Home Blog Page 2955

তিনিদিনীয়া ভ্রমণসূচীৰে লাডাখত মন্ত্রী ৰাজনাথ সিং

প্রাক্তন সৈনিকক এক পদবী, এক পেন্সন প্রদান

তিনিদিনীয়া লাডাখ ভ্রমণসূচীৰে লেহত উপস্থিত হোৱা দেশৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে দেওবাৰে প্রাক্তন সেনা জোৱান তথা বিষয়াসকলক সম্বোধি উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ প্রতিশ্রুতি ৰক্ষা কৰিছে৷সশস্ত্র বাহিনীৰ প্রাক্তন বিষয়া তথা জোৱানসকলক এক পদবী এক পেন্সনৰ যি প্রতিশ্রুতি প্রধানমন্ত্রী মোদীয়ে প্রদান কৰিছিল তাক বাস্তৱায়িত কৰা বুলি ৰাজনাথ সিঙে উল্লেখ কৰিছে৷চাকৰিৰ অৱসৰৰ পিছত সেনা বিষয়া তথা জোৱানসকলক পুনৰ সংস্থাপিত কৰাটো অতি জটিল সমস্যা হিচাপে দেখা দিছে বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ অৱশ্যে এতিয়ালৈকে বহু অৱসৰপ্রাপ্ত সেনা জোৱানক বিভিন্ন চাকৰিত যোগদানৰ সুযোগ চৰকাৰে দিয়া বুলি ঘোষণা কৰে মন্ত্রী ৰাজনাথ সিঙে৷ ৰাজনাথ সিঙৰ এই লাডাখ ভ্রমণসূচীত বিভিন্ন গুৰুত্বপূর্ণ বিষয় আলোচনাৰ মাজলৈ অহাৰ সম্ভাৱনা আছে৷

বগুৱান আৰক্ষীৰ সফল অভিযান : নিচাযুক্ত টেবলেট সহ ড্ৰাগছ ব্যৱসায়ী আটক

 গোৱালপাৰা জিলাৰ বগুৱানত পুনৰ  ড্ৰাগছৰ বিৰুদ্ধে বগুৱান আৰক্ষীৰ  সফল অভিযান । কালি  এক গোপন সূত্ৰৰ আঁত ধৰি বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চবিৰ আলীৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত  বাইক সহ নিচা জাতীয় টেবলেটৰ লগতে ড্ৰাগছৰ বেহাত জড়িত এগৰাকী যুৱকক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটক হোৱা ড্ৰাগছ ব্যৱসায়ী জন   বগুৱান থানা এলেকাৰ কাৰাইখোৱাৰ বদিউদ জামান বুলি জানিব পৰা গৈছে ।ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা ৬৪৮টা নিচা যুক্ত টেবলেট জব্দ কৰে ।ধৃত জামালে As 19 B 4695 নম্বৰৰ স্পেলনডাৰ বাইকৰ হেড লাইটৰ ভিতৰত লৈ আনিছিল নিচা জাতীয় টেবলেট সমূহ । ইতিপূর্বেও এই গৰাকী বদিউল জামালে ড্ৰাগছৰ বেহাত জড়িত হৈ আছিল। কিছু দিন পূৰ্বেও গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক নিৰ্দেশত  এই গৰাকী ভাৰ প্ৰাপ্ত বিষয়া চবিৰ আলীয়ে দুগৰাকীকৈ কুখ্যাত দ্ৰাগছ মাফিয়াক আটক কৰাৰ উপৰি,  চোৰাং গাঞ্জা ব্যৱসায়ী আৰু পেট্ৰলিয়াম জাতীয় চোৰাং তেল ভৰ্তি টেংকাৰ জব্দ কৰিছিল ।উল্লেখ্য যে গোৱালপাৰা জিলাত নতুনকৈ দায়িত্ব ভাৰ লোৱা আৰক্ষী অধীক্ষক বিৰা  ভেংকাটা ৰাকেশ ৰেড্ডীৰ নিৰ্দেশত জিলা খনত চোৰাং  গৰু ব্যৱসায়ী ,  বাইক চোৰ , ড্ৰাগছকে  ধৰি এনেদৰে  দুষ্ট চক্ৰৰ বিৰুদ্ধে চলোৱা সফল অভিযানত ৰাইজে বাৰুকৈ সন্তুষ্টি প্ৰকাশ কৰিছে ।বগুৱান আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে অভিযান অব্যাহত ৰাখিছে।

