Home Blog Page 3062

বিজেপি চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে !

যুৱ প্ৰজন্মক সংস্থাপন দিয়াত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ আনি  ইয়াৰ বাবে চৰকাৰক জবাবদিহি কৰি আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমবাগানত যুৱ কংগ্ৰেছে  যুৱ একতা সমাৰোহ অনুষ্ঠিত কৰে।

মুলতঃ সমাগত বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আমবাগানৰ জগদাত্ৰী পূজাবাৰী খেলপথাৰত এই যুৱ একতা সমাৰোহখন অনুষ্ঠিত কৰা হয় । কংগ্ৰেছ আৰু যুৱ কংগ্রেছৰ নেতৃত্বতই বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি সমষ্টিটোৰ বিধায়ক তথা বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনৰ হৈ আজি ভাষিক সংখ্যালঘূ বষতি প্ৰধান আমবাগানত কংগ্ৰেছৰ নেতৃত্ব‌ই নিৰ্বাচনী ৰণ শিঙা বজায়।

লাওখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহাৰ সভাপতিত্বত অনুষ্ঠিত  যুৱ একতা সমাৰোহৰখন উদ্ধোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে চামগুৰি সমষ্টিত আজি যি জনজাগৰণ সৃষ্টি হৈছে তাৰ পৰা প্ৰমাণ হয় যে ২০২১ ৰ নিৰ্বাচনত চামগুৰিত কংগ্ৰেছক কোনেও ৰুধিব নোৱাৰে।আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক সমালোচনা কৰি ৰিপুন বৰাই কয় যে বানপানী, খহনীয়া আৰু ক’ভিডৰ সময়ত অসমবাসীলৈ মনত নপৰা এই দুগৰাকী নেতা নিৰ্বাচনৰ সময়তহে অসমলৈ ঢপলিয়াই আহে।অসমৰ মানুহক বাৰে বাৰে প্ৰতাৰণা কৰি অহা নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী ৰাজ্য বুলি উল্লেখ কৰা অসমক কঙাল ৰাজ্যত পৰিণত কৰিলে। খিলঞ্জীয়াৰ ভূমি কাঢ়ি বাবা ৰামদেৱক দিয়া নৰেন্দ্ৰ মোডীয়ে অসমৰ মানুহৰ ওপৰত বুলডজাৰ চলাইছে।প্ৰসংগক্ৰমে তেওঁ বিজেপি চৰকাৰক প্ৰবঞ্চক ,প্ৰতাৰক আৰু সাম্প্ৰদায়িক আখ্যা দিয়ে।

কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই আঁত ধৰা সমাৰোহত কলিয়াবৰ লোক সভা সমষ্টিৰ  সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপি চৰকাৰৰ দিনত ধনী মানুহ আৰু ধনী হৈছে ,দুখীয়া মানুহ বেছিকৈ দুখীয়া হৈছে।বিজেপি চৰকাৰৰ মন্ত্ৰী সকল  মাটিত নাথাকে, তেওঁলোক আকাশত উৰি ফুৰিছে ।সেয়ে দুখীয়া মানুহৰ বাবে বিকল্প চৰকাৰ হৈছে কংগ্ৰেছ চৰকাৰ।

ৰাইজৰ জাগৰণ দেখি বৰ্তমান বিজেপি চৰকাৰে ভয় খাইছে বুলি উল্লেখ কৰি সাংসদ গগৈয়ে লগতে কয় যে ভয়তে তেওঁলোকে আনকি বিভিন্ন দল সংগঠনক জোঁৰ সমদল বাহিৰ কৰিবলৈকো বাধা আৰোপ কৰিছে।  বৃটিছলৈ ভয় নকৰা কংগ্ৰেছ দলে বিজেপিক কিয় ভয় কৰিব বুলিও তেওঁ হুংকাৰ  দিয়ে।

