Home Blog Page 3002

কাইলৈ ২০২১ বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ

কাইলৈ ২০২১ বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ। এইটো এটা সম্পূৰ্ণ সূৰ্যগ্ৰহণ য’ত চন্দ্ৰই পৃথিৱীক সম্পূৰ্ণৰূপে আৱৰি ৰাখিব। চন্দ্ৰই গ্ৰহণত সূৰ্যৰ প্ৰায় ৯৪ শতাংশ গ্ৰাস কৰিব, অৰ্থাৎ গ্ৰহণ লগাব। সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ কাৰণে দিনটোত আন্ধাৰ হ’ব। এই গ্ৰহণ ভাৰতত আংশিকভাৱে হ’ব। সেয়েহে, গ্ৰহণৰ সময় বৈধ নহ’ব। আমেৰিকা যুক্তৰাজ্য, ইউৰোপ আৰু এছিয়াৰ উত্তৰ অংশতো আংশিক গ্ৰহণ হ’ব। সম্পূৰ্ণ সূৰ্যগ্ৰহণ উত্তৰ কানাডা, গ্ৰীণলেণ্ড আৰু ৰাছিয়াত হ’ব।বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ দুপৰীয়া ১.৪২ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৬.৪১ বজালৈকে চলিব। এইবাৰ গ্ৰহণৰ সময় ভাৰতত বৈধ নহয়।

আলোপতিৰ একাংশ উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ,গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিলে ৰাজপথ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিত একাংশ উদীয়মান যুৱকৰ প্ৰশসংনীয় পদক্ষেপ, চৰকাৰ কিম্বা জনপ্ৰতিনিধি ল’ই বাট নাচাই হাতে হাতে কোৰ-বস্তা লৈ পথ মেৰামতি কৰিলে অঞ্চলটোৰ একাংশ উদীয়মান যুৱকে। বাঘবৰ সমষ্টিৰ চহৰাঞ্চলৰ আলোপতি মাজৰচৰ বজাৰৰ পৰা আলোপতি স্বাস্থ্য কেন্দ্ৰ হৈ বাঘমাৰা বজাৰলৈ যোৱা মূল পথচোৱা দীৰ্ঘদিনৰে পৰা অতি শোচনীয় হৈ পৰিছিল। এজাক বৰষুণতেই জলমগ্ন হৈ পৰিছিল পথচোৱা, পুখুৰীৰ ৰূপ লোৱা পথত পোহনীয়া হাঁহ বোৰহে কৰিছিল জলকেলি। ৰাইজে যাতায়াতৰ বিপৰ্যয়ৰ কথা বাৰম্বাৰ পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিধায়ক শ্বেৰমান আলী আহমেদক অৱগত কৰিছিল যদিও বিধায়ক গৰাকী কিম্বা পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। উপায়বিহীন হৈ ৰাইজ গাঠিৰ ধন খৰছ কৰি অঞ্চলটোৰ একাংশ উদীয়মান যুৱকে পথচোৱা মেৰামতি কৰাৰ বাবে ওলাই আহিল। ভাড়াতীয়া টেক্টৰেৰে পুখুৰী সদৃশ জলমগ্ন সদাব্যস্ত পথচোৱা মাটি কঢ়িয়াই আনি পেলালে যুৱক সকলে। হাতে হাতে কোৰ লৈ একাংশ যুৱকে মাটি কাট যাতায়তৰ বাবে সুপম কৰিলে সদাব্যস্ত পথচোৱা। এতিয়া প্ৰশ্ন হয় ৰাইজৰ দুখ দুৰ্দশা দেখি বিধায়ক কিম্বা চৰকাৰে আগলৈ ভাবিবনে পথটি উন্নত কৰিবলৈ সেয়া সময়েহে হব লক্ষণীয়।

কাগজ কল পুনৰুজ্জীৱিত কৰি আধুনিকীকৰণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ

কাৰাবন্দী শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰিবলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। অলপতে মৃতপ্ৰায় কল দুটা নিলাম কৰিবলৈ প্ৰকাশ পোৱা জাননীৰ সম্বন্ধে পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি অখিল গগৈয়ে ২০১৫ আৰু ২০১৭ চনৰ পৰা বন্ধ হৈ থকা কাগজ কলকেইটাত কৰ্মৰত বিষয়া–কৰ্মচাৰীৰ সকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰে।

তেওঁ কয়- উদ্যোগ দুটা বন্ধ হোৱাত ইয়াৰ বিষয়া আৰু কৰ্মচাৰীসকলে পাবলগীয়া দৰমহা, পেঞ্চন, Provident fund আদিৰ ধনৰ পৰা বঞ্চিত হৈছে। এতিয়ালৈ আৰ্থিক নাটনিৰ ফলত ৮৭জন লোক মৃত্যুৰ মুখত পৰিছে। বহুজনে আত্মহত্যাৰ পথ বাছি লৈছে। তেওঁ লগতে বিজেপিশাসিত পূৰ্বৰ ৰাজ্য চৰকাৰখনে কাগজ উৎপাদন কৰা উদ্যোগ দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কথাটোও পত্ৰ জৰিয়তে সোঁৱৰাই দিবলৈ চেষ্টা কৰে।গগৈয়ে প্রধানমন্ত্ৰীক কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি আধুনিকীকৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ অসমৰ উদ্যোগীক জড়িত কৰি তথা কেন্দ্ৰীয় চৰকাৰে সাহায্য আগবঢ়াই কল দুটাক মুনাফা আদায়ৰ দিশে লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। এই সন্দৰ্ভত তেওঁ মধ্য প্ৰদেশৰ NEPA কাগজ কল আৰু Hindustan Newsprint Limitedৰ অধীনৰ কেৰালাত থকা কলটো পুনৰ কাৰ্যক্ষম কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ উদাহৰণ দিয়ে। তেওঁ লগতে কাগজ কল কেইটাৰ অধীনত থকা অতিৰিক্ত মাটিত মধ্যম আৰু লঘু উদ্যোগ গঢ়াৰো পৰামৰ্শ দিয়ে।উল্লেখযোগ্য যে অলপতে কাগজ কল দুটা নিলামৰ জাননী প্ৰকাশ পাইছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কৈছিল – “কোনোবাই যদি কলকেইটা কিনিবলৈ আগবাঢ়ি আহে, মই গৈ তেওঁক গামোচা পিন্ধাম।’’ তেওঁ কল কেইটাত মজুত থকা যন্ত্ৰৰে পুনৰুজ্জীৱিত কৰিব পৰা নাযায় বুলিও মন্তব্য কৰিছিল।

বানে ছিঙিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ : কেইবাখনো গাৱৰ যোগাযোগ বিচ্ছিন্ন।

