Home Blog Page 2988

কাইলৈৰ পৰা পর্যটকৰ বাবে মুকলি হ’ব ঐতিহাসিক কীর্তিচিহ্ণ–সংগ্রহালয়

দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ তীব্রতা হ্রাস পাবলৈ ধৰিছে৷ আক্রান্তৰ সংখ্যা ধীৰে ধীৰে নিম্নগামী হৈ আহিছে৷ এদিনত চাৰি লক্ষাধিক লোক আক্রান্ত হৈ বিশ্বৰ প্রথম দেশ হিচাপে অনাকাংক্ষিত অভিলেখ গঢ়া ভাৰতত যোৱা ২৪ ঘণ্টাত ৭০,৪২১জন লোক আক্রান্ত হৈছে৷ আক্রান্তৰ সংখ্যা নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতেই দেশজুৰি কেন্দ্রৰ দ্বাৰা পৰিচালিত ঐতিহাসিক কীর্তিচিহ্ণ–সংগ্রাহালয় অহা ১৬ জুনৰ পৰা পুনৰ মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে ভাৰতীয় প্রত্নতত্ত্ব জৰীপে৷

ঐতিহাসিক তাজমহলকে ধৰি আনবোৰ কীর্তিচিহ্ণত প্রৱেশৰ বাবে অনলাইনযোগে টিকট বুক কৰিব লাগিব৷ এই ক্ষেত্রত কোনো কাৰণতে অফলাইন টিকটৰ ব্যৱস্থা নাথাকে বুলি প্রত্নতত্ত্ব জৰীপে প্রকাশ কৰিছে৷ উল্লেখ্য যে বিগত সপ্তাহ ধৰি এদিনত আক্রান্তৰ সংখ্যা ১ লাখৰ তললৈ নিম্নগামী হৈয়ে আছে৷ ৭২ দিনৰ ভিতৰত যোৱা ২৪ ঘণ্টাত এদিনত ৭০,৪২১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১,১৯,৫০১জন লোক৷ বিগত এমাহ ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৭০ সহস্রাধিক লোক আক্রান্ত হোৱাত দেশজুৰি মুঠ আক্রান্তৰ সংখ্যা ২,৯৫,১০,৪১০লৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত এক লক্ষাধিক লোক সুস্থ হৈ উঠাত সুস্থ হোৱা লোকৰ সংখ্যা ২,৮১,৬২,৯৪৭জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দেশত সুস্থতাৰ হাৰ প্রায় ৯৬ শতাংশ৷

লক্ষণীয় যে দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ১০ লাখৰ তললৈ নামি আহিছে৷ সম্প্রতি দেশত সক্রিয়া ক’ভিড ৰোগীৰ সংখ্যা ৯,৭৩,১৫৮জন৷ এই সংখ্যা হৈছে বিশ্বৰ সর্বমুঠ সক্রিয় ক’ভিড ৰোগীৰ ৮.০১ শতাংশ৷ বিশ্বৰ মুঠ মৃতকৰ ভিতৰত দেশত ৯.৭ শতাংশৰ মৃত্যু হৈছে৷ আনপিনে, আক্রান্তৰ সংখ্যা হ্রাস পালেও দেশত মৃতকৰ সংখ্যা এতিয়াও তিনি সহস্রাধিক হৈয়ে আছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৩,৯২১জনৰ৷ ইয়াকে লৈ মৃতকৰ সংখ্যা ৩,৭৪,৩০৫জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দেশত মৃতকৰ হাৰ ১.২৭ শতাংশ৷

আনপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত দেশৰ ৰাজধানী নতুন দিল্লীত দৈনিক পজিটিভিটীৰ হাৰ ৩৫ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত লকডাউনৰ ফলত সম্প্রতি পজিটিভিটীৰ হাৰ ০.২২ শতাংশলৈ নিম্নগামী হৈছে৷ আজিৰে পৰা ৰাজধানী নতুন দিল্লীত আনলক প্রক্রিয়া আৰম্ভ হৈছে৷ ৰাজধানী চহৰখনত যোৱা ২৪ ঘণ্টাত ১৩১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৬জনৰ৷

