Home Blog Page 3063

মোদী-অমিতৰ আগমনত ৰাজ্যজুৰি আছুৰ ক’লা দিৱস পালন

আজি ‘আছু’ৰ ৰাজ্যজুৰি ক’লা দিৱস পালন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ক’লা দিৱস৷ উল্লেখ্য যে, শুকুৰবাৰে ‘আছু’ৱে ৰাজ্যৰ বিভিন্ন ঠাইত ৰূপায়ণ কৰিছিল জোঁৰ সমদলৰ কাৰ্যসূচী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

Sivasagar unit of AASU black day protest on CAA and EIA at Sivasagar

‘কা’ বাতিল আৰু অসমচুক্তি ৬নং দফা ৰূপায়ণৰ দাবীত এই প্ৰতিবাদ কৰিছিল ছাত্ৰ সন্থাই । হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদমুখৰ হৈ পৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্ত৷ আনহাতে ‘আছু’ৰ এই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ হেঁচাও প্ৰদান কৰিছিল আৰক্ষী তথা প্ৰশাসনে ।

Lakhimpur unit AASU black day protest on CAA and EIA in Lakhimpur

অসমীয়া জাতিক প্ৰতাৰণা কৰাৰ দাবীত ৰাজ্যজুৰি শুকুৰবাৰে এনেদৰে হঠাত জ্বলি উঠে ক্ষোভৰ জুই৷ আজিও মোদী-অমিতৰ আগমনত আছুৰ ক’লা দিৱস পালন কৰা হয়৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘আছু’ৱে পালন কৰে ক’লা দিৱস৷

Members of All Assam Students Union (ASSU) staging dharna in demanding of repealing the controversial Citizenship Amendment Act, the Environmental Impact Assessment (EIA) draft, 2020 and implementing the Clause 6 of Assam Accord, in Guwahati

ঋণ আৰু জমা বহীত বন্ধন বেংকৰ শক্তিশালী বিকাশ

দেশৰ অন্যতম সাৰ্বজনীন বেংক বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২০-২১ৰ তৃতীয় ত্ৰৈমাসিকৰ অৰ্থনৈতিক ফলাফল ঘোষণা কৰিছে। বেংকটোৰ মুঠ ব্যৱসায় (জমা আৰু আগধন)ৰ পৰিমাণ বাৰ্ষিক ভিত্তিত ২৬ শতাংশ বৃদ্ধি হৈ বৰ্তমান হৈছেগৈ ১.৫১ লাখ কোটি টকা। ২০২০ চনৰ আগষ্টত অভিযানৰ ৫ বছৰ সম্পূৰ্ণ কৰা প্ৰতিষ্ঠানটোৱে ৫,১৯৭ টা শাখা আৰু বেংকিং ইউনিটৰ জৰিয়তে ২.২৫ কোটি উপভোক্তাক সেৱা আগবঢ়াইছে। বন্ধন বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৪৭,২৬০ গৰাকী।

দেশৰ অৰ্থনীতি ক্ৰমান্বয়ে মুকলি হোৱাৰ সময়ত বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ জমা বহী ৩০ শতাংশ বৃদ্ধি হৈছে। মুঠ জমাৰ পৰিমাণ হৈছেগৈ ৭১,১৮৮ কোটি টকা। কাৰেণ্ট একাউণ্ট আৰু চেভিংছ একাউণ্ট (চি এ এছ এ) বহীত বাৰ্ষিক ভিত্তিত ৬২ শতাংশ বৃদ্ধি হৈছে।

অগ্ৰিম ধনৰ ক্ষেত্ৰত বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ ২৩ শতাংশ বিকাশ ঘটিছে। বৰ্তমান অগ্ৰিম ধনৰ পৰিমাণ হৈছেগৈ ৮০,২৫৫ কোটি টকা। বেংকৰ স্থিৰতাৰ সংকেত সূচক মূলধন উপলব্ধতা অনুপাত (চি এ আৰ) হৈছে ২৬.২ শতাংশ, যি প্ৰয়োজনীয় মাত্ৰাতকৈ যথেষ্ঠ অধিক।

