নগাঁও, ২০ ডিচেম্বৰ: নগাঁও সদৰ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী সহ কেইবাটাও চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,নগাঁৱৰ আম্বেদকাৰ ভৱনত যোৱা দহ ডিচেম্বৰত সংঘটিত হৈছিল চুৰি কাৰ্যৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰজু কৰা হৈছিল৷ সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি নিশা চহৰখনৰ খ্ৰীষ্টানপট্টিত অভিযান চলায় চিলাই মেচিন, স্কুল বেগ, পোছাক সহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য , দীপু আহমেদ নামৰ চোৰ জনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে নিশা অভিযান চলাই বৃহৎ চুৰি সামগ্ৰী জব্দ কৰাৰ লগতে আন তিনিজন লোকক আটক কৰে ৷ আটক কৰা লোক কেইজনৰ নাম ক্ৰমে ছলমান ৰহমান,মজিবুৰ আলী আৰু ৱাচিম খন্দকাৰ।
কামৰূপ মহানগৰ, ১৯ ডিচেম্বৰঃ অনতৰগত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উদ্যোগত শুক্ৰবাৰে অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মদিন তথা ” চেতনা দিৱস ” পালন কৰা হয় । অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি কৰোনাকান্ত বৰ্মনৰ সভাপতিত্বত গুৱাহাটীৰ অসম সাহিত্য সভাৰ নেহা আগৰৱালা সভাকক্ষত অনুষ্ঠিত এই অনুস্থানৰ আৰম্ভণিতে অম্বিকাগিৰী ৰায় চৌধুৰী ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি প্ৰদান কৰা হয় । এই অনুস্থান মুকলি কৰে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি হাছমত আলীয়ে । ইয়াৰ পিছতে সভাত বিশিষ্ট কবি- সাহিত্যিক কাপুৰ চান্দ জৈনক “কাব্য বিভূতি”উপাধি প্ৰদান আৰু দৈনিক অসমৰ সাংবাদিক তথা কবি গোকুল তালুকদাৰক বিশেষ সমবৰ্ধনা জ্ঞাপন কৰা হয় । কবি সন্মিলনৰ যুটীয়া সম্পাদক মনোজ দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লয় বিশিষ্ট কবি দীনেশ দাস আৰু বিপুল শৰ্মাই । শলাগৰ শৰাই আগবঢ়াই সন্মিলনৰ যুটীয়া সম্পাদক ৰুমা ভট্টাচাৰ্য্যই । সভাত অসম কবি সন্মিলনৰ কেইবাগৰাকীও বিষয় ববীয়াই অংশ গ্ৰহণ কৰে ।