Home Blog Page 2961

চীনৰ বুলেট ট্রেইন চলিল অৰুণাচল সীমান্তলৈ

ভাৰতৰ বিৰুদ্ধে আগ্রাসী ৰণনীতিৰে অৱশেষত আজি চীনে অৰুণাচল সীমান্তলৈ আনুষ্ঠানিকভাৱে বুলেট ট্রেইন চলালে৷ হিমালয়ান অঞ্চলৰ তিব্বতৰ প্রাদেশিক ৰাজধানী লাচা আৰু নিংছি সংযোগী ৪৩৫.৫ কিলোমিটাৰ ৰে’লপথত প্রথম সম্পূর্ণ বৈদ্যুতিক বুলেট ট্রেইনৰ শুভাৰম্ভ কৰিলে চীনে৷ নির্ধাৰিত ৩০ জুনৰ পৰিৱর্তে বেইজিঙে আজিয়েই এই ৰে’লপথটো মুকলি কৰে৷ চীনৰ শাসকীয় কমিউনিষ্ট পার্টী অৱ চীন চমুকৈ চি পি চিৰ অহা ১ জুলাইত শতবার্ষিকী উপলক্ষে আজি কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ অৰুণাচল সীমান্তৰ সমীপৰ ৰে’লপথত বুলেট ট্রেইনৰ চলাচল আৰম্ভ কৰে৷ উল্লেখ্য যে অৰুণাচল প্রদেশ সীমান্তৰ পৰা মাত্র ১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত নিংচি হৈছে দক্ষিণ–পূব তিব্বতত চীনৰ পুৰণি সামৰিক ঘাটি৷ সম্প্রতি নিংছিত পিপল্ছ লিবাৰেচন আর্মী (পি এল এ)ৰ ৫২নং আৰু ৫৩নং মাউণ্টেইন ইনফেণ্ড্রী ব্রিগেডৰ মুখ্য কার্যালয় আছে৷

বেইজিঙে বিগত প্রায় এটা দশক ধৰি সীমান্ত সংলগ্ণ নিংছিৰ সামৰিক ঘাটি আৰু চীনা সৈন্যবাহিনীৰ মূল কেন্দ্রসমূহৰ মাজত ৰে’ল–ঘাইপথেৰে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে৷ নিংছিত ইতিপূর্বৰে পৰা এটা বিমানবন্দৰ আছে৷ সেই বিমানবন্দৰটো অসামৰিক বিমানৰ লগতে সামৰিক বাহিনীয়েও ব্যৱহাৰ কৰে৷ মন কৰিবলগীয়া যে ৰাষ্ট্রপতি ঝি জিনপিঙে লাছা–নিংছি ৰে’লপথটো চীনৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূর্ণ হ’ব বুলি ইতিমধ্যে মন্তব্য কৰিছে৷ সামৰিক কৌশলগত দিশৰ সমান্তৰালভাৱে অর্থনৈতিকভাৱেও চীনৰ বাবে অতি গুৰুত্বপূর্ণ ৰে’ল প্রকল্পটো আৰম্ভ কৰা হৈছিল ২০১৪ চনত৷ ৪৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথছোৱাৰ ৭৫ শতাংশই দলং অথবা সুৰংগ৷ লাছাৰ পৰা নিংছিলৈ নির্মাণ কৰা হৈছে মুঠ ৪৭টাকৈ সুৰংগ৷ প্রকল্পটো আৰম্ভ কৰাৰ পৰাই দিনে–নিশাই ২০ হাজাৰ শ্রমিক আৰু অভিযন্তাই ইয়াৰ নির্মাণকার্যত ব্রতী হৈছিল৷ য’ত ব্যয় হৈছে ৫.৭ বিলিয়ন মার্কিন ডলাৰ৷ অৰুণাচল প্রদেশ সীমান্তত ৰঙা চীনৰ এনে তৎপৰতা তথা যুদ্ধংদেহি মনোভাবক এতিয়া দিল্লীয়ে কিদৰে গ্রহণ কৰে বা কেনেধৰণৰ ব্যৱস্থা লয়, সেয়া লক্ষণীয় হ’ব৷