আনহাতে সমাৰোহখনত  মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি য়ে কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে যুৱ প্ৰজন্মক বিশ্বাসঘাটকতা কৰিছে ।বছৰি ২৫ লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল যদিও কেইজনকনো তেওঁলোকে চাকৰি দিলে। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই তেওঁলোকে দেশদ্ৰোহী বুলি কয়। এই চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে।প্ৰসংগক্ৰমে যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা জনে মোডী চৰকাৰৰ কেইবাজনো মন্ত্ৰী জাল চাৰ্টিফিকেটৰে চলি থকা বুলি অভিযোগ কৰি লগতে কয় যে  তেওঁলোক অশিক্ষিত হোৱাৰ বাবেই শিক্ষিতৰ মূল নুবুজে।বিজেপিৰ ‘বেটি বচাও বেটি পঢ়াও’ শ্লগানক সমালোচনা কৰি শ্ৰীনিবাসে কয় :   ‘বেটি পঢ়াও,বেটি বিজেপি নেতা চে বচাও’। সমাৰোহত অংশ লৈ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কয় যে  বিজেপিৰ শাসন কালত অসমত নিবনুৱা সমস্যাই অধিক ভয়াবহ ৰূপ লৈছে । বিজেপিৰ পৰিবৰ্তন নামত অসমখন পিছুৱাই যোৱা বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে ন- কংগ্ৰেছী মীৰা বৰঠাকুৰে বিজেপি দলক চোকা সমালোচনা কৰি কয় যে বিজেপি দল  বাকী আৰু ফাঁকিৰ ওপৰত চলি আছে।তেওঁ নাম উল্লেখ নকৰাকৈ ‘মামা’ সম্বোধন কৰি  কয় যে মামাৰ ফন্দীত যাতে কোনেও ভৰি নিদিয়ে।মামাৰ অংকত এইবাৰ আউল লাগিছে।মামাই যিদৰে ভাবে কংগ্ৰেছত তেওঁৰ মানুহ আছে বুলি একেদৰে মামা যোৱা গাড়ীখনতে আমাৰ মানুহো আছে।মামাই বিজেপিৰ সভাৰ পৰা উভটি নৰেন্দ্ৰ মোডীক গালি পাৰি অহা কথাও আমি গম পাওঁ।

চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি দলৰ পতন নিশ্চিত বুলি উল্লেখ কৰি নাটকীয় ভংগীৰে লগতে কয় : ”গ’ল বন্ধু গ’ল তোমালোকৰ চৰকাৰ গ’ল। আমাবাগানৰ পৰাই তোমালোকৰ চৰকাৰ পতন হ’ল।” শিল্পী বাবু ,টানা আৰু নেকিবে গীত গাই ৰাইজক উৎসাহ যোগোৱা সভাখনত বিভিন্ন দলৰ শতাধিক সদস্যই কংগ্ৰেছ দলত যোগদান কৰে।কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাখনত বিধায়ক নুৰুল হুদা, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম, অংকিতা দত্ত,অজয় চিকাৰা,মনোজ জৈন,জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা,প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, স্বপন ক’ৰ প্ৰমুখ্যে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

