Home Blog Page 3047

এন এইচ পি চিয়ে দ্ৰুত গতিত বৃদ্ধি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাঃ ক’ভিড পৰিস্থিতি জটিল হোৱাৰ পিছতো অবিৰাম গতিত এন এইচ পি চিয়ে নিৰ্মাণ চলাই আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পঃ

ধেমাজি জিলাৰ গোগামুখত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৷ গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অধীনত ক’ভিড পৰীক্ষাৰ অন্তত ধৰা পৰা   ক’ভিড পজিটিভৰ সংখ্যা বৰ্তমানলৈকে ২৬৮ গৰাকী ৷ ইয়াৰে কেৱল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চি মূল কলনি আৰু এন এইচ পি চিৰ অধীনত কাম কৰা পাটেল ইঞ্জিনীয়াৰিং, জি ই ইঞ্জিনীয়াৰিং,  পি ই এছ ইঞ্জিনীয়াৰিঙত কৰ্মৰত বিষয়া-কৰ্মচাৰী, শ্ৰমিকৰ সংখ্যাই হৈছে ১১৩ গৰাকী ৷  প্ৰায় প্ৰতিদিনেই এন এইচ পি চি আৰু এন এইচ পি চিৰ অধীনত কাম কৰা নিৰ্মাতা সংস্হাবোৰৰ পৰা ক’ভিড-১৯ ত আক্ৰান্ত লোক ওলাই আছে যদিও এন এইচ পি চিৰ লগতে এন এইচ পি চিৰ অধীনত কাম কৰা নিৰ্মাতা সংস্হাবোৰে প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰা নাই ৷ বৰং দ্ৰুত তথা অবিৰাম  গতিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চলাই আছে ৷ জানিব পৰা মতে প্ৰকল্পটোৰ নিৰ্মাণৰত নিৰ্মাতা সংস্হা সমূহত এতিয়াও  বিভিন্ন বিষয়া-কৰ্মচাৰীৰ লগতে অসম-অৰুণাচল প্ৰদেশৰ ৫-৬ হাজাৰ  শ্ৰমিকে কাম কৰি আছে ৷ ইয়াৰে অধিকাংশ শ্ৰমিক ধেমাজি জিলাৰ বৃহত্তৰ গোগামুখ অঞ্চলৰ ৷ এন এইচ পি চি আৰু এন এইচ পি চিৰ উচ্চ পদস্থ বিষয়া-কৰ্মচাৰী সকলে ক’ভিড প্ৰট’কল মানি প্ৰকল্পৰ  কাম কৰি আছে যদিও শ্ৰমিক সকলক কোনো ক’ভিড প্ৰট’কল মানিবলৈ দিয়া নাই ৷ ফলত প্ৰকল্পস্থলীত কৰ্মৰত শ্ৰমিকৰ মাজত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ আনকি অসম চৰকাৰে জাৰি কৰা ক’ভিড বিধিও উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এন এইচ পি চি আৰু এন এইচ পিচি অধীনৰ নিৰ্মাতা সংস্হা সমূহে ৷ ইয়াৰ বিপৰীতে গোগামুখত দ্ৰুত গতিত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে