মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়াল বঢ়ি গাৱৰ পৰা নিশা ১১ বজাত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়া অজিত বঢ়োৰ নেতৃত্বত আৰক্ষীৰ সজাতী দলে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহী মতিউৰ ৰহমান ( ২৯ ) ৰ বাসগৃহৰ পৰা হাতে লোটে ১৮ কন্টিনাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহী মতিউৰ ৰহমানকো কৰায়ত্ব কৰি আজি ধৃত ড্ৰাগছ সৰবৰাহীৰ বিৰূদ্ধে Case No 247/21 U S 22 ( A ) 29 NDPS ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে
অসম আন্দোলনৰ কৰ্মী অমৃত গগৈৰ পৰলোক
নাজিৰাৰ সমীপবৰ্তী ৰংপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মেটেকা কুৰুলাকটীয়া গাঁও নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী অমিত কুমাৰ গগৈৰ ৪ মে’ৰ পুৱা ৮-৩৫ বজাত শিৱসাগৰ চাওলুং চুকাফা চুপাৰ স্পিচিয়েলিটী চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে । চৌষষ্ঠী বছৰত উপনীত গগৈয়ে বিগত প্ৰায় এবছৰ ধৰি যকৃত আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ সাময়িকভাৱে চিকিৎসাধীন হৈ আহিছিল । শেহতীয়াকৈ পোনৰ শাৰীৰিক জটিলতাত ভোগাৰ বাবে ৪ মেৰ পুৱা চিকিৎসালয়লৈ নিয়া হৈছিল । অতি সৰল জীৱন ধাৰণৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ উন্নয়নৰ সৈতে জড়িত হৈ ৰোৱা গগৈৰ মৃত্যুত সমগ্ৰ মেটেকা অঞ্চলতে শোকৰ ছাঁ পৰিছে । এই সংসাৰত তেওঁ বৃদ্ধা মাতৃৰ লগতে পত্নী আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে ।
Attachments area
গণতান্ত্ৰিক ব্যৱস্থাত আস্থা হেৰুৱাইছে নেকি একাংশ ভোটাৰে : ৰাজ্যৰ ২ লক্ষাধিক ভোটাৰে আশ্ৰয় ল’লে ন’টা(NOTA) ৰ
ক্ৰমাৎ ৰাজনৈতিক নেতা সকলে আস্থা হেৰুৱাইছে নেকি ৰাজ্যত। সদ্যঘোষিত অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ কেতবোৰ তথ্যই যেন একপ্ৰকাৰৰ তেনে প্ৰশ্নৰে অৱতাৰণা কৰিছে। ২০২১ বিধান সভা নিৰ্বাচনত ৰাজ্যৰ ১২৬টা সমষ্টিত উদ্বেগ জনক ভাৱে বৃদ্ধি পালে ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা। ইলেকচন কমিচন অৱ ইণ্ডিয়াৰ ৱেবছাইট results.eci.gov.in ৰ তথ্য মতে ২০২১ বিধানসভা নিৰ্বাচনত ২১৯৫৭৮ জন ভোটাৰে বিচাৰি নাপালে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী। সেয়ে তেওঁলোকে ভোটদান কৰিলে নটাত। এইক্ষেত্ৰত সকলোতকৈ আগুৱাই থাকিল ওদালগুৰি সমষ্টি। ইউ পি পি এলৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী নিৰ্বাচিত হৈ অহা সমষ্টিটোত ১২২৪৮৮ জন ভোটাৰৰ ভিতৰত ৩৮০৫ জন ভোটাৰে আশ্ৰয় ললে নটাৰ। শতাংশ হিচাপত ৩.