দিল্লী চৰকাৰৰ তথ্য মতে ৰাজধানী চহৰখনত সুস্থতাৰ হাৰ ৯৮.০৩ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৭৪ শতাংশ৷ ক’ভিড সংক্রমণৰ তীব্রতা হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি অহা ১৬ জুনৰ পৰা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পৰিচালিত ঐতিহাসিক কীর্তিচিহ্ণ, সংগ্রহালয়সমূহ দর্শনার্থী, পর্যটকৰ বাবে পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ভাৰতীয় প্রত্নতত্ত্ব জৰীপে (এ এছ আই) সোমবাৰে ঘোষণা কৰা মতে ১৬ জুনৰ পৰা দেশজুৰি কেন্দ্রৰ দ্বাৰা পৰিচালিত ৩,৬৮৪ কীর্তিচিহ্ণ পুনৰ মুকলি হ’ব৷

ভাৰতীয় মানুহৰ বাবে বন্ধ ভুটানলৈ যোৱা প্ৰবেশ দ্বাৰ

অসমকে ধৰি ভাৰতবৰ্ষৰ কেবাখনো ৰাজ্যত ক’ৰনা মহামাৰীয়ে সংসাৰী ৰুপ ধাৰণ কৰিছে ৷ ইতিমধ্যে হেজাৰ হেজাৰ লোক মৃত্যুৰ মুখত পৰিছে ৷ ক’ৰনা দ্বতীয় লহৰৰ পিছত সংকেত আহিছে তৃতীয় লহৰৰ ৷ মাজেতে পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল যদিও এতিয়া মিনি লকডাউনে পৰিবেশৰ অস্বাভাৱিক হৈ পৰিছে ৷ ভাৰতৰ এনে পৰিবেশৰ বাবে সীমান্তত ৰাষ্ট্ৰ ভুটানে বন্ধ কৰি থৈছে ভুটানৰ প্ৰবেশ দ্বাৰা ৷প্ৰবেশ দ্বাৰত কঠোৰ নিৰাপত্তা ৷ভাৰত পৰা  ভুটানলৈ  যোৱা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো কঠোৰ নিয়ম অৱলম্বন কৰিছে ভুটান চৰকাৰে৷আনহাতে ভুটানলৈ যোৱা সামগ্ৰীৰ বাবে প্ৰবেশ দ্বাৰত ঘন্টা ঘন্টা  ধৰি অপেক্ষা কৰিব লগা  হয় ভটান চৰকাৰৰ অনুমতিৰ বাবে ৷ কেতিয়াবা বিনা অনুমতি ঘুৰি যাব লগাও হয় বহুত গাড়ী৷ কেতিয়াবা অনুমতি পালেও সম্পূৰ্ণ গাড়ী সহ চালক প্ৰবেশ পথতে চেনিটাইজাৰ কৰিহে যাবলৈ দিয়ে ভুটান পুলিচে ৷ আনহাতে ভাৰতৰ পৰা যোৱা সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীসমুহে কোনো কাৰনতে খুলিব নোৱাৰিব গাড়ীৰ খিৰিকী৷বন্ধ খিৰিকীৰে পাব লাগিব গন্তব্য স্থান৷ চালক সহ দুজনৰ মাত্ৰ গাড়ীত যোৱাৰ অনুমতি ৷অতি অত্যাৱশ্যকীয় সাগ্ৰীৰ বাহিৰে বেলেগ গাড়ী প্ৰবেশত অনুমতি নাই ৷ ভুটানৰ প্ৰবেশদ্বাৰাত কোনো ভাৰতীয় মানুহ থিয় হলে ভুটান পুলিচৰ অশ্ৰাব্য গালি গালজ ভাহি অহাও পৰিলক্ষিত হয় ৷ আনহাতে ভুটান  চিমেন্টে ভাৰতীয় বজাৰ দখল কৰিবলৈ সক্ষম হোৱা ভুটান চিমেণ্টৰ উৎপাদন বৰ্তমান কমি আহিছে ৷ভুটানত চিমেণ্ট উদ্যোগ কাম কৰা অধিকাংশ শ্ৰমিক ভাৰতীয়৷ এতিয়া ভুটানত প্ৰবেশৰ অনুমতি নাই বাবে শ্ৰমিকৰ অভাৱত তীব্ৰ হাৰত কমিছে উৎপাদন৷ উল্লেখ্য যে ভুটান চৰকাৰৰ এই কঠোৰ নীতি নিয়মৰ বাবে ক’ৰনামহামাৰীৰ কবলৰ পৰা মুক্ত হৈ চলিব পাৰিছে৷