এই সন্দৰ্ভত এম ডি তথা চি ই অ’ চন্দ্ৰ শেখৰ ঘোষে কয়- “মহামাৰীৰ ভয়াৱহতা হ্ৰাস আৰু অৰ্থনীতি ক্ৰমশঃ সঠিক দিশলৈ ওভতাৰ সময়ত বিত্তীয় বৰ্ষ ২০২০-২১ৰ তৃতীয় ত্ৰৈমাসিকত আমি জমা আৰু অগ্ৰিম ধনৰ উন্নত হাৰ প্ৰত্যক্ষ কৰিছোঁ। আমি আমাৰ উপভোক্তাসকলৰ আস্থা আৰু বিশ্বাস ধাৰাবাহিকতাৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। অনাগত সময়ত একাধিক প্ৰডাক্ট তথা বেংকিং মাধ্যমৰ জৰিয়তে গ্ৰাহকসকলক সেৱা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰিলে মোদীয়ে

আজি শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্ৱোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰি মোদীয়ে অসমবাসীৰ মৰম আৰু আতিথ্যক প্ৰশংসা কৰে।

অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনায়। সভাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে সতী জয়মতীৰ ত্যাগকো।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, যোৱা কিছু বছৰত মই অসমৰ বিভিন্ন ঠাইলৈ গৈছো। উন্নয়নমূলক কামৰ লগতে তেওঁলোকৰ সমস্যাৰ সন্দৰ্ভত বহুলোকৰ সৈতে আলোচনা কৰিছো। যোৱা বছৰ ঐতিহাসিক বড়ো চুক্তি সম্পন্ন হোৱাৰ পিছত কোকৰাঝাৰলৈ গৈছিলো। অসমলৈ আহিলেই মই মনত এক অনন্য শান্তি লাভ কৰো।’

দেশ উন্নয়নৰ বাবে অসমৰ উন্নয়ন হোৱাতো অতি গুৰুত্বপূৰণ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে। অসমৰ শেহতীয়া উন্নয়নৰ লগতে অসমীয়া কলা-সংস্কৃতি তথা ভাষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যকালত অসমৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰো এক আভাস দাঙি ধৰে ।

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ Z+ নিৰাপত্তা

এতিয়াৰে পৰা ‘Z+’ পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত থাকিব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদগৰাকীক ‘Z+’ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰাৰ কথা সদৰি কৰিছে।

৬৬ বছৰীয়া গগৈ এতিয়াৰে পৰা দেশৰ যি স্থানলৈকে যাব সকলো স্থানতে অস্ত্ৰধাৰী চিআৰপিএফ কমাণ্ডুৱে প্ৰতি মুহূৰ্ততে বেৰি ৰাখিব। ইয়াৰ পূৰ্বে গগৈক দিল্লী আৰক্ষীৰ নিৰাপত্তা বাহিনী প্ৰদান কৰা হৈছিল। উল্লেখ্য যে, ২০১৯ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, চিআৰপিএফৰ এই পৰ্যায়ৰ নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হোৱা লোকসকলৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন ভিতৰত ৰঞ্জন গগৈ ৬৩ নম্বৰত আছে। ইয়াৰ পূৰ্বে ৬২ গৰাকী লোকে এই পৰ্যায়ৰ নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হৈছিল। ৮-১২ জনীয়া অস্ত্ৰধাৰী কমাণ্ডুৰ দলে প্ৰতি সময়তে তেখেতক নিৰাপত্তা প্ৰদান কৰিব। একে সময়তে তেখেতৰ বাসগৃহতো থাকিব একে পৰ্যায়ৰে নিৰাপত্তা।