গ্ৰামাঞ্চললৈও এই সংক্ৰমণ বিয়পি পৰিছে ৷ উল্লেখনীয় যে, পাটেল ইঞ্জিনীয়াৰিং, জি ই ইঞ্জিনীয়াৰিং আৰু  পি ই এছ ইঞ্জিনীয়াৰিং হৈছে এন এইচ পি চিৰ অধীনত নতুনকৈ যোগদান কৰা নিৰ্মাতা সংস্হা  আৰু আটাইবোৰ নিৰ্মাতা সংস্হা অসমৰ বাহিৰৰ ৷ এই নিৰ্মাতা সংস্হা সমূহে অধিকাংশ নিৰ্মাণ সামগ্ৰী নতুনকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প স্থলী গেৰুকামুখলৈ আমদানি কৰাৰ লগতে নিৰ্মাতা সংস্হা সমূহৰ বিষয়া-কৰ্মচাৰী আৰু অভিযন্তা সকলেো গেৰুকামুখলৈ নতুনকৈ আগমণ ঘটিছে ৷ এই বিষয়া-কৰ্মচাৰী সকলৰ পৰাই এন এইচ পিচৰ চৌদিশে ক’ভিড-১৯ সংক্ৰমিত হোৱাৰ আশংকা কৰাৰ বিপৰীতে এই বিষয়া-কৰ্মচাৰী সকলৰ সংস্পৰ্শলৈ অহাৰ পিছতে স্থানীয় শ্ৰমিক সকললৈ ক’ভিড-১৯ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে ৷  আমাৰ হাতত থকা তথ্যও এই কথা অধিক গাঢ় কৰিছে  আৰু এন এইচ পি চি আৰু ইয়াৰ অধীনস্থ নিৰ্মাতা সংস্হাবোৰে মানৱীয় প্ৰমূল্যবোধ গুৰুত্ব নিদি শ্ৰমিক সকলক ধন অৰ্জনৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷  ইপিনে গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰৰ জ’নাল বিষয়া ডাঃ প্ৰফুল্ল ছায়েঙ্গীয়া আৰু আৰু সহকাৰী জ’নাল বিষয়া জ্যোতি প্ৰসাদ দলেয়ে জনোৱা মতে গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অধীনৰ ক’ভিড পৰীক্ষাত এতিয়ালৈকে মুঠ ২৬৮ গৰাকী পজিটিভ পোৱা গৈছে ৷ তাৰে এন এইচ পি চিৰ মূল কলনিৰ মুঠ ৩০ গৰাকী ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে লেপ্ট বেংকৰ অৰ্থাৎ এন এইচ পি চিৰ অধীনৰ নিৰ্মাতা সংস্হা সমূহে কাম কৰা স্থলিত মুঠ ৮৩ গৰাকী লোক ক’ভিড পজিটিভ ধৰা পৰিছে ৷ বাকীবোৰ আক্ৰান্ত  গোগামুখৰ বিভিন্ন গাঁৱৰ হোৱাৰ বিপৰীতে লখিমপুৰ জিলাৰ বিভিন্ন গাঁৱৰ লোকো আছেে বুলি জানিবলৈ দিছে ৷ আনপিনে গোগামুখ তাজিক নেপালী গাঁৱত ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধি পোৱাত গাঁওখনক প্ৰশাসনৰ ফালৰ পৰা মিনি কন্টেইন্টমেন জ’ন ঘোষণা কৰা হৈছে ৷ গাঁওখনত ১৫ জনৰো অধিক লোকৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷

ReplyForward

গণিতৰ জগতত এটি নতুন সুত্ৰৰ সংযোজন বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীৰ ।পাটিগণিত আৰু জ্যামিতিৰ ওপৰতো তত্ব উদ্ভাৱন।শীঘ্ৰেই প্ৰকাশ পাব গ্ৰন্থ।

গণিতৰ জগতত আন এক নতুন সুত্ৰৰ সংযোজন কৰি বিশ্বৰ ভিতৰতে প্ৰথম সূত্ৰ উদ্ভাৱনৰ দাবী কৰিছে বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীয়ে । ২০১৭ বৰ্ষতে উদ্ভাৱন কৰা এই সুত্ৰটো সবিস্তাৰে প্ৰমাণ কৰি অলপতে এখন গ্ৰন্থও উলিয়াইছে। এই গ্ৰন্থখন অচিৰেই প্ৰকাশ পাব। এই গ্ৰন্থখনত তেওঁৰ উদ্ভাৱিত সুত্ৰৰ যোগেৰে সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত থকা জটিল সুত্ৰৰ সহজ আৰু বাস্তৱধৰ্মী ৰূপ দিছে বুলি জানিবলৈ পোৱা গৈছে। পাটিগণিত আৰু জ্যামিতিৰ ওপৰতো তত্ব উদ্ভাৱন কৰি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা পাটিগণিত আৰু জ্যামিতিত অনেক ভুল থকাৰ কয় । পাঠ্যপুথি প্ৰস্তুতিত বিষয় জ্ঞান নথকা গণিতজ্ঞ জড়িত থকাৰ অভিযোগ তুলি গণিতজ্ঞ নৌচাদ আলীয়ে প্ৰমাণ হিচাপে অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ অধ্যায় ৮ত থকা পৰিমাণৰ তুলনা আৰু অধ্যায় ১১ ত জ্যামিতিৰ লেখকৰ কথা দাঙি ধৰে। । তেওঁৰ মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰমতে যদি এটা বাস্তৱিক সংখ্যা n>1, 2n_2 ৰ উৎপাদক হয় তেন্তে n এটা মৌলিক সংখ্যা হয়। পূৰ্বব মতে, যদিহে কোনো এটা সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হয়, তেন্তে সেই সংখ্যাাটো মৌলিক সংখ্যা হয়। তেওঁৰ মতে এতিয়াালৈকে মৌলিক সংখ্যা নিৰ্ণয়ৰ কোনো সুত্ৰ এতিয়ালৈকে উলিওৱা হোৱা নাই। গণিতৰ জগতত এইটোৱে প্ৰথম সুত্ৰ যাৰ জড়িয়তে মৌলিক সংখ্যা নিৰ্ণয় কৰিব পৰা যায়। এই সু্ত্ৰ সম্বলিত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে যিখনে আনুষ্ঠানিকভাৱে অলপতে উন্মোচন হব । ইয়াকে লৈ চৌদিশে আলোড়ন সৃষ্টি হৈছে। গণিতজ্ঞ নৌচাদ আলীৰ নতুন সুত্ৰ প্ৰকাশে শিক্ষাৰ্থীক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। এই সুত্ৰৰ মাধ্যমত ছাত্ৰ ছাত্ৰী, গণিতজ্ঞৰ বহু ভুলৰ সংশোধন হব বুলিও আত্মবিশ্বাস তেওঁৰ। বিগত ৪০ বছৰৰ সাধনাৰ ফলত এই সুত্ৰ আবিস্কাৰ কৰা সম্ভৱ হৈছে বুলি কয়। বৰপেটাৰ সৰ্থেবাৰীৰ অন্তৰ্গত চতলা গাওঁৰ চিন্তাবিদ তথা গণিতজ্ঞ নৌচাদ আলীৰ এই সুত্ৰৰ উদ্ভাৱনে ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। মৌলিক সংখ্যা নিৰ্ণয়ৰ ওপৰত উদ্ভাৱন কৰা এই সুত্ৰটোৱে গণিতৰ জগতত তোলপাৰ লগাইছে। এই সুত্ৰটোৱে ছাত্ৰ ছাত্ৰীৰ সময় ৰাহি কৰোৱাৰ লগতে বৌদ্ধিক বিকাশত সহায় কৰাৰ লগতে এক বিপ্লৱৰ সূচনা কৰিব বুলি বৰপেটাৰ ভেল্লাৰ সাংবাদিক আজিজুল হক আগত মতপোষণ কৰে গণিতজ্ঞ নৌচাদ আলীয়ে। । দেশৰ গণিতজ্ঞসকলোক এই সুত্ৰটো ভালকৈ গবেষণা কৰাৰ লগতে সকলোকে এই সুত্ৰটো আদৰি লবলৈ আহ্বান জনায় তেওঁ। যদি তেওঁৰ এই সুত্ৰটো শুদ্ধ হয় তেন্তে গণিতৰ জগতত তেওঁৰ লগতে অসমৰ নাম উজলি থাকিব বুলি ৰাইজে আশাব্যক্ত কৰে। উল্লেখযোগ্য যে যি সময়ত ৰাজনীতি, সমাজনীতি আদিত সাধাৰণ ৰাইজ ব্যতিব্যস্ত হৈ পৰিছে সেই সময়তে এইগৰাকী বিৰল প্ৰতিভাই মগ্ন হৈ পৰিছে গণিতৰ নতুন নতুন তথ্য আৱিষ্কাৰ কৰাত। গণিতৰ নতুন নতুন সুত্ৰ আবিস্কাৰ কৰি কি দৰে ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব পাৰি তাৰ চিন্তাত নিমগ্ন হৈ আছে এই গৰাকী গণিতজ্ঞই। দীৰ্ঘদিনীয়া গভীৰ চিন্তা, সাধনা তথা গৱেষণা কৰি তেওঁ অৱশেষত সফল হোৱাৰ দিশত । যিটোৰ জৰিয়তে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ লগতে গণিতজ্ঞসকলো উপকৃত হোৱাৰ সম্ভাৱনা প্ৰকট। গণিতজ্ঞ নৌচাদ আলীৰ এই অৱদানে গণিতৰ জগতত কেনে ধৰণৰ বিপ্লৱ আনে সেইয়া লক্ষণীয় হব। 

