তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাত বৰ্তমানেও অব্যাহত আছে শিল,বালি, কাঠৰ লগতে চোৰাং কয়লাৰ অবৈধ ৰমৰমীয়া বেহা|বন বিভাগৰ একাংশ দূৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী প্ৰত্যক্ষ সহযোগতেই মাৰ্ঘেৰিৰ্টাত শিল-বালি ,কাঠৰ এই অবৈধ ৰমৰমীয়া বেহা চলি থকা অভিযোগ স্থানীয় একাধিক দল সংগঠনৰ |মাৰ্ঘেৰিটাত অব্যাহত থকাসকলোবোৰ অবৈধ ব্যৱসায় অতি শীৰ্ঘ্ৰ বন্ধ কৰিবলৈ আমছু’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মহকুমাৰ প্ৰশাসনক দাবী জনাইছে| অন্যথা আমছু’য়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰীক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সঁকিয়াই দিছে|
বাক্সাৰ মইনাগুৰিত এছএছবি জোৱানৰ বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ
বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মইনাগুৰিত আজি সশস্ত্ৰ সীমা বলে বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ কৰে। এখন এএছ-১৯চি-৫২০২ নম্বৰৰ আৰু আন এখন নম্বৰবিহিন টাটা ম’বাইল গাড়ীৰে কঢ়িয়াই আনি থকা অৱস্থাত এছএছবিৰ জোৱানে জব্দ কৰে কাঠৰ কুণ্ডাসহ গাড়ী দুখন। পিছত বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ত দুয়োখন গাড়ী কাঠসহ জমা দিয়ে সশস্ত্ৰ সীমা বলে ৷ বনাঞ্চলিক বিষয়া গৰাকীয়ে জব্দ কৰা কাঠৰ কুণ্ডা সমূহৰ আনুমানিক মূল্য ২৬ হাজাৰ টকাৰ হ’ব বুলি কৈছে যদিও প্ৰত্যক্ষদৰ্শীয়ে ইয়াৰ প্ৰকৃত মূল্য ২ লক্ষাধিক হ’ব বুলি সাংবাদিকক জনায় ৷ উল্লেখ্য যে খবৰ পাই সংবাদ মাধ্যমৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে-লগে বাটাবাৰী ৰেঞ্জৰ বন বিষয়া গৰাকীয়ে কিছু বিবুদ্ধিত পৰা পৰিলক্ষিত হোৱাৰ লগতে কোনো ধৰণৰ মন্তব্য কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত সাংবাদিকৰ প্ৰৱল হেঁচাত তেওঁ যেনেতেনে কিছু গা এৰা ধৰণৰ মন্তব্য আগবঢ়ায় ৷
নগাঁও সদৰ সমষ্টিৰ দ্বিতীয় বাৰৰ বিধায়ক ৰূপক শৰ্মাক মন্ত্ৰীত্ব প্ৰদানৰ দাবী
নগাঁও সদৰ বিধান সভা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা ৰূপক শৰ্মাক অসম মন্ত্ৰীসভাত স্থান দিবলৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদে বিজেপি শীৰ্ষ নেতৃত্বক দাবী জনাইছে। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বৰুৱাই কয়- ৰূপক শৰ্মা এগৰাকী দক্ষ বিধায়ক। বিগত পাঁচটা বছৰত নগাঁও সদৰ সমষ্টিত ৰূপক শৰ্মাৰ নেতৃত্বত অভূতপূৰ্ব উন্নয়ন হৈছে। সেয়ে ৰূপক শৰ্মাক মন্ত্ৰীত্ব দিলে নগাঁও জিলাৰ লগতে অসমৰ উন্নয়নত বিধায়ক ৰূপক শৰ্মাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি পৰিষদে বিশ্বাস কৰে। উল্লেখ্য যে সুদীৰ্ঘ ২০ বছৰত জিলাখনৰ এই ঐতিহ্য মণ্ডিত সমষ্টিটোত কোনো বিধায়কে মন্ত্ৰীত্ব লাভ কৰা নাই। তদুপৰি পৰিষদে চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু খুমটাই বিধায়ক মৃণাল শইকীয়াকো মন্ত্ৰীত্ব প্ৰদানৰ দাবী জনাইছে। তদুপৰি নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি দিপক বৰা আৰু সম্পাদক প্ৰভাত বৰাইও নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক মন্ত্ৰীত্ব দিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বক দাবী জনাইছে।