সুৰাৰ ৰম্যপুৰী নগৰবেৰা : আৰক্ষী চক্ৰ বিষয়াই উৎখাত কৰিলে অবৈধ সুৰাৰ দোকান

শেহতীয়াকৈ নগৰবেৰাত দেশী-বিদেশী সুৰা আৰু চুলাই মদৰ আগ্ৰাসনে সচেতন ৰাইজৰ টোপনি হৰিছে । স্মৰ্তব্য যে বৃহত্তৰ অঞ্চলটোত এখনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মদৰ দোকান নাই যদিও একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনক মেনেজ কৰি বছৰ বছৰ ধৰি অবৈধ সুৰা, চুলাই বিক্ৰী কৰি আহিছে । কালি সন্ধিয়া নগৰবেৰাৰ নিউ মাৰ্কেটত ছয়গাঁও আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাই এক অতৰ্কিত অভিযান চলাই দীপক দাস নামৰ মদ ব্যৱসায়ী এজনক বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় । অভিযানত বুজন পৰিমানৰ সুৰাৰ বটলৰ উপৰি প্ৰায় পঞ্চাশ পেকেট চুলাইৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয় আনহাতে ধৃত ব্যৱসায়ী গৰাকীক  আৰক্ষী চক্ৰ বিষয়াই নগৰবেৰা আৰক্ষীক চমজাই দি এক গোচৰ ৰুজু কৰে । উল্লেখযোগ্য যে নগৰবেৰা আৰক্ষী থানাৰ নাতি দূৰত প্ৰায় তিনি-চাৰি স্থানত একাধিক খামীডাঠ ব্যৱসায়ীয়ে কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নোহোৱাকৈ  নিতৌ লাখ-লাখ টকাৰ মদ বিক্ৰী কৰি আহিছে যদিও নগৰবেৰা আৰক্ষীয়ে আজিকোপতি কোনোধৰণৰ পদক্ষেপ নোলোৱাটো ৰাইজৰ দৃষ্টিত ৰহস্যজনক । ৰাইজে আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ উপৰি আগলৈ অঞ্চলটো আগলৈও নিৰীক্ষণৰ আহ্বান জনাইছে । 

অসম মেঘালয় সীমান্তবৰ্তী মুদুকীত মেঘালয়ৰ অবৈধ গেট স্থাপন

কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱাৰ্তি  পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অধীনৰ মুদুকীত মেঘালয় চৰকাৰে যোৱা কালি  স্থাপন কৰা এটি অবৈধ টল গেট আজি কামৰূপ জিলা প্ৰশাসনে উচ্ছেদ কৰে  । অসম আৰু মেঘালয় ৰ মাজত সীমা নিৰ্ধাৰণৰ বিষয়টোৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দীৰ্ঘদিন ধৰি উদাসীনতা দেখুৱাই অহাৰ পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে বলপূৰ্বক ভাৱে অসমৰ সীমান্তৱৰ্তী এলেকাৰ  ভূমিত  সময়ে সময়ে মেঘালয়  আগ্ৰাসন কৰি আহিছে । মেঘালয়ৰ সীমামুৰীয়া অসমৰ ভূমিত অসম চৰকাৰে কৰা নিৰ্মাণ কাৰ্য্যত মেঘালয়ে সময়ে সময়ে বাধা প্ৰদান কৰি অহাৰ লগতে মেঘালয়ে প্ৰায়ে অসমৰ ভুমি দখলৰ প্ৰচেষ্টা কৰি আহিছে । শেহতীয়া ভাৱে  পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্যৰ দক্ষিণে মুদুকী অঞ্চলৰ অসম মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা ৰাজহ গাঁৱৰ মাজেৰে অলপতে নিৰ্মাণ কৰা প্ৰধান মন্ত্ৰী গ্ৰম চৰক যোজনাৰ পথ এটাৰ ওপৰত  মেঘালয় চৰকাৰে যোৱা কালি ৰাতিপুৱা ৰ ভাগত এটা অবৈধ টল গেট স্থাপন কৰে । টল গেট টোৰ ওচৰত উক্ত ঠাই খিনিৰ নাম মেঘালয়ৰ নং স্তন বুলি উল্লেখ কৰি এখন চাইন বৰ্দো মাৰি ৰাখে আগ্ৰাসন কাৰী মেঘালয় চৰকাৰে ।ইপিনে স্থানীয় ৰাইজে এই বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰাত  আজি স্থানীয় প্ৰশাসনৰ হৈ পলাশবাৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা স্থানীয় কাৰ্য্যবাহী দণ্ডাধিষ  ধৃতিমাণ  দাস আৰু কামৰূপ জিলাৰ  উপ আৰক্ষী  অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত  আৰক্ষীৰ এটা বৃহৎ দল উক্ত স্থানত উপস্থিত হয় । ভুমি ৰাজহৰ নথি পত্ৰ পৰীক্ষা কৰি মেঘালয়ে   কালি টল গেট নিৰ্মাণ কৰা ভূমি খিনি অসমৰ বুলি নিশ্চিত কৰাৰ পিছত দণ্ডাধীষ ধৃতীমান দাসে দিয়া নিৰ্দেশ অনুযায়ী আৰক্ষীয়ে টল গেটটো উঠাই দিয়ে । মেঘালয় চৰকাৰে ভয় ভাবুকিৰে অসমৰ ভূমিত এইদৰে আগ্ৰাসন চলাই থকাৰ পিছতো চৰকাৰ  নীৰৱ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনকি উক্ত বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাৱৰ বাসিন্দাই মেঘালয়ৰ ভয়ত দুয়োখন ৰাজ্যতেই ভোটাধিকাৰো সাব্যস্ত কৰি আহিছে । এনেদৰে অসম চৰকাৰ নিৰ্বিকাৰ হৈ থাকিলে এদিন উক্ত অঞ্চলটোৰ বৃহৎ অংশ মেঘালয়ৰ দখললৈ যাব বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে।

