শৰণীয়া কছাৰী জনগোষ্ঠীৰ শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক,আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশত ন্যায্য প্ৰাপ্তি বাবে অধিকাৰ সাব্যস্ত কৰিবলৈ জন্ম গ্ৰহণ কৰা শৰণীয়া কছাৰী সন্মিলনী অসমৰ ওদালগুৰি জিলাৰ চতুৰ্থ সংখ্যক দ্বি-বাৰ্ষিক অভিৱৰ্তন খন এদিনীয়া কাৰ্যসুচীৰে অহা ২০ ফেব্ৰুৱাৰী, শনিবাৰে ঝাৰগাও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ।সভাত বি টি আৰৰ পৰিষদে শৰণীয়া কছাৰী জনগোষ্ঠীৰ পৰা মনোনীত কৰা চম্পাৱতী ডেকাক বিশেষ সম্বৰ্ধনা জনোৱা লগতে নৱ গঠিত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব, নাৰী মঞ্চ, পৰিষদৰ সদস্য, সন্মিলনী অসমৰ সভাপতি, সম্পাদক উপস্থিত থাকিব ।সভাখনত জনগোষ্ঠীৰ সকলোকে উপস্থিতি তথা সহায়-সহযোগিতা কৰিবলৈ ৰত্নেশ্বৰ ডেকা, সভাপতি ,দামোদৰ ডেকা , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ,ওদালগুৰি জিলা শৰণীয়া কছাৰী সন্মিলনী আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰণীধৰ ডেকাই অনুৰোধ জনাইছে ।
গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত এনৰেগা আচনিৰ সামগ্ৰীৰ ধনৰ ৫৮ লাখ টকাৰ কেলেংকাৰী
পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লৈয়েই দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্য্যকালত গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্য্যলয়ত প্ৰায় ৫৮ লক্ষ্যাধিশ টকাৰ এটা ভয়াবহ আৰ্থিক কেলেংকাৰী সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে।এই ভয়াবহ আৰ্থিক কেলেংকাৰী স্বয়ং ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ পৃষ্ঠপোষকতাতে সংঘটিত হোৱা বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ পাইছে।প্ৰাপ্ত অভিযোগত প্ৰকাশ পোৱা মতে,২০১৯ বৰ্ষত ৰূপায়িত হোৱা এনৰেগা আচনিৰ সামগ্ৰীৰ বাবদ পাবলৈ থকা প্ৰায় ৫৮ লাখ টকা শেহতীয়াভাবে উন্নয়ন খণ্ডটোলৈ আবণ্টন হৈছে।উক্ত টকা যোৱা ১ ফ্ৰেব্ৰুৱাৰীত পঞ্জীয়ন ভুক্ত সাতগৰাকী ভেণ্ডৰৰ নিজা নিজা একাউন্টত অন লাইন প্ৰক্ৰিয়াৰে সোমাই।সেই অনুসৰি, সাত গৰাকী ভেণ্ডৰ ক্ৰমে ভাই হাজৰিকাৰ একাউন্টত প্ৰায় ২৩ লাখ,নিৰন হাজৰিকাৰ একাউন্টত প্ৰায় ৮ লাখ,নিডুল পাটগিৰিৰ একাউণ্টত প্ৰায় ৭ লাখ,হৰি শৰ্মাৰ একাউণ্টত প্ৰায় ৫ লাখ,বিপ্লৱ বৰাৰ একাউণ্টত প্ৰায় ৪ লাখ,পিংকু ফুকনৰ একাউণ্টত প্ৰায় ৬ লাখ আৰু বিপ্লৱ বৰুৱাৰ একাউণ্টত সোমাই প্ৰায় ৫ লাখ টকা।কিন্তু উক্ত চৰকাৰী আচনিৰ টকাক লৈ এতিয়া ভাগ-বতৰোৱাৰ হিচাপ নিকাচ চলিছে ছয়দুৱাৰ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্য্যলয় কক্ষত।