১১ শতাংশ যি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। ইফালে বি জে পিৰ হাইপ্ৰফাইল নেতা ৰঞ্জিত দত্তৰ বিহালী সমষ্টিতো ১০৫২১৩ জন ভোটাৰৰ ২.৮৬ শতাংশ ভোটাৰ অৰ্থাৎ ৩০১২ জন ভোটাৰে ভোটদান কৰিলে নটাত। একেদৰে চাবুৱাত ২.৫৮ শতাংশ, অতুল বৰা নিৰ্বাচিত হৈ অহা বোকাখাট সমষ্টিত ২.০৬ ,বিজেপিৰ ৰূপেশ গোৱালা বিজয়ী হৈ অহা ডুমডুমা সমষ্টিত ২.৭১ শতাংশ, কেশৱ মহন্তৰ কলিয়াবৰত ১.৪৫ শতাংশ, বিনোদ হাজৰিকা নিৰ্বাচিত হৈ অহা লাহোৱালত ২.৪০ শতাংশ ভোটাৰে পচন্দৰ প্ৰাৰ্থী বিচাৰি নাপাই নটাৰ আশ্ৰয় লয়। আনকি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিটো ২১৫৭ অৰ্থাৎ ১.২৮ শতাংশ ভোটাৰে বিচাৰি নাপালে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী। উল্লেখ্য যে ৰাজ্যৰ ২০২১ বিধান সভা নিৰ্বাচনত ১৮৯৩৭৪০০ জন ভোটাৰৰ ভিতৰত ২১৯৫৭৮ জনেই নটাত ভোটদান সাব্যস্ত কৰে।
ৰঙিয়াত ক’ৰোণাৰ সংহাৰ,এসপ্তাহৰ ভিতৰত মৃত্যু তিনিজনৰ
ৰঙিয়াত কোভিডত আক্রান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন হৈছে ৰঙিয়া বনগাঁও নিবাসী কুশল চৌধুৰী। স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে কালি অসামৰিক চিকিৎসালয়ত কৰোণাৰ পৰীক্ষা কৰাত তেওঁৰ শৰীৰত কৰণাৰ সংক্ৰমণ ধৰা পৰিছিল ।পৰিয়ালৰ অনুৰোধ মৰ্মে তেওঁক ঘৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছিল ।কিন্তু ঘৰতে থকা অৱস্থাত তেওঁ হঠাৎ উশাহ- নিশাহ লোৱাত কষ্ট অনুভৱ কৰে । ইয়াৰ পিছতেই লৈকজনকপুনৰ চিকিৎসালয়ত অনা হৈছিল যদিও তেওঁৰ ৰঙিয়া অসামৰিক চিকিৎসালত মৃত্যু হয় । উল্লেখযোগ্য যে দুদিন পূৰ্বেও ৰঙিয়া চেফ ঢাবাৰ স্বত্বাধিকাৰী আৰু ভট্টপাৰা নিবাসী যুৱক দুজন মৃত্যুমুখত পৰিছিল আনহাতে প্ৰায় শতাধিকলোকৰ কʼভিদ পʼজিটিভ ধৰা পৰে । এইঘটনাই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে ৰঙিয়াৰ ৰাইজক ।
লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত গ্ৰাহকৰ প্ৰচণ্ড ভীৰ
এফালে কৰোনা মহামাৰী ৰোগীৰ আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই যোৱাত প্ৰশাসনে বিভিন্ন জৰুৰী আইন বলৱৎ কৰিছে । মাক্স , ছেনিটাইজাৰ , সামাজিক দূৰত্ব বজাই ৰখা , সান্ধ্য আইন বলৱৎ ইত্যাদিকে আদি কৰি চৰকাৰে কৰোনাৰ বিপক্ষে যুঁজ দি থকাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত আজি পুৱাত দেখা গল গ্ৰাহকৰ সম্পূৰ্ণ ব্যতিক্ৰমী দৃশ্য । আচলতে লাহৰীঘাট বেংকত পূৰ্বৰে পৰা এনে অৱস্থা বহু বাৰ হৈছে , বাতৰিও হৈছে কিন্তু বেংক কতৃপক্ষৰ তৰফৰ পৰা কোনো ব্যৱস্থা লোৱা নাই । প্ৰথমতে বেংকৰ ভিতৰত গ্ৰাহকৰ বাবে বহাৰ আস্থানৰ অভাৱ ।