নিতৌ ডিকমত দব্বলগুুটি -জুৱা আৰু সুৰাৰ বিসৎ চক্ৰ

ডিব্ৰুগড় ডিকমত  এতিয়া চৌদিখে  একাংশ দুস্তচক্ৰই বৰ্তমানেও আৰক্ষী প্ৰশাসনৰ  চকুত ধুলি মাৰি দিনে নিশাই নিতৌ চলায় যায় দব্বলগুুটী- যুৱা আৰু চুলাই মদৰ ৰম্‌ৰমিয়া বেহা । নিতৌ চলাই থকা দব্বলগুুটি আৰু সুৰা পায়ি সকলৰ জুৱাৰ এই আদ্দা ডিকমৰ সপ্তাহিক বজাৰৰ সমিপত থকা কেইখন মান দুকানত ।  ৩৭নং ৰাষ্টিয়  ঘাই পথৰ নিচেই কাষতে লাগি থকা সেই দুকান সমূহত  আহৰস অসৎ কাৰ্য চলাই থকা এই অখাধু চক্ৰক বৰ্তমানেও স্হানীয় আৰক্ষী প্ৰশাসন নিমাত কিয় বুলি প্ৰশ্ন সমাজ সেৱক তথা শিক্ষাবিদ সকলৰ। ডিকমৰ একাংশ সচেতন মহলে গৰিহনা পদান কৰাৰ  লগতে আবেলি নিতৌ হোলস্তোলিয়া পৰিবেশ সৃস্তি কৰি ঘৰুৱা ভাবে  আবেলি টিউচণ কৰিবলৈ বুলি অহা যোৱা কৰা স্কুলীয়া ছাত্ৰ- ছাত্ৰী সকল বহুতু অসুবিধা সন্মুখিন হোৱাৰ  লগতে ডিকম টাউনৰ এক সুষ্ট পৰিবেশ বিনস্ত কৰি আহিছে বুলি জানিবলৈ দিয়াৰ লগতে  সাধাৰন শ্ৰেনী জনসাধাৰনক ভেতিগ্ৰস্ত কৰি আহিছে  বুলি জানিবলৈ দিয়ে। নিতৌ এই দব্বল গুটি – যুৱাৰ আাৰু সুৰা পায়ী সকলৰ এই  আদ্দাই পৰিবেশ বিনস্তকৰি অহা এই অসাধু চক্ৰক অনতিপলমে  নিয়ন্ত্ৰন কৰি উৎক্ষাত কৰিবলৈ স্থানিয় আৰক্ষী প্ৰশাসনক আহ্বান জনাই বুলি জানিবলৈ দিয়ে।

হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত দুই অধ্যাপকৰ বিদায়ী সভা

হোজাই জিলাৰ উচ্চ শিক্ষাৰ ইতিহাসত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় তথা এসময়ৰ হোজাই মহাবিদ্যালয়ৰ ভূমিকা লেখত ল’বলগীয়া ৷ বিভিন্ন প্ৰত্যাহ্বানক নেওচি শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানে জনসাধাৰণৰ মাজত উচ্চ শিক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হোৱা এইখন শিক্ষানুষ্ঠানৰ ভূমিকা সদায় ইতিহাসত স্মৰণীয় হৈ ৰ’ব ৷ ২০১৬ চনত অসম চৰকাৰে এই শিক্ষানুষ্ঠানখনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাত জিলাখনৰ ৰাইজৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ জনসাধাৰণৰ মাজতো আনন্দ দেখা গৈছিল ৷ কিন্তু চৰকাৰে শেহতীয়াকৈ স্ব-পুঁজি অৰ্থাৎ চেল্ফ ফাইনেন্সৰ জৰিয়তে ছটা বিভাগত স্নাতকোত্তৰ শ্রেণীৰ নামভৰ্ত্তিৰ বিভাগীয় অনুমোদন প্রদান কৰা বিষয়টোৱে দুখীযা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ আশাত চেঁচা-পানী পেলোৱা বুলি সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰে লগতে চৰকাৰে শীঘ্ৰে উক্ত শিক্ষানুষ্ঠানখনক এখন পূৰ্ণাঙ্গ ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰাৰ খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ৷ এই শিক্ষানুষ্ঠানখনত বহুতো নমস্য ব্যক্তিয়ে   শিক্ষকতাক জীৱনৰ ব্রত হিচাপে লৈ সেৱা আগবঢ়াই এসময়ত অৱসৰ গ্ৰহণ কৰে ৷ ঠিক সেইদৰে যোৱা ডিচেম্বৰ মাহৰ ৩১ তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে দুজনকৈ অধ্যাপকে । শিক্ষকতাক জীৱনৰ সৰ্বোচ্চ ব্ৰত বুলি গণ্য কৰি সুদূৰ নলবাৰী জিলাৰ পৰা আহি ১৯৮৭  চনৰ ২৪ আগষ্টত  উদ্ভিদবিদ্যা বিভাগৰ অধ্যাপক হিচাপে চাকৰিত যোগদান কৰিছিল ড৹ দিবাকৰ গোস্বামীয়ে ৷ তেখেতৰ বিশাল ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ তথা অভিভাৱকসকলৰ অন্তৰ জয় কৰাৰ উপৰিও প্ৰায় সকলো দল-সংগঠন তথা ৰাইজৰ হিয়াৰ আমঠু হিচাপে সমাদৰ লাভ কৰিছিল ৷ প্ৰায় ৩৩ বছৰ কাল  আগবঢ়োৱা সেৱাৰ বাবে তেখেতক হোজাইবাসীয়ে সদায় স্মৰণ কৰিব ৷ গোস্বামীয়ে  উদ্ভিদবিদ্যা  বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্রাপ্ত শৈক্ষিক পঞ্জীয়ক হিচাপে সেৱা আগবঢ়ায় ৷ সেই একে দিনাই শিক্ষানুষ্ঠানখনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ হাইদৰ হুছেইনেও কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ ১৯৯২ চনৰ এক শুভ সন্ধিক্ষণত কৰিমগঞ্জ জিলাৰ পৰা আহি জীৱনৰ প্রায় ২৯ বছৰকাল শিক্ষকতা কৰি তেখেতে সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ৷ এই সুদীৰ্ঘকাল একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে শৈক্ষিক উন্নতিকল্পে আগবঢ়োৱা সেৱাৰ বাবে অৱসৰপ্ৰাপ্ত দুয়োগৰাকী অধ্যাপকক  বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক সংস্থা আৰু অনা-শিক্ষক গোটৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় ৷ সভাপতি হিচাপে সভাখন পৰিচালনা কৰে শিক্ষক গোটৰ সভাপতি তথা ভাৰপ্রাপ্ত শৈক্ষিক পঞ্জীয়ক অধ্যাপক লক্ষণ পাটগিৰীয়ে। সভাখনত আৰু বহুতো অৱসৰপ্ৰাপ্ত অধ্যাপকে অংশগ্ৰহণ কৰি বিদায়ী অধ্যাপকদ্বয়ৰ ব্যক্তিত্ব সম্পৰ্কে সদৰী কৰে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড৹ অমলেন্দু চক্রৱৰ্তী। পুৱাৰ পৰা আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক গোটৰ সম্পাদক ড৹ উৎপল কুমাৰ ফুকনে ৷ দুপৰীয়া প্ৰীতি  ভোজনেৰে উক্ত বিদায়ী সভাখন সমাপ্ত হয় বুলি শিক্ষক গোটৰ সহকাৰী সম্পাদক ড৹ নজৰুল ইছলাম বৰভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে ৷ বিদায়ী অধ্যাপকদ্বয়ক শিক্ষক গোটৰ হৈ সম্ভৰ্ধনা জনায় ড৹ সুশীল দাস, ড৹ হৰিপ্রসাদ গোৱেঙ্কা, ড৹ সুজিত আচাৰ্য্যী, অধ্যাপিকা বন্তি দুৱৰা আৰু  ড৹ পল্লৱীতা দাসে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হৈ সম্বৰ্ধনা জনায় কাৰ্যকৰী পঞ্জীয়ক আৰু  উপাচাৰ্যই ৷ অনা-শিক্ষক গোটৰ হৈ  উক্ত দুয়োগৰাকী অধ্যাপকক চন্দ্রকান্ত কলিতা, মৃদুল নাথ আৰু তেওঁলোকৰ সহযোগীসকলে ৷ সভাখনত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মনীষা শইকীয়াই ৷