যোৱা কিছুদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত বৰষুণৰ বাঢ়নি পানীয়ে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথৰ একাংশ উটুৱাই নিয়ে। ৰঙিয়াৰ সমীপৱৰ্তী বাক্সা জিলাৰ ধেপাৰগাৱত বৰষুণৰ পানীয়ে উটুৱাই নিয়ে পথটোৰ একাংশ। যাৰ ফলত পথটোৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।পথটোৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত যান বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে। ৰাইজে ততাতৈয়াকৈ এখন বাহৰ সাকো নিৰ্মাণ কৰি বৰ্তমান এই পথটোৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। উল্লেখযোগ্যযে এই পথচোৱাই হʼল কাউৰবাহা,মাদৈকাটা,গান্ধীবাৰী,লতিবাৰী আদি অঞ্চলৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথ ।ৰাইজৰ অভিযোগ ঠিকাদাৰে অবিজ্ঞানসন্মতভাৱে অতি নিন্মমানৰ কাম কৰি যোৱাৰ ফলতেই এইদৰে বৰষুণৰ পানীত পথচোৱা উটি গৈছে। বৰ্তমান কʼভিদ সৃষ্ট পৰিবেশ ,ইয়াকেলৈ ৰাইজ এতিয়া শংকাত ভুগিছে কিয়নো স্বাস্থ্যসেৱাকে আদি কৰি যিকোনো জৰুৰীকালীন সেৱা তেওঁলোকে সহজতে নাপাব । উল্লেখযোগ্য যোৱা বৰ্ষৰ জুলাই মাহত হোৱা প্ৰলয়ংকাৰী বানে বগৰীবাৰীত মথাউৰি ছিগি সমগ্ৰ অঞ্চলটো জলমগ্ন কৰিছিল। বাট পথৰো বিস্তৰ ক্ষতি সাধন কৰিছিল। উটুৱাই নিছিল বহু পৰিয়ালৰ ঘৰ দুৱাৰ। ইপিনে কিছুদিন পূৰ্বে মেৰামতি কৰা পথটো পুনৰ পানীয়ে এনেদৰে ছিগি নিয়াত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ সংশ্লিষ্ট বিভাগক ৰাইজে দাবী জনাই।

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ,২৪ ঘণ্টাত পজিটিভিটীৰ হাৰ ২.৯৬ শতাংশ,এদিনত ৰাজ্যত ক’ভিডত আক্ৰান্ত ৩৯৪৮জন,কামৰূপ(মঃ)ত নতুনকৈ আক্ৰান্ত ৩৪১জন,পৰীক্ষা সম্পন্ন হৈছিল ১ লাখ ৩৩ হাজাৰ ২১২টা,ৰাজ্যত ২৪ ঘণ্টাত ৪৩ ক’ভিড আক্ৰান্তৰ মৃত্যু

বৈষ্ণো দেৱী ভৱনৰ ওচৰৰ কেছ কাউণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড

জম্মু-কাশ্মীৰৰ মা বৈষ্ণো দেৱী ভৱনৰ ওচৰত জুই (Fire at vaishno devi Temple) লগাৰ খবৰ পোৱা গৈছে।

সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি, মা বৈষ্ণো দেৱী বোৰ্ডৰ কেছ কাউণ্টাৰৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত স্থানীয় প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অন্য কোনো ক্ষয়-ক্ষতিৰ তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই।

নগাঁৱত কাইলৈৰ পৰা ক’ভাক্সিনৰ দ্বিতীয় পালি

সোমবাৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে এখন সংবাদ মেলযোগে ক’ভাক্সিন প্রতিষেধক সন্দর্ভত নির্দিষ্ট তাৰিখ ঘোষণা কৰে৷ উপায়ুক্তগৰাকীয়ে প্রকাশ কৰা অনুসৰি ৰাষ্ট্রীয় স্বাস্থ্য মিছনে নগাঁৱৰ বাবে ইতিমধ্যে ১১৭০টা পালি প্রেৰণ কৰাত এইখিনি ক’ভাক্সিন প্রতিষেধক মজুত আছে৷

যোৱা ১৬ এপ্রিলৰ ভিতৰত যিসকল ব্যক্তিয়ে প্রথম পালি ক’ভাক্সিন গ্রহণ কৰিছিল তেওঁলোকে অহা ৯ জুনত নগাঁও চহৰৰ হয়বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডছন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত দ্বিতীয় পালি প্রতিষেধক গ্রহণ কৰিব পাৰিব৷ যদি প্রতিষেধক প্রদান কৰি কিছু বাচি যায় তেতিয়া ১০ জুনত ১৭ এপ্রিলত গ্রহণ কৰা ব্যক্তিয়ে ল’ব পাৰিব৷