ৰঙিয়াত ৰেল মন্ত্ৰী পিয়ুশ গোৱেলৰ প্ৰতিমূৰ্তি দাহ।থলুৱাক বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ

আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুশ গোৱেলৰ প্ৰতিমূৰ্তি দাহ কৰে । উত্তৰ পূৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক গোপনে নিযুক্তি দিয়াৰ প্ৰতিবাদত এই প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী গ্ৰহণ কৰে । বছৰ বছৰ ধৰি অসমীয়া তথা উত্তৰ পূৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক ৰেল বিভাগে প্ৰতাৰণা কৰি অহাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা নিৰন্তৰ ভাবে প্ৰতিবাদ কৰি আহিছিল । ইমানৰ পিচতো যোৱা কিছুদিন পূৰ্বে ৰঙিয়া মাণ্ডলীক ৰেল প্ৰৱন্ধকৰ কার্যলয়ত প্ৰায় ৫० জনকৈ বহিৰাগত যুৱকক গোপনে নিযুক্তি দিয়া হৈছিল ৰেল বিভাগত । আজি তাৰেই প্ৰতিবাদত ছাত্ৰ সন্থাৰ সদস্যসকলে ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।সন্থাৰ কার্য্যকৰ্তা হেমন্ত দাসে অসমৰ সাংসদ সকলৰ ভূমিকাৰ ওপৰত ও তীব্ৰ ক্ষোভ উজাৰি কয় যে সাংসদ সকলে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰাৰ বাবেই ৰেল বিভাগে উত্তৰ পূৱৰ শিক্ষিত যুৱক-যুৱতী সকলক এইদৰে প্ৰতাৰণা কৰি আহিছে । ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ কার্য্যকৰ্তা সকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থত এখন সুকীয়া বʼৰ্ড গঠনৰ বাবেও দাবী উত্থাপন কৰে। আজিৰ এই কাৰ্যসূচীত ছাত্ৰসন্থাৰ নেতা হেমন্ত ডেকাসহ ,মৃন্ময় কুমাৰ ডেকা,তফিকুৰ ৰহমান,বুবুল আলী,জয়ন্ত শৰ্মাকে ধৰি বহুতো সদস্য উপস্থিত থাকে ।

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী ৷

ক’ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনে কোঙা কৰিছে পৰিয়ালটিৰ লগতে বেণ্ডপাৰ্টিৰ সদস্যবৃন্দক ৷

কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নোলোৱাকৈ কৃষ্টিৰ পথাৰখন সাৰুৱা কৰা এগৰাকী যুৱতী গৰাকী ৷

দৰং জিলাৰ সীমান্তৰ ওদালগুৰি জিলাৰ বগৰীবাৰী গাঁৱৰ এগৰাকী সহজ সৰল যুৱতী উপমা ডেকাই কাহি, বাতি, চকী, মেজ আদিত বাদ্য বজাই আৰম্ভ কৰিছিল সংগীতৰ সাধনা ৷

উপমা ডেকাই প্ৰায় পাঁচ বছৰ ধৰি এটি বেণ্ডপাৰ্টিৰ লগত ড্ৰামচেট বজাই লাভ কৰিছে বিশেষ সমাদৰ ৷ আনহাতে স্থানীয় নামতী দলৰ সৈতেও বজায় নাগাৰা নাম ৷ দৰং ওদালগুৰি জিলাৰ একমাত্ৰ যুৱতী ড্ৰামচেট বজাই বিশেষ সমাদাৰ লাভ কৰিলেও প্ৰচাৰ বিমুখ উপমা ডেকাই লকডাউনৰ সময়ত কোনো চৰকাৰী বা বেচৰকাৰী দল সংগঠনৰ পৰা সহায় নোপোৱাত শিল্পী গৰাকী ম্ৰিয়মান হৈ পৰিছে ৷

মাহাৰা স্বানসৌৰং বেণ্ডপাৰ্টিৰ লগত উপমাই অসমৰ বিভিন্ন প্ৰান্তত ড্ৰামচেট বজাই ৰাইজৰ পৰা লাভ কৰিছে বিশেষ প্ৰশংসা আৰু আশীৰ্বাদ ৷

আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ২০টাতকৈও অধিক বাদ্যযন্ত্ৰ বজাব পৰা কাকজানৰ এজন যুৱক