ৰাঙ্গাপানীত কাঠৰ দলং নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধিৰ ব্যাপক দুৰ্নীতি, তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ

কৰোণাৰ ভয়াবহতাৰ মাজতেই নগৰবেৰাৰ ৰাঙ্গাপানীত কভিড প্ৰট’কল মানি পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ। ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ নগৰবেৰাৰ  ৰাঙ্গাপানীত এখন ফুটব্ৰীজ নিৰ্মানৰ কামত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ মৰ্মে ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ ধনেৰে  ৯,২৯,০৮৮/- টকাৰ এখন কাঠৰ ফুট ব্ৰীজ আৱন্টন কৰা হৈছিল যদিও  পঞ্চায়ত সভানেত্ৰীৰ তত্বাৱধানত ৯ নং ৱাৰ্ডৰ সদস্যা জেচমিনাৰ স্বামী মিজানুৰে পালমৰাকৈ কোনোমতে  ৩ লাখ টকা মান ব্যয় কৰি ফুটব্ৰীজ’ নিৰ্মাণ কৰি বাকী সমূদায় ধন উদৰস্থ কৰে। আনহাতে পত্নীৰ পদবীৰ বলত খামিডাঠ মিজানুৰে ৱাৰ্ডৰ প্ৰতিটো কামতে দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰো  অভিযোগ। নিম্ন মানৰ ফুটব্ৰীজ নিৰ্মাণ কৰাৰ বাবে  ৰাইজে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। “দলংৰ কামৰ দুৰ্নীতি বন্ধ কৰক, ৱাৰ্ড মেম্বাৰ জেচমিনা হায়- হায়, ৱাৰ্ড মেম্বাৰৰ স্বামী মিজানুৰৰ মইমতালি নচলিব, দলংৰ দুৰ্নীতিৰ তদন্ত লাগিবই” আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীয়ে পৰিবেশ মুখৰিত কৰি তোলে। দলং নিৰ্মাণত সংঘটিত হোৱা দুৰ্ণীতিৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনালে স্থানীয় সচেতন ৰাইজে। প্ৰশ্ন হয় ,নৱগঠিত চৰকাৰৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগে ৰাইজৰ এনে প্ৰতিবাদৰ ভিত্তিত উল্লেখিত দুৰ্নীতিৰ তদন্তৰ দিহা কৰিবনে ?

