Home Blog Page 3061

অসমৰ বাবে ৪৩৭.১৫ কোটি টকাৰ বান সাহাৰ্য কেন্দ্ৰীয় চৰকাৰৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ বৃহৎ অনুদান আগবঢ়াইছে কেন্দ্ৰীয় বিজেপি চৰকাৰে । বিগত বৰ্ষত বান অৰ্থাত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিসাধন হোৱা ৫ খন ৰাজ্যলৈ ১,৭৫১.০৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াই । এই ৫ খন ৰাজ্যৰ ভিতৰত আছে অসম, অৰুণাচল প্ৰদেশ, ওড়িশা, তেলেংগনা আৰু উত্তৰ প্ৰদেশ।  

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত এই ঘোষণা কৰা হয়। উল্লেখ্য যে, মুঠ টকাৰ ৪৩৭.১৫ কোটি টকা লাভ কৰিব অসমে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশে ৭৫.৮৬ কোটি, ওড়িশাই ৩২০.৯৪ কোটি, তেলেংগনাই ২৪৫.৯৬ কোটি আৰু উত্তৰ প্ৰদেশে লাভ কৰে ৩৮৬.০৬ কোটি টকা ।

লাইকা দধীয়াৰ ভূমিহীন ১৩০০পৰিয়ালক প্ৰদান কৰা হব ১ লাখ টকাকৈ

লাইকা দধীয়াৰ ১৩০০ ভূমিহীন পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়ালক ১ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মৰিগাৱৰ নেলীত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনত মুখ্যমন্ত্ৰীৰ এই ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ডিটেনচন কেম্পত বন্দী ১৯ গৰাকী বাংলাদেশৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ

ৰাজ্যৰ বিভিন্ন কাৰাগাৰ আৰু ডিটেনচন কেম্পত বন্দী হৈ থকা বাংলাদেশৰ ১৯ গৰাকী নাগৰিকক ২৮ জানুৱাৰী তাৰিখে স্বদেশলৈ ওভতাই পঠোৱা হয়।

নিয়ম অনুসৰি তেওঁলোকে কাৰাগাৰৰ ম্যাদ শেষ কৰে আৰু সেয়ে তেওঁলোকক নিজ দেশলৈ প্ৰেৰণ কৰা হয়।

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ ৭ ফেব্রুৱাৰীত অসম ভ্রমণ কৰিব লগা প্রধানমন্ত্রী মোদীয়ে যোৰহাট-মাজুলীৰ মাজত প্রস্তাৱিত দলঙৰ ভূমিপূজন কার্যসূচীত অংশ লোৱাৰ লগতে বিশ্বনাথত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব ৷ মাজুলীক সংযোগ কৰি যোৰহাটৰ পৰা ব্রহ্মপুত্রৰ ওপৰত এখন দলং নির্মাণৰ কথা ২০১৬ চনত ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল ৷ ৬৮৭.৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা দলংখনৰ নিৰ্মানৰ প্রক্রিয়া বিগত বর্ষৰ নৱেম্বৰত সম্পূর্ণ কৰা হৈছে ৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অতি কম সময়ৰ ভিতৰতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিতীয়টো অসম ভ্রমণে ৰাজনৈতিক প্রেক্ষাপটত বিশেষ তাৎপর্য বহন কৰিব আৰু চৰকাৰখনৰ লগতে দলৰ বাবেও যথেষ্ট ইতিবাচক বুলি পৰিগণিত হ’ব ৷ অৱশ্যে এতিয়াও প্রধানমন্ত্রী কার্যসূচী সন্দর্ভত দল অথবা চৰকাৰে আনুষ্ঠানিকভাৱে কোনো তথ্য প্রকাশ কৰা নাই ৷

সদৌ বিটিআৰ ভোজপুৰী সমাজৰ‌ ভেৰগাঁও জিলা সমিতি গঠন

ভোজপুৰী সমাজৰ‌ আৰ্থ-সামাজিক, শিক্ষা আৰু বিভিন্ন প্ৰকাৰৰ উন্নতিৰ বাবে আজি ‌টংলাৰ হিন্দী মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰেঅনুষ্ঠিত এক সভাত বিটিআৰ ভোজপুৰী সমাজৰ‌ ভেৰগাঁও জিলা সমিতি গঠন কৰা হয়। ১৪ জনীয়া সদস্য আৰু ৬ জন উপদেষ্টাক লৈ গঠিত হয় ভেৰগাঁও জিলা ভোজপুৰী সমাজৰ‌ নবতম সমিতি খন।বিটিআৰ ভোজপুৰী সমাজৰ‌ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰভু সোনাৰীৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লালবাবু চৌধুৰীক সভাপতি আৰু কানাই প্ৰসাদ, ওম প্ৰসাদ গুপ্তা, শঙ্কৰ চৌধুৰী,‌ জিতেন্দ্ৰ সাহাক উপঃসভাপতি, বিৰেন চৌহানক সাধাৰণ সম্পাদক,কপিল পানিক, প্ৰেম চন্দ্ৰ ৰাজভৰ, সুভদ্ৰা মল্লিক,হিম ৰাজভৰ আৰূ ৰমেশ ‌চৌহানক সহকাৰী সম্পাদক হিচাপে লি পুৰ্ণাংগ সমিতি গঠন কৰা হয়। সমিতি গঠনৰ সময়ত বিটিআৰ ভোজপুৰী সমাজৰ‌ সভাপতি প্ৰভু সোনাৰীয়ে‌ নব গঠিত ভেৰগাঁও জিলা সমিতিক জাতিৰ উন্নয়নৰ বাবে কাম কৰিবৰ বাবে অনুৰোধ জনাই।