সম্প্ৰতি অসমত ক’ৰণাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।ক’ৰণাসৃষ্ট পৰিৱেশৰ বাবে কণ্ঠশিল্পী সকলৰ লগতে বাদ্যযন্ত্ৰী শিল্পী সকলৰো আৰ্থিক অৱস্থা অতি শোচনীয় হৈছে ।কাকজানৰ এজন  যুৱপ্ৰতিভা; নাম পাৰ্থ টিংকু দত্ত।বহুমুখী প্ৰতিভাসম্পন্ন টিংকুৰ আছে সাংস্কৃতিক জগতখনৰ প্ৰতি গভীৰ অনুৰাগ আৰু দায়বদ্ধতা।বিশেষকৈ বাদ্যযন্ত্ৰী শিল্পী হিচাপে টিংকুৱে ঢোল,খোল,নাগাৰা,দোতৰা,আনন্দ লহৰি, হাৰমনিয়াম,তবলা, কীবৰ্ড, পেড, ড্ৰাম চেট আদি মুঠ ২৩ বিধমান বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাৱ পাৰে।পিতৃ ৰোহিত দত্ত আৰু নিজৰ মোমায়েকৰ আঙুলিত ধৰি ঢোলটো কান্ধত লৈ সৰুৰে পৰাই টিংকুৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল বাদ্য পৰিৱেশন কৰি অমসৰ লোক বাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত আত্মনিয়োগ কৰি আহিছে টিংকুৱে ।এই অসাধাৰণ প্ৰতিভা সম্পন্ন যুৱকজনে সোঁ-হাত আৰু বাওঁ হাত অৰ্থাৎ দুয়োখন হাতেৰেই ঢোল বাদ্য সুন্দৰকৈ বজাব পাৰে ।ঢোলৰ ওজা দেৱেশ্বৰ শইকীয়াৰো শিষ্য পাৰ্থ টিংকু দত্তই অসমৰ জনপ্ৰিয় বহু কণ্ঠ শিল্পীৰ লগত বাদ্যযন্ত্ৰী হিচাপে কাম কৰি আহিছে। অভিনয় প্ৰতিভাও আছে টিংকুৰ।স্মৰ্তব্য যে,যোৰহাটৰ কাকজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সমাপ্ত কৰা টিংকুৱে কাকজানস্থিত বনগাঁৱত ষ্টাৰ মিউজিক ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰিছে ।লক্ষ্য গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহক এখন উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰা ।বাণীবন্ধন,সংগীত ব্যৱস্থাপনা ,সংগীত পৰিচালনা, শব্দ মিশ্ৰণৰ কাম ষ্টাৰ মিউজিক ষ্টুডিঅ’ৰ যোগেদি সম্পাদনা কৰা হয়। প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক সুপ্ত প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰি আহিছে ।  টিংকু  দত্তৰ হেঁপাহৰ অংকুৰণ “ষ্টাৰ মিউজিক ষ্টুডিঅ’ “সমাগত সময়ত জিলিকি উঠক। ক

তামুলপুৰত এগৰাকী পঞ্চলিশোৰ্ধৰ ব্যক্তিৰ যৌন কামনাৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া শিশু

কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তামুলপুৰ আছুৰ

বাক্সা জিলাৰ তামুলপুৰত সংঘটিত হৈছে মানৱতাক লজ্জানতা কৰা  এক জঘন্য ঘটনা। নিজ সম্পৰ্কীয় এজনী  ৯ বছৰীয়া শিশুক পুখুৰীত মাছ মাৰিবলৈ ফুচুলাই নি যৌন নিৰ্যাতন চলালে এগৰাকী সম্পৰ্কীয় পঞ্চলিশোৰ্ধৰ লোকে। মানৱতাক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ঝাৰগাৱত । ২৫ জুনত সংঘটিত এই ঘটনা পোহৰলৈ আহে দেওবাৰেহে। জানিব পৰা মতে দেওবাৰে শিশুটি অসুস্থ হৈ পৰাত মাতৃ য়ে সোধাপোছা কৰাৰ পিছতে সকলো কথা পোহৰলৈ আহে। ওচৰৰ পুখুৰীত মাছ মাৰিবলৈ ফুচুলাই নি ওচৰৰে সম্পৰ্কীয় ব্ৰজেন কলিতা (৪৫)ই শিশুটিক উপৰ্যুপৰি যৌন নিৰ্যাতন চলায়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দেওবাৰে সন্ধিয়া তামুলপুৰ আৰক্ষী থানাত সকলো ঘটনা বিৱৰি এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে শীঘ্ৰে নিজগৃহৰ পৰাই অভিযুক্ত ব্ৰজেন কলিতাক আটক কৰে। ব্ৰজেন ৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত পক্স’ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আজি মুছলপুৰ স্থিত ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।
 দোষী ব্যক্তিক কঠোৰতম শাস্তিৰ দাবী আছুৰ ।সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সন্দৰ্ভত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতকৈ-কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে । ছাত্ৰ সংগঠনটোৱে ভুক্তভোগীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ বাবেও দাবী জনাইজে।