মৰিগাঁৱত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সংবাদ মেল

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীয়ে এতিয়াৰ পৰা গ্ৰাহকৰ ঘৰলৈ গৈ চাৰ্ভিছ দিয়াৰ লগতে গ্ৰাহকৰ বাবে চৰকাৰী আচঁনি সমূহ কেনেদৰে গ্ৰাহক উপকৃত হ’ব সেই উদ্দেশ্যে আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মৰিগাঁও জিলাই আজি এক সংবাদ মেল অনুষ্ঠিত কৰে। চি জি এম(চিআৰ) অভিজিৎ শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে- গৰাকীয়ে কয় যে এপিডিচিএল নবেম্বৰ মাহৰ পৰা গ্ৰাহকক বিল সমূহ পৰিশোধ কৰিবলৈ ৫ খনকৈ অভিলাষী আঁচনি চৰকাৰে দিছে যাৰ সুবিধা বৰ্তমানেও চলি আছে৷ এই আচঁনিৰ জৰিয়তে জীৱনধাৰা ঘৰুৱা ব্যৱহৃত বিদ্যুত গ্ৰহক সকলে যাৰ তিনি মাহ হোৱাতো বিল পৰিশোধ কৰিব পৰা নাই ,এল টি, এইচ টি গ্ৰাহক সকলে যদি নিজৰ দিবলগীয়া  বিল ১০০% দিয়ে তেন্তে সুত সমুলি মাফ আৰু ৫০% দিলে ৮০% মাফ দিয়াৰ সুবিধা আছে৷গ্ৰাহকৰ বাবে বিল সমূহ ৫ টা ভাগত পৰিশোধ কৰিব পৰাও ব্যৱস্থা আছে৷ লগতে বিল মিটাৰ সমূহৰ ক্ষেত্ৰত অহা অভিযোগ নাইকিয়া কৰিবলৈ এক প্ৰযুক্তিৰ জৰিয়তে মবাইলত মিটাৰ ৰিদিং স্কেনিং কৰি গ্ৰাহকক ৰিদিং অনুসৰিহে বিল দিয়াৰ ব্যৱস্থা কৰা হ’ব, যিটো প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে যদিও সকলো ঠাইতে আৰম্ভ হোৱা নাই আৰু কিছু দিনৰ পিছতে সম্পূৰ্ণ হ’ব বুলি বিষয়া গৰাকীয়ে মন্তব্য কৰে। লগতে বিষয়া গৰাকীয়ে কয় যে- অসম বিদ্যুত শক্তি বিতৰণ কোম্পানী লিমিটেডে গ্ৰাহক সকলৰ বাবে বিল তুলিবলৈ ঘৰে ঘৰে এজেণ্ট নিয়োগ কৰিব, যাৰ দ্বাৰা গ্ৰাহকে বিল সমূহ দিবলৈ এতিয়া সময় খৰচ কৰি শাৰী পাতি থাকিব নালাগে৷ এই প্ৰক্ৰিয়া এতিয়া আৰম্ভৰ পথত৷যি সকল গ্ৰাহকৰ মিটাৰ বিকল হৈ গ’ল আৰু সেই সকল গ্ৰাহকক বিভাগৰ ফালৰ পৰা মিটাৰ প্ৰযোজ্য সাপেক্ষে প্ৰদান কৰি মিটাৰৰ জৰিয়তে ৰিদিং বিল পৰিশোধ কৰাৰ ব্যৱস্থা কৰাৰ কথা তেওঁ উল্লেখ কৰে৷ আনহাতে বিভাগৰ বিষয়াই গ্ৰাহক লগত যোগাযোগ সুমধুৰ কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই ৰাজহুৱা প্ৰতিষ্ঠানটো ব্যক্তিগত কৰণ নহয়, তাৰ বাবেও ৰাইজৰ সহযোগ কামনা কৰে বিষয়া গৰাকীয়ে। ইপিনে, সংবাদ মেলত জি এম(চিআৰ) লোকনাথ চৌধুৰী, জি এম(এন ই জেদ)ছাহনাৱাজ হুছেইন, চি ই অ'(এম ই চি)প্ৰনৱ কুমাৰ বৰদলৈ, এ জি এম(এম ই ডি) দিপাংকৰ বৰ্মন আৰু এ জি এম (জে ই ডি) দিগন্ত বৰা উপস্থিত থাকে।

হোজাইত জিলা প্ৰশাসনৰ ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান অনুষ্ঠান

চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু হোজাই জিলা প্ৰশাসনৰ উদ্যোগত জিলাৰ প্ৰায় দুই হেজাৰ গৰাকী ভুমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা হয়। হোজাই স্থিত দেশবন্ধু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্ণজয়ন্তী পেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানত হোজাই বিধায়ক শিলাদিত্য দেৱ মূখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও জিলা উপায়ুক্ত ডাঃ সদনেক সিং, অতিৰিক্ত উপায়ুক্ত গৌৰি শংকৰ দাস, হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী, প্ৰাক্তন বিধায়ক তথা কিনা-বেছা নিগমৰ অধ্যক্ষ সুশিল দত্ত, বিজেপি হোজাই জিলা সভাপতি অনুপ দেৱ, জিলাৰ তিনিও ৰাজহ চক্ৰ হোজাই, ডবকা আৰু লংকা ৰাজহ চক্ৰ বিষয়া তথা অনান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। বিধায়ক শিলাদিত্যই মন্তব্য আগবঢ়ায় যে জাতি, মাটি আৰু ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্রুতি ৰক্ষা কৰি জিলাৰ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদানকৰি বিদেশী আগ্ৰাসনৰ পৰা ৰক্ষা পাব আৰু খিলঞ্জীয়াৰ স্বাৰ্থত চৰকাৰৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। অন্যহাতে অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে চৰ্চিত উক্ত অনুষ্ঠানত ভূমিৰ পট্টা গ্ৰহণ কৰি উৎফুল্লিত হিতাধীকাৰীসকল