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : যমুনামুখৰ বানে ছিঙা বিধ্বস্ত বাট-পথ পৰিদৰ্শন কৰিলে বিধায়কৰ প্ৰতিনিধিয়ে

যমুনামুখ সমষ্টিৰ বানে ছিঙা বিধ্বস্ত পথৰ  বাতৰি এক মাত্ৰ আমাৰ কাকত খনত প্ৰকাশ পাইছিল। যোৱা ১৩ জুন তাৰিখে আমি যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাৰ্লক, যমুনামুখ, বালিৰাম,নগাঞাপাম,চাংমাজি আদি অঞ্চল সমূহৰ লগতে লক্ষাধিক লোকৰ যাতায়তৰ মাধ্যম স্বৰূপ ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানী পথৰবাতৰি প্ৰকাশ কৰোঁ। বাতৰি প্ৰকাশৰ লগে লগে যমুনামুখ সমষ্টিৰ বিধায়ক আলহাজ ছিৰাজ উদ্দিন আজমলৰ অনুপস্থিতিত তেওঁৰেই প্ৰতিনিধি বিশিষ্ট সমাজসেৱক আনৱাৰ হুছেইন, এ আই ই উডিএফৰ যমুনামুখ সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক আলহাজ মোহাম্মদ আলীৰ নেতৃত্বত এটা  দলে অঞ্চল সমুহ পৰিদৰ্শন কৰে । প্ৰতিনিধিৰ দলটোৱে পথকেইটাৰ বৰ্তমানৰ অৱস্থা পৰিদৰ্শনৰ লগতে বিধ্বস্ত হৈ পৰা পথকেইটাৰ পুনৰ মেৰামতিৰ প্ৰদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য কথা হ’ল অসম চৰকাৰৰ এটা বিয়াগোম গড়কাপ্তানী বিভাগৰ চকু এতিয়া লৈকে মেলখোৱা নাই। বিধায়ক ছিৰাজ উদ্দিন আজমলৰ নিজা উদ্যোগত ব্যক্তিগত পুঁজিৰে মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। আজমলে পথকেইটা মেৰামতি কৰিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়ত স্পষ্ট হ’ব।

জখলাবন্ধাত তিনি চোৰ গ্ৰেপ্তাৰ:বৃহৎ পৰিমাণৰ চুৰি গেলামাল উদ্ধাৰ

জখলাবন্ধাত নিশা গেলামালৰ দোকানৰ গোডামৰ পৰা খাদ্য সামগ্ৰী চুৰি কৰি ৰঙাঘৰত সোমাল তিনিটাকৈ গভাইত চোৰ। সোমবাৰে পুৱতি নিশা জখলাবন্ধা চহৰৰ  মাজ মজিয়াৰ সুৰেশ ৰায় ওৰফে ভিক্ষাৰী নামৰ ব‍্যৱসায়ীজনৰ  গুডামত সোমাই  চোৰৰ দলটিয়ে মিঠাতেল, ৰিফাইন তেল লুটকৰাৰ সময়তে হাতে-লোটে আটক কৰে বিবেক ৰবিদাস নামৰ চোৰটোক। ধৃত বিবেক ৰবিদাসৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মৃদুল দেৱনাথৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই জখলাবন্ধা থানা এলেকাধীন কেৰিবাকৰিৰ পৰা জয় বাচফৰ(২০) আৰু মিটলেচ চাহানি(১৮) নামৰ আন দুটা চোৰক আটক কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী খিনি উদ্বাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে প্ৰায় ১ বছৰৰ পূৰ্বৰ পৰা উক্ত অঞ্চলৰ কেইবাটাও গুডামৰ পৰা এইদৰে বিভিন্ন সামগ্ৰী চুৰি কাৰ্য সংঘটিত হৈ আহিছিল। অবশেষত আৰক্ষীৰ জালত পৰিল এই তিনি চোৰ। ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪৫৭/৩৮০ধাৰাৰ  অধীনত ৪০/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