অভিযোগ অনুসৰি, উক্ত টকা আবণ্টন হোৱাৰ আগতীয়া খবৰ পাই খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসে ভেণ্ডৰ সকলৰ একাউণ্টত টকা সোমোৱাৰ দুদিন পূৰ্বে একাংশ ভেণ্ডৰৰ পৰা তেওঁলোকৰ নামৰ চেকত কৌশলগতভাবে চহী কৰাই ৰাখে।যেতিয়া ১ ফ্ৰেব্ৰুৱাৰীত ভেণ্ডৰ সকলৰ একাউন্টত টকা সোমোৱা বুলি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে জানিব পাৰিলে তেতিয়া তেওঁ টকা সমূহ ভেণ্ডৰৰ পৰা চহী কৰি থোৱা চেকৰ জৰিয়তে “বিডিঅ’ ছয়দুৱাৰ” বুলি অসম গ্ৰামীণ বিকাশ বেংকৰ বৰঙাবাৰী শাখাত থকা বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ কৰিবলৈ কৌশল অবলম্বন কৰে।সি সকল ভেণ্ডৰৰ অসম গ্ৰামীণ বিকাশ বেংকত বেংক একাউণ্ট আছে সেইসকলৰ একাউন্টৰ পৰা ১ ফ্ৰেব্ৰুৱাৰীৰ দিনাই সমূদায় ধন বিডিঅ ছয়দুৱাৰ নামৰ বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ হৈ যোৱাত বাকী সকল ভেণ্ডৰে সোমোৱা টকা খিনি যাতে বিডিঅ’ই ট্ৰেণ্সৰ্ফাৰ কৰি নিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰে।জানিব পৰামতে যোৱা ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা উক্ত সাত গৰাকী ভেণ্ডৰৰ ভিতৰত দুগৰাকী ভেণ্ডৰৰ প্ৰায় ১১ লাখ টকা বিডিঅ ছয়দুৱাৰ নামৰ বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ হয়।জানিব পৰা মতে এনেদৰে ব্যক্তিগত বেংক একাউণ্টৰ পৰা চৰকাৰী একাউণ্টলৈ টকা ট্ৰেণ্সৰ্ফাৰ কৰা বিষয়টোক লৈ যোৱা কেইবাদিনো ধৰি ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়টো উত্তপ্ত হৈ আছে।অভিযোগত এই বুলিও প্ৰকাশ পাইছে যে,একাংশ প্ৰতিবাদী ভেণ্ডৰক বিডিঅ দাসে আশ্বস্ত কৰিবলৈ দহ শতাংশ পকেটস্থ কৰি বাকী টকা বিডিঅ’ক দিবলৈ মন্ত্ৰনা দিয়ে।এতিয়া প্ৰশ্ন হ’ল-দুগৰাকী ভেণ্ডৰৰ টকা ট্ৰেণ্সৰ্ফাৰ কৰি বাকী পাচ গৰাকী ভেণ্ডৰৰ টকা ট্ৰেণ্সৰ্ফাৰ কৰি নিয়াৰ ক্ষেত্ৰত কিয় ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে বিডিঅ দাসে।সচেতন ৰাইজৰ দৃষ্টিত উক্ত আপত্তিজনক বিষয়টো অনিয়মজনক হলেও বিডিঅ অৰুণ কুমাৰ দাসৰ কাৰণে ই যদি নিয়ম হয় তেন্তে বাকী পাচগৰাকী ভেণ্ডৰৰ টকাখিনি ট্ৰেণ্সৰ্ফাৰ কৰি নিবলৈ যোৱা সাত দিনত কিয় একো পদক্ষেপ গ্ৰহণ কৰা নাই তেওঁ??নিশ্চয় বাকী পাচগৰাকী ভেণ্ডৰৰ মাজত বিডিঅ অৰুণ কুমাৰ দাসৰ কমিছনৰ ভাগ-বতৰোৱা চলাৰ বাবেই তেওঁ নিশ্চুপ হৈ বহি থকা বুলি অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ উথাপন কৰিছে।এনৰেগা আচনিৰ ৰূপায়িত কামৰ আধৰুৱা হৈ পৰি ৰোৱা সামগ্ৰী পেলোৱাৰ বাবে আবণ্টিত চৰকাৰী ধন এনেদৰে আচনি ৰূপায়নত ব্যৱহাৰ নকৰি ভাগ-বতৰোৱাৰ অংক কৰাত জাঙুৰ খাই উঠিছে সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতি।এইক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপুল হীৰাই কয় যে ভেণ্ডৰ সকলৰ একাউন্টত সোমোৱা উক্ত টকা এনৰেগা আচনিৰ সামগ্ৰী পেলোৱাৰ নামত ব্যৱহাৰ কৰাটো চৰকাৰী বিধি ব্যৱস্থাৰ মাজত পৰে যদিও উক্ত চৰকাৰী টকাক লৈ ভাগ-বতৰোৱাৰ অংক কৰাটো সচাকৈয়ে দুৰ্ভাগ্যজনক।তদুপৰি ব্যক্তিগত একাউন্টৰ পৰা চৰকাৰী একাউণ্টলৈ টকা ট্ৰেণ্সৰ্ফাৰ কৰাৰ কতৃত্বক লৈ বিডিঅ গৰাকীৰ প্ৰতি প্ৰশ্ন উথাপন কৰি ছাত্র নেতা বিপুল হীৰাই বিডিঅ অৰুণ কুমাৰ দাসে ক্ষমতাৰ অপপ্ৰয়োগ কৰা বুলি উল্লেখ কৰে।তদুপৰি তেওঁ বিডিঅ দাসে অসম গ্ৰামীণ বিকাশ বেংকৰ বৰঙাবাৰী শাখাত “বিডিঅ ছয়দুৱাৰ” নামেৰে খোলা বেংক একাউন্টটোৰ বৈধ্যতাক লৈয়ো প্ৰশ্ন উথাপন কৰি কয় যে যদি এইটো চৰকাৰী একাউণ্ট হয় তেন্তে ব্যক্তিগত একাউণ্টৰ পৰা উক্ত একাউণ্টটোলৈ কি ক্ষমতাৰ ভিত্তিত টকা ট্ৰেণ্সৰ্ফাৰ কৰাৰ যোগ্যতা বিচাৰি পালে বিডিঅ অৰুণ কুমাৰ দাসে।উক্ত কেলেংকাৰীৰ বিৰূদ্ধে এক দণ্ডাধীশ পৰ্য্যায়ৰ দাবী কৰিছে বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্র সন্থাই।এই বিষয়ে ছাত্র সংগঠনটোৱে অতি সোনকালে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক কোষ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তক লিখিত অভিযোগ প্ৰদান কৰি এক উপযুক্ত তদন্তৰ দাবী কৰিব বুলি বিপুল হীৰাই জানিবলৈ দিছে।চৰকাৰী ধন চৰকাৰী কামত ব্যৱহাৰ নোহোৱাকৈ যাতে কাৰো পকেটত সোমাব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিব বুলি ছাত্র সংগঠনটোৱে স্পষ্ট কৰি দিছে।
নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঁচজনকৈ শিক্ষক কৰ্মচাৰীৰ বিদায় সম্বৰ্ধনা
পঞ্চাশৰ দশকতে প্ৰতিষ্ঠা লাভ কৰা নাজিৰাৰ শৈক্ষিক উত্তৰণৰ বাটকটীয়া স্বৰূপ নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ জনকৈ শিক্ষক কৰ্মচাৰীক এক বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়য়খনৰ উপাধ্যক্ষা দেৱযানী মহন্তৰ সভাপতিত্বত দহ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত বিদায় সভা আৰম্ভ হয় বিদ্যালয়য় ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰা গুৰু বন্দনাৰে। উক্ত সভাত বিদ্যালয়খনৰ সদ্য বিদায়ী অধক্ষ্য প্ৰশান্ত কলিতা, বিষয় শিক্ষক খৰ্গেশ্বৰ গগৈ আৰু ৰূপা দত্ত, সহকাৰী শিক্ষক অমিতাভ দিহিঙ্গীয়া বৰুৱা আৰু বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবীন বুঢ়াগোঁহাইক একোখনকৈ সঁফুৰা, ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ একতা সভাই বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয়য়খনৰ জ্যেষ্ঠ শিক্ষক প্ৰদীপ বৰুৱা আৰু ইমদাদ আলিয়ে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ৰামদেৱ গোস্বামী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি দিলীপ চাংমাই উপস্থিত থাকি নিজ বক্তব্য দাঙি ধৰে। সভাত আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়ৰ নৱনিৰ্বাচিত অধক্ষ্য মুহিবুল হুছেইনে। বিদায়ী ভাসনত প্ৰাক্তন অধ্যক্ষ প্ৰশান্ত কলিতাই চৰকাৰ অভিভাৱক আৰু শিক্ষকৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত শেহতীয়াকৈ মাতৃভাষা মাধ্যমৰ বিদ্যালয় উজ্বলি উঠা বুলি মত পোষণ কৰে। বিদায়ী কেওজন শিক্ষক কৰ্মচাৰীয়ে কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ যোগেদি বিদ্যালয়খনক উজ্বলাই তুলিবলৈ ছাত্ৰ ছাত্ৰী সকলক গোহাৰি জনায়।
বৰমাৰ এম্পায়াৰ একাডেমিৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
“সকলো ছাত্ৰ-ছাত্ৰীৰে এটা সপোন থাকিব লাগে আৰু সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে চেষ্টা কৰিব লাগিব আৰু তেতিয়াহে জীৱনত সফলতা আহিব ৷”— এই মন্তব্য অসম সন্তান তথা এন আই টি, দুৰ্গাপুৰৰ শিক্ষাবিদ হিমাংশু বৰুৱাৰ ।

বাক্সা জিলাৰ বৰমাস্থিত এম্পায়াৰ একাডেমিৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰি বৰুৱাই এইদৰে ব্যক্ত কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক সপোন পূৰণ নহোৱালৈকে চেষ্টা কৰি থকা উচিত বুলি কোৱাৰ লগতে সপোন বাস্তৱত ৰূপায়িত নহ’লে ছাত্ৰ-ছাত্ৰী সকলে কেতিয়াও হীনমন্যতাত ভূগিব নালাগে বুলি উল্লেখ কৰে । যেতিয়া এজন মানুহে নিজৰ প্ৰতি সন্তুষ্ট হয় তেতিয়া তেওঁ কেতিয়াও হীনমন্যতাত ভূগিব লগা নহয় বুলিও তেওঁ ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে । সভাত আই আই টি, মুম্বাইৰ মহাকাশ অভিযন্তা অৰিণ্ডম বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ষ দুটা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সন্ধিক্ষণ বুলি উল্লেখ কৰি কিবা এটা শিকিবলৈ হ’লে সাধনাৰ প্ৰয়োজন বুলি কয় ৷ সাধনা অবিহনে কোনেও একো শিকিব নোৱাৰে। গতিকে ছাত্ৰ-ছাত্ৰী সকলে এটা ভাল কেৰিয়াৰ লৈ নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। অভ্যাস কৰিলেহে অসম্ভৱকো সম্ভব কৰিব পাৰি আৰু তেতিয়াহে ছাত্ৰ-ছাত্ৰী সকলে কৃতকাৰ্যতা লাভ কৰিব পাৰিব বুলিও তেওঁ কয় । সভাত কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড° জাহানীন মুছাহাৰীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত কয় যে উচ্চ শিখৰত উঠাৰ গুৰিতে বহু ব্যক্তিৰ সহযোগিতা জড়িত হৈ থাকে ৷ কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ আগবঢ়াতকৈ প্ৰতিযোগিতাৰ মনোভাৱেৰে আগবাঢ়িলেহে জীৱনত কৃতকাৰ্যতা পাব পাৰি বুলি ছাত্ৰ-ছাত্ৰীৰ আগত মুছাহাৰীয়ে অৱগত কৰে ৷ আজিৰ এই সভাতে এম্পায়াৰ একাডেমীৰ প্ৰাচীৰ পত্ৰিকা “আগান দা ষ্টেপ” উন্মোচন কৰে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷ একাডেমীখনৰ পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় একাডেমিৰ প্ৰধান অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীয়ে ।