ইতিহাস ৰচি অলিম্পিকলৈ ভাৰতৰ সাঁতোৰবিদ সাজন প্রকাশ

‘এ’ ষ্টেণ্ডার্ড টাইম অনুসৰণ কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপে ইতিহাস ৰচিছে সাজন প্রকাশে৷ ইটালীৰ ৰোমত অনুষ্ঠিত ছেট্টি ক’লি ট্রফী ছুইমিঙৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ১ মিনিট ৫৬.৩৮ ছেকেণ্ডেৰে তেওঁ অভিলেখসহ টকি’ অলিম্পিকলৈ যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ফিনাৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত অলিম্পিক কোৱালিফায়াৰ প্রতিযোগিতাখনত তেওঁ অলিম্পিকৰ ‘এ’ ষ্টেণ্ডার্ড টাইমতকৈ ০.১০ ছেকেণ্ড কম সময়ত সাঁতোৰ সম্পূর্ণ কৰি এই অভিলেখ স্থাপন কৰে৷

অলিম্পিকৰ ‘এ’ ষ্টেণ্ডার্ড সময়সীমা আছিল ১ মিনিট ৫৬.৪৮ ছেকেণ্ড৷ ২৭ বছৰীয়া প্রকাশে এই অভিলেখ স্থাপন কৰাৰ লগতে নিজৰে ৰাষ্ট্রীয় অভিলেখ ভংগ কৰিবলৈও সক্ষম হয়৷ ইয়াৰ পূর্বে যোৱা সপ্তাহত বেলগ্রেড ট্রফী সাঁতোৰ প্রতিযোগিতাত তেওঁ ২০০ মিটাৰ বাটাৰফ্লাইত ১ মিনিট ৫৬.৯৬ ছেকেণ্ডেৰে ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰিছিল৷ কেৰালাৰ প্রতিভাৱান সাঁতোৰবিদগৰাকীয়ে টকি’ত ক্রমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত দেশক প্রতিনিধত্ব কৰিব৷ ইয়াৰ পূর্বে ২০১৬ৰ ৰি’ অলিম্পিকতো সাজন প্রকাশে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ ভাৰতীয় ছুইমিং ফেডাৰেচনে সাজন প্রকাশৰ এই সাফল্যক ভাৰতীয় সাঁতোৰ জগতৰ বাবে ঐতিহাসিক মুহূর্ত বুলি আখ্যা দিছে৷

ব্রীজৰ মূল অভিনেত্রী শিৱাৰাণী কলিতালৈ শ্রেষ্ঠ অভিনেত্রীৰ আন্তঃৰাষ্ট্রীয় সন্মান

ব্রীজৰ জৰিয়তে অসমীয়া চলচ্চিত্রলৈ আহিছে আন এক সূখবৰ৷ ২২–২৬ জুনলৈ সদ্যসমাপ্ত কানাডাত অনুষ্ঠিত চতুর্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱার্ডত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নির্মিত বহুল চর্চিত অসমীয়া পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র ব্রীজৰ মূল অভিনেত্রী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান৷ উল্লেখ্য যে যোৱা বছৰ এই সন্মান লাভ কৰিছিল প্রখ্যাত অভিনেত্রী সীমা বিশ্বাসে৷ লখিমপুৰ জিলাৰ ঢ়কুৱাখনা চহৰৰ শিৱাৰাণী কলিতাই অভিনয় কৰা ব্রীজৰ চৰিত্রটো যথেষ্ট প্রত্যাহ্বানমূলক, য’ত তেওঁ পথাৰত হালবোৱা, ভৰা নৈত কলৰ ভূৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল৷