কি অৱস্থাত হাতীমূৰাৰ ‘কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি’

ৰাজ‍্যৰ কৃষি খণ্ডত পৰিৱৰ্তন আনিবলৈ ১৯৭২ চনতে হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। ৮৪৮০ হেক্টৰ কৃষিভুমিত পানী যোগানৰ লক্ষৰে হাতীমুৰাত স্থাপন কৰা হৈছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। পৰৱৰ্তী সময়ত ১৯৭৭ চনত স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আচঁনি। ২১ হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি নামেৰে আন এক আঁচনি। পৰৱৰ্তী সময়ত আঁচনি দুটাক সংযোগ কৰি এই আঁচনি নাম হয় ‘কলিয়াবৰ-কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি। কিন্তু, কলং উত্তোলন জলসিঞ্চনৰ বাৰাজখনৰ (Barrage) বিপৰীতে হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নিচিহ্ন হ’ল ১৯৭২ চনত স্থাপিত কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বাৰাজখন। উচ্চ-ক্ষমতা সম্পন্ন ৮ টাকৈ ইলেক্ট্ৰিক মটৰ-পাম্পৰে পৰিপূৰ্ণ বাৰাজখন সম্প্ৰতি নোহোৱা হ’ল হাতীমুৰাৰ পৰা।  ২০১৮ বৰ্ষত হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ বালিত জৰাজীৰ্ণ অৱস্থাত পৰি আছিল বাৰাজখন।  বিভাগীয় দায়িত্বজ্ঞানহীনতাৰ ফলতেই জহি-খহি গৈছিল কোটিটকীয়া বাৰাজখন। পৰবৰ্তী সময়ত মেৰামতি কৰাৰ বিপৰীতে জলসিঞ্চন বিভাগে ভাঙি চুৰমাৰ কৰে কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ ব্ৰাজখন। যাৰ ফলত এতিয়া মুকলি আকাশৰ তলত বিভাগটোৱে ধবংস কৰি পেলোৱা বাৰাজখন ভগ্নাৱশেষৰ লগতে উচ্চ ক্ষমতাসম্পন্ন এই ইলেক্ট্ৰিক মটৰসমুহ।উল্লেখ‍্য যে, কৃষক ৰাইজৰ সুবিধাৰ্থে নগাঁও চহৰৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ নিলগৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাতীমূৰা পাহাৰৰ কাষেদি পাৰ হৈ যোৱা ব্ৰক্ষপুত্ৰ নদীৰ পাৰত ১৯৭২ চনতে স্থাপিত কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ পৰা কলিয়াবৰ ৰাজহ চক্ৰৰ চতিয়াল, পূৱথৰীয়া আৰু বৰভগীয়া মৌজাৰ কৃষকসকলে কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে। তিনিওটা মৌজাৰ মুঠ ১১,৭০১ হেজাৰ হেক্টৰ খেতিমাটি আৰু ৮,৫৮৩ হেজাৰ হেক্টৰ এন আই ই মাটি সামৰি জলসিঞ্চনৰ বাৱে ৯২,৮৯৬ কিলোমিটাৰ নলা নিৰ্মাণৰ জৰিয়তে হেজাৰ হেজাৰ কৃষকৰ আবাদী কৃষিভূমি নষ্ট কৰি কৃষকক ভূমিহীন কৰাৰ বাহিৰে সাফল্যৰ খটিয়ান স্বয়ং বিভাগটোৰ হাততেই শূণ্য।তদুপৰি, যোৱা সময়ছোৱাত আঁচনিখনৰ বিভিন্ন মেৰামতি বা সামগ্ৰী যোগানৰ নামত বাৰ্ষিক বহৎ ধনৰ ব‍্যয় হৈছিল। ঠিকাদাৰৰ ধনসিঞ্চন হ’ল ঠিকেই, কিন্তু কলিয়াবৰীয়া কৃষকে সঠিককৈ নাপালে জলসিঞ্চনৰ সুবিধা। বিভাগীয় হেমাহিত ধ্বংসৰ দিশে গতি কৰিছে কলিয়াবৰৰ হাতীমুৰাৰ বৃহৎ জলসিঞ্চন আঁচনি। কাৰ্যতঃ বগাহাতীত পৰিণত হৈছে এই বৃহৎ আঁচনি।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত বিৰল বগা হৰিণ