কৃষক প্ৰতিবাদৰ বাবে প্ৰতিদিনে চৰকাৰে টোলগেট সমূহত হেৰুৱাইছে ১.৮ কোটি টকাৰ ৰাজহ
সংসদত বৃহস্পতিবাৰে এই কথা অৱগত কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। উল্লেখ্য যে, কৃষক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীৰ টোলগেটসমূহ বন্ধ কৰি ৰখা হৈছেযাৰ বাবে টোলগেটসমূহত দৈনিক ১.৮ কোটি টকাৰ লোকচান হৈছে।
লোকসভাত এগৰাকী বিজেপি সাংসদৰ প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ”কৃষকৰ প্ৰতিবাদৰ বাবে কিছুমান টোলগেট বন্ধ হৈ আছে। যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে উক্ত পথেৰে যোৱা লোকৰ পৰা কৰ সংগ্ৰহ কৰিব পৰা নাই। এইসমূহ ৰাজহুৱা টোলগেটত দৈনিক প্ৰায় ১.৮ কোটি টকাৰ লোকচান হৈছে।”
আইচিআৰএ নামৰ ক্ৰেডিট ৰেটিং এজেন্সিটোৰ মতে, পঞ্জাৱ, হাৰিয়ানা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কৃষক প্ৰতিবাদৰ বাবে টোলগেটত ৬০০ কোটি টকাৰ লোকচান হৈছে। অৱশ্যে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ নোহোৱা স্থানত ঠিকই চলি আছে টোলগেটসমূহ।
মিচ ইণ্ডিয়া ২০২০ৰ মুকুট জিলিকিল ৰিক্সা চালকৰ জীয়ৰীৰ শিৰত
মোৰ শৰীৰৰ তেজ, ঘাম আৰু চকুপানীয়ে একত্ৰিত হৈ মোৰ সপোনবোৰক পূৰণ কৰিবলৈ সাহস যোগাইছে, এইয়া মান্যাৰ ভাষ্য। সদ্য ঘোষিত ভি এল চি চি ফেমিনা মিচ ইণ্ডিয়া ২০২০ৰ প্ৰতিযোগিতাত তেলেংগানাৰ এগৰাকী অভিযন্তা মনাসা বাৰাণসীয়ে মিচ ইণ্ডিয়া ২০২০ খিতাপ লাভ কৰে।
লগতে উক্ত প্ৰতিযোগিতাখনতে হাৰিয়ানাৰ মণিকা শ্বেওকান্দে ভি এল চি চি ফেমিনা মিচ গ্ৰেণ্ড ইণ্ডিয়া আৰু উত্তৰ প্ৰদেশৰ মান্যা সিঙক ৰাণাৰ আপ হিচাপে ঘোষণা কৰা হয়।মান্যাৰ বাবে এই জয় আছিল আনতকৈ বিশেষ, কিয়নো উত্তৰ প্ৰদেশৰ এগৰাকী ৰিক্সা চালকৰ জীয়ৰীৰ বাবে এই জয় বহু নিশা আৰু বহু বছৰৰ কষ্টৰ ফচল ।

সফলতাত উপনীত হোৱাৰ পূৰ্বে বাটত অহা ভিন্ন সংঘৰ্ষৰ কথা কৈ মিচ ইণ্ডিয়াই দিয়া মঞ্চৰ যোগেদিয়েই মান্যাই দিছে আন দহজনক প্ৰেৰণা।কুশিনগৰত জন্ম গ্ৰহণ কৰা মান্যাই তেওঁৰ পোষ্টত কৈছিল যে, তেওঁ কঠিন পৰিস্থিতিত ডাঙৰ হৈছিল ।

আহাৰ অথবা টোপনি অবিহনে নিশা কটাবলগীয়া হোৱাৰ লগতে মাত্ৰ কেইটামান টকা বচাবলৈ মাইল-মাইল খোজ কাঢ়িছিল। তেওঁ কিতাপ আৰু কাপোৰৰ বাবে পাগল হৈ পৰিছিল, কিন্তু তেতিয়া ভাগ্যও যেন তেওঁৰ পক্ষত নাছিলমান্যাৰ মাক-দেউতাকে মান্যৰ পৰীক্ষাৰ মাচুল পৰিশোধ কৰিবৰ পাবে নিজৰ যিখিন অলংকাৰ আছিল সেয়াও বন্ধকত ৰাখিছিল।