ভূৰবন্ধাৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণত , ভূৰাগাঁৱৰ পূৱে আৰু মৈৰাবাৰীৰ পশ্চিমত এক বৃহৎ জন বহুল অঞ্চলৰ ভিতৰত একমাত্ৰ এটা বেংক যাৰ বৰ্তমান নাম পঞ্জাৱ নেশনেল বেংক । আচল সমস্যা বৰ্তমান গ্ৰাহকৰ লেনদেনৰ পাছবুক তথা টকা উঠোৱা অথবা জমা থোৱা আৰু এটি এম কাৰ্ডৰ পিন কোড আদিৰ কামত গ্ৰাহকে ৰাতি পুৱাৰে পৰাই লাইনত প্ৰখৰ ৰদত থিয় হব লগাত পৰে। ঈদৰ সময় চমু চাপি অহাৰ লগে লগে টকা উঠোৱাৰ ভীৰ বেছি । মুঠতে ইচ্ছা কৰিলে বেংক কতৃপক্ষই গ্ৰাহকৰ সুবিধাৰ্থে আগতীয়াকৈ জনাই দিয়া , গ্ৰাহকৰ বাবে বাহিৰত ত্ৰিপাল আদিৰ ব্যৱস্থা কৰিব লাগে ।
ৰঙিয়াত পথ দুৰ্ঘটনা,নিহত যুৱক
ৰঙিয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চ’কত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । গুৱাহাটী অভিমুখিদ্ৰুত বেগী ট্ৰেইলাৰ এখনে মহতীয়াই নিয়ে বাজাজ পালচাৰ মটৰ চাইকেল লৈ অহা এগৰাকী স্থানীয় যুৱকক । থিতাতে নিহত হয় যুৱকজন, নিহত যুৱকজন উদিয়ানা গাৱৰে চাইদুল ৰহমান (৩०) বুলি জানিব পৰা গৈছে । ইফালে দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেইলাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত ৰঙিয়া আৰক্ষীয়ে আহি মৃতদেহ থানালৈ নি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যলয়লৈ প্ৰেৰণ কৰে । এই ঘটনাই অঞ্চলটোত যথেষ্ট শোকৰ চাঁ পেলাইছে ।
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন,কান্ধত কোৰ লৈ পুৱাই পথাৰলৈ ওলাই যোৱা কাকজানৰ এগৰাকী যুৱতী
কালৰূপী কোৰোণাই দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক ক্ষীপ্ৰতাৰে ঊৰ্ধ্বগামী হৈছে কোভিড-১৯ সংক্ৰমণৰ সংখ্যা। এনে জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো কোনো ৰাজ্যই পুনৰ লকডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও কোভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ স্থিতি হাতত ল’বলৈ বাধ্য হৈছে। এনে পৰিৱেশ আৰু পৰিস্থিতিত দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতিতো বাৰুকৈয়ে প্ৰভাৱ পৰিছে। যোৱা বছৰৰ লকডাউনে থৰক-বৰক কৰি থৈ যোৱা ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি কিঞ্চিত থৰ হৈছিল যদিও শেহতীয়াকৈ আকৌ একেই পৰিৱেশ আহি পৰিছে। তেনে সময়তে পূব যোৰহাটৰ এগৰাকী যুৱতীয়ে নিজৰ প্ৰচণ্ড কৰ্মশক্তিৰ বলত আন দহজনৰ বাবে অনুকৰণীয় হৈ পৰিছে।যোৰহাট জিলাৰ হোলোঙাপাৰৰ ৰুণজুণ গগৈ নামৰ শিক্ষিত যুৱতীগৰাকীয়ে ‘আমাৰ পথাৰ, আমাৰ বজাৰ’ কেৱল মাথোঁ শ্লোগানতেই আৱদ্ধ নাৰাখি সেয়া কৰি দেখুৱাইছে। পুৱাই কান্ধত কোৰখন লৈ ওলাই যোৱা ৰুণজুণে চৰকাৰী অথবা বেচৰকাৰী একোটা চাকৰিৰ পিছত দৌৰি নাথাকি পিতৃৰ পথাৰখন সেউজীয়া কৰাত ব্যস্ত হৈ পৰিছে।