লাহোৱাল শিক্ষাখণ্ডৰ উদ্যোগত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট সম্পন্ন

লাহোৱাল শিক্ষাখণ্ডৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক মণ্ডল ভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ মাজত প্ৰাইজমাণি টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট আজি চাউলখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। আঠটা দলে অংশগ্ৰহণ কৰা খেলখনত জয় হৌ ৱাৰিয়ৰ্চে এন চি আৰ একাদশক পৰাজিত কৰি ২০১২১ বৰ্ষৰ চেম্পিয়ন হয়। নিৰ্ধাৰিত ৫ অভাৰত এন চি আৰে ৪৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে জয় হৌ ৱাৰিয়ৰ্চে পাঁচটা বল বাকী থকাত নিৰ্ধাৰণ ৰাণ সংগ্ৰহ কৰি ৬ উইকেটত জয়ী হয়।  উল্লেখ্য যে এন চি আৰ একাদশে বিগত বৰ্ষতো ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰিছিল। মেন অফ দা মেচ আৰু মেন অফ দা চিৰিজ দখল কৰে জয় হৌ ৱাৰিয়ৰ্চ দলৰ ৰাজেশ ত্ৰিপাঠীয়ে। আনহাতে প্ৰথমবাৰৰ বাবে মহিলাসকলৰ মাজতো প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হয়। স্পাৰ্কিং গ্ৰীণ দলে কনকলতা দলক পৰাজিত কৰে। মেন অফ দা মেচ ঘোষিত হয় স্পাৰ্কলিং গ্ৰীণৰ মিনাক্ষী বৰা। পুৱা খেলৰ পতাকা উত্তোলন কৰে লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিণ্টি দিহিঙ্গীয়াই। আনহাতে খেলৰ শুভাৰম্ভ কৰে ফুলামপুৰ শ্ৰী শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা চেম্পিয়ন ট্ৰফীৰ দাতা কল্যাণ কুমাৰ গগৈয়ে। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে চাচাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিউ কুমাৰ চাহুৱে। অতিথি হিচাপে অংশ গ্ৰহণ কৰে লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিণ্টি দিহিঙ্গীয়া, মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অপৰ্ণা বৰগোঁহাই, জিলা গাণনিক বিষয়া গিয়াছ আলি, ৰাণাৰ্চ আপৰ ট্ৰফী দাতা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গায়ত্ৰী দেৱী, টিমনা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পূণ্য গোঁহাই দত্তৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান সকল।

চৰকাৰী কৰ্মচাৰীৰ বাবে গ্ৰেচুইটি প্ৰদানত চৰকাৰক কৃতজ্ঞতা এন পি এছ কৰ্মচাৰী সন্থাৰ

অসম চৰকাৰে শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰী বাবে ডি চি আৰ জিৰ ব্যৱস্থা কৰাৰ বাবে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ধন্যবাদ জ্ঞাপন কৰিছে। সন্থাই দাবী কৰা অনুসৰি পুৰণি পেঞ্চন বাহাল ৰাখিবলৈ লগতে আহ্বান জনাইছে। সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কৰ্মচাৰীক পুৰণি পেঞ্চন প্ৰদানৰ দীবীত ৩১ জানুৱাৰীত লখৰা চাৰিআলিৰ উদয়ন কৃষ্টি সংঘৰ বাকৰিত গণ অভিৱৰ্তন আয়োজন কৰা কথা পুনৰ অৱগত কৰিছে।

