Home Blog Page 3032

মাজুলীৰ চিকিৎসাখণ্ডৰ বুজ ললে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী বিমল বৰাই:ক’ভিড পটকল মানি চলি সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ সকলোকে আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালৰ

দ্বিতীয় বাৰৰ বাবে মাজুলী বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই প্ৰথম বাৰৰ বাবে নিজৰ সমষ্টি মাজুলীত যোৱা ২৬মে’ত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালে মাজুলীৰ খহনীয়াকে আদি কৰি জিলা প্ৰশাসনৰ লগত মাজুলীৰ উন্নয়ন মূলক কাম সমূহৰ পৰ্যালোচনা কৰি দুটা দিন মাজুলীত থাকি আজি মাজুলীৰ চিকিৎসাখণ্ডৰ অৱস্থাৰ বুজ লয়।গড়মূৰ চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা খনৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত চিকিৎসালয় খনৰ চিকিৎসক সকলৰ লগত মত বিনিময় কৰাৰ লগতে মাজুলীত ক’ভিড ৰোগীৰ সংখ্যা, ক’ভিড টিকাকৰন সম্পৰ্কটো আলোচনা কৰে।সোনোৱালে সাংবাদিকৰ আগত কয় মাজুলীত ক’ভিড পৰীক্ষা যথেষ্ট কৰা হৈছে আৰু ক’ভিড টিকাকৰন যথেষ্ট কৰিবলৈ সক্ষম হৈছে।এই ক্ষেত্ৰখন মাজুলী ৰাইজে জিলা প্ৰশাসনক আৰু স্বাস্থ্য বিভাগক সহযোগ দিছে সকলোৱে মিলি মাজুলীত ক’ভিড পৰিবেশ ভালে ৰাখিছে বুলি উল্লেখ কৰি সোনোৱালে আগন্তক দিনটো সকলো নীতি নিয়ম মানি সজাগ আৰু সচেতন হৈ থাকিবলৈ সকলোকে আহ্বান জনায়।প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শন কালত মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা শক্তি মন্ত্ৰী বিমল বৰা, জিলা উপায়ুক্ত বিক্ৰম কৈৰী অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, সহকাৰী আয়ুক্ত হিমাদ্রি বৰা, গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামী, মাজুলী জিলা স্বাস্থ্যখণ্ডৰ যুটীয়া সঞ্চালক নীলকান্ত পেগু উপস্থিত থাকে।

লাহোৱালত মটক যুৱ-ছাত্ৰ সন্মিলন, আৰক্ষীৰ উদ্যোগত চেনিটাইজেছন

সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো এতিয়া মহামাৰী কৰোনাই ভৱাভৱ ৰূপ লৈছে। স্বাস্থ্য বিভাগ, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু পৌৰনিগমৰ প্ৰচেষ্টাত ৰাজ্যৰ চহৰ-নগৰত আৰম্ভ কৰা হৈছে ছেনিটাইজ বা বিজাণু মুক্ত কৰাৰ কাম। ডিকম আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত লাহোৱাল আৰক্ষী, সমাজকৰ্মী অজয় গগৈ সহযোগত আজি ইকৰাতলি খনিকৰ গাঁও, নাহৰচুক গাঁও, লাহোৱাল স্বাস্হ্য কেন্দ্ৰ, ব্লক, বজাৰ আদি স্প্ৰে কৰি চেনিটাইজ কৰে। লাহোৱালৰ বাট পথ বজাৰ বীজাণুমুক্ত কৰাৰ বাবে চলিল এই প্ৰচেষ্টা। যাতে দূৰ হয় কৰ’ণাৰ ভয়াৱহ সংক্ৰমন। বাট-পথ ছেনিটাইজ কৰি সুৰক্ষা প্ৰদান কৰিছে জনতাক। ছেনিটাইজ কৰা হল লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় জনশূন্য ঘাইপথটো। ব্লিচিং পাউদাৰ, কলা ফেনাইল আৰু ডেটল মিহলাই স্প্ৰে কৰা হৈছে। সঁচাকৈ ডিকম আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলন আৰু আৰক্ষীৰ এই প্ৰশংসনীয় পদক্ষেপক লাহোৱাল তথা ইকৰাতলি খনিকৰবাসী ৰাইজে শলাগিছে।