ধল পানীয়ে দুখন বাঁহৰ সাঁকো বুৰাই পেলোৱাত ব্যাহত দক্ষিণ বৰপেটা-নগৰবেৰাৰ যাতায়াত

যোৱা তিনি চাৰি দিন ধৰি হোৱা  বৰষুণৰ পানীত সৃষ্টি হোৱা ধলে বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ কেইবাটাও বাঁহৰ সাঁকো বুৰ যোৱাৰ লগতে দক্ষিণ বৰপেটা-নগৰবেৰা সংযোগী দুখন বৃহৎ বাঁহৰ সাঁকো উটুৱাই নিয়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। ব্ৰহ্মপুত্ৰ-জলজলি সংযোগী নদীত আকস্মিক ভাৱে জলস্তৰ বৃদ্ধি পোৱাত দক্ষিণ বৰপেটাৰ অৰ্ধ লক্ষাধিক লোক যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। ধল পানীয়ে দক্ষিণ বৰপেটা-নগৰবেৰা সংযোগী দুখন বৃহৎ বাঁহৰ সাঁকো উটুৱাই নিয়াত একাংশ যাত্ৰীয়ে নাৱেৰে যাতায়াত অব্যাহত ৰাখিলেও বাইক আৰোহী শ শ যাত্ৰীয়ে দুই তিনি ঘন্টালৈকে অপেক্ষা কৰিব লগীয়া হৈছে। সৰ্বসাধাৰণ যাত্ৰী সকলে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰি কোনোমতে পাৰাপাৰ হব পাৰিছে যদিও সমস্যাত পৰিছে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ জৰুৰীকালীন সেৱাত নিয়োজিত লোক সকলে। আহুকালৰ সন্মুখীন হোৱা একাংশ যাত্ৰীয়ে উপায়ন্তৰ হৈ এবুকু পানী ভাঙি কোনোমতে পাৰ হোৱাও পৰিলক্ষিত হৈছে। নগৰবেৰা-দক্ষিণ বৰপেটা সংযোগী দুয়োখন বাঁহৰ সাঁকো ধল পানীয়ে উটুৱাই নিয়াত যাতায়াত ব্যাহত হৈ পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে দুয়োটা অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে চৰ-চাপৰি অঞ্চলৰ কৃষক সকলে । ক্ষুদ্ৰ ব্যৱসায়ী সকলে অতিৰিক্ত ব্যয় বহন কৰি সামগ্ৰী পাৰ কৰিবলগীয়া হোৱাত কৰোনা কালৰ এই জটিল সময়তো অনিচ্ছাকৃতভাৱে হলেও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আংশিক পৰিমানে হলেও বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তদুপৰি বিগত দুটা দিনত চৰ-চাপৰিত উৎপাদিত কৃষিজাত সামগ্ৰীৰ লগতে পাচলি সমুহ নগৰবেৰালৈ অনাত ভীষণ সমস্যাত পৰিছে। বৰপেটাৰ চৰাঞ্চলত উৎপাদিত পাচলিৰ অধিকাংশই নগৰবেৰাত পাইকাৰী আৰু খুচুৰা ভাৱে বিক্ৰী কৰা হয় যদিও সম্প্ৰতি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাত পাচলি উৎপাদক সকলে পাচলি সমুহ বিক্ৰীৰ বাবে নগৰবেৰালৈ আনিবলৈ সক্ষম হোৱা নাই। ধল পানীয়ে দুখনকৈ বাঁহৰ সাঁকো উটুৱাই নিয়াত যাতায়াতৰ ক্ষেত্ৰত দক্ষিণ বৰপেটাৰ অৰ্ধ লক্ষাধিক লোক সৰ্বস্তৰত হাহাকাৰ কৰিব লগীয়া হৈছে। অঞ্চলটোৰ ব্যাহত হৈ পৰা যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ ৰাইজে জিলা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । ৰাাইজৰ এনে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

মাৰ্ঘেৰিটাত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

সমগ্ৰ তিনিচুকীয়া জিলাখনতে ড্ৰাগছৰ অবাধ প্ৰচলনে উঠি অহা নৱ প্ৰজন্মক ধ্বংস মূখলৈ লৈ গৈছে|দেওবাৰে মাৰ্ঘেৰিটাৰ লিডুত ড্ৰাগছৰ বাবেই  সংঘটিত হৈছে এক জঘন্য কাণ্ড |ড্ৰাগছ আসক্ত  নিজ পুত্ৰৰ  হাততে শাৰিৰীক ভাবে  আক্ৰমণৰ বলি হব লগা হৈছে বৃদ্ধা মাতৃ | ইয়াৰ পিছতো কিন্তু আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে| ড্ৰাগছ ব্যৱসায়ীসকলে  সান্ধ্য আইনৰ সুযোগ লৈ ড্ৰাগছ সৰবৰাহ কৰা গুৰুতৰ অভিযোগ তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ| জিলাখনত অবাধ গতিত প্ৰচলন হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে|