মান্যাই বিগত মাহত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছিল যে, শিক্ষাই হৈছে মূল অস্ত্ৰ যি প্ৰতিটো সময়তে নিজৰ সৈতে থাকে।

ইপিনে পৰৱৰ্তী এটা প’ষ্টত মান্যাৰ মাতৃয়ে উল্লেখ কৰে, উচ্চতৰ মাধ্যমিকৰ সময়ত মান্যাই শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা লাভ কৰিছিল, তাই আজিলৈ জীৱনত বহু কষ্ট কৰিছে ।

তাইৰ স্কুলৰ মাচুল পৰিশোধ কৰিব নপৰা, কিতাপৰ খৰচ বহন কৰিব নোৱাৰাৰ লগতে অটো চালকৰ জীয়ৰী হোৱা বাবে সহপাঠীসকলৰ দ্বাৰা অৱহেলিত হোৱাৰ পৰা আদি কৰি জীৱনত বহুত সংগ্ৰাম কৰিছে মান্যাই ।

মান্যাই তেওঁৰ পোষ্টত কৈছিল যে, তেওঁ দিনত অধ্যয়ন কৰিছিল, সন্ধিয়া বাচন ধুইছিল আৰু নিশা এটা ক’ল চেণ্টাৰত কাম কৰিছিল ।
লগতে তেওঁ কয়, “মই সেই ঠাই পাবলৈ বহু ঘণ্টা খোজ কাঢ়িছিলো যাতে মই ৰিক্সাৰ ভাড়া বচাব পাৰো।”শেষত ম্যানাই উল্লেখ কৰে যে, মাক, দেউতাক আৰু ভায়েকৰ বাবে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০২০ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ লগতে বিশ্ববাসীক দেখুৱাব বিচাৰিছিল কেনেদৰে নিজৰ লগতে নিজৰ সপোনৰ ওপৰত বিশ্বাস থাকিলে সকলো সম্ভৱ কৰি তুলিব পাৰি।
নিজৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ কাহিনী শ্বেয়াৰ কৰাৰ বাবে মান্যাক মিছ ইণ্ডিয়া সংগঠনে ধন্যবাদ জনাইছিল আৰু তেওঁক আন দহজনৰ বাবে অনুপ্ৰেৰণা উত্স হিচাপে প্ৰশংসা কৰিছিল ।
উল্লেখ্য যে, বৰ্তমানে মান্যাই মেনেজমেন্ট শিক্ষাৰ বাবে পঢ়া-শুনা আৰম্ভ কৰিছে |
আজি মাজনিশাৰ পৰা ৫ টকালৈকে হ্ৰাস পাব প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য
আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
আজি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকালৈকে হ্ৰাস পাব ৷ বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
২৬ দিনতে ৭০ লাখৰো অধিক লোকক ভাৰতত প্ৰদান কৰা হ’ল কভিড-১৯ৰ টিকা
ইমান কম সময়ৰ ভিতৰত টিকাকৰণৰ এই বৃহৎ সংখ্যাত উপনীত হোৱা বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিণত হৈছে ভাৰত।ভাৰতত যোৱা ২৬ দিনত ৭০ লাখতকৈও অধিক লোকক কভিড-১৯ৰ টিকাকৰণ কৰা হৈছে। আনহাতে আমেৰিকাক এই সংখ্যাত উপনীত হ’বলৈ ২৭ দিন আৰু ব্ৰিটেইনক ৪৮ দিন সময় লগিছিল।বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা জনায়।মন্ত্ৰ্যালয়ে কয় যে যোৱা ২৪ ঘণ্টাত ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কভিড-১৯ৰ ফলত কোনো লোকৰে মৃত্যু হোৱা নাই।
