Home Blog Page 2936

বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ দিলীপ কুমাৰৰ। পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে যশস্বী অভিনেতাগৰাকীৰ।

‘ট্ৰেজেডী কিং’ ৰূপে পৰিচিত প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে শোক প্ৰকাশ কৰি কয়, “তেওঁক চলচ্চিত্ৰৰ কিংবদন্তী হিচাপে স্মৰণ কৰা হ’ব। তেওঁৰ অভিনয়ৰ বাবে প্ৰজন্মজুৰি দৰ্শকসকল আকৰ্ষিত হৈ আহিছিল। তেওঁৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।”

ৰাজ্যৰ পেচেঞ্জাৰ ট্ৰেইনসমূহ অচিৰেই চলাচল কৰোৱাৰ বাবে উদ্যোগ গ্ৰহণ সাংসদ ভূৱনেশ্বৰ কলিতাৰ

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমত আন্তঃজিলা পৰিবহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলে নিজ নিজ কৰ্তব্যস্থানত উপস্থিত হ’বলৈ এখন জিলাৰ পৰা আনখন জিলালৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন  হৈ আহিছে । একাংশ লোকৰ যাতাযয়তৰ প্ৰধান আহিলা এই স্থানীয় পেচেঞ্জাৰ ট্ৰেইন সমূহ ।যিহেতু অসমত ৰে’লৰ যোগেদি এক বৃহত্তৰ পৰিসৰৰ ৰাইজে দৈনিক অহাযোৱা কৰে এই ট্ৰেইন সমূহেৰে । বৰ্তমান সময়ত পেচেঞ্জাৰ ট্ৰেইন সমূহৰ ভিতৰত কেৱলমাত্ৰ নিউবঙাইগাঁওৰ পৰা গুৱাহাটীলৈ চলা মানস ৰাইনো পেচেঞ্জাৰ ট্ৰেইন খনৰ বাহিৰে অন্য ট্ৰেইন সমূহৰ চলাচল বন্ধ হৈ আছে । অসমৰ ৰাইজৰ সুবিধাৰ্থে অন্য পেচেঞ্জাৰ ট্ৰেইন সমূহ অচিৰেই পুণৰ চলাচলৰ ব্যৱস্থা কৰিবৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুষ গোৱেলক ৪ জুন ২০২১ তাৰিখে আহ্বান জনাই ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই । সাংসদ কলিতাৰ এই আহ্বানক ৰেলমন্ত্ৰীগৰাকীয়ে  গুৰুত্ব সহকাৰে গ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চল সীমান্ত ৰেল বিভাগক এই সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।ইয়াৰ পিছতেই মঙ্গলবাৰে ৰাতিপুৱা উত্তৰ-পূব সীমান্ত ৰেল বিভাগৰ মুখ্যকাৰ্যলয়ৰ তৰফৰ পৰা সবিশেষ বিচাৰি সাংসদ ভূৱনেশ্বৰ কলিতাৰ সৈতে যোগাযোগ কৰে আৰু কলিতাই”নিউবঙাইগাঁও-ৰঙিয়া-গুৱাহাটী” মুখ্য পথৰ ট্ৰেইন সমূহ ক্ৰমে১) ১৫৭৬৯ নং আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ ।২) ৫৫৭৫৩ নং আলিপুৰদুৱাৰ-গুৱাহাটী পেচেঞ্জাৰ ।৩) ১৫৭৬১ নং আলিপুৰদুৱাৰ-কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ ।৪) ৫৫৮১০ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ ।৫) ৫৫৮১৮ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ ।                       “ৰঙাপাৰা-ৰঙিয়া-গুৱাহাটী” পথৰ ট্ৰেইন সমূহ -১) ৫৫৮৯৪ নং ৰঙাপাৰা ৰঙিয়া পেচেঞ্জাৰ ।২) ১৫৮১৬ নং ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ।৩) ৫৫৮৬২ নং ডেকাৰগাঁও-ৰঙিয়া পেচেঞ্জাৰ ।৪) ৫৫৮৯৬ নং মুৰ্কংচেলেং-ৰঙিয়া পেচেঞ্জাৰ এই ট্ৰেইন সমূহ পুণৰ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰোৱাৰ বাবে আহ্বান জনাই । জানিবপৰামতে অতি কমদিনৰ ভিতৰত এই ট্ৰেইন সমূহ নিৰ্ধাৰিত স্থানৰ পৰি চলাচল কৰিব।ৰাইজে দীৰ্ঘদিন ধৰি ভূগি থকা যাতায়াতৰ এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা কেন্দ্ৰীয় ৰেলমন্ত্ৰী পিয়ুষ গোৱেলৰ লগতে উক্ত সমস্যাটো সাংসদ কলিতাৰ দৃষ্টিগোচৰ কৰোৱা সদৌ অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে সাংসদ গৰাকীয়ে ।