কোৰোণা ৰোগীৰ বাবে অক্সিজেন, ঔষধ, খাদ্য সামগ্ৰী যোগান ধৰিব অসম জাতীয় পৰিষদে

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোণা মহামাৰীয়ে। কোৰোণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰক সাদ্য অনুসৰি সদায় কৰিছে সকলোৱে। তাৰ মাজতে সোমবাৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰি, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কোৰোণাত আক্ৰান্ত ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আঞ্চলিক ৰাজনৈতিক দলটো।কোৰোনাৰ কালত চৰকাৰে কেনেদৰে সহায় কৰিব,তাৰ পৰিকল্পনা কৰিছে অসম জাতীয় পৰিষদে। সেইদৰে  কোভিড আক্ৰান্ত ৰোগীক সহায়ৰ বাবেও পৰিকল্পনা কৰিছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে।প্ৰতিখন জিলাতেই কভিড কোষ গঠন কৰিব অসম জাতীয় পৰিষদে। আৰু এই কোভিড কোষে প্ৰতিখন জিলাৰ কভিড ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক অক্সিজেন, ঔষধ, খাদ্য সামগ্ৰী যোগান ধৰিব।কোভিডৰ পৰা ৰাজ্যবাসীক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে জিলাভিত্তিক কোভিড কোষ গঠন কৰিছে জাতীয় পৰিষদে

নগাঁৱত মহামাৰী কভিড-১৯ৰ সংহাৰ অব্যাহত :আজি ১৬৯ গৰাকী আক্ৰান্ত: চাৰি গৰাকীৰ মৃত্যু ,মৃত্যুৰ সংখ্যা ২৯জনলৈ বৃদ্ধি

সমগ্ৰ নগাঁও জিলাত  মহামাৰী কভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। ফলত পৰিস্থিতিয়ে জটিলৰ পৰা জটিলতাৰ দিশে গতি কৰিছে। আজিৰ দিনটোত  পুনৰ ১৬৯ জন লোকৰ দেহত ক’ভিড- ১৯ৰ উপস্থিতি নতুনকৈ ধৰা পৰিছে। এতিয়ালৈকে  কৰোনাৰ দ্বিতীয় লহৰত নগাঁও জিলাত  ৪৮৬১ গৰাকী লোক আক্ৰান্ত হৈছে। বৰ্তমানেও ক’ৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৬০জন। আজি জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ১০৭৯ৰেট টেষ্ট আৰু ১৮ গৰাকীৰ আৰ টি পি চি আৰ জৰিয়তে কভিড পৰীক্ষা কৰে। ইয়াৰে ১৬১ গৰাকী ৰেপিট টে’ষ্টৰ আৰু ৮ গৰাকী আৰ টি পি চি আৰৰ জৰিয়তে কভিডত আক্ৰান্ত বুলি ধৰা পৰে। আজিৰ দিনটোত আক্ৰান্ত সকলৰ ১৫৬ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ উপৰিও ১৩ গৰাকী ব্যক্তিক নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ইফালে, আজি কভিড আক্ৰান্ত হৈ চাৰিগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা লোককেইজ হৈছে নগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ প্ৰদীপ দাস(৪৫),ধিংৰ গোবিন্দ দাস(৫৫),চাপনলাৰ ৰহিমা বেগম(৫৮) আৰু উত্তৰ হয়বৰগাঁৱৰ হিতেশ্বৰ লিগিৰা(৫৫) বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে।মৃত ব্যক্তি কেইগৰাকী কোভিডত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।উল্লেখযোগ্য যে বৰ্তমান লৈকে নগাঁও জিলাত কোভিড ১৯ত আক্ৰান্ত হৈ ২৯গৰাকীকৈ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