মাৰ্ঘেৰিটাত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে মহকুমাৰ প্ৰশাসনৰ অভিযান
সমগ্ৰ ৰাজ্যজুৰি ক’ৰোনাই ধাৰণ কৰিছে তীব্ৰ ভয়াবহ ৰূপ |মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাৰ সংক্ৰমণৰ ঘটনা| ইয়াৰ পিছতো যেন কানসাৰ নাই মাৰ্ঘেৰিটাৰ নগৰৰ একাংশ লোকৰ | নাই মাস্ক , নাই সামাজিক দূৰত্ব|একাংশ লোকৰ এনে ব্যৱহাৰে সচেতন মহলক চিন্তিত কৰি তুলিছে| ইয়াৰ মাজতে আজি ক’ভিড প’টকল অমান্য কৰি মাস্ক পৰিধান নকৰা নগৰখনৰ একাংশৰ দোকানী আৰু বজাৰত বিনা কামত টিঘিল ঘিলাই থকা লোকৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ মহকুমাৰ চক্ৰ বিষয়া সোনবৰ চুতিয়া নেতৃত্বত আৰক্ষীয়ে অভযান চলায়| অভিযানকাৰী দলটোৱে মাৰ্ঘেৰিটাৰ নগৰৰ নদী দুয়োপাৰৰ দৈনিক বজাৰৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত এই অভিযান চলায়| অভিযান কালত ক’ভিড প’টকল ভংগকাৰী কোনো লোককে জৰিমণা বিহা হোৱা নাই যদিও সকলোকে নিজৰ সুৰক্ষাৰ বাবে মাস্ক পৰিধান কৰিবলৈ মহকুমাৰ চক্ৰ বিষয়া গৰাকীয়ে আহ্বান জনায়|মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনৰ তৰফৰ পৰা ক’ভিড পটকল ভংগকাৰী বিৰুদ্ধে চলোৱা এই অভিযানত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে|
দক্ষিণপাট গাওঁৰক্ষী বাহিনীৰ আদৰণিয় পদক্ষেপ
দেশৰ বতমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে জাৰী কৰা নীতি -নিদ্দেশনা সমুহ কঠোৰ ভাৱে যাতে গাঁওবাসী ৰাইজে মানি চলে তাৰ উদ্দেশ্যে মাজুলীত গাঁওৰক্ষী বাহিনীয়ে এক আদৰণিয় পদক্ষেপ গ্ৰহণ কৰে ৷ মাজুলী কমলাবাৰী থানাৰ বনগাঁও আৰক্ষী চকী অন্তগত দক্ষিণপাট আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ কৰ্মী সকলে ক’ভিড নিয়ম নীতিৰ মাজেদি আজি পুৱা বাহিনীৰ এলেকাধীন-দক্ষিণ পাট দিঘলী গাওঁ, পুৰনি সত্ৰ , কলিতা গাওঁৰ প্ৰতিটো পৰিয়াল ঘৰে ঘৰে গৈ চৰকাৰী নীতি নিৰ্দেশনা সমূহ আখৰে আখৰে মানি চলিবলৈ গোহাৰি জনায় ৷ বাধ্যতামূলক ভাবে মাস্ক পৰিধান কৰা, শাৰিৰীক দূৰত্ব বজাই ৰখা, সঘনাই চাবোনৰে হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক নিপিন্ধাকৈ অযথা ঘূৰি নুফুৰিবলৈ, বিয়লি ২ বজাৰ আগতে বজাৰ সমাৰ কৰি ঘৰলৈ ঘুৰি অহা, নৈশ সান্ধ্য আইন কালত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজা পৰ্যন্ত বাহিৰলৈ ওলাই নাযাবলৈ কৰ্মী সকলে ৰাইজৰ প্ৰতি অনুৰোধ জনাই ৷ ৰাইজৰ এনে দুৰ্যোগৰ সময়ত জন সজাগতা সৃষ্টি কৰা পদক্ষেপক সচেতন মহলে আদৰণি জনায় ৷ আজিৰ সজাগতা অভিযানত বাহিনীৰ আন আন সদস্য- সদস্যাৰ লগতে সভাপতি নৰেন্দ্ৰ নাথ দত্ত , উপ সভাপতি চিদাম বৰা, সম্পাদক দিবাকৰ শইকীয়া, যুটীয়া সহকাৰী সম্পাদক অবিনাশ কাকতি, নায়ক পিংকু দত্তই অংশ গ্ৰহণ কৰে ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ বাহিনী কৰ্মী সকলে গাওঁসমূহৰ পৰিয়াল মাজত সজাগতা সৃষ্টি কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰে ৷
গোলাঘাটত আজিৰে পৰা ৰেজিষ্ট্ৰেচন কৰা ১৮-৪৪ বছৰ লোকক কভিড-১৯ প্ৰতিৰোধী কভেকচিন টিকাকৰণ আৰম্ভ
গোলাঘাটত আজিৰে পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ লোক সকলক প্ৰথম পৰ্যায়ৰ কভিড ভেকচিন প্ৰদান কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত গোলাঘাট নগৰৰ দুটাকৈ কোভিড-১৯ প্ৰতিৰোধী ভেকচিন কেন্দ্ৰত কভেকচিনৰ প্ৰথম ভেকচিন প্ৰদান কৰা হৈছে । গোলাঘাট স্পৰ্টছ অথৰটি কমপ্লেক্সত আৰু মাৰোৱাৰী সন্মিলন গোলাঘাট শাখাৰ সহযোগত সুভাষ কলনি স্থিত গজানন্দ জালান সেৱা সদনত ভেকচিন প্ৰদান কৰিছে স্বাস্থ্য বিভাগে । অনলাইন যোগে ৰেজিস্ট্ৰেছন কৰা লোকক দুয়োটা ভেকচিন কেন্দ্ৰতে ১৫০ জনকৈ মুঠ ৩০০ লোকক ভেকচিন প্ৰদান কৰা হ’ব। ভেকচিন ল’বলৈ ৰাতিপুৱাৰে পৰা দুয়োটা কেন্দ্ৰতে জনসাধাৰণে শাৰী পতাৰ পৰিলক্ষিত হয়।
গোলাঘাটত পুনৰ ২ জন ক’ভিড ৰোগীৰ মৃত্যু ; মুঠ ৯ জনলৈ বৃদ্ধি হ’ল ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ
গোলাঘাটত এইপৰ্যন্ত এক ভয়ংকৰ পৰিস্থিতিলৈ গতি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই। সমান্তৰালকৈ পুনৰ দুজন ক’ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । জানিব পৰা মতে, গোলাঘাট মহিমা চাহ বাগিচাৰ ৪৪ বছৰীয়া এজন লোক ক’ভিডত আক্ৰান্ত হোৱাত আজি পুৱাতে ক’ভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও লগে লগে চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ। আনহাতে গোলাঘাট বেঙেনাখোৱাৰ ৫৮ বছৰীয়া এগৰাকী মহিলা আজি পুৱা মৃত্যু হয়। মহিলা গৰাকী বৃহস্পতিবাৰে নিশা ১০ বজাত ক’ভিড আক্ৰান্ত হোৱাত ক’ভিড চিকিৎসালয় ভৰ্তি কৰাইছিল যদিও চিকিৎসালয়তে মহিলাগৰাকীৰ আজি পুৱা সাত বজাত মৃত্যু হয়। গোলাঘাটত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হয়।সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি ৰাখি প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জিলাখনত কালি দুটাকৈ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে। বোকাখাতৰ বৰচাপৰি বাগিচা গাঁৱত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।