ভাৱনা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে। আজি এই অভিযানত মন্ত্ৰী জনৰ  লগত উপস্থিত থাকে কৃষি ও পশুপালন মন্ত্ৰী অতুল বৰা  আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।

স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনে নিৰ্মাণ কৰি দিলে বেচৰকাৰী জৰাজীৰ্ণ বিদ্যালয় গৃহ

হোজাই জিলাৰ ডবকাৰ স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনৰ সামাজিক কাম কাজে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে ।উল্লেখ্য যে ডবকা নগৰৰ পাৰ্শ্বৱৰ্তী নাহৰ গাঁওস্থিত  জ্ঞানদ্বীপ একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখন পকীৰে নিৰ্মাণ কৰি দিয়াৰ বাবে আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংস্থাটো।বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নাহৰ গাঁৱত ২০১৯ তে জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে স্হাপন কৰা হৈছিল জ্ঞানদ্বীপ একাডেমী নামৰ শিক্ষানুষ্ঠানখন।প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা শিক্ষানুষ্ঠান খনএটা জৰাজীৰ্ণ গৃহত পাঠ দান চলি আছিল। শিক্ষানুষ্ঠানখনত বৰ্তমান আঠ জনশিক্ষক শিক্ষয়ত্ৰীৰ বিপৰীতে দুশৰো অধিক ছাত্ৰ ছাত্ৰী আছে। চৰকাৰী ভাবে স্বীকৃতি নোপোৱাৰ বাবে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ থকা শিক্ষানুষ্ঠান খন এটা জৰাজীৰ্ণ গৃহতে ৰদ বৰষুণৰ মাজতে পাঠদান আগবঢ়াই আহিছে ইয়াৰ  শিক্ষক শিক্ষয়িত্ৰী সকলে।শিক্ষানুষ্ঠান খনৰ সমস্যাৰাজিৰ বিষয়ে ইয়াৰ পৰিচালনা সমিতিয়ে স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনেৰ সভাপতি মহাম্মদ আলহাজ আব্দুল জলিলৰ দৃষ্টি গোচৰ কৰাত শিক্ষানুষ্ঠানখন ফাউণ্ডেচনৰ তৰফৰ পৰা পকী কৈ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰি ইতি পূৰ্বে বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে বিদ্যালয়খনৰ  ন’টা কোঠালীৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বাকী থকা কোঠালীৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। বিদ্যালয় খনৰ চৌপাশৰ  ওৱাল নিৰ্মাণৰ লগতে শৌচাগাৰ,প্ৰশ্ৰাৱগাৰ আদিও নিৰ্মাণ কৰি দিয়া হ’ব বুলি স্বেচ্ছাসেৱী সংস্থাটোৱে জানিব দিয়ে ।এই নিৰ্মাণ কাৰ্যত প্ৰায় ১৫ লাখ টকা ব্যয় হ’ব বুলি ফাউণ্ডেচনৰ সভাপতি মহাম্মদ আলহাজ আব্দুল জলিলে সদৰী কৰিছে । শিক্ষা ক্ষেত্ৰত পিছপৰি থকা অঞ্চল সমূহত শিক্ষিতৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ডবকা নগৰৰ  মাজমজিয়াত থকা ডবকা এম ই বিদ্যালয়খনতো অনুৰূপ ভাৱে শ্ৰেণী কোঠা নিৰ্মাণ কৰি দিছে স্বেচ্ছাসেৱী সংস্থাটোৱে ।সামাজিক কামত সদায় নিজকে নিয়োজিত কৰি ৰখা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনে দৰিদ্ৰ জনগণক খাদ্য বিতৰণ, প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰাখিবলৈ গছপুলি ৰোপণ, দৰিদ্ৰক প্ৰয়োজন অনুসৰি আৰ্থিক সহায় আদিৰ দৰে ৰাজহুৱা কাম কৰি আহিছে । স্বেচ্ছাসেৱী সংস্থাটোৰ এনে সামাজিক কাম কাজক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।Attachments area