গুৱাহাটীৰ যুৱকৰ সৈতে অভিনেত্ৰী শ্ৰুতি হাচানৰ ডেটিং !

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়ক শ্ৰুতি হাচানে জনপ্ৰিয় ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী সান্তনু হাজৰিকাৰ সৈতে ডেটিং কৰি থকা বুলি জানিব পৰা গৈছে ।

অসম তথা গুৱাহাটীৰ যুৱক সান্তনু হাজৰিকা বৰ্তমান মুম্বাইত ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী হিচাপে কাম কৰি আছে । ২০১৪ চনৰ ৰেড বুল ডুডল আৰ্ট প্ৰতিযোগিতাত তেওঁক শ্ৰেষ্ঠ ডুডল শিল্পীৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।

শ্ৰুতি হাচানৰ জন্মদিনত  সান্তনু হাজৰিকাই অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই ছচিয়েল মিডিয়াত তেওঁলোকৰ এখন ফটো শ্বেয়াৰ কৰে । তদুপৰি,  তেওঁ এটা টুইটা কৰি লিখিছিল –

“শুভ জন্মদিন ৰাজকুমাৰী”

সান্তনু হাজৰিকাই ইনষ্টাগ্ৰামত দিয়া এটা STORY নিজৰ STORYত চেয়াৰ কৰি শ্ৰুতি হাচানে লিখিছিল “মোৰ জন্মদিনক ইমান বিশেষ কৰাৰ বাবে ধন্যবাদ।”

তেওঁলোকৰ ছবি আৰু ছচিয়েল মিডিয়াত হোৱা এইসমূহ কথা বতৰাই ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলৰ মনোযোগ আকৰ্ষণ কৰে আৰু এতিয়া দুয়োজন বি-টাউনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কৰ সন্দৰ্ভত হাজৰিকাই কয়, “মই বিষয়টোৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত থাকিব বিচাৰো কিয়নো মই ইয়াক ব্যক্তিগত ৰাখিবলৈ পছন্দ কৰোঁ।”

অসামৰিক বিমান পৰিবহনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱাৰ নিষেধাজ্ঞাৰ সময় ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে পূৰ্ব নিৰ্ধাৰিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ সময় অহা ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে ।

এই নিষেধাজ্ঞা সামগ্ৰী পৰিবাহী বিমান আৰু বিশেষকৈ অসামৰিক বিমান পৰিবহন সঞ্চালকৰ দ্বাৰা অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ।

চিৰাংত কলা আৰু বিজ্ঞান শাখাৰ নিছিমা আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ

চিৰাং জিলাৰ কয়লা ময়লাত আজি স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত কলা আৰু বিজ্ঞান শাখাৰ নিছিমা আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।

বঙাইগাঁৱৰ বাংলাপাৰাৰ মানাহ নৈত অবৈধ খনন, বন বিভাগৰ নিৰ্দেশক অংগুষ্ঠ প্ৰাক্তন পঞ্চায়ত সভাপতিৰ পুত্ৰ আৰু পঞ্চায়ত সদস্যৰ

নৈৰ খনন কাৰ্য্যত শংকিত নৈপৰীয়া

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰাৰ মানাহ নৈত জে ছি পিৰে অবৈধ ভাবে বালি খনন কাৰ্য্য অব্যাহত ৰাখিছে ৩নং গোলাপাৰা বাংলাপাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আকবৰ আলীৰ পুত্ৰ আহম্মদ আলীৰ লগতে পঞ্চায়ত খনৰ বাংলাপাৰা খণ্ডৰ পঞ্চায়ত সদস্য সোনা মিঞাই।আহম্মদ আলীয়ে পঞ্চায়ত সদস্য সোনা মিঞা আৰু শ্বহিদুল ইছলামৰ সহযোগত বন বিভাগক অংগুষ্ঠ দেখুৱাই অব্যাহত ৰাখিছে এই খনন কাৰ্য্য।