ধিঙত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান ।

👉 ধিঙত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান ।

👉 নগাওঁ জিলাৰ DSP দিপ্তী মালীৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ধিঙৰ ৰজাবাৰীৰ আব্দুল ৰহিমৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ৩০ টাকৈ চোৰাং গৰু।

👉 আৰক্ষী অহাৰ উমান পায় ঘৰৰ পৰা পলায়ন কৰে চোৰাং গৰু বেপাৰী আব্দুল ৰহিম।

👉 ইতিমধ্যে গৰুখিনি ট্ৰাকেৰে নগাঁৱলৈ যায় আৰক্ষীৰ দলটোৱে।

👉 DSP মালীৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোক সহযোগ কৰে বটদ্ৰৱা আৰক্ষীয়ে।

👉 উল্লেখ্য যে , আব্দূল ৰহিম বহুদিনৰ পৰা চোৰাং গৰু ব্যৱসায়ৰ লগত থকাৰ অভিযোগ আছিল।

নিবন্ধকাৰ গোপাল জালানৰ শেহতীয়া গ্ৰন্থ ‘সত্যানুসন্ধান’ উন্মোচন

আজি ‘সাদিন’ৰ সম্পাদনা কক্ষত ‘বাৰ্তাপখিলী’ৰ কাৰ্যবাহী সম্পাদক, সাংস্কৃতিক কৰ্মী তথা নিবন্ধকাৰ গোপাল জালানৰ শেহতীয়া গ্ৰন্থ ‘সত্যানুসন্ধান’ উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক-গল্পকাৰ তথা ‘সাদিন’ৰ সম্পাদক অনুৰাধা শৰ্মা পূৰ্জাৰীয়ে৷ উন্মোচক শৰ্মা পূজাৰীক ‘বিশাল প্ৰকাশন’ৰ স্বত্বাধিকাৰী ব্ৰজেন্দ্ৰনাথ ডেকাই ফুলাম গামোচা আৰু ‘বাৰ্তাপখিলী’ আলোচনীৰে আদৰণি জনায়৷ ক’ৰোনাসৃষ্ট পৰিৱেশৰ কাৰণে সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা উন্মোচনী সভাত প্ৰকাশক তথা ‘বাৰ্তাপখিলী’ আলোচনীৰ সম্পাদক ব্ৰজেন্দ্ৰনাথ ডেকা আৰু ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শ্বামীম ৰহমানো উপস্থিত থাকে৷ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিজৰ বক্তব্যত এনেদৰে কয়– ‘নিৰৱচ্ছিন্নভাৱে দীৰ্ঘদিন ধৰি গোপাল জালানে অসমৰ সমাজ, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদি সাময়িক বিষয়ত আলোকপাত কৰি আহিছে৷ জালানৰ গ্ৰন্থৰ এয়া এক উল্লেখনীয় বৈশিষ্ট্য৷’ জালানৰ প্ৰতিখন গ্ৰন্থৰ প্ৰকাশক ব্ৰজেন্দ্ৰ নাথ ডেকাই বৰ্তমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখন ইণ্টাৰনেটতো উপলব্ধ হোৱাৰ কথা উল্লেখ কৰে৷ gopaljalan.comত জালানৰ প্ৰতিখন গ্ৰন্থখন পঢ়িব পাৰিব৷

নগাঁৱৰ সদৰ সমষ্টিৰ কেইবাটাও অঞ্চলত’সমুহীয়া কঠীয়াতলী আঁচনি’ৰ বীজ ৰোপনৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