কন্টেইমেন্ট জ’ন ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে ৰাজগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ,দক্ষিণে কাৰ্বি আংলং জিলাৰ দুৱাৰ বাগৰি মৌজা , পূবে বিহৰা চাহ বাগিচা আৰু পশ্চিমে লখৌজান চাহ বাগিচাক এই কন্টেইমেন্ট জ’নৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ -প্ৰস্থানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।একেদৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰকো কন্টেইমেন্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। উত্তৰে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ১ নং গেট ,দক্ষিণে পিটিচি তিনিআলিৰ সমীপৰ অসম আৰক্ষীৰ পুৰণা প্লেয়াৰ বেৰেক , পূবে কেন্দ্ৰৰ অধ্যক্ষৰ কাৰ্যালয় আৰু ফেমেলি লাইন কেম্পাছ আৰু পশ্চিমে ৰিক্ৰুইট ট্ৰেইনিং চেন্টাৰ চাৰিআলি কন্টেইমেন্ট জ’নৰ সীমা হিচাবে নিৰ্ধাৰণ কৰা হৈছে। অঞ্চলটোত অকৰ্তত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱা মৃত্যু ৷
বৃহত্বৰ টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱাৰ ৮০ বছৰ বয়সত যোৱা ৩ মে’ত গুৱাহাটীত মৃত্যু হয় ৷ ডিগবৈ টিংৰাই সমীপৰ বহু পুৰণি ঐতিসাহিক হোলোংহাবি চাহ বাগিচাৰ প্ৰাক্তণ প্ৰৱন্ধক প্ৰায়ত পিতৃ বলোৰাম বৰুৱা আৰু মাতৃ প্ৰায়ত বন্তি বৰুৱাৰ তৃতীয় পুত্ৰ প্ৰায়ত ড° ভূপেন বৰুৱা যোৰহাটৰ বামুন পুখুৰিত জন্ম গ্ৰহণ কৰিছিল ৷ পিতৃ চাকৰি সুত্ৰে টিংৰাই অঞ্চলতে ডাঙৰ দীঘল হোৱা ড° বৰুৱাই বামুন পুখুৰি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰিক্ষা উত্তীৰ্ণ হৈ ডিব্ৰুগড় কানৈ কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি গুৱাহাটী ভেটেনাৰী কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতোকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ পাছত উত্তৰ প্ৰদেশৰ বেৰিলি পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল ৷ পিছলৈ চাকৰি জীৱন আৰম্ভ কৰি গুৱাহাটী ভেটেনেৰি কলেজৰ পৰা প্ৰৱক্তা হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰায়ত ড° ভূপেন বৰুৱাই নিজৰ চাকৰি জীৱনত অসম কৃষি বিশ্ববিদ্যালয়ত এটা বছৰ উপ ৰেজিষ্টাৰ হিচাপেও কৰ্মৰত আছিল ৷ টিংৰাই অঞ্চলৰ এইগৰাকী শিক্ষাবিদ প্ৰায়ত ড° ভূপেন বৰুৱাই স্কুল আৰু কলেজিয়া জীৱনত খুব ভাল ফুটবল আৰু বেটমিণ্টণৰ খেলুৱৈ আছিল ৷ ছাত্ৰ অৱস্থাত ৰাজনীতি সৈতে জড়িয় আছিল বৰুৱাই ৷ এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত টিংৰাই লগতে নিজা বাসস্থান গুৱাহাটীৰ হাতীগাওঁতো গভীৰ শোকৰ ছাঁ পৰিছে ৷ ড° ভূপেন বৰুৱাৰ কনিষ্ঠ ভাতৃ টিংৰাই অঞ্চলৰ শিক্ষাবিদ ব্ৰজেন বৰুৱা অসমৰ এগৰাকী চাহ জনগোষ্ঠী সংস্কৃতিৰ বিশিষ্ট গৱেষক ৷ মৃত্যু সময়ত ড° বৰুৱাই পত্নী, পুত্ৰ, জী, জোৱাই লগতে বহু আত্মীয় সজনক এৰি যায় ৷
আইমী বৰুৱা নির্মিত ডিমাচা ছবিলৈ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত সন্মান
ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই নির্মাণ কৰা ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখনে৷ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ছবিখনে আঁজুৰি আনিবলৈ সক্ষম হৈছে তিনিটাকৈ সন্মান৷প্রথমবাৰলৈ আইমী বৰুৱাই নির্মাণ কৰা এই ছবিখনে সর্বশ্রেষ্ঠ বর্ণনামূলক ছবি, সর্বশ্রেষ্ঠ নাৰী বিষয়ক ছবি আৰু শ্রেষ্ঠ নৱাগত ছবি নির্মাতাৰ সন্মান লাভ কৰিছে৷উল্লেখ্য যে ডিমাচা লোকসকলৰ জীৱনশৈলীৰ ওপৰত ভিত্তি কৰি এই ছবিখন তেওঁ নির্মাণ কৰিছে৷ এই ছবিখনৰ মুখ্য ভূমিকাত নিজেই অভিনয় কৰিছে নির্মাতা আইমী বৰুৱাই৷
ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড-১৯ টিকাকৰণ।
প্ৰতিদিনে এশ ব্যক্তিক টিকাকৰণ প্ৰদান ধুলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।
দৰং জিলাৰ ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত বৰ্ষৰ পৰা বৰ্তমান সময়লৈ ক’ভিড টিকাকৰণ চলি আছে। নিৰ্ধাৰিত বয়সৰ সকলো নাগৰিক, আনুসংগিক ব্যক্তি, ইতিমধ্যে পঞ্জীভূত হোৱা আৰু আগশাৰীৰ এ.এন.এম, অংগনাবাদী কৰ্মী তথা হিতাধিকাৰী সকলক ক’ভিড টিকাকৰণ প্ৰদান কৰা পৰিলক্ষিত হয়। ধূলা স্বাস্থ্য কেন্দ্ৰৰ ক’ভিড প্ৰশিক্ষণ প্ৰাপ্ত এ.এন.এম
মিনাক্ষী শৰ্মা আৰু মমতাজ সৰকাৰৰ সহযোগত টিকাকৰণ প্ৰদান কৰা হয়। ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ সুমনা বৰুৱাৰ উপস্থিতিত দৈনিক গঢ়ে প্ৰায় শতাধিক ৰাইজক টিকাকৰণ কৰা হয়। টিকাকৰণৰ পিছত ক’ভিডৰ নিয়মাৱলী- মাক্স পৰিধান, চাবোন আৰু পানীৰে নিয়মিত ভাৱে নিজৰ হাত ধোঁৱা, সামাজিক দূৰত্ব মানি চলা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে কেন্দ্ৰ খনত ক’ভিড টেষ্ট কৰাৰ পিছত যিসকল ব্যক্তিৰ কৰুণা চিনাক্ত হৈছে সেইসকল ব্যক্তি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু আন কিছু ব্যক্তিক হোম কোৱাৰাইণ্টাইন কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। কৰুণাৰ দ্বিতীয়টো ঢৌৱে ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যত। দিনে দিনে জটিল হৈ পৰিছে অসমৰ কৰোনা পৰিস্থিতি। দৈনিক ভংগ হৈছে কৰুণা আক্ৰান্ত তথা মৃত্যুৰ অভিলেখ। ইতিমধ্যে ৰাজ্যত এই কৰুণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে হাজাৰৰো অধিক লোক। কৰুণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তৰ্গত পানীয়াখাট, হিৰাপাৰা, খাটনীয়াপাৰা, বালাবাৰী, আটাকাটা, মাগুৰমাৰী আদি বিভিন্ন অঞ্চলৰ অঞ্চলবাসীক ক’ভিড-১৯ প্ৰটকল মানি পৰিচালিত হবলৈ আহ্বান জনায় কেন্দ্ৰ খনৰ বিষয়া ডাঃ সুমনা বৰুৱাই। অসমৰ লগতে ধূলা অঞ্চলৰ প্ৰতিজন ব্যক্তিক সজাগ হৈ মাক্স ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰ তথা প্ৰশাসনৰ নীতি-নিয়ম মানি চলিবলৈ বিনম্ৰতাৰে আহ্বান জনায় ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ সুমনা বৰুৱাই।