আলফাৰে সম্পৰ্কত অভিযুক্ত নাজিৰাৰ গেলেকী থানাত তিনি আচামী ক’ভিডত আক্ৰান্ত

নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকী আৰক্ষী থানাত তদন্তৰ স্বাৰ্থত অনা তিনিজনকৈ আচামী ক’ভিডত পৰীক্ষা কালত এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে । জানিব পৰা মতে আলফা স্বাধীন সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি অহাৰ অভিযোগত  পুলিন বৰগোহাঞি,(৫২) উজ্বল বুঢ়াগোহাঁই, (২৬) আৰু ৰিংকু বুঢ়াগোহাঁই (২৫) ক এমাহৰ পুৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । শেহতীয়াকৈ গেলেকী আৰক্ষীয়ে তদন্তৰ খাটিৰত নিজৰ জিম্মাত লয় । কিন্তু কালি তিনিও অভিযুক্তক কৰা ক’ভিড পৰীক্ষাৰ ফলাফলত পজিটিভ অহাত আৰক্ষী থানাখনৰো বিষয়া-জোৱানৰ মাজত  উদ্বিগ্নতা বৃদ্ধি পাইছে । ইফালে ক’ভিডত আক্ৰান্ত তিনি অভিযুক্তক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ।

চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে তৃণমূলৰ দুই কেবিনেট মন্ত্ৰীক, ক্ষোভিত মমতা

পশ্চিম বংগত পুনৰ আৰম্ভ নাৰদা ষ্টিং চেপ কেছৰ তদন্ত। আজি সেই তদন্তৰ অন্তৰালতে চিবিআইয়ে হঠাতে তালাচী চলাই ৰাজ্যখনৰ চাৰিগৰাকী নেতাৰ বাসগৃহত। পিছত চাৰিওগৰাকী নেতাকে চিবিআইৰ কাৰ্যালয়লৈয়ো লৈ যায়। আৰু শেষত গ্ৰেপ্তাৰ কৰে।নেতা কেইগৰাকী হৈছে পশ্চিম বংগৰ নতুনকৈ গঠন হোৱা চৰকাৰখনৰ কেবিনেট মন্ত্ৰী ফিৰহাদ হকীম আৰু সুব্ৰত মুখাৰ্জী, তৃণমূল বিধায়ক মদন মিত্ৰ আৰু বিজেপিৰ প্ৰাক্তন নেতা সোবন চেতাৰ্জী।কেবিনেটৰ দুজনকৈ মন্ত্ৰীৰ বাসগৃহত হঠাতে তালাচীৰ লগতে পিছত চিবিআইৰ কাৰ্যালয়লৈয়ো নিয়া কাৰ্যত আৰু শেষত গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভিত হৈ পৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ক্ষোভতে মমতা বেনাৰ্জীয়েও গৈ উপস্থিত হয় চিবিআইৰ কাৰ্যালয়ত।আৰু কয় মোকো গ্ৰেপ্তাৰ কৰি লোৱা।চাৰিও নেতাক সোধপোচৰ বাবে নিয়াৰ পিছতে ৰাজ্যখনৰ ৰাজনীতিত তোলপাৰ লাগি যায়। গ্ৰেপ্তাৰ কৰাৰ পাছত চাৰিও নেতাৰ সমৰ্থনত প্ৰৰ্দশন হবলৈ ধৰে।

নিউয়ৰ্কত জিলিকিল অসমীয়া ছবি ‘বৰষুণ’

ক’ৰণা মহামাৰীৰ মাজতেই অসম বাসীৰ বাবে এটা ভাল খবৰ। হললৈ অহাৰ পূর্বেই অহা ৪-১৩ জুনলৈ নিউয়ৰ্কত হবলগীয়া ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত এখন অসমীয়া ছবিয়ে দুটাকৈ শিতানত মনোনয়ন লাভ কৰিছে। ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত জিলিকিল ‘বৰষুণ’। শ্ৰেষ্ঠ অভিনেতাৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ। দ্বীপজ্যোতি কলিতাই শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনয়ন লাভ কৰাৰ লগতে কৃষ্ণ কান্ত বৰাই লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন। সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোটজিত আৰু কৃষ্ণ কান্ত বৰা পৰিচালিত ‘বৰষুণ’ (Song’s For Rain) ক লৈ এতিয়া বহু আশাবাদী অসমৰ জনতা।

      জানিব পৰা মতে, দীপজ্যোতি কলিতাৰ লগতে হৰিশ খান্না (গড অন দ্য বেলকনি), সিদ্ধার্থ মেনন (জুন), তন্ময় ধননীয়া (নজৰ বন্ধ) আৰু বিকাশ কুমাৰ (দ্য নট/উলজ্বন)ও শ্রেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে৷