কোভিড সৃষ্ট জটিল পৰিস্হিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে । বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হলেও বৰ্তমান সময়ত শালি ধানৰ খেতিত  কৃষক সকলে মনোনিবেশ কৰিছে। আনহাতে বানপীড়িত অঞ্চলত শস্য ভূমি নষ্ট হোৱাৰ পাচত অসহায় হৈ পৰা কৃষকৰ বাবে অতীব  প্ৰয়োজন হৈ পৰে ধানৰ কঠীয়া। সেয়ে  বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ লগতে আন কৃষক সকলক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে ‘সমুহীয়া কঠীয়াতলী আঁচনি’ নামেৰে এক আঁচনি গ্ৰহণ কৰিছে। উক্ত আঁচনিৰ অধীনত আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ দেউৰী গাঁৱৰ পথাৰৰ লগতে শুকতপুতা পথাৰত জিলা কৃষি বিভাগৰ উদ্যোগত মুঠ ৪৩ বিঘা কৃষি ভূমিত সমুহীয়াকৈ  ‘বাহাদুৰ চাহ’ ধানৰ বীজ সিঁচা হয়। এই ‘সমুহীয়া কঠীয়াতলী আঁচনি’ৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। আঁচনিখন শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই কয় যে কৃষকসকলে আমাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি আহিছে । কৃষকসকলে অশেষ শ্ৰম কৰি  শস্য উৎপাদন কৰে। সেয়ে কৃষকসকলক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়োৱাতো আমাৰ কৰ্ত্তব্য। আনহাতে ‘সমুহীয়া কঠীয়াতলী আঁচনি’ৰ জৰিয়তে বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ লগতে আন কৃষক সকল উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে । ধানৰ বীজ সিঁচা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত নগাঁও জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী,   জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দিলীপ বৰা, কৃষি উন্নয়ন বিষয়া মানস প্ৰতীম দাস,হৰিনাৰায়ণ গোস্বামী, পাখিমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি নিকুল শৰ্মা, তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰ দাস প্ৰমুখ্যে কৃষি বিভাগৰ বিভিন্ন বিষয়া ,কৰ্মীসকল উপস্থিত থাকে।

নগাঁৱৰ কলং নৈত জপিয়াই কিশোৰৰ আত্মহত্যা

নগাঁও চহৰৰ কলং নৈৰ ওপৰত থকা আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ পৰা আজি পুৱা প্ৰায় ৮ বজাত এগৰাকী ১৫ বছৰীয়া কিশোৰে পানীত জপিয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা যুৱকজন নগাঁও চহৰৰ তেলীয়াপট্টিৰ ৰনি সিং বুলি জানিব পৰা গৈছে। একাংশ লোকে কিশোৰ জনে দলঙৰ পৰা পানীত জাপ দিয়া কাৰ্য প্রত্যক্ষ কৰি নগাঁও আৰক্ষীক খবৰ দিয়ে। পাছত নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ  এছ ডি আৰ এফৰ সহযোগত কিশোৰ জনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কি কাৰণত কিশোৰ জনে আত্মহত্যাৰ দৰে চৰম পথ বাছি ললে সেই কথা জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে কিশোৰ জন আজি নিচেই পুৱাই ঘৰৰ পৰা সন্ধানহীন হৈছিল বুলি জানিবলৈ দিয়ে।

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, গুৱাহাটী মহানগৰীলৈ ভাবুকি !

বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ ক্ৰমশ বৰ্ধমান পানীয়ে বিপদসীমা চুইছেগৈ। উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ। কেন্দ্ৰীয় জল আয়োগে সদৰি কৰা মতে, প্ৰতিদিনেই ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১০ৰ পৰা ২০ ইঞ্চি পৰ্যন্ত বৃদ্ধি পাইছে। ৰাজ্যৰ লগতে অৰুণাচলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলতেই দিনক দিনে বৃদ্ধি পাইছে মহাবাহুৰ জলধাৰা।

গুৱাহাটী–যোৰহাট টাউন জনশতাব্দী বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ–পূব সীমান্ত ৰে’লৱেই অহা ১২ জুলাইৰ পৰা পৰৱর্তী নির্দেশ নিদিয়ালৈ গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত এখন বিশেষ জনশতাব্দী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰে’লযাত্রীসকলৰ সুবিধার্থে দেওবাৰটোৰ বাহিৰে সপ্তাহৰ ছয়দিন ৰে’লখন গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত চালচল কৰিব৷