হোজাইৰ কোমোৰাকটা গাওঁত অজগৰ উদ্ধাৰ

হোজাইৰ কোমোৰাকটা গাওঁত অজগৰ উদ্ধাৰ

দক্ষিণ কোমোৰাকটা গাওঁৰ পথাৰত গছৰ ওপৰত অজগৰ থকা প্ৰত্যক্ষ কৰে স্থানীয়।

ততাতৈয়াকৈ বনবিভাগৰ লোকসকলক খবৰ দিয়াৰ লগতে গছৰ পৰা নমোৱাৰ ব্যৱস্থা কৰে স্থানীয় লোকসকলে।

অজগৰে দালে গাওঁৰ পোহনীয়া জীৱ জন্তুৰ যাতে কোনো ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গাওঁৰ একাংশ সচেতন লোকসকলৰ তৎপৰতাত সাপদালক উদ্ধাৰ কৰি বনবিভাগৰ লোকক গতাই দিয়ে।

বন বিভাগৰ লোক উপস্থিত হৈ সাপদালক উদ্ধাৰ কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰে।

মুকালমুৱাত ভয়াবহ পথ দুৰ্ঘটনা:তিনিজনৰ অৱস্থা অতি সংকটজনক

মুকালমুৱাত ভয়াবহ পথ দুৰ্ঘটনা ৷
হাজো-দৌলাশাল গড়কপ্তানি পথৰ দমদমা পথাৰত ট্ৰাক আৰু মালবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ ৷
ভয়াবহ পথ দুৰ্ঘটনাটোৰ ফলত মালবাহী মেজিকখনত থকা তিনিজনৰ অৱস্থা অতি সংকটজনক ৷
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে কেওজনকে স্থানীয় লোকে উদ্ধাৰ কৰি ততাতয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷
দুৰ্ঘটনাগ্ৰস্ত মেজিকখনৰ পৰা চালকসহ তিনিওজনক টানি টানি উলিয়াই স্থানীয় লোকে ৷
দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সতে যুঁজি থকা সকল ক্ৰমে আলাউদ্দিন (22) ,দুৰ্জন খান (25) আৰু চাদ্দাম আলী (25) ৷
কেওজনৰে ঘৰ বৰপেটা জিলাত বুলি জানিব পৰা গৈছে ৷
দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS01KC3594 অন্যহাতে সামগ্ৰী কঢ়িওৱা মেজিকখনৰ নম্বৰ AS15AC1272 ৷
ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈছে

ভয়ংকৰ কথা! এবাৰ পিন্ধি পেলাই দিয়া পিপিই কিট পানীৰে ধুই আকৌ পঠিয়ালে হাস্পতাললৈ।

ভয়ংকৰ কথা! এবাৰ পিন্ধি পেলাই দিয়া পিপিই কিট পানীৰে ধুই আকৌ পঠিয়ালে হাস্পতাললৈ।

চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰীভাৱে কনন্টেইনমেন্ট জ’নৰ পৰিয়ালক প্ৰদান দুহাজাৰ টকীয়া খাদ্যৰ পেকেজ ৷

আজি নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰমুখ্যে কাননগু আৰু লাট মণ্ডলৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰীভাৱে কনন্টেইনমেন্ট জ’নৰ পৰিয়ালক প্ৰদান কৰা হ’ল দুহাজাৰ টকীয়া এক খাদ্যৰ পেকেজ ৷ জামুগুৰিহাটৰ বাঁহবৰীয়া গাৱঁত ৪৫ টাকৈ কনন্টেইনমেন্ট জ’নত থকা পৰিয়ালক প্ৰদান কৰা হয় এই খাদ্যৰ পেকেজ ৷ ১৫ কেজি চাউল , ২ কেজি দাইল , ২ লিটাৰ মিঠাতেল , ৫কেজি আলু , ২কেজি পিয়াজ , চয়াবিন , চেনি , চাহপাত , গাখীৰৰ পেকেট , বিস্কুট , কণীৰ প্লেট আদিকে ধৰি দুহাজাৰ টকীয়া এক খাদ্যৰ পেকেজ প্ৰদান কৰা হয় নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ৷

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক খাদ্য যোগান জামুগুৰিহাটৰ তিনি যুৱ সাংবাদিকৰ ।

সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো কভিড ১৯ মহামাৰীৰ ভয়াবহতাৰ মাজতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভাৱতাৰ পৰিচয় দিলে জামুগুৰিহাটৰ তিনিজন যুৱ সাংবাদিকে । কভিড ১৯ ৰ সময়ত জীৱ জন্তুৰ বাবে খাদ্যৰ সংকটত পৰি বহু সমস্যাত পৰা দেখা গৈছিল । তেনে সময়তে জামুগুৰিহাটৰ তিনিজন সাংবাদিক ক্ৰমে প্ৰেম তেৱাৰী প্ৰাঞ্জল বৰুৱা আৰু চন্দন শৰ্মাই সাংবাদিকতাৰ দৰে দৈনিক ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই আজি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা কঁপিকুলসকলৰ বাবে কিছু কম পৰিমানে হলেও কল, লেচু, তৰমুজ, ব্ৰেড, তিহু আদিৰে খাদ্য সামগ্ৰী নিজ হাতেৰে খুৱাই কঁপিকুলসকলক কিছু সকাঁহ দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস হাতত লোৱা দেখা গ’ল । তেওঁলোকে শোণিতপুৰ বাসী তথা সমুহ অসমবাসী ৰাইজক কৰোণা আতংকৰ সময়তো নিজৰ ব্যস্ততাৰ সময়তো কঁপিকুল তথা জীৱ জন্তুৰ মাজত এনেদৰে কিছু পৰিমানে খাদ্য সামগ্ৰী যোগান ধৰি কিছু সকাঁহ দিবৰ বাবে বিনম্ৰ অনুৰোধ জনায় ।

গহপুৰত বুজন মৰিমাণৰ ড্ৰাগছ সহ আটক ড্ৰাগছ মাফিয়া

গহপুৰত বুজন মৰিমাণৰ ড্ৰাগছ সহ আটক হৈছে ১৫ জনকৈ ড্ৰাগছ মাফিয়াৰ লগতে ড্ৰাগছ সেৱনকাৰী। ইয়াৰে ৪ গৰাকী মহিলা। আজি পুৱতি নিশা গহপুৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত আৰু গহপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰশান্ত বেজবৰুৱা, হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন শইকীয়াৰ সহযোগত এক গোপন সূত্ৰৰ পম খেদি পুঁৱতি নিশা ৰূপ কুমাৰ মুছাহাৰীৰ ঘৰত অভিযান চলাই৩৩ টা কন্টেনাৰ এখন স্কৰপ্ৰিয় গাড়ী আৰু এখন নাম্বাৰ প্লেট বিহীন স্কুটি জব্দ কৰে । একেদৰে লখিমপুৰৰ ভোগপুৰ, গহপুৰৰ নয়া ঘগৰা, কলাবাৰী কেকোৰাবাৰী ,অৰুণাচল চিম্পু আদি অঞ্চলত অভিযান চলাই ড্ৰাগছ সহ মুঠ ১৪ জন লোকক আটক কৰিবলৈ সক্ষম হয় । ধন এক লাখ ২৯ হাজাৰ ৪৬৮ টকা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত ড্ৰাগছ সৰবৰাহৰ সতে জড়িত দলটোৰ পৰা মুঠ দুখন স্কৰপ্ৰিয় বাইক সহ চাৰিখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

মানুহে ইমিউনিতি বৃদ্ধিৰ বাবে কনী বেচিকৈ খাবলৈ লৈছে , সেই বাবে দাম বাঢ়িছে :ৰঞ্জিত দাস

ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি সকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই ফল লাভ কৰিবলৈ সক্ষম হৈছো । চৰকাৰ থাকিলে দলৰ সংগঠন কৰাৰ সুবিধা বেছি । চৰকাৰ নাথাকিলে সংগঠন কৰাৰ কি যন্ত্ৰণা পোৱা যায় সেয়া ভূক্ত ভূগী সকলেহে জানে । এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা জন স্বাস্থ্য কাৰিকৰী আৰু খাদ্য ও অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ ।  আজি পুৱাৰ ভাগত মন্ত্ৰী দাসে বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাইৰ নগাঁও চহৰৰ বাসভৱনত ৰাজেন গোহাঁইৰ সৈতে মত বিনিময় কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয় , যোৱাবাৰ আমি চৰকাৰত আছিলোঁ , এইবাৰো আমি চৰকাৰ গঠন কৰিছোঁ । এয়া সম্ভৱ হৈছে প্ৰাক্তন সভাপতি সকলে অশেষ ত্যাগ স্বীকাৰ কৰি দলটোক  আগুৱাই নিয়াৰ বাবে ।  আজি মই প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ লগত প্ৰায় এঘন্টা ধৰি মনৰ কথাৰ লগতে বিভিন্ন ধৰণৰ কথা বতৰা আৰু দলটোক কেনেকৈ অধিক শক্তিশালী কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিছোঁ ‌। তেওঁৰ পৰা মই আশীৰ্বাদ গ্ৰহন কৰিছোঁ । অনাগত দিনত অসমখনক কেনেকৈ আগুৱাই নিব পাৰি , কৃষিৰ ক্ষেত্ৰতে হওক বা নিয়োগৰ ক্ষেত্ৰতে হওক আদিৰ বিভিন্ন দিশত ৰাজেন গোহাইয়ে পৰামৰ্শ আগবঢ়াইছে । ইতিপূৰ্বে মই প্ৰাক্তন সভাপতি সৰ্বানন্দ সোনোৱাল , ৰমেন ডেকা , নাৰায়ণ বৰকটকী , সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগত মত বিনিময় কৰাৰ লগতে ইন্দ্ৰমনী বৰাৰ পৰিয়ালৰ লগত কথা পাতিছো । তেওঁ লগতে কয় এটা সময়ত আমি দেখিছিলো ৰাজেন গোহাঁই , ৰমেন ডেকা , নাৰায়ন বৰকটকী আদিয়ে ফাচি বজাৰ , পল্টন বজাৰৰ দোকানে দোকানে ৫০ – ১০০ টকাকৈ দলৰ বাবে ধন সংগ্ৰহ কৰিছিল । একোখন পুৰনা গাড়ী লৈ অসম ঘূৰিছিল । সেই বোৰ আমি জানো । এতিয়া আমি চৰকাৰ গঠন কৰিছোঁ । মই ৰাজ্যিক সভাপতি হিচাবে তেওঁ লোকৰ ত্যাগক  স্বীকৃতি দিয়াৰ লগে লগে তেওঁ লোকৰ পৰা দুটা নতুন কথা শিকিব পাৰিছো । আজি মই সভাপতি হৈ আছো । কাইলৈ নেথাকিম । ভাৰতীয় জনতা পাৰ্টি এটা দল নহয় , এটা মিশ্যন বুলি অভিহিত কৰি ৰঞ্জিত দাসে কয় , দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাক প্ৰবীন কাৰ্যকৰ্তাৰ উপদেশ পৰামৰ্শ লাগিব । নিশ্চিত ভাবে নবীন কাৰ্যকৰ্তাৰ সহযোগ লাগিব । মই সদায়েই কৈ থাকো , প্ৰবীনক শ্ৰদ্ধা কৰা আৰু নবীনক মৰম কৰা । এই দুটা নীতিৰে বিজেপিক আগুৱাই নিয়াৰ বাবে সংকল্প লৈছো । সেই কাৰণে আজি মই প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ ললো ।তেওঁ আমাক যথেষ্ঠ উৎসাহ জনোৱাৰ লগতে পৰামৰ্শ আৰু মাগ দৰ্শন দিছে । ৰাজেন গোহাইৰ লগত ৰঞ্জিত দাসৰ হোৱা আলোচনাই পৰবৰ্তী ৰাজ্যিক সভাপতি হিচাপে ৰাজেন গোহাঁইক নিযুক্তি দিয়াৰ ইংগিত বহন কৰিছেনেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰঞ্জিত দাসে কয় , এই ক্ষেত্রত ৰাষ্ট্ৰীয় নেতৃত্বই ঠিৰাং কৰিব । ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাই ৰাজ্যিক সভাপতি নিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত লব । ৰাজেন গোহাঁই সভাপতি হব নে নহয় মই নকও । যোৱা চৰকাৰৰ দিনত প্ৰথম অৱস্থাত মই  বিধান সভাৰ অধ্যক্ষ আছিলোঁ । সাত মাহ পাৰ হোৱাৰ পিছত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোক বিজেপিৰ  ৰাজ্যিক সভাপতি হিচাপে  নিযুক্তি দিয়ে  আৰু মই নিষ্ঠাৰে আজি চাৰি বছৰে এই দ্বায়িত্ব পালন কৰি আহিছো । সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত দাসে কয় প্ৰবীণ কাৰ্যকৰ্তাৰ লগতে নবীনকো আকোৱালি লব লাগিব । নবীনক আকোৱালি লৈছোঁ বাবেই আমাৰ ৪২ লাখ সদস্য আছে। যাৰ বাবে আমি এইবাৰ ৮৪ লাখ ৫০ হাজাৰতকৈ অধিক ভোট লাভ কৰিছো। ভাৰতীয় জনতা পাৰ্টিয়ে অকল চৰকাৰ গঠনৰ বাবে অহা নাই , ৰাষ্ট নিৰ্মাণ , জাতি নিৰ্মান , অসম নিৰ্মাণৰ বাবে আহিছে । এতিয়া মই চৰকাৰত আছো , চৰকাৰত থাকিলে দলৰ কাম কাজ কৰাত কিছু অসুবিধা হয় । দলৰ বিধি অনুযায়ী মোৰ কাৰ্যকাল শেষ হবলৈ ছয় মাহ আছে । পৰবৰ্তী সময়ত বিষয়টোৰ ওপৰত ৰাষ্ট্ৰীয় নেতৃত্বই ব্যবস্থা গ্ৰহন কৰিব । মৃল্য বৃদ্ধিৰ সম্পৰ্কত সাংবাদিকে সুধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় , সমগ্ৰ দেশৰ লগতে অসমতো মূল্য বৃদ্ধি হৈছে । মূল্য বৃদ্ধিৰ সম্পৰ্কত মোক বহু জনে  অবগত কৰিছে । মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যবস্থা গ্ৰহন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয় । মিঠাতেলৰ দাম বৃদ্ধি হোৱাটো মই স্বীকাৰ কৰো । আপোনালোকে ভাৰত চৰকাৰ ৱেবচাইডত চাব । তেতিয়া গম পাব যে আগতে মিঠাতেল প্ৰস্তুত কৰোতে সৰিয়হৰ লগত আন দুই এক সামগ্ৰী মিস্কিং কৰা হৈছিল । এনেদৰে প্ৰস্তুত কৰা মিঠাতেল স্বাস্থ্যৰ বাবে ক্ষতি কাৰক । সেয়ে এতিয়া চৰকাৰে অকল সৰিয়হৰে মিঠাতেল প্ৰস্তুত কৰাৰ ব্যবস্থা লৈছে । সেই বাবেই মিঠাতেলৰ দাম বৃদ্ধি হৈছে । তেওঁ লগতে কনীৰ মূল্য বৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি কয় , বৰ্তমানৰ পৰিস্থিতিৰ বাবে বহি ৰাজ্যৰ পৰা কনীৰ ছাপ্লাই কম হৈছে । তদুপৰি বৰ্তমান  কৰোনা কালত মানুহে ইমুউনিতি বৃদ্ধিৰ বাবে কনী বেচিকৈ খাবলৈ লৈছে , সেই বাবে দাম বাঢ়িছে । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় , ৰাজ্যত বিকল হৈ থকা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ আচনি সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তোলা হব । আজি ৰঞ্জিত দাসে বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ লগত হোৱা বৈঠকত কি কি বিষয়ৰ ওপৰত আলোচনা হল সেয়া জানিব পৰা নাই যদিও দুয়োজন নেতাৰ  এই   বৈঠকক লৈ ৰাজনৈতিক মহলত সৰব চৰ্চা চলিছে । আজিৰ এই আলোচনাত নগাঁও জিলা বিজেপিৰ  সভাপতি অভিজিৎ নাথ , ৰাজেন গোহাঁইৰ পত্নী ৰীতা গোহাঁই আদি উপস্থিত থাকে ।