নগাঁৱৰ মাজমজিয়াতে উৎখাত আছুৰ বহিষ্কৃত নেতাৰ দেহ ব্যৱসায়ৰ ঘাটি

নগাঁও চহৰত ড্রাগ্ছৰ সমান্তৰালভাৱে অব্যাহত আছে নাৰী দেহৰ ব্যৱসায়৷ দুদিনমান পূর্বে নগাঁও চহৰৰ গাতে লাগি থকা শিয়ালমাৰীত এটা নাৰী দেহৰ ব্যৱসায়ৰ চক্র উৎখাত কৰাৰ পিছত বৃহস্পতিবাৰে দুপৰীয়া নগাঁও চহৰৰ লক্ষীনগৰত নাৰী দেহৰ ব্যৱসায়ৰ লগত জড়িত চাৰিজন লোকৰ লগতে ছয়গৰাকী যুৱতীক গ্রেপ্তাৰ কৰে৷ এই অসামাজিক কার্যকলাপৰ লগত নগাঁৱৰ এজন প্রাক্তন ছাত্রনেতাৰ নাম সাঙোৰ খাই পৰাত নগাঁৱৰ সচেতন মহল স্তম্ভিত হৈ পৰিছে৷

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক নির্দিষ্ট তথ্যৰ ভিত্তিত লক্ষীনগৰৰ এটা তিনি মহলীয়া ভৱনত অভিযান চলায়৷ অভিযানৰ সময়ত আৰক্ষীয়ে প্রাক্তন আছু নেতা মৃদুপৱন শইকীয়াৰ লগতে তেওঁৰ পিতৃ তথা ভৱনটোৰ গৰাকী মুৰুলি শইকীয়াকো গ্রেপ্তাৰ কৰিছে৷

উল্লেখ্য যে ধৃত মৃদু পৱন শইকীয়া নগাঁও আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সম্পাদক আছিল৷ অৱশ্যে কিছুদিন পূর্বে তেওঁক ছাত্র সন্থাৰ পৰা বহিস্কাৰ কৰা বুলি সদৌ নগাঁও জিলা ছাত্র সন্থাই জানিবলৈ দিয়ে৷ আৰক্ষীয়ে মুৰুলি শইকীয়া (৬১) আৰু মৃদু পৱন শইকীয়া (২৪)ৰ লগতে ৰূপহীহাটৰ হাতীপাৰাৰ মঃ আমৰান হুছেইন (২২), জুৰীয়া বালুচৰৰ মঃ আছাদুল ইছলাম (২১), শিয়ালমাৰী, জাজৰি হীৰা গাঁও, জুৰীয়া দাস গাঁও, মৰিগাঁৱৰ নেলী, হোজাইৰ গান্ধী মৈদান, জাজৰী বগৰীগুৰিৰ এগৰাকীকৈ যুৱতীক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই ব্যৱসায়ৰ লগত জড়িতসকলৰ ভিতৰত চাৰিগৰাকী বিবাহিত মহিলাও আছে৷ আৰক্ষীয়ে চক্রটোৰ পৰা ৭১,৮৫০ টকা জব্দ কৰাৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷

নগাঁও আৰক্ষীয়ে জনোৱা মতে, ‘‘নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিৰ এই তিনি মহলীয়া ভৱনটোত কিছুদিনৰ পৰা অসামাজিক কাম–কাজৰ লগতে নাৰী দেহৰ ব্যৱসায় চলি আহিছে৷ আৰক্ষী সূত্রই জনোৱা মতে, ভৱনটোত একাংশ কলেজীয়া ছাত্র–ছাত্রী, যুৱক–যুৱতী ভাৰা লৈ আছে৷’’ এই সন্দর্ভত আৰক্ষীয়ে কয়, ‘‘আজি আমি ঘৰটোৰ মালিকসহ দহজনক গ্রেপ্তাৰ কৰিছোঁ৷ বাকীসকলৰ ক্ষেত্রতো শীঘ্রেই তদন্তৰ ব্যৱস্থা কৰা হ’ব৷’’

আৰক্ষী সূত্রই জনোৱা মতে, ভৱনটোৰ গৰাকী মুৰুলি শইকীয়াৰ জ্ঞাতসাৰেই ভৱনটোত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলিছিল৷ এনেদৰে পিতা–পুত্র নাৰী দেহৰ ব্যৱসায়ত জড়িত হোৱা ঘটনাই সভ্য সমাজক লজ্জানত কৰি তুলিছে৷ নগাঁও চহৰৰ মাজমজিয়াত এনেদৰে দেহ ব্যৱসায়ৰ ঘাটি চলি থকা কার্যই স্পষ্ট কৰিছে নগাঁৱত অসামাজিক কাম–কাজ বহু দূৰলৈকে শিপাই আছে৷

ৰাজহুৱা পৰিবহন‌ আৰু কোভিড-19 ..!