এইখন চিনেমাত অভিনয় কৰাৰ পূর্বে শিৱাৰাণীয়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল, অভিজ্ঞতা কেৱল এখন মঞ্চ নাটকত অভিনয় কৰাৰহে সুযোগ লাভ কৰিছিল শিৱাৰাণীয়ে৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রযোজিত ব্রীজে ইতিমধ্যে লাভ কৰিছে ২৮ তাতকৈও অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ আমন্ত্রণ৷৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ভাৰতৰ পৰা পুৰস্কাৰ লাভ কৰা একমাত্র ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অর্জন কৰা ব্রীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মান৷ গোল্ডেন জুৰি আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবি, ১৬সংখ্যক ত্রিশূৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান আদি উল্লেখযোগ্য৷ পুনৰ কানাডাত ছবি মহলত ছবিখনে বঁটা লাভ কৰাত ব্রীজৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে৷

৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰ সংঘৰ্ষত মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত : চাৰিদিনৰ পিছতো সন্ধান নাই আনজন অভিযুক্তৰ

বিগত সময়ত সমগ্ৰ ৰাজ্য কপাই তোলা ৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰৰ এক সংঘৰ্ষত নাজিৰা মহকুমাৰ গেলেকী আৰক্ষীৰ গুলীত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি চাৰিদিন উকলি যোৱাৰ পিছতো সমগ্ৰ জিলাখনত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । বহুজন নিৰীহক অতি শীতল মস্তিষ্কৰে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা দুধৰ্ষ হত্যাকাৰী তথা নৰখাদক চুপাৰি কিলাৰ বুবু কোৱৰৰ হৃদস্পন্দন স্তব্ধ কৰি দিছিল মাত্ৰ এটা বুলেটে । কাৰণবিহীন ভাৱে ১৫ হাজাৰৰ পৰা ২ লাখ টকা পৰ্যন্ত চুপাৰি লৈ এগৰাকীৰ পিছত সিগৰাকী নাৰীৰ শিৰৰ সেন্দুৰ মচি অনা বুবুৰ দৰে নৰখাদকৰ হৃদস্পন্দন মাত্ৰ এটা বুলেটৰ আঘাটত স্তব্ধ হৈ পৰাৰ চাঞ্চল্যকৰ তথ্য সদৰী হৈছে ।  জয়সাগৰস্থ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সময়ত বুবু কোৱৰৰ শৰীৰৰ পৰা বাহিৰ হৈছে এটা নাইন এম এম পিষ্টলৰ বুলেট । পিঠিয়েদি সোমোৱা গুলী ভেদ কৰিছিল কলিজা । ইয়াৰ উপৰি পিঠিৰ ফালে তিনিটা আঘাটৰ চিহ্ন আছিল যদিও মৰনোত্তৰ পৰীক্ষাৰ সময়ত এটা গুলী উদ্ধাৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে । ইফালে শিৱসাগৰ আৰক্ষীয়ে এক সংঘৰ্ষৰ অন্তত বুবু কোৱৰৰ মৃত্যু হৈছে বুলি দাবী কৰিছে যদিও বুবুৰ শৰীৰৰ পৰা এটা বুলেট উদ্ধাৰ আৰু তিনিটা আঘাতৰ চিহ্নই সমগ্ৰ ঘটনাক্ৰমক সময় অতিবাহিত কৰাৰ লগে লগে অধিক ৰহস্যঘন কৰি তুলিছে । একে সময়তে বুবু কোৱৰৰ সৈতে একেখন স্কুটীতে অহা আন এজন যুৱকো সংঘৰ্ষৰ মাজতে পলায়ন কৰিছিল বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যদিও ঘটনা সংঘটিত হোৱাৰ চাৰিদিনৰ পিছতো দ্বিতীয় জন পলায়ন ব্যক্তিৰ কোনো সন্ধান আৰক্ষীয়ে লাভ নকৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । ভৌগোলিক ভাৱে চাৰিওফালে ওখ টিলাৰে আৱৰা তথা বোকাময় উক্ত সংঘৰ্ষস্থলীৰ পৰা সংঘৰ্ষৰ মাজতে দ্বিতীয় এজন ব্যক্তি