সম্প্ৰতি ৰুণজুণে বাণিজ্যিক ভিত্তিত কৰা ষ্ট্ৰবেৰী খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাই নহয়, এখন বজাৰ তৈয়াৰ কৰাতো নামি পৰিছে। কেৱল সিমানেই নহয় ,পুৱাৰ পৰা গধুলিলৈকে কৃষি পথাৰখনতে ব্যস্ত থকা ৰুণজুণে প্ৰতিটো ঋতুকালীন কৃষিতেই নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হৈ পৰিছে।স্বাভাৱিকতে মহিলা হৈয়ো কোনোদিনে থমকি নোৰোৱা ৰুণজুণে নিজৰ কাম–কাজ সন্দৰ্ভত অৱগত কৰা অনুসৰি, এটি কৃষক পৰিয়ালৰ জীয়ৰী হিচাপে সৰুৰে পৰাই কৃষিৰ প্ৰতি ধাউতি আছে। আৰু কৃষিকৰ্মৰ জৰিয়তে কিবা এটি কৰাৰ সপোন আছে আছে তেওঁৰ।
ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত,ওৰাং ,মাজবাট,ৰৌতাত ১০হেজাৰৰো অধিক হিতাধিকাৰীক কভিড ১৯ৰ টীকাকৰণ প্ৰদান
ওদালগুৰি জিলাৰ ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা ১৬মাৰ্চ তাৰিখৰ পৰা বৰ্তমানলৈ ৩য় পৰ্যায়ৰ কভিড টীকাকৰণৰ চলি আছে ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ লগতে সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত টীকাকৰণ বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে ৷ ৪৫বছৰৰ পৰা ৬০বছৰ বা ওপৰৰ বয়সৰ সকলো নাগৰিক,আনুষাংগিক ৰোগাক্ৰান্ত ৪৫ৰ পৰা ৫৯ বছৰ বয়সৰ সকলো নাগৰিক,ইতিমধ্যে পঞ্জীভূত হোৱা আৰু আগশাৰীৰ কৰ্মী তথা হিতাধিকাৰী সকলক কভিড টীকাকৰণ দি থকা হৈছে ৷হিতাধিকাৰী সকলে ক’ৱিন প’ৰ্টেলত বা আৰোগ্য সেতু এপ্ৰ দ্বাৰা পঞ্জীয়ন কৰিব পাৰিব ৷যোগ্য হিতাধিকাৰী সকলে পোনপটীয়া টীকাকৰণ কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰিব পাৰিব ৷টীকাকৰণ লবলৈ আগ্ৰহী সকলে আধাৰ কাৰ্ড,নিৰ্বাচনী ফটো পৰিচয় পত্ৰ,ড্ৰাইভিং লাইচেঞ্চ,পান কাৰ্ড,পাচপোৰ্ট,ভোটাৰ আই ডি কাৰ্ড,সংস্থাপন কাৰ্ডৰ যি কোনো এবিধ প্ৰমান পত্ৰ লগত লৈ আহিব লাগিব বুলি স্বাস্থ্য বিভাগে জনাইছে ৷ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম নীতা দেবী,সীমা বেগম,সবিতা ডেকা,মঞ্জু দেবী,চম্পা বসুমতাৰী,আল্পনা বিশ্বাস,মিনতি ডেকা,এছ ডব্লিউ বিপ্লবজ্যোতি ডেকা,বি এইচ ডব্লিউ গজেন চন্দ্ৰ বড়ো,আশা চুপাৰভাইজাৰ তৰুলতা শইকীয়া পতংগীয়া, সহযোগ টীকাকৰণ প্ৰদান কৰা হয় ৷আনহাতে মাজবাট ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এএন এম অৰ্পনা মোছাহাৰী,মহিমা কুৰ্মী ,দুলুমনি হাজৰিকা,আশা চুপাৰ ভাইজাৰ অৰ্চনা ডেকা, ৰঞ্জনা দাস ৰাভা ,পাপৰি সন্দিকৈ সহযোগত হিতাধীকাৰীক কভিডৰ টীকাকৰণ কৰা হয় ৷আৰু ৰৌতা আদৰ্শ চিকিৎসালয়ত হিতাধিকাৰীক লৈ মুঠ ১০ হেজাৰৰো অধিক হিতাধিকাৰীক কভিডৰ টীকাকৰণ কৰা হৈছে ৷ উল্লেখযোগ্য যে টীকাকৰণৰ পিছতো কভিডৰ নিয়মাৱলী-মাক্স পৰিধান ,চাবোন আৰু পানীৰে নিয়মিতভাৱে নিজৰ হাত ধুই থাকিব লাগিব ,দুই গজৰ শাৰীৰিক দূৰত্ব