কভিড-19-ৰ দ্বাৰা ৰাজহুৱা পৰিবহন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। গতিশীলতা যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ সৈতে, বিকাশশীল চহৰবোৰৰ মটৰ চালক সকলে তেওঁলোকৰ ভৱিষ্যতৰ সাৰ্থকতাৰ বাবে কঠিন প্ৰশ্নৰ সন্মুখীন হ’ব লগীয়া হৈছে। উপযুক্ত সঁহাৰিটোৱে আকস্মিক পৰিস্থিতিৰ বাবে পৰিকল্পনা কৰিব পৰা, কিন্তু অৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াত অংশীদাৰী পৰিবহনৰ প্ৰক্ৰিয়াত উক্ত পৰিকল্পনা প্ৰশ্নৰ আঁৰত।
কভিড-19 মহামাৰী আৰম্ভ হোৱাৰ পৰা, প্ৰায় বোৰ চহৰেই ভাইৰাছৰ সংক্ৰমণ সীমিত কৰিবলৈ আৰু জৰুৰীকালীন সঁহাৰিৰ সময়ত মুখ্য কৰ্মীসকলৰ সুৰক্ষিত যাত্ৰা নিশ্চিত কৰাৰ বাবে ৰাজহুৱা পৰিবহনৰ ওপৰত বৃহৎ প্ৰতিবন্ধকতা প্ৰয়োগ কৰিব লগা হৈছে।অৱশ্যে, উন্নয়নশীল চহৰবোৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে যে বেছিভাগ ৰাজহুৱা পৰিবহন অনানুষ্ঠানিক আৰু ব্যক্তিগত মালিকানাধীন ।
চালক সকলক পৰিবহন সেৱা স্থগিত বা হ্ৰাস কৰিবলৈ বাধ্য কৰিলে, তেওঁলোকক ভালৰ বাবে ব্যৱসায়ৰ পৰা আঁতৰাই ৰাখিব লগা হ’ল। – কিন্তু কভিড-19-ৰ দৌৰাত্মৰ পিছৰ পৰ্যায়ত চালক সকলৰ বাবে পুনৰ কৰ্ম সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উৎসৰ প্ৰতি ভাবুকি অহাটো এক প্ৰকাৰ নিশ্চিত। 
সামাজিক প্ৰভাৱবোৰ নিঃসন্দেহে গুৰুত্বপূৰ্ণ। যদিও ব্যক্তিগত গাড়ীৰ প্ৰৱেশাধিকাৰ থকা সকলে অস্বাভাৱিকভাৱে শান্ত ৰাস্তা উপভোগ কৰিব পাৰে, দৰিদ্ৰ পৰিয়ালবোৰৰ বাবে যিবোৰ ভাগ-বতৰা কৰা পৰিবহনৰ ওপৰত নিৰ্ভৰ কৰে, মাহধৰি মটৰচালিত ভ্ৰমণৰ পৰা বঞ্চিত হ’লে ধ্বংসাত্মক পৰিণাম হ’ব পাৰে।যিসকল নিম্ন আয়ৰ বাসিন্দাৰ খোজ কঢ়া বা চাইকেল চলোৱাৰ বাহিৰে কোনো উপায় নাই, সেই সকলৰ ক্ষেত্ৰত কিন্তু অতিৰিক্ত কাৰফিউ আৰু বাহিৰৰ সময়সীমাৰ সৈতে, কাম আৰু সামাজিক সেৱাৰ প্ৰৱেশাধিকাৰ গুৰুতৰভাৱে বাধাগ্ৰস্ত হ’বলগীয়া হৈছে। 
  দেখিবলৈ পোৱা যায় যে ৰাজ্যত আন্তঃ জিলাৰ পৰিভ্ৰমণ বন্ধ হৈ পৰাত ব্যক্তিগত মালিকানাধীন দৰিদ্ৰ কৰ্মী সকলৰ বাবে কৰ্ম জীৱন আগবঢ়াই লোৱাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে। । ই কেৱল নিম্ন আয়ৰ পৰিয়ালবোৰক বিদ্যমান চাকৰিৰ পৰা বিচ্ছিন্ন নকৰে, লগতে তেওঁলোকৰ নতুন সুযোগৰ প্ৰৱেশাধিকাৰ সীমিত কৰে, দৰিদ্ৰ সম্প্ৰদায়ৰ মাজত অধিক নিবনুৱাৰ বিপদাশংকা লয়, আৰু ব্যক্তি আৰু চহৰ দুয়োৰে বাবে দীৰ্ঘম্যাদী অৰ্থনৈতিক ফলাফলক আঘাত কৰে। কিয়নো দেশ অথবা ৰাজ্য এখনৰ অৰ্থনীতি জনমূৰি আয়ৰ ওপৰত নিৰ্ভৰ কৰে।
বহুতো দেশৰ বাবে, নাগৰিকসকলে ভ্ৰমণ কৰিব নোৱাৰিলে জীৱিকা সংৰক্ষণৰ বাবে সামাজিক সমৰ্থন আৰু ঘৰৰ পৰা কাম কৰা আঁচনিবোৰ এক গুৰুত্বপূৰ্ণ জীৱন-ৰেখা হৈ আহিছে। কিন্তু উন্নয়নশীল দেশৰ প্ৰেক্ষাপটত এনে কাৰ্যসূচী অত্যন্ত প্ৰত্যাহ্বানজনক। 
কেইবা দশকৰ গৱেষণাই দেখুৱাইছে যে চহৰসমূহৰ বৃহৎ পৰিমাণৰ অৰ্থনৈতিক বিকাশৰ বাবে উন্নত গতিশীলতাই হৈছে মূল চাবিকাঠি। 
অৰ্থনৈতিক প্ৰমাণে দেখুৱায় যে অভিগম্যতা হ্ৰাস কৰিলে নিবনুৱা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, সুযোগৰ প্ৰৱেশাধিকাৰ দুৰ্বল হৈ পৰে, আৰু সামগ্ৰিক নগৰীয় উৎপাদনশীলতা ক্ষতিগ্ৰস্ত হ’ব পাৰে। সেয়েহে চৰকাৰে এক অতি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে: তেওঁলোকে ৰাজহুৱা পৰিবহনৰ অস্তিত্ব সুৰক্ষিত কৰাৰ লগতে কভিড-19-ৰ সময়ত সুৰক্ষিত গতিশীলতা নিশ্চিত কৰিব পৰাটোৱে সাম্প্ৰতিক সময়ৰ এক প্ৰত্যাহ্বান।