পলায়ন কৰাতো জনগণে সহজে মানি ল’ব পৰা নাই । যাৰ বাবে বিভিন্ন মহলে প্ৰকৃততে এয়া সংঘৰ্ষ নে হত্যা তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। কিয়নো ৰাজ্যৰ সবাটোকৈ নৰখাদক ৰূপী এটা কুখ্যাত অপৰাধীৰ সংঘৰ্ষত মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে সংঘৰ্ষস্থলীৰ ফটো , ভি ডি অ’ সংগ্ৰহৰ বাবে স্থানীয় সংবাদসেৱীৰ সৈতে যোগাযোগ কৰিব লাগিছিল । কিন্তু ইয়াৰ বিপৰীতে গেলেকী অথবা শিৱসাগৰৰ প্ৰতিজন আৰক্ষী বিষয়াই সেই সময়ৰ পৰা প্ৰায় এঘণ্টা ধৰি সম্পূৰ্ণ ৰূপে সংবাদকৰ্মীৰ ফোন ধৰাৰ পৰা ৰহস্যজনক ভাৱে বিৰত আছিল । অৱশেষত বুবু কোৱৰৰ মৃতদেহ গেলেকী স্বাস্থ্য কেন্দ্ৰলৈ অনাৰ পিছতহে আৰক্ষীয়ে সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰিছিল । যাৰ ফলত সংবাদ মাধ্যমে ঘটনাস্থলীৰ কোনো ফটো , ভি ডি অ’ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল । আন নালাগে ঘটনাৰ চাৰিটা দিনৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে ঘটনাস্থলীৰ কোনো ফটো , ভি ডি অ’ ৰাজহুৱা নকৰাৰ ঘটনাই অনেক প্ৰশ্নৰ সৃষ্টি কৰিছে । যিহেতু বিগত সময়ত শিৱসাগৰত মাজনিশা সংঘটিত সংঘৰ্ষৰ পিছতো সংবাকৰ্মীক সংঘৰ্ষস্থলীলৈ নি সংবাদ সংগ্ৰহত সুবিধা দিয়ে । ইয়াৰ বিপৰীতে শিৱসাগৰ আৰক্ষীয়ে প্ৰায় ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এক স্থানত সংঘৰ্ষ হ’ল বুলি দাবী কৰাৰ বিপৰীতে সংঘৰ্ষৰ প্ৰকৃত স্থানটো কিয় সংবাদ কৰ্মীক পৰৱৰ্তী সময়ত প্ৰত্যক্ষ নকৰানে তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে । বুবু কোৱৰৰ দৰে এটা নৰখাদকৰূপী অপৰাধীক সংঘৰ্ষৰ অন্তত নিধন কৰিবলৈ সক্ষম হোৱা শিৱসাগৰ আৰক্ষীক ৰাইজে মুকলিকৈ অভিনন্দন জনাইছে যদিও সংঘৰ্ষৰ প্ৰকৃত ছবিও ৰাজহুৱা হোৱাটো কামনা কৰিছে । আনহাতে বুবু কোৱৰৰ সংঘৰ্ষত মৃত্যুক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে বুবুৰ নৃশংসতাৰ ন ন তথ্য পোহৰলৈ আহিছে । হত্যাক পেচালৈ ৰূপান্তৰিত কৰা আমগুৰি ৰতনপুৰীয়াৰ দুধৰ্ষ ডকাইত বুবু কোৱৰে কৰা নাছিল কী ? শিক্ষকৰ পৰা ব্যৱসায় লৈকে , চিকিৎসকৰ পৰা ৰাজনৈতিক নেতালৈকে ইজনৰ পিছত সিজন নিৰীহক মৃত্যুৰ শীতল দলিছাত শুৱাই বন্য উল্লাহ লাভ কৰা বুবু কোৱৰে মাত্ৰ ১৫ হাজাৰৰ পৰা ২ লাখ টকা লৈকে লৈছিল চুপাৰি  । গাড়ীখনৰ বাবেই চালকজনক হত্যা কৰাতো এটা সাধাৰণ ঘটনাত পৰিণত হৈছিল । অতি পৰিকল্পিত ভাৱে যুৱক – যুৱতী , মহিলাৰ হতুৱাই গাড়ী ভাৰালৈ নি মাজপথত গাড়ীত বহি লোৱা বুবুয়ে শব্দ বিহীন ভাৱেই বহুজন চালকক কেবোলেৰে ডিঙি চেপি হত্যা কৰি গাড়ী লৈ উধাও হৈছিল । শিৱসাগৰ , যোৰহাট , ডিব্ৰুগড় , তিনিচুকীয়া , গোলাঘাটকে ধৰি বিভিন্ন স্থানত বিগত সময়ত উদ্ধাৰ হোৱা বহু দুৰ্ভগীয়া চালকৰ মৃত্যুৰ আৰত আছিল নৰখাদক বুবু কোৱৰ । চৰকাৰী ভাৱে বুবুৰ বিৰুদ্ধে ডেৰকুৰিতকৈও অধিক হত্যাৰ গোচৰ ৰুজু থাকিলেও এনে বহু হত্যাকাণ্ড , নিৰীহ চালকৰ মৃতদেহ উদ্ধাৰৰ পিছত গোচৰ অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰিয়েই দায়িত্ব সামৰে আৰক্ষীয়ে । সম্প্ৰতি এই ঘটনাই সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । 