মানি চলিবলৈ আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷কেন্দ্ৰ সমুহৰ টিকাকৰণ অনুষ্ঠান বোৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ বিপিএম পংকজ সভাপণ্ডিতে সুচাৰু ৰুপে পৰিচালনা কৰা দেখিবলৈ পোবা গৈছে ৷ ইতিমধ্যে কভিড ১৯ ৰ ভেকচিন প্ৰদান কৰি থকা কেন্দ্ৰ ক্ৰমে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ,ৰৌতা আদৰ্শ চিকিৎসালয়,ধনশ্ৰীঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে লামাবাৰী,ধনশ্ৰী,বাহিপুখুৰী,বেটিবাৰী,লামাবাৰী চাহ বাগিছা চিকিৎসালয়,ফটাশিমলু,ঝাৰগাওঁ,পাঠকপুৰ,বৰঝাৰ আশ্ৰম ,বালিগাওঁ পানবাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, আদিৰ উপৰিও ৰমজান মাহৰ পিছত পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ভেকচিনেশ্যন কৰাৰ সুব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা জনাইছে ৷আনহাতে সমগ্ৰ দেশতে ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰনা মহামাৰী ওদালগুৰি জিলাত দিনে দিনে দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। স্বাস্হ্য বিভাগৰ তথ্য মতে ৫ মেলৈ ওদালগুৰিত ৫১জনকৈ লোক কৰোনাৰ আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত ৫ মেলৈ আক্ৰান্তৰ সংখ্যা ২৬০ জনলৈ বৃদ্ধি পালে ।স্বাস্হ্য বিভাগৰ সুত্ৰে জানিব পৰা মতে বৰ্তমানলৈ ৫১ গৰাকী কৰোনা আক্ৰান্ত চিকিৎসাধীন হৈ আছে।ইয়াৰ ভিতৰৰ ৩৭গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৬০ গৰাকী হোম আইচিলেচনত আছে। সকলো ৰাইজকে সজাগ হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি নীতি নিৰ্দেশনা চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। ।
ক’ৰনাৰ পৰিত্ৰাণৰ বাবে মাজবাটৰ অজাগড় গাঁৱত ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ।
সমগ্ৰ দেশতে বৃদ্ধি পোৱা মহামাৰী কৰোণাৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ওদালগুৰি জিলাৰ মাজবাটৰ অজাগড় গাৱঁত ১ মেত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’য় ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ। মহামাৰী কৰোণাৰ পৰা পৰিত্ৰাণ বিছাৰি অজাগড় গাওঁ বাসীয়ে গাঁৱৰ নামঘৰত আয়োজন কৰে ভাগৱত পাঠৰ লগতে ভাগৱত শোভাযাত্ৰাৰ। বিগত প্ৰত্যেক বছৰে গাওঁবাসীয়ে অনুষ্ঠিত কৰি আহিছে ভাগৱত পাঠ আৰু শোভাযাত্ৰা। এই বছৰেও বৰ্তমান কৰোণা মহামাৰীৰ বাবে সীমিত সংখ্যক লোকে এই ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।নামঘৰ পৰিচালনা সমিতিৰ বিষয় ববীয়াই জানিবলৈ দিয়া মতে যি সকল লোকে ভাগৱত পাঠ আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ৷বৰ্তমান কৰোণা মহামাৰীৰ যি ভয়াৱহ পৰিস্থিতি তাৰ পৰিত্ৰাণ বিছাৰি অজাগড় গাঁওবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। যাতে এই কৰুণা মহামাৰী সমগ্ৰ ৰাজ্যৰ পৰা আতৰি যায়।