এছবিআইৰ ধন উলিওৱাৰ নতুন নিয়ম বলৱৎ ১ জুলাইৰ পৰা

ভাৰতীয় ষ্টেট বেংক চমুকৈ এছ বি আয়ে বেছিক ছেভিংছ বেংক ডিপ’জিট (বি এছ বি অ’) একাউণ্টৰ গৰাকীৰ বাবে অহা ১ জুলাইৰ পৰা নতুন নিয়ম বলৱৎ কৰিব৷ এই একাউণ্টৰ গৰাকীয়ে ধন উলিওৱাৰ ক্ষেত্রত সংশোধিত নতুন নিয়ম অনুসৰি গ্রাহকগৰাকীয়ে মাহত চাৰিবাৰ বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব৷ বেংক একাউণ্ট থকা শাখা তথা এ টি এমৰ পৰা গ্রাহকজনে মাহত চাৰিবাৰ বিনামূলীয়াকৈ নগদ ধন উলিয়াব পাৰিব৷ ইয়াৰ পিছত পৰৱর্তী ধন একাউণ্ট থকা শাখা বা এ টি এমৰ পৰা উলিয়ালে প্রতিবাৰতে ১৫ টকাৰ লগতে জি এছ টি ভৰিব লাগিব৷ তেনেদৰে আন বেংকৰ এ টি এমৰ পৰা ধন উলিয়ালে জি এছ টি আৰু ১৫ টকা ভৰিব লাগিব৷ আনপিনে চেকবুকৰ ক্ষেত্রতো নতুন সংশোধিত নিয়ম বলৱৎ হ’ব৷ এজন গ্রাহকে এটা বিত্তীয় বর্ষত বিনামূলীয়াকৈ চেকবুকৰ ১০খন ব্যৱহাৰ কৰিব পাৰিব৷ পৰৱর্তী ১০খন ব্যৱহাৰত গ্রাহকে ৪০ টকা আৰু জি এছ টি ভৰিব লাগিব৷ পাছলৈ ২৫খন ব্যৱহাৰত গ্রাহকে ৭৫ টকা আৰু জি এছ টি ভৰিব লাগিব৷ জৰুৰীকালীন চেকবুকৰ ক্ষেত্রত ১০খন অথবা পাছলৈ ৫০ টকা আৰু জি এছ টি ভৰিব লাগিব৷

অহা বর্ষত নৌসেনাত অন্তর্ভুক্ত হ’ব থলুৱাভাৱে নির্মিত আইএনএছ বিক্রান্ত

প্রথম ‘মেড ইন ইণ্ডিয়া’ যুদ্ধ বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রান্ত অহা বর্ষত নৌসেনাত আনুষ্ঠানিকভাৱে অন্তর্ভুক্ত কৰা হ’ব৷ শুকুৰবাৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ছাউডার্ন নেভেল কমাণ্ড পৰিদর্শন কৰি এই ঘোষণা কৰিছে৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে আই এন এছ বিক্রান্ত নৌসেনাত অন্তর্ভুক্ত কৰা হ’ব৷ আই এন এছ বিক্রান্তক ইণ্ডিজিনিয়াছ এয়াৰক্রাফট কেৰিয়াৰ–১ তথা আই এ চি–১ বুলিও জনা যায়৷

গর্ভৱতী মহিলাকো কৰিব পাৰি ক’ভিড টিকাকৰণ: কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ঘোষণা

ক’ভিড–১৯ টিকাকৰণ গর্ভৱতী মহিলাকো দিব পাৰি৷ আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই ঘোষণা কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ হৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আই চি এম আৰ)ৰ সঞ্চালকপ্রধান ডাঃ বলৰাম ভার্গৱে কয়– কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে নির্দেশনা জাৰি কৰিছে যে গর্ভৱতী মহিলাকো ক’ভিড ভেকচিন দিব পাৰি৷ গর্ভৱতী মহিলাৰ কাৰণে ভেকচিন ব্যৱহাৰযোগ্য আৰু ইয়াক প্রদান কৰা উচিত৷

পদ্ম হাজৰিকা নেতৃত্বাধীন সমিতিক পৰিকল্পনাৰ খচৰা দাখিল কৰিবলৈ নির্দেশ মুখ্যমন্ত্রীৰ

ৰাজ্যৰ কৃষি অর্থনীতি উজ্জীৱিতকৰণৰ দিশত এক প্রয়াস হিচাপে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটি অঞ্চলত থকা বহু হাজাৰ বিঘা চৰকাৰী ভূমিত সমবায় ভিত্তিক খেতি কৰাৰ পৰিকল্পনা প্রস্তুতৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সমিতিৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা শুকুৰবাৰে এক বৈঠকত মিলিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত সমিতিখনে হাতত লোৱা প্রাৰম্ভিক কাম–কাজৰ বিষয়ে মুখ্যমন্ত্রীক সবিশেষ অৱগত কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই সমিতিখনৰ কাম–কাজৰ অগ্রগতিত সন্তুষ্টি প্রকাশ কৰাৰ লগতে অসম বিধানসভাৰ সমাগত বাজেট অধিৱেশনৰ আগেয়েই, জুলাহৰ প্রথম সপ্তাহৰ ভিতৰত এই সম্পর্কীয় পৰিকল্পনাৰ খচৰা দাখিল কৰিবলৈ সমিতিক নির্দেশ দিয়ে৷ এই বৈঠকত সমিতিৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা, সদস্যদ্বয় সাংসদ দিলীপ শহকীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশী, সমিতিৰ সদস্য–সচিব তথা কৃষি বিভাগৰ সঞ্চালক বিনোদ ছেছানৰ লগতে মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাও ডপস্থিত থাকে৷