সততে আমি দেখা পহুৰ দেহৰ ৰং কেনেকুৱা, তাক দুনাই কোৱা প্ৰয়োজনেইবা ক’ত? কিন্তু পহুৰ দেহৰ ৰং বেলেগো হ’ব পাৰে সেইয় আমাৰ কল্পনাৰ অগোচৰ। এনে অকল্পনীয় ঘটনাৰ কেতিয়া সাক্ষী হ’বলগীয়া হয়, তাৰ কোনো নিশ্চয়তা নাথাকে।
মানুহৰ জল্পনা-কল্পনাৰ অন্ত পেলাই প্ৰকৃতি আগবাঢ়ে সন্তৰপৰ্ণে। কোনেও নভৱা-নিচিনা চমক দিবলৈ প্ৰতিক্ষণতে সাজু প্ৰকৃতি। তেনে এক বিৰল চমকৰ চিত্ৰ বন্দী হ’ল এগৰাকী প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত। এনে অকল্পনীয়, বিৰল ঘটনাৰ সাক্ষী হ’ল কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী, প্ৰকৃতিৰ ছবি তুলি ভালপোৱা এগৰাকী যুৱকৰ কেমেৰাত।
প্ৰকৃতিপ্ৰেমী যুৱকজনৰ কেমেৰাত বন্দী হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল বগা হৰিণ। বিশ্ব ঐতিহ‍্য ক্ষেত্ৰৰূপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক আশ্চৰ্য‍্য বগা হৰিণৰ উপস্থিতিয়ে এতিয়া সামাজিক মাধ‍্যমত খলকনি তুলিছে।  ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগত দৃশ‍্যমান হোৱা বগা ৰঙৰ বিৰল হৰিণাই ৰাষ্ট্ৰীয় উদ্যানৰ এই নতুন প্ৰজাতিবিধক লৈ আৰু অধিক উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভুমিত আন-আন হৰিণাৰ জাকৰ মাজতে আপোনমনে চৰি থকা এটি শুদ্ধ বগা হৰিণ ফটো বন্দী হৈছে প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত। কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক জয়ন্ত কুমাৰ শৰ্মাৰ কেমেৰাত বন্দী হৈছিল এই বিৰল দৃশ‍্য।
কিছুদিন পূ্ৰ্বে কাজিৰঙাত বগা বাঘৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত খলকনি তোলাৰ পাছতে এইবাৰ আকৌ বগা হৰিণাৰ উপস্থিতিয়ে প্ৰাণীজগতৰ এক নতুন দিশ উন্মোচিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত। ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে দেখা পোৱা গৈছিল শুদ্ধ বগা বৰণৰ হৰিণটি৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা এই বগা হৰিণক লৈ চৰ্চিত হৈছে বিভিন্ন দিশ। উত্থাপিত হৈছে প্ৰশ্ন, ই হ’ব পাৰে নেকি বিশ্বৰ প্ৰাণীজগত তথা প্ৰাণীবিজ্ঞানৰ নৱতম সংযোজন৷ কিন্তু পৰিশিলীত অনুসন্ধান আৰু অধ্যয়নৰ জৰিয়তেহে উন্মোচিত হ’ব বগা হৰিণৰ ৰহস‍্য৷ উল্লেখ‍্য যে, ২০১০ চনৰ সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত কম সময়ৰ বাবে প্ৰত্যক্ষ হৈছিল এই বিৰল বগা বাঘ৷
এই বিৰল ছবিখনৰ ফটোগ্ৰাফাৰ জয়ন্ত কুমাৰ শৰ্মাৰ মত,  প্ৰাণীবিজ্ঞানীসকলৰ মতে, বহু সময়ত বিভিন্ন কাৰণত জীন বা বংশগতিৰ পৰিৱৰ্তন বা আগতি জীনৰ বাবেও এই বৰণ সলনি হ’ব পাৰে হৰিণকে ধৰি আন আন বন্যপ্ৰাণীৰ। অৱশ্যে জীৱ জগতৰ নৱতম সংযোজনৰ কথাটোও একে আষাৰে নুই কৰিব নোৱাৰি ৷ প্ৰাণীবিজ্ঞানীসকলৰ ভাষাত ALBINO বা শ্বেত চৰ্মৰ প্ৰাণী বুলিও অভিহিত কৰিব পাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত এই বগা হৰিণক।বংশগতি, জীনৰ পৰিৱৰ্তন বা আগতি জীনৰ উপস্থিতি যি কাৰণেই নহওক, এতিয়া এই বগা হৰিণা বা শ্বেত হৰিণাক লৈ উৎসাহ আৰু উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত। জীৱবিজ্ঞানৰ তালিকাত যদি এই ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হয় তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হ’ব এই হৰিণৰ নৱতম আশ্ৰয়ভূমি।