ক’ৰণা মহামাৰীক লৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ।
এগৰাকী জনপ্ৰতিনিধি । যি গৰাকী জনপ্ৰতিনিধিয়ে সকলো সময়তে সংবাদ শিৰোনাম দখল কৰি আহিছে । কিন্তু জনপ্ৰতিনিধি জনৰ ভাল গুণ বা ভাল কামৰ বাবে নহয় ।তেঁও একমাত্র সংবাদ শিৰোনাম দখল কৰিছে বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ বাবেহে । লক্ষ্য তেওঁৰ উন্নয়ন নহয়, তেওৰ লক্ষ্য একমাত্র বিভাজন আৰু সমাজ বিদ্বেষ ।এইজন ধিঙৰ বিধায়ক আমিনুল ইছলাম ।
ক’ৰণা মহামাৰীয়ে সমগ্র দেশৰ লগতে সমগ্ৰ বিশ্বত সংহাৰ মূৰ্তী ধাৰণ কৰাৰ পাছত লক্ষজনে নিজৰ প্ৰাণ দিবলগীয়া হৈছে । তাৰ পৰা পৰিত্তাণ পোৱা নাই সংবাদ মাধ্যমৰ কৰ্মী তথা সাংবাদিকেও । কিন্তু এই সাংবাদিক সকলক লৈয়ো মৃত্যুৰ পিছতো নিকৃষ্ট সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ এৰা নাই ধিঙৰ বিধায়ক আমিনুল ইছলামে । ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বিশিষ্ট সাংবাদিক তথা জনপ্ৰিয় এংকৰ ৰোহীত ছৰধানাকে আদি কৰি অসমৰো তিনি গৰাকীকৈ সাংবাদিকে ক’ৰুণাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে । আৰু ইয়াৰ পিছতেই যোৱাকালি চছিয়েল মেডিয়া যোগে এইজন নিকৃষ্ট বিধায়কে প্ৰকাশ কৰিছে যে ” তীব্র মুছলিম বিদ্বেহী, পৰশ্ৰীকাতৰ, হিংসুক প্ৰকৃতিৰ একাংশ নেতা, সাংবাদিক, এংকৰে যোৱা বছৰটোত ক’ৰুণা বাহকৰ মিছা অভিযোগেৰে তৱলিক জামাতী, আলিম ওলামাক অকথ্য গালি-গালাজ পাৰাৰ ফলশ্রুতিতেই এজন এজন কৈ কৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰা দেখা গৈছে । এই মন্তব্য প্ৰকাশ কৰিছে বিধায়িক জনৰ নিজৰ ফেচবুক পেইজত । ফেচবুকত এই পোষ্টটো দিয়াৰ পিছতেই বৰষুণ পৰাৰ দৰেই আমিনুলক তীব্র সমালোচনা আৰু গালি-গালাজেৰে থকা সৰকা কৰে বহুজনে । কিয়নো ইছলাম ধৰ্ম মতে মৃত্যুৰ পিছত কোনো ব্যক্তিক সমালোচনা কৰা বা হিংসা মূলক বক্তব্য কৰাটো সম্পূৰ্ণ ইছলাম বিৰোধী । তেনে ক্ষেত্ৰত এগৰাকী ধৰ্মগুৰুৰ পুত্র তথা হাজী আমিনুলে অকল মৃত সাংবাদিক, নেতাকে নহয় তেঁও ইছলাম ধৰ্মকো বিপথে পৰিচালিত কৰিছে । এই মন্তব্য প্ৰকাশ পোৱাৰ লগে লগেই ইছলাম ধৰ্মৰ একাংশ লোকৰ লগতে সমাজৰ সচেতন ব্যক্তি সকলে তীব্র গৰিহণা দিয়াৰ লগতে আগন্তক দিনত এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে । এয়াৰ পূৰ্বেও বিগত বৰ্ষতো এই মহামাৰী কৰোনাক লৈ কৰা বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৰঙা ঘৰৰ ভাত খাৱ লগা হৈছিল এইগৰাকী বিধায়কে ।