উপায়ুক্তগৰাকীয়ে আৰু   কয় নগাঁৱৰ ৯ হাজাৰ ৬০০গৰাকী ব্যক্তিয়ে প্রথম পালি গ্রহণ কৰি দ্বিতীয় পালিৰ বাবে অপেক্ষা কৰি আছে খুব কম সময়ৰ ভিতৰতে বাকীসকলকো দ্বিতীয় পালি ক’ভাক্সিন প্রতিষেধক প্রদান কৰা হ’ব বুলি প্রকাশ কৰে৷

উল্লেখ্য যে নগাঁৱত ক’ভাক্সিনৰ দ্বিতীয় পালিক লৈ একাংশ নাগৰিকৰ মাজত অনিশ্চয়তাৰ সৃষ্টি হৈছে৷

আফগান মহিলা আৰক্ষীৰ ওপৰত যৌন নির্যাতন:তদন্তৰ দাবী

আফগান মহিলা আৰক্ষীৰ ওপৰত হোৱা যৌন আতিশয্যৰ অভিযোগ সন্দর্ভত শীঘ্রে তদন্ত হ’ব লাগে বুলি দাবী জনাইছে আমেৰিকা আৰু ইউৰোপীয় সংঘ (ই ইউ)ই৷ লক্ষণীয়ভাৱে সংবাদ সংস্থা বিবিচিয়ে চলোৱা তদন্তত বহু আফগান মহিলা আৰক্ষী বিষয়া সতীর্থৰ যৌন আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷ কিন্তু এই যৌন আতিশয্যৰ ঘটনা সন্দর্ভত জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰি আহিছে মহিলা আৰক্ষী বিষয়াসকলে৷ ইয়াৰ মূল কাৰণ হৈছে অভিযোগ দাখিল কৰিলেই মহিলা আৰক্ষী বিষয়াসকলৰ ওপৰত নজিৰবিহীন মানসিক তথা শাৰীৰিক নির্যাতন চলিব৷ আফগানিস্তানত থকা আমেৰিকান কূটনীতিক ৰছ উইলছনে দাবী কৰিছে যে শীঘ্রে দোষী আৰক্ষী বিষয়াক শাস্তি প্রদান কৰাৰ ক্ষেত্রত আফগান চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ অনুৰূপ দাবী উত্থাপন কৰিছে ইউৰোপীয় সংঘৰ সদস্য দেশবোৰে৷

পাকিস্তানত ৰে’ল দুর্ঘটনা: মৃত্যু ৫০ যাত্রীৰ

পাকিস্তানৰ সিন্ধ প্রদেশত সংঘটিত শোকাৱহ ৰে’ল দুর্ঘটনাত কমপক্ষেও ৫০গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৭০ গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ দুখনকৈ যাত্রীবাহী ৰে’ল মুখামুখি সংঘর্ষত পতিত হোৱাৰ ফলত ঘটনাস্থলীতে ৫০গৰাকী লোকৰ মৃত্যু হয়৷ তাৎক্ষণিকভাৱে চৰকাৰে সেনা আৰু অর্ধ–সেনাক উদ্ধাৰ তথা সাহায্য অভিযানত মোতায়েন কৰে৷ কৰাচীৰ পৰা ছাৰগোধা অভিমুখে আহি থকা মিলাট এক্সপ্রেছে ৰাৱালপিণ্ডিৰ পৰা কৰাচী অভিমুখে আহি থকা ছাৰ ছয়ীদ এক্সপ্রেছত খুন্দা মৰাৰ ফলত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই দুর্ঘটনা সংঘটিত হৈছে ঘটকী জিলাৰ ধাৰকী অঞ্চলত৷ ৰে’ল বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি এই দুর্ঘটনাৰ মূল কাৰণ হৈছে ষ্টেচনৰ কর্মীৰ ছিগনেলৰ ভুল৷ তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় ঘটকী জিলাৰ উপায়ুক্ত উছমান আব্দুল্লা৷