মৰ্কজুল মা’আৰিফৰ নীলবাগান ক’ভিড হাস্পাতাল চেনিটাইজেচন, খাদ্যৰ পেকেট বিতৰণ

হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফে আজি জিলাখনৰ ক’ভিড হস্পিটেল ৰূপে পৰিচিত নীলবাগান মডেল হস্পিটেল চৌহদ চেনিটাইজ কৰে৷ লগতে ক’ভিড ৰোগী সকলৰ  মাজত খাদ্যৰ টোপোলা বিতৰণ কৰে৷ আজি পুৱাৰ ভাগত সংস্থাটোৰ কাৰ্যবাহী সভাপতি ড° চামছুল হক চৌধুৰী আৰু সমাজকৰ্মী আনোৱাৰ হুছেইনে নীলবাগান হাস্পাতালৰ চেনিটাইজেচনৰ কামৰ শুভাৰম্ভ কৰে৷ ডেপুটি মেনেজাৰ জামাল উদ্দিনৰ নেতৃত্বত স্বেচ্ছাসেৱকৰ দলে হাস্পাতালৰ বাহিৰ-ভিতৰ বীজানুমুক্ত কৰিবলৈ ঔষধ ছটিয়ায় ৷ এই উপলক্ষে হাস্পাতালখনৰ কৰ্তব্যৰত চিকিৎসক ডা: এছ এম এম ইছলামে ক’ভিড মহামাৰীৰ এই সময়ত মৰ্কজুল মা আৰিফে লোৱা পদক্ষেপৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে৷ পিছত স্বেচ্ছাসেৱকৰ দলটোৱে ডবকা ত্ৰিশখন বিচনাযুক্ত হস্পিটেল, ডবকা বজাৰ আৰু মাছ বজাৰ চেনিটাইজড কৰে৷ অভিযানটোৰ নেতৃত্ব দিয়া মৰ্কজুল মা আৰিফৰ ডেপুটি মেনেজাৰ মহম্মদ জামাল উদ্দিনে কয় যে, জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে মৰ্কজুল মা’আৰিফে বিগত কেবাদিন ধৰি এই পবিত্ৰ কামটো চলাই গৈছে৷ তেওঁলোকে হোজাই থানা, হোজাই পৌৰসভা কাৰ্যালয়, বেংক, চুপাৰ মাৰ্কেট, বিদ্যুৎ বিভাগৰ কাৰ্যালয় আদি চেনিটাইজড কৰিছে আৰু অনাগত দিনতো এই কাম চলি থাকিব৷ ক’ভিদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজেৰে মহামাৰীক পৰাজিত কৰাটো সম্ভৱ বুলি ডেপুটি মেনেজাৰজনে মন্তব্য কৰে৷