ক’ভিড সন্দৰ্ভত ৰাংলিটিং চাহ বাগিচাৰ বিৰুদ্ধে এজাহাৰ

ৰাংলিটিং চাহ বাগিচাৰ কৰ্তৃপক্ষই ক’ভিড আক্ৰান্তসকলক কৰা দুৰ্ব্যৱহাৰৰ সংক্ৰান্তত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লাহোৱাল আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা ঘটনাক সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ উক্ত চাহ বাগিচাত ১২ মে’ তাৰিখে প্ৰায় ৬০ গৰাকী লোক ক’ভিড পজিটিভ হোৱাত বাগিচাখনৰ অগ্নিপথাৰ প্ৰাথমিক বিদ্যালয়ত কোৱাৰেণ্টাইন চেণ্টাৰ খুলি থাকিবলৈ ব্যৱস্থা কৰি দিয়ে৷ উল্লেখযোগ্য যে এইসকল ৰোগীক স্বাস্থ্য পৰীক্ষা, ঔষধ, খাদ্য সামগ্ৰী, বিছনা-পাতিৰ ব্যৱস্থা নকৰি একেটা কোঠাতে পুৰুষ আৰু মহিলা থাকিবলৈ দিয়ে বুলি সংগঠনটোৰ কাৰ্যনিৰ্বাহক সদস্য হেমন্ত কুজুৰে এজাহাৰত উল্লেখ কৰিছে৷ অতি মহামাৰী কৰ’নাক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আৰু চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ৰাংলিটিং চাহ বাগিচা কতৃৰ্পক্ষই এনে অমানৱীয় কাৰ্যত সংগঠনটোৰ লগতে স্থানীয় সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু বাগিচা কতৃৰ্পক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দোষীসকলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ  দাবী জনাইছে৷