গভীৰ প্রেমেৰে গীনিজ বুকত স্থান লাভ জেমছ–ক্ল’ লাষ্টেডৰ

ব্রিটেইনৰ এক দম্পতীৰ নজিৰবিহীন প্রেম কাহিনীয়ে গীনিজ ৱর্ল্ড ৰেকর্ড কৰিবলৈ সক্ষম হৈছে৷ এই দম্পতীৰ নাম হৈছে জেমছ আৰু ক্ল’ লাষ্টেড৷ প্রেম যে অন্ধ জেমছ আৰু ক্ল’ৰ কাহিনীয়ে তাক প্রমাণ কৰি দিছে৷ উল্লেখনীয় যে ৩৩ বছৰীয়া বামন জেমছ হৈছে পেশাত এগৰাকী অভিনেতা৷ ইফালে, ২৭ বছৰীয়া ক্ল’ লাষ্টেড এগৰাকী শিক্ষয়িত্রী৷ ২০১৬ চনত দুয়ো বিবাহপাশত আবদ্ধ হয়৷ দুয়োৰে শৰীৰৰ উচ্চতাৰ মাজত বৃহৎ ব্যৱধান থকা সত্ত্বেও পৰস্পৰে পৰস্পৰক সাংঘাতিক ভাল পায়৷ জেমছৰ বাবে তেওঁৰ পত্নী ৫ ফুট ৫ ইঞ্চি উচ্চতৰ ক্ল’ এগৰাকী প্রাণাধিক তথা মমতাময়ী মহিলা৷ ইফালে, ৩ ফুট ৭ ইঞ্চি উচ্চতাৰ জেমছকো গভীৰভাৱে ভাল পায় পত্নীয়ে৷ দুয়োগৰাকীৰ মাজত উচ্চতৰ ব্যৱধান ১ ফুট ১০ ইঞ্চি৷ তথাপি দুয়োৰে মাজত আছে গভীৰ প্রণয়৷ এই প্রণয়ৰ বাবেই শাৰীৰিক উচ্চতাৰ ব্যৱধান সত্ত্বেও গীনিজ বুকত নাম খোদিত কৰিবলৈ সক্ষম হৈছে জেমছ আৰু ক্ল’ৱে৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ গজৰাজ উপস্থিত হ’ল জনাঞ্চলত

গুৱাহাটীৰ চাৰিওকাষে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণী৷ মহানগৰীত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে চূডান্ত ৰূপ ধাৰণ কৰিছে৷সাতগাঁও অঞ্চলৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে পুৱতি নিশা অঞ্চলটোত প্রৱেশ কৰে৷ বনৰীয়া হাতীয়ে অঞ্চলটোৰ কেইবাটাও বাসগৃহত প্রৱেশ কৰি খাদ্যবস্তু নষ্ট কৰাৰ লগতে দোকান–পোহাৰ ভাঙি লণ্ডভণ্ড কৰে৷ ৰাইজৰ অভিযোগ মতে, অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্রৱ চলাই থকাৰ বিষয়টো স্থানীয় ৰাইজে বন বিভাগৰ লোকক বাৰম্বাৰ অৱগত কৰোৱাৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে নিজেই আমচাং অভয়াৰণ্যলৈ খেদি পঠিয়ায়৷