”বছৰত এসপ্তাহ সমগ্ৰ বিশ্বতে লকডাউন দিয়ক”-অৰণ্য মানৱ যাদৱ পায়েঙ

অসমৰ পৰা এজন বিশেষ ব্যক্তিয়ে সমগ্ৰ বিশ্ববাসীলৈ জনাইছে এটি বিশেষ আহ্বান। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে এসপ্তাহৰ বাবে লকডাউন দিবলৈ বিশ্বৰ সকলো দেশৰ নেতৃত্বলৈ অনুৰোধ জনাইছে অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙে।

বিগত বৰ্ষত কভিড পৰিস্থিতিৰ বাবে যেতিয়া সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছিল, সেই সময়ছোৱাত প্ৰকৃতিত বহু যোগাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। প্ৰকৃতিয়ে যেন নতুনকৈ প্ৰাণ পাই উঠিছিল সেই সময়ত। বায়ু প্ৰদূষণ অভাৱনীয়ভাৱে কমি গৈছিল। আৰু বন্য জীৱ-জন্তু তথা চৰাই-চিৰিকতিসমূহ যেন আনন্দত উথলি উঠিছিল। সেয়েহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি প্ৰকৃতিক অধিক সেউজীয়া কৰি জীপাল কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে আহ্বান জনাইছে যাদৱ পায়েঙে।

অৰণ্য মানৱ যাদৱ পায়েঙে পৃথিৱীৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কৰ ব্ৰেণ্ড এম্বেচাদৰৰ সন্মুখত এই প্ৰস্তাৱ উৎথাপন কৰিছে। পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ বিশ্বৰ সকলো দেশৰে মূৰব্বীসকলক বছৰি এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে অনুৰোধ জনাইছে পদ্মশ্ৰী যাদৱ পায়েঙে। নিজৰ বনাঞ্চলত লকডাউনৰ সময়ছোৱাত জীৱ-জন্তু, চৰাই-চিৰিকতিৰ মাজত পৰিলক্ষিত হোৱা অভূতপূৰ্ব যোগাত্মক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰিয়েই অৰণ্য মানৱগৰাকীয়ে এই আহ্বান জনাইছে।

“লকডাউনৰ সময়ছোৱাত মই মোৰ হাবিত জীৱ-জন্তু , চৰাই-চিৰিকতিসমূহৰ মাজত বহু পৰিৱৰ্তন দেখিবলৈ পাইছিলো। প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখি পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিয়াটো অতিকৈ প্ৰয়োজনীয়। মই ইতিমধ্যে এই প্ৰস্তাৱটো ইউনেস্কৰ ব্ৰেণ্ড এম্বেছাদৰৰ সন্মুখত উৎথাপন কৰিছো।”, অৰণ্য মানৱ যাদৱ পায়েঙে এনেদৰে কয়।

যদিহে যাদৱ পায়েঙৰ এই আহ্বানে বিশ্ববাসীৰ পৰা সঁহাৰি লাভ কৰে তেন্তে সেয়া হয়তো এক অভূতপূৰ্ব ঘটনা হ’ব আৰু প্ৰকৃতিৰ বাবে ই কঢ়িয়াই আনিব বহুত আশাৰ বতৰা।

কিহৰ তাড়নাত ৰাতি ৰাতি ছাগলী চুৰি কৰিছিল এইজন যুৱ গায়কে?

কিহৰ তাড়নাত ৰাতি ৰাতি ছাগলী চুৰি কৰিছিল এইজন যুৱ গায়কে?

তিনি ফুটকৈ উচ্চতাৰ তিনিগৰাকী ভাই-ভনী। কৰ’ণাকলীয়া পৰিস্থিতিত এতিয়া ভাতমুঠিৰো হাহাকাৰ।

তিনি ফুটকৈ উচ্চতাৰ তিনিগৰাকী ভাই-ভনী। কৰ’ণাকলীয়া পৰিস্থিতিত এতিয়া ভাতমুঠিৰো হাহাকাৰ।