নতুন ৰাজহ চক্ৰ বিষয়াক পাথৰিঘাটৰ দল সংগঠনৰ আদৰণি

পশ্চিম দৰঙৰ  পাথৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে দৰদী দেৱ ৰয়ে সোমবাৰে   কৰ্তব্যত  যোগদান কৰে। যোগদানৰ দিনটোতেই পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যালয় টোৰ  মণ্ডল  কৰ্মচাৰী সকলে বিষয়া গৰাকীৰ লগত  চা চিনাকি  হোৱাৰ উপৰিও    বিষয়া গৰাকীক  মণ্ডল কৰ্মচাৰী   সকলে  জাতীয় জীৱনৰ  চানেকি ফুলাম গামোচাৰে আদৰণি জনায় । 
 ইয়াৰ উপৰিও  বিষয়া গৰাকীক   মঙলবাৰে  বৃহত্তৰ  পথৰুঘাট অঞ্চলৰ  কেবাটাও দল সংগঠনে  পাথৰিঘাটলৈ স্বাগতম জনায়। বিষয়া গৰাকী নতুনকৈ আহি কৰ্তব্যত যোগদান কৰি যাতে কাম কৰাৰ উৎসাহ পায় সেই  উদ্দেশ্য  পথৰুঘাট  শাখা সাহিত্য সভাৰ সভাপতি  মানিক চন্দ্ৰ ডেকা, উপ সভাপতি  তথা  পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়া  শিক্ষক চাহাবুদ্দিন আহমেদ  কেওট উন্নয়ন পৰিষদৰ সদস্য পবিত্ৰ প্ৰান ডেকা, ,  সামাজিক অনুষ্ঠান দ্বীগজ ঐক্য মঞ্চ, পথৰুঘাটৰ  সভাপতি কণ আলি হাজৰিকা,মঞ্চৰ  সাংগঠনিক সম্পাদক চতীশ ডেকা  সদস্য প্ৰাঞ্জল  শইকীয়া, প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, আৰু  পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল  মিলন সংঘৰ  সমাপাদক হাৰুনাৰ ৰচিদ সহ যৌথ প্ৰতিনিধি দল এটাই  বিষয়া গৰাকী ক ফুলাম  গামোছা  গ্ৰন্থৰ টোপোলাৰে  আদৰণি জনায়  । প্ৰতিনিধি দলটোৱে  পাথৰিঘাট অঞ্চলৰ  সামাজিক ক্ষেত্ৰখনৰ উন্নয়ন ৰ কাৰণে  অনাগত দিন বোৰত  বিষয়া গৰাকীক  সহায় কৰি যাব  বুলি মত  ব্যক্ত   কৰে  চক্ৰ বিষয়া দৰদী  দেব ৰয়ে  ইতিহাস প্ৰসিদ্ধ পথৰুঘাটত কৰ্মৰত হৈ শ্বহীদ ৰ সমাধিত স্ব চকুৰে দেখিবলৈ পাই গৌৰাম্বিত  বুলি  ব্যক্ত কৰে । তেওঁৰ কাৰ্য কালৰ সময়চোৱাত  সকলো সচেতন ৰাইজৰ পৰা  সহায় সহযোগিতা কামনা কৰে  ।
মঃইন্দাদুল হক, ছিপাঝাৰ।

মৰিগাঁওত মন্ত্রী চন্দ্র মোহন পাটোৱাৰী

 অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য, সংখ্যালঘু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে  যোৱা কালি দিনৰ ২.০০ বজাত মৰিগাঁও জিলা সদৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত সভাত জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে | সভাত জিলা খনত চলি থকা ক’ভিডটিকাকৰণ কাৰ্যসূচী, মজুত অক্সিজেনৰ পৰিমাণ, ১৯ খন  আই. চি. ইউ বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মানৰ কাম আদি বিভিন্ন দিশ পৰ্য্যালোচনা কৰে লগতে তাৎখনিকভাবে জিলাখনৰ বাবে ১০ খন এম্বুলেঞ্চ ভাড়ালৈ লবলৈ আৰু অত্যাৱশ্যকীয় ঔষধ আদি স্থানীয়ভাবে ক্ৰয় কৰিবলৈ জিলা উপায়ুক্তক নিদেৰ্শ দিয়ে | লগতে আগন্তুক হব পৰা সাম্ভাব্য বানপানী প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ পৰা নদীৰ মথাউৰি আৰু গড়াখহনীয়াৰ তথ্য গ্ৰহণ কৰাৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান বিভাগক খাদ্য সামগ্ৰী আৰু গৰুৰ বাবে চাউল, চিৰাৰ গুৰি মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে | লগতে মন্ত্ৰী গৰাকীয়ে জিলা খনলৈ পৰ্য্যাপ্ত পৰিমাণে ক’ভিডভেকচিন প্ৰদানৰো আশ্বাস দিয়ে | আজিৰ সভাত বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত সীমা ৰেখা ভূঞা, জিলা আৰক্ষী অধীক্ষক এ. নটৰাজন, জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে |

কোভিডৰ সাম্ভাৱ্য তৃতীয় ঢৌ আৰু অক্সিজেনৰ উৎপাদন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক

দেশত অক্সিজেনৰ উৎপাদন বৃদ্ধি আৰু উপলব্ধতা সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীৰ অধ্যক্ষতাত শুকুৰবাৰে দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হয় এই বৈঠক। দেশৰ শেহতীয়া কোভিড পৰিস্থিতি, কোভিডৰ সাম্ভাৱ্য তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিব পৰাকৈ দেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে এই বৈঠকত। ক’ৰোনাৰ সাম্ভাৱ্য তৃতীয় লহৰৰ বিৰুদ্ধে যুঁজিবলৈ ইতিমধ্যেই সাজু হৈছে সমগ্ৰ দেশ। ৰাজ্যসমূহৰ সহযোগত শেহতীয়াকৈ কেন্দ্ৰই আৱণ্টন দিছে কোভিড জৰুৰীকালীন পেকেজ। ২৩,২২০ কোটি টকাৰ এই আঁচনিৰ জৰিয়তে বিশেষভাৱে শিশুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। আঁচনিখনৰ আৱণ্টিত মুঠ টকাৰ ১৫০০০ কোটি কেন্দ্ৰৰ তৰফৰ পৰা আৰু বাকী ৮০০০ কোটি টকা ৰাজ্যচৰকাৰসমূহে প্ৰদান কৰিব। ইয়াৰ দ্বাৰা প্ৰতিখন জিলা চিকিৎসালয়ত ১০ হাজাৰ লিটাৰ অক্সিজেন ষ্ট’ৰেজৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যচৰকাৰসমূহে। ইয়াৰ উপৰি অতিৰিক্ত কোভিড হাস্পতাল নিৰ্মাণ কৰা হ’ব প্ৰতিখন জিলাত। এই আঁচনিত আৱণ্টিত ধনৰাশি আগন্তুক বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বে খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। উল্লেখ্য, কোভিড সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ বৈঠকত।