সোণাৰিত অব্যাহত আছে বানৰ সংহাৰ

 চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে চৰাইদেউ জিলাৰ মাজেৰে বৈ যোৱা নৈ-উপনৈ সমূহ। দিচাং , টাওকাক নদীৰ বাঢ়নী পানীয়ে সোণাৰি, চফ্ৰাই আদি বিভিন্ন প্ৰান্তত জলমগ্ন কৰাৰ সময়তে টিয়ক নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সোণাৰিৰ ৰতনপুৰ চাহ বাগিচা। ভজো গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰতনপুৰ চাহ বাগিচাৰ অধিকাংশ এলেকা পানীৰ মাজত আৱদ্ধ হৈ পৰাত এতিয়া হাহাকাৰ লাগিছে শ্ৰমিকসকলৰ মাজত। বাগিচাখনৰ সিংহভাগ শ্ৰমিকৰ বাসগৃহ পানীৰ মাজত আৱদ্ধ হৈ পৰাৰ লগতে কোনো কোনো শ্ৰমিকৰ ঘৰৰ ভিতৰলৈ পানী সোমোৱাৰ ফলত ওচৰৰ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। আনহাতে দুদিন ধৰি পানীৰ মাজত আৱদ্ধ হৈ থকাৰ পাছতো চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে ভজো গাঁও পঞ্চায়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় শ্ৰমিকে। ইফালে চাহ বাগিচা অঞ্চলত পানীৰে ভৰি পৰাৰ ফলত এতিয়া বাগিচাখনৰ কাম-কাজ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

ভূৰাগাৱঁৰ বালিডোঙাত ধৰ্ষণ হত্যাৰ বলি হোৱা কন্যা শিশুৰ ঘৰত আমছুৰ সজাতি দল

 যোৱা ২০ জুন ৰবিবাৰে ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হৈছিল এক নৃশংস ঘটনা।এগৰাকী ৯ বছৰীয়া কন্যাশিশুক প্ৰথমে ধৰ্ষণ তাৰ পিছত নৃশংসভাৱে হত্যা কৰি পেলাই থৈছিল মৰাপাট খেতিৰ মাজত। উক্ত ঘটনাৰ ৬ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। শুক্ৰবাৰে ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লবলৈ ভূৰাগাঁৱত উপস্থিত হয় ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভুক্তভোগী পৰিয়ালটোৰ সৈতে বাৰ্তালাপ কৰি শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰৰ আশ্বাস দিয়ে মূখ্যমন্ত্ৰী গৰাকীয়ে। আজি আমছুৰ এটা সজাতি দলে ভুক্তভোগী পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ ফাষ্ট্ৰেক আদালতৰ জৰিয়তে অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনোৱাৰ লগতে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লবলৈ ভূৰাগাৱঁত মূখ্যমন্ত্ৰী উপস্থিত হোৱাৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।

‘ভাল কাম কৰা হোমগাৰ্ড,কনিষ্টবলক Police Inspector পদলৈ কৰা হ’ব পদোন্নতি’-ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

শনিবাৰে বৰসিং বে’ক আৰক্ষী কনিষ্টবল পদৰ নিযুক্তিপত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বৰসিং বে’ক অসম আৰক্ষীৰ সাহসিকতাৰ প্ৰতীক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে ভালৰ কাম কৰা হোমগাৰ্ড,কনিষ্টবল, এছ আইক Police Inspector(আৰক্ষী পৰিদৰ্শক) পদলৈ পদোন্নতি কৰা হ’ব বুলি ঘোষণা কৰে। লগতে সকলো আৰক্ষীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা চিকিত্‍সা খৰচ চৰকাৰে বহন কৰাৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় য়ে, ‘নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহু উত্তৰ পূবৰ সংগঠন ড্ৰাগছৰ ব্যৱসায়ত জড়িত। অৱশ্য আলফা জড়িত নহয় ড্ৰাগছ ব্যৱসায়ত। প্ৰতিগৰাকী চাকৰিয়ালে সততাক আঁকোৱালি লব লাগিব। আৰক্ষীৰ চিকিৎসা আৰু থকাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে।’

উল্লেখ্য যে,  ২১ জুনৰ নিশা ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত বৰসং বে’য়ে তালাচী চলাই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত বাছৰ চালকে বৰসিঙক টকা দিয়াৰ লোভ দেখুৱাইছিল যদিও নিজৰ সততা বিক্ৰী নকৰি সিঙে আটক কৰিছিল চালকজনৰ সৈতে আন দুগৰাকী মহিলাক।

আৰু এই কথা সৰ্বত্ৰ প্ৰচাৰ হোৱাৰ পিছতে সকলোৱে বৰসিঙক প্ৰশংসা কৰিছিল। গৃহৰক্ষী জোৱান বৰসিং বেক সম্বৰ্ধনা জনাইছিল খোদ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে। আৰু ইয়াৰ পিছতে অসম চৰকাৰৰ কেবিনেটে  সাহসিকতাৰ স্বীকৃতি হিচাপে  গৃহৰক্ষী জোৱান বৰসিং বে’ক আৰক্ষী কনিষ্টবল পদলৈ উন্নিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।