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই এই সন্দর্ভত এক বিবৃতিযোগে জানিবলৈ দিয়া মতে ১২০৬৭ গুৱাহাটী–যোৰহাট টাউন জনশতাব্দী বিশেষ ৰে’লখনে গুৱাহাটীৰ পৰা দৈনিক পুৱা ৬.১০ বজাত যাত্রা আৰম্ভ কৰি একেদিনাই দিনৰ এক বজাত যোৰহাট টাউনত উপস্থিত হ’ব৷

আনহাতে ১২০৬৮ যোৰহাট টাউন – গুৱাহাটী জনশতাব্দী বিশেষ ৰে’লখনে যোৰহাট টাউনৰ পৰা দিনৰ ২.৩০ বজাত উভতনি যাত্রা আৰম্ভ কৰি সেইদিনাই নিশা ৯.২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব৷ ৰে’লখনৰ চাপৰমুখ জংচন, হোজাই, লংকা, লামডিং, ডিফু, বোকাজান, ফৰকাটিং জংচন আৰু মৰিয়নি জংচন ষ্টেচনত ষ্টপেজ থাকিব৷

উল্লেখনীয় যে ডিমাপুৰত ৰে’ল ৰখোৱাৰ ওপৰত নাগালেণ্ড চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ডিমাপুৰ ষ্টেচনত এই ৰে’লখনৰ ষ্টপেজ পৰৱর্তী নির্দেশ নিদিয়ালৈকৈ অস্থায়ীভাৱে হ্রাস কৰা হৈছে৷ মুখ্য জনসম্পর্কৰক্ষী বিষয়া চন্দই জানিবলৈ দিয়া মতে ৰে’লখনৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ ৰে’লৰ ৱেবচাইটত উপলব্ধ হ’ব৷

আনহাতে আনহাতে যাত্রীসকলে নিজ গন্তব্য স্থানত উপস্থিত হোৱাৰ লগে লগে সংশ্লিষ্ট জিলাখনত বাহাল থকা স্বাস্থ্যজনিত প্রট’কল মানি চলিব লাগিব৷

চাপৰৰ নাথপাৰাত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত নাথপাৰা নিবাসী উদয় কুমাৰ নাথ(৭০) যোৱাকালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হয় ।পৰিয়াল লোকে বিচাৰ-খোজাৰ কৰি মঙ্গলবাৰ পূৱা ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপত থকা এটা দখাৱৈত ওপঙি থকা অৱস্থাত বৃদ্ধ জনৰ মৃতদেহ উদ্ধাৰ হয় । ইতিমধ্যে চাপৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যু দেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে । উক্ত ঘটনাই সমগ্র নাথপাৰা অঞ্চলত শোকৰ ছা পেলাইছে।

লাহৰীঘাটৰ বৰছলাত থকা এটা ভেজাল ডিজেল প্ৰস্তুত কৰা কাৰখানা উৎখাত

মৰিগাঁও জিলাৰ  লাহৰীঘাট আৰক্ষীয়ে  যোৱা নিশা     এক গোপন খবৰৰ ভিত্তিত  অভিযান চলাই বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত পলাহজুৰি গাঁৱৰ ভেজাল ডিজেল প্ৰস্তুত কৰা  কাৰখানাটো উৎখাতৰ লগতে এজন লোকক আটক কৰে ।  আৰক্ষীয়ে পলাহজুৰি গাঁৱৰ অভিযান চলাই আটক কৰা  ভেজাল পেট্ৰ’ল, ডিজেল প্ৰস্তুতকাৰীজনৰ নামৰ হান্নান উদ্দিন । ধৃত লোক জনৰ জিম্মাৰ পৰা  ভেজাল তেল ভৰ্তি ৩ ড্ৰাম , খালী ১২ টা খালী  ড্ৰাম ডাঙৰ,সৰু ১১ টা ড্ৰাম সহ কেমিকেল আৰু মিশ্ৰণৰ সা সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে হান্নানে  কেৰাচিন তেল সংগ্ৰহ কৰি তাত ৰাসায়নিক কেমেৰাকেল মিশ্ৰণ কৰি ভেজাল  ডিজেল , পে’ট্ৰল প্ৰস্তুত কৰি ৰমৰমীয়া বেহা চলাই আছিল। অবশেষত হান্নান উদ্দিনৰ অসাধু বেপাৰীজনত আৰক্ষীৰ জালত পৰিল ।