কৌশল সলনি কৰিছে গাঞ্জা ব্যৱসায়ীয়ে

প্ৰশাসনে এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্যে গাঞ্জা, ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে  তীব্ৰ অভিযান আৰম্ভ কৰিছে । সেই উদ্দেশ্যেই জিলা আৰু স্থায়ী প্ৰশাসনে গাঁৱে ভূঞে  ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহ কাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই  বহু পৰিমাণে সফল হোবা পৰিলক্ষিত হৈছে । আৰু  এই ব্যৱসায়ীৰ সৈতে জড়িত থকা একাংশ লোকে এতিয়া  মূল সুঁতিলৈ ঘুৰি অহা বুলিও জানিব পৰা গৈছে । কিন্তু অসম অৰুনাচল সীমান্তৱৰ্তী  ওদালগুৰি জিলাৰ মাজবাট ,ওৰাং আৰু ৰৌতাৰ গাঞ্জা ব্যৱসায়ী সকলে কৌশল সলনি কৰি খুচুৰা হিচাপত গাঞ্জা  বিক্ৰী কৰি  পুনৰ ৰমৰমীয়া বেহা চলোৱাৰ তথ্য সম্প্ৰতি  পোহৰলৈ আহিছে । উল্লেখ যোগ্য যে মাজবাট, ওৰাং আৰু ৰৌতা স্থায়ী প্ৰশাসনে গাঞ্জা সৰবৰাহ কাৰীৰ বিৰুদ্ধে  তীব্ৰতৰ অভিযান আৰম্ভ কৰাত ব্যবসায়ী সকলে দিকবিদিক হেৰুৱাই পেলাইছে যদিও  প্ৰশাসনৰ চকুত ধুলি দি পাইকাৰী হিচাপত নহয  খুচুৰা হিচাপত এতিযা মাজবাট ,ওৰাং আৰু ৰৌতাত গাঞ্জা  বিক্ৰী হোবাৰ খবৰ পোৱা গৈছে । এক নিৰ্ভৰযোগ্য সুত্ৰে জানিব পৰা মতে ভিন্ন অঞ্চলত এতিয় সৰু সৰু পলিথিনত পেকেট কৰি গাঞ্জা বিক্ৰী কৰা হৈছে ।আৰু এই পলিথিনত এক চিলিম গাঞ্জা থকাৰ বিপৰিতে ইয়াৰ মূল্য ২০ পৰা ৩০ টকা বুলি জানিব পৰা গৈছে ।চতুৰ গাঞ্জা ব্যৱসায়ী সকলে  মাজবাট, ওৰাং আৰু ৰৌতা আৰক্ষী থানাৰ বিভিন্ন এলেকাত খুচুৰা গাঞ্জা বিক্ৰীৰ  চদ্মবেসী এজেণ্ট নিয়োগ কৰি  অতি কৌশল পূৰ্ণভাৱে গাঞ্জা ব্যৱসায় অব্যাহত ৰাখিছে।যদিও পূৰ্বৰ দৰে চাৰিচকীয়া বিলাসী বাহনত বাহিৰলৈ গাঞ্জা সৰবৰাহ কৰিব পৰা নাই । কিন্তু অসম অৰুনচল সীমান্তৱৰ্তী এলেকাৰ পৰা অহৰহ গাঞ্জা সৰবৰাহ হৈ থকাৰ কথা জানিব পৰা গৈছে ।কিয়নো যোৱা পষেকটোত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে  কেইবাঠাইতো গাঞ্জা উদ্ধাৰ কৰাৰ লগতে গাঞ্জা সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হোবা বিষয়টোৱে পতিযমান কৰিছে যে বৰ্তমানেও মাজবাট অঞ্চলত গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়ী চলি আছে । গতিকে   জিলা তথা স্থানীয প্ৰশাসনে সন্দেহ যুক্ত এলেকাত অভিযান আৰম্ভ কৰি গাঞ্জা, ড্ৰাগছ, নিচাজাতীয় ব্যবসায়ীৰ সৈতে জড়িত থকা লোক সকলক আটক নকৰিলে উঠি অহা  যুব প্ৰজন্ম অৰ্থবা সমাজ খনক ড্ৰাগছ মুক্ত, গাঞ্জা মুক্ত কৰাটো সহজ নহব । সেয়েহে সময় থাকোতেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক টানি অনুৰোধ জনাইছে মাজবাটবাসী ৰাইজে ।