মাজুলীত কংগ্ৰেছৰ চাইকেল ৰেলী

মুল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ, কৃষক বিৰোধী কৃষি আইন বাতিল ,গণতান্ত্ৰিক ভাৱে আন্দোলন কৰা আন্দোলনকাৰীক হাৰাশাস্তি কৰা আদিৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে আজি মাজুলীতো জিলা কংগ্ৰেছ কমিটিৰ দ্বাৰা সোনোৱাল চৰকাৰৰ বিৰুদ্ধে এক চাইকেল ৰেলি উলিয়ায় । গড়মুৰ ৰাজীৱ ভৱনৰ পৰা মাজুলী ৰাজহচক্ৰ বিষয়া কাৰ্যালয়লৈ  উলিওৱা চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি তথা মাজুলীৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ লগতে জিলা কংগ্ৰেছৰ বিষয় ববীয়া সকলে অংশ গ্ৰহণ কৰে। আনহাতে  উজনি মাজুলী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ৰাণা পাংগিংৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী সকলে উজনি মাজুলী ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয় জেংৰাইমুখ ৰাজীৱ ভৱনত চৰকাৰ বিৰোধী  শ্লগান দি চাইকেল ৰেলিৰে উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু উজনি মাজুলী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখৰ ধৰ্ণা দিয়ে ।

কবি শংকুসিদ্ধ নাথৰ কাব্যগ্ৰন্থ ‘এদিন সময়বোৰ আমাৰ হ’ব’ উন্মোচন

 মাজুলীৰ এগৰাকী উদীয়মান প্ৰতিশ্ৰুতিসম্পন্ন কবি শংকুসিদ্ধ নাথৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘এদিন সময়বোৰ আমাৰ হ’ব’ শীৰ্ষক কাব্যগ্ৰন্থখনি আজি অসম সাহিত্য সভাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় | অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কাব্যগ্ৰন্থখন উন্মোচন কৰি কয় যে অসমীয়া আধুনিক কবিতাৰ পথাৰখনত কবিয়ে সেউজীয়া শইচ সিচিবলৈ আৰম্ভ কৰিছে সেইসকলৰ মাজত শংকুসিদ্ধ নাথ অন্যতম | ছন্দময় উল্লাস, সৰলৰৈখিক অনুসিক্ত অনুৰণনে ‘এদিন সময়বোৰ আমাৰ হ’ব’  কাব্যগ্ৰন্থখনিক ন-সাজ প্ৰদান কৰিছে | অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা আৰু নগাঁও জিলা আকাশ সমিতিৰ আহ্বায়িকা কবি দীপ্তি বৰাই সঞ্চালনা কৰা বৰ্ণিল অনুষ্ঠানটিত অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মা, ৰামধেনু সমিতিৰ  উপসভাপতি কৰুণাকান্ত শৰ্মা, জনপ্ৰিয় কবি-সাংবাদিক তথা মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক পাপু বৰা, মাজুলী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মহিম চন্দ্ৰ নাথ, আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা প্ৰমুখ্যে বহুকেইজন কবি-সাহিত্যিকে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় |

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই গহপুৰৰ নিজা বাসগৃহত সম্বোধন কৰি এখন সংবাদ মেলত কৃষকৰ বাবে গোৱা গানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কৃষকৰ নিষ্ঠাৰ তেওঁলোকৰৰ চৰকাৰৰ বাবেহে নাই ৷ ইয়াৰ উপৰিও কয় যে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ কালত প্ৰদেশ কংগ্ৰেছে অসমৰ ২৪ টা জলন্ত সমস্যাৰ প্ৰশ্ন উত্থাপন কৰিছিল । কিন্তু প্ৰধান মন্ত্ৰী গৰাকীয়ে তেখেতৰ ভাষণত অসমৰ ২৪টা জলন্ত সমস্যা সন্দৰ্ভত কোনো কথায়ে নক’লে। নৰেন্দ্ৰ মোদীৰ ভাষণে অসমবাসীক হতাশ কৰিলে। প্ৰধানমন্ত্ৰীৰ ভাষণত কোনো নতুনত্ব নাই। এটা গতানুগতিক ভাষণ। তেখেতে কিছুমান মিছা কথাৰে আকৌ সতী জয়মতীৰ স্বাভিমান, সততাক, অসমীয়া জাতিৰ যি সততাৰ প্ৰতীক তাক পদাঘাট কৰিব বুলি কোৱা কথায়ে সত্য হ’ল । চাহ জনজাতি ৰাইজক তেওঁলোকে ৰাজনৈতিক সন্মান দিছে নে শোষণ কৰিছে ? চাহ জনজাতি ৰাইজক কেৱল ভোটৰ কাৰণে ব্যৱহাৰ কৰিছে । নাগৰিকত্ব সংশোধনী আইন, জনজাতিকৰণ আদি বহু বিষয় সন্দৰ্ভতো নৰেন্দ্ৰ মোদীয়ে কোনো ধৰণৰ কথা নক’লে বুলি ৰিপুন বৰাই কয় । ৰিপুণ বৰাৰ বহু ক্ষমতা কৰ্তন কৰা হৈছে । প্ৰদ্যুৎ বৰদলৈক ৰিপুণ বৰাতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । প্ৰদেশ কংগ্ৰেছত কালিৰ পৰা ইয়াক লৈ শীতল যুদ্ধ চলি আছে। এই প্ৰশ্ন সোধোতে খঙত  জাঙুৰ খাই উঠিল ৰিপুন বৰা। সাংবাদিকৰ মনে সঁজা প্ৰশ্ন বুলি উল্লেখ কৰে ।

শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ফাইলাগুৰিত আজি বি জে পি দলৰ এখন দলীয় সভাত অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক দলৰ এক হাজাৰ সদস্য বি জে পি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে ।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰীৰামপুৰ মণ্ডল কমিটীৰ সভাপতি ইমানুয়েল মনছিং  হাসদাৰ সভাপতিত্বত গোসাইগাঁও মহকুমাৰ ফাইলাগুৰি খেল পথাৰত আজি বিজেপি দলৰ এখন যোগদান সভা অনুষ্ঠিত হয় । শ্ৰীৰামপুৰ মণ্ডল বিজেপিৰ সম্পাদক শ্ৰীবাস দাসে আঁত ধৰা সভা খনত বি জে পি দলৰ সফলতাৰ লগতে দলৰ  আদৰ্শ আৰু নীতিৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰে কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি আৰু উপ-সভাপতি ক্ৰমে বিভূতি বৰগয়াৰী আৰু সুৰথ চন্দ্ৰ ৰায় আৰু শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল সিংহই । ইয়াৰ উপৰি সভাত বিজেপি দলৰ জিলা, মণ্ডল  আৰু বুথ পৰ্যায়ৰ নেতা-কৰ্মী সকল উপস্থিত থাকে । মনকৰিবলগীয়া যে উক্ত সভাতে কোকৰাঝাৰ জিলা বি পি এফ কমিটিৰ উপ-সভাপতি সঞ্জয় মাৰাণ্ডীৰ নেতৃত্বত বি পি এফ দলৰ ভি চি ডি চিৰ সদস্য, দলৰ নেতা-কৰ্মীৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ এক হাজাৰ গৰাকী লোকে বিজেপি দলত যোগদান কৰে । উল্লেখ্য যে বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বি পি এফ দলৰ দখলত থকা ২৮নং গোসাইগাঁও বিধান সভা সমষ্টিত বিজেপি দলৰ তৎপৰতা দুগুনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লতাশিলত তিনিখনকৈ বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

গুৱাহাটীৰ লতাশিলত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত সৃষ্টি হয় এই ভয়ানক পৰিস্থিতিৰ।

জানিব পৰা অনুসৰি প্ৰথমে গৰু ভৰ্তি এখন ডিআই বাহনে খুন্দা মাৰে এখন চলন্ত চিটি বাছত। তাৰ পাছতেই নিয়ন্ত্ৰণ হেৰুৱাই চিটী বাছে খুন্দা মাৰে পদপথৰ ৰেলিঙত। তথ্য অনুসৰি বাছখনত আছিল প্ৰায় ১৫গৰাকী যাত্ৰী।

আনহাতে নিয়ন্ত্ৰণ হেৰুৱাই পৰৱৰ্তী সময়ত কেইবাখনো বাহনক খুন্দা মাৰে চিটী বাছখনে। কেৱল সেয়াই নহয় উক্ত বাছখনত পাছত খুন্দা মাৰে এখন এল্ট’ বাহনে। যাৰ ফলত আহত হয় চাৰিজনকৈ লোক।