ইফালে, এই শোকাৱহ দুর্ঘটনা সন্দর্ভত গভীৰ শোক প্রকাশ কৰিছে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে পাক প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে এই ভয়াৱহ দুর্ঘটনা সন্দর্ভত ৰে’লমন্ত্রীক পৰিস্থিতি নিৰীক্ষণৰ নির্দেশ দিয়া হৈছে৷ নিহত লোকসকলৰ পৰিয়াললৈ সাহায্য আগবঢ়োৱাৰ উপৰি আহত লোকসকলৰ চিকিৎসা তথা যাৱতীয় সাহায্য নিশ্চিত কৰিবলৈ ৰে’লমন্ত্রীগৰাকীক নির্দেশ দিয়া বুলি প্রধানমন্ত্রী ইমৰান খানে উল্লেখ কৰিছে৷ স্মর্তব্য যে পাকিস্তানত ৰে’ল দুর্ঘটনা সঘনে সংঘটিত হৈ আহিছে৷ আজিৰ এই দুর্ঘটনাৰ ফলত দুয়োখন ৰে’লৰ মুঠ ১৪টা দবা লাইনচ্যুত হয়৷ ইফালে, উদ্ধাৰকাৰীয়ে এই বাতৰি যুগুতোৱাৰ পৰলৈকে বহু লোক দুর্ঘটনাগ্রস্ত ৰে’ল দুখনত আবদ্ধ হৈ থকা বুলি সন্দেহ কৰিছে৷

অসম চৰকাৰৰ নতুন বঁটা

অসম চৰকাৰৰ নতুন বঁটা :

আজি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে চৰকাৰে কেবাটাও গুৰুত্বপূৰ্ণ বঁটা প্ৰদান কৰিব । সেই বঁটাসমূহ হৈছে :

১) অসম ৰত্ন : সমাজলৈ তথা ৰাজ্যখনলৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি বছৰে নিয়মীয়াকৈ এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত থাকিব ৫ লাখ টকা । এই বঁটা পূৰ্বেও দিয়া হৈছিল যদিও নিয়মীয়া হোৱা নাছিল ।

২) অসম বিভূষণ : প্ৰতিবছৰে ৩ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত থাকিব ৩ লাখ টকা ।

৩) অসম ভূষণ : প্ৰতিবছৰে ৫ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত থাকিব ২ লাখ টকা ।

৪) অসম শ্ৰী : প্ৰতিবছৰে ১০ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত থাকিব ১ লাখ টকা ।

এই আটাইকেইটা বঁটাৰ ক্ষেত্ৰত বঁটাপ্ৰাপকসকলে আন কেতবোৰ সুবিধাও লাভ কৰিব । সেই সুবিধাসমূহৰ ভিতৰত আছে – গুৰুতৰ অসুখৰ বাবে বিনামূলীয়া চিকিৎসা, অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা, অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা আদি ।
আনহাতে, সাহিত্য, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহৰ ক্ষেত্ৰতো পেন্সন তথা বিভিন্ন বঁটাসমূহ প্ৰদানৰ বাবেও নিৰ্দিষ্ট তাৰিখ আজিৰ কেবিনেটে ঘোষণা কৰে । এতিয়াৰে পৰা ১৫ আগষ্টৰ আগদিনা একেলগে সকলো ক্ষেত্ৰৰ পেন্সন ঘোষণা কৰা নহয় । সেইমতে, সাহিত্যিক পেন্সন হোমেন বৰগোহাঞিৰ নামত তেওঁৰ জন্মদিনৰ দিনা ( ৭ ডিচেম্বৰ ) প্ৰদান কৰা হ’ব । ক্ৰীড়া পেন্সন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনা ( ৩ চেপ্টেম্বৰ ) প্ৰদান কৰা হ’ব আৰু শিল্পী বঁটা ১৭ জানুৱাৰীত প্ৰদান কৰা হ’ব ।
এই বঁটাসমূহ বঁটা প্ৰদান অনুষ্ঠানৰ ৭ দিন পূৰ্বে ঘোষণা কৰা হ’ব ।