চিৰাঙত দিশহাৰা বাছ চালক-কন্ডাক্টৰ-হ্যান্ডিমেন

ক’ভিড-19ৰ দ্বাৰা ৰাজহুৱা পৰিবহন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আন্তঃ জিলাৰ গতিশীলতা সম্পূৰ্ণভাৱে বন্ধ হোৱাৰ ফলত ৰাজ্যৰ চহৰবোৰৰ মটৰ চালক সকলে তেওঁলোকৰ ভৱিষ্যতৰ সাৰ্থকতাৰ বাবে কঠিন প্ৰশ্নৰ সন্মুখীন হ’ব লগীয়া হৈছে। তাৰেই প্ৰতিৰূপ দেখিবলৈ পোৱা গৈছে চিৰাঙৰ বাসুগাঁৱত। কভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পৰা হাত সাৰিবলৈ আন্তঃ জিলা যাতায়ত ব্যৱস্থা বন্ধ হৈ যোৱাৰ পিছত ক্ৰমশঃ জীৱিকাহীন হৈ পৰিছে বাছ চালক সহ কন্ডাক্টৰ-হ্যান্ডিমেন সকল। উপাৰ্জন সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰাত গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। কৰ্ম সংস্থানহীন হোৱা এই দীৰ্ঘ সময়ছোৱাত বিকল্প কোনো কৰ্ম সংযোগ সম্ভৱপৰ হৈ নুঠাত ল’ৰা-ছোৱালীৰ শিক্ষাকে আদি কৰি পৰিয়ালটোৰ পোহপাল দিয়াৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ হৈ উঠাত ক্ৰমাৎ দিশহাৰা হৈ পৰিছে এই বাছ কৰ্মীসকল। এই ক্ষেত্ৰত বাসুগাঁৱৰ ৰাজহুৱা বাছ সন্থাৰ সম্পাদক দীপক সাহা আৰু সন্থাৰ সক্ৰিয় সদস্য খোকন কৰ্মকাৰে কয় যে দীৰ্ঘ সময় ধৰি বাছ‌ পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত বাছৰ মালিক সকলৰো উপাৰ্জনো প্ৰায় নাইকীয়া হৈছে।ফলত এনে সংকটৰ সময়ত বাছ কৰ্মী সকললৈ আৰ্থিক সহায় সম্ভৱপৰ হৈ নুঠাত মালিক সন্থাই দুখ প্ৰকাশ কৰিছে আৰু লগতে এই ক্ষেত্ৰত সমূহ বাছ চালক-কন্ডাক্টৰ-হ্যান্ডিমেন সকলোলৈ সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰলৈ শৰণাপন্ন হৈছে।

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা অসুস্থ : আছুৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত তথা একশৰণ হৰিনাম ধৰ্মৰ ধ্বজাবাহক বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি  হৰেকৃষ্ণ মহন্ত আতা কিছুদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ আছে ।
মহান পুৰুষজনাৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদেশ্যে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ:সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে বৰঙ্গাজুলি সত্ৰত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰি আশু-আৰোগ্য  কামনা কৰি পৰমপিতা পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনাই। 
ভকত শিৰোমণি হৰকৃষ্ণ মহন্ত আতা দেৱৰ উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ওদালগুৰি জিলাৰ উপায়ুক্ত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (হস্পিটেল)ত যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে বুলি আছুৰ উপ: সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়ে।মহান পুৰুষ জনাৰ সুচিকিৎসাৰ বাবে সকলো ব্যৱস্থা তৎকালীন ভাবে গ্ৰহন কৰিবলৈ ছাত্ৰ সন্থা আৰু ভক্তপ্ৰাণ ৰাইজে অসম চৰকাৰক অনুৰোধ জনাইছে।