মুখত এমোকোৰা হাঁহি লৈ পুনৰ কাৰাৰুদ্ধ জীৱনলৈ অখিল গগৈ

এগৰাকী বিধায়ক হৈয়ো যাব নোৱাৰিলে নিজৰ সমষ্টিলৈ। কেৱল পত্নী-পুত্ৰ-মাতৃৰ সৈতে সময় কটাবলৈ ন্যায়ালয়ৰ অনুমতি লৈহে অতিবাহিত কৰিলে দুটা দিন। গণি গণি ৪৮ ঘণ্টা।

কিন্তু সেই সময়তো লগত আছিল সুৰক্ষা কৰ্মীৰ লগতে আগে পিছে শ শ লোক। ৪৮ ঘণ্টীয়া সুখৰ পলৰ অন্ত, এমোকোৰা হাঁহিৰে পুনৰ কাৰাৰুদ্ধ জীৱনলৈ উভতিল কৃষক নেতা, ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰৰ বিধায়ক তথা প্ৰয়াত বলোৰাম গগৈ আৰু প্ৰিয়দা গগৈৰ সন্তান ৪৫ বৰ্ষীয় নেতা অখিল গগৈ।

এয়াই জীৱন এতিয়া। ২০১৯ ৰ ১২ ডিচেম্বৰৰ পৰা বিগত ১৮ টা মাহে পৰিয়ালৰ পৰা আতৰত কাৰাৰুদ্ধ জীৱনত থকা অখিল গগৈয়ে ন্যায়লত আবেদন কৰিছিল পৰিয়াল সৈতে সাক্ষাতৰ এক আবেদন। সেই আবেদনৰ ভিত্তিতেই নিয়া আদালতে বিধায়ক গৰাকীক দিছিল কেৱল মাত্ৰ ৪৮ ঘণ্টা তথা দুটা দিন।দুটা দিনত কৰে কি, গুৱাহাটীৰ চানমাৰিস্থিত নিজৰাপাৰত আছে পত্নী গীতাশ্ৰী তামুলী আৰু একমাত্ৰ পুত্ৰ নাচিকেতা, আনহাতে যোৰহাটৰ মৰিয়নিত আছে মাতৃ প্ৰিয়দা গগৈ। সেয়ে ২৫ জুনৰ নিশাই পুত্ৰৰ ওচৰলৈ ঢাপলি মেলি নিশাটো তাতেই কটাই ২৬ জুনৰ পুৱা মাতৃৰ ওচৰলৈ যায় অখিল গগৈ।

পিছে বাটতে থকা নিজে প্ৰতিস্থা কৰা কাজিৰঙাৰ অৰ্কিড উদ্যান খনতো সোমাবলৈ অনুমতি নিদিলে লগত থকা এছক’ৰ্ট তথা সুৰক্ষা কৰ্মীয়ে। সেয়ে পোনে পোনে উপস্থিত হয়গৈ মাতৃৰ কাষত।

মাতৃ আৰু পৰিয়ালৰ অন্যৰ লগতে প্ৰিয় মানুহবোৰৰ সৈতে এটা দিন কটাই আজি ২৭ জুন তাৰিখে পুনৰ ৰাওনা হয় নিজৰ কাৰৰুদ্ধ জীৱনলৈ বুলি। নিশা ৯ বাজি ৩০ মিনিট মানত উপস্থিত হয়হি গুৱাহাটী। সকলো এৰি থৈ ক্ষণিকৰ কিছু সুখ লৈ উভতি আহে তেখেত। কাৰণ এয়েতো জীৱন।