জানিব পৰা মতে মাণিকপুৰস্থিত আই বন সংমণ্ডল  বিভাগৰ লগতে স্থানীয় ৰাইজে খনন কাৰ্য্য বন্ধ কৰিবলৈ নিষেধ কৰাৰ পিছতো দীৰ্ঘদিন ধৰি জে ছি পিৰ সহায়ত  ট্ৰেক্টৰেৰে অবৈধ ভাৱে উক্ত খনন কাৰ্য্য অব্যাহত ৰাখিছে।যাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।এনেদৰে খনন কাৰ্য্য অব্যাহত থাকিলে নৈপৰীয়াৰ ঘৰবাৰী বাৰিষাৰ সময়ত নৈৰ বুকুত জাহ যোৱাটো নিশ্চিত । স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছত বন বিভাগৰ লোক উপস্থিত হৈ জে ছি পি সহ ট্ৰেক্টৰবোৰ জব্দ কৰিবলৈ চেষ্টা কৰে যদিও পঞ্চায়তখনৰ প্ৰাক্তন সভাপতিৰ পুত্ৰ আহম্মদ আলীৰ লগতে বৰ্তমান পঞ্চায়ত খনৰ সদস্য আৰু তেওঁৰ কিছুমান চামুণ্ডাই বন বিভাগৰ লোকৰ লগত বাক বিতণ্ডাত লিপ্ত হৈ জেছেপি সহ ট্ৰেক্টৰবোৰ লৈ পলায়ন কৰে।আহম্মদ আলীৰ লগতেপঞ্চায়ত সদস্য সোনা মিঞাই নথিপত্ৰ বিহীন কেইবাটাও ট্ৰেক্টৰ নৈৰ খনন কাৰ্য্যত ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।শীঘ্ৰেই প্ৰাক্তন পঞ্চায়ত সভাপতিৰ পুত্ৰ আহম্মদ আলী,পঞ্চায়ত সদস্য আৰু অবৈধ খনন কাৰ্য্যত লিপ্ত থকা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।

হােজাইত স্বয়ম আঁচনিৰ অধীনত বাছনিকৃত যুৱক-যুৱতী সকলৰ মাজত অনুমােদন পত্র প্রধান

অসমৰ অন্যান্য জিলাৰ লগত সংগতি ৰাখি আজি হােজাই জিলাতাে হােজাই জিলা প্রশাসনৰ উদ্যোগত শংকৰদেৱ নগৰ স্থিত কাছাৰি ময়দানত অসম চৰকাৰৰ নৱৰূপত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যােজনাৰ ( স্বয়ম ) আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হয়। 
এই শুভাৰম্ভ অনুষ্ঠানত অসম চৰকাৰৰ পার্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্রী শ্ৰীযুত চুম ৰংহাং মুখ্য অতিথি হিচাবে উপস্থিত থাকি হােজাই জিলাৰ বাছনিকৃত বিভিন্ন আত্মসহায়ক গােটৰ ১২০০ গৰাকী হিতাধীকাৰিৰ মাজত অসম চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা অনুমােদন পত্র বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে । 
মন্ত্রী গৰাকীয়ে উপস্থিত যুৱক- যুৱতী সকলক উদেশ্যে ভাষণ প্রসংগত উল্লেখ কৰি কয় যে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল  আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্বশর্মাৰ একক প্রচেষ্টাৰ ফলত নৱৰূপত এই স্বয়ম আঁচনি গ্ৰহণ কৰা হৈছে । 
তেওঁ আৰু উল্লেখ কৰে যে , এই আঁচনিৰ উদেশ্য হল স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অর্থনীতিক সৱলীকৰণৰ লগতে যুৱক যুৱতী সকলে আর্থিক দিশত সবল আৰু অত্মনিৰ্ভৰশীল হৈ নিজৰ জীবিকাৰ লগতে আনৰাে নিয়ােগ সৃষ্টিৰ ক্ষেত্ৰত সবল ভূমিকা গ্রহণ কৰিব পাৰে। 
এই অনুষ্ঠানত হােজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ , লামডিং সমষ্টিৰ বিধায়ক  শিবু মিশ্র বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্রসংগত যুৱক – যুৱতী সকলে যাতে অসম চৰকাৰে আগবঢ়োৱা এই আর্থিক পুজিৰ সঠিক ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে দেশখনকো প্ৰগতিৰ পথত আগুৱাই লৈ যােৱাৰ লক্ষ্যৰে কাম কৰি যাবলৈ আহবান জনায়। 
উক্ত অনুষ্ঠানত উপায়তু ডাঃ সদনেক সিং , আই.এ.এচ য়ে আঁচনিখনৰ বিষয়ে বহলাই আলােকপাত কৰে । এই অনুষ্ঠানত অতিৰিক্ত উপায়ক্তদ্বয় ক্রমে জয়ন্ত কুমাৰ বৰা , গৌৰী শংকৰ দাস , হােজাই জিলা পৰিষদৰ সভানেত্রী শ্রীমতী ৰমাবালা দেৱী আৰু বিশিষ্ঠ সমাজকর্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ হােজাই জিলাৰ সভাপতি অনুপ দে প্রমুখ্যে জিলাখনৰ বাছনিকৃত যুৱক – যুৱতী সকলৰ উপৰিও স্থানীয় সমাজ জীৱনৰ বিশিষ্ঠ ব্যক্তি সকল উপস্থিত থাকে।