কৰ্ণাটকত ভয়ংকৰ বিস্ফোৰণ, ১৫জনৰ মৃত্যু

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কৰ্ণাটকৰ শিৱমোগা। বৃহস্পতিবাৰে নিশা ১০.২০ বজাত শিবমোগাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে পাৰ্শ্বৱৰ্তী চিকমাগালুৰ আৰু দাভানগেৰে জিলাতো কম্পন অনুভূত হয়। বিস্ফোৰণৰ ফলত ইতিমধ্যে ১৫জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এজন প্ৰত্যক্ষদৰ্শীয়ে সংবাদ প্ৰতিষ্ঠান পিটিআইক জনাইছে, ডিনামাইট বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে তাৰ ফলত স্থানীয় একাধিক ঘৰৰ আইনা ভাঙি পৰে। ৰাস্তা আৰু ঘৰত ফাট মেলিছে।

ধুবুৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো মাহ জোৰা সজাগতা মূলক কাৰ্য্যসূচিৰে আৰম্ভ হৈছে “পথ সুৰক্ষা সপ্তাহ “। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আয়োজন কৰা হয় সজাগতা অনুষ্ঠান বীৰসিং জৰুৱা ব্লক উন্নয়ন খন্ড কাৰ্য্যলয়ত। উক্ত সজাগতা সভাত পথ সুৰক্ষা সম্পর্কে ভাষন দিয়ে জিলা পৰিবহন বিষয়া আজগৰ আলী। সভাত ব্লক  উন্নয়ন বিষয়া, বিভিন্ন গাও পঞ্চায়েত প্ৰতিনিধি, সদস্য। ১৯ তাৰিখ জিলা পৰিবহন বিষয়া কাৰ্য্যালয়ত স্বচ্ছ ভাৰত অভিযান কাৰ্য্য সূচি গ্ৰহণ কৰা হয়। ৰাতিপুৱা ৮ বজাত পৰিবহণ বিষয়া ৰ কাৰ্য্যালয় চৌহদত পতাকা উত্তোলন কৰি পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰে পৰিবহন বিষয়া আজগৰ আলী। ইয়াৰ পিচত সজাগতাৰ উদ্দেশ্য মহিলা বাইক ৰেলীৰ আয়োজন কৰা হয়। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক  ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। ইয়াৰ পিচত পৰিবহন বিষয়া কাৰ্য্যালয় চৌহদত পথ সুৰক্ষাৰ ওপৰত এক সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাটগিৰি মহেদয়। আজি পৰিবহন কাৰ্য্যালয়ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। বিভিন্ন গাজীর চালক সকলোৰে চকু পৰীক্ষা কৰা হয়।