মন্ত্ৰ্যালয়ৰ মতে, ১১ ফেব্ৰুৱাৰীৰ ৮ বজালৈকে সমগ্ৰ দেশত চলি থকা কভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত ৭০ লাখৰো অধিক লোকক টিকাকৰণ কৰা হৈছে।মন্ত্ৰ্যালয়ে লগতে জানিবলৈ দি কয় যে এতিয়ালৈকে মুঠ ৭০, ১৭১১৪ গৰাকী লোকক টিকাকৰণ কৰা হৈছে, যাৰ ভিতৰত আছে ৫৭, ০৫২২৮ গৰাকী স্বাস্থ্য কৰ্মী আৰু ১৩, ১১৮৮৬ গৰাকী আগশাৰীৰ কভিড যোদ্ধা।স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে, প্ৰতিদিনে টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা নিৰন্তৰভাৱে বৃদ্ধি পাই আছে।বিবৃতিটোৰ মতে, তেৰখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পঞ্জীয়ন কৰা ৬৫ শতাংশতকৈও অধিক স্বাস্থ্য কৰ্মচাৰীক টিকাকৰণ কৰা হৈছে।বিহাৰত, সৰ্বাধিক ৭৯% পঞ্জীভুক্ত স্বাস্থ্য কৰ্মীক টিকা কৰণ কৰা হৈছে।আনহাতে এতিয়ালৈকে, সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪০ শতাংশতকৈ কম পঞ্জীভুক্ত স্বাস্থ্য কৰ্মীক টিকাকৰণ কৰা হৈছে।দেশত এতিয়া চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৪২,৫৬২ জন, যি দেশৰ মুঠ আক্ৰান্তৰ মাত্ৰ ১.৩১ শতাংশ।দেশত এই পৰ্যন্ত সংক্ৰমণৰ ঘটনা ১, ০৮, ৭১২৯৪লৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত ১, ০৫, ৭৩৩৭২ গৰাকী সংক্ৰমণ মুক্ত হৈছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিনৰ ৮ বজাত মুকলি কৰা শেহতীয়া তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ১, ৫৫৩৬০ লৈ বৃদ্ধি পাইছে।পৰিসংখ্যা অনুসৰি, আৰোগ্যৰ ৰাষ্ট্ৰীয় হাৰ ৯৭.২৬ শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে ১.৪৩ শতাংশ।
উল্লেখ্য যে বৰ্তমান ভাৰতৰ লোকসকলক দুটা ভেকচিন প্ৰদান কৰি থকা হৈছে। এটা হ’ল- ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ দ্বাৰা বিকশিত কোভাক্সিন আৰু আনটো হ’ল- চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ এষ্ট্ৰাজেনেকা ভেকচিন।
আমছুৰ হোজাই জিলা বন্ধ সফল
হোজাই জিলা উপায়ুক্তৰ স্বৈৰাচাৰী শাসন আৰু পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি আজি হোজাই জিলা আমছুৱে ৬ ঘন্টীয়া হোজাই জিলা বন্ধ ঘোষণা কৰিছে ৷ পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈকে হোৱা এই বন্ধৰ প্ৰভাৱ জিলাখনৰ আন আন প্ৰান্তৰ সমান্তাৰলকৈ ডবকা,মোৰাঝাৰ, নীলবাগানতো সৰ্বাত্মক দেখা গৈছে ৷ পুৱাৰে পৰা ডবকা চহৰ আৰু নীলবাগানৰ সমূহ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হৈছে ৷বন্ধৰ কালছোৱাত বন্ধ সমৰ্থক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলোৱাৰ উপৰিও উপায়ুক্তৰ বিৰুদ্ধে শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷বন্ধৰ কালচোৱাত অৱশ্যে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ ইফালে বন্ধৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ইপিনে, নীলবাগানৰ পৰা আমছুৰ কেইবাজনো সদস্যক আৰক্ষীয়ে আটক কৰিছে |এই খবৰৰ পিছতে ৰাজ্যচৰকাৰে কি পদক্ষেপ লয় সময়ত লক্ষণীয় হব |
উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি
২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল আৰু তেতিয়াৰ পৰা আজিকোপতি তেওঁ কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈয়ে প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি প্ৰদান কৰে তথা দেশৰ বিৰোধী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগৰ দোহাই দি জামিন মঞ্জুৰ কৰা নাছিল।৭ জানুৱাৰী তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল। গগৈক আন গোচৰৰ লগতে UAPAৰ অধীনতো অভিযুক্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা National Investigation Agencyয়ে।
উচ্চ ন্যায়ালয়ৰ শুনানিত গগৈক প্ৰতিনিধিত্ব কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল Additional Solicitor General এছ ভি ৰাজুৱে। ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি নমাই আনিছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্কৰ অৱসান ঘটাছিল। অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলিও যুক্তি দৰ্শাইছিল ৰাজুৱে।
হুজেফা এহমদীয়ে ৰাজুৰ যুক্তি খণ্ডন কৰি কৈছিল – তেনেস্থলত দিল্লীৰ চাৰিওদিশে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষকসমূহো সন্ত্ৰাসবাদী হৈ পৰিব। তেওঁ লগতে কৈছিল কোনো কার্যৰ যোগেদি অৰ্থনৈতিক ক্ষতি হোৱাটোক অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব পৰা নাযায়; কোনো দুষ্কৃতিকাৰীয়ে যদিহে চাইবাৰ আক্ৰমণ কৰি দেশৰ বেংকিং প্ৰণালী বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বুলি ক’ব পাৰি। হুজেফাই লগতে কৈছিল অখিল গগৈয়ে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আহ্বান কৰাৰ সময়ত চৰকাৰে Essential Service Management Act প্ৰযোজ্য কৰা নাছিল। সেয়ে যদিহে অখিল গগৈয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহত বাধা প্ৰদান কৰিছিল চৰকাৰৰ ওচৰত সেই আইন প্ৰযোজ্য কৰাৰ অৱকাশ আছিল।
হুজেফাই কোনো ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই সেয়া যে দেশদ্ৰোহ নহয়, এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ো পাঠ কৰিছিল। NIA-এ অভিযোগনামাত অখিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা নাই বুলিও আদালতক অৱগত কৰে হুজেফাই। লগতে UAPAত সন্নিৱিষ্ট সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সন্দৰ্ভৰ দফাও NIA-এ অভিযোগনামাত সংলগ্ন কৰা নাই বুলি আদালতক কৈছিল হুজেফাই।










